ফটাঢোল

তুলা-ধুনা – মানবেন্দ্ৰ কুমাৰ শৰ্মা

অস্থি চৰ্মসাৰ দেহৰ বয়োজ্যেষ্ঠ মানুহজন জপনাখন খুলি চুচুক-চামাককৈ সোমাই আহিল৷ অচিনাকি মানুহ এজন এনেদৰে সোমাই অহা দেখি মই অলপ চিন্তাত পৰিলোঁ৷ দিন-কাল ভাল নহয়৷ কোন, কেতিয়া, কি উদ্দেশ্যৰে আহে একো ধৰিব নোৱাৰি৷ এনেও নহয় যে আমাৰ বাহিৰে বেলেগক বিচাৰি আহিছে৷ এই ঘৰত আমাৰ বাহিৰে আৰু কোনোৱেই নাই৷

মই তেখেতলৈ কৌতূহলেৰে চালোঁ৷ এই প্ৰচণ্ড শীততো মানুহজনৰ শৰীৰৰ ওপৰৰ অংশত পিন্ধনত কেৱল এটা উৱলি যোৱা চোলা; হয়তো একালত ৫-৬ ইঞ্চিৰ কাৰোবাৰ বুকুত শোভা বৰ্ধন কৰি সময় উকলি যোৱাত সি বানগ্ৰস্থ কোনোবা আৰ্তজনৰ সহায় হ’বলৈ এচূকত পৰি আছিল৷ পেণ্টৰ নামত পিন্ধাটোও যেন আঢ়ৈমোনী মৰাপাটৰ বস্তা এটাহে; কঁকালত ৰচী এডালেৰে এনেদৰে বান্ধি ৰাখিছে যাতে সেইটো তললৈ খহি আচ্ছাদিত মস্কোৰ ঘণ্টাই কোনোমতে মুখ নেদেখুৱায়৷ মানুহজনৰ এহাতত দগা-পাল্লা, আনখন হাতত এখন বস্তা৷ সগৰ্ভা নাৰীৰ দৰেই ওফোন্দি আছে বস্তাখন৷
মানুহজন মোৰ ফালেই আগবাঢ়ি আহিল৷ কিবা এষাৰ সুধিম বুলি মুখ মেলোঁতেই তেখেতে ক’লে, ’আলীয়ে পঠাইছে৷’
মোৰ মনৰ সংশয় তেতিয়াহে দূৰ হ’ল৷ আলীয়ে পঠাইছে মানে মানুজন ভয়ৰ কাৰক নহয়৷ পিচে মনত নতুন চিন্তা এটা সোমাল- তেখেতৰ যিহে চেহেৰা, এই কংকালসাৰ দেহাৰে কামতো ঠিকমতে কৰিব পাৰিব জানো? শীতত ঠক্‌ ঠক্‌কৈ কঁপি থকা মানুহজনৰ কামৰ মাজত একো বিঘিণি নঘটেতো!

