ফটাঢোল

ডাক্তৰণীৰ মনৰ কথা – ড° মৃদুস্মিতা ফুকন

কৰ’ণাৰ এই সন্ত্ৰাসৰ সময়ত মৰণত শৰণ দি দিনে-নিশাই সেৱা আগবঢ়োৱা ডাক্তৰসকলক বিশ্বৰ জনগণে এতিয়া অতি উচ্চ শাৰীত স্থান দিছে। এই সময়ত নিঃস্বাৰ্থ সেৱা আগবঢ়াই যোৱা এইসকলক গোটেই জগতে যেতিয়া বাহ বাহ দিছে, তেতিয়া স্বাভাৱিকতে ডাক্তৰৰ পৰিয়াল বুলি আমি ডাক্তৰণীসকলৰো মনত থকা ভয়-আশংকাৰ লগতে গৰ্বত বুকুখন অকণমান হ’লেও ফুলি উঠিছে দিয়কচোন।

আমি এই পাবত গজা ডাক্তৰণীমখাৰ কঁপালখন চাওকচোন। এজনে মাহৰ পাছত মাহ, বছৰৰ পাছত বছৰ, দিনৰ পাছত ৰাতি, ৰাতিৰ পাছত দিন হামিয়াই-হিকটিয়াই, কঁপালৰ ঘাম মাটিত পেলাই কিতাপৰ পাত ফালি যোৱাকৈ পঢ়িব আৰু আপুনি, মই ৰাতিটোতে হৈ পৰিম একো একোগৰাকী ডাক্তৰণী! অকল আমিয়েইনে? এইদৰে ৰাতিটোতে উকীলনী, হাকিমনী আদি হোৱাটোও জানো তেনেই সহজ কাম নহয়? কমটো কথানে বাৰু? বিনা কষ্টে, বিনা শ্ৰমে, বিনা চিন্তাই আপুনি এৰাতিতে কেনে এটা ডিগ্ৰীৰ অধিকাৰীনী হৈ পৰিল! আপোনালোকে মন কৰিছেনে বাৰু কথাটো?

আজি মই ‘ডাক্তৰণী’ মানে ডাক্তৰৰ পত্নীসকলৰ কথাহে ক’ব খুজিছোঁ। পঢ়ি-শুনি, কষ্ট কৰি ডাক্তৰৰ ডিগ্ৰী লৈ ডাক্তৰণী হোৱাসকলৰ কথা ক’ব খোজা নাই। (সেইসকলক শ্ৰদ্ধাৰে এই ক্ষেত্ৰৰপৰা আঁতৰাই ৰখা হৈছে।)

এসময়ত ডাক্তৰ আৰু ডাক্তৰণীৰ সংখ্যা আছিল সমানুপাতিক। অৰ্থাৎ ডাক্তৰ যিমান ডাক্তৰণীও প্ৰায় সিমানেই কিন্তু যেতিয়াৰেপৰা মেডিকেল পঢ়া ছোৱালীৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি আহিবলৈ ধৰিলে, তেতিয়াৰেপৰা আমাৰ দৰে ৰাতিটোৰ ভিতৰতে হোৱা ডাক্তৰণীৰ সংখ্যা লাহে লাহে কমি আহিবলৈ ধৰিলে। গতিকে এসময়ত হয়তো এনে এটা দিন আহিব যে, আমাৰ দৰে পাবত গজা ডাক্তৰণী এগৰাকী আপুনি দৰবত দিবলৈও বিচাৰি নাপাব। সেয়ে এতিয়া সময় থাকোঁতেই বিৰল হৈ পৰিব খোজা এই প্ৰজাতিটোৰ বিষয়ে দুই-চাৰিটা কথা জানি থওকচোন সময়ত কেতিয়াবা কামত আহিবও পাৰে!

