ফটাঢোল

ডলী ক্ৰিয়েচনৰ সপ্তম নিবেদন- ছবি: জোঁৱাই কইনা চাব যায়-ডলী তালুকদাৰ

কাহিনী,পৰিচালনা,প্ৰযোজনা,চিত্ৰনাট্য,সঙ্গীত পৰিচালনা,একচন,সংলাপ ডলী তালুকদাৰ।
সহ পৰিচালনা:সোনটো ৰঞ্জন বৰুৱা
লাইট: টবিবৰ ৰহমান
কেমেৰা:দেৱজিত শৰ্মা
স্পট বয় দিম্পল কলিতা
অভিনয়ত: অভিজিত কলিতা,গৌৰী শংকৰ শৰ্মা,মাধব দাস,পল্লবী কলিতা,বৰ্ণালী  বৰমূদৈ, কমলা দাস,কাবেৰী মহন্ত,জিতু শৰ্মা, পাৰ্থ প্ৰতীম শৰ্মা,মিনতি মহন্ত,দেৱজিত শইকীয়া।
অভিজিত কলিতা( প্ৰেমেশ্বৰ)
পল্লবী কলিতা( প্ৰেমদা)
জিতু শৰ্মা( হাজৰিকা কেৰাণী,প্ৰেমদাৰ দেউতাক)
কমলা দাস( হাজৰিকানী, প্ৰেমদাৰ মাক)
গৌৰী শংকৰ শৰ্মা( ভৃগু কুমাৰ এজ বি.কে, পল্লবীৰ ভায়েক)
কাবেৰী মহন্ত( প্ৰেমদাৰ মাহীয়েক আৰু হাজৰিকাৰ খুলশালী পদুমী)
মাধৱ দাস( কমল, প্ৰেমী হোটেলৰ মেনেজাৰ কাম ৱেইটাৰ কাম মালিক)
পাৰ্থ প্ৰতীম শৰ্মা( হোটেলৰ ৰান্ধনী প্ৰদীপ কিন্তু জনপ্ৰিয় নাম ফৰদীপ)
নিৰ্মালী বৰমূদৈ( নিমকি,প্ৰেমদাৰ ভনীয়েক আৰু হাজৰিকাৰ সৰু জীয়েক)
দেৱজিত শইকীয়া: খগেন বৰা।
মিনতি মহন্ত: খগেনৰ মাক বৰানী।

লাইট,কেমেৰা,একচন

  শ্বট ১

ক্ল’জআপত দেখুওৱা হ’ব কলিতা হোটেলৰ চাইনবোৰ্ড খন। কলিতাৰ ‘তা’ মচ খায় হোটেল খনৰ নাম ‘কলি হোটেল’ হৈ যায়।

দেখাত এখন সাধাৰণ হোটেল কিন্তু কলেজৰ পিলিঙা প্ৰেমিক প্ৰেমিকা বোৰেৰে ঠাহ খাই থাকে বাবে নাম হৈছে ‘ প্ৰেমী হোটেল’।

  কেমেৰাই দেখাব হোটেলৰ চুকৰ টেবুলত এহাল ল’ৰা ছোৱালী( পল্লবী কলিতা,অভিজিত কলিতা)বহি আছে। ছোৱালী জনীৰ মুখ খন ফুলি থাকে আৰু ল’ৰাজনে বুজাই থাকে কিবা। এই দুজন প্ৰেমেশ্বৰ আৰু প্ৰেমদা।

 ডায়লগ

 প্ৰেমেশ্বৰ: তুমি নুবুজা কিয়? মই যামতো তোমালোকৰ ঘৰলৈ?

 প্ৰেমদা: কেতিয়া যাবা? আজি তিনি বছৰে ঠগাই আছা যাম যাম বুলি? ঘৰত মোৰ বিয়াৰ কথা চলি আছে। এইবাৰ কিন্তু দৰা আহিলে মই একো কৰিব নোৱাৰিম।

 প্ৰেমেশ্বৰ( অলপ ভয় খাই): প্লীজ এইবোৰ কথা নক’বাচোন? যেতিয়াই লগ পাওঁ তেতিয়াই বিয়াৰ কথা পাতি থাকা নহ’লে দৰা আহাৰ  কথা কৈ থাকা। কিমান আশা কৰি ডেটিঙত আনো ৰেষ্টুৰেন্টলৈ।

 প্ৰেমদা: ইহ..এনে বৰ ৰেষ্টুৰেন্ট খনলৈ আনে। বোলো এইখন ৰাস্তাৰ কাষৰ সস্তীয়া হোটেল হয়। এইবোৰক ৰেষ্টুৰেন্ট নকয়। কলিতাৰ পৰা কলি হোৱা হোটেল খনক তেওঁ ৰেষ্টুৰেন্ট ক’বলৈ আহে।

 প্ৰেমেশ্বৰ: লাহেকৈ কোৱা শুনিব মানুহ বোৰে।  মই তোমাক  কিবা ডাঙৰ হোটেলত নিব নোৱাৰো বুলি ভাবিছা নেকি? মোৰ দম নাই বুলি ভাবিছা তুমি?

  প্ৰেমদা: থোৱাহে …

  এনেতে হোটেলৰ মালিক কমল স্বৰ্গীয়াৰী (মাধব দাস)আহে তেওঁলোকৰ ওচৰলৈ।

 কমল: নমস্খাৰ। বহুত দিনৰ মুৰথ আহিছা দেখুন আফুনালোক? এথিয়া অৰ্দাৰথু দি চুন খি খাবি? থেথিয়াৰ ফৰাথো দুয়ো থামাম মেল খৰিলি? এথিয়া কিবা অলফতো খা।

 প্ৰেমেশ্বৰ: পৰঠা দুইপ্লেট আৰু লালমোহন আৰু দুটা ইস্পিচিয়েল চাহ।

  প্ৰেমদা: উ..উ.. মই পৰঠা নাখাওঁ। যেতিয়াই আহো কেবল পৰঠা খুৱাই থাকা। মোৰ গেছ হৈ গৈছে। মইহে জানো পিছত কি অৱস্থা হয়?

 কমল: দে সনকালে ক খি খাবি? দেৰ ঘন্টা বহিলি এথিয়া নাখাকে গেলি সুদাই নেৰিম দুয়োথাখে খৈ দিছোং।

  প্ৰেমদা: আপোনাৰ হোটেলৰ কাৰিকৰ জনক মাতক? মই তাক ক’ম মোৰ খোৱাটো কেনেকৈ বনাই দিব।

 কমল: ই.ই এনেখা নহ’ব দেই। আফুনাৰ খথামথে আমি  হোথেলত নবনাই নহয়। বেলেগ কাষ্থমাৰ বিলেখেও দেখুন নিজৰ মতে ৰান্ধিবা দিব।

প্ৰেমদা: তেনেহ’লে মই যাওঁ।

 প্ৰেমেশ্বৰ: ৰ’বা,মাতকহে দাদা। নহ’লে মোৰে বিপদ। আপোনাৰ আমি কিমান পুৰণা কাষ্টমাৰ। আমিতো বন্ধুই এতিয়া দিয়কচোন। মোক অলপ ৰেহেম কৰকহে।

 কমল: ঔখে। বন্ধু বুলি খৈছা যে সেইখাৰণে মাথি দিম দে। থই আৰু ভাল ফচিলি দে। মাথিছু ৰহ। ঐ ফৰদীপ..ফৰদীপ ইফালে আহ আৰু সাত নম্বৰ থেবুলতুত  অৰ্দাৰ ল।