দুজনমান শুভাকাংক্ষীয়ে মোক কৈ আছিল যে কঁকালৰ বিষ হ’লে অকল ডানলপৰ ওপৰত শুলে বিষটো বেছিহে হয়; ডানলপৰ ওপৰত তুলি এখনো পাৰিলে এই সম্ভাবনা সিমান নাবাঢ়ে৷ বিনা পইচাত আনৰ পৰা অফুৰন্তকৈ উপদেশতকৈ বেলেগ কিহবাৰ আশা কৰা ভুল৷ সেয়াও কেতিয়াবা কণা হাঁহক ফৰ্মূটি মৰাৰ দৰে লায়কৰ হৈ পৰে৷ কঁকালত কোব খাই লেকেচিয়াই লেকেচিয়াই খোজ দিয়া কুকুৰৰ দৰে মোৰো একেই অৱস্থা৷ সেয়েহে আগদিনা আলীৰ দোকানত সৱ বন্দোবস্তি কৰি আহিছিলোঁ৷ আলী কথাৰ মানুহ৷ সেয়ে যেনেকৈয়ে নহওক মোক কথা দিয়া মতে পুৱাই মানুহ এজন পঠাইছে৷
তেখেতে এখন ডাঙৰ বস্তা খুজিলে৷ আনি দিলোঁ৷ সেইখন চোতালত পাৰি তেখেতে অনা বস্তাখনৰ ভিতৰৰ পৰা তুলা উলিয়াই তাত সিঁচৰিত কৰি দিলে৷ মই অলপ জুমি জুমি চালোঁ৷ তেনেদৰে চোৱা দেখি তেখেতে ক’লে, ’চিন্তা নকৰিব৷ আলীয়ে আপুনি কোৱামতে এক্কেবাৰে শিমলুৰ তুলাহে দি পঠাইছে৷ ’
কথাটো মোৰ সঁচা যেনেই লাগিল; ঠায়ে ঠায়ে শিমলুৰ গুটিয়ে দাঁত নিকটাই হাঁহি আছে৷ আৰু আলীয়ে মোক নঠগিব যেনো লাগে৷ মানুহজন আচলতে যদিও বিহাৰৰ, মই ইয়ালৈ অহাৰ পিছৰে পৰা তেখেতৰ দোকানত পোৱা বস্তুবোৰ তাতেই কিনাৰ অভ্যাস এটা গঢ় লৈ উঠিল৷ এই অভ্যাসে লাহে লাহে দুয়োজনৰ মাজত আন্তৰিকতাৰ ৰূপ দিলে৷ তেনে সম্পৰ্কৰ কাৰোবাক ঠগিব পাৰে জানো?
তেখেতে কাম আৰম্ভ কৰাৰ আগতেই শ্ৰীমতীয়ে চাহ আৰু বিস্কুট দিলে৷ চাহ, বিস্কুট খাই তেখেতৰ মুখত হাঁহি বিৰিঙিল৷
কথা পাতি গম পালোঁ, তেখেত বিহাৰৰ পৰা দুদিনমান আগতেহে আহি পাইছে৷ এইবাৰ আহোঁতে ল’ৰাজনকো লগত লৈ আহিল, ঘৰত এনেয়ে বহি থকাতকৈ ইয়াত দুপইচা সহজে ঘটিব পাৰিব৷ তেখেতৰ ইয়াত পিন্ধিব পৰা ধৰণৰ ভাল স্পৰ্টিং এটা আছে যদিও সেইটো ল’ৰাজনৰ বাবে এৰি থৈ আহিছে৷ নহ’লে কামত ওলাই যাওঁতে সি লাজ কৰিবও পাৰে৷ দুদিনমান কাম কৰি পইছা অলপ পালে প্ৰয়োজনীয় কানি-কাপোৰ দুই-এপদ কিনি ল’ব৷
মানুহজনে বাঁহৰ লাঠি এডাল উলিয়াই তুলাখিনি ধুনিব ধৰিলে৷

