ফটাঢোল

দাঁত – অভিজিত দত্ত

দুটা গোপন কথা – (কোনেও কাকো নক’ব দেই)

১। আজিৰপৰা দহবছৰৰ আগতে মোৰ অৱস্থা হাড়ে ছালে লগা আছিল।

২। মোৰ দাঁতৰ অৱস্থা সৰুৰেপৰাই বেয়া। আগদাঁতটো ভঙা। নিম্নোক্ত ঘটনাটো ঘটাৰ এমাহমানৰ আগতে স্থায়ীভাৱে মই দাঁতটো লগাইছিলো।

এইবাৰ ঘটনাটোৰ বিষয়ে পঢ়ক –

২০০৯ চন। বিয়াৰ বয়স হ’ল। মা-দেউতাহঁতে ছোৱালী চোৱা আৰম্ভ কৰিছে। মোৰো দাম্পত্য জীৱন এটা কল্পনা কৰি মনটো ৰাইজাই কৰি আছে। মোৰ প্ৰেম কৰিবলৈ নহ’ল। (আচলতে বহুজনীক অফাৰ দিছিলো, কোনেও গ্ৰহণ কৰা নাছিল) গতিকে মই মা-দেউতাই ছোৱালী এজনী ঠিক কৰি দিব বুলি আশা পালি আছোঁ।

অৱশেষত বিয়াৰ প্ৰস্তাৱ আহিল। ছোৱালীজনী ডেণ্টেল কলেজৰ ছাত্ৰী। ইনটাৰ্ণি কৰি আছে। দেখাই শুনাই তাই বোলে সৰ্বসুলক্ষণা। মোৰো গা উঠিল। ডাঙৰ বাইদেউৰ অলপ সম্পৰ্কীয় হয় তাই। বাইদেইহঁতে মোক প্ৰথমতে তাইক চাই ল’বলৈ ক’লে। চাকৰি এটাত সোমাই মই কিছুমান সিদ্ধান্ত নিজে ল’ব পৰাকৈ বুজন হৈছোঁ। মই ন্যায়পৰায়ণতাক মোৰ সঙ্গী কৰি লৈছোঁ। ছোৱালীৰ ঘৰলৈ গৈ লুচি ভাজি খাই ছোৱালী নাকচ কৰি থৈ অহা কথাটো মই বেয়া পাওঁ। সেয়া মই লুচি ভাজিৰ অপমান বুলিয়েই গণ্য কৰো।

এই যে ছোৱালীজনী, তাইৰ সৈতে মই বিয়াত নবহিলে বা পছন্দ নহ’লে লুচি ভাজিক অপমান কৰা হ’ব। তেনেস্থলত মই কি কৰিম? মোৰ লগৰ দুটামানে মোক বুদ্ধি দিলে।

“যা নহ’লে তাইক ডেণ্টেল কলেজতেই চাই আহ।”

উপদেশটো মোৰ ভাল লাগিল। বাইদেউহঁতক কৈ এটা নিৰ্দিষ্ট দিনত মই ছোৱালীজনীক গৈ ডেণ্টেল কলেজতেই চাই আহিম বুলি ঠিক কৰিলো। ছোৱালী ঘৰত খবৰ দিয়া হ’ল। ঘৰখনে মোৰ প্ৰস্তাৱক সমৰ্থন কৰিলে। মোৰ দুজনমান বন্ধু মোৰ সৈতে যাবলৈ ওলাল। নাই, নহ’ব। এটা দুঃসাহসী বন্ধুৰ বাদে বেছিভাগেই বিয়া কৰোৱা নাই। মই অকলে যোৱাই মঙ্গল বুলি সিদ্ধান্ত লৈ পেলালো।

