ফটাঢোল

ডাবল ইনকামৰ অংক – দীপাংকৰ চৌধুৰী

“কোনে জানে তোমাৰ সপোন হ’বনে পূৰণ
আকাশতে থকাজনে  লিখে কপালৰ লিখন।”

এৰা নাজানে বুইছেনে কোনেও নাজানে, কেতিয়া কাৰ সপোন ক’ত কেনেকৈ পূৰণ হয়। আশাত বন্দী আমিবোৰে মানে মোৰ নিচিনা বৰলাবোৰে বিয়া পাতিবলৈ ছোৱালী এজনী বিচাৰি নেটৱৰ্ক মিলাই থাকোঁ। বিয়া ঘৰ, ফাংছন আদিৰ বাহিৰেও ফেচবুকো সাৰি নাযায়। বাকী নৰ’লগৈ SSA ৰ প্ৰশিক্ষণো। এই প্ৰশিক্ষণসমূহ বৰিং  যদিও আমাৰ লগৰ বৰলা মাষ্টৰ কেইটাৰ তাতো আশাৰ চাকি এগছি ধিমিকধামাককৈ জ্বলি থাকে। পাই যাম নেকি চকুৱে বিচাৰি ফুৰা সেই বিশেষগৰাকী। সেইবাবে প্ৰশিক্ষণ বুলি ক’লেই আমাৰ গা সাতখন আঠখন কৰে৷ বৰলাৰ জীৱনত কিবাকৈ চমৎকাৰ হৈ কিজানিবা কিবা এটা গতি লাগেই। এনেতে জ্ঞানোদয়ৰ তৰফৰ পৰা চাৰিদিনীয়া প্ৰশিক্ষণ এটা আহিল।ভাবিয়েই মনত আশাৰ পদুম ফুলি উঠিল। ভাল লাগে দিয়কচোন নতুন লগবোৰৰ লগত চিনাকী হৈয়ো।

চিংগল মানুহ ডাবল হোৱাৰ আশা এটা য’তেই দেখো ত’তেই বৰশীটো পেলাওঁ, কিজানিবা লাগেই এজনী চেনীপুঠি। মোৰ বাবে কেৱল মোৰ চেনীপুঠিজনী।

অৱশেষত আহিল প্ৰথম দিনটো। মোৰ সাজোন কাচোন দেখি মায়ে বোলে- হেৰৌ এই গেলা বৰষুণ বতৰত ইমান ভাল কাপোৰ কিয় পিন্ধিব লাগে। ট্ৰেনিঙতহে যাবি, ছোৱালী চাবলৈ নাযাব নহয়!

ল’ৰা হ’লো বুলিয়েনো সবসময়তে জধলা মধলা এটা হৈ যাব পাৰিনে! মায়ে কি বুজিব ছোৱালী আজিকালি যা‌ওঁ বুলি চাবলৈ যাব নোৱাৰি নহয়, এনেকৈয়ে সকলো সময়তে গৱেষণা কৰিহে আগবাঢ়িব পাৰি। এনেও ফাষ্ট ইম্প্ৰেচনটো সকলোৰে বাবে ইম্পৰটেণ্ট।

সময়তকৈ আগতেই উপস্থিত অমুকা।লাহে লাহে লগৰবোৰ আৰু অন্যান্য ছাৰ বাইদেউ সকলো আহিল। কিন্তু মোৰ চকুদুটাই যিটো বিচাৰি আছিল সেইটোহে নেদেখিলে। চকু কেইটাই তাইক বিচাৰি ফুৰিছে। হতাশ হ’লো‍ঁ মিছাতে ভাল চোলাটো নষ্ট কৰিলোঁ বৰষুণত তিতি। নাই যে নাই এজনীও ছোৱালী মাষ্টৰণী প্ৰশিক্ষণটোত আহিবলৈ নাইনে!