 মাথাথু গৰম খৰ অলফ। এইবুলি মুখেৰে ভোৰভোৰাই গুছি যায় কমল।

কেমেৰা হোটেলৰ পাকঘৰৰ ফালে ঘুৰে। ডাঙৰ পাকঘৰ, এখন টেবুলত ডাঙৰ চৰিয়া এটাত চব্জী কাটি থোৱা আছে, এটা গামলাত আটা মঠি থোৱা আছে। কাষত চকী এখনত এজন ল’ৰাই তলমুৰকৈ পিয়াজৰ বাকলি গুছাই আছে। পাকঘৰটোত এফালে মাখি পৰি আছে, আনফালে পৰুৱাৰ লাইন লাগি আছে। হঠাতে পইতাচোৰা এটা দৌৰি যোৱাত ল’ৰাজনে চেণ্ডেল পাত খুলি চাটপকে মাৰে। ফৰদীপ বুলি মতাৰ লগে লগে ক্লজআপত মুখখন দেখাই( পাৰ্থপ্ৰতীম শৰ্মা)।

 প্ৰদীপ: কি হ’ল? আৰু আপোনাক মই কিমানবাৰ কৈছো মোৰ নাম ফৰদীপ নহয় প্ৰদীপ বুলি?

কমল: নামে খি আনে? খামথো হবা লাগে। সাত নম্বৰ থেবুলত অৰ্দাৰ লৈ আহ।

 প্ৰদীপ:কি খাব কওঁক এইবুলি প্ৰেমদা আৰু  প্ৰেমেশ্বৰৰ ফালে চাই জাপ মাৰি উঠে।

  আঐ …আপোনালোক দুয়ো আহিছে। হে হৰি মই চুটি কিয় নল’লো আজি?

  প্ৰেমদা:কি কিয় আহিছে ক’বলৈ আহিছা? হোটেলত মানুহ কিয় আহে নাজানা নেকি? অৰ্দাৰ লোৱা আৰু মোৰ ষ্টাইলত বনাই দিয়া।

 প্ৰদীপ: কওঁক মেম। ( মনতে ভাবে)

 হে ঈশ্বৰ আজি বা কি বনাব দিয়ে? আগৰবাৰ চাওমীন ঘীউত ভাজিব দি তাতে কাজু,খিচমিচ দি বনাব দিছিল। মইয়ো ছোৱালীয়ে এনকৈ খাই ভাল পায় বুলি ভাবি লাভাৰজনীলৈ বনাই নিছিলো। তাই দুচামুচ খাই বমি কৰি দিছিল আৰু মোৰ লগত সিদিনাই ব্ৰেকআপ কৰিছিল।

 প্ৰেমদা: (প্ৰেমেশ্বৰৰ ফালে চাই) আজি আমি বিৰিয়ানী খাম হা। শুনা মই কৈ যাম তুমি তেনেকে বনাবা।

 চাউল খিনি ঘীউত ভাজিবা,তাতে চিকেন মচলা দিবা, আদা নহৰু পিয়াজ বটা দি তাত চয়া চচ ঢালি দিবা। আৰু ওপৰত চিজ গাৰ্ণিছিং কৰি দিবা।

  প্ৰদীপ: মেম বিৰিয়ানী এনেকৈ নবনায়। আৰু চয়াচচ  ফ্ৰাইদ ৰাইচতহে দিয়ে। আপুনি ঘীউত ভাজি চয়াচচ দি তাৰ ওপৰত চিজ ঢালি খালে কি ৰকমৰ বিৰিয়ানী হ’বহে। এনেকৈ খালে বাওহাত এসপ্তাহ মান নুশুকাব। দাদা আপুনি একো নকয় কিয়?

  প্ৰেমেশ্বৰ: তুমি এওঁৰ মতেই কৰা। চি ইজ বেষ্ট, আই লাভ হাৰ। তাই মোক মাটিৰ পায়স ৰান্ধি দিলেও খাম।

 প্ৰেমদা: ও জান আই লাভ ইউ। বিয়াৰ পিছত মই তোমাক মোৰ ষ্টাইলতে চাওমীন,বিৰিয়ানী বনাই খুৱাম হা বেবী।

  কমল: ফৰদীপ সোনখালে বনাই দে। খাই ফেলাই যাওখ ইয়াৰ ফৰা। ৰেচিপী শুনি মোৰ গাথো বেয়া লাগিছে। আৰু দাদা সোনখালে বিয়া ফাতি নে বাইদোক। থেথিয়া আমিও ৰক্ষা ফৰিম এইসোফা বনোৱাৰ ফৰা।

  শ্বট ২

হাজৰিকা কেৰাণীৰ ঘৰ। আগফালে বাৰণ্ডাত হাজৰিকাই( জিতু শৰ্মা) বাতৰি কাকত পঢ়ি থাকে। তেনেতে হাজৰিকাৰ ধদুৱা পুতেক ভৃগু কুমাৰ ওৰফে বি.কে ( গৌৰী শংকৰ শৰ্মা)বিহু গীত এটি গুণগুণাই হাতত বাইকৰ চাবি পকাই কাষেৰে পাৰ হৈ যায় আৰু চোতালত থকা বাইকখন কাপোৰ এখনেৰে মচি থাকোতে  হাজৰিকাই কাকত খন গুছাই লাহেকে পুতেকক চায়।

 বি.কে.: গান গাই থাকে…মাউন্টেউন ক্লাইবিং চুগাৰমাই..চুগাৰমাই..ডভ ফ্লাৱাৰ ব্ৰিঙিং…ও ও চুগাৰ মাই..খোপাতে গিভিং ইয়োৰ..হেই ধিন চাক চাক …হে হে ই হেইয়া..

 হাজৰিকা: ঐ কটা নীলাজ, বান্দৰ এইফালে যে বাপেৰ বহি আছে পাহৰিলি হ’বলা? যেতিয়াই তেতিয়াই ফটুৱামী কৰি থাক যে? কাম বন কেতিয়া কৰিবলৈ শিকিবি?

  বি.কে.: কি হ’ল দেতা? মইতো গান গাইহে আছো। আপুনি পেপাৰ পঢ়া মানুহ পঢ়ি থাকক। আৰু মইতো কামতে ওলাইছো।

  হাজৰিকা: হুহ.. কামত ওলাইছে সি! কলেজৰ সমুখত গৈ ছোৱালী চোৱা কামক সি কাম কৰা বুলি কয়? মই যেন নাজানোহে। আৰু কি গান গাইছ এইটো চুগাৰ মাই….মাউন্টেইন ক্লাইবিং..কাণতলীয়া এটা পালে বাপেৰৰ গম পাবি।

 বি.কে: আৰে দেতা, মইতো বিহুৱে গাইছো না। ইংৰাজীত অনুবাদ কৰি গাইছো আকৌ।

 হাজৰিকা: হয়নে? মেট্ৰিকত গ্ৰেচ মাৰ্ক লৈ পাচ কৰিলি ইংৰাজীত আৰু এতিয়া বিহুগীত অনুবাদ কৰি গাবলৈ আহিছ ইংৰাজীত। আতৰ হ কুলংগাৰ কৰবাৰ।

 এনেতে হাৱাই চেণ্ডেল চোচৰাই অহা শুনা যাব। পৰ্দা খন গুছাই হাজৰিকানী ওলাই আহিব( কমলা দাস) আৰু হাজৰিকাৰ ফালে পেন্দোৱাকৈ চাব। হাজৰিকাইও চাব খঙেৰে। দুয়োৰে মুখ দুখন ক্ল’জআপত দেখাব। দূৰৰ পৰা বি.কে. চাই থাকিব।

