ফটাঢোল

তোমাৰ সাগৰ নীলা দুচকুত – দিগন্ত কুমাৰ ভট্টাচাৰ্য

হাই-ৱেৰ পৰা সৰু উপপথটোৰে নামি প্ৰায় এক কিল’মিটাৰ সোমাই অৱশেষত ঘৰটো পালোঁ। ওচৰে-পাজৰে ঘৰ বুলিবলৈ তেনেকৈ নায়েই। অলপ আঁতৰত ডাঙৰ বিল্ডিং এটাৰ কাম চলি আছে। পথটোও ভাল নহয়।

গে’টখন খুলি সোমাই গ’লোঁ ঘৰটোলৈ। গে’টৰ পৰা মূলঘৰটোলৈ এটি সৰু পকী বাট। দুয়োকাষে সৰু সৰু ফুলৰ পুলি কিছুমান। আছাম টাইপৰ ঘৰ যদিও বেছ ডাঙৰ যেনেই লাগিল।

কলিং বেলটো টিপাৰ লগে লগে ভিতৰৰপৰা কুকুৰে ভূকা শুনিলোঁ। কুকুৰক মই ভয় কৰোঁ বিৰাট। দুখোজমান পিছুৱাই আহিলোঁ।

মহিলা এগৰাকী ওলাই আহিল। নয়না, মিছেছ নয়না শইকীয়া! …ফ’টোত দেখাতকৈ এশগুণে ধুনীয়া। এক শিহৰনে জোঁকাৰি গ’ল মোক।

: আহা, বহু দেৰি ৰৈ আছিলা নেকি? মই গা ধুই কাপোৰ সলাই আছিলোঁ।

: না..নাই..এবাৰেই বেল বজাইছোঁ – মিছেছ নয়নাক দেখি মোৰ মাত বন্ধ হ’বৰ উপক্ৰম।

তেওঁৰ পিছে পিছে গৈ ড্ৰয়িং ৰুমত বহিলোঁ।

: এওঁ এইমাত্ৰ ওলাই গৈছে। তুমি ভাল সময়তেই আহি পালা। নহ’লে আকৌ উল্টা-পুল্টা ভাবিব পাৰে ন.. ফে’চবুকৰ চিনাকী এজনক ঘৰলৈ মাতি আনিছে বুলি। এই গিৰীয়েকবোৰ বৰ সন্দেহবাদী জানা! পিছে হোৱাৰ যুক্তিও নথকা নহয় – মিচিকীয়াই হাঁহিলে তেওঁ। এক ৰহস্যময়ী নাৰী যেন তেওঁ!

সন্মুখৰ ছোফাখনৰপৰা উঠি আহি তেওঁ মোৰ ওচৰতে বহিল। চুলিৰ আগবোৰত পানীৰ টোপাল জিলিকিছে। হঠাত সৰি পৰিছে। আকৌ ক্ষন্তেক সময়ৰ ব্যৱধানত টোপালবোৰ পুনৰ গোট খাইছে তেওঁৰ মেলি থোৱা চুলিত..

: কিবা কোৱা..কি ভাবিছা? – মেছেজত দেখোন বহুত কথাই কোৱা। তেওঁ মোৰ কান্ধত হেচুকি দিলে।

: নাই, মানে আপুনি ভাল…মানে ধুনীয়া

: ইছ, মেছেজত ‘তুমি তুমি’ কোৱা, এতিয়া দেখাৰ পাছত ‘আপুনি’ যে? বয়সীয়াল আন্টি যেন লাগিছে, হু?

: না, নাই, কি কয়. আপুনি মানে তুমি মোতকৈও বহুত সৰু যেন বয়সত দেখিবলৈ..ছিৰিয়াছলি.

: হয়?

: একদম, সঁচা

নয়না শইকীয়া মোৰ ওচৰ চাপি আহিল। তেওঁৰ তপত নিশ্বাসে মোৰ গাল-মুখ স্পৰ্শ কৰিলে।

: তেনেহ’লে কিয় মোক কোৱা নাই দেখাৰ লগে লগে – ‘হে নীল নয়না, তোমাৰ সাগৰ নীলা দুচকুত ডুব যাবলৈ মোক এদিন ওচৰলৈ মাতা, কিছু পল তোমাৰ সাগৰসম দুচকুত মোক লুণীয়া হ’বলৈ দিয়া’?