নাই লাহে লাহে  পাম যোৱা বেলুনটোৰ নিচিনা হৈ পৰিলোঁ। লেউ সেউ হৈ লগৰকেইটাৰ লগত বহিলোঁ।
আৰম্ভ হল বৰিং প্ৰশিক্ষণ। ১০মিনিট মান যোৱাৰ পিছতেই পিছপিনৰ পৰাই শুনা গ’ল, “এক্সকিউচ মি ছাৰ, সোমাব পাৰোঁনে?”  উফ কি কণ্ঠস্বৰ..” লগে লগে চাটকৈ উভতি চাই দেখিলোঁ বৰষুণত তিতি বুৰি এজনী ছোৱালী আহিছে। পোনপ্ৰথমেই সেওঁতাত চকু দিলোঁ। নাই তাই সেন্দুৰ নাই লোৱা। আস্  পাই গ’লোঁ। ভাল লাগে দিয়কচোন। এইযে অনলাইন শ্বপিঙত সকলো বস্তু ল’ব নোৱাৰিলেও চাইযে ভাল লাগে, তেনেকুৱা কথা। মোৰ বাবে হ‌ওক নহ‌ওক কুৰ্টিটো, শাৰীখন, চাৰ্টটো, ঘড়ীটো ভাল লাগিছে বুলি কোৱাৰ দৰে কথা। সোমায়েই আমাৰ ওচৰত খালী হৈ থকা আসনতে বহি ল’লে। পাম যোৱা বেলুন পুনৰ ফুলি আহিল। কাউণ্ট ডাউন ষ্টাৰ্ট হৈ গ’ল একদম। লগৰ কেইটায়ো কমেণ্ট পাছ কৰি আছিল-  “ঐ তামাম বে.. ট্ৰাই মাৰ না..বেছ মিলিব।”  ময়ো ভাবিলোঁ, ইমান ধুনীয়া চান্স, এৰি দিব নোৱাৰি, তাতেই ডাবল ডাবল ইনকাম হ’ব ভৱিষ্যতে। তাইৰ ঘৰ বা ক’ত? ভাড়াঘৰত থাকে নেকি? তাইৰ আকৌ বয়ফ্ৰেণ্ড আছে নেকি? উস্ কিছুমান কথা ভাবি ভাল নালাগে। মনতে ভাবিলোঁ নাই তাইৰ বয়ফেণ্ড নাই।

তাইক ইম্প্ৰেছ কৰিব লাগিব। ভবা মতেই কাম। প্ৰশিক্ষণত খুৱ এক্টিভ হ’ব ধৰিলোঁ। কেৱল ইমপ্ৰেচন বঢ়াব লাগে। এটা সময়ত ভবাৰ দৰেই পপুলাৰেটি বাঢ়ি আহিল। লাহে লাহে আমাৰ মাজত চকুৰ কানেকচন   চলিব ধৰিলে। ফিলিং একদম কিবাকিবি লাগি আছিল। কপাল ইমানেই ভাল আছিল গ্ৰুপ একটিভিটীতো আমি একেলগে পৰিলোঁ। লাহে লাগে আমাৰ মাজত কথা বতৰা ষ্টাৰ্ট হৈ গ’ল। লগৰ কেইটাই আমাক দেখি মাজে মাজে কমেণ্ট পাছ কৰি আছিল। চিনাকি পৰ্বৰ লগতে সুযোগ বুজি মোবাইলৰ ন‌‌ম্বৰটো লৈ ল’লোঁ।

প্ৰথম দিনটো আশা কৰাতকৈ বহুত বেছি ভালদৰেই পাৰ কৰিলোঁ। ঘৰলৈ আহিয়েই ব্যস্ত হৈ গ’লোঁ হোৱাট্চ এপত। সেইফালৰ পৰাও ফুল ৰেচপঞ্চ আহি আছিল। এনেদৰেই মোৰ অপাৰেচন চলাই গ’লোঁ। পিছৰ দুদিনৰ প্ৰশিক্ষণৰ মজাই বেলেগ আছিল। বেলেগ এখন জগতত সোমাই গৈছিলোঁ। অপেন লাইন মাৰিব লৈছিলোঁ। মাথো সুযোগ বিচাৰি আছিলোঁ মনৰ কথা ক’বলৈ।