 হাজৰিকা: ভেকাহি মাৰি…কি হ’ল? কি চাইছা এনেকৈ? ইহ পুতেকক গালি পৰা শুনি দৌৰি আহিছে উকীলনীয়ে।

  হাজৰিকানী: মুখ চম্ভালি কথা ক’ব বুইছে? কি চব কথাতে উকীলনী বুলি ঠেট্টা মাৱি থাকে। উৱ..নিজৰ ল’ৱাটোক কোনোবাই গালি পাৰি থাকিলে মই মাকজনীয়ে  মনে মনে থাকিম নি? ঐ ভৃগু আহোতে মিঠাতেল আধা লিটাৰ আৰু আলু এক কিলো আনিবি। এইয়া ল পইচা।

  এনেতে হাজৰিকাৰ খুলশালী  পদুমী( কাবেৰী মহন্ত) বাহিৰলৈ আহে। পিন্ধনত চেলোৱাৰ কামিজ,চুলিত হেনা লগাই থোৱা থাকে। চকুত ডাঠ কাজল,ওঠত লিপষ্টিক লগোৱা। তেওঁ হাতত নেইল পলিচ লগাই থাকে আৰু তেনেকৈয়ে ডায়লগ দিয়ে। হাজৰিকাই তাইক দেখি অলপ বিৰক্ত হোৱাৰ দৰে কৰে।

 পদুমী: ভিনি আপুনিনো আমা ভিৰগুক কেলেই ইমান গালি পাৰি থাকে হয়? ডেকা ল’ৱাটোক এনেকে গালি পাৰিলে ভাল নেদেখি নহয়! মই কিন্তু এনেকৈ গালি পাৱি থাকিলে নেথাকো ইয়াত।

 হাজৰিকা: তোকনো মই কেতিয়া ৰাখিছো নে থাকিবলৈ কৈছো। আজি দহ বছৰে মোৰ ঘৰত বাহৰ পাতিছহি।

 হাজৰিকানী: মানুহজনৰ মুখত কাৰো প্ৰতি ভাল কথা নোলায়। একমাত্ত খুলশালী তাইকো মৱমৰ মাত এষাৱ নিদিয়ে।

  পদুমী: ভিনি মই কিবা নিজে থকা নাই নহয়? বাইদেউ আৰু ভাগিন কিটাৰ মৱমতহে আছো। তাৱোপৰি মোৰ কামটো যিদিনা হ’ব সিদিনাৰ পৱা নাথাকো নহয়। ঐ ভিৰগু মোৰ কাৰণে মেহেন্দী এপেকেট আনিবি দেই।

 বি.কে. মা, মাহী তোমালোকক মই কিমানবাৰ কৈছো যে নো ভিৰগু এণ্ড নো ভৃগু। অনলী বি.কে.। পইচা দিয়া কি আনিব লাগে নহ’লে মই যাওঁ দেৰী হৈছে।

 হাজৰিকা: হুহ ..ঘৰৰ বজাৰ আনিবলৈ তাক মাক বাপেকে পইচা দিব লাগে। আকৌ ভৃগু মাতিলে তাৰ নাক কটা যায়? ধদুৱা চব? আৰু এজনীয়েতো আজি চাৰিবছৰে বি.এ.টোকে পাছ কৰিব পৰা নাই? জলেজ হ’লে সদায় যায়। ভনীয়েকে পাচ কৰিব তাইক দেখায়!তোকো সপ্তাহে সপ্তাহে মেহেন্দী লাগে যে পদুমী?

 পদুমী: চুলিত লগাব লাগে কাৰণে আকৌ। ইমান দীঘল ঘন চুলিত এপেকেট মেহেন্দী এবাৰতে শেষ হয়।

হাজৰিকা: মেহেন্দী নলগালে গোটেই পৃথিবী ওলোটা হৈ যাব?

পদুমী: ও যাবতো। পকা চুলিবোৰ নোলাব নেকি কিবা? কোনে মোক পচন কৰিব তেতিয়া?

হাজৰিকা: হেৰৌ এতিয়াও তই কোনোবাই পচন কৰিব বুলি ভাবিয়ে আছনে? হাতত মেহেন্দী লগোৱাৰ সলনি চুলিত মেহেন্দী লগোৱা দিন আহিল তোৰ। বাকী দুজন ভিনিহিয়েৰক নোৱাৰ লুটিব। মোক ঢিলা পাই খিলা মাৰিছ? হুহ..

বি.কে.: মা মই যাওঁ। ভাত খাবলৈ নাহো আজি।

হাজৰিকা: নাখাৱ নাই যা। ভালে হ’ব মোৰ এসাঁজ ৰাহি হ’ব। হেৰা গা ধোও গৰম পানী কৰি দিয়া।( এইবুলি ভিতৰলৈ সোমাই যায়)

পিছে পিছে হাজৰিকানীও সংলাপ দি সোমাই যায়..

হাজৰিকানী: এই মানুহটোৰ পৰা শান্তি নহ’ল। সকলোৰে ভুল দেখে। একমাত্ৰ খুলশালী জনীকো লগত ৰাখিব নোখোজে। অইন মানুহে কেনেকে খুলশালী বুলি ক’লে পাগল হয়। পদুমী আহ মন বেয়া নকৰিবি। একো কৰিব নোৱাৰে ভিনিহিয়েৰে…
নিমকি…নিমকি…দেউতাৰৰ গা ধুবলৈ পানী খিনি বাল্টিত মিহলাই দে। ভিতৰলৈ যায়।

  এনেতে প্ৰেমদা আহে বাইকত বহি প্ৰেমেশ্বৰৰ। বাৰাণ্ডাত ঠিয় হৈ থকা পদুমীয়ে দুয়োকে দেখে আৰু ডিঙি মেলি চায় বাইকখন যোৱাৰ ফালে।  প্ৰেমদাক তাই গালি পাৰে দেৰীকৈ অহা বাবে। প্ৰেমদা তল মুৰকৈ ভিতৰ সোমায়।

৩য় শ্বট

আকৌ কলিতা হোটেলৰ ভিতৰৰ দৃশ্য দেখুওৱা হয়। চিন্তিত অৱস্থাত প্ৰেমেশ্বৰ থাকে। কাষত হোটেলৰ মালিক কমল স্বৰ্গীয়াৰী বহি থাকে আৰু প্ৰেমেশ্বৰক কিবা বুজাই থাকে। প্ৰদীপে চাহ দুকাপ আৰু খুৰ্মা দুটা আনি দিয়ে।

প্ৰেমেশ্বৰক চাহ কাপ আগুৱাই দি কমলে ডায়লগ দিয়ে..

কমল: চাহথু খাই লৌ চুন। ইমান চিন্তা নখৰিবি মই থাখাথে। খিবা এথা খৰিম দে মই।

প্ৰেমেশ্বৰ:( খুৰ্মাতো  মুখত লৈয়ে কয়) কি কৰিব আপুনি? তাইৰ বোলে দৰা আহিছে। বাগানৰ মাইকী মহৰী কাম কৰে। বাপেকে দিবই বোলে। ডিব্ৰুগড়ৰ ল’ৰা। মানে তাইক গুৱাহাটীত নাৰাখেই। মোৰ পৰা দূৰৈত ৰাখিব।

কমল: ইহ…খথা খবা আহে। নৰে ৰহোই থোৰ ফৰা আতৰ খৰিবা। মই ব্যৱস্থা খৰিম না। এথা খথা খৌচুন? থোৰ লগত খিয়া বিয়া নিদিয়ে?

