ফটাঢোল

তাই অকলে আছিল-অৰ্চন শৰ্মা

“আজি আহিবা, আজি মই ঘৰত একদম অকলে”

মেছেজটোৰ লগতে দুটা ৰঙা পাণ৷ মেছেজটো দেখিয়েই চক খাই উঠিলোঁ৷ কালি মানে নিচাটো অকণ বেছিয়ে হ’ল৷ ধেৎ, পৰৰ পালে জ্বৰৰ গাৰে খাব নালাগে বুলি মানুহে কয়, আজিহে বুজিলোঁ কিয়। বাথৰূমত গৈ হৰহৰকৈ এক বাল্টি পানী ঢালি দিলোঁ৷ যাওক, পটিয়ালা পেগৰ যিমান নিচা আছে ইয়াতেই উটি-ভাঁহি যাওক৷

বাথৰূমৰ পৰা ওলাই আহি ভয়ে ভয়ে মোবাইলটো তুলি ল’লোঁ৷ চাওঁ নাচাওঁকৈ লাহেকৈ খুলি চালোঁ মেছেজটো৷

“আজি আহিবা, আজি মই ঘৰত একদম অকলে”

একেদৰেই আছে, এটা শব্দৰো হৰণ ভগন হোৱা নাই৷ মানে, মোৰ নিচা হোৱা নাছিল৷ এইটো মেছেজ সঁচাই তায়ে দিছে৷

য়া…হু….!

ফূৰ্তিতে জঁপিয়াই দিলোঁ৷ সেই প্ৰকাণ্ড জাঁপত কঁকালত লজ্জা নিবাৰণৰ অৰ্থে পিন্ধি থকা চুটি টাৱেল সুলকি ক’ৰবাত পৰিলগৈ৷ লৰালৰিকৈ টাৱেলখন বুটলি আনি কঁকালত মেৰিয়াই ল’লোঁ। এইটো দিনৰ বাবে তিনিমাহ অপেক্ষা কৰিছোঁ, অথলে যাবলৈ দিয়াত নাই।

লৰালৰিকৈ লগৰ এটাক ফোন লগালোঁ৷ এইবোৰ ক্ষেত্ৰত তাৰ সমান জনা-শুনা আমাৰ মাজত কোনো নাই বুলিবই পাৰি৷ যদিও ইমান ব্ৰহ্মপুৱাতে (দহ বজাৰ সময়লৈকে তাৰ বাবে পুৱাই হৈ থাকে) যে সি ফোন ধৰিব সেইটো আশা নকৰাই ভাল৷ দুবাৰ ৰিং কৰিলে, নাই সাৰ সুৰেই নাই৷ তৃতীয় ৰিংটো শেষ হোৱাৰ আগতে তাৰ মাত ভাঁহি আহিল-

: হেৰৌ পাপীষ্ঠ, ৰাতিপুৱাই ফোন কৰি মোৰ টোপনিটো কিয় বৰবাদ কৰিছ?

: ভাই কথা এটা আছিল৷

: কি কথা? সোনকালে ক আৰু মৰি যা!

: তাই লগ কৰিবলৈ মাতিছে বে।

: মাতিছে যদি যা, মোক কিয় চোবাই আছ?

: নহয় মানে তই বুজা নাই। অকলে মাতিছে আজি, ঘৰত অকলে আছে হেনো।

: কিইইই?

জঁপিয়াই উঠিল সি৷ থূলমূলকৈ কথাটো বুজাই দিলোঁ তাক৷ সি বুজিলে৷ ধুনীয়াকৈ মোক বুজাই দিলে ক’ত কি কৰিব লাগিব, কি চকলেট নিলে ভাল হ’ব৷ কাপোৰ কি পিন্ধিম, মুঠতে ‘এ’ৰ পৰা ‘জেদ’লৈকে৷

ফোনটো কাটি বিছনাখনত দীঘল দি পৰি দিলোঁ৷ আজি তাইক লগ কৰিম, অকলে৷ জীৱনত প্ৰথমবাৰৰ বাবে কাৰোবাক এনেকৈ লগ কৰিম, কথাটো ভবাৰ লগে লগে মনলৈ ৰোমাণ্টিক ফিল এটা আহিয়ে গ’ল৷ বিছনাৰ পৰা উঠি গৈ নীলা চাৰ্টটো আৰু ইস্ত্রিটো উলিয়াই ল’লোঁ৷ নীলা তাইৰ প্রিয়৷ মোৰ মনত আছে যিদিনা তাইক প্ৰথম লগ পাইছিলোঁ সেইদিনাও তাই নীলা কুৰ্তি এটা পিন্ধিছিল, তাইৰ হাই লাইট কৰা মানে আমাৰ ভাষাত মামৰে ধৰা চুলি কেইডাল ফেনৰ বতাহত আউলি-বাউলি হৈ উৰিছিল৷