এৰা, বাহিৰৰপৰা চালে বৰ ভাল কথা; থাওকতে ডাক্তৰণী! কমটো খিতাপনে? পিচে কিমান সুন্দৰ এই জীৱন, সেইকথা আমিসৱেহে জানো নহয়নে সখীসকল? গোটেই সপ্তাহটো ৰৈ ৰৈ শনিবাৰৰ আবেলি চিনেমা এখন বা দেওবাৰৰ দুপৰীয়া জুতি-বুধিৰে ৰন্ধা ভাতসাঁজ একেলগে খাবলৈও আমি কেতিয়াবা যেতিয়া আমাৰ ডাক্তৰপতিক লগত নাপাওঁ, তেতিয়া আমাৰ মনৰ খবৰ কিমানে ৰাখে? আমি এনে বহুত ডাক্তৰণীৰ কথা জানো, যাৰ বহু আকাংক্ষিত সন্তান এটি জন্ম দিয়াৰ সময়ত তেওঁৰ ডাক্তৰপতিয়ে হয়তো আন কোনোবা ৰোগীৰ জীৱন-মৰণ যুঁজত সহায় আগবঢ়াবলগীয়া হৈছে। সন্দেহ নাই এয়া নিতান্তই এজন ডাক্তৰৰ কৰ্তব্য। তেনেক্ষেত্ৰত সেই ডাক্তৰণীগৰাকীৰ ডাক্তৰপতিৰ বাবে সন্তান জন্মাৰ আনন্দই আগ ঠাই পায় নে তেওঁৰ ৰোগীজনৰ জীৱন লাভৰ আনন্দই ওঁঠত হাঁহি বিৰিঙাই সেইকথা আপোনাৰ, মোৰ দৰে ডাক্তৰণীৰ বিচাৰ্যৰ বিষয় নহয়। তথাপিও এটা কথা মই ডাঠি ক’ব পাৰোঁ যে ডাক্তৰৰ কোনো কামৰে কোনো নিৰ্দিষ্ট সময় নাই সেয়া খোৱা-বোৱা, ফুৰা-চকা, অহা-যোৱা যিয়েই নোবোলক লাগে। আনকি এতিয়া কৰ’ণাৰ কথাকে চাওক। এসময়ত স্কুল-কলেজ, অফিচ-কাছাৰী বন্ধ কৰি কৰ’ণাই আটাইকে ‘কৰুণা’(?) কৰিছে যদিও ডাক্তৰসকল সেইকণ কৰুণাৰপৰা বঞ্চিত হ’ব লগা হৈছে। লগতে আমি ডাক্তৰণীসকলে পতিদেৱৰ এই সংকটাপন্ন জীৱন-যুঁজৰ সহযাত্ৰী হৈ জীৱটো চাদৰৰ আঁচলত বান্ধি দিন কটাইছোঁ৷ অৱশ্যে জনগণে তেওঁলোকক কৃতজ্ঞতাৰে শলাগিলে; দেৱদূত, দেৱতাৰ আসন দিলে; কিন্তু আমাৰ জীৱনবোৰ?

এনেবোৰ শলাগনি, প্ৰশংসা পালেও কিন্তু চকু-চৰহা(?) এচামে ক’ব খোজে, ডাক্তৰৰ বোলে ‘পাৰ্চনেল লাইফ’ বুলি কোনো কথাই নাই। (কথাটো কিন্তু একেবাৰে মিছা নহয় দেই!) ডাক্তৰৰ এই অপবাদৰ বাবেই বহুত ছোৱালীয়ে কুকুৰা কাটি শপত খাই থৈছে বোলে লাগে আবিয়ৈ হৈয়েই থাকিম, তথাপি ডাক্তৰৰ লগত বিয়াত নোসোমাওঁ। (ইফালে বিয়াৰ বজাৰত ডাক্তৰ দৰা বোলে আগশাৰীত!) চিৰি বিষ্টু! হৰি হৰি! এইবোৰ কথা শুনিলে আমিবোৰে আজিও ভূমি চুই কৰ্ণত হাত দিওঁ। পিচে এইক্ষেত্ৰত দুগৰাকীমান ডাক্তৰণীও পিছ পৰি থকা নাই। তেওঁলোক বোলে নিজ নিজ ডাক্তৰপতিৰ সৈতে জীৱন কটাই অতিষ্ঠ হৈ পৰিছে। সেয়ে তেওঁলোক এক সিদ্ধান্তত উপনীত হৈছে যে এই জনমত আৰু যি হ’ল হ’ল, অহা জনমত হেনো কেতিয়াও এনে ডাক্তৰণী হৈ জনম নলয়। সমাজৰ অতি গ্ৰহণীয়, সন্মানীয়, আদৰণীয় ডাক্তৰৰ প্ৰতি ডাক্তৰণীসকলৰ এনে বিৰাগ ওপজাৰ কাৰণ কি হ’ব পাৰে এই কথা বিচাৰৰ ভাৰ আমি পদকীয়া পক্ষৰ ডাক্তৰসকললৈ এৰিলোঁ। আপোনালোকে সময় থাকোঁতেই ডাক্তৰণীসকলৰ মনৰপৰা এই বৈৰাগ্য আঁতৰোৱাৰ ব্যৱস্থা লওক। নহ’লে জোৰ পুৰি হাত পাবহি।