প্ৰেমেশ্বৰ: মোৰতো আই বোপাই কোনো নাই। কোনে যাব মোৰ হৈ বিয়াৰ কথা পাতিবলৈ। তাৰোপৰি মোৰ ফাষ্ট ফুডৰ দোকান খন বাপেকে পকৰীৰ দোকান বুলি  ভাবে। সেইকাৰণে পকোৰী বেপাৰীৰ লগত নিদিয়ে বোলে বিয়া।

কমল: ইহ …নখবি সিটো বহুত দুখ লাগে। মোখোতো সেইখাৰণে এথা আফী ভাল পাই ফেলে থগালাক। চিংৰা দোখানীৰ লগথ বুলে বিয়া নেদে বাফেকথুই। এনেখা দুখ লাগে না মনথ ফৰিলে। মাজে মাজে মনথ পৰেথো মোৰো। একদম দুখ লাগিলে থেথিয়া মই লোখেলথো আনি খাই শুই থাখো আৰ।

(লাহেকৈ কাণৰ কাষত  …খাবি নিকি এক গিলাচ? আছে মৰ লগথ ইতাও গিলান এথাত)

 প্ৰেমেশ্বৰ: হেই কি কথা কয়? নাখাওঁ মই সেইবোৰ? উপায় ভাবক।

 কমল: তেনেহ’লে এথা খাম খৰ? থই কৈনা চাবা ওলাহ। মই থোৰ সখী হৈ যাম। লগথে আমাৰ ফৰদীফকো নিম। দেখিবা থৌগা না সি। থোৰ ড্ৰাইভাৰ বুলিয়ে ভাবিব। মৰ চেহেৰাথো নিমিলিব থোৰ লগথ গতিখে মই সখীয়ে হ’ম দে। মোৰ ফুৰণা মাৰুতি খাৰ খান ল’ম। চিন্তা নখৰিবি,মই থোৰ বুলি খমদে সিহঁতৰ ঘৰথ। ঐ ফৰদীপ শুনিছা নহয় আমি কি কৈছো। ভাল কাফুৰ একযোৰা যুগাৰ খৰিবি।

  প্ৰদীপ: (ভিতৰৰ পৰা জোৰে চিঞৰি) হৈ যাবা দাদা, চিন্তা নকৰিব। মোৰ ধুবি এজন চিনাকি আছে। তাৰ পৰা লৈ ল’ম।

 এনেতে প্ৰেমদা আহে আৰু প্ৰেমেশ্বৰৰ ওচৰত বহে।

 প্ৰেমদা: আজি লাষ্ট আৰু! পৰহি মোক চাব আহিব ডিব্ৰুগড়ৰ পৰা। মোৰ চিঠিবোৰ আৰু ফটো কেইখন দিবা সোনকালে। আৰু এইয়া তোমাৰ চিঠি।

 প্ৰেমেশ্বৰে তাইৰ চকুলৈ চাই থাকে আৰু কাণৰ কাষত কিবা কয়। লগে লগে প্ৰেমদাই হাঁহি মাৰি প্ৰেমেশ্বৰৰ গালত টপকে চুমা এটা খায়। ওচৰতে থকা কমলে চকু দুটা মুডি দি খেক খেককৈ হাঁহে।

   শ্বট ৪

  হাজৰিকাৰ ঘৰৰ দ্ৰয়িং কোঠা। নিমকিয়ে( নিৰ্মালী বৰমূদৈ) কোঠাটো সজাই থাকে। লগতে বায়েকক গালি পাৰি থাকে।

 নিমকি: দৰা আহিব কাৰোবাক চাব আৰু কাম কৰিব লগা হৈছে মই। ইফালে আইদেউৰ খবৰে নাই।

তেনেতে পদুমী সোমাই আহে।

 পদুমী:কাক গালি পাৰি আছ ও নিমকি? ইমান খঙ উঠিছে যে তোৰ?

 নিমকি: খঙ নুঠিব নেকি কিবা মাহী? চোৱাচোন আজি বাক চাবলৈ আহিব দৰা আৰু তাই এতিয়া ন বাজিবৰ হ’ল শুই আছে বিনদাচ। ইফালে মায়ে মোক ঘৰ ঠিক কৰাৰ পৰা ঘৰৰ সকলো কাম কৰাইছে। তাইৰ কাপোৰো মই ইস্ত্ৰি কৰিব লগা হৈছে।

 পদুমী: একো নহয় দে, বাইয়েৰৰ কাৰণেহে কৰিছ। তোৰ বিয়াৰ সময়ত কৰিব নহয় তাই।

   নিমকি: তাই একো বিয়া নহয়? চাই থাকা মই কৈছো। দেতাৰ একো লাভ নহ’ব দৰা চাই। তাই সৌ কোনোবা এটাৰ লগত যে ফোনত প্ৰেমালাপ কৰি থাকে তাৰ লগতে পলাব।

  পদুমী: হেই মনে মনে থাক। ভিনিয়ে শুনিলে দিব। হওঁতে মইও দেখিছো তাইক ল’ৰা এটাৰ লগত বাইকত অহা দুদিন। কিন্তু তাই ফ্ৰেণ্ড বুলি কৈছে। মই বুজাইছো দে তাইক। তইও মনে মনে থাক। এবাৰ বিয়া হোৱাৰ পিছত চব পাহৰি যাব।

 নিমকি: এইজনী সোনকালে মই ঘৰৰ পৰা গ’লেই ভাল পাওঁ। নিজে ঘুৰি ফুৰিব দিনটো আৰু মোক চব কাম কৰায় ঘৰৰ। মোক যে ইমান খটুৱায় সৰু বুলি। তাই বিয়া হ’লে তাইৰ ৰুমটো মই পাম। তোমাৰ লগত নাথাকো মই মাহী। ইমান নাক বাজে তোমাৰ ৰাতি শোওতে।

 পদুমী: ধেই এইজনী।

 তেনেতে কোনোবা সোমাই অহা যেন পাই দুয়ো মনে মনে কাম কৰি থাকে। প্ৰেমদা সোমাই আহে। পিন্ধনত ৰাতি শোৱা কাপোৰ। পদুমীয়ে ঘুৰি চাই তাইক তেনেকৈ দেখি চকু পকাই সোধে..

  পদুমী: প্ৰেম’ তই এতিয়াও গা ধোৱা নাই নেকি? ইফালে দহ বজাত ল’ৰাজন আহি পাব তোক চাবলৈ। ভালকৈ সাজি কাচি নলৱ কিয়?

   প্ৰেমদা: কি হৈ আছে ইয়াত? মোৰ বদনাম গাই আছিলে ন এই নিমকি জনীয়ে?

