ফটাঢোল

দশা – কৃষ্ণা বৰা ফুকন

ৰাতিপুৱা ব্ৰাছ ডাল লৈ এনেই ঘৰৰ কাষে কাষে আগফাল পিছফাল কৰাটো মোৰ পুৰণা অভ্যাস৷ শ্ৰী মতীয়ে গালি পাৰে বোলে “সেই ডাল কামুৰি,  কামুৰি মুখৰ ফেন সোপা অ’ত পিকাই, ত’ত পিকাই ঘূৰি ফুৰাতকৈ যদি টাবৰ ফুল কেইডালকে খুচৰি দিলাহেঁতেন, মই ততেই পালোহেঁতেন৷ অ’ সেইবোৰ নাই…পুলুং পালাং, পুলুং-পালাং কৰি খালি আগফাল পিছফাল৷ “

মই বেয়া নাপাওঁ৷ আজিকালি এনেও ৰাতিপুৱা ৰেডিঅ’ শুনাৰ অভ্যাসটো নাইকিয়াই হ’ল৷ সেয়ে শ্ৰী মতীৰ এইখিনি প্ৰভাতী পখীৰ কলৰৱ বুলি হজম কৰি থওঁ৷ দিনটোলৈ মানে ফ্ৰেছ ফিল এটা আহে৷ আজিও ব্ৰাছডাল মুখত ভৰাই আগফালৰ পুখুৰীটোৰ পাৰতে ৰৈ এনেই চাই আছো৷ তেনেতে মোৰ ছোৱালী মুনমুন ও আহি মোৰ কাষতে ৰ’লহি৷ খচ খচ কে ব্ৰাছ ডালেৰে গুড়ি ফালৰ দাঁত কেইটা ঘঁহি মোলৈ চাই,  বৰ ৰহস্যময় হাঁহি এটা মাৰি বোলে, ’ অ তা মাৰ কিবা এটা হৈছে৷ দেখিছেনে ? ’