**********

সচৰাচৰ মহামানৱ সকলৰ মনত কিছু বিচিত্ৰ চিন্তাই পাক লয়৷ সকলোৱে পূব ফালে খোজ দিলে তেওঁলোকে প্ৰায়েই পশ্চিম ফালে খোজ দিব খোজে৷ কেতিয়াবা এনে লাগে যেন গেলিলিও বা কপাৰনিকাছৰ কিছু নৱতম সংস্কৰণে আজিকালিৰ কিছু মানৱৰ শৰীৰত নকৈ ভৰ কৰিছে৷ এই ব্যতিক্ৰমী স্বভাৱৰ বাবে জীৱিত কালত তেওঁলোকে কমখন নগুৰ-নাকতি ভুগিব লগা হয়নে? ভাত-কাপোৰৰ চিন্তাও তেওঁলোকৰ আজীৱনৰ এক অপৰিহাৰ্য সংগী৷ কিছুমান ক্ষেত্ৰত এনে অলপ চমৎকাৰ মিল দেখি প্ৰায়েই এনে লাগে যে পূৰ্বজন্মত মোৰো নিশ্চয় এক মহাপুৰুষ ৰূপেই আবিৰ্ভাব ঘটিছিল৷ আৰু পূৰ্বজন্মৰ দোষ-গুণ আনটোজন্মলৈ সুঁচৰিবই দিয়কচোন৷ মোৰ এই বিচক্ষণ গুণটোৰ সৌৰভ এতিয়ালৈ ৰৌজাল-বৌজাল নহ’লেও তাতনো কিডাল হ’ল? ইতিহাস সাক্ষী, মহান হিচাপে উপযুক্ত স্বীকৃতি পাবলৈ হ’লে মৃত্যুৰ পিছৰ কিছু পীৰিলৈ বাট চাব লগা হোৱাতো অইন এটা অমোঘ চৰ্ত৷
সিদিনাও তুলা ধুনা সেই লাঠিডাল দেখি মোৰ মূৰত বিচিত্ৰ চিন্তাৰ জোৱাৰ উঠিল৷ সঁচাকৈয়ে লেপ-তুলি আদি ধুনিবলৈ এনে এটা যতন অনিবাৰ্য! বাঁহ এটা কিনি আনি এনে নিমজকৈ বনাব পাৰিমনে? চিৰিজ পেপাৰেৰে ঘঁহিলে এনেকুৱা নিমজ হ’বনে! সিমান কষ্ট কৰাতকৈ সহজতে দেখোঁ এটা কাম কৰিব পাৰোঁ!
মই শ্ৰীমতীক ক’লোঁ, ’ মানুহজনক দেখি এনে নালাগেনে যে তেখেতে কিজানি দুদিনমান ধৰি পেট ভৰাইও খাব পোৱা নাইই৷ এটা কাম কৰোঁ দিয়া, মই বজাৰৰ পৰা অলপ মাংস আনো, তুমি তেখেতলৈও ভাতৰ যোগাৰ কৰা৷ ’
এনে ক্ষেত্ৰত শ্ৰীমতী সদায় মোৰ সহযোগী৷ পিছৰটোত কিন্তু মোৰ খুদুৱনি আছে৷ সেয়ে অলপ ভয়ে ভয়ে সুধিলোঁ, ’পুৰণি চুয়েটাৰ-টুয়েটাৰ জাতীয় কিবা এটা হ’ব নেকিহে? ’
