ফটাঢোল

ড্ৰাই-ফ্ৰাই! – জ্যোতিৰূপম দত্ত

: হেৰা! শুনাচোন! এইফালে আহা৷ অলপ ‘ড্ৰাই-ফ্ৰাই’ৰ সোৱাদ লৈ যোৱাহি!

মাতটো শুনিয়েই পিলাই চমকি গ’ল৷ ৰত্ন খুড়া! খুড়াই বাৰাণ্ডাত বহি বাটেৰে যোৱা মানুহৰ আলেখলেখ চাই আছিল৷ খুড়াৰ চকুত পৰিলে আৰু ৰক্ষা নাই৷ কমেও দুঘণ্টালৈ এৰি নিদিয়ে৷ তাৰমানে আজি মই বেয়াকৈ ফচিলো৷

: মানে খুড়া, এফালে যাবলৈ ওলাইছিলো৷ – মিছাকৈয়ে আপ্ৰাণ চেষ্টা কৰিলো৷

: হেৰা, মই জানো আহা তোমাৰ কথা৷ এইফালে আহা৷ গেটখন বন্ধ কৰি আহা৷

বিনাবাক্যব্যয়ে খুড়াৰ চৌহদৰ ভিতৰত সোমালো৷ খুড়াই অলপ আগতে কোৱা শব্দ দুটা কাণত বাজি থাকিল – ড্ৰাই-ফ্ৰাই! ড্ৰাই-ফ্ৰাই!…. ভালেই হয়৷ ড্ৰাই-ফ্ৰাই বহুদিন খোৱা নাই৷ খুড়াই কাষৰ চকীখন দেখুৱাই মোৰ হাতত বিচনী এখন তুলি দিলে৷ কাৰেণ্ট নাই৷ বাৰু দেখা যাওক৷ ‘ড্ৰাই-ফ্ৰাই’ খাই খাই খুড়াৰ কথা শুনা যাওক৷

: বুইছা, এই অসম মুলুক ইমান দুখীয়া নহয় দেই! – খুড়াই আৰম্ভ কৰিলে৷ মই শুনি গ’লো৷ চকুৰ আগত প্লেট এখন ভাঁহি আহিল৷

: চাৰিওফালে অনবৰতে ড্ৰাই-ফ্ৰাই! কেনেবাকৈ বছৰটোত এটা খেতি কৰি দুমোনমান ধান পালেই সন্তুষ্ট হৈ ৰভা পৰলা দি, টিভি চেনেল মাতি এমাহলৈ ‘ন-খোৱা-লাইভ’ অনুষ্ঠান পতা আমি অসমীয়া৷ তাৰ পাছত পিকনিক, নিউ ইয়েৰ, উৰুকা আদি আছেই৷ নিজৰ ঢোল আছে বাবেই আমি বছৰজুৰি নিজৰ ঢোল নিজেই বজাও৷ য’তে ত’তে ঢোল৷ বাৰমাহেই ঢোল-পেপা-গগনা-টকাৰে বিহু! আন ৰাজ্যৰ লোকে বছৰটো জুৰি উদয়াস্ত হাড়ভঙা পৰিশ্ৰম কৰে৷ আমিহে ঢোল পিটি বছৰজুৰি বিহু মাৰো৷ এতিয়া কেৱল শ্মশান যাত্ৰাৰ বাহিৰে মানুহৰ সমাগম হোৱা সকলো অনুষ্ঠানতে বছৰজুৰি ঢোলৰ গুমগুমনি৷ অসমৰ বাহিৰৰ কিছুমান ৰাজ্যত মৃতকক শ্মশানলৈ নিলেও হাই-উৰুমি কৰি বিভিন্ন বাজনা বজাই যায় বুলি শুনিছো৷ আমাৰ এইফালেও এইটো কামত ঢোলৰ ব্যৱহাৰ হোৱালৈহে যেন আমি ৰৈ আছো৷ ঢোলটোৰ কথা বাদেই দিলো বাৰু, এতিয়া আমি গায়ন-বায়ন, খোল-বৰতালৰ ব্যৱহাৰো য’তে ত’তে কৰিবলৈ লৈছো৷ বছৰৰ যিকোনো সময়তে হোটেলে-বজাৰে গায়ন-বায়নসহিতে দেৱবাদ্য খোল-বৰতালো বজাবলৈ নেৰো! নে কি কোৱা?

