ফটাঢোল

তাবিজ বেগ – ওমপ্ৰকাশ নাথ

: হেৰি মেধি, এ সন্ধিয়াকে এপাক মাৰিবহে আমাৰ ফালে ৷

: হয় নেকি ? এ যাম বাৰু দিয়ক ৷ পিছে ল’ৰা-বোৱাৰী আহিছে বোলে?

: অঁ অঁ, এই দুপৰীয়া পালেহি…

হলিৰাম আৰু ফুলমাইৰ মন আজি হলিৰ দৰে ৰঙীন আৰু ফুলৰ দৰে ফুলাম হৈ আছে৷ কাৰণ? কাৰণ ল’ৰাই বিয়া পাতি ন বোৱাৰীক নতুনে নতুনে নি যি কোৱাৰ্টাৰত সুমুৱালে, তাৰ পিছত এয়া ডেৰ বছৰীয়া ৰোমাঞ্চ শেষ কৰি দ্বিতীয়বাৰলৈ আহিছে ঘৰলৈ পুৰণা হৈ৷ গাঁৱৰ বুঢ়া-মেথাৰ মনত আকৌ সেই বাহি বিয়াৰ দিনাৰ কইনাজনীয়ে হৈ আছে, মানে ন ছোৱালী৷ ছমাহ মান আগতে ল’ৰা অকলে আহিছিল এবাৰ কাৰোবাৰ বিয়া এখনলৈ বুলি৷

হলিৰামে গাঁৱৰ এঘৰৰ পৰা হাঁহ এটা বিচাৰি আনিছে ৰাতিৰ সাঁজৰ বাবে৷ ল’ৰাৰ প্ৰিয় মাংস! সন্ধিয়া সকলো একেলগে বহিল ওচৰৰে ল’ৰা এটাক হাঁহটো কটা-বছা কৰিবলৈ দি৷ বোৱাৰীয়ে চাহ বনাই আনি যতনাই দিলে৷ বনাই আনিলে মানে চেনী পানী গৰমাই তাতে দুটা ৰেভিনিউ টিকটৰ জোখৰ চাহ মোনা দি আনিলে৷ বুঢ়া-বুঢ়ীয়ে প্ৰথমে ভেবা লাগি চাই থাকিল যদিও, পুতেকে খাওক বুলি কোৱাত কিদৰে খাই অনুকৰণ কৰি সূত্ৰ চাই অংক কৰাৰ দৰে হুপি থ’লে৷ ৰাতি হাঁহৰ মাংসৰে উদৰ পূৰাই সকলোৱে এঘুমটি ভালকৈ মাৰিম বুলি ভাবিলে যদিও ইনভাৰ্টাৰ নোহোৱা ঘৰত বিজুলীৰ নাচোনে ঘৰলৈ অহা ধুমকেতু দুটাক সেইকণ সুখ নিদিলে৷ বৰশীত উঠা মাছটোৰ দৰে ছট্‌ফটাই থাকি দুপৰ নিশালৈ কোনোমতে চকু মুদিলে ৷

ৰাতিপুৱাই কোনোবা এজনী সম্পৰ্কীয় পেহীয়েক আহি ওলালহি বোৱাৰী চাবলৈ৷ বিয়াত হেনো আহিব নোৱাৰিলে৷ পিছে বন্ধৰ দিনত সাত বজালৈ বিছনাৰ পৰা নুঠা বোৱাৰীক চাবলৈ আহি এঘণ্টা পৰ দি মন্থৰা(আচল নাম মনোমতী) পেহীৰ অসহ্যই লাগিল৷ কোনোমতে চাৰি আঠ বজাত গা-পা ধুই বোৱাৰী আহি ওলালহি হাতত চাহ মিঠাইৰ ট্ৰে’ লৈ৷ শাহুৱেকৰ ইংগিতত সেৱাটো জনোৱাতহে পেহীয়ে চাহৰ কাপ তুলি ল’লে৷ পিছে চাহৰ মোনা দেখি বুঢ়ী খাবলৈ ইতস্ততঃ কৰিলে৷ বৌৱেকে একো নহয় চহৰৰ চাহ এনেকুৱা বুলি কোৱাত যেনিবা দুহোপমান মাৰিলে৷ বোৱাৰী ইতিমধ্যে ভিতৰ পালেগৈ৷

: এই বইদ’(বৌ), এইজনী দেখোন বৰ সুবিধাজনক নহয় যেন লাগিছে ৷ (ফুচ্‌ফুচাই ক’লে)

: কিয়, কিনো অসুবিধা পালি?