মুখৰ ফেন খিনি পিৰিক কৈ জলফাই জোঁপাৰ গুৰিলৈ মাৰি মুখখন খালি কৰি লৈ আচৰিত হৈ সুধিলো বোলো “ কি হ’ল মাৰৰ…গা চা বেয়া নেকি? ক’তা…মইতু ঠিকেই দেখিছো৷ “
: গা বেয়া নহয় অ’৷ কিন্তু কিবা এটা হৈছে চিওৰ৷ কিবা এটা ভাবি থকাৰ দৰে থাকে৷ পৰহিমানৰ পৰা দেখিছো“৷
এনেই শ্ৰী মতী কিবা ভাবি থকা বিধৰ প্ৰাণী নহয়৷ বৰং আনকহে ভবোৱায়৷ তথাপি মুনমুনৰ কথাত চুৰ্চুৰীয়াকৈ চিন্তা অকণ নোহোৱা নহয়৷ সাত বছৰ প্ৰেম কৰি বিয়া পাতিছো৷ মানুহ জনীক সুখে দুখে লগ দিয়াৰ প্ৰতিশ্ৰুতি দিছো…এতিয়া….
: হেহ…তই এনেই ভাবিছ’ হ’ব পায়৷ আজিকালি মাৰে দেওবাৰে, দেওবাৰে গাঁৱৰ নামঘৰত গৈ ভাগৱত পাঠ কৰিবলৈ ধৰাৰ পৰা এনেও মাজে মাজে অন্যমনস্ক হৈ কিবা এটা বিৰবিৰাই ঘূৰি ফুৰে৷ তেনেকুৱাই কিবা হ’বলা অ’৷
: এ…নহয় হে…মই ভালকৈ দেখিছো৷ মুঠতে মাৰ মন ডাউন..একদম৷ মই সিদিনা টিউচনৰ পৰা আহি চেণ্ডেল যোৰ দলিয়াই থ’লোহি…পিছত মনত পৰাত দৌৰি গ’লো শ্বু ৰেকত ভৰাবলৈ, গৈ দেখিছো সেইযোৰ  কোনোবাই অলৰেডী শ্বু ৰেকত ভৰাই থৈছে৷ মায়েতু হ’ব ন? ? আপুনিটো নিজেই চেণ্ডেলৰ কাৰণে মাৰ পৰা গালি খায় থাকে…আপুনি যে নাই ভৰোৱা মই চিওৰ৷ কিন্তু আনকালে হোৱা হ’লে মায়ে কি ক’লেহেঁতেন..
: চেণ্ডেল থবিহিনে নে মই দলিয়াম? ?
: একজেক্টলি…সেয়াইতু…৷ ৰ’ব ৰ’ব সেয়া মাঁ আহিছে, আপুনি মুখৰ ফেন খিনি মায়ে দেখাকৈ পেলাই চ’ক…
: ৰাতিপুৱাই মোক…
কৈ শেষ কৰিবই নাপালো৷
: আৰে….চ’ক না..একো নহয়…পেলক, পেলক…
এনেকৈ বল দিলে আৰু নেপেলাই পাৰিনে৷ তেওঁ ঠিক মোৰ পিছেদি পাৰ হৈ গোহালিৰ ফালে যাব ধৰোতেই পিৰিককৈ ফেন খিনি এইবাৰ জলফাই জোপাৰ ঠিক কাষতে থকা নাৰিকল জোপাৰ গুৰিলৈ মাৰি দিলো৷ কাণ উনাই ৰ’লো…বাক্য বাণলৈ….কিন্তু ক’তা এওচোন একেবাৰে নিৰ্বিকাৰ চিত্তে গজ গতিৰে গমন কৰি গুছি গ’ল যে! তাৰমানে মুনমুনৰ সন্দেহ মিছা নহয়৷ ভয়ো লাগিল অলপ৷ শান্ত সমাহিত সাগৰেই হেনো প্ৰবল ধুমুহাৰ আগজাননী দিয়ে৷ এয়া এনে একো জাননী নহয়তু! ! চিন্তাবোৰ কিবা খেলি মেলি লাগি গ’ল৷
: দেখিলে? ? মই কৈছিলো নহয়৷ মুনমুনে চেলাউৰি দাঙি প্ৰবল আত্ম বিশ্বাসেৰে মোক ক’লে৷
: এৰা…দেখিলো পাই৷ মোৰ চিন্তাই লাগিছে এতিয়া৷

মানুহজনীলৈ ঘূৰি চালো৷ নাই, কোনো সাৰ সুৰ নোহোৱাকৈ আপোন মনেৰে গোহালিৰ গৰু দুজনীৰ পঘা খুলিছে৷
অলপ পিছতে গৰু খেদি আকৌ আমাৰ পিছেদিয়ে পাৰ হৈ গ’ল৷ যাওতে কৈ গ’ল-
: চাহ বাকিম এতিয়া দেই, সোনকালে মুখ ধুই আহা৷

আও এনে মিঠা মাত…! এইবাৰ মই একদম চিওৰ হ’লো যে মানুহজনীৰ ব্যৱহাৰত কিবা এটা পৰিবৰ্তন আহিছে৷ বৰ বেছি এক্সপেৰিমেণ্ট কৰিবলৈ মন নগ’ল…বোলো যি হয় ভাললৈ হয়…সোনকালে মুখপদ্ম ডুখৰি পখালি লৈ চাহকণ গলাধকৰণ কৰাই বুদ্ধিমানৰ কাম হ’ব৷

চাহকণ খোৱাৰ পিছতে ঘৰত সকলোৰে দৌৰা দৌৰি লাগে৷ মুনমুনৰ কলেজ, ল’ৰাৰ স্কুল, মোৰ অফিচ৷ মুঠতে কোনেও কাৰো মুখলৈ চাবলৈ সময় নোহোৱাৰ দৰে৷ আজিও একেই পৰিস্থিতি৷ তথাপি আঁৰ চকুৰে মানুহ জনীলৈ চাই থাকিলো৷ সঁচাকৈয়ে যেন কিবা এটা হৈছে এনে লাগিল৷ আনদিনা হোৱা হ’লে এওৰ মুখ আৰু হাত সমানে চলিল হয়৷ আজি কিন্তু মুখ একদ’ম বন্ধ৷ কেৱল হাত হে চলিছে৷ ল’ৰাক গা ধুৱাবলৈ যাওতেও আনকালৰ দৰে মাক পুতেকৰ তয়া ময়া ৰণ নালাগিল চোন৷ এপাকত ভাবিলো বোলো সুধিয়ে দিওঁ নি৷ তাৰপা বোলো নহয়, এতিয়াই একো নোসোধো৷ অফিচৰ পৰা আজি অলপ সোনকালে আহিম৷ আহোতে শ্ৰীমতীৰ ফেভাৰিট চাওমিন এক প্লেট ও লৈ আহিব লাগিব৷ লৰালৰিকৈ গাটো ধুই ল’ৰাক বাইকত বহুৱাই অফিচলৈ বুলি ওলালো৷ ৰাস্তাত ল’ৰাক আকৌ স্কুলত নমাই থৈ যাব লাগিব৷

অফিচ সোমাইয়ে কিবা এক উৎসৱ মুখৰ পৰিবেশৰ উমান পালো৷ আজিকালি আকৌ ক’ব নোৱাৰি নহয়…মাইক কেমেৰা লৈ আমাতকৈও আগতে সেই নিউজৰ মানুহহে অফিচ বোৰ পাইহি৷ বাইকখন টিংৰ চালিখনৰ তলত ষ্টেণ্ড কৰি লগে লগে চোলাৰ পকেটৰ পৰা মোবাইলটো ওলিয়াই ডাঙৰ বুটাম এটাত পিটিকা মাৰি দিলো৷ স্ক্ৰীণত তেলতেলকৈ 9: 35 বুলি লিখা দেখিহে মনটো ভাল লাগিল৷ হেলমেটটো বাইকৰ হেণ্ডেলত ওলমাই থৈ চেপেটা লাগি মূৰত লাগি ধৰা অবাধ্য চুলি কেইডালক হাতেৰে এনেই শ্বেপ দিয়াৰ বৃথা চেষ্টা কৰি, পেণ্ট টো দুই হাতে ধৰি অলপ ওপৰলৈ উজাই লৈ অফিচলৈ বুলি খোজ দিলো৷ এনেই অফিচত এই সময়ত দৰবত দিবলৈও মানুহ নাথাকে৷ আজি পিছে কথা বেলেগ৷ নতুনকৈ জইন কৰা মাজুলীৰ ল’ৰাটোক বাদ দি আজিচোন সকলোৱেই অফিচত বিদ্যমান৷ কিবা নিজৰ অফিচ যেন ল’গাই নাই৷ ইম্মান মানুহ! আমাৰ অফিচত একেলগে যে ইমান মানুহে চাকৰি কৰে আজিহে দেখিলো৷ আনকালে চেগা চোৰোকাকৈ অ’ত এটি, ত’ত এটিক দেখি দেখি মানে চকু কেইটাও অভ্যস্ত হৈ গৈছে৷ যি কি নহওক সকলোকে সমজুৱা গুদ মৰ্ণিং এটাৰে সম্ভাষণ জনাই নিজৰ টেবুল খনৰ ফালে আগবাঢ়িলো৷ টেবুলৰ এটা ফালত ফাইলৰ দ’ম৷ তাৰপৰা ফাইল এটা লৈ টেবুলখনৰ ধূলি চাফা কৰি বহিলো৷ আঐ তপিনাই চকী স্পৰ্শ কৰিবলৈ পালে কি নাই আহিল নহয় ফেনাল দত্ত৷ এনেই তেখেতৰ পোচাকী নাম এটা নথকা নহয়, অফিচত সকলোৱে পিছে ফেনাল বুলিলেহে চিনি পায়৷ খুউব কথা কয়৷ কথা কৈ কৈ মানে ফেন ওলাই যায়, সেয়ে তেখেতৰ এইটো জোকোৱা নাম! ফেনাল আহি মোৰ সমূখৰ চকী খনত বহি ল’লেহি ৷ মনতে বোলো এইডালে চাহকণ নোপোৱালৈকে বেলবেলাই থাকিব এতিয়া..! এইবুলি দুৰ্বল হাঁহি এটাক ওঁঠৰ কোণলৈ ঠেলা এটা মাৰি পঠাই, “ আৰে দত্ত দা….কওক….খবৰ বাতৰি কওক“ বুলি সম্ভাষণ জনালো৷

