ফটাঢোল

দাপোণ-পাৰ্থ প্ৰতীম শৰ্মা

এই কথাই কথা নহয়। কিবা এটা লিখিবই লাগিব। আলোচনীখনৰ সম্পাদকে নিজেই ফোন কৰি কৈছে – “আপুনি যিয়েই নকওক লাগে, সমাজৰ চকুত আপুনি এজন সমাজহিতৈষী বিশিষ্ট সাহিত্যক। আপোনাৰ লেখাই আমাৰ আলোচনীখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিব।” ইয়াৰ পিছত আৰু মই নিলিখি থাকিব পাৰোঁনে?  কাগজ-কলম সকলো সাজু কৰি বহি ল’লোঁ। আজি সুন্দৰ বিষয়ৰ লেখা এটা কলমৰপৰা নোলোৱালৈকে উঠিয়েই নাযাওঁ। চাওঁচোন বিষয় মূৰলৈ নহাকৈ কেনেকৈ থাকে! চকু মুদি দকৈ ভাবিবলৈ ধৰিলোঁ – কি লিখোঁ?

ঠিক ঠিক। এই বিষয়টোৱেই ভাল হ’ব। নাগৰিকত্ব সংশোধনী আইনক লৈ ব্যংগ এটা লিখোঁ। কথা হ’ল নেকি? হ’ল বুলিয়েই চৰকাৰে যি মন যায় তাকেই কৰিবনে? ৰাইজৰ মতামত, ৰাইজৰ আগ্ৰহক গুৰুত্ব নিদিলে কেনেকৈ হ’ব? ইমান মানুহ একেলগে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছে, দেশৰ প্ৰায়বোৰ দল-নেতাই এইখন আইন নালাগে বুলি কৈছে। তাৰপিছতো চৰকাৰৰ কোনো কাণ-সাৰ নাই। ভালেই হওক বেয়াই হওক, এবাৰ মানুহখিনিৰ লগত আলোচনাকেই কৰক। ঠিক ঠিক, এইটো বিষয়েই ভাল হ’ব।

কাগজত কলম বহুৱাবলৈ লওঁতেই মনত পৰিল – হেৰি নহয়, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কথাটো পাহৰিলে কেনেকৈ হ’ব! নাগৰিকত্ব সংশোধনী আইনৰ লগত ওতঃপ্ৰোত সম্পৰ্ক থকা মূল বস্তুটোৱেই হৈছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। তাতেই চৰকাৰী পক্ষৰ যি কথাৰ পাক! এজনে কয় ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কাহিনীও পৰিকল্পনাতেই নাই, এজনে কয় গোটেই দেশৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা হ’ব। আকৌ কোনোবাই কয় – যিখন নাগৰিকপঞ্জী অসমত প্ৰস্তুত হ’ল সেইখন হেনো অথলে গ’ল। তাত হেনো বাংলাদেশীৰ নাম সোমাল, ইফালে আকৌ খিলঞ্জীয়াৰ নাম বাদ পৰিল। ৰাইজৰ টকাৰে পতা এইবোৰ বেবেৰিবাং কোনে সহ্য কৰিব হে! এই বিষয়তো এটা ক্ষুৰধাৰ সমালোচনা লিখিব পাৰি দেখোন। তাৰপিছত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী আইন দুয়োটা বিষয় লগ কৰি দিলেই হৈ গ’ল। বেছ, সেয়াই হওক তেন্তে। বগা কাগজত লিখিবলৈ বুলি কলমৰ নিবটো দিছোঁ মাত্ৰ, তেনেতে মনত পৰিল – যোৱাবাৰ ডিটেনশ্যন কেম্পত মানুহ এজন নে দুজন মৰা নাছিল নে? য়েছ! এইটোও ভাল বিষয় হ’ব!

চৰকাৰী পক্ষই চলাই থকা ডিটেনশ্যন কেম্পত মানুহ মৰি যোৱাটো কি ধেমালি কথা নেকি? এইটো ব্যংগ ভাল হ’ব। ধুনীয়াকৈ কাহিনী এটা জুকিয়াই লৈ, মানৱ অধিকাৰৰ কথা দুটামান উনুকিয়াই; সুন্দৰ ব্যংগ এটা হ’ব। পিছে মানুহজন কোন আছিল, মৰিলে কিয় সেইবোৰ একো নাজানোৱেই নহয়। এঃ মৰিলেই যেতিয়া সেইবোৰ আৰু উলিয়াই নাথাকোঁ। অৱশ্যে  অলপতে গৃহমন্ত্ৰীয়ে ঘোষণা কৰা ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ ওপৰতো লিখিব পাৰি। পিছে সেইটো কি বস্তু সেয়া মোক বাদ দিয়ক, চৰকাৰী পক্ষৰ মানুহেও কিমান বুজিছে তাত সন্দেহ! মিছামিছি নলগা জেঙত লাগি লাভ নাই।

হেৰি কৰোঁ – এবাৰ যোৱা কেইদিনমানৰ বাতৰি কাকত লুটিয়াই চাওঁ। দুই-এটা ‘ইনপুত’ তাৰপৰা নিশ্চয় পাম। ঠিক ঠিক। সেইটোৱেই কৰা হওক। পিছে বাতৰি কাকতো কিনো পঢ়িব! প্ৰায় প্ৰত্যেকখন বাতৰি কাকতেই নিজা নিজা ৰাজনৈতিক দল এটাৰ মুখপত্ৰৰ দৰেহে কাম কৰিবলৈ ধৰিছে। আগৰ সেই সাংবাদিকতা নাই। অঃ এইটো কথা মনলৈ অহাই নাছিল দেখোন! লিখনিৰ লগতে সাংবাদিকতাৰ আজিৰ স্বৰূপ দাঙি দুটামান বাক্য সুমুৱাই দিব লাগিব। নামত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈ থাকিলেই নহ’ব নহয়, কামো কৰিব লাগিবতো। কিন্তু তেওঁলোকৰ বিষয়ে জানিবলৈও আগতে বাতৰি কাকতৰ তথ্যখিনি ল’ব লাগিব। গতিকে বাতৰি কাকতখিনি পঢ়ি লওঁ।

