ফটাঢোল

থলুৱা লোক-কলাৰ শৈলীৰে নিৰ্মিত নাটক-ড৹ চাহিন জাফ্ৰি

বিংশ শতিকাৰ সত্তৰৰ দশকৰপৰা এচাম নাট্যশিল্পী আৰু নাট্যকলাৰ লগত জড়িত সমালোচক পৰম্পৰাৰ প্ৰতি সচেতন হৈ উপলব্ধি কৰিলে যে- ইউৰোপীয় কলা-কৌশল আৰু ৰীতি নীতিৰ মাজেদি ভাৰতীয় চিন্তাৰ গভীৰতা প্ৰকাশ নাপায়৷ কাৰণ ইউৰোপীয় জীৱনবোধৰ লগত ভাৰতীয় জীৱনবোধৰ যথেষ্ট অমিল দেখা যায়৷ ভাৰতীয় জীৱন দৰ্শনৰ স্বকীয়তা তথা গভীৰতা ভাৰতৰ নিজস্ব শিল্প ৰীতিৰ মাজেদিহে পৰিস্ফূট হৈ উঠিব পাৰে৷ গতিকে ভাৰতীয় নাট্যশিল্পই পাশ্চাত্য ৰীতিৰ পৰিৰ্বতে প্ৰাচীন ভাৰতৰ লোককলা আৰু পৰম্পৰাগত নাটৰ পদ্ধতি গ্ৰহণ কৰিব লাগিব৷

ভাৰতবৰ্ষত অতি প্ৰাচীন কালৰপৰাই সূত্ৰধাৰ বা তেনে ঘোষক চৰিত্ৰৰ মাজেৰে কাহিনী বৰ্ণনা কৰাৰ ৰীতি প্ৰচলিত আছিল৷ সত্তৰৰ দশকৰপৰা এই লোকনাট্যৰ নিজস্বতা তথা স্বকীয়তাৰ প্ৰতি সজাগতাই মূৰ দাঙি উঠাত এটা আন্দোলনৰেই সূচনা হৈছিল বুলি ক’ব পাৰি৷ ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও প্ৰখ্যাত নাট্যকাৰ আৰু পৰিচালকৰ বৰঙণি এই ক্ষেত্ৰত মন কৰিবলগীয়া৷ হাবিৰ তানবীৰ, গিৰিশ কাৰ্ণাড, বিজয় তেণ্ডুলকাৰ, আদ্য ৰংগচাৰ্য, বি ভি কাৰান্থ, ধৰমবীৰ ভাৰতী, ৰতন থিয়ামৰ নাম এই প্ৰসঙ্গত উল্লেখনীয়৷

অসমীয়া নাটকৰ ইতিহাস আৰম্ভ হয় শংকৰদেৱৰ লোককলাৰ উপকৰণেৰে পুষ্ট অংকীয়া নাটকসমূহৰ মাজেৰে৷ তেওঁ শাস্ত্ৰীয় নাটকৰ লগত বিভিন্ন লোককলা তথা লোকনাট্যৰ উপকৰণ সংযোগ কৰি অংকীয়া নাটৰ কৌশল উদ্ভাৱন কৰে৷ ইয়াৰ পাছত অসমীয়া নাট্য সাহিত্যই বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ মাজেৰে আহি বৰ্তমানৰ অৱস্থা পাইছেহি৷ বৰ্তমান সময়ত বহু কেইজন নাট্যকাৰে থলুৱা নাট্যশৈলীৰে নাটক ৰচনাৰ কামত হাত দিছে৷ বিদেশী নাট্যৰীতিৰ অনুকৰণৰ পৰিৱৰ্তে অসমৰ থলুৱা কলা সম্পদৰ উপকৰণৰ সহায়ত নিজস্ব নাট্যৰীতি সৃষ্টি কৰিবলৈ নাট্যকাৰসকলে আগ্ৰহ প্ৰকাশ কৰা দেখা গ’ল৷