: খবৰ নো কি হয় নে? দেশ কালৰ অৱস্থা বেয়া বুইছা৷ নিউজ চাবই নোৱাৰি৷ পাৰোতেনো দহোবন কাটি কৰি পুৱাই অফিচলৈ ঢাপলি মেলোনে? ? ?
সেইবুলি তেওঁ নিজৰ মূৰটো সোঁৱে বাৱে অলপ ল’ৰাই বৰ দুখ প্ৰকাশ কৰিলে৷
মই বোলো কি হ’ল নো? ? মই একো গ’মেই পোৱা নাইচোন৷ আজি অফিচত পুৱাই মানুহৰ সমাগম দেখি পিছে ময়ো কিবা এটা অনুমান কৰিছিলো বোলো কিবা হ’ল নেকি আকৌ৷ কি? ? কেচটো কি? ?

: হেই তুমি একো নাজানাহে৷ অলপ নিউজ বাতৰি চাবা বুইছা৷ দেশৰ, দহৰ ও খবৰ ৰাখিবা৷ কিমান আৰু ঘৰ ঘৈণী…
: ঘৈণীক নানিব হে…! দুদিন মান ধৰি ঘৈণীৰ মন চন ভাল নহয়৷
ফেনালক কথা শেষ কৰিবলৈ নিদি মাজতে মই চিৎকাৰ কৰি উঠিলো৷ অফিচত মানে মোৰ পত্নী প্ৰেমক লৈ অলেখ কাহিনী৷ দুই একেটো মোক পত্নীভক্ত বুলিও তিতকাৰি মাৰে৷ সেয়ে আকৌ নতুন কাহিনী এটাৰ জন্ম হোৱাৰ আগতেই শ্ৰী মতীক আঁতৰাই ৰাখিব বিছাৰিলো৷
: হ’বই আৰু দিয়াচোন৷ তুমি পিছে বোৱাৰীক বুজাবা…আজিকালি এইবোৰ সাধাৰণ কথা হ’ল৷ দুদিন মান থাকিব ঢৌ টো৷ একো নাই…চব ঠিক হৈ যাব৷  আমাৰ মানুহৰ মেম’ৰী বিৰাট বেয়া বুইছা….
এতিয়া অলপ দিন পাছতে ধেমাজীৰ বানপানী, লখিমপুৰৰ বানপানী, মাজুলীৰ মঠাউৰিৰ নিউজ বোৰ আহিলেই এইবোৰ নিউজ তল পৰিব৷ বানপানীয়ে সকলো উটুৱাই নি চব খালাচ কৰি দিব….
এইবুলি ফেনালে নিজৰ কথাতে ৰস পাই তামোল খোৱা ৰঙা দাইতকেইটা উলিয়াই ঢেকঢেক কৈ হাঁহি দিলে৷ ময়ো কিবা এটা বুজা নুবুজা ভাবত হাঁহিলো৷
: আচ্ছা মই এতিয়া যাওঁ৷ আমাৰ জনা প্ৰভু আহিলে আকৌ বেয়া দেখিব নহয়৷ কি বা মেজাজত আহে ঠিক নাইতু আজিকালি…!
