ফটাঢোল

তিৱা লোক-সংস্কৃতিৰ প্ৰচাৰবিমুখ শিল্পী শ্ৰীযুত খৰ্গেশ্বৰ বৰদলৈৰ সৈতে কিছু সময়-মুংচাজ’ বৰ্ণালী আম্ফি মান্তা

অসমৰ শিল্পসমূহৰ ভিতৰত মুখা শিল্পৰ এক উল্লেখযোগ্য অৱদান আছে৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অংকীয়া ভাওনাসমূহত থকা বিভিন্ন চৰিত্ৰৰ মুখমণ্ডলৰ হুবহু ৰূপ দিবলৈ শিল্পীয়ে সুদক্ষ হাতেৰে মুখাসমূহ সাজে৷ গৰুণ্ড পক্ষী, বাঘ, যখিনী, ঘৰিয়াল, বৰাহ আদিৰ মুখা হুবহু সাজি তাত তুলিকাৰে অংকিত কৰি সম্পূৰ্ণ ৰূপ ফুটাই তুলে৷ কিন্তু এইখিনিতে এটা কথা উল্লেখনীয় যে মহাপুৰুষজনাই অসমৰ জাতি-জনজাতিৰ শিল্প-কলা, সাহিত্য-সংস্কৃতিৰ বাৰেৰহণীয়া কৃষ্টিৰ চানেকিবোৰ গোটাই এক কৰিছিল৷ কোৱা হয় জনজাতিসকলৰ ডেকাচাঙৰ আৰ্হি লৈ নামঘৰ সজা হৈছিল৷ মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰি যোৱা মুখা শিল্পৰো মূল আৰ্হি জনজাতিবোৰৰ পৰম্পৰাগত কিছু শিল্প৷

এজন সহজ-সৰল গঞা লোক৷ পিন্ধনত আঁঠুমূৰীয়া চুৰীয়াৰে তেনেই সাধাৰণ ব্যক্তিত্ব৷ ষাঠিৰোৰ্ধৰ এই ব্যক্তিজনে পিছে একান্ত নিৰলস প্ৰচেষ্টাৰে ব্ৰতী হৈ আছে বিগত পোন্ধৰ বছৰ ধৰি এক আপুৰুগীয়া শিল্প সাধনাত৷ ফটাঢোল ই-আলোচনীৰ এই সংখ্যাৰ ‘শিল্পী পৰিচিতি’ শিতানৰ অতিথি, তিৱা জনগোষ্ঠীৰ মুখা শিল্পী শ্ৰীযুত খৰ্গেশ্বৰ বৰদলৈ

মৰিগাঁও জিলাৰ অন্তৰ্গত জাগী তেতেলীয়াৰ নিবাসী শ্ৰীযুত খৰ্গেশ্বৰ বৰদলৈ৷

বৰ্ণালী : ফটাঢোলৰ তৰফৰ পৰা আপোনাক স্বাগতম জনালোঁ৷ ফটোঢোলৰ পাঠকসকলৰ সৈতে আপোনাক চিনাকি কৰি দিবলৈ পায় আমি আনন্দিত৷ মুখা শিল্পৰ ক্ষেত্ৰত নীৰৱে আৰু নিৰালস্যভাৱে অৰিহণা যোগাই অহা কথাবোৰ জনাৰ উদ্দেশ্যৰেই আমি আজি এই কথোপকথন আৰম্ভ কৰিম৷

খৰ্গেশ্বৰ বৰদলৈ : প্ৰথমে মই ফটোঢোল আলোচনীৰ সমূহ পঢ়ুৱৈলৈ আন্তৰিক নমস্কাৰ জনালোঁ লগতে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ মই মোৰ সীমিত জ্ঞানেৰে যিমান দূৰ সম্ভৱ মুখা শিল্পৰ বিষয়ে ৰাইজক জনাবলৈ চেষ্টা কৰিম৷

বৰ্ণালী : পোনপ্ৰথমে আমি জানিব বিচাৰিম যে এই মুখাশিল্পৰ সৈতে আপুনি এতিয়া জড়িত নে পৰম্পৰাগতভাৱে গোটেই পৰিয়াল জড়িত হৈ আহিছে? এই বিষয়ে অলপ বহলাই ক’ব নেকি?

