ফটাঢোল

তাই তাক আজিকালি নমতা হ’ল – অভিজিত কলিতা

ঘটনাটোৱে সৰু চহৰখন একেবাৰে জোঁকাৰি পেলালে। আজি কিছুদিনৰ আগলৈকে এনে চহৰবোৰত এনে ঘটনা হ’ব পাৰে বুলি কোনেও অনুমানেই কৰিব পৰা নাছিল, কোনেও শুনাও নাছিল। জনজাতীয় লোক অধ্যুষিত চহৰখনত মহিলাসকল এনেয়ো আগৰণুৱা, মহিলাক আনকি বেয়া দৃষ্টিৰে চোৱাও এই চহৰখনৰ সংস্কৃতিৰ বাহিৰৰ বস্তু। কথাটো চহৰখনৰ মানুহবোৰৰ চকুতে জলজল পটপটকৈ দেখা পোৱা গৈছিল। সেইখন চহৰতে ছোৱালীজনীক কেইবাজনো লোকে মিলি ওৰে ৰাতি ধৰ্ষণ কৰিলে, আৰু পুৱা প্ৰায় মৃত অৱস্থাত তাইক পাহাৰখনৰ মাজত পেলাই থৈ গ’ল। পিছে তাই আছিল খাটিখোৱা মানুহৰ ছোৱালী, শৰীৰৰপৰা একেৰাহে হোৰাহোৰে ওলাই থকা তেজবোৰেও তাইক নিঃশেষ কৰিব পৰা নাছিল, তাই তেনেকৈয়ে যেনে তেনে বগুৱা বাই ৰাষ্টাটোৰ কাষ পালেহি। তেতিয়াই তাইক মানুহে দেখিলে, এখন অটোৰিক্সাত ভৰাই তাইক স্থানীয় হস্পিটেলখনলৈ লৈ গ’ল মানুহবোৰে, তাৰপৰা আকৌ এম্বুলেন্সত ডাঙৰ হস্পিটেললৈ।

মানুহবোৰ হতভম্ব হৈয়ে থাকিল কিছুদিন, এনে ঘটনাত কেনেকৈ প্ৰতিক্ৰিয়া কৰিব লাগে মানুহবোৰে নেজানিছিলেই আচলতে। ঘৰত ল’ৰা-ছোৱালী পৰিয়ালৰ আগত এই কথাটো আলোচনা কৰিব লাগে নে নেলাগে সেই বিষয়েও মানুহবোৰ নিশ্চিত নাছিল। কেইজনমান সাহসী কলেজীয়া ছাত্ৰ–ছাত্ৰীয়ে পিছে কিবা কিবি কৰিলে, পইচা তুলিলে, থানাৰ আগত ধৰ্ণা দিলে, চ’চিয়েল মেডিয়াত প্ৰচাৰ কৰিলে। পুলিচেও লগে লগে কামত নামি পৰিল। আৰু পুলিচৰ বাবে অপৰাধীক ধৰা পেলোৱা বৰ কঠিন কাম নাছিল, চহৰখনত সকলোৱে সকলোকে চিনি পায়, পুলিচেও জানে কোন কেনেকুৱা! ছোৱালীজনীক এখন গাড়ীত উঠা কোনো কোনোৱে দেখিছেও, আৰু যিটো মানুহৰ গাড়ীত তাই উঠিছিল, সেই মানুহটো বৰ সুবিধাৰ নহয়েই। তাৰ হেনো কেইবা ঠাইতো কেইবাজনীও পত্নী আছে। গতিকে ছোৱালীজনী গৈ ডাঙৰ হস্পিটেল পাইগৈ মানে চাৰিটা অপৰাধী পুলিচে কৰায়ত্ব কৰিলেই। অৱশ্যে সুৰক্ষা আৰু হ’ব পৰা ৰাজহুৱা ৰোষৰ ভয়ত অপৰাধীকেইজনক পুলিচে লগে লগে সদৰৰ কাৰাগাৰালৈ পঠাই দিলে। পুলিচে দোকোব দিওঁতেই অপৰাধীকেইটাই দোষ স্বীকাৰ কৰি পেলালে।
××××
সিহে কথাটো পলমকৈ গম পালে। চাকৰিৰ বাবে এই সৰু চহৰখনলৈ সি অহা প্ৰায় চাৰিবছৰ হ’ল, ঘৰৰ পৰা বিয়াৰ বাবে তাক জোৰ কৰা আৰম্ভ হৈছেই ইতিমধ্যে। সি ট্ৰান্সফাৰৰ বাবে চেষ্টা কৰি আছে, ভাল ঠাই এখনলৈ ট্ৰেন্সফাৰ লৈহে বিয়া পতাৰ মন তাৰ। নহ’লে ন–কইনাই ইয়াত আহি কি কৰিব? তাৰ বাৰু অফিচ আছে, দিনটো যেনে তেনে কাটি যায়। শিক্ষিতা ছোৱালী এজনী বিয়া পাতি এইখন ঠাইত ৰখা মানে তাৰ হিচাপত তাইক অপমান আৰু অত্যাচাৰ কৰা। গতিকে বয়স হ’লেও সি বিয়াৰ কথা ভবা নাই এতিয়াও। ঘৰৰ মানুহবোৰে নুবুজে, আজিকালি বিয়া পাতি পতি পৰমেশ্বৰ হৈ থকাৰ দিন গ’ল।

