ফটাঢোল

ডুখৰীয়া স্মৃতি – মানৱেন্দ্ৰ কুমাৰ শৰ্মা

মোৰ বিয়াত দৰা হৈ হাতীত উঠি যোৱাৰ আৰু কইনাক গৰু-গাড়ীৰে আদৰি অনাৰ বৰ মন আছিল৷ তেতিয়ালৈ হাতীত উঠি পোৱা নাছিলো। গতিকে হাতীৰ পিঠিৰ পৰা পিছলিয়েই পৰো নেকি? এনে এটা ভাবেও মোক কম পীড়া দিয়া নাছিল৷ বিয়াগোম বপুৰাৰ তেনে ক্ষেত্ৰত যে হাত-ভৰি ভাঙি ভাল আলৈ-আথানি হ’ব সেই ক্ষেত্ৰত পুৰামাত্ৰাই নিশ্চয়তা আছিল৷ নিজৰ সেইখনেই প্ৰথম বিয়া আছিল আৰু সেইবাবেই চেলেং-চুৰিয়া পিন্ধাৰো তেনে অভিজ্ঞতা নাছিল আৰু এই চুৰিয়াৰ তলত বগা কাপোৰেৰে চিলোৱা আহল-বহল অন্দৰ মহলৰ সেই যে বিশেষ বস্ত্ৰ, সেই ফেৰাও সচৰাচৰ আমি পিন্ধা লিপিট খাই ধৰা বস্ত্ৰৰ তুলনাত অসহজ যেন নালাগে জানো? কইনা ঘৰৰ সমুখত কেনেবাকৈ চিৎভোলোঙা খাই পৰিলে মোৰ চুৰিয়া খুলি যোৱাৰ পুৰা সম্ভাৱনা আছে৷ তেনেক্ষেত্ৰত সেই আহল-বহল বস্ত্ৰৰ সুচল ফাঁকেৰে যদি বিশ্ব-ব্ৰহ্মাণ্ডই ভুমুকি মাৰে? মোৰ কি হ’ব? সুন্দৰী খুলশালী কেইজনীৰ আগত ভৱিষ্যতে নাক উলিয়াব পাৰিমনে! মুঠতে দুঃচিন্তাৰ পাৰাপাৰ নাছিল৷

হাতীৰ পিঠিত দৰাৰ লগত কাৰ কাৰ স্থান নিশ্চিত হ’ব- সেই নিৰ্বাচনো গুৰুতৰ সমস্যা হৈ দেখা দিলে৷ অৱশ্যে গোস্বামীহঁতৰ দুয়োটা হাতীয়েই ঠিক কৰা হৈছিল৷ তথাপি বিয়াৰ প্ৰাকক্ষণত এনে এখন লিষ্ট বনাবলৈ গৈ কাৰো সৈতে সম্পৰ্ক বেয়া কৰাৰ মন নাছিল৷ সেয়ে এই বিচাৰৰ ভাৰ ৰাইজলৈ ঠেলিছিলো। ইয়াক লৈ বোলে দুজনমানৰ কথা কটা-কটিও হৈছিল৷ আনকি চূৰ্চুৰিয়াকৈ লপা-থপা হোৱাৰো খবৰ আছে৷

