ফটাঢোল

দিক্‌দৰ্শন- ড° লক্ষ্যজ্যোতি বৰঠাকুৰ

ৰাতিপুৱা শুই উঠি চোতালতে টহল দিছিলোঁ অকণমান, আহি ওলাল চুবুৰীৰে বৰুৱাৰ ল’ৰাটো। ক্লাচ টেইনত পঢ়ে, বিৰাট তীখৰ, পঢ়া-শুনাতো ভাল। অলপ দেশ দুনীয়াৰ খবৰো ৰাখে। গেটৰ ওচৰৰ পৰাই মাত দিলে,

-“আংকল কি কৰিছে?”

আহিলেই নহয় খঙটো টিঙিচকে মাৰি। আমাৰ এই হেন চীৰ চেনেহী ভাষাটোত ইমান ধুনীয়া ধুনীয়া শব্দবোৰ থাকোঁতে দিলে নহয় সেইডাল সম্বোধন কৰি! এতিয়া সি মোক মামাই বুলিলে নে, খুড়াই বুলিলে? পেহা, মহা, বৰতা, জেঠপেহা কি বা বুজালে বেটাই? ভাবিছিলোঁ বক্তৃতা এটা দিয়েই দিওঁ, কিন্তু নিদিলোঁ। ইমানদিনে বুজি গৈছোঁ এইবোৰ একো লাভ নাই, একদম ‘গৰুৰ আগত টোকাৰি বায়, কাণ জোকাৰি ঘাঁহ খায়’ৰ নিচিনা পণ্ডশ্ৰম।

গেটখন খুলি সি ইতিমধ্যে ভিতৰলে সোমাই আহিল আৰু আৰম্ভ কৰিলে,

-“আংকল, আপোনাৰ লগত মোৰ বিশেষ কথা এটা discuss কৰিব লগা আছে। মোৰ বোধেৰে আপুনিহে মোক direction মানে দিক্‌দৰ্শন নে কি সেইটো কৰাব পাৰিব।”

ইমান সময়ে উঠি থকা খঙটো একেবাৰতে কমি অজান মৰম এটালৈ সলনি হৈ গ’ল। আজিকালি চেঙেলীয়াৰ বাইকৰ স্পীডত আমি নিজৰ দিশ সলাই যাব লাগে, তাৰ মাজতো ই যে মই তাক দিকদৰ্শন কৰাব পাৰিম বুলি ভাবিছে দেহি! সামাজিক দূৰত্বৰ কথা ভাবিহে তাক সাৱটি নধৰাকে থাকিলোঁ। আথে-বেথে বহুৱাই সুধিলোঁ,

-“কচোন মই তোক কি সহায় কৰিব লাগে?”

-“Aim in Life”।

-“সেইখন ৰচনা এতিয়াও মেট্ৰিকত আহিয়েই আছে নেকি?”

-“অঁ, আহে, কিয়?”

-“সেইখন মই বাদ দে, মোৰ দেউতাই মেট্ৰিক দিয়াৰ সময়তো আহিছিল। এতিয়াও আহিয়েই আছেনে?”

-“হয় আংকল, সেইখন Essay আজিকালিও আহে।”

-“দেশত কিমানবাৰ শিক্ষানীতি সলনি হ’ল, শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য সলনি হ’ল, মেট্ৰিকত অহা ৰচনাকেইখন হ’লে সলনি হোৱা নাই। আৰু কি কি আহে ৰচনা আজিকালি?”

-“Flood in Assam, Discipline, Daily Life, Your Favourite Book এইবোৰেই আৰু।”

-“একেই আছে বুইছ। আমাৰ দিনতো সেই ‘বানপানী’খন আহিছিল। আজি অতবছৰে বানপানী সমস্যাটো একে পৰ্যায়তে আছে। এইটো ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি, গোটেই ব্ৰহ্মপুত্ৰখন খান্দি তাৰ বালিৰে Express Highway টো বনাই পেলালে এইখন ৰচনা লিখিবলৈ দিব নোৱাৰা হ’ব বুলি ভাবিয়েই চাগে ইমান দিনে সমস্যাটো শেষ কৰা নাই বুজিছ। ইয়াত ভিতৰুৱাকে SEBA ৰো হাত থাকিব পাৰে ঠিক নাই। বাকী এই Your Favourite Book খন বৰ বেছি দিন দিব নোৱাৰিব চাগে! তাৰ ঠাইত Your Favourite Blog, Your Favourite Facebook Group/Page এনেধৰণৰ কিবা দিব লাগিব বুজিছ।”

কিমান সময় কথা কৈ আছিলোঁ ঠিক নাই। এপাকত ল’ৰাটোলৈ চাই দেখোঁ সি হাঁ কৈ মুখ মেলি মোৰ ফালে চাই আছে। এই সৰু ল’ৰাটোৰ আগত এইবোৰ বলকি কি লাভ হ’ব বুলি এতিয়াহে মনলৈ আহিল। তাক পুনৰ ক’লোঁ,

