ফটাঢোল

তথাস্তু-ৰঞ্জু শৰ্মা

সময়, ২০১৯ চনৰ শাৰদীয় দুর্গাপূজাৰ নৱমী তিথিৰ নিশা। স্থান, অসম মুলুকৰ কোনোবা এখন ভিতৰুৱা গাঁও। শেষৰাতিৰ নিজান পেণ্ডেল। দিনটোৰ কষ্টৰ অন্তত পূজাৰ আয়োজকসকলো ভাগৰত নিঃপালি দিছে। জীৱিত প্রাণীৰ উমানৰ নামত চৌপাশে মাথো ঝিলিপোকসমূহৰ মৃদু কোলাহল। পূজাৰ বেদীত পৰিয়ালসহিত মা দুর্গাৰ প্রতিমা বিৰাজমান আৰু সেই বেদীৰ সন্মুখত কেইবাবছৰো আগতে শিক্ষাব্যৱস্থাৰ উচ্চতম ডিগ্রীটো আহৰণ কৰি লোৱাৰ পিছতো তেনে কোনো উল্লেখযোগ্য সংস্থানৰ ব্যৱস্থা কৰিব নোৱাৰি ‘নিবনুৱা’ নামৰ অদৃশ্য চাইনবোর্ডখন কঢ়িয়াই লৈ ফুৰা সেইখন গাঁৱৰে যুৱক হৰকান্ত।

: দুর্গাদেৱী, শুলা নেকি আই?

হৰকান্তৰ মাতত পৰম অনুনয়ৰ সুৰ, লগতে অলপ ভয় ভয়ভাৱ। সিংহটোৰ পিঠিতে হেলান দি আই দুর্গাই অকণমান হাত ভৰিবোৰ টঙাই লওঁ বুলি ভাবিছিলহে মাত্র, পিছদিনা দশমী পূজা যেতিয়া বিশেষ দৌৰা দৌৰিও নাই, এনেতে হৰকান্তৰ মাতত তেওঁ উচপ খাই উঠিল। তন্দ্রাসিক্ত কণ্ঠেৰে দেৱীয়ে উত্তৰ দিলে,

: হেৰৌ হৰকান্ত, গোটেই দিনটো সভা ৰখি বহি থাকিলোঁ, তোৰ দর্শন দিবলৈ সময় নোলাল হ’বলা৷ এতিয়া অকণমান গাটো টঙাওঁ বুলি ভাবিছিলোঁহে ওলালি নহয় ভঙা সভাত উৰুলি দিবলৈ। নাই, তহঁতবোৰৰ পৰা আৰু ৰক্ষা নাই। গোসাঁনী হ’লোঁ বুলিয়েই আমাৰ কি দুখ ভাগৰ নাই? কি ক’বি বেগেতে ক’ আৰু ইয়াৰ পৰা আঁতৰ হ।

দেৱীৰ কথাত তীব্র অসন্তুষ্টিৰ সুৰ। দুইহাতেৰে দুইকর্ণ স্পর্শ কৰি দেৱীৰ চৰণত মূৰ গুজি হৰকান্তই উত্তৰ দিলে,

: সর্বদোষ মৰিষণ কৰা আই মাতৃ। তীব্র অসহায় পৰিস্থিতিত পৰিহে এই ৰাতিখন তোমাৰ ওচৰলৈ ঢপলিয়াই আহিছোঁ। আচলতে নৱৰাত্রীৰ প্রথম দিনাখনৰ পৰাই বহুবাৰ এটেম্পট লৈ থাকি আজি ভাবিলোঁ নাই তোমাৰ ওচৰলৈ দুভাগ ৰাতি নাহিলে মোৰ আৰু উপায় নাই। দিনত আহিলেওনো কিটো হ’ল হয়? ওজাপালি, নাগাৰানাম, আয়তীনাম আৰু তাৰ লগে লগে মাইকসোপাৰ কাণ তালমৰা চিঞৰ ভেদি মোৰ আহ্বান তোমাৰ ওচৰলৈ গৈ পোৱাৰ যে কোনো চান্স নাই সেইটো ধুৰূপ। সেয়ে ভাবিলোঁ বোলো অলপ নিৰিবিলি সময়ত যোৱাই ভাল। তাতে ক’ব লগা কথাটোও অলপ প্রাইভেট। দিনত সকলোৰে আগত কোৱাত অলপ ৰিস্ক আছে। সেয়ে বোলো….