উস! বৰ বিপদত পৰিলো৷ পৰ্দাখনৰ ফাঁকেৰে ভিতৰলৈ জুমি চাবলৈ চেষ্টা কৰি বতাহত ওপঙি অহা ‘ড্ৰাই-ফ্ৰাই’ৰ গোন্ধ ল’বলৈ চেষ্টা কৰিলো৷ পিছে নাই৷ ভাজিবলৈ আৰম্ভ কৰাই নাই কিজানি৷ ইফালে খুড়াই অনৰ্গলভাৱে বকি গ’ল৷

: বহুতেই কয়, আমি হেনো ভালকৈ খাবলৈ আৰু পিন্ধিবও নাজানো৷ কথাটো একেবাৰে মিছা নহয়৷ বিয়া-সবাহত থাল এখনত এমখা খাদ্য হেঁচি হেঁচি তুলি লৈ বান্দৰৰ দৰে ধুনীয়াকৈ নাখাও জানো? এফালৰ পৰা সকলো তুলি লৈ মিহলি কৰি খাবলৈ লৈ তণ্ডুৰী ৰুটিৰে মাঞ্চুৰিয়ান, দোচাৰ লগত ফুলকবি, বিৰিয়ানীৰ সৈতে পাপৰ, দাইলৰ সৈতে মিঠাই আদি নতুন জুতি বুধি আমিয়েই নুলিয়াও জানো? পিন্ধা-উৰাতো আমাৰ অৱস্থা তথৈবচ৷ মেখেলা-চাদৰ, চুৰিয়া পিন্ধিবলৈ ইউটিউব খুচৰি চাব লগা অৱস্থা৷ বিয়াৰ দিনা দৰাৰ ধুতিখন পিন্ধাবলৈ মানুহ বিচাৰি হায়ৰাণ হোৱা আমি অসমীয়া৷ পিছে আন দেশী-বিদেশী পোছাক পিন্ধাত আমি আগৰণুৱা৷ হয়নে নহয় কোৱাচোন৷

: হয় খুড়া, ঠিকেই৷ মানে ড্ৰাই-ফ্ৰাই…. – মই লাহেকৈ ক’বলৈ ওলাওতেই খুড়াই ওপৰতে মাত দিলে৷

: ৰ’বা৷ ‘ড্ৰাই-ফ্ৰাই’ হৈয়েই আছে৷ শুনি লোৱা৷ আমি একেলগে থাকিবও নাজানো৷ নানা জাতি-উপজাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায়ভিত্তিক থৈয়া-নথৈয়া লীলাখেলাখন কৰি আমি ভাল পাওঁ৷ আমি আনকি হাঁহি-ধেমালি কৰিবও নজনা হ’লো৷ কথাই কথাই টিটকাৰি মাৰি, উপলুঙাসূচক কথা কলেহে আমাৰ গা-মন ভাল লাগে৷ পিছে দেখাত সকলো ইণ্টেলিজেণ্ট, ইমান স্মাৰ্ট! হাতত স্মাৰ্টফোন লৈ সকলো স্মাৰ্ট৷ পিছে দুশটকীয়া নোটখন দি দুইকেজি চেনি কিনি দোকানীৰ পৰা কিমান ঘূৰাই পাব লাগে সেইটো অংক কৰিবলৈও আমি তিনিবাৰকৈ কেলকুলেটৰ মাৰি চাব লগা হয়! হাতৰ ম’বাইলটোতেই ইমান তথ্য! পিছে আমি অসমৰ নদ-নদী, অসমৰ অভয়াৰণ্যৰ জন্তু-চৰাই-চিৰিকটিৰ কথা বাদেই দিলো, নিজৰ জিলাখনৰ সীমাকেই নাজানো৷ আনহে নালাগে নিজৰ চুবুৰীয়াৰেই নাম নাজানো৷ উস!…