-“তই কি কৈ আছিলি,  Aim in Life। সেইখন লিখিবলৈনো কি টান। ডাক্তৰ, ইঞ্জিনীয়াৰ, প্ৰফেচাৰ কিবা এটা হ’ম বুলি লিখি দিলেই হ’ল। আৰম্ভণিতে ‘লক্ষ্যবিহীন জীৱন, বঠা বিহীন নাও’, ‘লক্ষ্য থকা জীৱন পাখি লগা কাঁড়ৰ দৰে’, জাতীয় কথা দুটামান লিখি দিবি। আৰু এটা কথা মনত ৰাখিবি। তই এই ডাক্তৰ, ইঞ্জিনীয়াৰ, প্ৰফেচাৰ আদিবোৰত পইছা বেছিকে পাম নিচিনা কথাবোৰ কিন্তু কেতিয়াও নিলিখিবি। এই প্ৰফেচনবোৰক তই যে আচলতে সমাজৰ দুখীয়া মানুহখিনিৰ কল্যাণৰ এক মাধ্যম হিচাপেহে বাছি ল’ব বিচাৰিছ এই কথাটো অলপ ফিল’ছফিকেল টাচ্ছ এটা দি কৈ দিবি। হৈ গ’ল তোৰ ৰচনা। এই ফিল’ছফিকেল টাচ্ছটো মেইন বুজিছ, সেইটো যিমান ভালকে দিব পাৰিবি সিমানে নম্বৰ পাবি।”……

একেৰাহে কথাখিনি কৈ তালৈ চালোঁ। মই মুখত জমা হোৱা সেপখিনি গিলি লওঁ মানে সি আৰম্ভ কৰিলে,

-“মই আপোনাৰ ওচৰত essay শিকিবলৈ অহা নাই।”

-“তেন্তে?”

-“মই real life ত কি aim choose কৰাতো ভাল হ’ব সেইটোহে আপোনাৰ লগত discuss কৰিবলৈ আহিলোঁ।”

-“উৱা, তোৰ মা-দেউতাৰে এতিয়ালৈকে তোৰ Aim in Life টো ঠিক কৰি দিয়া নাইনে?”

-“দিছে। মাৰ মতে মই ডাক্তৰ হ’ব লাগে। দেউতাৰ মতে পাৰিলে ইঞ্জিনীয়াৰিঙহে prefer কৰিব লাগে। অৱশ্যে medical choose কৰিলেও দেউতাৰ no issues।”

-“সেয়া হ’লেই দেখোন। অসমৰ ল’ৰা-ছোৱালীয়ে ডাক্তৰ বা ইঞ্জিনীয়াৰৰ বাহিৰে আৰু বেলেগ হোৱাৰ কথা এনেয়ো নাভাবে। গতিকে তোৰ সব ঠিক হৈয়েই আছে, মই একো বেলেগ দিকদৰ্শন কৰাবলে নায়েই।”…

-“নাই আংকল, এইবোৰ ডাক্তৰ, ইঞ্জিনীয়াৰ হোৱাৰ ইচ্ছা মোৰ একদম নাই। এইবোৰ আজিকালি outdated প্ৰফেচন। একো charm নাই।”

-“উৱা, ডাক্তৰ ইঞ্জিনীয়াৰ outdated প্ৰফেচন হৈ গ’লনে? কি কৱ?”

-“হয় আংকল, আজিকালি এইবোৰ প্ৰফেচন একদম outdated।”

-“অকণমান বুজাই কচোন বোপাই।”

-“চাওক, এইযে ডাক্তৰবোৰ সিহঁতৰ কথা আপুনি বেমাৰ হ’লেহে মনত পেলায়। আৰু বেমাৰ ভালপোৱাৰ পিছত কেইজনে গৈ তেওঁলোকক thank you এটা দিয়ে কওকচোন? আৰু কেনেবাকে যদি ৰোগী এজন মৰিল গোটেই relative, friends সকলোৱে মিলি দেখোন ডাক্তৰকেই দোষ দিয়ে, মাৰপিত কৰে। আজি অলপদিনৰ আগতে আমাৰ ইয়াতেই দেখোন এজনক একেবাৰে মাৰিয়েই পেলালে মনত নাই! সমাজৰ এচামে দেখোন পৃথিৱীৰ সকলো ডাক্তৰেই কেৱল কমিচনৰ বাবেই অনাহকত এগালমান টেষ্ট কৰাই বুলি ভাৱে। আৰু ভাবকচোন এই ক’ৰণাটো ওলোৱা পিছৰে পৰা ডাক্তৰবোৰে দেখোন ইমান গৰমতো চন্দ্ৰলে যোৱা মানুহৰ নিচিনাকৈ সেই PPE kit ৰ ভিতৰতে থাকিব লগা হৈছে। গতিকে এইটো profession ৰ কিডাল charm আছে। আৰু তাতোতকৈ ডাঙৰ কথাটো কি জানে? আজিকালি মানুহবোৰে ডাক্তৰতকে google ক হে বেছি faith ত লয়। সেইবাবে এনেকুৱা charmless profession ত যোৱাৰ মোৰ একদম ইচ্ছা নাই।”

-“ঠিক আছে বাৰু ডাক্তৰৰ কথাটো বুজিলোঁ, কিন্তু ইঞ্জিনীয়াৰ আৰু প্ৰফেচাৰৰো একো charm নাইনে?”

-“ইঞ্জিনীয়াৰৰ কথা ন’কবয়েই। আজিকালিৰ ইঞ্জিনীয়াৰতকৈ মিষ্ট্ৰি আৰু ঠিকাদাৰে বেছি কথা জানে। অন্ততঃ মানুহেতো তেনেকৈয়ে ভাবে। আৰু ইঞ্জিনীয়াৰিং পঢ়া আধাই দেখোন বেঙ্কতহে চাকৰি কৰে। গতিকে ক’ত আৰু ইঞ্জিনীয়াৰৰ আগৰ charm ডাল আছে।”

-“প্ৰফেচাৰ একা?”

-“চাওক আংকল, এই প্ৰফেচাৰ জৱটোৰ importance টো UGC ৰ পে’ ