ফটাঢোল

তোমাৰ গেঞ্জিৰ ৰং – অতনু ভট্টাচাৰ্য

নৈখনক তুমি ভাল পোৱা৷

চিত্ৰকৰ তুমি৷ তোমাক এখন কেনভাছ লাগে– বিশাল কেনভাছ৷

ৰঙবোৰে তোমাক মাতে৷ আকাশৰ ৰং, নদীৰ ৰং, দূৰ দিগন্তৰ ৰং৷ বৈ যোৱা পানীখিনি তোমাৰ আৰু পানী যেন নালাগে– পানীবোৰ যেন ৰং৷ বতাহৰ সো-সোঁৱনিটো যেন বতাহ নহয়, ৰঙহে৷ নৈপৰীয়া মানুহবোৰে তেওঁলোকৰ মাছমৰা জালবোৰ ৰ’দত শুকুৱাবলৈ য’ত মেলি দিয়ে, তাৰ পৰা অলপ দূৰৈৰ শিল এচটাত বহি তুমি কেতিয়াবা তোমাৰ সন্মুখৰ বিশাল কেনভাছত আঁক-বাক কৰা৷ তুমি তেতিয়া অকলে৷

দূৰৈৰ চাপৰি এটাত এডৰা কঁহুৱা ফুলে৷ সিটো পাৰৰ টিনপাত লগোৱা জুপুৰি ঘৰৰ ছালিবোৰৰ দৰে কঁহুৱাডৰা ৰ’দত তিৰ্‌বিৰাই জিলিকি উঠে৷ বতাহত হালি-জালি সেই কঁহুৱাবোৰে কিছুমান ৰূপালী ঢৌ পঠিয়াই দিয়ে তোমালৈ– তোমাৰ চকুলৈ৷ ছাট মাৰি ধৰে– একোবাৰ চকু ছাট মাৰি ধৰে তোমাৰ৷

নৈখনে অলপ আগলৈ গৈ এটা ভাঁজ লৈছে৷ সেইখিনিতে পাৰত এজোপা গছ৷ কি গছ? গুলঞ্চ? গুলঞ্চজোপাৰ পৰাই চাগৈ ৰৈ ৰৈ চৰাই এজনীয়ে বিনাইছে৷ সেই মাতটোৱে তোমাৰ শৰীৰত অলপ শিহৰণ সানি দিয়ে৷ শিহৰণ নহয়, যেনিবা ৰং৷

তুমি তাৰ পৰা উঠি আহা৷ আহি আহি তুমি মূল বাটটোত ভৰি থোৱা৷ তোমাৰ খোজ কাঢ়িবলগীয়া আছে৷ ক’ৰবালৈ যাবলগীয়া আছে তোমাৰ৷ অন্ততঃ তুমি তেনেকৈয়ে ভাবি আহিছিলা৷ এটা পৰিকল্পনা আছিল৷ তোমাৰ মনত এটা কল্পনা আছিল৷ তুমি আপোনপাহৰা হৈ এবাৰ গুণগুণাই উঠা৷ এটা মিচিকিয়া হাঁহি খেলি যায় তোমাৰ ওঁঠত৷

হঠাৎ ক’ৰবাৰ পৰা ঠিক তেতিয়াই কেইটামান মানুহ আহি থিয় হয় তোমাৰ সন্মুখত৷ সিহঁত এনেকৈ থিয় হয় যে তুমি আৰু আগবাঢ়িব নোৱাৰা৷ অসহায় বোধ কৰা তুমি৷ ইফালে-সিফালে চোৱা৷ তেতিয়াই এজনে কৈ উঠে– ‘এইফালে চা৷’