এইবুলি চকীৰ পৰা উঠি মোৰ কান্ধত হাতখন থৈ, “ হেৰি কৰিবা,  তুমি মানুহজনীক বুজাবা৷ খং ৰাগ উঠিলেও কেই দিন মান একো নক’বা৷ তুমি বুজন মানুহ…মইনো কি ক’ম“
এইবুলি তেওঁ আনটো কোঠাত থকা নিজৰ টেবুললৈ গ’লগৈ৷ মই পিছে একো নুবুজিলো৷ হয় কথাটো, কিমান দিন…ক’ৰ দিন.. চাগৈ মাহেই হ’ল টি. ভি চাবলৈ নোপোৱা৷ সন্ধিয়া সময়কণত ইহঁত দুটাই পঢ়ে বুলি টি ভি চোৱা নহয়৷ ৰাতিপুৱা সময়েই নাথাকে৷ এই কেইদিন মান আকৌ বাতৰি কাগজ খনো চাবলৈ পোৱা নাই৷ এহ…কি বা হ’ল! এতিয়া কাৰোবাক সুধিবলৈও বেয়া হ’ল নহয়!
সেই যে আৰম্ভ হ’ল..দিনটোত কেইবাজনৰ পৰা সমবেদনা পালো…একেই কথা…take it sportingly…জাতীয়…!
অফিচৰ পৰা সোনকালে ওলালো৷ ৰাস্তাতে পোৱা নতুনকৈ খোলা অসমীয়া ধাবা খনৰ পৰা চাৰিটা চাওমিন পাৰ্চেল কৰি ল’লো৷ ঘৰ পাই এওৰ মোলান মুখপদ্ম দেখি মনটো বেজবেজায় গ’ল৷ ল’ৰা ছোৱালী এটাও ঘৰত নাই৷ ভালেই পালো৷ চিটুৱেচনৰ ফুল ফায়দা উঠাম বুলি পতপত গা পা ধুই আহিলো৷ এও পাকঘৰত৷ চাহ কৰিছে৷ বুকুত সাহস বান্ধি ময়ো সোমালো৷
: অ’ তুমি আহিলা…মই চাহ দিছো…হ’লেই আৰু৷ তুমি প্লেট দুখন বাৰাণ্ডালৈকে লৈ গৈ বহাগৈচোন৷

কি মিঠা মাত৷  বিয়াৰ পিছৰ পৰা এনে মাত শুনিবলৈ নোপোৱাই হৈছিলো৷ বিশেষকৈ ল’ৰাটো জন্ম হোৱাৰ পিছৰ পৰা মানুহজনী বৰ খিঙখিঙীয়া হ’ল৷ ময়ো নুবুজা নহয়৷ দিনৰ দিনটো ঘৰতে সোমাই একেবোৰ কাম কৰি কৰি যিকোনো মানুহৰে আমনি লাগিব দিয়কচোন! কিন্তু হঠাৎ এই চমৎকাৰ! ! প্ৰভু অ’ বোলো কণা গোঁসাই…চকুটো ভাল হ’ল যেন পাইছো তোমাৰ৷
অলপ সময়ৰ পিছত এও চাহ দুকাপ আনি মোৰ কাষতে বহি ল’লেহি৷
মই বোলো হেৰি নহয়…এ তোমাৰ গা চা ঠিক নহয় নেকি? ? মুনমুনে কৈছিল মোক বোলে মায়ে মনটো মাৰি থাকে আজিকালি৷