যুগল দাসৰ ‘বায়নৰ খোল’ [১৯৮২] নাটকখনৰ জৰিয়তে এই ধাৰাটোৰ শুভাৰম্ভ ঘটিল৷ ইয়াত অংকীয়া ভাওনাৰ পৰম্পৰাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হৈছে৷ নাটকখনৰ মুখ্য চৰিত্ৰ বায়ন৷ খোলটোৱেই তেওঁৰ জীৱনৰ প্ৰাণ৷ খোলটো হাতত পৰিলেই তেওঁ ভোক পিয়াহ সকলো পাহৰে৷ শংকৰ গুৰুৱে দি থৈ যোৱা আমাৰ প্ৰাচীন সংস্কৃতিক সম্পদ ৰক্ষাৰ বাবে তেওঁ দৃঢ় প্ৰতিজ্ঞ৷ ইয়াতেই তেওঁৰ সংঘাত হৈছে গাঁৱৰ ডেকাচামৰ সৈতে৷ কাৰণ ডেকাচামে গুৰুজনাৰ তিথিত থিয়েটাৰ পতাৰ বাবে আগ্ৰহী হয়৷ বায়ন হৈছে ইয়াৰ ঘোৰ বিৰোধী, সেয়ে গুৰুজনাৰ তিথিৰ দিনা অকলে ভাওনা পাতে আৰু খোল চপৰিয়াই নৃত্য কৰি আৰু ভাওনাৰ বচন মাতি তেওঁ অচেতন হৈ পৰে৷ শেষত ডেকাচামৰ আটাইয়ে নিজৰ ভুল বুজি ভাওনা পতাৰ সিদ্ধান্ত লয়৷ ইয়াত নাট্যকাৰৰ মুখ্য উদ্দেশ্য আছিল নিজৰ ৰীতি-নীতি সম্পূৰ্ণভাৱে বাদ নিদি আনৰ ভালখিনি আদৰি ল’ব পাৰিব লাগিব৷ শৈলেন ভৰালীয়ে লিখিছে – ‘‘পুৰণিৰ ভেটিতহে নতুন প্ৰতিষ্ঠিত হ’ব পাৰে৷ এই বিশ্বাস মনত ৰাখি ৰচনা কৰা বায়নৰ খোলত অংকীয়া ভাওনাৰ পৰম্পৰাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হৈছে৷’’

অখিল চক্ৰৱৰ্তীৰ ‘এজন ৰজা আছিল’, [১৯৮৫] আন এখন তেনে আৰ্হিৰ নাটক৷ ইয়াতো অংকীয়া ভাওনাৰ ৰীতি গ্ৰহণ কৰা হৈছে৷ দুটা দৃশ্যত সমাপ্ত নাটকখনত অত্যাচাৰী আৰু স্বেচ্চাচাৰী শাসকৰ পতন প্ৰদৰ্শিত হৈছে৷ নিৰীহ, দৰিদ্ৰ প্ৰজাক অকাৰণে শাস্তি বিহা ৰজা মহাবাহুৰ কাম-কাজত পুত্ৰ সূৰ্যশিখাই পিতৃৰ ওচৰত নীৰৱ দৰ্শক হৈ থাকিবলৈ টান পাইছিল৷ তেওঁ ধনুবিদ্যা শিকি অজুৰ্নৰ দৰে ধনুধাৰী হৈ মহাবাহুক ৰজাৰ মুকুট খুলি পেলাবলৈ বাধ্য কৰায়৷ অংকীয়া নাটত সূত্ৰধাৰে শ্ৰীকৃষ্ণৰ প্ৰশস্তিসূচক নান্দী শ্লোক গোৱাৰ পৰিবৰ্তে নাটকখনত নাট্যশাস্ত্ৰৰ প্ৰণেতা ভৰতমুনি আৰু অসমীয়া নাট্য সংস্কৃতিৰ জনক শংকৰদেৱৰ বন্দনা কৰা হৈছে৷ অংকীয়া ভাওনাৰ পদ্ধতিত নাট্যকাৰে নিজস্ব কলা-কৌশলেৰে নাটকীয় কাহিনীৰ সামৰণি মাৰিছে৷