দৌৰাদৌৰিকৈ যোৱা এমাহৰ বাতৰি কাকত দাঙি লৈ আহিলোঁ। এখন এখনকৈ বাতৰি কাকতৰ পাত লুটিয়াই চাই গৈছোঁ। উৱা, সকলোতে একেখিনি বাতৰি। কালি যি আছিল আজিও একেই বাতৰি। কি কৰা যায়! তেনেতে এটা বাতৰিত চকু পৰিল-

চৰকাৰী পক্ষৰ বিৰুদ্ধে লিখাৰ বাবে গ্ৰেপ্তাৰ বিশিষ্ট বুদ্ধিজীৱী…

একে উশাহতে গোটেই বাতৰিটো পঢ়ি শেষ কৰিলোঁ। হে ভগৱান, মই যে কি কৰিবলৈ ওলাইছিলোঁ। নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিবলৈ মোক কিহে পাইছে। মই হ’লোঁ পৰিয়াল থকা মানুহ! মোকেই জেলত সুমুৱালে পত্নী, ল’ৰা-ছোৱালী এওঁলোকৰ কমখন আলাই-আথানি হ’বনে! এইখন কেনে চৰকাৰ ঔ! আৰু দুটামান বাতৰি চাই লওঁ বাৰু!

চৰকাৰী পক্ষৰ সমালোচনা কৰিলে হেৰুৱাব লাগিব চৰকাৰী চাকৰি…

হাঁ! এইটো বাতৰি মোৰ চকুৰপৰা কেনেকৈ হাত সাৰিল। দেশত ইমান বেয়া পৰিস্থিতি! তাতেই মোৰ আকৌ চৰকাৰী চাকৰি! কেনেবাকৈ সেইটো যাবলৈ হ’লে মই নিগমে মৰিম। নাই নাই। চৰকাৰী পক্ষৰ বিৰোধ কৰি বিপদ চপাই নলওঁ।

তেনেতে দেশৰ অৰ্থনীতিৰ বাতৰি এটা দেখিলোঁ। বেছ! এইটো বিষয়ৰ ওপৰতেই লিখনি এটা লিখোঁ। কেনেকৈ দেশৰ ভাঙি পৰা অৰ্থনীতি টনকিয়াল কৰিব পাৰি? কি কি পদক্ষেপে দেশৰ অৰ্থনৈতিক মন্দাৱস্থা দূৰ কৰিব ইত্যাদি ইত্যাদি। পিছে ৰ’ব কাষতে দেখোন চৰকাৰী মন্ত্ৰীৰ ভাষ্য – মন্দাৱস্থা নায়েই। এওঁলোকে নাই বুলি কৈছে যেতিয়া নাই আৰু। বেলেগে কি কৈছে তাত বেছি গুৰুত্ব দি নিজৰ চাকৰি খাব নোৱাৰি নহয়।

“দেশৰ নিবনুৱাৰ হাৰ, ৪৫ বছৰৰ ভিতৰতেই শীৰ্ষত!”

বাতৰিৰ শিৰোনাম দেখিয়েই চক্ খাই উঠিলোঁ। ঠিক ঠিক এই বিষয়ে লিখনি এটা লাগেই। কিন্তু বাতৰিৰ ভিতৰৰ বাক্য এটা পঢ়িলো। নিৰ্বাচনৰ আগত চৰকাৰী পক্ষই হেনো বছৰি দুই কোটি নিয়োজনৰ সৃষ্টি কৰিব বুলি কৈছিল। এতিয়া মই আকৌ নিবনুৱা সমস্যাৰ ওপৰত লিখিলে চৰকাৰৰ ৰোষতেই পৰোঁ নেকি!

মই বুজি উঠিলোঁ, এইবোৰ বিষয়ক লৈ লিখি নিজৰ জীৱন নিজেই বৰবাদ কৰাৰ বাদে আন একো নহয়। আন কিবা বিষয় ভাবিব লাগিব। এটা কাম কৰোঁ- বিয়াৰ আগতে শ্ৰীমতীৰ নামত যে কবিতা লিখিছিলোঁ, তেনেকুৱা কবিতা এটাই লিখোঁ। সম্পাদকজনক বিমুখ কৰাও নহ’ব, ইফালে বহুদিনৰ মূৰত নিজৰ বাবে ৰোমাণ্টিক কবিতা পাই শ্ৰীমতীও সুখী হ’ব। মোৰো চাকৰি কিম্বা জীৱন সকলো সুৰক্ষিত হৈ থাকিব।

ৰোমান্টিক কবিতা এটা ভাবি উলিয়াবলৈ বুলি আৰামী চকীখনত দেহাটো এৰি দি চকু মুদিলোঁ। মনলৈ কবিতা অহাৰ পৰিৱৰ্তে ধীৰে ধীৰে চিল-মিলকৈ টোপনিহে আহিল। কিন্তু হঠাতেই কিবা এটা মাতত সাৰ পাই উঠিলোঁ। ঠিক যেন এটা আকাশবাণী-

-‘সাহিত্যিকে সমাজৰ উৎকৰ্ষ সাধনৰ বাবে নিৰন্তৰ চেষ্টা চলাই গৈ থাকে।’

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published.