: ঐ ইস্ত্ৰিটো অন কৰি থৈ দিছ, কাপোৰ জ্বলি যাব এতিয়া৷ বাপেৰৰ পইচা গছত লাগিছে ন?

মাতৃ দেৱীৰ বচন ফাঁকিয়ে মোৰ চিন্তাত জুই লগাই দিলে৷ ধেৎ, বৰ বেয়া সময়ত মাত দিয়ে মায়ে৷ লৰালৰিকৈ নীলা চাৰ্টটো ইস্ত্ৰি কৰাত লাগিলোঁ৷

“সোনকালে আহিবা হাঁ, বহুত কথা ক’বলৈ আছে তোমাক”

নটিফিকেশ্যন বাৰত তাইৰ আৰু এটা মেছেজ জিলিকি উঠিল৷ বুকুখন চিৰিংকৈ গ’ল মোৰ৷ ইস্ত্ৰিটো কাষতে থৈ ৰিপ্লাই এটা টাইপ কৰিলোঁ-

: ৱাহ, আজি ইমান মন গৈছেনে মোক লগ পাবলৈ?

: উম গৈছে, বহুত মন গৈছে৷ জল্ডি আঁহা, মই ৰৈ আছোঁ তোমাৰ কাৰণে।

লগতে চকুত ৰঙাপাণ পৰা হালধীয়া পুতলাৰ ছবি মানে ইম’জী৷ উফ ! ৰ’ব নোৱৰা হৈছোঁ মই৷ ভাবনাৰ সাগৰত ডুব যাবলৈ লওঁতেই সিফালৰ পৰা মাতাজীয়ে মাৰিলেই নহয় চিঞৰ-

: ঐ নিষ্কৰ্ম্মা, ভালে ভালে তিতা টাৱেলখন ৰ’দত মেলি দে। গা ধুই টাৱেল বিছনাতে এৰিলি, যা এতিয়াই মেলগৈ৷

ঠিক বাৰ বজাৰ লগে লগেই সিহঁতৰ ঘৰ পালোঁগৈ৷ হাতত এটা তিনিশ টকীয়া চকলেট, বুকুত ভয় উত্তেজনা, আশা আশংকাৰ চাকনৈয়া৷ ঘৰখনত নিমাওমাও পৰিবেশ, তাই কোৱাৰ দৰেই ঘৰত কোনো নাই। কলিং বেলটোত হাত দিওঁতে বুকুখন ঢিপিংকৈ মাৰিলে৷ ভিতৰৰ পৰা তাইৰ মাত ভাঁহি আহিল-

: দুই মিনিট!

ঠিক ডেৰ মিনিট মানৰ পাছতেই লাহেকৈ দুৱাৰখন মেল খালে৷

: কি চাই আছা? ভিতৰলৈ আঁহা আকৌ৷

তাই মিচিকিয়াই কওঁতেহে মোৰ সম্বিত ঘূৰি আহিল৷ তাইৰ মোহিনী ৰূপ দেখি মই ভেবা লাগি চায়েই আছিলোঁ৷ ভিতৰলৈ যে সোমাই যাব লাগে পাহৰিয়ে গৈছিলোঁ৷ তাইৰ কথাত মন্ত্ৰমুগ্ধ মানুহৰ দৰে ভিতৰলৈ সোমাই গ’লোঁ।

: তুমি অকণমান বহা, মই আহি আছোঁ৷ আজি মই একদম অকলে দেই!

কথাকেইটা যেন মোৰ বাবে কিবা গ্ৰীণ ছিগনেল, তেনে যেন লাগিল৷ তাই ভিতৰলৈ সোমাই যোৱা আঁৰ চকুৰে নিৰীক্ষণ কৰিলোঁ৷ আজি বেছিয়ে ধুনীয়া লাগিছে তাইক৷ দুই মিনিট মান পিছত পুনৰ সোমাই আহিল তাই৷ মই চকলেটটো তাইলৈ আগবঢ়াই দিলোঁ৷ চকু দুটা তিৰবিৰাই উঠিল তাইৰ-

: ৱাও, তুমি ইমান ভাল৷

: সঁচাকৈ ?

