ফটাঢোল

তেজে-পুঁজে জীৱন- ৰঞ্জিত হাজৰিকা

সম্বন্ধত একো নহয় যদিও চুবুৰীয়া হিচাপে তেওঁক দাদা বুলি মাতোঁ আৰু ভাবোঁও সেইদৰেই৷ দুবছৰমানৰ আগেয়ে চাকৰিৰ পৰা অৱসৰ লৈছে যদিও এতিয়াও থুলন্তৰ চেহেৰা তেওঁৰ৷ গাৰ ৰং এই যেন তেজে ফুটি যাওঁ, ফাটি যাওঁ৷ খোৱা-বোৱাতো আগৰণুৱা৷ স্বভাবত একেবাৰে চিধাচিধি৷ দাদাই কাৰো অহিত চিন্তা কৰাৰ উদাহৰণ নাই৷ দাদাৰ কেৱল এটাই দোষ আৰু সেই দোষটোৰ বাবেই বহুতে তেওঁৰ পৰা আঁতৰি থাকিব বিচাৰে৷ চেঙেলীয়াসকলৰ ভাষাত তেওঁ “কিছু কামোৰ”৷ আচলতে দাদাই অনবৰতে নিজৰ গাত কিবা

নহয় কিবা এটা অসুখ লাগি থকা বুলি ধাৰণা এটা লৈ থাকে আৰু সেইবোৰকে বখানি বখানি আনৰ কাণ ঘোলা কৰে৷ আজি যদি গেষ্ট্ৰিকৰ সমস্যা, কাইলৈ হয়তো পেটৰ গণ্ডগোল৷ এদিন যদি ইউৰিক এচিড বাঢ়িছে, আনদিনা বাঢ়িছে কলেষ্টৰেল৷ কাৰোবাক লগ পালেই চকু-নাক কোঁচাই দাদাৰ মুখেৰে ওলোৱা প্ৰথম বাক্যটো সাধাৰণতে এনে ধৰণৰ হয়—“এ নক’বা আৰু গা-মূৰ একেবাৰে ভাল নহয়৷ কালিৰে পৰা…”৷ তাৰ পিছত শুনি যাওক বিধে বিধে বেমাৰৰ নাম আৰু সেইবোৰৰ লক্ষণ৷ মুঠতে এইডছ্‌ আৰু কেন্সাৰক বাদ দি তেওঁৰ নোহোৱা বেমাৰ কিবা আছে বুলি মোৰ মনে নধৰে! মই ধাৰণা কৰা মতে এইখন মহানগৰীত এনে এজন চিকিৎসক হয়তো নোলাব যাৰ চেম্বাৰত তেওঁৰ পদধূলা পৰা নাই৷ আচলতে ফীজৰ অংকটো নথকা হ’লে দাদাক দেখিলে বহু চিকিৎসকেও যে দূৰতে ফৰিং চিটিকা দিলেহেঁতেন তাতো মোৰ তিলাৰ্ধও সন্দেহ নাই৷ দাদাৰ পৰা বেমাৰৰ এশ এবুৰি লক্ষণ শুনি চিকিৎসকেও তেওঁৰ বিশাল শৰীৰটো পিটিকি মোহাৰি পৰীক্ষা কৰে৷ লেবৰেটৰীতো কিবাকিবি পৰীক্ষা এসোপা কৰিবলৈ দিয়ে৷ পিছে পৰীক্ষাত বেমাৰ একো নোলায়৷ আচলতে বেমাৰ থাকিলেহে ওলাব! চিকিৎসকে দাদাক সন্তুষ্ট কৰিবলৈকে দুই-এপদ ঔষধ লিখি দিয়ে৷ মূলতঃ ভিটামিন জাতীয় ঔষধবোৰ বেচ নিষ্ঠাৰেই খাই যায় তেওঁ৷ তথাপি বেমাৰৰ ভূতটোৱে তেওঁক এৰা নিদিয়ে৷ কাৰোবাক লগ পালেই একেবোৰেই কথা–“বুজিছা, দৰবেহে ৰাখিছে কেনেবাকৈ৷ দৰব খাই অমুকটো অলপ ভাল পাইছো৷ হ’লে কি হ’ব? কালিৰে পৰা আকৌ তমুকটোৱে ধৰিছে…”৷