মোৰ কপালত বিন্দু বিন্দু ঘামে দেখা দিছিল হয়তো।

: ক’ল্ড ড্ৰিংকছ? আৰু দুঘন্টা আছে মোৰ ল’ৰাটো স্কুলৰপৰা আহিবলৈ – আকৌ এক ৰহস্যময়ী হাঁহি তেওঁৰ দুই ওঁঠত।

মোৰ মনলৈ আহিল দুমাহ আগৰ সেই নিশাটোৰ কথা….

মই এটা প্ৰাইভেট কোম্পেনীত কাম কৰোঁ। সৰু কোম্পেনী, সৰু চাকৰি। গুৱাহাটীত চলিবলৈ অলপ দিগদাৰ হয় কিন্তু ‘অকলে আছোঁ, কুশলে আছোঁ’ বাবেই বেছি সমস্যাই দেখা দিয়া নাই। বাৰশটকীয়া ভাৰাঘৰ এটাত থাকোঁ। ভাৰাঘৰ নহয় আচলতে, এটা কোঠা। মোৰ সমস্যা হোৱা নাই। ৰাতি কোঠাটোত অকল শুবলৈহে আহোঁ। শোৱাতকৈও ম’বাইলত চিনেমা, ফে’চবুক আদি। ফে’চবুকত ঘূৰি ফুৰি এক সপোনৰ ৰাজ্যত (অ’ মোৰ কাৰণে এখন সপোনৰ ৰাজ্য..ইয়াতে মই বহুতো সপোন দেখোঁ। কল্পনাৰ সাগৰত ডুব গৈ থাকোঁ) বিচৰন কৰি থাকোতে নিজৰ কোঠাটোলৈ চকু নাযায়েই। সেয়ে সমস্যাইও দেখা দিয়া নাই।

সেইনিশাও আহি ফে’চবুক খুলি মেছেঞ্জাৰলৈ গৈ মালা, অৰূপা, অণুভা আদি সকলোকে চাই গ’লোঁ। নাই, সকলো অফলাইন। জ্যোতিমণি আছিল। তাইকে মেছেজ এটা দিলোঁ। ৰিপ্লাই নাই বহুদেৰিলৈ। ধুৰৰৰ…ছোৱালীবোৰক আজিকালি বিশ্বাস কৰিবলৈয়ে টান। আজি ভালকৈ মেছেজ কৰিব, কাইলৈ পাহৰিব! ফে’চবুকতে অনাই বনাই ঘূৰি ফুৰিলোঁ কিছু পৰ। ঠিক তেতিয়াই চকুত পৰিছিল মিছেছ নয়না শইকীয়াৰ প্ৰ’ফাইলটোলৈ। চকুজুৰি যেন নীলা। অদ্ভূত ধুনীয়া চকু..সেয়ে হয়তো নাম থৈছিল নয়না! বয়স কিমান হ’ব বাৰু তেওঁৰ? চল্লিশৰ আশে পাশে। নহ’লে কমো হ’ব পাৰে। ক’ভাৰ ফ’টোত গিৰীয়েকৰ লগত হাঁহি হাঁহি ৰৈ আছে। উফ, দা লাকী হাজবেণ্ড!

ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়ালোঁ। দুই মিনিটমানৰ ভিতৰতে একচেপ্টো কৰিলে।

‘আপোনাৰ চকুজুৰি ধুনীয়া..লাভলি আইজ্’ – মেছেজ এটা লিখি পঠিয়ালোঁ।

‘থেংক ইউ’ – ৰিপ্লাই আহিল।

‘নট অনলি আইজ্, আপুনি মানুহজনীয়েই ধুনীয়া। আচলতে ‘ধুনীয়া’ শব্দটো নাখাটে। ‘হট’ এণ্ড….’

‘বহুতে কয় তেনেকৈ। আপুনি মোতকৈ সৰু চাগে’

‘হয় কিজানি। মোৰ আঠাইশ হ’ব অহা মাহত। আপোনাৰ চাগে থাৰ্টি?’