নিৰ্দিষ্ট দিনটো আহিল। দুপৰীয়া বাৰমান বজাত যাত্ৰা আৰম্ভ কৰিলো। সেই সময়ছোৱাত মোৰ মোবাইল ফোন এটা আছে। তাইৰ মোবাইল নম্বৰটো মোৰ ফোনত চেভ কৰা আছে। বাইকখন চলাই থকাৰপৰা মই মোবাইলটোলৈ চালো। বুকুখনত ধকধককৈ শব্দৰ সৃষ্টি হ’ল।

এইয়া মই ৰিজিঅ’নেল ডেণ্টেল কলেজৰ সন্মুখ পালোহি। এই কলেজখনতেই আছে সেই বিশেষ কোঠালিটো য’ত মই সৰুতে দেউতাৰ সৈতে আহি পোকে খোৱা দাঁত সৰুৱাই পেলাইছিলো। কোঠাটো দেখিয়েই মোৰ মনটো বেয়া লাগিল। হঠাৎ যেন মই সম্বিত ঘূৰাই পালো। অ, আজিনো এই কোঠাটোলৈ ভয় কৰো কিয়? আজিতো মই দাঁত সৰাবলৈ অহা নাই। মনটো কিবা ভাল লাগি গ’ল।

তাইৰ নম্বৰটোলৈ ডায়েল কৰিলো। তাই ওলাই আহিল। জীৱনত বহু ছোৱালীৰ সৈতে মিঠাজাতীয় চাহত দিয়া সেইবিধ খাইছোঁ। কেতিয়াও মই পিছ হুহকি যোৱা নাই। আজি কিন্তু মোৰ বৰ ভয় লাগিছে। এইয়া তাই আহি মোৰ ওচৰ পালে। মই লাহেকৈ সুধিলো,

“অমুক ন?”

তাই শলাগিলে।

এইবাৰ মোৰ পাল কিবা এটা কোৱাৰ। ছোৱালীজনী বেছ সপ্ৰতিভ। পিন্ধনত জীনচ আৰু কুৰ্তা এটা। মোৰ মুখৰ ফালে চাই মিচিকিয়া হাঁহি এটি মাৰিছে তাই। ছেঃ, মোৰ কিবা লাজ লাগি গ’ল। মোৰ নীৰৱতাত হয়তো তাই আচৰিত হ’ল। তাই লাহেকৈ মোক ক’লে,

“ব’লক নহ’লে ক’ৰবাত অলপ বহোঁগৈ।”

নাৰ্ভাচ হৈ গ’লো মই। ক’ত বহোঁ? এনে এজনী ছোৱালী মই বিয়া কৰাব লাগিব? বাপ্পাওই। অৱশ্যে জীনচ আৰু কুৰ্তা পিন্ধিলেই যে মনটো ভাল নহ’ব তেনে ধৰণৰ কোনো কথা নাই বুলি নিজে নিজে ভাবি মই নিজকেই প্ৰবোধ জনালো। তাইৰ আমন্ত্ৰণত সিহঁতৰ কেণ্টিনখনৰ চুক এটাত দুয়োটা বহি ল’লো।

এইবাৰ কথা কোৱাৰ পাল। সেই সময়তে তাইলৈ ফোন এটা আহিল। তাই ইংৰাজীত কিবাকিবি ক’লে। কথাবোৰ শুনি মোৰ চাৰ এজনলৈ মনত পৰিল। সেই যে উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকত ইংৰাজী ক্লাছৰ চাৰজনে মোক ইংৰাজীত গেট আউট বুলি কওঁতে মই বুজি পোৱা নাছিলো। চাৰৰ ফালে ফেলফেলকৈ চাই আছিলো। চাৰে যেতিয়া অসমীয়াত মোক কোঠাটোৰপৰা ওলাবলৈ ক’লে, তেতিয়াহে মই কথাটো বুজি পাইছিলো।

কেণ্টিনখনৰ চুক এটাত বহি মই তাইক কি ক’ম ভাবি আছোঁ। তাইও মোৰ মুখৰ ফালে চাই আছে। নাই, মোৰ একো কথাই মুখত নুফুটে। একো বিষয় বিচাৰি নাপাই মই শৈশৱৰপৰা আহৰণ কৰা দাঁতৰ সমস্যাৰ বিষয়ে কথা পতা আৰম্ভ কৰি দিলো,

“মোৰ যে এই দাঁতটো, এইটো লগোৱা হয়। চোৱাচোন, মেটেৰিয়েলটো ভাল হয়নে নহয়?”

