ফটাঢোল

তাহানিৰ গাঁওখনৰ কথাৰে-দ্বীজেন তামূলী

ওপজা গাঁওখনৰ কথাবোৰ হয়তো কোনেও পাহৰিব নোৱাৰে৷ সৰু কালৰেপৰা উমলি-জামলি বোকা পানী গচকি ডাঙৰ-দীঘল হোৱা এই গাঁওখনৰ বহু কথা এতিয়া মনত পৰে৷ তাহানিৰ গাঁওখনৰ লগত অৱশ্যে এতিয়াৰ গাঁওখন কিছুমান ক্ষেত্ৰত সম্পূৰ্ণ অমিল দেখা যায়৷ তাহানিৰ গাঁওখনৰ মানুহবোৰৰ সৰহ সংখ্যকেই  আজিৰ তুলনাত নিৰক্ষৰ আছিল বা শিক্ষা-দীক্ষাত পিছপৰা আছিল কিন্তু সমাজৰ যি বান্ধোন বা সামাজিক ঐক্যবদ্ধতা এতিয়াৰ তুলনাত বহুত ওপৰত আছিল৷ ইঘৰৰ লগত আনঘৰৰ মিলাপ্ৰীতি সহায় সহযোগীতা এতিয়াতকৈ নিশ্চিতভাৱে বহু গুণে বেছি আছিল৷ সৰু সুৰা দন্দ কাজিয়া আদি সমাজৰ লোকেই নিষ্পত্তি কৰিছিল গাঁৱৰ নামঘৰত বহি৷ আনকি মাটি-বাৰীৰ হিচাপ-নিকাচ, ভাগ-বতৰাও সমাজৰ বৰমূৰীয়াসকলেই কৰি দিছিল আৰু দুয়োপক্ষৰ লোকে সমাজৰ ৰায় মানিবলৈ বাধ্য হৈছিল৷ ৰাতি দুপৰলৈকে সমাজৰ মেল বহি হ’লেও একোটা সমাধান উলিয়াইছিল৷ একোদিন ৰাতি নামঘৰৰ চোতালত মেল এনেকৈ জমিছিল যে দুয়োপক্ষৰ সন্মতি নহোৱাত বিভিন্ন মতবাদ উচ্চস্বৰে কটাকটি হৈ শেষত জুৰি বহিছিল৷ জুৰি হৈছে সমাজৰেই কেইজনমান গুণীজ্ঞানী ব্যক্তিক একাষৰীয়া কৈ লগ হৈ দুয়ো পক্ষৰ হৈ ৰায় দিবলৈ অনুমতি দিয়া হৈছিল আৰু গোচৰটোৰ এটা সমাধান তেখেতলোকে দিছিল৷

এই সকলোবোৰৰ উপৰিও আমাৰ অসমীয়াৰ সমাজিক আৰু ধাৰ্মিক উৎসৱ-পাৰ্বনৰ সময়ত মানুহৰ মাজত যি মিলাপ্ৰীতিৰ নিদৰ্শন আছে আজি হয়তো সেইবোৰ নেদেখাবোৰে বিশ্বাস কৰিবলৈ টান পাব৷ বিশেষকৈ ভোগালী বিহু, কৃষ্ণ জন্মাষ্টমী, দীপাৱলী, কাতিবিহু, পালনাম, পূজা-পাৰ্বনৰ সময়ত মানুহখিনিৰ অকত্য মৰম চেনেহৰ নিদৰ্শন পোৱা গৈছিল৷

বিয়া সবাহ আহিলে খৰি ফলা, ৰভা সজোৱা, মন্দপ সজোৱাৰ দায়ীত্ব চুবুৰিৰ ডেকা-বুঢ়াসকলেই ভগাই লৈছিল৷ নাছিল এতিয়াৰ দৰে জাকজমকীয়া টেণ্ট হাউচৰ ব্যৱস্থা, নাছিল কোনো কেটাৰিং বাহিনী৷ অতি দুখীয়া হ’লে ৰাইজে লগ হৈ সহায় সাহায্য দি হ’লেও সকাম চলাই নিছিল৷ অভাবৰ বাবে যদিও বহুতে লঘোণে থাকিবলগীয়া হৈছিল সমান্তৰালভাৱে ইঘৰে সিঘৰৰ লগত বয়-বস্তু ধাৰে অনা নিয়াৰ ব্যৱস্থাও আছিল আৰু সময়ত সেই বস্তুটো ধাৰ মাৰি দিছিল৷ সেই সময়ত বিজুলী যোগান সকলোৰে ঘৰত নাছিল আৰু কেৰাচিনৰ নাটনিয়ে বাৰুকৈ জ্বলাকলা খুৱাইছিল৷ ইঘৰে সিঘৰৰপৰা কেৰচিন বিশেষকৈ চাকিৰ সহায়ত আদান প্ৰদান কৰা দেখা গৈছিল প্ৰায় সকলোবোৰ বস্তুৱেই এনেকৈ আদান প্ৰদান প্ৰথা গাঁওখনৰ এটা নিত্যনৈমিত্তিক ঘটনা আছিল৷

