ফটাঢোল

তিতা কেৰেলা – ৰাণা গগৈ

আজিৰ সমাজত এই কথাটো অৱশ্যে নোহোৱা হ’ল। কিন্তু এসময়ত লোকবিশ্বাস আছিল যে ঘৈণীয়েকে গিৰীয়েকৰ নাম নিজ মুখে ল’ব নাপায় অথবা গিৰীয়েকৰ নাম কোৱাৰপৰা যিমান পাৰি বিৰত থাকিব লাগে।

এনে বিশ্বাসত বিশ্বাসী এগৰাকী মহিলাৰ গিৰীয়েকৰ নাম আছিল ‘তিতেশ্বৰ’। মানুহৰ মুখত পৰি ‘তিতেশ্বৰ’ হ’লগৈ ‘তিতা’। দূৰ-দূৰণিলৈকে তিতেশ্বৰক সকলোৱে ‘তিতা’ বুলিয়েই জানে। বয়সত সৰু লোকসকলে তিতা-কাইদেউ, তিতা-খুৰা, তিতা-বৰ্ত্তা ইত্যাদিৰে সম্বোধন কৰিছিল।

এবাৰ তিতেশ্বৰ অৰ্থাৎ তিতা যোৰহাটৰ তিতাবৰলৈ গৈছিল। তিতাবৰৰ বজাৰৰপৰা তিতাই বাচি বাচি কিছুমান তিতা কেৰেলা কিনি আনিছিল। দুৰ্ভাগ্যবশতঃ তিতা কেৰেলাবোৰৰ সোৱাদ আছিল বিধুম তিতা।

দুপৰীয়া সাঁজত ৰন্ধা মহিলাগৰাকীয়ে কেৰেলাৰ ভাজি তিতাৰ কোবত খাব নোৱাৰি আধাতে এৰিলে। আবেলি সময়কণ মহিলাৰ মেল মৰাৰ সময়। এই মেলত আন মহিলাসকলক এই কথাটো, অৰ্থাৎ অলপতে গিৰীয়েকে অনা তিতা কেৰেলাবোৰ যে বিধুম তিতা, ক’বলৈ মন গ’ল। পিছে কয় কেনেকৈ? গিৰীয়েকৰ নামো যে তিতা। ঘৈণীয়েকে গিৰিয়েকৰ নাম যে ল’ব নাপায়! কিন্তু মহিলাগৰাকীয়ে এই কথাটো অৱশেষত কৈহে এৰিলে। কেনেকৈ? কথাষাৰ ক’লে এনেকৈ —

“আমাৰ তেখেত সিদিনা তেখেতবৰলৈ গৈছিল। তেখেতবৰৰপৰা তেখেতে তেখেত-কেৰেলা কিনি আনিছিল। তেখেত কেৰেলাবোৰ যে ইম্মান তেখেত!”

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.