: জানো পাই ইমান দেৰিলৈ গা ধুবলৈ থাকে, আকৌ চাহ দিছে সেয়া৷

: মানে ?

: নহয়, এনেই মানে মাটি-বাৰীৰ কথা কিবা পাতিছে নেকি?

: একেবাৰে মাটি-বাৰীৰ কথা সুধিলি যে?

: নহয় মানে কচোন৷

: অ’ পাতিছে বাবাই বাপেকৰ লগত৷

: সেয়া মই ঠিক ধৰিছোঁ দে৷ বাউ সিহঁত কেতিয়ালৈ যাব?

: থাকিব দুদিন৷ কি ধৰিছ কি কথা বুজাই নকৱনো কিয়?

: এ জানিবি দে৷ কিন্তু এটা কাম কৰিবি, এনেকুৱা চাহ আউ নেখাবি, নহ’লে সৰ্বনাশ হ’ব৷ এতিয়া মই যাওঁ, কাইলৈ পুৱাই এপাক আহিম আকৌ৷

: বোলো শুনিছেনে এই মনোমতীয়ে কিয়বা আমাক সেই পেকেট ভিজাই খোৱা চাহ খাবলৈ মানা কৰি গ’ল৷

: এহ তাইৰ কথা জানাই দেখোন, জ্ঞান বেছি বুলি৷

: ৰ’বচোন তাই কিবা সৰ্বনাশ হ’ব বুলিও কৈ গ’ল আৰু কাইলৈ পুৱাই আকৌ আহিব বুলিও কৈ গ’ল৷

: বাদ দিয়া!

পিছৰ দিনা পুৱাই মন্থৰা আহিল আকৌ বিজয়সূচক হাঁহি এটা মুখত লৈ৷

: অ’ বইদ’, বইদ’ ক’ত আছনো? চাওঁ এইফালে আহচোন৷

ফুলমাই ওলাই আহি,

: অ’ পালিহি ৷ বহচোন মই বোৱাৰীক পাচলিকেইটা কাটি দিওঁগৈ ৷

মন্থৰাই হাক দি উঠিল,

: এ ৰ ৰ, মো কথা শুনি ল আগতে ৷ সিহঁত ইমানদিন পিছত আহোঁতেই মো মনটোৱে চেঙাইছিল৷ কালি মই তাৰিণী বেজ ওচৰলৈ গৈছিলোঁ নহয় এই চাহ খাবলৈ দিয়া পেকেটটো লৈ৷ বেজে চাই মই ভবাটোৱে কৈ দিলে নহয় ৷

: কি ক’লেনো সেই আধতুৱা বেজটোৱে ?

: এইটো চাহ খোৱা পেকেট বনাই আনিছে হয়, কিন্তু এইটো তাবিজহে ৷ তহঁতক চাহ লগত অসুদ(ঔষধ) খুৱাই তাই বশ কৰি লৈ মাটি-বাৰী গোটেইখিনি হাত কৰি ল’বলৈ আহিছে!

: কি ?

: অ’তো ৷ মই এইবোৰ দহঘৰ ঘূৰি ফুৰোঁ গতিকে সৱ বুজি পাওঁ ৷

: হয় নেকি পেহী ?
ভতিজাকৰ মাতত বুঢ়ী থত্‌মত্‌ খালে ৷

: সেইটো তাবিজ? আৰু আমি মাটি ল’বলৈ আহিছোঁ? তই সলনি নহ’লি আৰু পেহী৷

: ম মই কি জানো, বেজেহে কৈছে৷

: এতিয়াও বেজৰ কথা শুনাৰ দিন আছেনে? উহ্‌, সেইটো তাবিজ নহয়, সেইটো  টি বেগ বুলি কয় পেহী, টি বেগ!

☆ ★ ☆ ★ ☆

3 Comments

  • ডলী তালুকদাৰ

    হাঃ হাঃ।ভাল লাগিল

    Reply
  • Chandana Das

    বৰ ভাল লাগিল

    Reply
  • Anonymous

    এনেকুৱা হয় অন্ধবিশ্বাস থকা সমাজত।
    পিছে, ভাল লাগিল।।।।

    Reply

Leave a Reply

Your email address will not be published.