তাই মোৰ দাঁতটোলৈ চালে।

“অঁ ঠিকেই আছে।”

“তাকেই। তুমি দাঁতৰ ডাক্তৰ বাবে মই কথাটো সুধিলো।”

“হয়।”

“আচ্ছা, আজিকালি সেই অমুক ডাক্তৰজন আছেনে নাই? সৰু হৈ থাকোতে যে ইমান ভয় কৰিছিলো তেওঁক।”

“নাই চাগে।”

“অ’, আচ্ছা দাঁত ভালে ৰাখিবলৈ কি টুথপেষ্ট ব্যৱহাৰ কৰিব লাগেনো?”

তাই কিবা এটা ক’লে। মোৰ হ’লে একো কাণত নোসোমাল। ইতিমধ্যে তাইৰ লগৰ দুই এটাই তাইক হাই, বাই দিয়া আৰম্ভ কৰিলে। সিহঁতৰ সেই কেণ্টিনখনত নিজকে কিবা নাভূত নাশ্ৰুত প্ৰাণী যেন লাগিল।

মোৰ কথাৰ ভাণ্ডাৰ শেষ হৈ আহিল। মই তাইক লাহেকৈ ক’লো,

“মই নহ’লে যাওঁ। তুমিও বিজি আছা চাগে।”

“অঁ আৰু কিবা ক’ব নেকি?” তাই সুধিলে।

“নাই, নাই।” মই ব্যস্ত হৈ তাইক উত্তৰ দিলো।

তাইক মাত লগাই মই বাইকখন লৈ গুচি আহিলো। হঠাৎ পিছফালে এসোপা ছোৱালীৰ খিলখিলনিত মোৰ জীৱটো বাজ হোৱাৰ উপক্ৰম হ’ল। হয়, তাইক বেঢ়ি ধৰি এসোপা ছোৱালী থিয় হৈ আছে। সিহঁতে মোলৈ চাই আছে। মই তলমূৰ কৰি সেই ঠাই যিমান সোনকালে পাৰো, পৰিত্যাগ কৰিলো।

বিঃ দ্ৰঃ : এমাহমানৰ পিছতেই খবৰ এটা আহিল। মানুহঘৰে বোলে তাইক এতিয়াই বিয়া দিয়াৰ কথা ভবা নাই। দাঁত সম্পৰ্কীয় এক গৱেষণাৰ কামত তাই নিয়োজিত হৈ থকা বুলি ছোৱালীঘৰে আমাক জনালে।

☆★☆★☆

8 Comments

  • Gitimoni puri

    অতি সুন্দৰ

    Reply
  • ববিতা শৰ্মা, নগাঁও

    বঢ়িয়া দাদা

    Reply
  • Bagmita Rajkhowa

    হাঃ হাঃ😂😂😂

    Reply
  • বঢ়িয়া লাগিল। বেছ ৰস পালোঁ।

    Reply
  • বৰ্ণালী চৌধুৰী

    হাঁহি ৰখাব পৰা নাই পঢ়ি বঢ়িয়া।।

    Reply
  • হিৰণ্যজ্যোতি দাস

    ইছ্ ৷

    Reply
  • লখিমী

    দাঁতটো লগোৱা বুলি বিয়াপাতিবলগীয়া গৰাকীক কৈ দিলেগৈ! হৰি হৰি ।কি অঁকৰা আছিলহে আপুনি।

    Reply
  • ইন্দ্ৰাণী তালুকদাৰ

    বহুত হাঁহিলো দেই 😁

    Reply

Leave a Reply

Your email address will not be published.