ফটাঢোল

ডিজিটেল প্ৰেম – সোমেশ্বৰ বৰা

(এক)

এতিয়াতো লেপটপটোৱেই মোৰ একমাত্ৰ সম্বল। এই যে ই-জগতখনৰ চাৰিওদিশে সিচৰতি হৈ থকা, মই ছবি চাই কথা পতা, ছবিখন চাই অন্তৰৰ প্ৰতিটো পৃষ্ঠা পাত পাতকৈ পঢ়িব খোজা মোৰ সখা-সখীসকল। কিযে এক অভিনৱ বৰ্তনীত যাদুকৰী শিকলিৰে বন্ধা আন্তৰিকতা।।

তুমিযে ক’মেণ্ট এটা কৰিছিলা, ভাল লাগি গৈছিল তোমাক। সেয়াই যে আছিল আৰম্ভণি। মোৰ আলসুৱা হিয়াখনত তুলিছিলা অলেখ ভাৱৰ বুৰবুৰণি। সেই বুৰবুৰণিতে হৃদয় হেৰুৱালো আৰু এই যে পলাশৰঙী সপোনবোৰ। সময়ৰ পৃষ্ঠাবোৰত নতুনকৈ ৰং সানিবলৈ মন গ’ল। কি ৰং সানিম অথবা কি ৰঙেৰে বোলাই পেলাম ই জগতৰ আন্তৰিকতাখিনিক!

তোমাৰ পৰিচয় নজনাকৈয়ে, তোমাক লগ নোপোৱাকৈয়ে গঢ়ি উঠিছিল আন্তৰিকতা। মোৰ আপডেটৰ লগে লগেই মোৰ চকুৱে পিটপিটাই বিচাৰিছিল তোমাৰ মন্তব্য। পাৰ হৈছিল দিনবোৰ, ক্ষণবোৰ। কিন্তু একো কোৱা নহৈছিল। ক’ম বুলি টোপালি থকা ভাৱবোৰে, ভাষাবোৰে তুমি স্ক্ৰীণত নেথাকিলেহে হাহাকাৰ কৰে, হেতা ওপৰা লগায় প্ৰকাশৰ সুৰুঙা বিচাৰি। তুমি স্ক্ৰীণত আহিলেই ভাৱ-ভাষাবোৰ হৈ পৰিছিল নীৰৱতাৰ মৌন কোলাহল মাথো। তোমাক স্ক্ৰীণত দেখি তোমাৰ লগত স্ক্ৰীণত হোৱা এই প্ৰেমৰ পৰিধি কি, ইয়াৰ পৰিসমাপ্তি অথবা আদি অন্তৰ উৎস কি বাৰু তুমি ক’ব পাৰিবানে?

এৰো বুলিলেই এৰিব পাৰি জানো এই আন্তৰিকতা! মনৰ একোণত নিজেই ঠাই বিচাৰি খোৰোং সাজে নিগাজীকৈ সজীৱ স্মৃতিবোৰে। জীৱন বাটৰ কোনোবা এটা কেঁকুৰিত লগ পাম এই স্মৃতিবোৰক। মনত পৰিব প্ৰতিটো পল, প্ৰতিটো খোজ।

অচিন আছিলা, চিনাকি হ’লো। সময়ে সকলো সলনি কৰে। সম্পৰ্কবোৰ বুকুত বৰ আপোন হৈ সোমায়। সন্ধিয়াৰ তীব্ৰ নিচা। ডিজিটেল পথাৰখন গাভৰু হয়। একাপ চাহ, এটা চিংৰা অথবা এটা ব্ৰেড-পকৰা আগতলৈ দুচকুৱে পিটপিতাই জুলিয়েটক, ডিজিটেল পথাৰখনত। উস্, মনৰ কি যে চটফটনি।

মনত কঁহুৱা ফুলিছে।
তোৰ বুকুতো ফুলোৱাৰ মন।
আবুৰ খুলি মাতাল হোৱাৰ মন।
নিয়ম ভাঙি নিয়ম বনাও ব’ল।

(দুই)

ইনবক্সত এটা মেছেজ, সু-প্ৰভাত। প্ৰত্যুত্তৰত দিওঁ বুলিও নিদিলো এপাহ ৰঙা গোলাপ অথবা এটা হৃৎপিণ্ডৰ ছবি।। ক্ৰমাৎ বহুত ওচৰ চাপি গৈছোঁ নেকি বাৰু! ইমান সহজতে গঢ়িলনে বাৰু আন্তৰিকতা! দেহৰ প্ৰতিটো সুৰত এটাই তৰঙ্গ। অবাধ বিচৰণ মোৰ দেহত, মনত ডিজিটেল প্ৰেমৰ।