হুমুনিয়াহ এটা কাঢ়ি এও মনে মনে ৰ’ল৷
: নহ’লে ডাক্তৰৰ…
: তেনেকৈ একো হোৱা নাই ডাক্তৰৰ ওচৰ পাবলৈ..বেলেগ কথা এটাৰ কাৰণেহে মনটো বেয়া৷
: কি হ’ল? ? কোৱা মোক৷
: কওঁ কওঁ বুলি ভাবিও তোমাক ক’বলৈ সাহস গোটাব পৰা নাছিলো৷ নিজৰেই লাজ লাগিছে৷
: : মোলৈনো কি লাজ? ? কোৱাঁ মই শুনি আছো৷
এইবুলি কাঁটা চামুচত চাওমিন দুডালমান পকাই লৈ মুখত ভৰালো৷
: এ মানে কিনো ক’ম…বৰ লাজৰ কথা…
মোৰ ডাঙৰ দাদাৰ ছোৱালী ৰ’জী যে…
: হু..হু…কি হ’ল তাইৰ…
এইবুলি দুডালমান আকৌ পকাই লৈ মুখত ভৰালো৷
: তাইৰ চাকৰিটো গ’ল নহয়৷ এইকেইদিন টি. ভি চাবই নোৱাৰি, ফেচবুক খুলিবই নোৱাৰি…পৰহি নামঘৰতো মোক আইসকলে সুধিছে…মোৰ যে ইমান লাজ লাগিছিল…তাই চাকৰি হোৱাটো তাকো এ চি এচ পোৱাটো খাটাং হোৱাৰ পিছত মই জানো ক’ম টো ডাঙৰ পাৰ্টী দিছিলো৷ আজিলৈ নিজৰ ল’ৰা ছোৱালী দুটাৰ জন্ম দিনও এনেকৈ পতা নাছিলো৷ তোমাৰ অফিচৰ মানুহ, মুনৰ স্কুলৰ মাষ্টৰ মাষ্টৰণী খিনি, ই তেতিয়া স্কুল নাই যোৱা বুলিহে৷  মুনক সদায় তাইৰ উদাহৰণ দি থাকো বোলো বায়েৰৰ আধাখিনি ও যদি হ’লিহেঁতেন৷ দাদাই নিজে কষ্ট কৰি পঢ়ি চাকৰি লৈছিল৷ হয়..ট্ৰেজাৰী অফিচাৰ বুলি অকণ চাগৈ ইফাল সিফাল কৰিছিল…সেই বুলি জীয়েকক ইমান লাখ টকা দি চাকৰি দিয়াইছে বুলি মোৰ মনে ঘৰি নাছিল৷ এতিয়া মই ক’লৈকো যাব নোৱাৰা হ’লো৷ মায়ে ফোন কৰি কৈছে বোলে ইয়াক টকাই বলিয়া কৰিলে৷ দেতাইও কম দুখ পাইছেনে৷ ক’তো কেলেংকাৰী নথকা কৃতি শিক্ষকৰ ৰাজ্যিক বঁটা, ৰাষ্ট্রীয় বঁটা পোৱা মানুহ৷ বুঢ়া বয়সত নাক উলিয়াব নোৱাৰা কৰিলে৷

