ফটাঢোল

ডেৰ ইঞ্চি ডাঙৰ হ’ল – প্ৰদীপ বৰা

মোৰ পেটটো ডেৰ ইঞ্চি ডাঙৰ হ’ল কেনেকৈ! তাকো ধৰকচোন দুঘণ্টাৰ পিছতেই৷ দুপৰীয়া চেন্নাই মহানগৰীৰ নাংগামবাক্কামৰ চিমচ্ হস্পিতালৰ পৰা আহি এপ’লো চাইল্ড হস্পিতালৰ ওচৰৰ বৰলুইত ৰেষ্টুৰেণ্টৰ কাষৰ ৰেষ্টুৰেণ্টখনত কিছু সময় জিৰণি লোৱাৰ পিছত বৰলুইত ৰেষ্টুৰেণ্টৰ অসমীয়া ৰান্ধনি তেজপুৰৰ ৰাজু লামাই ফোন কৰিলে
“দাদা আহক ভাত হ’ল” লৰালৰিকৈ মোৰ সহযাত্ৰী নৰেন শইকীয়াক ক’লোঁ ব’লা ভাত কেইটা খাই আহোঁ৷ তেওঁ বোলে সোনকালে ব’লক আজি মাটন আছে৷ মই বোলো মোৰ যে বি পি আছে৷ যাইকি নহওক বিশুদ্ধ নিৰামিষ হ’লেও ৰাজুৰ হাতৰ সম্পূৰ্ণ অসমীয়া জুতিৰ ভাত কেইটা খাই মজা লাগে৷ শইকীয়াক ক’লোঁ ৰাতিৰ কথা টাৱেলখনকে পিন্ধি যাওঁনে, কাষৰ বিল্ডিংটোতহে যাব লাগে৷ শইকীয়াই বোলে তাত অসমৰ বিভিন্নজনে আহাৰ গ্ৰহণ কৰে, মোক যদি সোধে আপোনাক টাৱেল পিন্ধি যোৱাৰ পিছত আমাৰ এইচ এম বুলি  কেনেকৈ চিনাকি দিম?
মই ভাবিলোঁ কথাটো মিছা নহয় লংপেণ্ট চাৰ্ট পিন্ধি লোৱাই ভাল হ’ব৷ লংপেণ্টটো লৰালৰিকৈ পিন্ধিবলৈ লৈছোঁ৷
কি আচৰিত লংপেণ্টটোৰ চেইনডাল সম্পূৰ্ণ ক্লজড নহয় এক ইঞ্চি মান বাকী থাকেগৈ। অন্যহাতে হুকটো লগাবলৈও এআঙুলে নাটে৷ হৰি হৰি! এতিয়া কি হ’ব ইফালে ভাত ঠাণ্ডা হ’ব শইকীয়াৰ মাংসৰ ধান্দা কি হ’ব?
মইয়ো খুউব অবাক্টেড হৈ পৰিছোঁ৷ কাৰণ এবেলাতে মই এআঙুল শকত হ’লোনে? যত্ন কৰি আছোঁ পেণ্টৰ হুক লগাব পৰা নাই৷ যশোদাই কৃষ্ণক বান্ধিবলৈ লওঁতে যি হৈছিল মোৰো সেই গতি মানে অগতিৰ গতি৷ আকৌ চিন্তা কৰিও চাইছোঁ৷ গোলাঘাট ফলঙনিৰ ঘৰতে দুদিনৰ আগতে সন্ধিয়া সময়ত যি কেইটা ভাত ভাত বুলি খাইছিলোঁ৷ ১৭ তাৰিখে পল্টন বজাৰত ভাতৰ নামত যি বিলাক খালোঁ আৰু! আঞ্জা আগদিনাৰে টেঙা গোন্ধ৷ বাকলিয়ে চাকলিয়ে আলুৰ ভাজি আঞ্জা মানে দাইল খিনি একাষৰীয়াকৈ থৈ দিলোঁ মালিকক গোচৰ দিলোঁ কিন্তু অৰণ্যৰোদন। অন্যহাতে হোটেলত নতুনকৈ ভাজি বনাইছে জলকীয়া এসোপা দি হাঁচিয়াই হাঁচিয়াই আধামৰা হৈছোঁ৷ যেন মোৱামৰীয়া বিদ্ৰোহহে৷ বজাৰত ভজা বাদাম এপেকেট কাজু এপেকেট ল’লোঁ প্লেনত খাম বুলি৷ কিন্তু  প্লেনত আহি থাকোতে যি দাঁত বিষ হ’ল সেইবোৰ চোবাবলৈ অপাৰগ হলোঁ৷ চাহ একাপ খাওঁ বুলিবলৈও গুৱাহাটীৰ এয়াৰপৰ্টত পঞ্চাশ টকা দাম, কলিকতা এয়াৰপৰ্টত এশ ষাঠি টকা দাম৷ সাত পুৰুষত নকৰা কামটোনো কেনেকৈ কৰোঁ৷ যাইকি নহওক কলিকতাৰ পৰা আহি থাকোঁতে আকাশমাৰ্গতে এশ টকা দি এগিলাছ চাহ খাই দিলোঁ৷ অৱশ্যে ৰাজুয়ে দিয়া ভাত দুসাঁজ বাৰু থিকেই আছিল৷ তথাপিও এআঙুলে পেটটো ডাঙৰ হ’ব নালাগিছিল। মই কথাবোৰ ভাবি থাকোঁতে নৰেন শইকীয়াইও পেণ্ট পিন্ধিবলৈ যো-জা কৰি দেখিলে যে তাৰ লংপেণ্টটো এআঙুলে ধিলা হৈছে৷ পিছত যেনিবা দুয়োটাই পেণ্ট দুটা বদলি কৰি লোৱাত বিসঙ্গতি দুৰ হ’ল৷
উল্লেখযোগ্য যে আমাৰ দুয়োৰে পেণ্টৰ ৰং আৰু বেল্টৰ ধৰণ একেই আছিল৷
☆★☆★☆

2 Comments

  • মৃদুল শইকীয়া

    আপোনাৰ অভিজ্ঞতাৰ ৰসাল বৰ্ণনা পঢ়ি ভাল লাগিল৷

    Reply
    • প্ৰদীপ বৰা

      ধন্যবাদ জনালোঁ ৷

      Reply

Leave a Reply

Your email address will not be published.