অংকীয়া নাটৰ আৰ্হিৰে ৰচনা কৰা আন এখন নাটক হৈছে– বসন্ত শইকীয়াৰ ‘ভঙুৱা ৰজা’৷ দুটা দৃশ্যৰ মাজেৰে নাটকখনৰ বিষয়বস্তু মধ্যযুগীয় পটভূমিত উপস্থাপন কৰা হৈছে৷ মধ্যযুগীয় স্বেচ্চাচাৰী, ক্ষমতালোভী ৰজাৰ কাহিনীৰ ছলেৰে নাটকখনত বৰ্তমান যুগৰ শাসকক ব্যংগ কৰা হৈছে৷

গুণাকৰ দেৱগোস্বামীৰ ‘বীৰংগনা’ আৰু ‘জেৰেঙা’ অংকীয়া নাটৰ আৰ্হিৰে ৰচনা কৰা আন দুখন উল্লেখযোগ্য নাটক৷ ‘বীৰংগনা’ত অসম বুৰঞ্জী খ্যাত মূলাগাভৰুৰ ত্যাগ, বীৰত্ব, সাহস আৰু¸ স্বদেশপ্ৰেম  অংকীয়া নাটৰ শৈলীৰে প্ৰদৰ্শন কৰা হৈছে৷তেওঁৰ ‘জেৰেঙা’ নাটকখনতো আহোম কুঁৱৰী জয়মতীৰ কাহিনীক আধাৰ কৰি ৰচনা কৰা হৈছে৷ অংকীয়া নাটৰ প্ৰায় আটাইকেইটা বৈশিষ্ট্য নাটকখনত বিদ্যামান৷

আনন্দ মোহন ভাগৱতীৰ ‘জতুগৃহ’, জগদীশ পাটগিৰীৰ ‘অজগৰ:, আলি হাইদৰৰ ‘যুগ সন্ধিক্ষণৰ কাব্য’, ‘নৈশ যুদ্ধ’, ‘ধুমুহা পক্ষীৰ নীড়’ আদি অংকীয়া নাটৰ আৰ্হিত ৰচিত নাটক৷ দস্যু ৰত্নাকৰৰপৰা বাল্মিকীলৈ ৰূপান্তৰ হোৱা বিষয়ক লৈ ভাওনাৰ সূত্ৰধাৰৰ আৰ্হিৰে সপোনজ্যোতি ঠাকুৰে ‘ৰত্নাকৰ’ নামৰ নাটকখন ৰচনা কৰিছে৷ অংকীয়া নাটত ভগৱান কৃষ্ণক বন্দনা কৰাৰ দৰে ইয়াত নাট্যকাৰে শিল্পীক বন্দনা কৰা দেখুৱাইছে৷

প্ৰাচীন লোককলাৰ অন্যতম নিদৰ্শন ওজাপালিৰ ভংগী গ্ৰহণ কৰিও ভালেকেইখন নাটক ৰচিত হৈছে৷ তাৰ ভিতৰত সতীশ ভট্টাচাৰ্যৰ ‘মহাৰাজা’ [১৯৮৩] অৰুণ শৰ্মাৰ ‘বুৰঞ্জীপাঠ’ [২০০১], কৰুণা ডেকাৰ ‘শুনা শুনা সভাসদ’, গুণাকৰ দেৱগোস্বামীৰ ‘সতী’ [অপ্ৰকাশিত], ‘ৰত্নাকৰ’, অনুকুল শৰ্মা আৰু কৰুণা ডেকাৰ ‘লুইত কন্যা’, ৰফিকুল হুছেইনৰ ‘কৌৰৱ-পাণ্ডৱ’ আৰু¸ ‘দ্ৰৌপদী’ আদি নাটক উল্লেখযোগ্য৷