 নিমকি: বদনাম গোৱা নাই বা,তোমাৰ গুণ গাইছো। তুমি যে ইমান ভাল এলেহুৱা,কামচোৰ তাকে কৈছো। তোমাৰ কাম মই কৰিব লাগে যে।

  প্ৰেমদা: কি কামচোৰ পালি মোক? ৰাতিপুৱা চাহ মই নবনাও নেকি কিবা? এই যে বিভিন্ন ৰেচিপী বনাই ঘৰৰ সকলোকে খুৱাওঁ সেইবোৰ কাম নহয়। মোৰ জহত তহতে ইমান সুস্বাদু খাদ্য খাবলৈ পাৱ যে? ফাইভষ্টাৰ হোটেলতো নাপাবি তেনেকুৱা খাদ্য। আৰু তইতো মই সোনকালে ঘৰৰ পৰা বিয়া হৈ গ’লে ভালেই পাৱ।

  নিমকি: হুহ সেইবোৰ খাদ্য বুলি কয়। তুমি খাদ্য বনাই নুখুওৱা নহয় আমাৰ ওপৰত গৱেষণা কৰা। সেইকাৰণে কৈছো সোনকালে বিয়া হৈ গিৰিয়েৰাকে খুৱাবা। আমাক নালাগে।

   প্ৰেমদা: নিমকি তই অলপ বেছি কৈছ কিন্তু?

  পদুমী: মনে মনে থাক দুয়ো। লাজ নালাগে তহঁতৰ? ইমান কাজিয়া কৰ? মাৰ আৰু মোক দেখিছ কেতিয়াবা কাজিয়া কৰা? আৰু প্ৰেম’ যাহ সোনকালে সাজু হ।

  কেমেৰাত প্ৰেমদা আৰু নিমকিৰ মুখ খন ক্ল’জআপত দেখাব আৰু দুয়ো দুয়োকে মুখ বেকা কৰি দেখাব।

 বি.কে সোমাই আহে আৰু মুখত তাৰ ইংৰাজীত অনুবাদ কৰা বিহুগীতটো। মাউন্টেইন ক্লাইবিং…ক্লাইবিং ডভ ফ্লাৱাৰ ব্ৰিঙিং…ও ঔ চুগাৰমাই…হঠাত বায়েক হঁতক দেখি …

বি.কে.: হাই চিচ…হোৱাটচ্ আপ? আৰু বা আজিতো তোৰ দৰা আহিব আইমিন মোৰ ভিনিহি। এইয়া চা মই ৰসমলাই আৰু মিস্তি দৈ আনিছো।

এইবুলি দৈ আৰু মিঠাইৰ টোপোলা বায়েকৰ আগত দাঙি দিয়ে।

  প্ৰেমদা: হুহ খুৱাম ৰহ ৰসমলাই ভালকে।

  এইবুলি ভোৰভোৰাই ভিতৰলৈ যায়।

  বি.কে: মাহী এইৰ আকৌ কি হ’ল ও। কিবা মুডত আছে দেখোন। তাইৰ মন নাই নেকি বিয়া হ’বলৈ।

  পদুমী:এহ এইবোৰ একো নহয় দে। নিমকি মিঠাই আৰু দৈ খিনি মাৰক দেগৈ।

   নিমকি: নোৱাৰো মই। আৰু তুমিও অলপ কাম কৰা মাহী। দিনটো তোমাৰ দেহাৰ যতন লওঁতে যায় দেখোন।

  তেনেতে হাজৰিকানী আহে আৰু দুয়োৰে কথা শুনে। পদুমীৰ হাতৰ পৰা বস্তুখিনি লয় আৰু পদুমীক অলপ
টানকৈ কয়।

 হাজৰিকানী: চাও দে। কোনেও একো নিব নালাগে। এটা কাম কৰিলে তহঁতে দহটা কথা কৱ! আৰু পদুমী তোৰ মুৰৰ সেইসোপা ধুবলৈ হোৱা নাই। বায়েৰক দুটা কাম কৰি সহায় নকৰ। ইমান যে সাজিছ? তোক চাবলৈ নাহে নহয়? যি সময়ত আহিছিল দৰা বাচি বাচি আজি দুকুৰি পাৰ কৰিলি। ভিনিহিয়েৰৰ এনেই খং নুঠে তোৰ ওপৰত।

  পদুমী: হ’ব দে বাইদেউ। তইও ভিনদেউৰ দৰে কথা শুনাৱ আজিকালি। এইবুলি পদুমী গুছি যায় ভিতৰলৈ।

হাজৰিকানীয়ে এবাৰ কাষত ঠিয় হৈ থকা নিমকি আৰু বি.কে.ক চাই আৰু দুয়োকে কয় ….

 এতিয়া মই তহঁতকো ক’ব লাগিব নেকি সাজু হ’বলৈ।

  শ্বট ৫

গুৱাহাটীৰ অাই.এচ.বি.টি.। নাইট চুপাৰৰ পৰা এজন ল’ৰা  আৰু এগৰাকী মহিলা নামে। ওখ,ঋজু দেহৰ ল’ৰাজন খগেন আৰু অলপ খীণকায় ষাঠিৰ উৰ্দ্ধ মহিলা গৰাকী বৰানী( দেৱজিত শইকীয়া আৰু মিনতি মহন্ত)। নামিয়ে মহিলা গৰাকীয়ে ফোন লগায় কাৰোবাক।

বৰানী: হেল্ল’ অ হাজৰিকা,আমি পালোহি দেই। এতিয়া কেনেকৈ যাম আপোনালোকৰ ঘৰলৈ।

সিটো মুৰৰ পৰা হাজৰিকা: ও বাইদেউ আহি পালে। আপোনালোকে আই.এচ.বি.টিতে গাড়ী পাব এইফালে অহা মানে বশিষ্ঠলৈ অহা। মেজিক পাব,বাচ পাব,অটো পাব। তাতে উঠি আহক। বশিষ্ঠ চাৰিআলি পালে মই ল’ৰাটোক পঠিয়াই দিম। আহক ভালদৰে।

বৰানীয়ে পুতেক খগেনৰ ফালে চাই আৰু কয়…

বৰানী: আমি বোলে ইয়াতে বাচ,মেজিক পাম তাতে উঠি যাব পাৰিম বশিষ্ঠ।

 খগেন: প্ৰথমবাৰ কইনাৰ ঘৰত আহি বাচত নাযাওঁ দে মা। ইফালে সিফালে চাই আকৌ কয়…অট’কে লওঁ।

 বৰানী: হ’ব দে। অট’কে মাত।

এনেতে হঠাত এখন অট’ৰিক্সা আহি তেওঁলোকৰ কাষত ৰয়। অট’ চালক জনে তেওঁলোকক সোধে দাদা যাব নেকি?

 খগেন: অ’ যাম। বশিষ্ঠ চাৰিআলি। যাবনে?

  অট’: যাম যাম ব’লক।

দুয়ো মাক পুতেকে বহে অট’ত আৰু অট’ চালকৰ মুখত এটি দুষ্ট হাঁহি ফুটি উঠে।

শ্বট ৬

 হাজৰিকাৰ ঘৰ দেখুওৱা হয়। দ্ৰয়িং ৰুমত হাজৰিকাই পাইচাৰি কৰি থাকে। হাজৰিকানী আৰু পদুমী চোফাত বহি থাকে গালত হাত থৈ। হাজৰিকাই এবাৰ ঘড়ীৰ ফালে চাই এবাৰ খিৰিকীৰে বাহিৰত চাই। এনেতে বি.কে. সোমাই আহে।

  বি.কে.: দেতা মই আই.এচ.বি.টি.ৰ পৰা গোটেই বশিষ্ঠ চাৰিআলি চালো তেওঁলোক নাই। আনকি ওচৰৰ বালাজী মন্দিৰতো চালো সোমাব পাৰে বুলি ভাবি। কিন্তু তাতো নাই। শেষত বশিষ্ঠ মন্দিৰতো গ’লো কিজানি তাতে গ’ল নেকি? কিন্তু নাই তাতো।

 হাজৰিকা: সেইকাৰণে মই বাৰে বাৰে তোক কৈছিলো যে লৈ আহ ষ্টেচনৰ পৰা কিন্তু চাহাবে নোৱাৰে যাবলৈ। দৈ,মিঠাই আনিব গৈ ভাগৰি গ’ল। এতিয়া দেখিলিনে? ইচ…ইচ..।

 হঠাতে প্ৰেমদা সোমাই আহি মাকক কয়…

 প্ৰেমদা: মা, মই কাপোৰ মেকআপ চব সোলোকাও। আৰু নোৱাৰো এইসোপা লৈ বহি থাকিব। এক বাজিবৰ হ’ল ভোক লাগিছে। ইমান সময়ৰ মূল্য নুবুজা মানুহ।

  হাজৰিকানী: গৰজি উঠি..চুপ থাক। খবৰদাৰ মেখেলা চাদৰ সলালে। তোৰেই কিবা বুধি নহয়তো?