তুমি সেইফাললৈকে চোৱা৷ তোমাৰ চকুত পৰে তীক্ষ্ণ এযুৰি চকু, এটা মস্ত ভোটোহা নাক আৰু– আৰু কপালত বন্ধা এডুখৰি পিংগলবৰ্ণ বস্ত্ৰ৷ কি আচৰিত– আটাইকেইজনৰ কপালত সেই একেই ৰং৷ তুমি কথাটোৰ তত্‌ ধৰিব পাৰোঁতে নৌপাৰোঁতেই তেওঁলোকে তেওঁলোকৰ এজনা ইষ্ট দেৱতাৰ নাম উচ্চাৰণ কৰে৷ ঠিক উচ্চাৰণ নহয়– চিঞৰ৷ সেইজনা তোমাৰ চিনাকি দেৱতা৷ কিন্তু সেইটো যে এটা শ্ল’গান– তুমি নাজানা৷

তুমি মনে মনে থাকিলা৷ এজনে তোমাকো সিহঁতে চিঞৰাৰ দৰে চিঞৰিবলৈ কয়৷ তুমি নিচিঞৰা৷ তুমি বোধকৰো লক্ষ্য নকৰিলা যে পিছফালৰ শাৰীত থকা সিহঁতৰ এজনে তাৰ হালধীয়া, দীঘল পাঞ্জাবী চোলাটোৰ জেপৰ পৰা এপাট অস্ত্ৰ উলিয়াই লয়৷ অৱশ্যে আগফালৰ শাৰীত থকা মানুহ এটাই তাক মৃদু ভৎৰ্সনা কৰে আৰু বৰ কোমল স্বৰেৰে তোমাক সোধে– ‘গেঞ্জিৰ ৰঙটো কি তোমাৰ?’

তুমি নিৰুত্তৰ হৈ ৰোৱা৷

‘তুমি এটা নীলা চোলা পিন্ধিছা’– এজনে কয়– ‘নীলা কিয় পিন্ধিছা? তোমাৰ হালধীয়া চোলা নাই?’

‘নাই’– তুমি অসহায়ভাৱে ক’লা৷

‘কিয় নাই? ’– মানুহজনে সুধিলে– ‘অন্ততঃ মূৰত মাৰি ল’বলৈ হালধীয়া কাপোৰ এডোখৰ?’

তুমি মনে মনে থাকা৷

‘নাম কি? ’– এজনে সোধে৷

তুমি তোমাৰ নামটো কোৱা– ‘হাৰু৷’

‘হাৰু? হাৰু কি?’

তুমি এইবাৰো মনে মনে থাকা৷

তেনেকুৱাতে হঠাৎ ‘হেই হেই কি কৰা’ বুলি ক’ৰবাৰ পৰা এজাক মানুহ উধাতু খাই আহি উপস্থিত হয় ঘটনাস্থলীত৷ সিহঁতক দেখি হালধীয়াকেইটাই ফৰিংছিটিকা দিয়ে৷ তুমি যেন সকাহ পোৱা৷ এজনে কয়– ‘একো ভয় নাই৷ আমি আছোঁ৷’

আন এজনে কয়– ‘তুমি গৈ থাকা৷ একো কৰিব নোৱাৰে৷ সিহঁতে তোমাক আৰু একো কৰিব নোৱাৰে৷’

আৰু তুমি গৈ থাকিলা৷ কিছুদূৰ তুমি গৈ থাকিলা তেনেকৈয়ে৷ এবাৰ হঠাতে উভতি চাই দেখিলা তোমাৰ পিছে পিছে মানুহ– এইমাত্ৰ লগ পোৱা সেইকেইটা মানুহ৷

‘কি লাগে?’– তুমি সুধিলা৷ কিন্তু তোমাৰ মাতটো বোধকৰো কোনেও নুশুনিলে৷ নতুবা নুশুনাৰ ভাও জুৰিলে সিহঁতে৷ এজনে সুধিলে– ‘তোমাৰ চোলাটোৰ ৰং নীলা কিয়?’