‘মহাৰাজা’ত অতীতৰ ৰজা আৰু প্ৰজাৰ কাহিনীৰ ছলেৰে আধুনিক গণতান্ত্ৰিক যুগৰ শাসকসকলৰ এক ব্যংগ চিত্ৰ প্ৰদৰ্শন কৰা হৈছে৷ ৰাইজে বিচাৰিলেই যে সকলো একত্ৰিত হৈ অন্যায়-অবিচাৰত বিৰুদ্ধে মাত মাতিব পাৰে তথা ৰাইজ জাগ্ৰত হ’লেই তেনে শাসকসকলক মুহূৰ্ততে উফৰাব পাৰে, সেই কথাকেই নাটকখনৰ মাজৰে বুজাবলৈ যত্ন কৰা হৈছে৷ ষোল্লটা চুটি চুটি ক্ষণত বিভক্ত নাটকখনত ওজাপালি আৰু ওজাপালিৰ কথোপকথনেৰে আধুনিক যুগৰ উপযোগীকৈ থলুৱা শৈলী উপস্থাপন কৰা হৈছে৷ অৰুণ শৰ্মাৰ ‘বুৰঞ্জী পাঠতো’ এনে স্বেচ্চাচাৰী শাসকৰ পৰিণতি দেখুওৱা হৈছে৷ প্ৰিয়ৰাণী নামৰ নাৰী চৰিত্ৰটোৱে মৌজা চলোৱাৰ অধিকাৰ পাই কিদৰে অত্যাচাৰী হৈ পৰিল আৰু তেওঁ পুহি ৰখা শোষকৰ দলটোৰ কেনেদৰে পতন ঘটিল সেই কথাকেই নাটকখনত দেখিবলৈ পোৱা গৈছে৷

অংকীয়া ভাওনা আৰু ওজাপালি আদিৰ দৰে ঢোল বাদনো হৈছে অসমৰ এক অপৰিহাৰ্য তথা প্ৰাচীন লোককলা৷ অসমৰ সংস্কৃতিৰ অমূল্য সম্পদ এইবিধ লোক-অনুষ্ঠানক ঢুলীয়া ভাৱৰীয়া অথবা ঢুলীয়া ভাওনা বুলিও কোৱা হয়৷ ইয়াৰ আৰ্হিতে পৰিবেশন কৰা এখন নাটক হৈছে কৰুণা ডেকাৰ ‘চং’ নামৰ নাটকখন৷ প্ৰখ্যাত ঢোল বাদক মোহন ভাউৰীয়াৰ জীৱনৰ আধাৰত এই নাটকখন ৰচিত হৈছিল৷ নাটকখনে অসমৰ পৰম্পৰাগত ঢুলীয়া জন-নাট্যানুষ্ঠানৰ এটা বলিষ্ঠ মাধ্যমৰো সন্ধান দিছে৷ ‘চং’ নাটকখনত কামৰূপীয়া ঢুলীয়া সংস্কৃতিক পুনৰ আবিস্কাৰ কৰাৰ যত্ন কৰিছে৷