কি দৰেনো প্ৰস্তাৱ দিওঁ তোমাক মোৰ আবেগবোৰৰ সৈতে একাত্ম হোৱাৰ। ভয় হয়, কিজানিবা মোৰ অনুভূতিত তুমি সিচা জোনালী কেৱল মইহে সাৱতিছোঁ একোঁচ ভৰাই। সপোনতো লগ পাওঁ তোমাক। হাঁহিৰে ভৰাই তোলাহিচোন মোৰ নিঃসংগ কোঠাটো।

তুমিতো জানাই, প্ৰতিশ্ৰুতি দিয়াতো তেনেই সহজ। বৰ সহজতে কৈ দিলা বহু কথা। মোক দিয়া প্ৰতিশ্ৰুতিবোৰ পালন কৰি দেখুৱাবলৈকৈ তুমি বিচাৰা মোৰ সান্নিধ্য। এৰা, মোৰো এসাগৰ অপেক্ষা চকুৰ পটাত। তোমাৰ নিভাঁজ যেন লগা প্ৰতিশ্ৰুতিবোৰ চাদৰৰ আঁচলত ঊম দিছোঁ। নিবিচাৰো সেইবোৰ ফঁহিয়াই চাৱলৈ। বৰকৈ খুচৰিলে হেপাঁহবোৰ মৰহে অনাকাঙ্খিত ভাবে। হাজাৰ বাধা নেওচি বুকুত থোৰমেলা সপোনবোৰৰ বাবেই হেপাঁহবোৰ সাচিছোঁ। আৰু সিয়েই জানা, উজাগৰী নিশাবোৰত মোক জীৱনৰ ৰং দেখুৱায়।

তুমিতো আজিকালি মোক বহুত বিশ্বাস কৰা। মন খুলি অন্তৰৰ সকলো গোপন দিয়া সঁচা আন্তৰিকতাৰে। এই আন্তৰিকতাক প্ৰেমৰ আভূষণ পিন্ধাবলৈ যাওঁতে কিজানিবা হেৰুৱাই পেলাওঁ তোমাক চিৰদিনলৈ। ভয় লাগে, আৰু সেয়ে নেকি তোমাক স্ক্ৰীণত দেখিলে বাকৰূদ্ধ হৈ পৰো। বিশ্বাসবোৰো ফলা বাঁহৰ দৰেই। এবাৰ ফালি গ’লে জোৰা নেলাগে কেতিয়াও।

তোমাৰ বিশ্বাস তথা মৰম শূন্য হ’লেই দেখোন হেৰাই যাব মোৰ জীৱনৰ সংজ্ঞা। অশান্ত হৃদয়ত খোপনি পোটা জলঙাৰে উপলব্ধি কৰো তোমাৰ উমখিনি আনে নজনাকৈ, তুমিও গম নোপোৱাকৈ। তোমাৰ কবিতাৰ ছন্দত মতলীয়া হৈ পাৰ কৰো উদাসী সন্ধিয়াবোৰ, অপেক্ষাৰত আবেলিবোৰ।

তুমি উম সানি পঠোৱা কমেণ্টখিনি তোমাতকৈ অনেক ধুনীয়া। তুমি পঠোৱা শব্দবোৰৰ লগত চুপতি কৰো। জোকাই চাওঁ, উত্তৰ পাওঁ। এটাই মাত্ৰ ভৰষা, পাম বুলি বুকুত ক্ৰমান্বয়ে বাঢ়ি অহা টোপোলাটো কঢ়িয়াই ফুৰাতো পোৱাখিনিতকৈ বেছি মনোৰম। তাৰোপৰি তুমিয়ে কৈছিলা ভালপোৱাবোৰ গোপনেই ৰাখিবা বুলি।

মই বাৰু কেৱল শব্দৰ সতে আলাপত বিশ্বাসী প্ৰেমিকাহে নেকি! আছে জানো মোৰ বাস্তৱিক প্ৰেমিকাৰ যোগ্যতা! ময়ো যে এখন সংসাৰত বন্দী তোমাৰ অলক্ষিতে আৰু তোমাত বন্দী এওঁৰ অলক্ষিতে।

তদুপৰি মোৰ হৃদয়খন যে প্ৰতাৰিত হৃদয়। অস্বীকাৰ কৰেচোন পুনৰ মিত্ৰতা গঢ়িবলৈ বিশ্বাসৰ সতে। ৰু-ৰুৱাই বলা বতাহ জাকত মোৰ হৃদয়ৰ ৰাগিতো শুনিচানে বাৰু!

(তিনি)

কিছুমান সিধান্ত গ্ৰহণ কৰোতে বহুত কথাই বিবেচনা কৰিব লগা হয়। অপ্ৰস্তুততাৰ পৰিধিবিহীন সপোনৰ সৈতে উমলিবলৈ লনিকো বহুত প্ৰস্তুতিৰ প্ৰয়োজন হৈছিল। পাৰিব জানো তাই পৰাগৰ মায়াৰ বন্ধনৰপ…

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.