এনেদৰে নোকোৱাকৈ তিনিটা দিন পাৰ হৈ গৈছিল।চতুৰ্থ দিনা ঘৰৰ পৰাই ভাৱি গৈছোঁ আজি ক’ব‌ই লাগিব মনৰ কথা। ক’বতো নোৱাৰি কোনে থপিয়াই লৈ যায়। কিবা বোলেনে “পাবা চৰাই ভাঙিবা পাখি, পাখি নাভাঙিলেই যাব উৰি।” এই বুলি উপস্থিত হৈছিলোঁ প্ৰশিক্ষণত। বাইক ষ্টেণ্ড কৰি থাকোঁতেই তাই ওচৰলৈ আহিল আৰু ক’লে, “ঐ কথা এটা আছে মোৰ তোমাক ক’বলগা, শেষত লগ কৰিবা দেই”। মই-“কি শুনিছো ঐ, দিন মুকলি হ’ব যেন পাও”(মনতে ভাবিলোঁ)। অ’কে বুলি কৈ দুয়োটা ৰূমত সোমাই গ’লোঁ।প্ৰশিক্ষণত সমল ব্যক্তিয়ে কি কৈ আছিল গম পোৱা নাছিলোঁ। মাত্ৰ সেই সময়খিনিলৈ অধীৰ অপেক্ষা কৰি আছিলোঁ। বুকুৰ ধপধপনি বাঢ়ি আহিছিল। কি ক’ব পাৰে তাই। ভাবি থাকোঁতেই শেষ হ’ল প্ৰশিক্ষণ। সকলোকে মাত লগাই বাহিৰলৈ ওলাই আহি এঠাইত অকলে ৰৈ আছিলোঁ। ভাবিলোঁ, মই কষ্ট কৰিব‌ই লগা নহ’ল। অলপ পিছত দেখিলোঁ তাই হাঁহি হাঁহি মোৰ পিনে আগবাঢ়ি আহিছে। আহিয়েই বেগৰ পৰা কিবা এটা আগবঢ়াই দিছে আৰু কৈছে- “এইখন লোৱা, মোৰ বিয়াৰ কাৰ্ড। আহিব লাগিব কিন্তু। তোমাক লগ পাই বিৰাট ভাল লাগিল। এনজয় কৰিলোঁ এইকেইদিন। অল দা বেষ্ট ফ’ৰ দি নেক্চট ট্ৰেইনিঙ।”… মই তাতেই ফিউজ।

তথাপি নিজকে চম্ভালি লৈ ক’লোঁ, “অহ হয় নেকি! বৰ ভাল কথা দেই!”..কথাষাৰ ক’বলৈ কষ্ট হৈছিল। কিবাকৈহে ঘৰটো ল’লোঁ। আশাত সদায় এনেকৈয়ে উতলা গৰমপানী কিয় পৰে বাৰু মোৰ! তথাপি মোৰ আশাবাদী মনটোৱে ভাবিলে, “বিয়ালৈ যাব লাগিব! হয়তো তাইৰ কোনোবা বান্ধৱীও মোৰ লগত পতি যাব পাৰে।” কেইদিনমান বৈদ্য অশান্তিত পাৰ কৰিছিলোঁ সময়বোৰ।

☆ ★ ☆ ★ ☆

7 Comments

  • ইন্দ্ৰাণী তালুকদাৰ

    হাঃ হাঃ …… নিজৰ প্ৰশিক্ষণ লোৱা দিনলৈ মনত পৰি গ’ল।😊

    Reply
  • Anonymous

    Val lagil dei porhi…👍👍👍

    Reply
  • Chandana Das

    বঢ়িয়া দিপ।আগলৈ আৰু ট্ৰাই কৰি থাকা।বৰশীত তোমাৰ সপোনৰ চেনীপুঠি জনী উঠিবই।

    Reply
  • ডলী তালুকদাৰ

    বঢ়িয়া

    Reply
  • সকলোকে ধন্যবাদ দেই

    Reply
  • Anonymous

    All the best for next ….😉😂😃😂

    Reply
  • দ্বিজেন তামুলী

    মোৰ ওচৰত বহুতো আহি আৰু চিনাকি ও আছে বহুতো মাষ্টৰনী বাইদেউ সদায় আহিয়েই থাকে বিভিন্ন লিভ লবলৈ তুমি আহিবা এটা যোগাৰ কৰি দিম৷ মেটাৰনিটী লিভ লোৱা বোৰক বাদ দি😊

    Reply

Leave a Reply

Your email address will not be published.