ঢুলীয়া ভাৱৰীয়াৰ লগতে দৰং জিলাত খুলীয়া ভাৱৰীয়া বা খুলীয়া ভাওনাও অসমৰ অন্য এক জনপ্ৰিয় লোককলা৷ ইয়াত দিহা, পদ আৰু ভাৱৰীয়াৰ বচনৰ মাজেদি অনুষ্ঠান আগবঢ়াই নিয়া হয়৷ খুলীয়া ভাৱৰীয়াজনৰ উপৰিও ইয়াত এটা বহুৱাৰ চৰিত্ৰ থাকে৷ এই বহুৱাজনে গ্ৰাম্য জীৱনৰ লগত সংগতি থকা বিভিন্ন ভাও দেখুৱাই দৰ্শকক হঁহুৱাবৰ চেষ্টা কৰে৷ এই খুলীয়া ভাৱৰীয়াৰ ৰীতিৰে পৰিবেশন কৰা দুখন নাটক হৈছে– পৰমানন্দ ৰাজবংশীৰ ‘নাঙল, মাটি আৰু মানুহ'[১৯৮৯] আৰু ‘চক্ৰবেহু'[২০০৪]৷ গায়ন বায়নৰ সৈতে সুৰ-তাল-লয়ত গোৱা পদেৰে ‘নাঙল মাটি আৰু মানুহ’ নাটকখনৰ কাহিনীত পথৰুঘাটৰ ৰণৰ পটভূমি অতি চমুকৈ বৰ্ণনা কৰা হৈছে৷ নাটকখনত ওজাই সূত্ৰধাৰৰ ভূমিকা পালন কৰাৰ উপৰিও বহুৱা চৰিত্ৰৰ অৱতাৰণাৰে খুলীয়া ভাৱৰীয়াৰ সকলো বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰা হৈছে৷

‘চক্ৰবেহু’ত মহাভাৰতৰ বিখ্যাত চৰিত্ৰ আৰু¸ কুৰুক্ষেত্ৰ যুদ্ধৰ পাণ্ডৱ সেনাপতি অভিমন্যুক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছে৷ খুলীয়া ভাৱৰীয়াৰ ‘বহুৱা’ৰ পৰিবৰ্তে ইয়াত ‘বিবেক’ নামৰ এটা চৰিত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে৷ বিবেকৰ উদ্দেশ্য যুদ্ধৰ বিপক্ষে মানুহৰ বিবেকক জাগ্ৰত কৰা৷ ওজা আৰু বিবেকৰ কথোপকথনৰ মাজেদি যুদ্ধৰ অৰ্থহীনতা আৰু বিভীষিকাৰ কথা সোঁৱৰাই দিবলৈ বিচৰা হৈছে৷ অসমৰ গোৱালপাৰা অঞ্চলৰ জনপ্ৰিয় লোকনাট্যানুষ্ঠান কুশানগানৰ শৈলীৰে আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ সৰ্বজনবিদিত বুঢ়ী আইৰ সাধুৰ তেজীমলা সাধুৰ আধাৰত ‘তেজীমলা’ নামে নাটক ৰচিত হৈছে৷ পৰমানন্দ ৰাজবংশীৰ অভিনৱ প্ৰচেষ্টাত কুশান গানৰ ভঙ্গীত গোৱা গীতেৰে ‘তেজীমলা’ নাটকখনত গীদাল আৰু আন আন কলা-কুশলীয়ে গোৱা গীতেৰে কাহিনী আৰম্ভ হৈছে আৰু নৃত্য আৰু গীতৰ মাজেৰে নাটকখনৰ সামৰণিও মৰা হৈছে৷

নাগাৰা নাম, বিয়ানাম আৰু দিহানামৰ  নৃত্য গীতৰ সহায়েৰে ‘কমলা-কুঁৱৰী’ নাটকখন কমলা কুঁৱৰীৰ সাধুৰ আলমত ৰচিত হৈছে৷ সেইদৰে তিনিটা বান্দৰৰ সাধু নাটকতো নাগাৰা নামৰ তাল-লয়ৰ মাজেৰে কাহিনী আগবঢ়াই নিয়া হৈছে৷ তেওঁৰ ‘কমলা-কুঁৱৰী’ক গীতি নাট্য বুলিব পাৰি আৰু তিনিটা বান্দৰৰ সাধু সাধু নহৈ দেশৰ স্বাধীনতাৰ হকে নিজকে সমৰ্পন কৰা এগৰাকী স্বাধীনতা সংগ্ৰামীৰ আশাভংগৰ কাহিনীৰে ৰচিত নাটক বুলিব পাৰি৷ গীতিনাট্যৰ আৰ্হিৰে পংকজজ্যোতি ভূঞাৰ ‘গুটি ফুলৰ গামোচা’ নাটকখনো ৰচিত হৈছে৷  নাটকখনৰ বিহুগীতৰ আংগিকৰ ৰূপায়ণ ঘটিছে৷