‘হে হে..মোৰ চল্লিশ হ’বৰ হ’ল।’

‘ৰিয়েলি? একদম নালাগে’

‘তুমিতো সৰু ল’ৰা’

‘তোমাকো সৰু যেন লাগে..অহ ছ’ৰী আপোনাকো…’

‘ডেটচ্ অ’কে….’তুমি’ মাতিলেও প্ৰ’ব্লেম নাই’।

‘এই মুহূৰ্ত্তৰ ফ’টো এখন চাব পাৰিম নে? প্লিজ…’

‘নো..আমি ফ্ৰেইণ্ডছ্ হোৱাৰ আধাঘন্টাও হোৱা নাই, তেনেকৈ কোনে কাক ফ’টো খোজে?’

‘ছ’ৰী..কাইলৈ দিবা…আই মীন দিব…নহয় মানে দিবা হা’।

সেইদিনা নয়না শইকীয়াৰ প্ৰ’ফাইলটোৱে মোক শুব নিদিলে। জ্যোতিমণিয়ে ‘হেল্লো জানু’ ধৰণৰ ১০টা মান মেছেজ দি থৈছিল। নাচালোৱে। নীল নয়না মোৰ এক নতুন সুখ!

পাছদিনা ৰাতিপুৱাই তেওঁলৈ মেছেজ এটা দিলোঁ। আচলতে এক কবিতা পঠিয়াইছিলোঁ।
“হে নীল নয়না,
তোমাৰ সাগৰ নীলা দুচকুত ডুব যাবলৈ মোক এদিন ওচৰলৈ মাতা,
কিছু পল তোমাৰ সাগৰসম দুচকুত মোক লুণীয়া হ’বলৈ দিয়া”

নয়না শইকীয়াই একো কোৱা নাছিল। হাঁহিছিল। মই সুখী হৈছিলোঁ। তেওঁ হাঁহিলেই শিহৰিত হৈছিলোঁ মই।
লাহে লাহে দিন বাগৰিছিল।

নয়না শইকীয়াই এক সপোনৰ দৰে নাতিদূৰৈত থিয় হৈ ৰৈছিল। উন্মনা কৰিছিল মন মোৰ। আমি বহু কথাই পাতিব পৰা হৈছিলোঁ। আৰু দুদিন আগত তেওঁক কৈছিলোঁ মই- ‘তোমাক মোৰ ওচৰৰপৰা পাবলৈ মন গৈছে। ক’ত, কেনেকৈ তুমি ক’বা’। সেয়া মোৰ যেন এক দাবী আছিল।

‘ঘৰলৈ আহিবা, পৰহি। পুৱা ১১টাৰ পাছত আৰু আবেলি ২টাৰ আগেয়ে’।

স্ফূৰ্তিত মোৰ পাগলৰ দৰে নাঁচিবলৈ মন গৈছিল। মোৰ সেয়া হয়তো এক ‘ইনডিচেন্ট প্ৰ’পোজেল’ আছিল আৰু বিবাহিতা নয়না শইকীয়াই ইমান সোনকালেই সেয়া মানি লৈছিল – এক কুটিল হাঁহি মুখেৰে বাগৰি গৈছিল! সেইদিনাৰপৰা মোৰ চকুত টোপনি নাই।

আৰু আজি এয়া মই নয়না শইকীয়াৰ ঘৰত। মোৰ সপোনটোৰপৰা কেইহাতমান আঁতৰত!

মিছেছ নয়না আহি আকৌ মোৰ ওচৰতে বহিল। গিলাচ এটা ক’ল্ড ড্ৰিংকছৰে ভৰ্তি কৰি সন্মুখৰ টেবুলখনত থলে। এইবাৰ তেওঁক মই ভালদৰে চালোঁ। চুলিৰ পৰা কপাল, চকু, গাল, দুইওঁঠ, ডিঙি….নামি আহিল মোৰ দৃষ্টি।

‘খোৱা, তুমি যে এতিয়াও ঘামি আছা। আজিতো ঠাণ্ডাও আছে অলপ। ….নে নাৰীক ভয় কৰা?’ – খিলখিলাই হাঁহিলে নয়নাই।

‘নাই, নাৰীক ভয় কিয় কৰিম। এয়া ভয়ৰ কাৰণে ওলোৱা ঘাম নহয়। আপুনি মানে তুমি নুবুজিবা। নাৰীয়ে এয়া নুবুজে। অকল পূৰুষেহে অনুভৱ কৰিব পাৰে এয়া আচলতে ভয় নে সংকোচ নে শিহৰন নে অইন কিবা….’