শ্ৰী মতীয়ে প্ৰায় একে উশাহতে কথাখিনি কৈ অলপ সময় ৰৈ নাকটো উজাই ল’লে৷ মই কি ক’ম ভাবি নাপালো৷ এবাৰ সেই অফিচত ফেনালে কোৱা ডায়ল’গ কেইটাকে দিও নেকি ভাবিলো৷ তাৰপা বোলো নহয়৷ এইটো বৰ উচিত সময় নহয়…অলপ ইনচেনচিটিভ লাগিব৷ চাওমিন খিনি খাও নে নাই ভাবিলো৷ নাই…পত্নীতকৈ চাওমিন দৰকাৰী নহয় বুলি প্লেটখন টেবুলত থৈ দিলো৷ এইবোৰ বৰ বেয়া পৰিস্থিতি৷ শ্ৰী মতীৰ এইজন দাদাকে আমাৰ বিয়াত কমখন নাটক কৰিছিল নে৷  মোক ধৰি কিলাবলৈহে বাকী৷  শশুৰ দেউতাৰ কৃপাতহে এওৰ লগত মোৰ বিয়াখন হ’লগৈ৷  সেই যে বিয়া হৈ আহিল, কথাই কথাই এও মোক ককায়েকহঁতৰ লগত মিলাই ক’মখন কথা শুনাই নে….! বোলে তোমাৰ দেউতাও মাষ্টৰ মোৰ দেউতাও মাষ্টৰ৷ অথচ মোৰ দাদাহঁতক চোৱা আৰু তোমালৈ চোৱা৷ চাকৰিৰ লগতে কি ধুনীয়াকৈ নিজৰ ষ্টেটাচ ৰাখিছে…আৰু তুমি…? ? চাকৰিটো বাৰু যেনতেন…কিন্তু অলপ ভালকৈ যদি কাপোৰ কানি কেইটাকে পিন্ধিলাহেঁতেন৷ পেণ্ট কেইটাই যে ইষ্ট্ৰীৰ মুখেই নেদেখে৷ দুইটা ভৰি ঘূৰণীয়া হৈ থাকে৷
: হেৰা কি হ’ল৷ বজ্ৰপাত পৰা মানুহৰ দৰে থৰ হ’লা যে৷ কথাবোৰ শুনি মনে মনে চাগৈ তুমি বৰ ফূৰ্তি পাইছা ন…? ?
এওৰ মাততহে মই বৰ্তমানলৈ ঘূৰি আহিলো৷ এৰা চকুৰ আগেদি চিনেমা এখনৰ দৃশ্যাংশ পাৰ হৈ যোৱা যেন লাগিল৷ এওৰ কথাখিনি শুনি আচলতে মই কেনে প্ৰতিক্ৰিয়া দিয়া উচিত ভাবিয়ে পোৱা নাছিলো৷ ভাল লাগিব লাগেনে দুখ কৰিব লাগে তাকো খেলি মেলি লাগিছে৷ এওৰ মিঠা মাতৰ আঁৰত যে এই হেন এটা ঝতকা থাকিব পাৰে মই সপোনটো ভবা নাছিলো৷ কথমপি মাতটো উলিয়াই বোলো
: হেৰি ৰ’বাচোন৷ মানে সন্দেহ হে কৰিছে হ’বলা…কিবা প্ৰমাণ পাইছে জানো? ? ভুল ও টো হ’ব পাৰে৷
: এ থোৱা…ভুল হওক বা শুদ্ধই হওক…সন্দেহটো কৰিলে ন? ? ইমান হাজাৰে হাজাৰে থাকোতে তাইক হে সন্দেহ কিয় কৰিব হে..? তাই সৰু ছোৱালী বাৰু…এইবোৰ নাজানে…কিন্তু ডাঙৰ দাই জানিব লাগিছিল..

