ফটাঢোল

দানবীৰৰ চং- ৰঞ্জিত কুমাৰ শৰ্মা

পুৱাই হকাৰে দি যোৱা দৈনিক কাকতখনৰ পৃষ্ঠা লুটিয়াই থকা অৰ্ণৱ চৌধুৰীয়ে এটা পৃষ্ঠাত লিপ্সিত বাতৰিটো দেখিয়েই পঢ়ি চালে৷ ফটো এখনৰ সৈতে তেওঁৰ বাবে সন্তোষজনক ভাবেই বাতৰিটো প্ৰকাশ পাইছে৷ তপতে তপতে বাতৰিটো পত্নীকো দেখুৱাবলৈ চৌধুৰী উদ্‌গ্ৰীৱ হৈ পৰিল৷ অত্যুৎসাহী হৈ তেওঁ পত্নীক মাতিলে– ‘হেৰা শুনিছানে? চাই যোৱাচোন৷’

‘কি হ’লনো, এনেকে উত্ৰাৱল হৈ মাতিলে যে?’– চাদৰৰ আঁচলত তিতা হাতখন মচি মচি পাকঘৰৰ পৰা ওলাই অহা ঘৈণীয়েকে সুধিলে৷

‘এইটো চোৱা, কালি যে সংঘৰ ফালৰ পৰা দুখীয়া পৰিয়ালকেইটাক চাউল-দাইল দিছিলোঁ, সেই বাতৰিটো ফটো সহকাৰে প্ৰকাশ পাইছে৷ ফটোত এইয়া মই আৰু বৰুৱা৷’– চৌধুৰীয়ে বাতৰিটো ঘৈণীয়েকক দেখুৱালে৷ কৰ’নাৰ ক’ভিড-১৯ ভাইৰাছে সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ লোৱাত দেশত ‘লকডাউন’ ঘোষণা কৰা হৈছে৷ ফলত বহুলোক খাদ্যৰ সংকটত ভুগিছে৷ চৰকাৰৰ আহ্বানত বিভিন্নজনে দুখীয়াসকলক খাদ্যবস্তু দি সহায় কৰিছে৷ খাদ্যবস্তু বিতৰণৰ ফটো আৰু ভি ডি অ’ৰে ভৰি পৰিছে ফে’চবুক, বাতৰি কাকত আৰু টেলিভিছনৰ বাতৰি৷ কালি চৌধুৰীহঁতেও কেইটামান পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰিছিল৷ সেই বাতৰিটোৱেই ফটোসহ কাকতখনত প্ৰকাশ পাইছে৷

অলপ হাওলি ঘৈণীয়েকে ফটো আৰু বাতৰিটো চালে৷ তেওঁৰ মুখমণ্ডলত চাবলগীয়া তেনে কোনো ৰোমাঞ্চকৰ অভিব্যক্তি  ফুটি নুঠিল৷

‘ফটোখন কালি ৰাতি ফে’চবুকত দেখিছিলোঁ৷ ভালেই হৈছে দিয়ক, সভাপতি-সম্পাদক দুয়োৰে ফটো ওলাইছে৷’– কথাখিনি কৈ কৈ অৰ্ণৱ চৌধুৰীৰ ঘৈণীয়েকে পুনৰ পাকঘৰত সোমাল৷

চৌধুৰীয়ে কাকতখন সন্মুখৰ মেজতে থৈ ম’বাইল ফোনটোৰে ধৰ্মকান্ত বৰুৱালৈ ফোন লগালে৷ বৰুৱাই সঁহাৰি দিয়াত চৌধুৰীয়ে উৎসাহেৰে কাকতত ফটো আৰু বাতৰি প্ৰকাশ পোৱা খবৰটো দিলে৷ বাতৰিটো পৰিৱেশন কৰা স্থানীয় সাংবাদিকজনে ইতিমধ্যে ধৰ্মকান্ত বৰুৱাক খবৰটো দিছিলেই৷ ৰাষ্ট্ৰীয় ইংৰাজী কাকত এখনৰহে নিয়মীয়া পাঠক বৰুৱাই মাজে-সময়হে অসমীয়া কাকত কিনি পঢ়ে৷ গতিকে তেওঁ ৰিপ’ৰ্টাৰজনৰ মুখতহে খবৰটো পাইছিল৷ ধৰ্মকান্ত বৰুৱাই ৰিপ’ৰ্টাৰজনে খবৰটো দিয়া বুলি চৌধুৰীক জনোৱাত চাহ-জলপান খোৱাৰ খবৰ লৈ চৌধুৰীয়ে ফোন থ’লে৷ অৱশ্যে ফোনৰ সংযোগ কটাৰ আগতে চৌধুৰীয়ে ৰিপ’ৰ্টাৰজনক তেওঁৰ ফালৰ পৰাও ধন্যবাদ জনাবলৈ বৰুৱাক অনুৰোধ নকৰাকৈ নাথাকিল৷

