ফটাঢোল

দামোদৰ-মানবেন্দ্ৰ শৰ্মা

দুপৰীয়া ভাত খাই বিচনাত পৰাৰ অলপ পাছতেই কলিং বেলৰ মাতত বৰুৱা খকমকাই উঠিল৷ টোপনিৰ জালত কিবা ভ্ৰমেই শুনিলে নে সঁচাকৈয়ে কোনোবাই কলিং বেল বজালে- তেখেতে এই কথাটোৰ গুণাগথা কৰোঁতেই বাহিৰৰ পৰা এইবাৰ কাৰোবাৰ চিঞৰ ভাহি আহিল, ‘দাদা, দাদা!’

সচৰাচৰ বৰুৱাই দুপৰীয়াৰ সময়ত বিচনাত নপৰে; নপৰে মানে আচলতে ভাগ্যদেৱীয়ে তেখেতৰ বাবে নিৰ্ধাৰিত কৰা ভাগ্যলিপিত তেনে সৌভাগ্যৰ যোগ লিপিবদ্ধ নাছিল৷ অইনকালে এনে সময়ত তেখেতৰ বিচনাত পৰাৰ মন গ’লেও বা দেহ-মনে কেতিয়াবা বিশ্ৰামৰ অত্যধিক আবদাৰ ধৰিলেও কৰ্ম ব্যস্ততাই তেখেতক সেই সুযোগ নিদিয়ে৷ কিন্তু বৰুৱাৰ প্ৰতি আজিকালি যেন ভাগ্যদেৱী কিছু সদয় হৈ উঠিছে, বৰুৱাৰ হাততো এতিয়া অফুৰন্ত সময়৷ আচলতে ক’ৰোণা-ভীতিয়ে সকলোকে ঘৰত সোমাই থাকিবলৈ বাধ্য কৰা এই সময়ত বৰুৱাও তাৰ ব্যতিক্ৰম নহয়৷ সেয়েহে সময়ৰ অভাৱত অতদিনে অপূৰ্ণৰূপে মনত সঞ্চিতহৈ ৰোৱা হেঁপাহবোৰ পূৰ কৰাত বৰুৱাই কোনোমতে কৃপণালি কৰিব নোখোজে৷

‘দাদা, দাদা৷’

বাহিৰৰ পৰা পুনৰ ভাহি অহা চিঞৰৰ তীক্ষ্ণতাই এইবাৰ বৰুৱাৰ কৰ্ণকুহৰত ঠহ্‌ঠহকৈ ঠেকা দিলে৷ কৰ্ণকুহৰৰ সেই ঠেকা তেখেতৰ মগজুলৈ সঞ্চাৰিত হ’ল, আৰু সেই সঞ্চাৰণে তেখেতৰ মগজু বিক্ষুব্ধ কৰি তুলিলে৷ এনেয়ো যিজন মানুহে এসময়ত নিজৰ বাবে বুলি কিছু একান্ত সময়ৰ আশাত হামৰাও কাৰি মৰিছিল, সেইজনৰ বাবে এতিয়াৰ এই অফুৰন্ত সময়বোৰো যেন  নজহা-নপহা হৈ ক্ৰমশঃ বুমেৰাংহৈ উঠিছে৷ এনে অৱস্থাত মানুহজনৰ আজিকালি সৰু-সুৰা কথাতে টিঙিচকৈ খং উঠা হৈছে৷

এনেদৰে উধাতু খাই চিঞৰিবলৈ এই সময়ত কাৰনো কি দৰকাৰডাল পৰিল? এই কথাটোৱে বৰুৱাক ভালকৈয়ে বিতুষ্ট কৰি তুলিলে৷ তাতেই মাতটোও তেখেতৰ চিনাকি যেন নালাগিল৷ কিন্তু কলিং বেল দবাই বাৰে বাৰে ‘দাদা দাদা’ বুলিহে চিঞৰাৰ পৰা এইটো কথাৰ উমান পাব পাৰি যে যিয়েই নহওক সেইজনে নিশ্চিতভাৱে জানে যে ইয়াত বৰুৱাৰ দৰে এজন মানুহ থাকে৷