এতিয়াহে তোমাৰ মনত পৰিল যে তোমাৰ এটাই চোলা৷

দলটোৰ আন এজনে ক’লে– ‘আমাক চোৱা৷ আমি কি পিন্ধিছোঁ চোৱা৷’

তুমি চালা৷ কি আচৰিত– সিহঁতৰ দলটোৰ আটাইকেইজনৰ চোলাৰ ৰং সেউজীয়া৷

এজনে আকৌ ক’লে– ‘তুমি কিয় আমাৰ দৰে সেউজীয়া পিন্ধা নাই? সেউজীয়া হ’ল প্ৰকৃতি৷ সেউজীয়া হ’ল হাৰ্‌মনী, গ্ৰ’থ্‌, ছে’ফ্‌টী, ফাৰ্টিলিটী৷ সেউজীয়া হ’ল অৰণ্য৷ তুমি অৰণ্য ভাল নোপোৱা? দেশ ভাল নোপোৱা তুমি?’

তুমি বিনয়েৰে ক’লা যে তুমি অৰণ্য ভাল পোৱা৷ উৰ্বৰতা, বিকাশ, নিৰাপত্তাৰ প্ৰয়োজনৰ কথাও তুমি উপলব্ধি কৰা৷ কথাটোত সিহঁত পতিয়ন নগ’ল৷ এজনে ক’লে– ‘তুমি অৰণ্য যদি ভাল পোৱাই তেন্তে সেউজীয়া চোলা কিয় নিপিন্ধা?’

আন এজনে প্ৰশ্নটো অন্য ধৰণে সুধিলে– ‘তুমি আমাৰ দৰে সেউজীয়া চোলা পিন্ধি অৰণ্য ভাল নোপোৱা কিয়?’
তুমি কৈ উঠিলা যে তুমি অৰণ্যও ভাল পোৱা, তুমি নদী আৰু আকাশো ভাল পোৱা৷

দলটোৰ কোনোৱে কথাষাৰ মানি ল’ব নোৱাৰিলে৷ এজনে ক’লে– ‘নহয়, তুমি অৰণ্য বেছি ভাল পাব লাগিব৷’
আন এজনে ক’লে– ‘নদী আৰু আকাশ ভাল পোৱাটো সিমান সুবিধাজনক কথা নহয়৷’

এজনে টিট্‌কাৰি মাৰি ক’লে– ‘আব্বে, ই নীলা শিয়াল বে৷’

লগে লগে আটাইকেইজনে গিৰ্জনি মাৰি হাঁহি উঠিল৷ তাৰ মাজতেই তোমাৰ স্বাভিমানটোৱে তোমাৰ কণ্ঠত অলপ শকতি দিলে আৰু তুমি আচম্বিতে কৈ উঠিলা যে তুমি নীলা ভাল পায়েই থাকিবা৷ সিহঁতৰ আপত্তি থাকিলেও নীলা ৰং ভাল লগাৰ পৰা তোমাক কোনেও বাৰণ কৰিব নোৱাৰে৷

আৰু সেই মুহূৰ্ততে ঘটিল ঘটনাটো৷ মুষ্টিবদ্ধ এখন হাত তোমাৰ মুখৰ ফালে আগবাঢ়ি আহিল৷ তুমি তৰ্কিব পৰাৰ আগেয়েই এটা প্ৰচণ্ড ঘোঁচা তোমাৰ নাক আৰু চকুৰ মাজত পৰিল৷ এসোঁতা তেজ ওলাল নাকেৰে৷ তোমাৰ জিভাত লুণীয়া লুণীয়া স্বাদ এটা লাগিল৷ কিন্তু তুমি পৰি নগ’লা৷ সেইকাৰণে এইবাৰ আন এখন শক্তিশালী হাতৰ মুঠি তোমাৰ কান্ধৰ ফালে আগবাঢ়ি আহিল৷