‘তোমাৰ কথাবোৰ মানসৰ দৰে একেই। নে সকলো পুৰুষে তেনেকৈয়ে কথা কয়?’

‘কোন মানস?’

‘আছে এজন। আছে নহয়, আছিল! সিও ফ্ৰেইণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰাৰ পাছদিনাই লিখিছিল – ‘হৰিণী নয়না তুমি! তোমাৰ দুচকুত ঢালিম এচামুচ সাগৰ, সেই চকুত ডুবি মাতাল হৈ ৰ’ম আজীৱন’..হয়তো মোৰ নামটো ‘নয়না’ কাৰণেও হয় চাগে। সিও তেনেকৈ এদিন মোক ওচৰৰপৰা পাবলৈ বিচাৰিছিল। অন্তৰংগ মুহূৰ্ত্ত কিছুমান কটাবলৈ ব্যাকুল হৈছিল। সৰু ল’ৰা আছিল সিও…তোমাৰ দৰে’

‘পিছত? আপুনি মাতিছিল?’

‘হয়, মাতিছিলোঁ’

‘তাৰ পিছত?’

‘সিও আহি এনেকৈ এইখন ছোফাতে বহিছিল। ঘামিছিল। ঠিক তোমাৰ দৰে! মই ক’ল্ড ড্ৰিংকছ আনি দিছিলোঁ। আমাৰ টাইগাৰে সকলো বুজি পায়। আজি যে ভূকিবলৈ আৰম্ভ কৰিছে এতিয়া, কাৰণ আছে।’

টাইগাৰ মানে তেওঁলোকৰ কুকুৰটোৱে ভিতৰৰ কোঠা এটাত বাৰুকৈয়ে ভূকিবলৈ আৰম্ভ কৰিছিল।

মিছেছ নয়না শইকীয়াই কৈ গ’ল – ‘ক’ল্ড ড্ৰিংকচ অকণমান মুখত দিওতেই সি ঢলি পৰিছিল। বেহুচ! আমাৰ ড্ৰাইভাৰজনে কৈছিল, এচামোচ ঢালি দিব, দুঘন্টালৈ সাৰ নাপায়। মই চাগে দুচামোচ মিহলি কৰিছিলোঁ। তাৰ পাছত তাৰ গাত চিকেন মছালা সানিলোঁ। বনোৱা মটন খীমা অলপো লগালোঁ। লৈ গ’লোঁ টাইগাৰৰ কোঠাটোলৈ চোঁচৰাই। গোটেই দিনটোত টাইগাৰে ফ’ৰ্টি পাৰচেন্টহে খাবলৈ পালে। ৰাতি বাকী অংশটো ড্ৰাইভাৰে পেলাই আহিল’

‘আপুনি পাগলৰ দৰে কথা কৈছে কিয়? ধেমালি কৰিছে?’ – মই জিকাৰ খাই উঠিলোঁ। হাতত থকা গিলাচটো বাগৰি পৰিল। ভাগ্যে মুখত দিয়া নাছিলোঁ!

‘মই সঁচাই কৈছোঁ। মই বৰ ঘিণ কৰোঁ এই ল’ৰাবোৰক। মোৰ বিয়া নোহোৱা ভনী এজনী আছিল। ইন’চেন্ট আছিল তাই। বৰবাদ কৰি দিলে এই ‘সাগৰ নীলা দুচকু’ গাই গাই এজনে। পেটত দুমহীয়া ভ্ৰুণ এটা লৈ ছুইচাইড কৰিলে তাই। মই খঙত জ্বলি উঠোঁ এনে পুৰুষবোৰ দেখিলে। মাথাই কাম নকৰা হৈ যায়। এফালৰপৰা শেষ কৰি পেলাবলৈ মন যায় সকলোকে’।