খুড়াই অলপ তভক মাৰি ৰৈ গ’ল৷ মই আকৌ নাক উজালো৷ ইমানপৰ ৰৈ থাকিও ‘ড্ৰাই-ফ্ৰাই’ৰ কোনো উমঘাম নাই৷ আচলতে ‘ড্ৰাই-ফ্ৰাই’ সিবিধৰ লগত খালেহে ভাল লাগে৷ পিছে খুড়াৰ ঘৰত সেইবোৰ নচলে৷ চলিলেও খুড়াৰ আগত মই সিবিধ খোৱা দূৰৰ কথা, নামেই উলিয়াব নোৱাৰো৷ যিয়েই নহওক, সুদা ‘ড্ৰাই-ফ্ৰাই’ হ’লেও হ’ব৷ খুড়াই গলহেকাৰি এটা মাৰি আকৌ আৰম্ভ কৰিলে –

: বুইছা, আমাৰ এইফালে হিচাপবোৰ কেতিয়াও মিলি নাহে৷ হেজাৰ-লাখ নিবনুৱা৷ পিছে লাগ বুলিলেই এজন ইলেকট্ৰিচিয়ান, মিস্ত্ৰি বিচাৰি পাবলৈ নাই৷ কেতিয়াবা পথাৰত টনে টনে শাক-পাচলি গজে৷ পিছে বিক্ৰীৰ অভাৱত পেলাই দিব লগা অৱস্থা৷ ইফালে বজাৰত জুই ছাই দাম৷ ৰাজ্যখনত হেজাৰ বিজাৰ সংগঠন৷ সংগঠনবোৰ দিনে নিশাই ৰাজহুৱা কাম, ৰাজহুৱা সমস্যা, আন্দোলনৰ নামত ব্যস্ত৷ পিছে হিচাপৰ ঘৰত মস্ত এটা শূন্য! নেতাবোৰো তেনেই৷ জৰাফুকা কৰা নেতা, বলাৎকাৰী নেতা, অশিক্ষিত নেতা, জেলফেৰৎ নেতা, হত্যাকাৰী নেতা, আনকি সন্ত্ৰাসবাদীকো গামোছা পিন্ধাই ৰাজসভালৈ আমিয়েই পঠিয়াও৷ তেনে নেতাৰ পৰা ভাল কিবা আশা কেনেকৈ কৰিব পাৰো বাৰু কোৱাচোন?

: মানে খুড়া৷ মোৰ দেৰী হৈছে৷ ‘ড্ৰাই-ফ্ৰাই’ অকণ…

: ৰ’বাহে! ‘ড্ৰাই-ফ্ৰাই’ৰ কথাই কৈ আছো৷ শুনি যোৱা…. – খুড়াৰ মাতটো এইবাৰ ডাঙৰকৈয়ে ওলাল৷ মই তলকা মাৰিলো৷

: বাতৰি কাকত, টিভি আদি সকলোতে অনবৰতে অনৰ্থক বা বেয়া কথাবোৰ পাগুলিবলৈ আমি ভাল পাও৷ তিলটোকে তালটো কৰাৰ দৰে সাধাৰণ কথা একোটাকেই পেঘেনিয়াই পেঘেনিয়াই সময় নষ্ট কৰো৷ কিন্তু ভাল কথাবোৰ কিয় নেদেখুৱাও? ভাল কামবোৰৰ আলোচনা কিয় নকৰো? ভাল মানুহবোৰক কিয় উপেক্ষা কৰো? সময়মতে কাৰ্য্যালয়লৈ অহা কৰ্মচাৰীজনৰ কথা আনৰ আগত কিয় নকও? কষ্ট কৰি সফল হোৱা ব্যৱসায়ীজনৰ জীৱনৰ কথাবোৰ কিয় জানিবলৈ নিবিচাৰো? দুখীয়াক সহায় কৰা লোকজনৰ কথা আমি কাকো নজনাও, খেলুৱৈ এজনৰ মনৰ কথাৰ উমান নলও৷ আনকি শিশু, মাতৃ, বৃদ্ধসকলৰ শৰীৰ-মন আদিৰ বাবে দৰকাৰী কথাবোৰৰো কোনো উমান নাপাও৷ থলুৱা খাদ্য-সম্ভাৰ, পিঠাপনা তৈয়াৰ কৰা কৌশল আদিৰ কথাও জানিবলৈ নাপাও৷ হয়নে নহয়, কোৱাচোন?