খৰ্গেশ্বৰ বৰদলৈ : মই জন্মগ্ৰহণ কৰাৰ লগতে য’ত এতিয়াও বসবাস কৰি আছোঁ, তেতেলীয়া নামৰ এই ঠাইখন অসমৰ এক অন্যতম জনগোষ্ঠী তিৱাসকলৰ এক আড়ম্বৰপূৰ্ণ উৎসৱ ‘বৰত’ৰ বাবে বিখ্যাত৷ তেতেলীয়া ৰজাৰ ৰাজত্ব চলাৰ দিনৰে পৰা পৰম্পৰাগতভাৱে পালন কৰি অহা এই উৎসৱ হ’ল মুখা প্ৰধান৷ তেতেলীয়া ৰজাৰ অন্তৰ্গত যিমানবোৰ গাঁও আছিল বা আছে সকলোৱে নিজ নিজ গাঁৱৰ হৈ এই উৎসৱত মুখা সাজি পিন্ধি ঢোলৰ ছেৱে ছেৱে নৃত্য পৰিবেশন কৰিছিল৷ এই বৰত উৎসৱ আকৌ আমাৰ আজোককাহঁতৰ দিনত বছৰি কৰা হৈছিল৷ তাৰ পিছৰে পৰা উৎসৱটো অতি ব্যয়বহুল তথা স্থানীয় ৰাইজৰ আগ্ৰহ কমি অহাৰ বাবে দুই তিনি বছৰৰ মূৰত পতা হ’ল৷ মাজতে দহ বছৰ ধৰি পাতিব পৰা নাছিল৷ গতিকে এই উৎসৱৰ আয়োজন কমি অহাৰ লগে লগে মুখাৰো প্ৰয়োজন নাইকিয়া হৈছে আৰু মুখাশিল্পৰ প্ৰসাৰ প্ৰচাৰ প্ৰায় বন্ধ হৈ পৰাৰ দৰে৷ যিমান দূৰ পাৰোঁ এই হাত দুখনেৰে শিল্পটো জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ, কৰি যাম৷

বৰ্ণালী : এই অঞ্চলত এতিয়াও গাঁৱে গাঁৱে মুখা সজা লোক আছেনে?

খৰ্গেশ্বৰ বৰদলৈ : কোনো নাই বুলিবই পাৰি৷ বিশেষ আগ্ৰহো দেখা পোৱা নাই নতুন চামৰ মাজত৷ মোৰ পিতৃ ৺ধৰ্মচিং বৰদলৈৰ জীৱিত কালত এই অঞ্চলৰ প্ৰায়বোৰ গাঁৱেই বৰত উৎসৱৰ সময়ত দেউতাকে মুখা সজাৰ দায়িত্ব দিছিল৷ গতিকে সেই গাঁওবোৰত অভ্যাস আৰু ব্যৱহাৰ নোহোৱাৰ ফলত মুখাশিল্প একেবাৰেই লোপ পালে৷

বৰ্ণালী : আপুনি কিমান বছৰৰ আগৰ পৰা মুখাশিল্পৰ সৈতে জড়িত?

খৰ্গেশ্বৰ বৰদলৈ : মোৰ পিতা জীয়াই থকা সময়ছোৱাত মই এই কামটো বৰ এটা আগ্ৰহেৰে লোৱা নাছিলোঁ৷ তেওঁ যেতিয়া দিনে-নিশাই মুখা বনোৱা কামত লাগি থাকে মই কেতিয়াবা ওচৰতে বহি এপাক চাওঁ, মনোযোগো দিয়া নাছিলোঁ৷ সেই কথাটোৰ বাবে মোৰ এতিয়া অনুতাপো হয়৷ সময়ত মই এই সাধনাক অন্তঃকৰণে লোৱা হ’লে আজি এই শিল্পক হয়তো আৰু এঢাপ ৰাইজৰ মাজলৈ নিব পাৰিলোঁ হয়৷

 পিতা ঢুকুৱাৰ তিনি বছৰমানৰ পিছত, চনটো ঠিক পাহৰিলোঁ৷ গুৱাহাটী কলাক্ষেত্ৰত এক অনুষ্ঠান আছিল৷ তিৱা কৃষ্টি সমাৰোহ হিচাপে সদৌ অসম তিৱা ছাত্ৰ সন্থাই আয়োজন কৰিছিল এই অনুষ্ঠান৷ তাৰপৰাই আমালৈ এটা অনুৰোধ আহিল যে এই তেতেলীয়া অঞ্চলৰ পৰা সেই অনুষ্ঠানলৈ ‘বৰত’ উৎসৱটোক প্ৰদৰ্শনৰ বাবে নিব লাগে৷ আমি মহা বিপাঙত পৰিলোঁ, কাৰণ তেতিয়া মোৰ পিতৃৰ মৃত্যু হোৱাত সেই অঞ্চলত মুখা সজা দ্বিতীয় এজন ব্যক্তি নাছিল৷ তেতিয়াই সদৌ অসম তিৱা ছাত্ৰ সন্থাৰ বহুকেইজন হিতাকাংক্ষীয়ে মোক সাহস দিলে বোলে আপোনাৰ পিতৃৰ অবৰ্তমানত আপুনিয়ে পাৰিব লাগিব আমাৰ এই পৰম্পৰা জীয়াই ৰাখিবলৈ৷ জাতিটোৰ প্ৰতি এইটো আপোনাৰ দায়িত্ব৷ তেওঁলোকৰ সেই সাহস, শুভেচ্ছাকে খামোচ মাৰি ধৰি মুখা বনোৱাৰ অনুশীলন কৰিলোঁ আৰু সফলো হ’লোঁ৷ আজি পোন্ধৰ বছৰে মুখা বনাই আহিছোঁ৷ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ মাজলৈ এই শিল্পক উলিয়াই দিবলৈ প্ৰাণে পণে চেষ্টা কৰিছোঁ৷