সি দেৰিকৈ উঠে, গতিকে ৰাতিপুৱাৰ সময়খিনি সি কেনেকৈ কটাব, সেইটো বৰ বেছি চিন্তাৰ কথা নহয়। আঠমান বজাত ঘৰ চাফা কৰি ব্ৰেকফাষ্ট ৰান্ধি দিবলৈ মানুহ এগৰাকী আহে, মানুহজনীয়ে তাৰ অফিচতে অস্থায়ী ভাৱে পিয়নৰ চাকৰি কৰে। দৰমহা তেনেই কম, সেয়ে তাৰ ঘৰত কাম কৰি পোৱা টকা এহেজাৰ তাইৰ বৰ কামত আহে। তাই আহি ব্ৰেকফাষ্টৰ লগতে দিনৰ সাজৰ বাবেই কিবা এটা ৰান্ধি থৈ যায়। সি ভাতকেইটা পাতি খালেই হ’ল। ৰাতি নিজেই ৰান্ধে, সময়খিনি কাটি যায়। তাৰ চৰকাৰী আৱাসটোৰ আশে পাশে আৰু কেইঘৰমান মানুহ আছে, তাৰ অফিচৰে কৰ্মচাৰী, অফিচটোও একে চৌহদতে। স্থানীয় কৰ্মচাৰী সকল নিজ নিজ ঘৰত থাকে। চৌহদটোত থকা সকলোকেইজনেই বিবাহিত, পৰিয়ালসহ থাকে। তাৰ ঘৰটোৱেই সকলোতকৈ ডাঙৰ আৰু সেইটো ঘৰতে সি অকলে থাকে।

অফিচৰ কামৰ বোজা বৰ বেছিও নহয়, কমো নহয়; কিন্তু পাঁচ বজালৈকে কৰি থাকিবলৈ কিবা নহয় কিবা কাম একোটা থাকেই। এই অফিচটোৰ সিয়েই উৰ্ধতন বিষয়া, সকলোৰে চাৰ। গতিকে অফিচত তাৰ বন্ধু বুলিবলৈ কোনো নাই। আন কেইটামান চৰকাৰী অফিচত তাৰ সমপৰ্যায়ৰ দুই চাৰিজন মানুহ আছে, কেতিয়াবা লগ কৰা হয়, পাৰ্টি হয়, কিন্তু তাৰ ভিতৰতো তাৰ মনে মিলা বা তাৰ বন্ধু হব পৰা কোনো মানুহ সি বিছাৰি পোৱা নাই। সকলো প্ৰায় সহকৰ্মীৰ দৰে, বন্ধু নহয়।

অৱশ্যে সি অকলে থাকিবলৈ বৰ বেয়া নেপায়, টিভি চাই, কেতিয়াবা গান শুনে, কিতাপ দুখনমানো আছে, নেটৱৰ্ক থাকিলে ফেচবুকো খুচৰি চায়। ভাত ৰন্ধা কামটো আছেই। ফ্ৰীজত হুইস্কীৰ আধাখোৱা বটল এটা প্ৰায় থাকেই।