এইবেলি শ্ৰী মতীৰ নাক উজোৱাটো ঘন হ’ল৷ কিনো ক’ম….কাকনো ক’ম…! ওপৰলৈ বুলি থূ পেলালেও নিজৰে গাতেচোন পৰেহি৷ সেয়ে একো নকৈ সোঁ হাতেৰে এওঁঁক মোৰ ফালে হাউলাই আনিলো৷ মোৰ কান্ধতে মূৰটো থৈ এওঁ এসোতা কান্দিলে…মাজে মাজে কিবা কিবি দুই এটা অস্পষ্ট শব্দ উফৰি আহি থাকিল….! মোৰো বেয়া লাগিছে৷ বিশেষকৈ এওলৈ৷ ককায়েক দুটাক লৈ এওৰ গৰ্ব যেন কেতিয়াও শেষেই নহ’ব৷ ককায়েক, ভতিজাকহঁতৰ দৰে হ’ব নোৱাৰাৰ বাবে কমখন কথা শুনিছোনে মই আৰু মুনমুনে? ? পিছে এতিয়া এওঁৰ ভুল ভাগিল৷ হয়তু অলপ দিন লাগিব কথাবোৰ পাহৰিবলৈ৷ নিজৰ আদৰ্শ ব্যক্তিৰ এই প্ৰতাৰণা পাহৰাটো ইমান সহজ নহ’ব৷ কান্দক…কান্দি লওক…মনটোকে পাতল লাগিব! ঘটনাৰ পাকত পৰি মানুহজনীৰ মনটো যে মোলায়ম হ’ল সেয়াহে মোৰ বাবে দৰকাৰী কথা৷ কান্দিবলৈকে হ’লেও বিশ্বাসী কান্ধখন যে মোৰ পৰাই আশা কৰে সেই কথা ভাবি বুকুখন চাৰি ইঞ্চি মান ফুলি গ’ল৷ টকা পইচা ষ্টেটাচ নো কি…নিজৰ মানুহখিনিৰ আগত সসন্মানে মূৰ তুলি থাকিব পৰাটোহে আচল কথা…! !
কথাবোৰ ভাবি এনেই মনটো ভাল লাগিল৷ মোৰ দৰে কিমানৰ চাগৈ এইকেইদিন ভাল দশা চলিছে! এনেকুৱা খবৰ বোৰেই আচলতে আমাৰ দৰে বহুতক ঘৈণীৰ চকুত হিৰ’ হোৱাত অৰিহণা আৰু উৎসাহ যোগাই আহিছে! ! !
জয়তু এ পি এচ চি
জয়তু অসম পুলিচ
লগতে জয়তু সেই বাতৰি দিয়া চেনেল কেইটা…

এনেই বৰ ভাল নুবুলিলেও এইটি কিন্তু বৰ কামৰ বাতৰি পৰিবেশন কৰিলা দেই…! !■■

 

17 Comments

  • Bijoy Mahanta

    ভাল লাগিল

    Reply
  • Aruna Devi

    Dhuniya haise Krishna… Agoloi bahut xuvessa thakil

    Reply
  • লখিমী

    বঢ়িয়া

    Reply
  • গীতালি

    খুব ভাল লাগিল পঢ়ি

    Reply
  • Rituparna Sarma

    ভাল লাগিল পঢ়ি ।

    Reply
  • মাধুৰীমা

    বঢ়িয়া।

    Reply
  • Amishree

    Bor val lagil dey pohi…khub hundor koi likhisa

    Reply
  • Dr Sanjay Sharma

    Bhal lagil porhi..

    Reply
  • Manisha Kakati

    ভাল পালো।

    Reply
  • Biswajit bonia

    Bhal lagil dei

    Reply
  • বৰ ভাল পালো।

    Reply
  • বঢ়িয়া! !!

    Reply
  • পৱন বুঢ়াগোহাঞি

    ৰাজ্যখনৰ প্ৰতিবিধ মেডিয়াই পৰিবেশন কৰা অসমত খলকনি তোলা APSC কেলেংকাৰীক লৈ গল্প হ’ব পাৰে, সাময়িক ঘটনাৱলীৰ দলিলস্বৰূপ সমকালীন সাহিত্য–এইকথা তুমি অত্যন্ত ৰসালকৈ প্ৰমাণ কৰিলা ।
    ভীষণ ভাল লাগিল ।

    Reply
    • Krishnaa

      বহুত ধন্যবাদ খুৰা….!

      Reply
  • Krishnaa

    মই আজিহে সকলোৰে মন্তব্য সমূহ দেখিলো…অশেষ ধন্যবাদ…
    ভাল লাগে এনেকৈ উৎসাহিত মন্তব্য সমূহ পালে…

    Reply
  • Jeetmoni Gogoi

    বাহ: তুতি সঁচাই বহুত ভাল লিখিছা৷ আজিহে পঢ়িলো৷ লিখি থাকিবা দেই৷

    Reply

Leave a Reply

Your email address will not be published.