পৰম বিতৃষ্ণাৰে বৰুৱা বিচনাৰ পৰা নামিল৷ কিন্তু তেখেতৰ সেই বিৰাগ আশ্চৰ্যলৈ পৰিৱৰ্তিত হ’বলৈ বেছি পৰ নালাগিল৷

বাহিৰত থিয়হৈ আছে এজন কিশোৰ, হয়তো তাৰ বাৰ/তেৰ বছৰমান বয়স হ’ব৷ কেটেং-মেটেং সেই চেহেৰাৰ ঢেলঢেলীয়া চকু দুটাও যেন কিবাকৈহে মেলি ৰাখিছে৷ পিছে বৰুৱাই কিবা এটা বুজাৰ আগতেই সি একেবাৰে তেখেতৰ কাষলৈ আহি তাৰ জেওৰা খৰি হেন হাত দুখন আগবঢ়াই দিলে৷

লগে লগে বৰুৱা দুখোজ পিছুৱাই আহিল৷ কুমলীয়া সন্তানৰ কথা ভাবি ক’ৰোণাৰ ভয়ত ইমানদিনে কাম-বন বাদ দি ঘৰৰ ভিৰত সোমাই আছে তেখেত, অচিনাকি এজনৰ এনে নিকট সানিধ্যই তেখেতৰ ইমানদিনৰ সাৱধানতা সহজতে পানীত পেলাব পাৰে৷

‘দাদা, আমাকে কিছু দিন৷ গত দুদিন ধৰে আমি কিছু খায়নি৷’ কিশোৰৰ শুষ্ক দুই অধৰৰ মাজেৰে কোনোমতেহে নিগৰা কথাৰ সুৰ সঁচাকৈয়ে খুব বেদনাদায়ক আছিল৷

তাৰ কথাত বৰুৱাৰ মনটো ক্ষণিকৰ বাবে বিগলিত হ’ল সঁচা, কিন্তু অলপ আগলৈ ‘দাদা, দাদা’ বুলি তীক্ষ্ণ প্ৰাৱল্যৰ তৰংগ প্ৰবাহেৰে তেখেতৰ টোপনিৰ বিঘিনি ঘটোৱা সেই স্বৰ পলকতে ইমান মোলায়েম আৰু নীম্ন প্ৰাৱল্যৰ হৈ পৰা কথাটোহে তেখেতে কোনোমতে মিলাব নোৱাৰিলে৷ তাতেই তাৰ মাত-কথাই বৰুৱাৰ জাতীয়তাবাদী আৱেগকণকো ক্ষুন্ন নকৰা নহয়৷ আজিকালি বাহিৰলৈ ওলালেই এনে বয়সৰ এচামক ডেনদ্ৰাইট বা তেনে ধৰণৰ নিচাত আৱিষ্ট হৈ থকা দৃশ্য সততে চকুত পৰে; আচলতে তাৰ চেহেৰাটো তেনে এচামৰ লগতহে ভালকৈ খাপ খোৱা যেন লাগিল বৰুৱাৰ৷

কথাটো মনলৈ অহাৰ লগে লগে বৰুৱাৰ পুনৰ টিঙিচকৈ খংটো উঠিল- হয়, ইয়েই সেই আচামী, যাৰ বাবে আজি তেখেতৰ ভাতঘুমটি ভাগিল৷

বৰুৱা আহি পুনৰ বিচনাত পৰিল৷

‘কোন আহিছিলনো?’, বৰুৱা বিচনাত পৰাৰ সময়ত তেখেতৰ পৰিবাৰে সুধিলে৷

‘এহ নক’বা আৰু৷ আহিছিল দিয়া এজন৷’

‘তুমি কিন্তু তাক তেনেদৰে যাবলৈ দিব নালাগিছিল৷ এই কেই মাহততো আমি কম মানুহক সহায় কৰা নাই; আজিও পুৱাৰ পৰা দুপৰীয়ালৈ আমাৰ ইয়ালৈ অহা প্ৰতিজনে হাঁহিমুখে উভতিছে৷ আনক সততে সহায় কৰিবলৈ উদ্বুদ্ধ হৈ থকা মানুহজনৰ আজি আকৌ হঠাৎ কি পৰিৱৰ্তন ঘটিলনো?’