ধাম্‌কৈ এটা শব্দ হ’ল৷ জীপগাড়ী এখনৰ দৰ্জা বন্ধ কৰাৰ শব্দ৷ এটা হুইছেল বাজি উঠিল৷ বুটজোতা পিন্ধা কেইটামান খাকী পোছাকৰ মানুহ গাড়ীখনৰ পৰা গিৰিপ্‌ গিৰিপ্‌কৈ নামি আহিল৷ তাৰে এজনে তোমাক দেখুৱাই আন এজনক ক’লে– ‘ই৷’

আন এজনে ক’লে– ‘উঠা তাক৷’

ইতিমধ্যে সেউজীয়া দলটো তাৰ পৰা আঁতৰি গ’ল৷ খাকী দলটোক তুমি ক’লা যে তুমি বাটেৰে মাথোন খোজকাঢ়ি গৈ আছিলা৷

‘কিয়?’– এটা খাকী আত্মাই সুধিলে৷

তোমাৰ একো উত্তৰ মনত নপৰিল৷ আন এজনে সুধিলে– ‘ক’ৰ পৰা আহি আছিলি?’

‘নদীৰ পাৰৰ পৰা’– তুমি ক’লা৷

‘নদীৰ পাৰৰ পৰা? ’– সিহঁত যেন খুব আচৰিত হ’ল৷ প্ৰশ্নটো সিহঁতে এৰি নিদিলে৷ সুধিলে– ‘নদীৰ পাৰত কি আছিল? কাৰ লগত আছিলি নদীৰ পাৰত?’

‘অকলে’– তুমি এটা উত্তৰ দিবলৈ চেষ্টা কৰিলা৷ সিহঁতে তোমাৰ উত্তৰটো আওকাণ কৰিলে৷ এজনে কঠিন স্বৰেৰে সুধিলে– ‘ড্ৰাগ্‌ছৰ ধান্দা? মাইকীৰ লেনদেন? হুঁ?’

তুমি নিৰুত্তৰ হৈ ৰ’লা৷ প্ৰচণ্ড অভিমানত তোমাৰ দুচকুৰে বৈ আহিল দুধাৰি লোতক৷ তোমাৰ মনত পৰিল যে তুমি তোমাৰ বাটেৰে মাথোন খোজকাঢ়ি গৈ আছিলা৷

‘লাফ্ৰা কি?’ – পেটুৱা আৰক্ষী বিষয়া এজনে সুধিলে– ‘সেই সেউজীয়া চোলা পিন্ধা মানুহবোৰৰ লগত তোৰ কি সম্পৰ্ক?’

তুমি মনে মনে থাকিলা৷ তোমাক লৈ জীপগাড়ীখন সোমাই পৰিল নগৰৰ অন্য এটা বাটত৷

বিষয়াজনে আকৌ সুধিলে– ‘ওপৰতটো তই এটা নীলা চোলাই পিন্ধিছ, ভিতৰত মানুহটো তই সেউজীয়া নেকি? চাওঁ, তোৰ গেঞ্জিৰ ৰঙটো?’

শকত চিপাহী এটাই যোগ দিলে– ‘আৰু ছাৰ আণ্ডাৰৱেৰ?’

আটাইকেউজনে খিক্‌খিকাই হাঁহিলে৷ সেই হাঁহি-খিকিন্দালিৰ মাজত তোমাৰ নিজকে মৰি যোৱা যেন লাগিল৷ অৱশ্যে ভগৱানৰ অপাৰ দয়া– আক্ষৰিক অৰ্থত কোনেও তোমাৰ কাপোৰ নুখুলিলে৷ আৰু তুমি স্বস্তিৰ নিশ্বাস পেলালা৷ তুমি যেন বাচি গ’লা৷ যেন এবাৰলৈ বাচি যোৱা তুমি৷