আন এটা চিন্তা আছিল হাতীৰ ওপৰত স্থান পোৱা আৰু স্থান নোপোৱা বৰযাত্ৰী একেসময়তে কইনাৰ পদূলি পাবনে? ইয়াত দূৰত্বও এটা মূল কাৰক আছিল৷ এই দূৰত্বৰ সুন্দৰ আভাস, এটা কথাই ভালকৈ দিব৷ নতুনকৈ মোবাইল লোৱাৰ জোচত মাজতে, এই দুই জংকি-পানেইৰ মোবাইলত কথা পাতাৰ ভাল ধুম উঠিল৷ (মোবাইল লোৱা বুলি বেলেগে জানিবও লাগেতো) পিছে কিডাল হ’ব, নেটৱৰ্কৰ যিহে প্ৰাবল্য! কিবাকৈ সংযোগ ঘটিলেও মুহূৰ্ততে বিছিন্ন হয়৷ কথাষাৰ কম বুলি মুখ মেলাৰ ক্ষণতে-টুইট! তেনেহেন দিনতেই এদিন আকাশবাণী শুনা গ’ল৷ নিশ্চয় ব্ৰহ্মা, বিষ্ণু বা মহেশ্বৰ-কোনোবা প্ৰভুৰে কাম হ’ব৷ কিবা উৱাদিহ পাওঁৱেই নেকি ভাবত মোৰ শিৰ ওপৰলৈ ঘূৰাই যি দেখিলোঁ নহয়-বাপ্পাঐ, কাণফুচ-ফুচ কৰ্ণত বান্ধি একেবাৰে তামোল গছৰ আগত হাঁহি হাঁহি সাক্ষাৎ মহেশ্বৰ! প্ৰিয়াৰ সৈতে উঠা কথাৰ পাগত বেচেৰাৰ একমাত্ৰ বল্কলে যে ইতিমধ্যে প্ৰতাৰণা কৰিছে তাৰ খেয়ালেই নাছিল!
তেনে দৃশ্য দেখি মোৰো লোভ লাগিল৷ মান-ইজ্জত মাৰো গুলী! পিছে ভয়ো লাগিল, বল্কল খহি নপৰাকৈ মই বাৰু হাফপেণ্টেই পিন্ধিম তথাপি প্ৰিয়াৰ সৈতে কথা পাতোঁতে আৱেগ-অনুভূতিৰোতো কথা আছে; কিবা আৱেগত ইখন হাতো এৰা খাব লাগিলে ৰাম নাম সত্যহে হ’ব! তথাপিও চেষ্টাৰ অসাধ্য একো নাই বুলি ভাবি এদিন সাৱধানে আগবাঢ়োঁতে মোৰ বুকুৰ মাখি-ছাল ভালকৈয়ে ছিগিল৷

গতিকে বিকল্প উপায় এটা ভাবি উলিয়ালো আৰু মোৰ দৰে তেওঁকো জখলা এদাল বনাই দিলো। পিছে ঘৰৰ মূধচত উঠিও তামোলৰ আগৰ সেই নেটৱৰ্ক হ’লে পোৱা নাযায়দেই৷ আমি চিঞৰি চিঞৰি কথা পাতোঁতে ইথাৰৰ মাজেৰে ভাঁহি অহা মাতৰ তীব্ৰতাতকৈ আমাৰ দুয়োঘৰৰ মাজৰ দীৰ্ঘ দূৰত্বৰ বাবে বতাহৰ মাজেৰে ভাঁহি অহা আনজনৰ মাতৰ স্পষ্টতাহে অধিক আছিল৷

(ৰেণ্টেল-চেণ্টেল মিলাই তেতিয়া মাহেকত মোৰ ৰিলায়েন্সৰ বিল প্ৰায়েই চাৰে সাতশ মান আহিছিল৷ এনে জোচত এবাৰ এমাহত তেত্ৰিচশ টকাও ভৰিব লগা হৈছিল৷ সেই সময়ত আমাৰ দৰে আওহতীয়া ঠাইৰ এইবোৰ সুলভ দৃশ্য আছিল৷ আনকি এনে প্ৰবাদো আছে যে প্ৰিয়াৰ সৈতে কথা পতাৰ স্বাৰ্থতেই এজনে তক্তা বান্ধি তামোলৰ আগত বিছনা সাজি লৈছিল৷ চকুচৰহা অনেকে সেইজন মই বুলিও কয়)