শুনক, থাওকতে ডাক্তৰণী হিচাপে ইমান এটা সন্মান দি, আমাৰ মনৰ কথা ক’বলৈ এইকণ সুযোগ দিয়া বাবে সদ্যে ময়ে বাৰু ডাক্তৰসকলৰ হৈ দুআষাৰ কওঁ। ডাক্তৰণীসকল, আপোনালোকে প্ৰথমে নিজৰ গাতে চিকুট মাৰি চাওকচোন। ডাক্তৰণী হৈ আপুনি জানো কিহবাৰপৰা বঞ্চিত হৈ আছে? জীৱনটো সুন্দৰকৈ, সুচলকৈ উপভোগ কৰিবলৈ পোৱা নাই জানো? অলপমান এৰা-ধৰা, যোগ-বিয়োগ সকলোতে থাকেই দিয়কচোন। আটাইতকৈ ডাঙৰ কথা হ’ল আপোনাৰ সেই থাওকতে পোৱা ডিগ্ৰীটো মানে ডাক্তৰণী ডিগ্ৰীটো। তেনে এটা ডিগ্ৰী পাবলৈ আন কাৰ এনে কঁপাল ফুলিছে? সেইখন কঁপালৰ জহতে আপুনিও জানো ঘৰৰ-পৰিয়ালৰ, অঙহীৰ-বঙহীৰ জ্বৰ-পানীলগা, পেটৰ বিষ, মূৰৰ বিষ আদিৰ দুই-এবিধ ঔষধ দি বাঃ-বাঃ ল’বলৈ পোৱা নাই? তাকে নকৰিলে অৱশ্যে আপোনাক দহেও নেওচা দিব বোলে :

কিহৰ ডাক্তৰণী হ’বলৈ আহিছে, সাধাৰণ পানীলগাৰ ঔষধ এটাকে দিব নোৱাৰেনে ?

পিচে ডাক্তৰসকল, আপোনালোকে আকৌ এই কথা শুনি আমাৰ দৰে ডাক্তৰণীসকলক প্ৰফেছনেল ৰাইভেল বুলি নাভাবিব। আপোনালোকৰ ছত্ৰ-ছায়াতেহে আমি উজ্জ্বল। আমিতো আপোনালোকৰে অৰ্ধাংগিনী! সেই সুবাদতেতো  আমিবোৰে ডাক্তৰৰ সমাজ এখন পাইছোঁ, দুই-চাৰিজন মূধা-ফুটা ডাক্তৰৰ সৈতে চা-চিনাকি হৈছোঁ, দুই-চাৰিজন অভিজ্ঞ ডাক্তৰৰপৰা আপুৰুগীয়া দিহা-পৰামৰ্শ অনায়াসে লাভ কৰি নিজকে ধন্য মানিছোঁ, নিজৰ বা পৰিয়ালত কাৰোবাৰ অসুখ-বিসুখ এটা হ’লেও যথেষ্ট নিৰাপদ, সুৰক্ষিত অনুভৱ কৰিছোঁ।

অৱশ্যে ৰাইজে হকে-নহকে ডাক্তৰক পৰা গালিবোৰ আমিও মাজে-সময়ে বিনা প্ৰতিবাদে হজম কৰিবলগা হয়। এনেয়েনো কয়নে বোলে, কেৰ্কেটুৱাই তামোল খাই, নেউলক বান্ধি কিলায়। তথাপি কিন্তু ডাক্তৰণীী ডাক্তৰণীয়েই! নে কি কয়?

(বিশ্বৰ এই সন্ত্ৰাসৰ সময়ত নিঃস্বাৰ্থ সেৱা আগবঢ়াই অহা সকলো ডাক্তৰ আৰু তেওঁলোকৰ পৰিয়ালৰ ত্যাগ আৰু কষ্টক ইয়াত ধন্যবাদ বা কৃতজ্ঞতাৰ দৰে শব্দেৰে লঘু কৰিব নোৱাৰি।)

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.