ভবা মতেই বিস্ফোৰণ ঘটিল, ’তোমাৰ নিজৰেই নাই, সকলোতে দানবীৰ হৈ জহাব নালাগে৷ কিমান দিন ক’লোঁ বোলো চুয়েটাৰ এটা কিনা৷ পিছে ইমান বছৰে মোৰ কথা শুনিলানে? বিয়াৰ পিছত এই আঠ বছৰে যি দেখিলোঁ ঠাণ্ডাৰ দিনত পিন্ধা তোমাৰ সেই একেডালেই জেকেট৷ অকল বিয়াৰহে পিছতনে? বিয়াৰ আগৰ সেই আঠবছৰৰ ঘূৰা-ফুৰাটো সদায় সেই একেডালেই পিন্ধি তাও দি আছিলা৷ তাৰো বা কিমান আগতে সেইটো কিনিছিলা তুমিহে জানিবা৷ ’
মোৰ মনলৈ ঘপহকৈ এটা ভাৱ আহিল যে হয়, মহামানৱ সকল পিন্ধা উৰাৰ ক্ষেত্ৰত উদাসীন হয়৷ এনে এটা চমৎকাৰ মিলে মোৰ মনত পুনৰ অনাবিল আনন্দ দিলে৷ তথাপি ক’লোঁ, ’কি বুজিবাহে এই পিওৰ লেডাৰৰ জেকেটটোৰ মাহাত্ম! একেবাৰে নজহা-নপমা বিধৰ৷ ধৰা এইটোও বাৰু গেলিলিওৰ দিনৰেই আছিল৷ এতিয়া মই পিন্ধিছোঁ, পিছলৈ মোৰ ল’ৰাই পিন্ধিব৷ এনে এপদ অমূল্য সম্পদ থকাৰ পিছত মিছাতে অপচয়ৰ কি সকাম? পিছে মোৰ নাই বাৰু, তোমাৰটো বহু চুৱেটাৰ আছে, তাৰেই এটা দিয়ানা? মানুহজনলৈ চাই সঁচাকৈ বেয়া লাগিছে৷’
তেওঁৰ মুখত হাঁহি ফুটিল৷ তেনেকৈয়ে ক’লে, ’তোমাৰ এনেকুৱা পাগলামিৰ বাবেই আই লাভ ইউ জান! তুমি ভাবাচোন লেডিজ চুৱেটাৰ এটা মতা মানুহ এজনক দিলে তেখেতে সঁচাকৈয়ে ভাল পাবনে?’
হয়তো! কথাটো মোৰ সাৰুৱা মগজুৱে ঢুকি পোৱাই নাছিল!
মই বিবুদ্ধিত পৰিলোঁ৷ পিচে অলপ ভাবি চিন্তি আৰ্কিমিডিছৰ দৰে মোৰো ইউৰেকা ইউৰেকা লাগিল, ’হেৰি নহয়, মোৰ দেখোঁ হাত দীঘল এটা গৰম স্পৰ্টিঙো আছে৷ বেচেৰাক সেইতো দিলেওতো কিছু সঁকাহ পাব৷ ’
পৰিবাৰৰ চকু টেলেকা-টেলেকি হ’ল৷ হোৱাৰ কথাও৷ বহুদিন তেওঁ কুতুৰি থকাৰ পিছতো মই মন-কাণ নিদিয়াত দুদিনমান আগতে তেওঁৰ পছন্দ মতে সেইটো কিনি আনিছেহে৷ মই মাত্ৰ এদিনহে গাত সোমাইছোঁ৷ অৱশেষত মোৰ অকথ্য বুজনিত কথাটোত তেওঁ হয়ভৰ দিব লগা হ’ল৷ কাণৰ পকা সৰাতকৈ ৰাজি হোৱাই ভাল!