বাৰু, কেইজন মান হাতীত উঠিয়েই যাম, বাকী বৰযাত্ৰী কেনেকৈ যাব? হাজাৰ হওক দৰা পাৰ্টি বুলি ক’লে বাহনৰ কদৰ বেছি৷ এবাৰ গৰু-গাড়ীৰ কথা ওলাইছিল যদিও সেই হিচাপে পৰ্যাপ্ত গাড়ীও নাছিল৷ যিমান ধুলেও গৰু গাড়ীত গোবৰ লাগি থাকিবই আৰু বৰযাত্ৰী হৈ চাল দিবলৈ যোৱা পোছাকত গোবৰ লগাব নোৱাৰো বুলি কোৱা এচামো আছিল৷

দুজনমানে বাছ এখন অনাৰো পৰামৰ্শ দিছিল৷ বিশেষজ্ঞ সকলৰ যুক্তিও অভ্ৰান্ত আছিল৷ কথাটো হয়, যিমান ডাঙৰ বৰষুণ আনিলেও আমাৰ পদূলিত বাছৰ আগ দুৱাৰেৰে উঠি পিছ দুৱাৰেৰে নামিলে বৰষুণত নিতিতাকৈয়ে কইনাৰ ঘৰ পোৱা যাব৷ পিছে দুজনমানৰ ধমকিত এই আঁচনি বাতিল কৰিব লগা হ’ল৷

মোৰ অফিচৰ সহকৰ্মী বিশ্বজিতে হাতী ঠিক কৰাৰ দায়িত্ব লৈছিল৷ তাৰ ককায়েকৰ ঠিকা কামত বোলে গজৰাজৰ সঘন ব্যৱহাৰ হয়৷ সেই সূত্ৰে আমাৰ ঘৰৰ পৰা প্ৰায় ত্ৰিশ কিলোমিটাৰ দূৰৈৰ গোস্বামীহঁতৰ ঘৰৰ লগত তেখেতৰ ভাল সম্পৰ্ক৷ তেখেতসকলৰ দুটা হাতী আছে৷ মাজতে মই দুবাৰ মান গোস্বামীহঁতৰ ঘৰলৈ যাবলৈ ওলাইছিলো যদিও বিশ্বজিতে মোক সকলো ঠিক হোৱাৰ নিশ্চয়তা দিলে৷ এদিন তেওঁ ফোন কৰিলে৷ ক’লে,

-“বিয়াৰ চিঠি এখন আৰু তামোল-পাণ এযোৰ দি যাবা৷ দৰাৰ বাবে হাতী ঠিক কৰোঁতে ইয়াৰ বাহিৰে পইচা-পাতি একো নালাগে৷”

মই গৈ দি আহিলো৷ সপ্তাহত তেওঁৰ লগত দুবাৰমানকৈ ফোনা-ফোনি হয়৷ জোৰোণৰ দিনা মানে বিয়াৰ আগদিনা পুৱাই গজেন্দ্ৰই বিয়ালৈ বুলি গজেন্দ্ৰ গমন কৰিব৷ গধূলিলৈ আহি পাব৷ গজেন্দ্ৰৰ অন্ন বুলি আমাৰ কলৰ চুপাও ৰেডী৷ জীৱনটোৱেই এনেকুৱা যে ইয়াৰ ভাণ্ডাৰত আশা কৰাতকৈ আশা নকৰা কথাৰ সমাহাৰহে বেছি৷ এই গজৰাজ আহি পাব, আহি পাব বুলি ৰাইজ উন্মুখ হৈ থাকোঁতেই জোৰোণৰ ৰাতি বিশ্বজিতৰ ফোন আহিল,

-“আৰে ভাই ডাঙৰ কথা হ’ল নহয়৷ ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পোৱাত সিহঁতক খেদিবলৈ ফৰেষ্ট ডিপাৰ্টমেণ্টে ইহঁত দুটাক তালৈ লৈ গ’ল৷”