‘নহয়হে, এতিয়া অহাজন সঁচাকৈ তেনেকুৱা যেন নালাগিল৷ তাৰ চকু দুটা দেখিলেই তোমাৰো মনটো চোবালেহঁতেন৷ আচলতে এই অচিলাৰে সি নিচাজাতীয় কিবা সামগ্ৰী কিনিবলৈহে পইছা বিচাৰি অহা যেন লাগিল৷ আৰু এতিয়া কোনোবাই সহায় বিচাৰিলেই যে সহায় কৰিব লাগিব, তেনে বিশেষ কথাও নাই দিয়াচোন৷ আগৰ দৰে ল’কডাউনৰ প্ৰতিবন্ধকতাও এতিয়া নাই, দোকান-পাহাৰ, অফিচ-কাচাৰী সৱ খোলা দিছে, কামৰ সন্ধানত বহুতেই ঘৰৰ পৰা ওলাইছে৷ মুঠতে উপাৰ্জনৰ নিমিত্তে সকলোৱে কিবা এটা কৰাৰ পৰিৱেশ পুনৰ ঘূৰি আহিছে৷’

‘তথাপি তাক কিবা এটা দিব পাৰিলেহেঁতেন৷ অন্ততঃ বেলেগ নহ’লেও কল দুটায়ে খাবলৈ দিব পাৰিলাহেঁতেন৷ তাতেই দুপৰীয়াৰ অতিথি সাক্ষাৎ দামোদৰ৷’

‘দুপৰীয়াৰ অতিথি সাক্ষাৎ দামোদৰ!’

কথাটো তেতিয়াহে বৰুৱাৰ গাত লাগিল৷ ল’ৰাজনক তেনেদৰে শুদা হাতে পঠাই খুবেই এটা গৰ্হিত কাম কৰা বুলিও তেতিয়াহে তেখেতৰ আফচোচ হ’ল৷

তেখেতে একে জাপে বিচনাৰ পৰা নামিল৷ অলপ আগলৈ বৰুৱাৰ নজৰত যি কিশোৰৰ দুচকু ৰাগিৰ জালত পূৰামাত্ৰাই আড়ষ্ট যেন লাগিছিল, সেই দুচকুয়ে এতিয়া ভোকত একেবাৰে কাতৰহৈ তেখেতৰ সমুখত উদ্ভাসি উঠিল৷

এক লহমাতে পদূলিলৈ ওলাই বৰুৱাই ৰাস্তাৰ দুয়োফালে চালে৷ এইখিনিত ৰাস্তাটো বহু দূৰলৈ সৰলৰেখাৰ দৰে, দূৰ-দূৰণিলৈ স্পষ্টকৈ সকলো চকুত পৰে৷ কিন্তু কোনোফালে সেই কিশোৰক নেদেখিহে তেখেত আচৰিত হ’ল৷ অথচ এইটোও খাটাং যে এই সময়খিনিৰ ভিতৰত পদব্ৰজে কোনোৱেই দৃষ্টিৰ বাহিৰলৈ দূৰত্ব অতিক্ৰম কৰাতো অসম্ভৱ৷ তেনেহ’লে পলকতে এই কিশোৰ ক’ত, কেনেকৈ অন্তৰ্ধান হ’ল?

বৰুৱা বিবুদ্ধিত পৰিল, সকলো খেলিমেলি যেন লাগিল৷ কি ঠিক, কিজানি আজি বৰুৱাৰ পৰীক্ষা ল’বলৈ সাক্ষাৎ দামোদৰেই এই ভেশত আহিছিল!