মই ও-আ কৰি থাকিলো৷ মোৰ মন-মগজুৰ কোঁহে কোঁহে ড্ৰাই-ফ্ৰাই! খুড়াই এইবাৰ মোখনি মাৰিলে৷

: বাৰু, তোমাক বেছিপৰ ৰখাই নথওঁ৷ আজিলৈ যোৱা বাৰু৷ পিছে ‘ড্ৰাই-ফ্ৰাই’ কেনে লাগিল?

মোৰ মেলা মুখ মেলাতেই থাকিল৷ ইমান পৰে এগিলাচ পানীও মুখত দিয়া নাই, খুড়াই আকৌ সুধিছে ‘ড্ৰাই-ফ্ৰাই’ কেনে পোৱাৰ কথা সুধিছে! মই একো নকৈ যাবলৈ বুলি থিয় হ’লো৷

: শুনা, আজি তোমাক একো এটা খাবলৈ যাচিবলৈ নোৱাৰিলো৷ সেয়ে অলপ ‘ড্ৰাই-ফ্ৰাই’কেই আগবঢ়ালো৷ মানে আজি দুদিনমান ধৰি ঘৰত খোৱা পানীটুপিৰো হাহাকাৰ, মানে একেবাৰে ড্ৰাই! বিজুলী নাই, সেয়ে এইহেন গেলা গৰমত আমি আটায়েই ফ্ৰাই! এয়াই ‘ড্ৰাই-ফ্ৰাই’!!
☆★☆★☆

8 Comments

  • ৰিণ্টু

    বঢ়িয়া জ্যোতিদা। আপুনি কেতিয়াও নিৰাশ নকৰে।

    খুব ভাল লাগিল পঢ়ি

    Reply
  • জাহ্নৱী

    হে’ ৰাম৷ “ড্ৰাই-ফ্ৰাই” হৈ গ’লো৷ বঢ়িয়া৷

    Reply
  • Indra Mohan Borah

    মেলা মুখ মেলাতেই থাকিল। একদম ড্ৰাই-ফ্ৰাই

    Reply
  • লীলা হাজৰিকা ,শালৈপাৰা, মঙলদৈ ।lhazarika

    জ্যোতি ৰূপম ,সুন্দৰ তোমাৰ ‘ড্ৰাই-ফ্ৰাই ‘। ইম্মান সোৱাদ । সচাঁকৈয়ে ভাল লাগিল ।খুড়াৰ ড্ৰাই-ফ্ৰাই বনোৱা ( নে ভজা )ৰ কৌশলটো ।লিখি থাকা ।আশীৰ্বাদ থাকিল ।

    Reply
  • নীলাক্ষি দেৱী ডেকা

    আপোনাৰ লিখনি সদায়েই অনন্য। বহুত ভাল লাগিল পঢ়ি।

    Reply
  • SankarJyotiBora

    ড্ৰাইফাই বৰ সোৱাদ লাগিল৷৷

    Reply
  • sampurna

    bhal dry fry khuale… hahahaha

    Reply
  • parishmita

    আপোনাৰ লিখনি অনন্য সুন্দৰ ব্যংগ লেখা।

    Reply

Leave a Reply

Your email address will not be published.