বৰ্ণালী : মুখাবোৰ আপুনি কিহৰে তৈয়াৰী কৰে?

খৰ্গেশ্বৰ বৰদলৈ : প্ৰথমে বাঁহৰ তমালেৰে কোনো জন্তু বা যখিনীৰ আকৃতি বোৱাৰ পিছত তাত এখন পাতল কাপোৰ চিলাই দিয়া হয়৷ তাৰ ওপৰত গোবৰ আৰু খুব কম পৰিমাণৰ মাটি মিহলি কৰি এটা মিশ্ৰণৰে আকৃতিটোৰ চকু কাণ, নাক মুখ বনোৱা হয়৷ মাটিতকৈ গোবৰৰ পৰিমাণ এইবাবে বেছি দিয়া হয়, গোবৰ শুকাই যোৱাৰ পিছত মাটিত মৰিলেও নাভাঙে৷ কিন্তু মাটি বেছি হ’লে ভঙাৰ আশংকা থাকে৷ লগতে মাটিৰ বেছি ওজন বাবে সেইটো মুখা পিন্ধি নচাত নাচনীয়ে অসুবিধা পায়৷ মুখাৰ ৰঙবোৰ আগতে এঙাৰ, কেৰাহীৰ তলৰ ছাই, চূণ, হালধিৰে ঘৰতে তৈয়াৰ কৰা হৈছিল৷ এতিয়া বজাৰত নানা ধৰণৰ ৰঙবোৰ উপলব্ধ হোৱাত মুখাত সেই ৰঙকে ব্যৱহাৰ কৰা হয়৷

বৰ্ণালী : আপোনাৰ এই কৰ্ম তথা সাধনাৰ বাবে কাৰোবাৰ পৰা স্বীকৃতি পাইছেনে?

খৰ্গেশ্বৰ বৰদলৈ : ২০১৬ চনত সদৌ অসম ছাত্ৰ সন্থা, মৰিগাঁও জিলা ছাত্ৰ সন্থা, জাগীৰোড ছাত্ৰ সন্থা আদিবোৰে লগ লাগি মোক শিল্পী হিচাপে সম্বৰ্ধনা জনায়৷ জাগীৰোড মাৰ্কাংকুছিত অনুষ্ঠিত হোৱা সেই সম্বৰ্ধনা অনুষ্ঠানত অসমৰ ভালেকেইজন বৰেণ্য ব্যক্তিৰ উপস্থিতিত প্ৰায় পোন্ধৰজন মান শিল্পীক সম্বৰ্ধনা জনোৱা হয়৷ তাৰপিছত ২০১৯ চনত তিৱা কাণ্ঠিজুৰি চাল, জাগীৰোডৰ ফালৰপৰা মোক ‘ফা ইন্দ্ৰচিং দেউৰী’ৰ তিৱা লোক-সস্কৃতিৰ জীৱনজোৰা সাধনা বঁটা দিয়া হ’ল৷ তেনেদৰে বহু ঠাইত বহু লোকে সন্মান দিছে, কিছুলোকে উপলুঙা কৰিছে৷ কিন্তু মই মোৰ তিৱা জাতিটোৰ প্ৰতি, অসমৰ পৰম্পৰা, কলা-সস্কৃতিৰ প্ৰতি থকা দায়িত্ববোধক কান্ধ পাতি এই মুখাশিল্পক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু কৰি যাম৷

বৰ্ণালী : মুখাশিল্পৰ বিষয়ে আপোনাৰ পৰা কথাখিনি জানিব পাৰি আমি সুখী হৈছোঁ৷ আমি আশা কৰিছোঁ আপোনাৰ এই সাধনাৰ বাৰ্তাই আমাৰ পাঠকক তথ্যসমৃদ্ধ হোৱাত সহায় কৰিব৷ কৰ্মব্যস্ততাৰ মাজতো আপুনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে পুনৰবাৰ ফটাঢোলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.