কথাটো মনলৈ অহাৰ লগে লগে বৰুৱাৰ মন-প্ৰাণ আলোড়িত হৈ উঠিল৷ সেই কিশোৰৰ চেহেৰাটো পুনৰ তেখেতৰ মানসপটত ভাঁহি উঠিল৷ তেখেতৰ দুচকু অলপ সেমেকি উঠা যেনো হ’ল৷ উহ্‌ তেখেতে প্ৰত্যাখ্যান কৰাৰ পাছত কি যে ৰহস্যময় আৰু নিদাৰূণ আছিল তাৰ চাৱনি!

বৰুৱাৰ যেন তেতিয়াহে সম্বিৎ ঘূৰি আহিল৷ এপাকত নিজৰ ফালে চাই দেখিলে যে দিগম্বৰ নহয় যদিও লৰালৰিকৈ তেখেতে শুই থকা সাজতেই পদূলিলৈ একবস্ত্ৰে এনেদৰে ওলাই আহিল যে যিকোনো মুহূৰ্ততে সম্পূৰ্ণ দিগম্বৰ হৈ উঠাৰ পূৰ্ণ সম্ভাৱনা আছে৷

তেখেত মুহূৰ্ততে সাজু হ’ল৷ বাইকৰ চাবি হাতত ল’লে৷ ক’ৰোণাৰ এই বিভীষিকাৰ মাজত বহুদিনে নিৰ্জীৱহৈ থকা বাইকখন সজীৱ কৰিবলৈ তেখেতে কিছু কষ্ট কৰিব লগা হ’ল৷

মলিয়ন হালধীয়া টি-চাৰ্ট আৰু ক’লা হাফপেণ্ট পিন্ধা সেই ‘দামোদৰ’ৰ চেহেৰা বৰুৱাৰ চকুত জলজল-পটপটকৈ ভাঁহি উঠিল৷

বৰুৱাই প্ৰথমতে ৰাস্তাৰ দুয়োফালে এটা সীমনালৈ গৈ উৰাই-ঘূৰাই চালে যদিও তেখেতৰ এই অভিযান অসফল হৈয়েই ৰ’ল৷ তথাপি তেখেতে হাৰ নামানিলে৷ ন-উদ্যমেৰে এইবাৰ তেখেতে ঘাই পথত উঠিল৷ উদ্যমী পুৰুষক বোলে সফলতাই সদায় হাত বাউলি মাতে আৰু বৰুৱাৰ ক্ষেত্ৰতো এয়াই এবাৰ পুনৰ সত্য বুলি প্ৰমাণিত হ’ল৷ ওচৰৰে তিনি আলি এটাৰ চকত তেখেতৰ এই অন্বেষণৰ সফল সমাপ্তি ঘটিল৷ ৰিক্সা এখনত সেই কিশোৰ বহি আছে, আৰু লগত আছে আন এজন৷ যদিওবা আনজনৰ বয়স কম তথাপি হয়তো সিয়েই ৰিক্সাৱালা হ’ব, কিয়নো সিহঁত দুজনৰ বাহিৰে আৰু অইন কোনোৱেই তাত নাছিল৷ দুয়ো কথাত  মচগুল হৈ আছে৷

বৰুৱাই তাক মাতিলে৷ কথাত মজি থকা বাবে কিজানি সি তেখেতৰ মাতটো শুনা নাপালে, বা হয়তো সি শুনিলেও অলপ আগৰ তেখেতৰ আচৰণৰ কথা মনত পেলাই বিশেষ গুৰুত্ব দিবলগীয়া কথা বুলি নাভাবিলে৷

বৰুৱাই নিজৰ সন্দেহ নিৰসনৰ বাবে তালৈ এবাৰ পুনৰ ভালকৈ দৃষ্টি দিলে৷- হয়, হয়, বৰুৱাৰ ভুল হোৱা নাই; সেই একেই চেহেৰা, একেই চকু! আৰু পোচাকো একেই- মলিয়ন হালধীয়া টি-চাৰ্ট আৰু ক’লা হাফপেণ্ট৷ এইজনেই যে দামোদৰ হয়, বৰুৱা পূৰামাত্ৰাই নিশ্চিত৷