বুকুৰ ঢপ-ঢপনিটো কোনোমতে সামৰি থৈ হৰকান্তই কথাখিনি ক’লে।

: হেৰৌ অধম নৰমনিচ, নিউজ চেনেলৰ ঘোষককেইটাৰ লেখিয়া চালে-বেৰে কোবাই বকলাখন বহল নকৰিবি কৈ দিছোঁ, কি ক’ব লগা আছে সোনকালে কৈ শেষ কৰ।

টোপনিয়ে টানি নিব খোজা চকুহাল বহু কষ্টেৰে মেলি লৈ দেৱীয়ে উত্তৰ দিলে।

: আই গোসাঁনী মোক আজি তুমি সৰু বস্তু এটা দিব লাগিব। দিব লাগিব মানে দিবই লাগিব। নহ’লে আজি মই তোমাৰ পৰম ভক্ত হোৱাৰ চূড়ান্ত নিদর্শন দাঙি ধৰিম।

এইবুলি হৰকান্তই ওচৰতে থকা বলী কটা দাখন হাতত তুলি নিজৰ গলধনত লগাই লৈ, এই কাটো এই কাটো মোচন এটা দি দেৱীৰ সন্মুখতে তলমূৰ হৈ আঠুকাঢ়ি বহি পৰিল। ঘটনাৰ আকস্মিক পৰিৱর্তনত আই গোসাঁনীৰ টোপনি পলাই পটং দিলে। দুয়োহাতেৰে খপজপকৈ চকুদুটি মোহাৰি দহখন হাতৰপৰা অলপ আগতে নমাই থোৱা আটাইকেইবিধ অস্ত্ৰ ততাতয়াকৈ সামৰি লৈ গোসাঁনী পোন হৈ বহি ল’লে।

: হেৰৌ কটা নিধক, কি কৰ’ কি কৰ’! তইচোন কিবা ব্লেকমেইল কৰাৰ নিচিনাকৈ আৰম্ভ কৰিছ কথাবোৰ। থ আগতে সেই দাখন হাতৰপৰা নমাই থ। এনেয়ে মর্ত্যত পাঁচিয়ে পাঁচিয়ে বিতর্ক, এতিয়া আকৌ পূজা খাবলৈ আহি নৰবলি লোৱা বুলি গম পালে তহঁতৰ চতুর্থ স্তম্ভই একেকোবে মোক নৰকতো স্থান নাইকিয়া কৰি দিব বোপাই। উফ মহাদেৱ! কি যে বিপদত পৰিলোঁ দেখিচানে হেৰা? হৰকান্ত অ’, তহঁতৰ এই দুৰাচাৰ মানুহজাতিটোৰ যে মহিমা বুজাই টান। কি লাগে, কি নালাগে, কেতিয়া লাগে, কিয় লাগে তহঁতে নিজেই নুবুজ। কিবা দিলেও আন্দোলন, নিদিলেও আন্দোলন মুঠতে সকলো কথাতে জংগী প্রদর্শনটো এতিয়া তহঁতৰ তেজে তেজে বিয়পি পৰিছে নহয়? বাৰু ক’চোন কিনো লাগে তোক?

: আই গোসাঁনী, আজি মোক ধন-সম্পত্তি, টকা-পইচা, মাটি-বাৰী, নাৰী-গাড়ী এইসৱ একো নালাগে। ভালৰো ভাল ডিগ্রী এটা লৈও ইমান বছৰে বেকাৰ হৈ আছোঁ, হ’ব তাতো মোৰ কোনো আপত্তি নাই। সৰু-সুৰা ব্যৱসায়কে কৰি ভাতমুঠি মোকোলাই আছোঁ। আকালো নাই ভঁৰালো নাই। আই মাতৃ তোমাৰ ওচৰত মোৰ এটাই প্রার্থনা মোক মাত্র এটা বৰ দিয়া। সেই যে ৰামায়ণ, মহাভাৰত, জয় হনুমান আদি চিৰিয়েলবোৰত দেখুৱায়, তেনেকুৱা এটা বৰ। সিপুৰীলৈ যোৱাৰ আগে আগে মোৰ কিছুমান কাম শেষ কৰিবলগীয়া আছে। তোমাৰ বৰ অবিহনে সেই কাম আধৰুৱা হৈ ৰব আই!

