ফটাঢোল

তপা হোৱাৰ সপোন-মণ্টু কুমাৰডেকা 

তালুকদাৰবোৰক ভাল পাওঁ৷ তালুকদাৰ মানেই খূব চোকা, টকা পইচা থকা মানুহ৷ নিজেও বহুবাৰ তালুকদাৰ হোৱাৰ কথা ভাবোঁ৷ তেওঁলোকৰ একেবাৰেই সমস্যা নাই, খৰচো কম হয়, সময়ো নেলাগে৷

ৰ’ব ৰ’ব এক মিনিট, আপুনি তালুকদাৰ বুলি কওঁতে হয়তো বেলেগ কিবা কথাহে ভাবিছে? পিচে সেয়া নহয়, আমি স্কুলীয়া দিনৰ পৰাই তপাবোৰক তালুকদাৰ বুলি মাতোঁ৷ তপা দেখিলেই চিধাই কাৰোৱাৰ কাণৰ কাষত ফুচফুচাই, “সৌৱা তালুকদাৰ আহিছে….”৷ পাছত যেনিবা  ডাঙৰ হৈ তালুকদাৰ উপাধি এটা থকাৰ কাৰণে তপাবোৰক তপা বা তালু বুলি ক’বলৈ ধৰিলোঁ৷

অফিচৰ সহকৰ্মী এজনে টুপী পিন্ধি আছে৷ মাজে-মাজে তাৰ টুপীটো খুলি তাৰ ব্ৰহ্ম তালুখন চাওঁ৷ একেবাৰে ক্ৰিকেট খেলৰ পিটচৰ দৰে৷ তাক সাহস দিওঁ৷ স্কুলৰ খুব চোকা ছাৰ এজন আছিল৷ অফিচ ৰূমলৈ সোমাই গ’লে ছাৰৰ তালুত চিলিং ফেনটো প্ৰতিফলিত হৈ ঘূৰি থকাটো দেখিছিলোঁ৷

আগতে অফিচে আদালতে গ’লে তালুকদাৰবোৰ দেখিছিলোঁ৷ ভাবিছিলোঁ বেছি পঢ়া-শুনা কৰিলে চাগে তালু ওলাই যায়৷ সেয়েহে পঢ়া-শুনা কৰিলেহে তালুকদাৰ হয়৷ সৰুতে টিভিত বাতৰি চাই থাকোঁতে বিজ্ঞানী এজন দেখিছিলোঁ, তেঁৱো তালুকদাৰ আছিল৷ তেওঁৰ সহকৰ্মীজনৰো তালু ওলাই যোৱা আছিল৷ কথাটো ঠিক তেতিয়াৰপৰাই মনৰ গোপন কোঠালিত স্থায়ী হৈ ৰৈছিল৷

যিকি নহওক তপাবোৰক ভাল পাওঁ৷ আজিকালি কৰ্মস্থলীত তপা হৈ ঘূৰি ফুৰা এচাম দেখোঁ৷ তেওঁলোকে তালুৰ দুই এডাল চুলি নোহোৱা হ’লেই চিধাই  “চেভিং” কৰাই তেল লগায় দিয়ে৷ ৰাতিপুৱা শুই  উঠিয়েই “জিলেটখন” দুই এবাৰ মূৰটোত মাটি মৈৰ দৰে ঘূৰাই দিয়েই দিনটোৰ কাৰণে আজৰি হৈ যায়৷ একে বাৰেই সমস্যা নাই৷ বাৰে বাৰে চুলি ঠিক কৰোঁ বুলি বাথৰূমলৈও গৈ থাকিব নেলাগে৷

ঠাণ্ডাৰ দিনত চুলিৰ যতন লোৱাটো বৰ আমনিদায়ক হৈ পৰে৷ তেল লগোৱা অভ্যাস নাই কাৰণে টুপী পিন্ধি খুলি দিলে চুলিৰ যিটোহে অৱস্থা হয়, নিজকে ভালুক নে মানুহ ধৰিবই নোৱাৰি? সেয়েহে ঠাণ্ডাৰ দিনকেইটা চুলি যিমান পাৰোঁ সিমান চুটিকৈ কাটো৷ দুই এবাৰ  তপা কৰি কাটিবলৈ মন মেলিছিলোঁ যদিও ঠাণ্ডা পোৱাৰ ভয়ত নকৰিলোঁ৷ নাপিতজনেও আজিকালি “অজয় কাট, বা মিঠুন কাট বা জিগজাগ কাট” দিম নে বুলি নুসোধে৷ চিধাই মেচিন লগাই দিয়ে৷ মেচিনটো দুই এবাৰ চলাই তাৰপাছত কাণৰ ওচৰে পাঁজৰে খুৰ লগাই দিলেই কাম শেষ৷ কেৱল দহ মিনিটতেই কাম খটম৷

সিদিনা ষাঠী বছৰমান বয়সৰ ৰঙীণ মানুহ এজনে মোৰ চুলি কেইডাল চুই চাই অকণমান ষ্টাইল শিকালে৷ “আৰে তুম ইয়ং হু, ষ্টাইল কিউ নহী কৰতে হু, মেৰেকো দেখো, মেৰেকো কৌন পছাচ সাল কা বলেগা, বাটাও৷ আৰে জিন্দেগী অপনা হে, খোল কে জীও৷” মানুহজনৰ কথা শুনি মনত যেন সাহসহে ঘূৰি আহিল৷ আৰে এওঁ ইমান বয়সিয়াল হৈও দাৰীয়ে চুলিয়ে ৰং সানি একদম ৰঙীন হৈ আছে মই কিয় নোৱাৰোঁ বাৰু? একো নকৰিলেও নিজৰে খেতি বুলি চুলিত তেলখিনিতো লগাব পাৰোঁ? ঘৰলৈ আহি ভাৱিলোঁ এতিয়াৰপৰা এলাহ নকৰোঁ৷ চুলিৰ লগতে চালৰো যতন ল’ম৷ জীৱনটো নিজৰ৷ মুক্তভাৱে ৰঙীণ হৈ জীয়াই থাকিম৷

ভৱিষ্যতে ঈশ্বৰে তপা কৰিলে তপা হোৱাৰ আনন্দ ল’ম, এতিয়া চুলি থাকোঁতে অকণমান ৰঙীণ হৈ দুদিনীয়া জীৱনটো কেলেই জীয়াই নাথাকোঁ হে?

আপুনি তপা নে? টুপী পিন্ধি ঘূৰি নুফুৰিব৷ বিন্দাচ তপা হোৱাৰ আনন্দ লওক৷ মনত ৰাখিব ব্ৰহ্মতালু সকলোৰে ভাগ্যত নাই৷

☆ ★ ☆ ★ ☆

One comment

  • HEMANTA KAKATI

    ভাল লাগিল মণ্টু৷ বহুদিনৰ মূৰত তোমাৰ কিবা এটা পঢ়িলো৷ তপা হৈ আনন্দ লোৱাটো মেইন৷

    Reply

Leave a Reply

Your email address will not be published.