********

মানুহজনে ডাইনিং টেবিলত মোৰ স’তে একেলগে বহি ভাত খাবলৈ খুব আপত্তি কৰিছিল যদিও অৱশেষত সন্মত হ’ল৷ বাৰে বাৰে আমাক আশীৰ্বাদ দি ক’লে যে জীৱনত তেতিয়ালৈ ইমান সন্মান ক’তোৱেই পোৱা নাছিল!
তেখেতৰ কাম সমাপ্ত হৈছিল৷ সেই উমাল স্পৰ্টিঙটো তেখেতক পিন্ধিবলৈ দিলোঁ৷ কিন্তু নাই, তেখেতক পিন্ধাব নোৱাৰিলোঁ; তেখেতৰ বোলে তেনেকৈয়ে চলি যাব, কিন্তু ল’ৰাজনে খুব ভাল পাব বুলি পৰম আগ্ৰহেৰে সেইটোটোপোলাত ভৰাই ললে৷
তেখেতে আমাক হিয়া উজাৰি আশীৰ্বাদ দি যাবলৈ ওলাল৷
মই ক’লোঁ, ’খুড়া আপোনালোকৰ আশীৰ্বাদত আমাৰ নিশ্চয় কুশল হ’ব; পিছে মোক যদি ইমানেই ভাল পাইছে আপোনাৰ লগত থকা সেই লাঠিডালেই দি যাওক বাৰু৷ ’
যদিওবা তেখেতৰ লগত তাতোকৈ অলপ সৰু আকৃতিৰ হ’লেও কাম চলাব পৰাকৈ অইন এডাল আছিল, তথাপি মোক ক’লে যে সিদিনা আৰু বেলেগ কাম পালে এইডাল অবিহনে অলপ অসুবিধা হ’ব৷ কিন্তু তেখেতৰ ৰুমত তেনেকুৱা অইন এডাল আছে আৰু পিছদিনা পুৱাই মোক এইডাল যেনেতেনে দি যাবহি৷
নেক্সট ডে কাম-চাম বাদ দি বেঙা মেলি মেলি পুৱাৰে পৰা পদূলিলৈ চকু দি দি মই গলৰ বিষ উঠালোঁ, পুৱা গৈ দুপৰীয়া হ’ল, দুপৰীয়া হ’ল গধূলি; এনেদৰে দিন গৈ মাহো পাৰ হ’ল; পাছে মোৰ কপালৰ সেই মধুৰ ক্ষণটোহে কোনোমতে নিমিলিল৷
শ্ৰীমতীয়ে মোৰ ফালে চাই দাঁত নিকটাই হাঁহে আৰু কয়, ’তেনেদৰে তুমিহে পমি যোৱা৷ আৰে এনেদৰে বিচলিত হ’লে এই জগতত চলিবা কেনেকৈ? ’
শ্ৰীমতীৰ কথাত মোৰো একেবাৰে জেগাত লাগিল৷ হু বৰ একেবাৰে ডাঙৰ বস্তুডাল! সত্তৰ টকাৰে বাঁহ এটা আৰু দহ টকাৰ চিৰিজ পেপাৰ কিনি আনি মই কামত লাগিলোঁ৷ মন কৰিলেই তেনে লাঠী মই হেজাৰডাল বনাব পাৰোঁ!