থলুৱা লোককলাৰ শৈলীৰ সাৰ্থক প্ৰয়োগ ঘটাই কেইবাখনো নাটক ৰচিত হৈছিল৷ এই নাটকসমূহত থলুৱা উপকৰণ যুক্ত কৰি থলুৱা শৈলীৰে পৰিবেশন কৰাৰ প্ৰয়াস দেখা গৈছে৷ তেনে কেইখনমান নাটক হৈছে– প্ৰমোদ দাসৰ ‘হনুমান সাগৰ বান্ধা চাউ’, [অপ্ৰকাশিত], ফণী তালুকদাৰৰ ‘কুৰুৱাই পাৰে ৰাও’, ৰমণী বৰ্মনৰ ‘শ্ৰম’, লিয়াকৎ আলিৰ ‘মোৰে মলুৱাক কোনে মাৰিলে ৰে’, ‘জোনাকে ধোৱা অৰণ্য’, বাহাৰুল ইচলামৰ  ‘পানা গাঁৱৰ টুপত এনিশা’ আৰু সীতানাথ লহকৰৰ ‘কহয় চণ্ডীদাস’ ইত্যাদি৷

‘হনুমান সাগৰ বান্ধা চাউ’ নাটকখন বিশেষকৈ যৌতুক সমস্যাক কেন্দ্ৰ কৰি লিখা নাটক৷ ইয়াত থিয় নাম আৰু বিয়া নামৰ পদ্ধতি গ্ৰহণ কৰা হৈছে৷বাহাৰুল ইছলামৰ ‘পানা গাঁৱৰ টুপত এনিশা’ত ইংৰাজে দেশখন অধিকাৰ কৰাৰ পাছত নতুনকৈ বলবৎ কৰা ভূমি আইন আৰু বৰ্ধিত ভূমি কৰক মূল হিচাবে লৈ নিৰ্মাণ কৰা হৈছে। এই নাটকখনত লোককলাৰ উপকৰণৰ উপৰিও সংলাপ সমূহতো লোকভাষাৰ প্ৰয়োগ কৰা হৈছে৷ ‘কহয় চণ্ডীদাস’ত বৰ্তমানৰ দুৰ্নীতিগ্ৰস্ত সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাক ব্যংগ ভঙ্গীৰে উদঙাই দিয়াৰ লগতে উগ্ৰপন্থীৰ সমস্যাও দাঙি ধৰা হৈছে৷ সীতানাথ লহকৰৰ আন এখন নাটক – ‘বিপন্ন স্বদেশ’তো ভাৰতীয় ৰাজনীতিৰ স্বৰূপ দাঙি ধৰি এটি ৰাজনৈতিক মতবাদ প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে৷ ‘কহয় চণ্ডীদাস’ নাটকত লোককলাৰ মাধ্যম প্ৰয়োগ কৰা হৈছে আৰু নৃত্য-গীতৰ সহায়েৰে নাটকৰ কাহিনী আগবঢ়াই নিয়া হৈছে৷

এইদৰেই লোককলা পদ্ধতিৰ প্ৰয়োগেৰে লোককলাৰ বছা বছা উপকৰণেৰে নাটকসমূহ ৰচনা কৰি নাট্যকাৰসকলে দেশৰ আৰু সংস্কৃতিৰ বিভিন্ন বক্তব্য উপস্থাপন কৰিছে আৰু অসমীয়া নাট্য সাহিত্যৰ জগতক টনকিয়াল কৰি তুলিছে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.