: উম এক্কেবাৰে সঁচা৷ আচলতে কি জানা এনে এটা দিনৰ বাবে মই বহুত দিনৰ পৰা ৱেইট কৰি আছিলোঁ, যাতে তোমাক অকলে লগ পাব পাৰোঁ৷

কথাৰ মাজতে তাইৰ আঙুলিকেইটা মোৰ গাত লাগি গাটো শিৰশিৰাই গ’ল মোৰ৷ লগৰটোৱে কোৱা কথা এষাৰ মনলৈ আহিল মোৰ, “যদি তাই অকণ ৰোমাণ্টিক হোৱা যেন দেখিছ, তেতিয়াই প্ৰপ’জ মাৰি দিবি। তায়ো সেইটোৱে বিচাৰে বুজিছ, নহ’লে তোক অকলে থকা অৱস্থাত ঘৰলৈ নামাতে৷”

: কি ভাবি আছা?

: হাঁ, একো ভবা নাই, ধুনীয়া লাগিছে তোমাক৷

চাঞ্চতে অকণ ডান্স মাৰি দিলোঁ৷ তাই হাঁহিলে, সঁচাই বৰ ধুনীয়া তাইৰ হাঁহিটো৷

: তোমাক কথা এটা ক’বলৈ আছে৷

কোনো পাতনি নেমেলাকৈ কিন্তু বৰ আৱেগিকভাৱে কৈ উঠিল তাই৷ মই হতভম্ব হ’লোঁ৷ তাইক মইহে প্ৰপ’জেল দিব লাগিছিল, এতিয়া দেখিছোঁ তাইহে দিবলৈ ওলাইছে। কলিজাৰ ঢপঢপনি বাঢ়ি আহিল মোৰ৷

: কোৱাচোন কি কথা?

ময়ো অকণ ৰোমাণ্টিক সুৰত কোৱাৰ চেষ্টা কৰিলোঁ৷

: কথাটো বহুত জৰুৰী, তোমাৰ আৰু মোৰ ভৱিষ্যতৰ কথা আছে৷ মন দি শুনিবা প্লিজ৷

: কৈ যোৱা মই শুনি আছোঁ৷

বুকুৰ মাজেৰে ট্ৰেইন এখন তীব্ৰ বেগত চলিবলৈ ধৰিলে মোৰ৷

: মানে কথাটো হ’ল…!

সামান্য ইতঃস্তত কৰিলে তাই৷

: কোৱা আকৌ৷

মই মৰমেৰে কৈ উঠিলোঁ৷ বেচেৰীয়ে নাৰ্ভাচ কৰিছে বৰ। মোৰ কথাত সামান্য আশ্বস্ত হৈ তাই এইবাৰ হৃদয়ৰ সমস্ত আবেগ ঢালি কৈ গ’ল-

: তোমাৰ যে ফ্রেণ্ড অভিনৱ, তাক মোৰ খুব ভাল লাগে। সিতো তোমাৰ বেষ্ট ফ্রেণ্ড, গতিকে তাক কিবা কৰি পতাই দিয়ানা প্লিজ৷ বহুত আশাৰে তোমাক মাতিছোঁ আজি, প্লিজ নিৰাশ নকৰিবা৷ তাক যেনে তেনে পতাই দিয়ানা প্লিজ!

তাই কৈ গ’ল, মই শুনি গ’লোঁ টুকুৰা-টুকুৰ হোৱা মোৰ কলিজাৰ শব্দবোৰ৷ তিনিশ টকীয়া চকলেটৰ পেকেটটো খাই খাই তেতিয়াও কৈ আছিল তাই –

“তাক পতাই দিয়ানা প্লিজ!”

☆ ★ ☆ ★ ☆

2 Comments

  • অনামী (anonymous)

    দুখ কৰিবলৈ মন আছিল যদিও নোৱাৰিলোঁ । হাঁহি হাঁহি সমবেদনা জ্ঞাপন কৰিলোঁ ।

    Reply
  • Anonymous

    উফ।

    Reply

Leave a Reply

Your email address will not be published.