**********

এমাহমান পিছত তুলিখন ৰ’দত উলিয়াই দিয়োঁতে মোৰ সেই মহামানৱটাইপ বিচিত্ৰ চিন্তাটোৱে পুনৰ উক দিলে৷ লাঠিডাল বনালোঁহে, কিন্তু কামত লগাব নোৱাৰিলে শান্তি ক’ত! কিন্তু উপায়? তুলীখন ভালে থকা অৱস্থাত ক’লেতো শ্ৰীমতীয়ে কোনোপধ্যে মানি নলয়!
গতিকে মই তেওঁৰ সন্মতি আদায়ৰ ব্যৱস্থা কৰিবই লাগিব৷
লাঠি বনাবলৈ অনা সেই বাঁহটোৰ গুৰিৰ এটুকুৰ নিখুঁত হৈ আছিলেই৷ কাপোৰ মেলি দিয়া বাঁহৰ তাৰডালত তুলিখন মেলি দি সেই টুকুৰাটোৰে শ্ৰীমতীৰ অলক্ষিতে তুলীখনত উধাই-মুধাই দুচাটমান দিয়াত মোৰ মুখৰ হাঁহি আহিল৷ তেওঁক মাতি আনি দেখুৱালোঁ৷
’হয়তো! ’ তেৱোঁ ক’লে৷ ’মাজডোখৰত দেখোঁ অকল কাপোৰখনহে আছে, দুয়োমূৰে আহি তুলাবোৰ গোট খাইছে৷ ’ মুঠতে মোৰ অত্যাচাৰত সেইখন আৰু তুলী হৈ থকা নাছিল৷
মই ক’লোঁ, ’তুলী চিলোৱা মানুহজন সঁচাকৈ বদমাছ আছিলদেই৷ দেখিছাই মোক লাঠীদাল দিম বুলিও ঠগিলে৷ আমাৰ তুলীখনো এনেদৰে চিলাই থৈ গ’ল যে ৰ’দ লাগিয়েই তুলাবোৰ দুফালে গুছি আহিল৷ ’
তেওঁ হাঁহিলে৷
মই তুলিখন মজিয়াত পাৰি দি ক’লোঁ, ’চোৱাচোন শুই চোৱা, কেনে লাগে? ’
তেওঁ ক’লে, ’বনাব লাগিব দিয়া, নহ’লে এইখনত কেনেকৈ শুবা৷ ’
মই বোলো তাকেইতো৷ এতিয়া তেনে মানুহ আৰু ঘপহকৈ ক’ত বিচাৰি পাবা৷ তাতোকৈ এটা কাম কৰোঁ ৰ’বা, মই নিজেই বনাব চাওঁ৷
তেওঁৰ কথালৈ বাট নাচাই তেতিয়াই মই কাথা চিলোৱা বেজী, ডাঙৰ সূতাৰ দুটাটাকুৰি আৰু আনকি আঙলিৰ মূৰত এইবোৰ চিলাওতে পিন্ধা অঙ্গুষ্ঠানটোও দোকানৰ পৰা কিনি আনিলোঁ৷ তুলিখনৰ চিলাইবোৰ খুলি থাকোঁতে তেওঁ কেৱল এটা কথাই ক’লে, ’ আৰু এটা কাম কৰি আহা৷ ’
’কি কাম? ’
’টিটেনাছ এটা আগতীয়াকৈ লৈ আহা৷ বেজীৰ খোচটো ভালকৈৱে খাবা৷ ’
মই তেওঁলৈ পেন্দোৱাকৈ চালোঁ। মোক কি নালায়ক ভাবিছা-ময়ো অমুকাৰ পুতেক, দেখুৱাই দিম ৰ’বা-এনে ভাবত৷
চাহ আৰু বিস্কুত লৈ তেওঁ হাজিৰ হ’ল৷ মই চাহ খাই খাই সুধিলোঁ, ’ডাঙৰ বস্তা হ’ব নেকি? ’
তেওঁ বস্তা এখন আনি চোতালত পাৰি দিলে৷ মানুহজনে এদিন বস্তাৰ ভিতৰৰ পৰা তুলা উলিয়াইছিল৷ মই তুলীৰ ভিতৰৰ পৰাই তুলা উলিয়ালোঁ৷ শিমলুৰ গুটিবোৰে এইবাৰো দাঁত নিগৰাই হাঁহিলে৷
মই বনোৱা লাঠিদাল গৌৰৱেৰে হাতত তুলি লৈ তুলাবোৰ ভালকৈ ধুনাত লাগিলোঁ৷ মাজতে তেওঁ আহি ক’লে, ’তোমাৰ ভালকৈ মাচল উঠিব দিয়া৷ পিছে পাৰিলে দুয়োহাতেৰে ধুনিবা৷ নহ’লে এখন হাতৰহে মাচল উঠি পিন্ধা চোলাটোৰ এখন হাতহে ফাটিব৷ ’
মই মনে মনে থাকিলোঁ৷ মোৰ দৰে নিমাখিত জীৱ এটাই এইবোৰ পেচত নমতাই ভাল৷
তেখেতে ভৰোৱাৰ দৰেই ধুনা তুলাবোৰ মই কাপোৰৰ ভিতৰত ভৰালোঁ৷ তুলা ধুনি ধুনি মোৰ হাতৰ বিষ অলপ বেছিকৈ উঠাত তেৱোঁ সহায় কৰি দিলে৷
মই বেজিত বতিয়া ভৰাই সোঁহাতৰ তৰ্জনীত অঙ্গুস্থান ধাৰণ কৰিলোঁ৷ তথাপিও বেজিটো সহজে নোসোমোৱা দেখি তেওঁক ক’লোঁ, ’তুমি কি মানুহহে? সিদিনা দেখা নাছিলানে তেখেতে চিলাওঁতে কিদৰে মাজে মাজে কৌশলেৰে চুলিত সনা মিঠাতেল বেজিৰ আগত লগাই বেজিটো পিচল কৰি লৈছিল? বাটি এটাত অলপ মিঠাতেল আনা আৰু মোৰ আগৰ চুলিখিনিতো অলপ সানি দিয়া৷ ’
তেওঁ ক’লে ’ প্ৰিয়তম তোমাক বাটিত নহয়, একেবাৰে চুলিতেই লগাই দিব পাৰিলোঁহেঁতেন৷ কিন্তু সিদিনা দুমাহৰ চুলি মেচিনেৰে এবাৰতে কাটি আহি এতিয়া চুলি বুলিবলৈ কেৱল তালুখনহে ওলাই আছে৷ গতিকে বাটিতেই দিওঁ ৰবা৷
মই বোলো, অকল বাটিতেই নহয়, চুলি বুলি ভাবি হ’লেও অলপ তালুতো দিয়াচোন, মোৰো তেতিয়াহে ভালকৈ ম’চনটো আহিব৷