ওৱা, এইটো আকৌ কি প্রকাৰৰ মনুষ্য? হৰকান্তৰ কথাই আইদুর্গাৰ কনফিউজন বঢ়াই নি আছে..নি আছে। ইষৎ হাঁহি এটাৰে গোসাঁনীয়ে উত্তৰ দিলে,

: কি বৰ লাগে অ’ তোক হৰকান্ত। সেইবোৰ চিষ্টেমচোন কেতিয়াবাই আউটডেটেড হ’ল৷ তথাপি ক’চোন বাৰু। মোৰ কেপাচিটিৰ ভিতৰত পৰিলে নিশ্চয় পাবি।

: আই মাতৃ মোক কেইদিনমানৰ কাৰণে আত্মা এটি ধাৰলৈ লাগে, দুর্বাসা মুণিৰ আত্মা আৰু লগতে তেওঁৰ অপাৰ শক্তি৷ মই তোমাৰ নামত তিনি সইত খাই কৈছোঁ এই ‘বৰ’ মই কোনো বেয়া কামত প্রয়োগ নকৰোঁ আৰু মোৰ কামফেৰা সমাপ্ত হোৱাৰ লগে লগে তোমাক তোমাৰ ‘বৰ’ সসন্মানে ওভতাই দি যামহি৷ এইখিনি কৃপা কৰা আই মাতৃ।

হৰকান্তৰ অনুগ্রহ শুনি দেৱী অবাক। দিন ৰাতি মানুহৰ কাকূতি-মিনতি, বিনতি শুনি-শুনি দেৱী অভ্যস্ত। আজিকালিতো মানুহ দেখিলেই গম পোৱা হৈছে কোনে কি উদ্দেশ্য লৈ আহে। কিন্তু হৰকান্তৰ লেখীয়া অদ্ভুত আগ্রহ কোনেও কাহানিও কৰা তেওঁ দেখাও নাই আৰু লগৰ অইন দেৱ-দেবীৰ মুখতো কাহানিও শুনা নাই।

: বাৰু হৰকান্ত তোক দুর্বাসাৰ নিচিনা খঙাল মুণিজনৰ আত্মাহে কিয় লাগে ক’চোন বোপাই। নাকৰ আগত লৈ ফুৰা খঙটো য’তে ত’তে বোৱাই দি কমখন লটিঘটি কৰিছিলনে বাৰু মানুহটোৱে। হেৰৌ সেইজনৰ আত্মাৰ পৰা তোৰনো কি লাভ হ’ব?

গলধনৰ পৰা দাখন আঁতৰাই লৈ হৰকান্ত লাহেকৈ দেৱীৰ ওচৰতে আঁঠু লৈ বহি পৰিল।

: তুমি নুবুজিবা আই, বর্তমান পৰিস্থিতিত আমাৰ এই মুলুকত এজন দুর্বাসাৰ বৰ প্রয়োজন। প্রয়োজন দুর্বাসা মুণিৰ অগ্নিহেন খঙৰ। প্রয়োজন দুৰ্বাসা মুণিৰ সেই অভেদ্য অভিশাপৰ যাৰ ভয়ত ত্রস্তমান হৈ থাকে সমস্ত পাপী। নহ’লে যে পৰিণামৰ ভয় নাই কাৰো আই। পৰিণামৰ ভয় নাই বাবেইতো অৱসৰৰ আজি অতবছৰ পিছলৈও দেউতাৰ প্রাপ্য ধনখিনি হাতলৈ অহা নাই। প্রতিটো অধিকাৰৰ বাবে বৰমানুহসকলৰ তৈলমর্দন এই মুলুকৰ যেন এক অঘোষিত নিয়ম।হাতলৈ আহিবলগীয়া পেঞ্চনৰ আশাত সাঁচতীয়া খেতিমাটি বেচি নোহোৱা কৰিলোঁ। তথাপিও আজি পর্য্যন্ত আম, ফৰ্মূটি একো হাতলৈ নাহিল।

দেৱী নিশ্চুপ। হৰকান্তৰ বাক্যধাৰা বৈ থাকিল..

