ফটাঢোল

দাৰিদ্ৰ্য ৰেখাৰ কাৰ্ড(মূল : শিৱম খাড়ে) অনুবাদ- মিতালী নাৰায়ণি

সুখী নামৰ মালীজনে দাৰিদ্ৰ্য ৰেখাৰ কাৰ্ডখনৰ বাবে পঞ্চমবাৰৰ বাবে চৰকাৰী বাবুজনৰ ওচৰলৈ গ’ল।

বাবু : আৰে ককাই! তুমি প্ৰমাণ কৰি দিলা যে ম’হ কেৱল দেখাতহে গাই-গাৰীয়ে ডাঙৰ, মগজটো তেনেই উদং। এতিয়ালৈ দহবাৰো কোৱা নাইনে যে যেতিয়ালৈ আটাইখিনি কাগজ-পত্ৰ আনিব নোৱাৰা তেতিয়ালৈ কাৰ্ড কৰি দিব নোৱাৰিম।

সুখী : মহাশয়, এই গৰীব ডেৰহাজাৰ টকাৰহে মানুহ। এইখিনিকে ৰাখক আৰু এই গৰীবৰ মিনতি শুনক দেউতা ঈশ্বৰ!

বাবু : হাৰে মাৰিবলৈ ওলাইছ নেকি? নিজৰ কোনো সততা-চততা নাথাকিল বুলিয়ে সকলোকে নিজৰ দৰে বুলিয়ে ভাবিছ নেকি? চাওঁ এতিয়া যা, চাহাব আহিলে আহিবি।

সুখীয়ে যিখন বাগানত কাম কৰিছিল তাৰপৰা বাগানখনৰ মালিকৰো কাৰ্ড থকা বুলি জানিব পাৰিলে। বিস্মিত হৈ মনত কিছু সাহস গোটাই সি মালিকক অনুৰোধ কৰিলে,

: দেউতা, মোৰ দাৰিদ্ৰ্য ৰেখাৰ কাৰ্ডখন এতিয়ালৈ উলিয়াব পৰা নাই। বাবুৱে বৰ আমনি কৰি আছে। আপুনিয়ে কিবা সহায় কৰি দিয়ক আৰু দেউতা!

মালিকজনে তাচ্ছিল্যৰ সুৰত ক’বলৈ ধৰিলে,

: হেৰৌ মালী, দাৰিদ্ৰ্য ৰেখাৰ কাৰ্ডখন গোটাবলৈ দুখীয়া নহয় ধনীহে হ’ব লাগিব পাগল!

ইয়াৰ পাছত মালিকজনে আকৌ হো-হোৱাই হাঁহিবলৈ ধৰিলে আৰু দুচকুত যুগে যুগে কঢ়িয়াই অনা বিবশতা লৈ সুখী নামৰ মালীজন অসহায়ভাবে থিয় হৈ থাকিল।

☆ ★ ☆ ★ ☆

3 Comments

  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল, বাস্তৱ।

    Reply
  • মানসী বৰা

    এখন বাস্তৱ ছবি…

    Reply
  • Sadananda Bhuyan

    বাস্তৱ ছবিৰ প্ৰতিফলন হৈছে ।

    Reply

Leave a Reply

Your email address will not be published.