তোমাক কঢ়িয়াই নিয়া গাড়ীখন থানাৰ চৌহদত যেতিয়া সোমায় তেতিয়া তাত এক অন্য পৰিৱেশ৷ থানাৰ বাৰাণ্ডাত ভব্য-গব্য চেহেৰাৰ কেইটামান মানুহ৷ আৰক্ষী দলটোৰ মনোযোগ নিমিষতে তোমাৰ পৰা তেওঁলোকৰ ফাললৈ স্থানান্তৰিত হয়৷

পখৰা স্প’ৰ্টিং পিন্ধা, মেৰুণ ৰঙৰ চোলা পিন্ধা, ছাইৰঙী পেণ্ট পিন্ধা মানুহকেইটাই বিষয়াজনৰ ওচৰত দাখিল কৰে কিছু মৌখিক অভিযোগ৷ তোমাৰ কাণত উফৰি আহি পৰে কিছুমান শব্দ– ৰঙা দল, হালধীয়া দল, প্ৰেছাৰ, জবৰদস্তি, বাজাৰ খাৰাপ–

ডেকা আৰক্ষী বিষয়াজনে বিৰক্তি প্ৰকাশ কৰি কয়– ‘ৰিটেন্‌ দিয়ক৷’

নিদিয়ে– কোনেও লিখিত অভিযোগ নিদিয়ে৷

তেনেকুৱাতে মেৰুণ ৰঙৰ এজন ভদ্ৰলোকৰ চকুত পৰি যোৱা তুমি৷ আৰু তেওঁ পৰম বিস্ময়েৰে সোধে– ‘এওঁক আকৌ কিয় এৰেষ্ট কৰিলে ছাৰ? এওঁতো হাৰু৷ হাৰু আৰ্টিষ্ট৷’

‘এৰেষ্ট কৰা নাই’– বিষয়াজনে যেন সংকোচে কয়– ‘এনেয়ে আনিছোঁ অলপ কথা-বতৰা পাতিবলৈ৷ আপুনি চিনি পায়?’

মেৰুণ ৰঙে তাৰ পৰা তোমাক যেন মোকলাই আনে৷ তুমি কৃতাৰ্থ হোৱা৷ তুমি যেন বাচি গ’লা– খাকী ৰঙৰ পৰা তুমি যেন এবাৰলৈ বাচি গ’লা৷

বাটত তেওঁ সোধে– ‘মেটাৰটো কি?’

তুমি তোমাৰ বাটৰ হালধীয়া, সেউজীয়া আৰু খাকীৰ কথা কোৱা৷ তেওঁ কয় তেওঁৰ বাটৰ বেঙুনীয়া, হালধীয়া, সেউজীয়াৰ কথা৷

অস্বস্তি হয়৷ আশংকা হয়৷ উদ্বিগ্নতা বাঢ়ি আহে তোমাৰ৷

এটা কেঁকুৰিত থিয় হৈ তেওঁ কয়– ‘আজিলৈ এৰোঁ ব্ৰাদাৰ৷’

আন এটা কেঁকুৰিত থিয় হৈ তুমি ভাবা– এতিয়া ক’লৈ যোৱা যায়? নদী? নে অৰণ্য?

ক্লান্ত হৈ পৰা তুমি৷ সেয়ে তুমি ঘৰমুৱা হোৱা৷ নগৰৰ গাতে লাগি থকা বস্তিত তোমাৰ ঘৰ– তোমাৰ জুপুৰিটো৷
দিনবোৰ তোমাৰ আশংকা আৰু উদ্বিগ্নতাত কাটে৷ বাটলৈ ওলাবলৈ তোমাৰ অস্বস্তি হয়৷

কিন্তু নৈখনক তুমি ভাল পোৱা৷ অৰণ্যও ভাল পোৱা তুমি৷ ৰংবোৰে তোমাক মাতে৷ আকাশৰ ৰং, নদীৰ ৰং, দূৰ দিগন্তৰ ৰং৷ তুমি জানা যে তুমি ভাল পোৱা দেশ– তোমাৰ দেশ৷ কিন্তু তুমি তোমাৰ ধৰণে যে দেশ-নদী-অৰণ্য ভাল পাব নোৱাৰা সেই কথা নাজানা৷