: আজিকালি মানুহে মাত্র কর্ম কৰে, পৰিণামলৈ ভয় নকৰে। পৰিণামৰ ভয় নাই বাবেইতো ভাইটোৰ হ’বলগীয়া চাকৰিটোৰ বাবদ আইৰ যি দুই-এপদ গহণা আছিল তাকো শেষ কৰি অনা টকাকেইটা লৈ উধাও হোৱা দালালজন আজিও জীয়াই আছে সদর্পে, সগৰ্বে। নিতৌ পাতি আহিছে নতুন জাল। আই মাতৃ, পৰিণামৰ ভয় নাই বাবেই আজি দিন-দুপৰতে ৰাজপথত ধৰ্ষিতা জীয়ৰী-বোৱাৰী, বৃদ্ধা-বনিতা আনকি নাবালিক শিশুৰো উলংগ মৃতদেহে কঁৰাল বান্ধিছে। নাই, কাৰো পৰিণামৰ ভয় নাই, ভয় নাই শাস্তিৰ। যৌতুকৰ নামত জ্বলাই দিয়া হয় সদ্যপ্ৰস্ফুটিত একোটা নতুন যৌৱন, ধর্মৰ নামত খেলা হয় নির্লজ খেল, ৰাজতন্ত্রৰ একপক্ষীয় হিচাপ-নিকাচত সর্বহাৰা হওঁ আমি সাধাৰণ প্রজা। ভোকাতুৰৰ ভোক নিতৌ বাঢ়ে আনহাতে ৰজাঘৰত উভৈনদী হয় পৰমান্নৰ থালী। সমাজ তাৰ নীৰৱ সাক্ষী। সমাজৰ গুৰিধৰোঁতাসৱৰ উচতনিত এচামে হকে-বিহকে ধর্ণা দিয়ে, আন্দোলন কৰে, বন্ধ উৎসৱ পালন কৰে, আৰু আমি দেহা মাৰি এদিনৰ ভাত মোকলোৱাসকলে দিনে দিনে লঘোণত মৰোঁ। আৰু কিমান শুনিবা আই?

হৰকান্তৰ কথাত আই মাতৃ অলপ চিন্তাত পৰা যেন বোধ হ’ল…

: আই গোসাঁনী অকনমান আভিমান আছে তোমাৰ ওচৰতো। কিয় বাৰু চকুমুদি থাকা তোমালোক? কিহৰ আশাত গৰীৱে হাত পাতে তোমাৰ চৰণত? কিহৰ বাবে বছৰে বছৰে পূজাৰ নামত বোৱাই দিয়া হয় লক্ষ লক্ষ ধন? কিহৰ অভাৱনো তোমালোকৰ? যেতিয়াই ঈশ্বৰ আৰু বিজ্ঞানৰ মাজত তর্ক চলে আমি, আমি অবোধ নৰমনিচে অন্ধ হৈ তোমালোকক আগস্থান দিওঁ অথচ সকলো আওকাণ কৰি তোমালোক আকাশবাসী হৈ পৰা নীৰৱ দর্শক। সেয়ে ভাবিছোঁ কেইদিনমান মুণি দুৰ্বাসা হৈ আমাৰ নিচিনা অসহায়  প্রাণীৰ তেজ শুহি খোৱা তেজপীয়াবোৰক অভিশাপ দিওঁ। অভিশাপ দিওঁ অপঘাট মৃত্যুৰ নতুবা আজীৱন পংগুত্বৰ। আৰু সেই ফুলকুমলীয়া শিশুবোৰক চেলেকি খোৱা নৰপিশাচবোৰক অভিশাপ দিওঁ নপুংসতাৰ। বুকুৰ ভিতৰত উমি উমি জ্বলি থকা খঙৰ আগ্নেয়গিৰিটোৰপৰা ওলাই আহক জ্বলন্ত লাভা যাৰ প্রকোপত ত্ৰস্ত হৈ উঠক সমস্ত পাপী। অন্ততঃ পৰিণামৰ ভয়ে পোখা মেলক এই পংকিলময় সমাজত। আই মাতৃ, তোমাৰপৰা মাথো ইমানকণ সহায়েই বিচাৰিছোঁ আই।