তাৰ আৰু এটা সুবিধা হ’ল – তাৰ কোনো প্ৰেমিকা নাই। সকলো দিশ জাৰি চালি চাবলৈ গ’লে তাৰ দৰে ল’ৰা এটাৰ প্ৰেমিকা নথকাতো প্ৰায় আচৰিত কথাই। ভাল দৰমহা, নিজঞ্জলীয়া ঘৰ এখন, তাৰ চেহেৰা, সকলোচোন ঠিকেই আছে। তাৰ যে কোনো বাকদত্তা নাই, সেই কথাটোলৈ মাক দেউতাক অলপ চিন্তিত নোহোৱা নহয়, কেনেবাকৈ পাহাৰীয়া জনজাতীয় ছোৱালী এজনী হঠাত বিয়া পাতি পেলালে, সেই ছোৱালীজনীক নিজৰ বোৱাৰী হিচাপে আদৰি ল’বলৈ তেওঁলোক বৰ্তমানলৈকে সাজু নহয়। অৱশ্যে তাৰ চৰিত্ৰৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছে, কিন্তু ডেকা বয়সৰ কথা, হঠাত কিবা ভুল হৈ যাবলৈ কিমান সময় লাগে। কোনোবাই ফাঁচতো পেলাব পাৰে, কি ঠিক।

আচলতে বিদিশা আঁতৰি যোৱাৰ পাছত সি এই বিয়া, প্ৰেম এই বস্তুবোৰ বৰ বেছি গুৰুত্ব দিয়াই নাই, অৱশ্যে কেতিয়াও বিয়া নেপাতো বুলি শপতো খোৱা নাই। কিন্তু সেই মানুহ এজনীক একেবাৰে নিজৰ কৰি লোৱা কামটোৰ প্ৰতি তাৰ বৰ বেছি উৎসাহ নাই আজিকালি। মনতে ভাবে সি; হ’ব, সময় মিলিলে, মানুহ মিলিলে সংসাৰ ধৰ্ম পালন কৰিব লাগিব কেতিয়াবা।
পাঁচ বজাত সি অফিচৰপৰা ওলাই আহে, সি আৰু তলা মৰা চকীদাৰজনেই অফিচৰপৰা ওলোৱা শেষ ব্যক্তি হয়। কেতিয়াবা তাৰ অফিচত অলপ বেছি সময় থাকিবৰ মন গ’লেও চকীদাৰজনৰ অসুবিধা হ’ব বুলি ভাবিয়েই সি ঠিক পাঁচ বজাত অফিচৰপৰা ওলাবৰ চেষ্টা কৰে।

অফিচৰপৰা ওলায়ে সি প্ৰায় এক কিলোমিটাৰ দূৰৰ সৰু বজাৰখনলৈ যায়। সি গাড়ীখন কিনা বেছি দিন হোৱা নাই, আগতে খোজকাঢ়িয়েই গৈছিল। বজাৰখনত দহ পোন্ধৰখন মান দোকান আছে, বাছ ষ্টেচন এটা আৰু কেইখনমান সৰু সুৰা চাহৰ দোকান। দেওবাৰে তাত ডাঙৰ বজাৰ বহে, গাঁৱৰ পৰা মানুহে শাক পাচলি, ধান চাউল বেছিবলৈ আনে।

সেই অঞ্চলটোত চাকৰি বাকৰি কৰা বা স্থানীয় লোকেই হওক, সকলোৱেই সন্ধিয়া সময়খিনিত বজাৰখনলৈ ওলাই আহে, ঠাইখন প্ৰাণচঞ্চল হৈ পৰে। প্ৰকৃততে ক’বলৈ গ’লে এই সময়ত তাৰ জীৱনৰ একামাত্ৰ প্ৰাণচঞ্চল ঠাই এই বজাৰখনেই। মানুহবোৰ প্ৰায় সকলোবোৰেই চিনাকী, তেওঁলোকে চাহ খাই, কথা পাতে, কিন্তু অলপ যেন আত্মীয়তা কম, সন্মান আৰু সংকোচ বেছি। দোকানী পোহাৰী, ৰান্ধনি, স্কুলৰ শিক্ষক, সকলোৱে তাক চাৰ বুলি মাতে, চাৰটোহে তাৰ আজিকালি প্ৰকৃত নাম হৈ পৰিছে।