দৰিদ্ৰ চিত্ৰকৰ তুমি৷ তুমি বুজি উঠা যে নদী আৰু অৰণ্য ভাল পাই থাকিলেই তোমাৰ পেটটো নভৰে৷ তুমি এদিন আকৌ বাটলৈ ওলাই আহা৷ আৰু আচম্বিতে লগ পাই যোৱা এটা হালধীয়া দলক৷ দলটোৰ এজনে সোধে– ‘নাম?’

‘হাৰু৷’

‘হাৰু কি? হাৰু শ্বেখ? হাৰাধন মণ্ডল?’

‘হাৰু আৰ্টিষ্ট’– সসংকোচে তুমি সিহঁতক কোৱা৷ তুমি ইয়াকো কোৱা যে এখন বিশাল কেনভাছত ছবি আঁকিবৰ খুব মন তোমাৰ৷ কিন্তু সদ্যহতে তুমি বেনাৰ, ছাইনব’ৰ্ড আঁকা৷ বাটৰ কাষৰ ওখ হৰ্ডিংবোৰত ওলমি ওলমি ৰং কৰা তুমি৷ তাতো এতিয়া তোমাৰ মন্দা বজাৰ৷ সৰ্বত্ৰ এতিয়া ডিজিটেল দুনীয়া– কোৰেল্‌ ড্ৰ’-ফটোশ্বপ্‌-ফ্লেক্স্‌৷

এজনে সুধিলে– ‘ক’লৈ যাবি?’

আন এজনে সুধিলে– ‘কোনটো বাটেৰে আহিলি?’

তুমি মনে মনে থাকিলা৷ তুমি মনে মনে থাকা৷

এজনে যথেষ্ট আত্মবিশ্বাস আৰু বলিষ্ঠ কণ্ঠস্বৰেৰে ক’লে– ‘হালধীয়া বাটটোৰে যোৱা৷ হালধীয়া বাটত থাকে সুখ আৰু ঐশ্বৰ্য-বিভূতি৷ হালধীয়া হ’ল ইন্‌টেলেক্ট্‌, অ’নাৰ, লয়েলিটী, অপ্‌টিমিজ্‌ম্‌৷ বিচক্ষণ মানুহে সেইটো বাটেৰে যায়৷’

কণ্ঠটোৱে তোমাৰ দৃষ্টি টানি নিয়ে৷ পৰম আচৰ্যৰে তুমি মানুহটোলৈ চোৱা৷ চিনি পোৱা– তুমি চিনি পোৱা তেওঁক৷ অস্‌, এইটো মানুহেইতো সিদিনা আছিল সেউজীয়া দলটোৰ একেবাৰে সন্মুখত৷ তেৱেঁইতো কৈছিল– ‘তুমি আমাৰ দৰে সেউজীয়া চোলা নিপিন্ধা কিয়?’

বিভ্ৰান্ত হোৱা তুমি৷ বিভ্ৰান্ত হয় তোমাৰ বস্তিৰ মানুহ৷ তোমালোকৰ কমিউনিটী চেণ্টাৰৰ টিভিত ৰাতি ৰাতি টক্‌-শ্ব’ চোৱা৷ ৰঙা, সেউজীয়া, হালধীয়া, মটীয়া৷ একোবাৰ সেউজীয়া ৰংটোৱে টিভিৰ পৰ্দাখন ছানি ধৰে৷ একোবাৰ হালধীয়া ৰংটো উদ্ভাসিত হয়৷ ৰঙাই সমগ্ৰ শক্তিৰে হালধীয়াক ধৰাশায়ী কৰিব খোজে৷ তাকে কৰিবলৈ ৰঙাই সহায় লয় সেউজীয়াৰ, যি আছিল এদিন ৰঙাৰ দুৰ্ঘোৰ শত্ৰু৷