**********

মুঠতে বহি, আঠু কাঢ়ি আৰু মাজে মাজে পেট পেলাই শুই হৰেক ৰকমৰ ভংগীমাৰে সেই ৬×৬.৫ ফুটৰ তুলিটো এসময়ত মই সাজু কৰি তুলিলোঁ৷ তেওঁ লিৰিকি-বিদাৰি চাই মিচিকিয়াই হাঁহি হাঁহি ক’লে, ’ভূচিত্ৰাৱলিৰ আৰু দৰকাৰেই নাই! একেবাৰে পৃথিৱীখনেই বনাইছা দেখোঁ; হিমালয়ৰ এভাৰেষ্ট শৃংগৰ পৰা প্ৰশান্ত মহাসাগৰৰ অতল তলিলৈকে সকলোবোৰেই ইয়াত বিদ্যমান৷ ইয়াৰ ওপৰত এবাৰ শুলে তোমাৰ গাৰ বিষো চিৰদিনৰ বাবে ভাল হ’ব৷ এটা কাম কৰো দিয়া, তোমাৰ কামৰ মৰ্যাদাও ৰওক আৰু আমাৰো দেহা ভালে থাকক৷ তুলিটো আগতে ডানলপৰ ওপৰত পাৰিছিলোঁ, এতিয়া ডানলপৰ তলত পাৰোঁ৷ ’
কথাটো ময়ো বেয়া নাপালোঁ৷ ভাবি ভাল লাগিল যে মোৰ সানিধ্যত তেওঁৰো বিচিত্ৰ আৰু ব্যতিক্ৰমী চিন্তাবোৰে উক দিবলৈ আৰম্ভ কৰিছে৷ মোৰ পিয়েৰ কিউৰীৰ সুযোগ্য সহধৰ্মিনী মেৰী কিউৰীৰ কথা মনলৈ আহিল৷

********

গধূলিলৈ কোনোমতে গৈ মই টিটেনাছ বেজি লৈ আহিলোঁ; কোনোমতে এইবাবেই কিয়নো সেই বিচিত্ৰ ভংগীমাত তুলিখন চিলোৱাৰ পিছত হোৱা কঁকালৰ বিষত মই প্ৰায় এসপ্তাহ বিছনাত পৰি থাকিব লগা হৈছিল৷ ইতিমধ্যে মোৰ আগ তালু আৰু আঙুলিৰ বিভিন্ন অঞ্চলত ৰঙীন বিন্দু কেতবোৰে বিচিত্ৰ পৰ্যায়েৰে যেন ফাকুৱাৰ বাহাৰ মেলিছিল৷
কঁকালৰ বিষ ভাল পোৱাৰ পিছত এদিন তুলি চিলোৱা মানুহ এজন বিচাৰি আনিলোঁ৷ তুলিখনত হাত দিয়েই তেখেতে ক’লে, ’আৰে কি অদ্ভুত আৰু বিচিত্ৰ চিলাই! ’
তেখেতে ক’লে, ’নতুন তুলা কেই কেজিমান দিয়ক৷ তুলিখন আৰু ভাল হ’ব৷ ’
মই সুধিলোঁ, ’ শিমলুৰ তুলা আছে নেকি? আগৰবাৰ মই পিওৰ শিমলুৰ তুলাৰেহে বনাইছিলোঁ৷ ’
তেখেতে তুলাবোৰ উলিয়াই হাঁহিলে আৰু ক’লে, ’আগৰবাৰ আপোনাৰ এক কেজি যদি শিমলুৰ তুলা, দুই কেজি কম দামৰ ৰিফাইনৰ তুলা মিক্স কৰা হৈছিল৷ এইয়া চাওঁক’-এইবুলি তেখেতে মোক শিমলু আৰু ৰিফাইন কিছু পৃথক কৰি দেখুৱাব খুজিলে৷
’মোৰ লগত শিমলু-তুলা নাই কিন্তু ভাল ৰিফাইন-তুলা আছে৷ ’
মোৰ আলীৰ স’তে থকা আন্তৰিক সম্পৰ্কটোলৈ মনত পৰিল৷

★★★★

2 Comments

  • অঞ্জলি

    বঢ়িয়া শৰ্মা

    Reply
  • জ্ঞান বৰদলৈ

    অতিশয় সুন্দৰ। বিচিত্ৰ মানবৰ বিচিত্ৰ কাহিনী, ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published.