ফটাঢোল

দাতা (DATA) কৰ্ণ : মনজিৎ

সোনমইনাৰ ফেছবুকৰ পোষ্ট

“লক ডাউনত একেবোৰ মানুহকে দেখি দেখি আমুৱাইছেগৈ।”

কমেণ্টত সেই বিষয়ে চৰ্চা। হয়ভৰ দি এজাক বন্ধু বান্ধৱ। মইনামতীৰ চকু পৰিল তাত। তাৰপাছত মহাভাৰত আৰম্ভ।

“অ প্ৰেমত পৰাৰ দিনত মোক চাবলৈ ৰাতি আহিও মোৰ ঘৰ ওলোৱাহি, মনিবেগত সদায় মোৰ ফটো। আৰু এতিয়া ফেইচবুকত পোষ্ট- মোক দেখি দেখি আমনি পাইছা। চব মতা মানুহবোৰ একেই। পতাবৰ বাবে যি কোনো কাম কৰিবলৈ সাজু হৈ যায়। পতাই লোৱাৰ পিছত দুদিনতে আমুৱালে। নাথাকোঁ তোমাৰ লগত, লকডাওন খুলিলেই মাৰ ঘৰলৈ যাম গৈ।”

লাইক কমেণ্টৰ ‌আশাত সোণমইনাই ধেমালিকৈ দিয়া পোষ্টটোৱে গৃহকন্দলৰ লেভেল ইমান ওপৰলৈ নিব বুলি ভবা নাছিল সি। যি বুজিলে এতিয়া অকল দূৰদৰ্শনতেই নহয় ঘৰতো মহাভাৰত হ’ব সেয়া খাটাং হৈ গ’ল। নগদ আধা ঘণ্টালৈ মাত-বোল নাই। ৰুম বন্ধ কৰি ৰোহঘৰত। সোণমইনা বাহিৰত দৰ্জা ঢকিয়াই হায়ৰাণ। চিন্তাত তৎ নাই। পৰিবেশ এনেকুৱা যে আজিকালি সদায় নিগেটিভ চিন্তাহে আহে। নিগেটিভ চিন্তাই পৰিধি ভাঙি ফেইচবুকত পোষ্ট ভাইৰেল হোৱালৈকে দেখি গ’ল যে নিউজৰ সাংবাদিকে তাৰ মুখখন ৰঙা গোল চিন এটাৰ ভিতৰত সুমুৱাই কাঁড় মাৰি মাৰি দেখুৱাইছে, “চাওক এই নিমাখিত যেন লগা পুৰুষজন। কেনেকৈ নৱবিবাহিতা পত্নীক মানসিক অত্যাচাৰ কৰি আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱালে। ব্লা ব্লা ব্লা ব্লা…. ।” ইফালে কমেণ্টত ৰাইজৰ ধাৰাসাৰ গালি ভৎসৰ্না।

“এইবোৰ ভদ্ৰতাৰ মুখা পিন্ধা মানুহ। ইহঁ‌তক ফাঁচি দিব লাগে।”

“এনেকুৱাই এইচব মানুহ মনবোৰ বৰ ঠেক ৰাস্তাত চোচোৰাব লাগে।” ইফালে চিনাকিবোৰৰ ইস্ আস্ আছেই।
“ইস্ ইমান ভাল ল’ৰাটো এনেকুৱা ওলাব বুলি ভবাই নাছিলো। ছিঃ লাজ পাইছোঁ‌ নিজৰ আগতে।”

“হে প্ৰভু কি দিন দেখাইছা মানুহক ধৰিবই নোৱাৰি দেখোন। সঁ‌চাই মুখা পিন্ধা দেই মানুহবোৰ।” দুই চাৰিজনে শ্বেয়াৰো কৰিছে। “মানুহ চিনা বৰ কঠিন” বুলি কেপচন দি।

মুঠতে মইনামতীৰ আত্মাৰ সদ্গতিতকৈ সোণমইনাক গালিৰে কথাৰে চোচোৰাই বগৰাই পেলোৱাে মানুহৰ ভীৰ। ইফালে পুলিচ আহি পদুলি মুখত। চুবুৰীৰ মানুহৰ ভীৰ; ফিচিঙা ফিচিঙি ইস্ ইস্ আস্ আস্ আছেই। লেই লেই চেই চেই। মাক বাপেকে তাক চৰিয়াই চৰিয়াই কান্দিছে সকলো শেষ কৰি দিলি বুলি। পুলিচে হেণ্ডকাফ লগাই লৈ গ’ল সকলোৰে আগেৰে। ধেৎ কি ভাবিছোঁ‌ বুলি নিজকে থেঁতাল দি দুৱাৰত ঢকিয়ালে। পিছে সিফালে মাত বোল নাই ভেণ্টিলেটৰে চাই একো নেদেখিলে। নাই এনেকৈ নহ’ব বুলি দৰ্জা ভাঙিবলৈ অলপ দূৰৰ পৰা দৌৰি বাউসীৰে খুন্দা মাৰোতেই দৰ্জা খোল খালে। সোণমইনাই কিবাকৈ চম্ভালি নপৰাকৈ থাকিল। দৰ্জা খুলি ওলাই মইনামতী নিৰ্বিকাৰ ভাবে আপেল এটা চোবাই চোবাই ক’লে-

“চাও হটস্পটতো দিয়াচোন মোৰ টু জিবি শেষ হৈ গ’ল টিকটকেই নুখুলিছে বেং।”

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী তালুকদাৰ

    ভাল লাগি পঢ়ি

    Reply
  • Sadananda Bhuyan

    বহুত বঢ়িয়া লাগিল ।

    Reply

Leave a Reply

Your email address will not be published.