ফোনত চৌধুৰী আৰু বৰুৱাৰ বাৰ্তালাপ চলি থকা সময়তে ঘৈণীয়েকে চৌধুৰীৰ বাবে জলপান এবাটি মেজত দি থৈ গৈছিল৷ চৌধুৰীয়ে জলপানৰ বাটিটো তুলি ল’লে৷ তেওঁ জলপান খাই থাকোঁতে ঘৈণীয়েকে কাষলৈ আহি ক’লে– ‘হেৰি নহয়, কথা এটা হ’ল৷’

‘কি কথা? কোৱা৷’– ঘৈণীয়েকৰ মুখলৈ নোচোৱাকৈয়ে চৌধুৰীয়ে সুধিলে৷

‘আপুনি কালি খাদ্য বিলাবলৈ যাওঁতে নিৰ্মলা আহিছিল৷ ‘লকডাউন’ৰ কাৰণে তাই কাম কৰা চাহ দোকানখন বন্ধ হৈ থকাত তাইও কামলৈ যাব পৰা নাই৷ দোকানৰ মালিকে দিয়া টকাকেইটাৰে চাৰিটা দিনো খাবলৈকে নোজোৰিলে হেনো৷ ল’ৰা-ছোৱালীকেইটাক লৈ বিধবা মাকজনীৰ আলাই-আথানি নোহোৱা হৈছে৷ এই সময়ত আমাৰ ঘৰতো কাম কৰিব দিবলৈ ভয় লাগে৷ তথাপি কালি কেইখনমান কাপোৰ ধুলে৷ মই মোৰ হাতত থকা টকা দুশকে দি পঠাইছোঁ৷ সহায় অলপ কৰিব পাৰিলে ভাল আছিল৷ তাই পিছত কিবা কাম থাকিলে এনেই কৰি দিয়াৰ কথাও কৈছে৷’– ঘৈণীয়েকে কথাখিনি কৈ থাকোঁতে চৌধুৰীয়ে জলপান খোৱাতেই অধিক মনোযোগ দি আছিল৷ ঘৈণীয়েকৰ কথাখিনি শুনাৰ পিছত চৌধুৰীয়ে ঘৈণীয়েকৰ হাতত বাটিটো দি ক’লে– ‘সকলোকে সহায় কৰি থাকিবলৈ মোৰ টকাৰ গছ নাই নহয়৷ তথাপি আগতে গম পোৱা হ’লে কালিয়েই তাইকো টোপোলা এটা দিব পাৰিলোঁহেতেন৷ তথাপি সংঘৰ ডেকাকেইটাক কৈ চাম দিয়া৷ কিবা পাৰে যদি কৰিব৷’

চৌধুৰীৰ উত্তৰৰ পিছত ঘৈণীয়েকে বিশেষ একো নক’লে৷ ঘৈণীয়েকে জানে, মানুহটোক দ্বিতীয়বাৰ কৈ লাভ নাই৷ জলপানৰ বাটিটো লৈ তেওঁ পাকঘৰৰ বেচিনৰ কাষ পালে৷ ঘৈণীয়েকে বাটিটো ধুই থাকোঁতে চৌধুৰীয়ে বহাৰ পৰা উঠি পত্নীক শুনাকৈ ক’লে– ‘মই অলপ সময় গে’টৰ সন্মুখত থাকোঁ৷ মাছ-মাংসৰ বেপাৰী ঘৰে ঘৰে অাহিব বুলি শুনিছোঁ৷ চাওঁচোন কিবা পাওঁনেকি!’

   ***********

(বিঃদ্ৰঃ এইটো এটা তেনেই চুটি গল্পহে আৰু ই সম্পূৰ্ণ কাল্পনিক৷ কোনেও যেন ভুল নুবুজে৷ দেশৰ এই দুৰ্যোগৰ দিনত বহুতেই দেশ আৰু দেশৰ আৰ্তজনক সহায় কৰি মহানুভৱতাৰ পৰিচয় দিছে৷ কাৰো অন্তৰত আঘাত দিয়াৰ তিলমানো উদ্দেশ্য আমাৰ নাই৷ সহায়কাৰী সকলোকে নমস্কাৰ জনাইছোঁ।)

☆ ★ ☆ ★ ☆

8 Comments

  • rintumoni dutta

    বহুত দেখিছো তেনেকুৱা মানুহ।

    ভাল লাগিল পঢ়ি দাদা

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      ধন্যবাদ৷

      Reply
  • HEMANTA KAKATI

    ভাল লাগিল দেউ

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      ধন্যবাদ

      Reply
  • অঞ্জলি

    ঠিক দিছে আপুনি । বহুত ভাল লাগিল ।

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      ধন্যবাদ৷

      Reply
  • Anonymous

    ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published.