তাই সেই বজাৰখনৰ আটাইতকৈ উজ্জ্বল চুকটোতে পকৌৰী, ম’ম’, চপ আদি বিক্ৰী কৰে। তাইৰ দোকানত বিক্ৰী ভাল। প্ৰথমতে তাইক সি দোকানৰ মালিক বুলিয়েই ভাবিছিল, পিছত গম পালে তাই আচলতে কৰ্মচাৰীহে। কিন্তু দোকানত সদায় তাইহে থাকে, মালিকনী গৰাকী আঁতৰত বহি থাকে। তাইক মালিকনীয়ে মৰমো কৰে যেন লাগে। নকৰিব কিয়, তাৰ হাতখন খৰ, কেৰাহী এখনৰ গৰম তেল উতলিয়ে থাকে, ইটোৰ পাছত সিটো বস্তু তেলত ভাজিয়েই থাকিব লাগে, মানুহবোৰেও পকৌৰী গৰম হ’লেহে ভাল পায়। তাৰ মাজতে তাই গ্ৰাহকক বস্তু দিয়ে, পেকিং কৰি দিয়ে, পইচা লয়। মেচিনৰ দৰে চলে হাতখন। কিছুদূৰত শকত আৱত মালিকনীগৰাকীয়ে একান্ত মনে ঊল গুঠি থাকে।

তাইক একে আষাৰে দেখিবলৈ বৰ ধুনীয়া বুলি ক’ব নোৱাৰি, বেয়া বুলিও ক’ব নোৱাৰি। মংগোলীয় মুখাবয়ৱৰ ছোৱালীজনীৰ গাৰ ৰংটো চিকমিকোৱাকৈ উজ্জ্বল, হাঁহিটো আৰু বেছি উজ্জ্বল। হাঁহিলে তাইক বৰ মৰম লাগে আৰু তাই অনবৰত হাঁহিও থাকে। ওচৰৰ ল’ৰাবোৰে তাইক ভাল পায়, সহায়ো কৰে। তাই সিহঁতক ইটো সিটো কামটো লগাই থাকে, যাচোন বেচন আধা কেজি আনি দে, গেচ চিলিণ্ডাৰটো লগাই দে। সিহঁতেও তাইক সহায় কৰি ভালেই পায়। কাৰণ চহৰখনৰ প্ৰায় সকলোৱে জানে যে, তাইৰ মাক দেউতাক সৰুতেই ঢুকাল। কাৰোবাৰ ঘৰত বনকৰা ছোৱালী হিচাপে থাকি থাকি তাই এই ৰন্ধা বঢ়া শিকিলে, আৰু শেষত এই দোকানখন। যিহেতু তাইৰ নিজৰ কোনো ককাই ভাই নাই, চহৰখনৰ প্ৰায়বোৰ ডেকা ল’ৰাই তাইক ভনীয়েকৰ দৰেই ব্যৱহাৰ কৰে, তাইক সহায় কৰে।

তাই দোকানখন খোলাৰ দিন ধৰি সি সদায়েই তাইৰ দোকানলৈ গৈ আছে, একো খাবৰ মন নগ’লেও সি তাতে চাহ একাপ লৈ আধাঘণ্টামান বহাতো এটা নিয়মৰ দৰেই হৈ গৈছে। সিয়েই নহয়, আৰু আন কেইজনমান লোকো বহে তাত, তাইৰ দোকানখনৰ সেই বেঞ্চ কেইখন সিহঁতৰ বাবে আচুতীয়াই বুলিব পাৰি। সিহঁতকেইটা গ’লে তাই ব্যস্ততাৰ মাজতে সময় উলিয়াই একোকাপ স্পেচিয়েল চাহ কৰি দিয়ে। মাজে মাজে সিহঁতৰ কথাত ভাগো লয় তাই, এদিন কোনোবা এজন নাহিলে, পিছদিনা তাই তাৰ কাৰণ সুধি সুধি ব্যতিব্যস্ত কৰি তোলে। তাই মাজে মাজে নিজৰ কথাও কয়।
কিমান বয়স হব তাইৰ? চৈধ্য, পোন্ধৰ? হয় সিমানেই হ’ব যেন লাগে।

কৈশোৰ পাৰ হৈ যৌৱনৰ দুৱাৰদলিত ভৰি দিছে যদিও কৈশোৰৰ সৰলতাখিনি এতিয়াও তাইৰ চেহেৰাৰপৰা মচ খাই যোৱা নাই। তাইৰ হাঁহি থকা চকুদুটাত শিশু এটা আছে, আৰু সেই শিশুটোৱেই তাইক কিছুমান অপদৃষ্টিৰ পৰা ৰক্ষা কৰি থাকে।