 প্ৰেমদা: হাৰে মই কি কৰিলো। দেতাই দেখোন নিজে ফোন কৰি কেনেকে আহিব লাগে কৈছিল। মই ফোন কৰি ভুল ৰাস্তা ক’লো নেকি?

এনেতে নিমকি বাহিৰৰ পৰা দৌৰি আহে।

নিমকি: মা,দেতা তেওঁলোক আহিছে। ৰাস্তা ভুল হৈছিল বোলে? মই দেতাৰ ফোনেৰে ফোন কৰিছিলো খগেন দাক। অট’ চালক জনে উল্টা পুল্টা কৰি আছিল বোলে। মই ৰাস্তাটো ক’লো। আহি পাবই এতিয়া। সোমাইছে আমাৰ গলিত। (বাহিৰৰ ফালে চাই) সেইয়া আহি পালে। বা তই ভিতৰত যা।

  পদুমীয়ে লৈ যায় প্ৰেমদাক আৰু প্ৰেমদাই খঙেৰে নিমকিক চাই ভিতৰলৈ উচাত মাৰি যায়।

 হাজৰিকা আৰু হাজৰিকানী দুয়ো বাহিৰলৈ ওলায় যায়।

 হাজৰিকা: আহক আহক ভিতৰলৈ। বোপা খগেন বহা, বাইদেউ বহক।

 এইবুলি তেওঁ ফেনখন চলাই দিয়ে।

  হাজৰিকানী: বহকচোন আপোনালোক। মই চৰ্বত আনো।

 বৰানী: পানী দিবচোন আগতে। উফ ডিঙি শুকাই গ’ল বুইছেনে? ষ্টেচনৰ পৰা আপুনি কৈছিল বহুত ওচৰ কিন্তু ক’তা ইমান ঘূৰালেও অট’চলোৱা জনে। ভাৰাও পাঁচশ লৈছে। আপুনিতো কৈছিল দহ টকাকৈ লয় মেজিক বাচত। অট’ত আহিলে এশ/ ডেৰশ মানহে মাত্ৰ। উফ ভগৱান। স্পিড বেকাৰত ইমান জোৰেৰে ঠেকেচা খালো বুইছে,ককালটো ভগা যেন লাগিছে।

 হাজৰিকা: কি কয়হে? পাচশ টকা লৈছে। হ’বই নোৱাৰে।

 খগেন: বাদ দিয়ক আৰু?

   হাজৰিকা: তোমাৰ খং উঠিছে ন বোপা। কিন্তু কোন অট’ৱালা ও এইজন?

 নিমকি:( চৰ্বতৰ গিলাচ আগবঢ়াই দি কয়) ও দেতা, এখেত সকলক অট’চালকে লখৰাৰে সোমাই শাওকুচিৰ মাজেৰে নি হকী ষ্টেডিয়াম হৈ কেৰাকুচি হৈ ঘোৰামাৰা চাৰিআলি পাৰ কৰি ‘ৰিজন পেৰেডাইজ’ এপাৰ্টমেন্টৰ সমুখেৰে ভেটাপাৰা চাৰিআলি পাৰ হৈ বেলতলা তিনিআলিৰে লক্ষীমন্দিৰ হৈ বশিষ্ঠ চাৰিআলি আনিছে। ভাগ্যে বেলতলা পোৱাৰ আগত মই ফোন কৰিলো। নহ’লে খানাপাৰা পালে হয়। গতিকে পাঁচশ ভাৰা নল’ব কিয়?

হাজৰিকা: কিচ্নঅ, কোন ও সেইজন জিলাপী পকোৱা অট’চালক।

নিমকি: মই ফোনেৰে অট’চালকক ধমকি দিলো আৰু পুলিচৰ ভয় দেখালো বুলিহে।

  বৰানী: ভাল বাচিলো দেই আজি। আমি আকৌ পৰুৱাই পোৱা বুলিহে ভাবিছিলো। হেৰি নহয় ছোৱালী কনক মাতক। আমি আকৌ সন্ধিয়া পাঁচটাৰ বাচত উভতিম নহয় নাইট চুপাৰত।

 হাজৰিকানী আৰু পদুমীয়ে চাহ জলপান লৈ আহে।

হাজৰিকানী: চাহ খিনি খাই লওঁক আগতে। তাৰপিছত ছোৱালীক মাতি দিম।

  পদুমী: ছোৱালীৰ লগত চিনাকি হৈ ভাত খাব দেই।

  খগেন: আপুনি বায়েক নেকি  প্ৰেমদাৰ?

  পদুমী: হে হে ..নহয়,মই মাহীয়েকহে। চাহ খাওঁক।

  হাজৰিকানীয়ে হাজৰিকাক হেৰি শুনকচোন বুলি মাতি নিয়ে। পদুমীয়ে মই কইনাক আনোগৈ, আপোনালোকে চাহ খাওঁক দেই।

  ভিতৰলৈ সকলো যোৱাৰ পিছত খগেনে মাকক কয়..

 খগেন: মা, ইমানবোৰ পিঠা,লাৰু,বিস্কুত,মিঠাই কেনেকে খাবি? ভাত খাবলৈ আছেই। তাতকৈ ভৰাই ল বেগত। ৰাতি বাচত খাব পাৰিম। পলিথিন আনিছ নহয়?

  বৰানী: আনিছো আকৌ। লগতে টিফিনো আনিছো। তাত পায়স খিনি ভৰাও ৰহ। ৰাতি আমি ভাত নাখালেও হ’ব। পুৰী কেইখনো দে। আৰু লাৰু,পিঠা,মিঠাই,নিমকি এইবোৰ দুদিনলৈ চাহেৰে খাব পাৰিম দে ঘৰত। দেউতাৰেও ভাল পাব নিলে।

  খগেন: সোনকাল কৰ। কোনোবা আহিব এতিয়া।

 দুয়ো বস্তু ভৰাই কেৱল চাহ খিনি খায়।

 খগেন: মা তই কিন্তু ছোৱালী জনীক উল গুঠিব জানানে,ভাত ৰান্ধিব জানানে,তাত ব’ব জানানে, চোতাল সাৰিব জানানে এইবোৰ নুসুধিবি।

  বৰানী: ও আই ছোৱালী চালে এইবোৰে সোধে আকৌ।  বোৱাৰী জনীয়ে যদি ঘৰৰ কাম নাজানে কেনেকে চম্ভালিব ঘৰ?