বৰুৱা বাইকৰ পৰা নামিল৷

‘দামোদৰ শুনাচোন৷’-  হঠাৎ কথাষাৰ তেনেকৈয়ে বৰুৱাৰ মুখৰ পৰা ওলাব খুজিছিল যদিও ততালিকে সম্বিৎ ঘূৰি অহাত নিজৰ জিভাতেই তেখেতে কামোৰ মাৰি ধৰিলে৷

নিজকে সম্বৰণ কৰি তেখেতে পুনৰ মাতিলে, ‘শুনাচোন’

কিন্তু বৰুৱাই দুবাৰমান মতাৰ পাছত সি এইফালে অকণো ভ্ৰূক্ষেপ নকৰি অইন ফালেহে দৃষ্টি নিক্ষেপ কৰিলে৷ তাৰ লগত থকাজনে কিন্তু ঠিকেই শুনা পালে তেখেতৰ মাত৷

‘আপনি কি আমাকে ডাকছেন?’

‘নহয় নহয়, তোমাক নহয়; তোমাৰ লগত থকাজনক মাতিছোঁ৷ তাক কোৱাচোন মই বিচাৰিছোঁ বুলি৷’

এইবাৰ আৰু দামোদৰৰ নুশুনাৰ ভাও ধৰাৰ একো উপায় নাছিল৷

সি চুচুক-চামাককৈ বৰুৱাৰ ফালে খোজ আগবঢ়ালে৷

‘অলপ আগতে তুমি আমাৰ ঘৰলৈ গৈছিলা নহয়-

পিছে বৰুৱাৰ কথা শেষ হোৱাৰ আগতেই সি তপৰাই মাত দিলে, ‘না না না, আমি কিছুক্ষণ থেকে এখানে আছি৷ আমি কোথাও যাইনি৷’

‘শুনা তুমি ভয় কৰিব নালাগে, তেতিয়া তুমি মোৰ টোপনি ভগাৰ বাবে তোমাক একো খঙো কৰি থকা নাই৷ কিন্তু তেতিয়া তোমাক তেনেদৰে পঠাইহে মোৰ বৰ বেয়া লাগিল৷ এইয়া লোৱাচোন, ইমান ভোকত আছা৷ পেট ভৰাকৈ কিবা এটা খাই লোৱা৷’

দামোদৰে হাত পাতিলে, বৰুৱাইয়ো পাৰ্যমানে দূৰত্ব ৰক্ষা কৰি টকাখিনি তাৰ হাতত দিলে৷’

বৰুৱাৰ হয়তো ক্ষণিক আগৰ নিজৰ আচৰণৰ বাবে তেতিয়াও অলপ বেয়া লাগি আছিল৷ সেয়েহে ক’লে, ‘টোপনিৰ আৱেশত তোমাক তেতিয়া তেনেদৰে পঠালোঁহে, কিন্তু পিছ মুহূৰ্ততে মোৰ বৰ বেয়া লাগিল৷ ঘৰৰ পৰা হাতত কিবা অলপ লৈয়েই পদূলিলৈ আহি তোমাক ইমান চালোঁ, কিন্তু তুমি ঘপহকৈ ক’ত কেনেকৈ নাইকিয়া হ’লাহে?’

সি ঈষৎ হাঁহিলে আৰু সেই হাঁহিৰেই ক’লে, ‘আমি যখন আপনার বাড়ী থেকে বের হলাম তখন এই রিক্সাও সেখানে পৌঁছে গেল৷ আমি রিক্সায় লাফিয়ে এই জায়গায় পৌঁছে গেলাম৷’

কথাটো শুনি বৰুৱাৰ নিজৰে হাঁহি উঠিল৷ অথনিৰ পৰা যে তেখেতৰ মনটো ক’ৰ পৰা ক’লৈ উৰা নাছিল!