মই একে জাপে উঠিলোঁ ছোফাৰপৰা। দৌৰি বাহিৰ ওলাই আহিলোঁ। নয়না শইকীয়াই চিঞৰি মাতিছে। টাইগাৰটোৰ ভুকনিত গগন কঁপিছে।

মই দৌৰিছোঁ, মাথো দৌৰিছোঁ।

হাই-ৱেত উঠিলোঁ। ওচৰতে থকা চাহৰ দোকান এখনত বহিলোঁ। গা-ভৰিৰ কঁপনি কমা নাই মোৰ।

হঠাতে ম’বাইলটোত মেছেজ অহাৰ শব্দ হ’ল। খুলি চালোঁ।

মেছেঞ্জাৰত মিছেছ অৰূপা দত্তই মেছেজ দিছে -‘হেল্লো বিকি হেণ্ডছম!’।

‘বিকি নাই, মৰিল’ – মই লিখিলোঁ।

‘ষ্টুপিডৰ দৰে কথা নক’বা’

‘সঁচাকৈ কৈছোঁ, বিকি মৰিল। মই তাৰ দেউতাকে লিখিছোঁ। আৰু মেছেজ নকৰিব’ – মেছেঞ্জাৰটো আনইনষ্টল কৰি দিলোঁ মই। ৰাতিলৈ ফে’চবুকৰ একাউন্টটোও ৰিমোভ কৰিব লাগিব!

☆ ★ ☆ ★ ☆

18 Comments

  • কাবেৰী মহন্ত

    সাংঘাতিক! ৰোমাঞ্চিত কৰি দিলে!

    Reply
    • Chandana Das

      বহুত বেছি ভাল লাগিল দাদা।কাহিনীৰ মাজ ভাগত ভয় এটা লাগি গৈছিল।সমাপ্তি সুন্দৰ।লগতে এটা বাৰ্তা ও আছে।

      Reply
  • ইন্দ্ৰাণী তালুকদাৰ

    সাংঘাটিক!! গল্পটোৰ মাজৰ খিনিয়ে মনটো সেমেকাই দিছিল যদিও শেষৰ খিনিয়ে সুখী কৰিলে।

    Reply
  • Bornali Mudoi

    বৰ ভাল লাগিল পঢ়ি……

    Reply
  • Nilakshi Devi Deka

    সাংঘাতিক! একে উশাহতে পঢ়িলোঁ।

    Reply
  • বিৰাট ভাল লাগিল 👌।

    Reply
  • Barbie Punnag

    সঁচাই উশাহ নসলোৱাকৈ পঢ়িলোঁ পাই ! বিৰাট ভাল লাগিল

    Reply
  • Mridula

    বহুত ভাল লাগিল

    Reply
  • মানসী বৰা

    অনন্য সোৱাদ পালো..আপোনাৰ গল্পৰ কথাই সুকীয়া ..

    Reply
  • ৰূপাঙ্কৰ চৌধুৰী

    মজা দিগন্ত দা।

    Reply
  • Nirmali Bormudai

    সাংঘাটিক দাদা….

    Reply
  • বিজু গগৈ

    আপোনাৰ গল্প পঢ়ি ভাল পাওঁ৷

    Reply
  • Karabi Phukon

    বহুত ভাল লাগিল পঢ়ি

    Reply
  • ৱাহ!ৱাহ!
    মজ্জা

    Reply
  • হেমন্ত কাকতি

    বৰ ঝটকা দিলাহে! ফিনিচিংটো মই কিবা ব্লেকমেইল এটা অনুমান কৰিছিলো যদিও একদম ভাবিব নোৱাৰা ধৰনে দিৱা
    সুন্দৰ!

    Reply
  • anjan sadhanidar

    আমি লিখিবলৈ ললে গল্প কিয় নহয় বুজি গলো দেই৷ কোনেও নভবা ফিনিচিং দিলে৷

    Reply
  • ঈশ্বৰ বৰা

    আচৰিত
    সামৰণি আনএক্সপেক্টেড
    বহুত বহুত ভাল লাগিল

    Reply
  • গায়ত্ৰী গোস্বামী অধ্যাপক

    পঢ়ি থাকোতে গাটো শিয়ৰি উঠিল । মজা ফিনিচিং

    Reply

Leave a Reply

Your email address will not be published.