সেইজন দাদা সিদিনা পুৱাই মোৰ ঘৰ পালেহি৷ আহিয়ে ধুপুচকৈ বহিল চকীখনত৷ অলপ সেহাই সেহাই দাদাই ক’লে— “মূৰটো কিবা আচন্দ্ৰাই কৰাৰ নিচিনা লাগিছে হে৷ এঠাইত তেজ দি আহিলোঁ বুজিছা৷ সেই বাবেই হ’বলা…” ওচৰৰ ক্লাবটোৰ ল’ৰাবোৰে এইকেইদিনতে ৰক্তদান শিবিৰ এটাৰ আয়োজন কৰাৰ কথা শুনি আছিলোঁ৷ কিন্তু দাদাৰ দৰে অলপধতুৱা মানুহজনে এইদৰে তেজ দিবলৈ যাব বুলি সপোনতো কল্পনা কৰা নাছিলোঁ৷ মুহূৰ্ততে দাদাৰ প্ৰতি শ্ৰদ্ধাৰে মনটো ভৰি গ’ল৷ ৰক্তদান কৰাৰ পিছত মিঠাই খোৱা দেখিছো বহুতক৷ ঘৰত আনি থোৱা ৰসগোল্লাৰ টোপোলাটোত দুটাহে আছিল৷ দাদাই অলপ সকাহ পাওক বুলি পানী এগিলাচৰে সৈতে দুয়োটা ৰসগোল্লাই আনি দাদাক দিলোঁহি৷ ৰসগোল্লাৰ ছাইজটো সম্ভৱ দাদাৰ পচন্দ হৈছিল৷ পচন্দ হোৱাৰ কথাও৷ লাচিত নগৰৰ সেই বিখ্যাত দোকানখনৰ ৰসগোল্লাৰ ছাইজ টেনিছ বলটোতকৈ বৰ বেছি সৰু নহয়৷ দুটা নে তিনিটা কামোৰতে প্ৰথমটো ৰসগোল্লা শেষ কৰি পানী দুঢোকমান খাই ল’লে তেওঁ৷ মুখখন অলপ উজ্জ্বল হ’ল৷ এইবাৰ দ্বিতীয়টো ৰসগোল্লা মুখৰ আগলৈ নি দাদাই ক’লে— “খাই লওঁ দিয়া৷ আবেলিলৈ বা কি ওলায়৷ এতিয়া দি থৈ আহিছোঁহে৷” ভালকৈ বুজি নোপোৱাত সুধিলো– “দাদা, কি দি থৈ অহাৰ কথা ক’লে?” এইবাৰ দাদাই মোক মোটামোটি ভেকাহিৰ সুৰতে ক’লে–“ইমান দেৰিনো কি শুনিলা হে? ডাক্তৰে ছুগাৰ টেষ্ট কৰিবলৈ দিছে৷ লেবৰেটৰীত তেজৰ ছেম্পল দি আহিলো বুলি কোৱা নাই?” সেই মুহূৰ্ততে মই যেন আকাশৰ পৰা আহি মাটিতহে পৰিলোঁহি! দাদাই ইতিমধ্যে দ্বিতীয়টো ৰসগোল্লাত প্ৰথম কামোৰটো মাৰিছে৷ নাকামোৰা হ’লে মই কিজানি ৰসগোল্লাটো তেওঁৰ মুখৰ আগৰ পৰা কাঢ়িয়েই আনিলোহেঁতেন…!!

আবেলিলৈ দাদাৰ ফোন–“হেৰা ছুগাৰ নৰ্মেলেই দেখুৱাইছে দেখোন৷ পিছে ছুগাৰ নৰ্মেল হ’লে কি হ’ল৷ আজি দুপৰীয়াৰ পৰা ভাগৰ ভাগৰ লাগি আছে৷ থায়ৰইডেই পালে নেকি…” ইয়াৰ পিছত দাদাৰ মুখেৰে কমেও ১৫মিনিট সময় বিবিধ ৰোগৰ অন্তহীন বৃত্তান্ত…!

☆ ★ ☆ ★ ☆

2 Comments

  • Gitarthi Goswami

    মজ্জা লাগিল দেই

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    দাদাই ৰসগোল্লা খাই ভুল কৰা নাই৷ হাঃ হাঃ৷ বঢ়িয়া৷

    Reply

Leave a Reply

Your email address will not be published.