দোকানখনত সদায় বহা লোকসকলকৰ মাজত সিয়েই সকলোতকৈ নিয়মীয়া। আৰু সেয়ে সি স্পেচিয়েলো অলপ। তাই তাক আনতকৈ বেছি গুৰুত্ব দিয়ে, তাৰ সৈতে কথা পাতোতে তাইৰ মাতত আত্মীয়তাৰ সুৰ এটা ভাঁহি আহে। সেইকণ আত্মীয়তাৰ দাবীতে তাই তাকো কিবা কিবি কামো কৰাই, যেনে চিলিণ্ডাৰ লগাই দিয়া কামটো। সি যে বৰ ডাঙৰ এটা অফিচাৰ, সেয়ে তাৰ সৈতে অলপ দূৰত্ব বজাই ৰাখিব লাগে, সেই কথাটো তাই এতিয়াও বুজি উঠা নাই। আৰু সেয়ে তাই তাৰ বাবে বজাৰৰ আন দোকানীবোৰতকৈ অলপ পৃথক।

সি মানুহটো মৰমীয়াল বুলি সকলোৱে জানে, সি নিজেও জানে। তায়ো বোধহয় জানে, সেয়ে কি কেতিয়াবা সাৱধান হ’ব লগা হয়।

পঢ়াকালত মনস্তত্ত্ব তাৰ এটা বিষয় আছিল, সেয়ে তাইৰ বয়ঃসন্ধিৰ এই সময়চোৱাত তাইৰ মনৰ অৱস্থা সি হয়তো অলপ অনুমান কৰিব পাৰে। তাইৰ আপোন কোনো নাই, সেই কথাটোৱেই হয়তো অৱচেতন ভাৱে তাইৰ মনত ক্ৰিয়া কৰি থাকে। কিন্তু তাই এজনী নাবালিকা, গতিকে তাইৰ ভাৱবোৰ আৰু জটিল হোৱাৰ আগতেই সি সাৱধান হয়, কিছুমান মিছা কথা ইচ্ছা কৰিয়েই কয়। আৰু মিছা কথাবোৰ শুনাৰ পাছত তাইৰ চকুতপৰা জান নিজান হতাশাৰ ছাঁও তাৰ চকুৰপৰা সাৰি নেযায়। সি তাইৰ সৈতে কথা পাতি ভাল পাই হয়, কিন্তু তাত আকৰ্ষণৰ কোনো স্থান নাই। আৰু সি নিবিচাৰে যে তাই কিবা অদ্ভুত কল্পনা কৰি পেলাওক, সেই কল্পনাবোৰে তাইক আৰু কষ্ট দিয়ক। তাইৰ মনত জাগি উঠিব পৰা এক সাম্ভাব্য প্ৰাকৃতিক অনুভৱক জন্মৰ আগতেই হত্যা কৰিব পৰাকৈ সি নিজকে সষ্টম কৰি তোলে।
×××××××
সি কিছুদিনৰ বাবে ঘৰলৈ গৈছিল, সেয়ে কথাটো গম পোৱাত তাৰ পলম হ’ল। দিনটো আছিল বুধবাৰ, তাইৰ হেনো প্ৰায় সাত কিলোমিটাৰ দূৰৰ কোনোবা দূৰ সম্পৰ্কীয় মানুহৰ ঘৰলৈ যাব লগা আছিল, সেয়ে তাই সোনকালেই দোকান সামৰিছিল। মানুহকেইজনকো তাই চিনি পায়, কেতিয়াবা তাইৰ দোকানত চাহ-পকৌৰী খায়, তাইক মাত দিয়ে। মানুহকেইজন সেইফালেই যাব বুলি গম পাই তাই তেওঁলোকক গাড়ীতে তাইকো লৈ যাবলৈ অনুৰোধ কৰিছিল, সন্ধিয়া হৈ আহিছিল যদিও, তাইৰ চকুৰ শিশুটোৱে কোনো বিপদৰ আগজাননী পোৱা নাছিল। হাঁহি, ফুৰ্তি জোকোৱা আদি তাই সদায়েই কৰি থাক, মদৰ বটলো তাই একো নেদেখা বস্তু নহয়। বজাৰখনৰ পৰা ওলায়ে পিছৰ ছীটত বহা মানুহটোৱে তাইৰ মুখত সোপা দি ধৰিছিল, তাই ভাবিছিল সিহঁতে তাইক মাৰি পেলাব খুজিছে, তাইৰ সৈতে কোনোবাই হত্যাৰ বাদে আন কোনো ভয়ংকৰ অপৰাধ কৰিব পাৰে বুলি তাই ভাবিবই পৰা নাছিল। কাপোৰবোৰ ফালি পেলাওঁতেও তাই বুজা নাছিল, সিহঁতে কিয় তেনে কৰিছে।
×××
প্ৰথমে সি বিশ্বাস কৰিবলৈকে টান পালে, সেইজনী ছোৱালী, তাই দেখোন সৰু ছোৱালী, তাইক দেখি কোনোবা কেনেকৈ উত্তেজিত হ’ব পাৰে, তেনে আবেদন তাইৰ দেহলৈ অহাই নাইচোন। সঁচাকৈয়ে সেইজনী ছোৱালী হয় জানো? তাৰ বজাৰলৈ যাবলৈকে ভয় লাগিল, সি যেন এতিয়াও আশা কৰি আছে তাই সেই ধৰ্ষিতা ছোৱালীজনী নহওক।