‘কি নাম তোমাৰ?’

সি ক’লে৷

‘তুমি যে কৈছিলা দুদিন ধৰি খাবলৈ পোৱা নাই, কিয়? এতিয়াতো আগৰ দৰে বন্ধও নাই, কিনো কৰে তোমাৰ দেউতাই?

‘ আব্বা আমার শৈশবেই অন্য এক মহিলাকে বিয়া করেছিলেন৷ সেই সময় থেকে তিনি কখনও আমাদের দেখাশোনা করেন না৷ শৈশৱ থেকে মা আমার দেখাশোনা করছেন৷ গত দুদিন ধরে মা অসুস্থ, বিচনায় শুয়ে আছেন৷ সে কীভাবে কাজে যাব? যদি সে কাজেই না করে তবে সে কীভাবে উপাৰ্জন করবে?’

হয়তো! কথাতো শুনি বৰুৱাৰ আৰু বেয়া লাগিল৷ আৰু দুটামান টকা তাৰ হাতত গুজি দিলে৷

পিছে বৰুৱা ঘৰলৈ আহিল যদিও তেখেতৰ মনটোহে সিমান মুকলি নহ’ল৷ যদিও মানুহ চিনাত তেখেতে প্ৰায়েই ভুল কৰে, তথাপি বয়স আৰু অভিজ্ঞতাই আজিকালি এই ক্ষেত্ৰত তেখেতক ভালেখিনি পৰপক্ক কৰা বুলি নিজকে আশ্বস্তও নকৰা নহয়৷ তথাপি আজিৰ অংকবোৰ সৱ ফালৰ পৰাই তেখেতৰ কিবা বেচিজিল যেন লাগিল৷

এপাকত বাইকৰ চাবিপাত লৈ বৰুৱা পুনৰ ওলাল৷

পৰিবাৰে সুধিলে, ‘এই সময়ত আৰুনো ক’লৈ যোৱা?’

‘বহুদিন নচলোৱা বাবে বাইকৰ বেটেৰি একেবাৰে বহি গৈছেহে৷ অলপ চলালেহে চাৰ্জ ল’ব ৰ’বা৷’

তেখেতৰ পৰিবাৰে একো আপত্তি নকৰিলে৷ এনেয়ো বৰুৱাই ল’ৰাজনক লগ কৰি অহাৰ পিছৰে পৰা পৰিবাৰৰ মনটো ভাল লাগি আছে৷ নহ’লে ক’ৰোণাৰ এই দিনত তেখেতে বৰুৱাক ইমান সহজতে পুনৰ বাহিৰলৈ যাবলৈ নিশ্চয় নিদিলেহেঁতেন৷

নিৰ্দিষ্ট সেই তিনিআলি পোৱালৈ বৰুৱাই ইয়াকে আশা কৰিলে যাতে তেখেতৰ বিচাৰ শুদ্ধ আৰু অভ্ৰান্ত হৈয়েই ৰয়৷ আচলতে নিজে নিজকে পতিয়ন নিব পৰাটোও জীৱনৰ এক ডাঙৰ প্ৰত্যাহ্বান৷

সি তিনিআলিতেই আছিল আৰু লগত সেই ল’ৰাজনো আছিল৷ ৰিক্সাখনো আগৰ জেগাতেই আছিল৷ পিছে সিহে আগৰ দৰে ৰিক্সাত বহি থকা নাছিল৷ দুয়ো ফুটপাথৰ এচুকত বহি বেলেগ এখন জগতত বিলীন হোৱাৰ প্ৰচেষ্টাত যে আছিল দুয়োৰে ৰাগি লগা আড়ষ্ট চকুৱে সেইয়া স্পষ্টকৈ বুজাইছিল৷

বৰুৱাই সকলো বুজিলে৷ তেখেতৰ মুখেৰে এটা গভীৰ হুমুনিয়াহ ওলাল৷

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published.