  খগেন: এহ আজিকালি এইবোৰ নোসোধে। আজিকালি পঢ়া শুনাৰ কথা সোধে। কম্পিউতাৰ ডিপ্লমা কৰিছেনে সোধে,বোৱা কটা জানানে সোধাতকৈ আৰ্ট এণ্ড ক্ৰাফটৰ ডিপ্লমা আছেনে সুধিবি,ৰান্ধিব জানানে সোধাৰ সলনি কুকিং বেকিং জানেনে সুধিবি বুইছ?মোৰ লগৰ সোনটো আৰু দেৱজিতে যে আজিলৈ কইনা পোৱা নাই এনেকৈ ষ্টাইলকৈ সুধিব নজনা বাবে এই গতি হৈছে।

 বৰানী: হ’ব দে বোপাই।

 শ্বট ৭

প্ৰেমদাই কাৰোবাৰ লগত ফোনত কথা পাতি থাকে সৰুকৈ।

প্ৰেমদা: কি মানুহ তুমি? ইমান বুজালো তথাপি গোলমাল কৰিলা? কৈ দিব নোৱাৰিলা মাক পুতেকক আমাৰ কথা। দুয়ো উভতি গ’ল হয় তেতিয়া?

 কি ..হা.. পাঁচশ টকা। থোৱাহে  পাঁচ লাখ কমোৱা নাই দিয়া… হা …কি… তুমিয়ে খাবা পৰঠা।  ভাগ্যে জেলত নগ’লা।

মাকে প্ৰেমদাক মাতে।

প্ৰেমদা: এতিয়া থোৱা। মাতিছে মোক। যি দেখিছো মইয়ে কিবা কৰিব লাগিল। বাই।

মাক আৰু মাহীয়েকে সোমাই আহে। মাকে ফোনত কাক ফোন কৰিছ বুলি গালি পাৰে।

 প্ৰেমদাক লৈ পদুমী,হাজৰিকানী আৰু হাজৰিকা সোমাই আহে। তামোলৰ বটাখন ঠেকেচকৈ থয় টেবুলত। মাকে তাইক চিকুটি দিয়ে।

 খগেনে ৰ লাগি চাই থাকে প্ৰেমদালৈ। বৰানীয়ে কাষত বহিব কোৱাত বহে।

 খগেনক মাকে ইঙ্গিত দিয়ে কিবা সুধিবলৈ।

খগেন:( সেপ ঢুকি) আপোনাৰ মানে তোমাৰ নামটো কি আছিল?

 প্ৰেমদা: হা হা কৈ হাঁহি …কি মানুহহে আপুনি ছোৱালী চাবলৈ আহিছে ইমান দুৰৰ পৰা আৰু নামটোকে নাজানে? কি বুৰ্বকহে আপুনি?

 লগে লগে হাজৰিকানীয়ে তাইক চকু পকাই দিয়াত তাই চুপ হয়।

 হাজৰিকানী: আমাৰ এই মানে ব ধেমেলীয়া। বেয়া নেপাব দেই…

 বৰানী: নাই নাই কিয় বেয়া পাম। আমিও বৰ ধেমেলীয়া মানুহ বুজিছেনে?

  প্ৰেমদাই প্লেটবোৰলৈ চাই….

প্ৰেমদা: ওৱ…ইমান সোপা বস্তু চব খালে। এখনো বিস্কুট,মিঠাই,পিঠা নাৰাখিলে।  এতিয়া বেলেগ আলহীক দিবলে নাথাকিলে। আগৰ আলহীক দি ৰখি যোৱাবোৰ আপোনালোকক দিছিলো। নে আপোনালোকে ভৰাই ল’লে।

 খগেন আৰু মাকে সেমেনা সেমেনী কৰে।

  পদুমী আৰু হাজৰিকানী,হাজৰিকাই প্ৰমাদ গণে। হাজৰিকাই ধমকি দিয়ে। প্ৰেমদাই ধেমালি কৰিছো দিয়ক বুলি মনে মনে থাকে।

 বৰানী: আইজনী একেবাৰে লখীমী হেন দেখাত।

  প্ৰেমদা: অ মই লখিমীয়ে। মই জন্ম হোৱাৰ দিনা দেতাই লটাৰীত বাল্টি এটা আৰু হেতা এখন পাইছিল।

  বৰানী: বাৰু আই তুমি কোৱাচোন বোৱাৰীৰ

 কি কি গুণ থাকিব লাগে? তুমি কেনেকুৱা বোৱাৰী হ’বা।

  প্ৰেমদা: বোৱাৰী লক্ষী,দূৰ্গা আৰু কালিৰ দৰে হ’ম মানে দেৱীৰ দৰে।

   বৰানী: নুবুজিলো?

    প্ৰেমদা: চিম্পল। মানে শহুৰৰ পৰিয়ালক লক্ষীৰ দৰে টেষ্টি খানা বনাই খাব লাগে,খুৱাব লাগে আৰু দূৰ্গাৰ দৰে ত্ৰিশূলেৰে বিন্ধাই দিব লাগে কোনোবাই কিবা ক’লে আৰু কালীৰ দৰে…

 বৰানী: কালীৰ দৰে ডিঙি কাটিবা নেকি?

  প্ৰেমদা: উম…সেইটো বেয়া নহয় আইডিয়াটো।

  দুয়ো মাক পুতেকে দুয়োৰে মুখলৈ চায়। মাকে লাহেকৈ পুতেকক কয় আমি যাওঁ ব’ল বোপা।

  বৰানী: হাজৰিকা আমি উঠো। তিনি বাজিবৰ হ’ল।

হাজৰিকা,হাজৰিকানী একেলগে: হঠাত যাব ওলালে যে? ভাত খোৱাই নাই নহয়।

  খগেন: নাই নালাগে দিয়ক। ভোক নাইয়ে আমাৰ। মা ব’ল।

 দুয়ো প্ৰস্থান কৰে। প্ৰেমদাই মুখ চেপী হাঁহে। মাকে তাইক খঙেৰে চায়।

৮ ম

কলিতা হোটেলত বহি আছে প্ৰেমদা,কমল,প্ৰেমেশ্বৰ আৰু প্ৰদীপ।

প্ৰেমদা: মোৰ প্লেন মতে কৰিবা। ওভাৰ স্মাৰ্ত নকৰিবা। উফ আগৰ বাৰ কিমান বুধিৰে সাৰিলো।

 কমল: মই আফুনি যেনখা খৈছে সেনেখা খৰিব। চাবি খাম হৈ যাব।

 প্ৰেমেশ্বৰ: আমি কেতিয়া যাম?