পিছলৈ তাৰ খং উঠি আহিল। এনেবোৰ নৰপশুক দৃষ্টান্তমূলক শাস্তি দিব লাগে, সি কৰিব! সি লগে লগে দুজনমান বন্ধুলৈ ফোন কৰিলে, আইনী ব্যৱস্থাবোৰৰ বুজি ল’বলৈ। সি যুজিব তাইৰ বাবে, সেইকেইটা যাতে কেতিয়াও জেলৰপৰা ওলাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব সি। আৰু তাইৰ চিকিৎসাৰ ব্যৱস্থাও কৰিব। কৰিবই লাগিব। আৰু তাই যদি ভাল হৈ উঠে তাইক এটা সন্মানজনক প্ৰতিষ্ঠাও দিব লাগিব। আজিকালি বহুতে তেনে ক্ষেত্ৰত কাম কৰি আছে। সি আৰু কেইজন মান বন্ধুৰ সৈতে কথা পাতিলে, সকলোৱে ক’লে আমি যি পাৰো সহায় কৰিম, তই আগবাঢ়।

সেই ৰাতি তাৰ টোপনি নাহিল, এক ক্ষোভ আৰু হতাশাই তাক খেদি ফুৰিলে ওৰে ৰাতি।
××××××
সৰু চহৰৰ স্মৃতিবোৰো সৰু হয়, অনতিপলমেই চহৰখন আকৌ লাহে লাহে শান্ত হৈ পৰিল। তাইৰ দোকানখনো খুলিল, মালিকনীয়ে নিজেই দুই তিনিবিধ বস্তু বনাই বিক্ৰী কৰি দোকানখন চলাই ৰাখিল। কিন্তু সি সেই দোকানখনলৈ যোৱা বন্ধ কৰিলে, কিবা এক সংকোচে তাক দোকানখনৰ ফালে চকু তুলি চাবলৈকে মন নোযোৱা কৰিলে।

আচলতে আৰু বহুত কথা থাকে সৰু জনজাতীয় চহৰবোৰত, যিবোৰ কথা কোনেও নকয়। স্থানীয় মানুহখিনিয়ে সিহঁতক যিমানেই মৰম নকৰক কিয়, কিন্তু সিহঁতক কেতিয়াও নিজৰ মানুহ বুলি মানি নলয়, এই বাহিৰৰ পৰা অহা মানুহখিনিয়ে তেওঁলোকৰ সমাজ ব্যৱস্থাৰ কোনো অংশত হাত দিয়া তেওঁলোকে নিবিচাৰে। তেওঁলোকৰ সমস্যা তেওঁলোকে নিজেই সমাধান কৰিব।

কিন্তু শেষ কথাটো হ’ল আচলতে সি ছোৱালীজনীৰ বাবে একোৱেই কৰিব নোৱাৰিলে। স্থানীয় মানুহখিনিয়ে তাৰ উৎসাহক অহেতুক বুলি ভাবিলে, তাক বিশ্বাস কৰিবলৈ টান পাল, তাৰ সহায় লোৱাটো সন্মানজনক কথা নহয় বুলি ভাবিলে। হস্পিটেলৰপৰা তাইৰ শাৰীৰিক অৱস্থাৰ বিষয়ে আহি থকা খবৰবোৰো লাহে লাহে সেৰেঙা হৈ আহিল। অৱশেষত একেবাৰে নাইকিয়া হ’ল। ছোৱালীজনী হয়তো ক’ৰবাত হেৰাই গ’ল। তাৰো মাজে মাজে উক দিয়া এক বিবেকৰ দংশনৰ বাদে ছোৱালীজনীৰ বিষয়ে ভাবিবলৈ একো নোহোৱা হ’ল।
××××
প্ৰিয় পাঠক, কিন্তু ছোৱালীজনী আচলতে হেৰাই নগ’ল, তাই হেৰাই যোৱাৰ বিলাসীতা কৰিব পৰা মানুহেই নহয়। তিনিমাহৰ পাছত তাই আকৌ দোকানখনলৈ ঘুৰি আহিল, ক্ষত বিক্ষত চেহেৰা এটা লৈ। কিন্তু হাত দুখন আগৰ দৰেই দক্ষ হৈ থাকিল। মাজে মাজে তাইৰ হাঁহিটোৱেই ভুমুকি মাৰিলে।