হালধীয়াই চিঞৰি কয়– ‘আপোনালোকক ঠিক চিনি পাওঁ আমি৷ ইয়াত ৰঙা নচলিব৷ ৰঙা আমি চলিব নিদিওঁ৷’
ৰঙাই চিঞৰি উঠে– ‘আপুনিতো এদিন বেঙুণীয়া আছিল৷’

মটীয়াই কয়– ‘ৰঙা সুবিধাবাদী৷’

হালধীয়াই কয়– ‘ইহঁত চোৰ৷ সিহঁত দালাল৷’

ৰঙাই আপত্তি কৰি উঠে৷ ডাঙৰ ডাঙৰ কিতাপ আৰু চন-তাৰিখৰ উদ্ধৃতিৰে ৰঙাই কয় যে ৰঙা সঁচা, ৰঙা নিৰ্ভুল, ৰঙাই প্ৰমাণিত পথ৷

ৰঙবোৰে তোমাক আমনি কৰে৷

নহয়, ৰঙবোৰে তোমাক আতংকিত কৰে৷ তোমালোকৰ বস্তিৰ প্ৰতিজন মানুহ আতংকিত হোৱা৷ বজাৰত, বাছষ্টেণ্ডত, মন্দিৰ-মছজিদ-গুৰুদ্বাৰৰ প্ৰাংগণত, টিভিৰ পৰ্দাত, খবৰকাগজৰ পৃষ্ঠাত, ফে’চবুকত– তোমালোকৰ চৌপাশে ৰঙা, হালধীয়া, সেউজীয়া, গুলপীয়া, মটীয়া ৰঙৰ চোলা পিন্ধা অজস্ৰ মানুহ ঘূৰি থাকে৷ তোমাৰ বাটৰ প্ৰত্যেকটো কেঁকুৰিত একো একোজন ভয়ংকৰ ৰঙীন চোলা পিন্ধা মানুহ৷

সেউজীয়া চোলা পিন্ধা মানুহটোৱে তোমাক কৰ্কশ স্বৰেৰে সোধে– ‘নাম?’

উগ্ৰ হালধীয়া চোলা পিন্ধা মানুহটোৱে তোমাক কোমল কণ্ঠৰে সোধে– ‘নাম?’

টিক্‌টিকীয়া ৰঙা চোলা পিন্ধা মানুহটোৱে তোমাৰ মূৰত হাত ফুৰাই সোধে– ‘নাম?’

তোমাৰ নাম হাৰু শ্বেখ বা হাৰুন ৰশ্বিদ হ’লে তোমাৰ গল্পটো এক ধৰণৰ হ’ব৷ তোমাৰ নাম হাৰাধন মণ্ডল হ’লে তোমাৰ গল্পটো হ’ব অলপ বেলেগ ধৰণৰ৷ হৰিশ কলিতা নতুবা হৰেন শৰ্মা হ’লে তোমাৰ গল্পটো হৈ পৰিব একেবাৰেই অন্য ধৰণৰ৷

তোমাৰ নামটো তুমি স্পষ্টকৈ ক’ব নোৱাৰা৷ কাৰণ তুমি নাজানা তেওঁলোকে জেপত কি সুমুৱাই থৈছে৷ তুমি নাজানা– চোলাবোৰৰ তলত তেওঁলোকৰ গেঞ্জিৰ ৰং কি৷

হাৰু, হাৰু আৰ্টিষ্ট, অকণমান জিৰাই লোৱা৷ কাইলৈ আকৌ খোজকাঢ়িব লাগিব– খাওঁ খাওঁ মূৰ্তি ধৰি অহা ৰ’দজাক মূৰত লৈ এটা দীঘল, কঠিন বাট৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.