 প্ৰেমদা: অহা দেওবাৰে যাবা।

  প্ৰেমদা ফ্লেচবেকলৈ যায়।

 দ্ৰয়িং ৰুমত তলমুৰ কৰি প্ৰেমদা বহি আছে। হাজৰিকা, মাক আৰু মাহীয়েক কাষত বহি আছে। দেৱালত ভেজা দি  ভায়েক ভনীয়েক।

  হাজৰিকা:সচাঁ ক;এতিয়া আৰু লাভ নাই মনে মনে থাকি। এইজনৰে সৈতে আঠ নম্বৰ দৰা খেদিলি তই।

  হাজৰিকানী: নকৱ কিয় কপাল খাইটি।

  পদুমী: ক আকৌ। নহ’লে মোৰে দৰে হ’ব।

 হাজৰিকা: অ মাহীয়েৰৰ দৰে যদি হাতৰ ঠাইত মুৰত মেহেন্দী লগাব মন নাই কৈ দে।

 প্ৰেমদাই দেতা বুলি হাজৰিকাৰ ভৰিত ধৰি সকলো কয়।

 প্ৰেমেশ্বৰে গৰম চাহৰ কাপত আঙুলী দুবাই দিয়াত প্ৰেমদা বাস্তবলৈ ঘূৰি আহে। আৰু যাবলৈ ওলায়।

 প্ৰদীপে  ড্ৰাইভাৰৰ কাপোৰ এযোৰ আনি দেখুৱাই কমলক।

 কমল: ফাথাফাথি দেখিছে ৰে থোক।

  প্ৰেমেশ্বৰ,প্ৰদীপ দুয়ো হাঁহে।

  ৯ম

   হাজৰিকাৰ ঘৰৰ সমুখত মাৰুতি জেন এখন ৰয়। গাড়ীৰ পৰা কমল,প্ৰেমেশ্বৰ,প্ৰদীপ তিনিও নামি আহে।

 চুচুক চামাককৈ ভিতৰলৈ যায় চৌহদৰ।

 কলিং বেল বজোৱাৰ লগে লগে প্ৰেমদা ওলাই আহে আৰু বহিব দিয়ে। প্ৰদীপ বাৰাণ্ডাতে বহে।

প্ৰেমদা: একদম মই যেনেকে কৈছো তেনেকৈ ক’বা।

 ভিতৰৰ পৰা এনেতে নিমকিয়ে পানী আনি দিয়ে দুয়োকে। কমলে মিঠা চাৱনী এটি দিয়ে তাইলৈ চাই।

 প্ৰেমেশ্বৰক লাহেকৈ কমলে কয় ‘শহুৰ খাৰ হয় খবা নৰু দে আৰ’।

 প্ৰেমেশ্বৰে চুপ থাক বুলি কয়।

হাজৰিকা আৰু হাজৰিকানী সোমাই আহে।

হাজৰিকা: ও যুবকদ্বয় আহিলা।

কমল: আমি দৈ আনা নাই নহয়? মিঠাইহে আনিছো নিজৰ হোথেলৰ।

 হাজৰিকাই দুয়োৰে মুখলৈ চাই  আচৰিত হৈ।

  হাজৰিকানী: নাম কি তোমালোকৰ?

  কমল: খমল স্বৰ্গীয়াৰী

  প্ৰেমেশ্বৰ: মোৰ নাম প্ৰেমেশ্বৰ কলিতা।

  হাজৰিকা: তোমাৰ কথাই মাজনীয়ে কৈছে মোক। কি কাম কৰা?

  প্ৰেমেশ্বৰ: হোটেল ভিভান্টা তাজ আছে যে…

  হাজৰিকানী: তাত কাম কৰা?

  কমল: নহয়, থাৰ খাষত যে চাট হাউচতো আছে সেইথু ইয়াৰ।

  হাজৰিকা: মানে পকোৰা বেচা?

  প্ৰেমেশ্বৰ: নহয় খুৰা। চাট হাউচ নামটো হ’লেও মই তাত ৰ’ল,ম’ম,বিৰিয়ানী,চাওমীন এইবোৰ বেচো। ব্যৱসায় ভালেই মোৰ।

 হাজৰিকা: কি কাৰণত আহিছা জানোৱে। গতিকে ম’ম বেছিলেও বেচা,পকোৰী বেছিলেও বেচা। মুঠতে মোৰ ছোৱালী তুমিয়েই বিয়া পাতিবা। অহা বহাগত তোমালোকৰ বিয়া খাটাং। মই বাপুটি গণকৰ ওচৰত দিন বাৰ ঠিক কৰি তোমাক জনাম। হেৰা চাহ তাহ দিয়া এওঁলোকক। মই অফিচলৈ ওলাওঁ।

   আৰু এই ক’ত গ’ল মাতা। এতিয়া লাজৰ কুৱৰী হৈ সোমাই থাকিব নালাগে।

 মাকে প্ৰেমদাক মাত লগোৱাত তাই দুখন গামোচাৰে সৈতে আহি কমল আৰু প্ৰেমেশ্বৰক দিয়ে উপহাৰ হিচাপে।

 প্ৰেমেশ্বৰে চকুৰে ইঙ্গিত দি কাষত বহিব দিয়ে। প্ৰেমদাই হাঁহি এটি মাৰি কাষত বহে।

  হাজৰিকানী: বাৰু তোমালোক বহাচোন মই চাহ বনাওঁ। খমল বহা দেই।

 কমল: মোৰ নাম খমলহে খুৰীদেউ। খমল নহয়।

  হাজৰিকানী: তাকেই খমলে কৈছো।

  কমল: খমল নহয় খমল।

   ও খমলে মাতিছো দিয়া বুলি ভিতৰলৈ যায়।

কমল: ধেই খিবা মোৰ নামথু হুদ্ধখে নখলে বহুত বিয়া পাঙ মই। মোক খমল বুলি মাতি আছে খিন্তু মই খমলহে হয়।

  প্ৰেমেশ্বৰ  আৰু প্ৰেমদাই হাঁহিত বাগৰি যায়।
            সমাপ্ত
☆ ★ ☆ ★ ☆

23 Comments

  • পূৰ্ণময়ী

    ডলী ৰকচ্

    Reply
  • Barbie Punnag

    অলৱেইজ ৰকচ্

    Reply
  • উৎপলা কৌৰ

    😂😂😂😂😂😂😂😂😂
    এইখন ভালকৈ বনালে কিন্তু মস্ত জমনি কমেডি চিনেমা এখন হ’ব সঁচাই !! 👌👌

    Reply
  • অভিজিত কলিতা

    চুপাৰ হীট, সমগ্ৰ পৰিয়ালে মিলি উপভোগ কৰিব পৰা বোলছৱি। তামাম

    Reply
  • মজ্জা চিনেমা

    Reply
  • কমলা দাস ।

    মূৰৰ ঘাম মাটিত পেলাই ফাটাফাটি এক্টিং কৰিছো ।

    Reply
    • Anonymous

      ধন্যবাদ। বহুত ভাল অভিনয় কৰিছে

      Reply
  • কাবেৰী মহন্ত

    হা হা! বেলেগ জমনি! হাঁহিলো বহুত

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বক্স অ’ফিচ হিট৷ বিয়াৰ পিচত প্ৰেমেশ্বৰৰ হাতখন এসপ্তাহলৈ নুশুকালে চেচেই আৰু!

    Reply
  • Mridul Nath

    কিছু মজা হৈছে, হাঁহি হাঁহি বাগৰি পৰা নিছিনা অৱস্থা হৈছে। ইমান উপভোগ্য চিনেমা এখন উপহাৰ দিয়া বাবে ধন্যবাদ

    Reply
  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল লাগিল চিনেমা খন চাই। এক্টিং ফাটাফাটি হৈছে আটাইৰে।

    Reply
  • Ronjon Baruoh

    চুপাৰ্ব

    Reply
  • HEMANTA KAKATI

    চুপাৰ ডুপাৰ হিট ডলী৷ বিশেষকৈ মাধৱ ওৰফে কমল আৰু পদুমী ওৰফে কাবেৰীৰ ৰোল দুটা জমনি! কমল আৰু পদুমীৰ লাইন মৰা চিন এটা থাকিলে সোনত সুৱগা চৰিল হেতেন৷ বৈদ্য এনজয় কৰিলোঁ৷

    Reply

Leave a Reply

Your email address will not be published.