কথাটো শুনিয়েই আমাৰ অন্তৰত বিষাদৰ ঢল বাগৰিল৷ হাতীত উঠি যাম বুলি ডাংকোপ মাৰি থকা মোৰ বুকুৰ ঘেৰো মুহূৰ্ততে কেই ইঞ্চিমান কমিল৷ কইনা ঘৰেও এই খবৰ মুহূৰ্ততে পালে৷ হাতীৰ পিঠিৰ পৰা পিছলি খুলশালীহঁতৰ আগত মান-সন্মান যোৱা দুৰ্ঘটনা এটাৰ পৰা কোনোমতেহে মই বাচিলোঁহক-বুলি নিজকে প্ৰবোধ দিব লগা হ’ল৷

কিন্তু জীৱনৰ কিছু মুহূৰ্ত শুভাকাংক্ষীয়ে এনেদৰে ঘেৰি ৰাখে যে সেয়াই যেন শীতৰ পুৱাৰ ৰ’দ একাজলি৷ প্ৰায়বোৰৰে হাতৰ ফোন মুহূৰ্ততে সক্ৰিয় হৈ উঠিল আৰু আমি ঢুকি পোৱা দূৰত্বতে থকা দুটা হাতীৰ খবৰ আহিল৷
দুজনমানে সেই ৰাতিয়েই নিৰ্দিষ্ট দিশে আগবাঢ়িল৷ কেইঘণ্টামানৰ ভিতৰতে খবৰ আহিল, বৰপেটাৰোডৰ হাতীটো মানস অভয়াৰণ্যৰ যি ঠাইত আছে তাৰপৰা এতিয়া যাত্ৰাৰম্ভ কৰিলেও বিয়াৰ এদিন পিছতহে আহি পাব৷ আৰু আমাৰ পৰা দহ কিলোমিটাৰ দূৰত্বত থকা হাতীটোৰ সিদিনা পুৱাহে সামান্য অস্ত্ৰোপচাৰ এটা সম্পন্ন হ’ল৷ পুৱাবেলা খবৰ পালেও এই অপাৰেচনটো কেইদিনমান পিছত কৰিব পৰা গ’লহেঁতেন৷

অৱশ্যে কইনাই আগতেই মোক দম দি কৈছিল,

-“লাগিলে খোজ কাঢ়ি যাম কিন্তু গৰুৰ গাড়ীত উঠি নাযাওঁ দেই৷”

আৰু এনেকৈয়ে মোৰ অপূৰ্ণ আশাৰ ভাণ্ডাৰত সেইবাৰো কিছু সম্ভাৰ গোট খাইছিল৷ মোৰ মনৰ অৱস্থা বুজি দুজনমানে কৈছিল,

-“হ’ব দে এইবাৰ নহ’ল নাই, তেনেদৰে পুহন্‌-বিয়া পাতিবি৷”

মই বোলো, কথাটো হয়৷ ৰাস্তাৰ যিহে দুৰৱস্থা, তেওঁ সেই অৱস্থাৰে এই ৰাস্তাত আনকি গৰু গাড়ীত উঠিলেও মোৰ নাৰ্চিং হোমৰ খৰচ সেইফালৰ পৰা যে বাচিব খাটাং, কিন্তু বেলনা-বাৰীৰ উপদ্ৰৱত ময়ো যে নাৰ্চিং হোমত ভৰ্তি হ’ব লাগিব সেইটোও খাটাং৷ আগতে দি থোৱা দম মনত আছে ভাই৷

মোৰ মনৰ সেই আশা পিছে এতিয়াও সজীৱ৷ সিদিনাই ঠিক কৰিছিলো-সকলো ঠিক থাকিলে পঁচিছ বছৰৰ পিছৰ এটা দিনত পুনৰ বেণ্ড পাৰ্টি বাজিব৷ তেতিয়া বুঢ়ী অমান্তি হ’লেও বুঢ়াই দুছাত লগাব৷ আপোনালোক সকলোৱেই সেই যাত্ৰাৰ অংশীদাৰ হ’ব বুলি আশা ৰাখিছোঁ৷

★★★★

3 Comments

Leave a Reply

Your email address will not be published.