কেৱল তাই তাক আজিকালি নমতা হ’ল। তাক দেখিলেও তাই আনফালে চোৱা হ’ল। সিও আজিলৈকে তাইৰ দোকানলৈ গৈ চাহ একাপ খোৱাৰ সাহসখিনি গোটাব নোৱাৰিলে।
☆★☆★☆

23 Comments

  • ৰিণ্টু

    বঢ়িয়া দাদা, খুব ভাল লাগিল পঢ়ি

    Reply
  • হেমন্ত কাকতি

    বৰ চিন্তা উদ্ৰেককাৰীকৈ লিখা হে৷ ইমান বাস্তৱ কথাবোৰৰ পৰা পলাই ফুৰো৷

    হেটচ অফ!

    Reply
  • Nilakshi

    বহুত ভাল লাগিল দাদা।

    Reply
  • কাবেৰী মহন্ত

    ইমান সৰলতাৰে সমাজৰ চৰিত্ৰসমূহ উদঙাই দিছে , বঢ়িয়া লাগিল .. লগতে ক্ষোভ ৷

    Reply
  • Jyotirupam Dutta

    সূক্ষ্ম পর্যবেক্ষণশীল অনন্য লেখা৷

    Reply
  • Anonymous

    শেষৰ ডোখৰে চুই গ’ল ৷

    Reply
  • নিভা

    খুব সুন্দৰ গল্পটো। চিন্তনীয় বিষয়বস্তু।

    Reply
  • অভিজিত কলিতা

    ধন্যবাদ সকলোকে।

    Reply
  • জাহ্নৱী

    ভাল লাগিল

    Reply
  • deepjyoti handique

    অগতানুগতিক এটা কাহিনী । বৰ ভাল লাগিল । দুখ এটাই চুই গ’ল ।

    Reply
  • Indra Mohan Borah

    সুন্দৰ লিখনি। হৃদয় চুই গ’ল। লগতে জোকাৰি গ’ল বিবেকক।

    Reply
  • মন্দিৰা

    বৰ ভাল লাগিল ।

    Reply
  • Bitupansaikia

    বৰ হৃদয়স্পৰ্শী অনুভৱ, ভাল লাগিল আপোনাৰ লিখনিটো পঢ়ি।।

    Reply
  • নীলাঞ্জনা

    বৰ ভাল লাগিল দাদা🙏🏽

    Reply
  • Anonymous

    সেই বিশ্বাসটো অতি সহজতে ঘুৰি নাহে দাদা৷এচামে কেতিয়াও আনিবলৈ নিদিয়ে৷তথাপিটো আশাবাদী৷

    Reply
  • mridula

    ভাল লাগিল

    Reply
  • হৃদয়স্পৰ্শী

    Reply
  • parishmita

    বৰ হৃদয়স্পৰ্শী দাদা। পঢ়ি থাকোতে একোবাৰ খং, দুখ, ভয় সকলোবোৰে একেলগে ক্ৰিয়া কৰি আছিল।

    Reply
  • Nabajit

    অতি সুন্দৰ গল্প৷

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    ভাল লাগিল অভিজিত, সুন্দৰ!

    Reply
  • সৰু চহৰৰ কথাবোৰ সচাকৈ সহজে পাহৰি যায়

    Reply
  • বেদান্ত

    বৰ ভাল লাগিল পঢ়ি। লিখি যাওক।

    Reply
  • অভিজিত কলিতা

    সকলোকে ধন্যবাদ; এই গল্পটো আকৌ লিখিব লাগিব।

    Reply

Leave a Reply

Your email address will not be published.