হৰকান্তৰ অনুৰোধ শুনি দুর্গাদেৱীৰ মুখৰ মাত হৰিল। তাৰ আশাসিক্ত চকুজুৰিলৈ বহুপৰ চাই থাকিল একেথৰে। অৱশেষত স্বর্গীয় হাঁহি এটি মাৰি দেৱীয়ে কৈ উঠিল,

“তথাস্তু”…..

লগে লগে আলোকিত হৈ উঠিল নৱমী নিশাৰ চতুর্থ প্রহৰ। চাৰিওফালে যেন শেৱালীৰ স্নিগ্ধ সুবাস বিয়পি পৰিল। সুদূৰৰ পৰা ভাঁহি আহিল শংখ-ঘণ্টাৰ জয়ধ্বনি। আৰু নিজৰ মাজতে হৰকান্তই অনুভৱ কৰিলে এক স্বর্গীয় আভা, এক অপাৰ শক্তি, এক যেন নতুন উত্তেজনা। প্রসন্ন চিত্তে সি পূজাৰ পেণ্ডেল এৰি প্রস্থান কৰিলে।

সময়, বিসর্জনৰ আগমুহূৰ্ত, দুর্গা দেৱীৰ বিদায়ৰ  ক্ষণ।

আই গোসাঁনী পৰিয়াল সমন্বিতে এখন বিশাল ট্রাকৰ পিঠিত উঠি গৈ আছে জলাশয় অভিমুখে। তলত অগণন জনতাৰ ভিৰ। কোনোৱে নাচিছে, কোনোৱে গাইছে, কোনোৱে জপিয়াইছে, কোনোৱে দেৱীৰ গালৈ মুঠিয়ে মুঠিয়ে চাউল দলিয়াইছে। পিচে আই মাতৃৰ মন আৰু দৃষ্টি আজি এই ভিৰৰ মাজত নাই। তেওঁ চাই আছে ভিৰৰপৰা আঁতৰত থকা এজাক হৰকান্তৰ মুখলৈ। তেওঁৰ দৃষ্টি সমাৱেত মানুহৰ বিপৰীত দিশে দপদপাই ফুৰা সেইজাক দুর্বাসা মুণিৰ ওপৰত যাৰ হাতত নাই কমণ্ডলু, দেহত নাই গেৰুৱা বসন অথচ নয়নত অগ্নি আৰু মুখমণ্ডলত এক সংহাৰী দৃঢ়তা।

আই মাতৃৰ মুখৰে বৈ আহিল সন্তুষ্টিৰ এক পৱিত্র হাঁহি….

আকাশ ঘন নীলা, মুক্ত, বতাহত শেৱালীৰ নির্মল সুবাস। মহাবাহুৰ বুকুত মুখ লুকুৱাই বিদায় লোৱাৰ প্রাক্‌মুহূর্তত এজাক হৰকান্তৰ মুখবোৰলৈ চাই সোঁহাতখন ডাঙি মনৰ মাজত মা দুর্গাই আকৌ এবাৰ উচ্চাৰণ কৰিলে,

“তথাস্তু”….।

☆ ★ ☆ ★ ☆

3 Comments

  • HEMANTA KAKATI

    বহুদিনৰ মূৰত তোমাৰ বহুত ভাল লেখা এটা পঢ়িলো ৰঞ্জু৷ মজা লাগিল৷

    Reply
  • বিনীত কুমাৰ বৰা।

    ইমান ধুনীয়া কৈ লিখিছে।গল্পটো বৰ ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.