গৰখীয়াবোৰে আবেলি পৰত পথাৰৰপৰা যেতিয়া গৰু চৰি ঘৰমুৱা হৈছিল বিভিন্নজনে বিভিন্ন গীত আঁওৰাই অহা দৃশ্যটো বৰ আমোদজনক আছিল৷ বিভিন্ন থলুৱা খেল-ধেমালিৰ লগতে কাবাদী ফুটবল আদি আছিল পথাৰৰ আন কিছুমান আকৰ্ষণ৷ ইয়াৰে বহু খেল হয়তো এতিয়া কালৰ সোঁতত বিলীন হৈ গ’ল৷ ঠিক সেইদৰে বহুতো সাধুকথা, সাঁথৰ, প্ৰবচন, মুখৰোচক কাহিনী আদি আজিকালি গাঁও অঞ্চলত শুনিবলৈ নোপোৱা হ’লোঁ৷ যিবোৰ বিভিন্ন সময়ত কুটিৰ শিল্পীসকলে একেলগে বহি কাম কৰোঁতে আড্ডা জমাই তুলিছিল৷

বতৰৰ ফল আম, কঁঠাল, লিচু, লেটেকু আদি চুৰি কৰি খাওঁতে কিমান যে কাহিনী মনত পৰিলে গাঁওখনৰ সেই অতীত স্মৃতিবোৰে কাকনো আমনি নকৰিব নহয়নে? গাঁঁৱৰ সমূহীয়া পুখুৰীত বা নদীৰ ঘাটলৈ পানী আনিবলৈ যোৱা জীয়ৰী বোৱাৰীসকলৰ এটা নিত্যনৈমিত্তিক কাম আছিল৷ কণ্ঠ শিল্পী অপূৰ্ব বেজবৰুৱাৰ “পানী অনা চলেৰে নৈৰে ঘাটলৈ” শীৰ্ষক গীতটো ইয়াৰেই ফলশ্ৰুতি নহয় জানো? খেতি পথাৰত সাউৰি দিয়া, একহৈ নদী-বিল আদিত মাছ ধৰা আদি দৃশ্যবোৰ আজিৰ ল’ৰা-ছোৱালীয়ে নেদেখাকৈ আনন্দৰ সীমা নিৰ্ধাৰণ কৰিব নোৱাৰিব৷ কৰবাত চোৰ ওলালেই ৰাতি ডবা-শংখ বজাই ৰাইজে জাৰণি, বস্তি আদি ঘেৰাও কৰি চোৰ ধৰা পেলাইছিল৷ ভুত-প্ৰেত আদিৰ উমান পালে বেজে জ্বৰা-ফুঁকা কৰি গাঁওখনৰ ঘৰে ঘৰে সৰিয়হ জাপজৰি আদি দি এক অনন্য পৰিবেশ সৃষ্টি কৰছিল৷ গাঁওখনৰ এনে কিছুমান লোক আছিল তেখেতলোকে প্ৰায় সকলো সময়তে ৰসিকতা ভৰা কথাৰে হাঁহি-ধেমালিৰে কটাইছিল৷ আৰ্থিকভাৱে জুৰুলা হ’লেও কথা-বতৰাই তেখেতসকলৰ দৈন্যতাৰ উমান আনে পোৱা নাছিল৷ গাঁওখনৰ দুই এজন মানুহক সকলোলোকে উপনাম দি মাতি খং উঠোৱা কাৰ্যটো আছিল নিৰ্দোষ ধেমালিৰ আন এটা উৎকৃষ্ট উদাহৰণ৷ এনেধৰণৰ সোণসেৰীয়া কথাবোৰ মনত পৰিলে আজিও নষ্টালজিয়া হৈ পৰোঁঁ৷

☆ ★ ☆ ★ ☆

2 Comments

  • হেমন্ত কাকতি

    ভাল লাগিল তামুলী৷ স্মৃতি ৰোমন্থন হৈ গ’ল৷

    Reply
  • দীক্ষিতা

    আমাৰ মনত থকা কালৰ পৰা এতিয়ালৈকে গাঁওবোৰৰ দৃশ‍্যপট যথেষ্ট সলনি হ’ল। বিশেষকৈ বিহুৰ বতৰত সেই শৈশৱৰ গাঁওখন বিচাৰি হাবাথুৰি খাওঁ। আপুনি লিখা কথাবোৰ তাতকৈও পুৰণি, মই নেদেখা কিছু পৃথক পটভূমিও আছে। কিন্তু গাঁওবোৰ যে গাঁৱেই, সদায় হেঁপাহৰ সদায় আদৰৰ।

    Reply

Leave a Reply

Your email address will not be published.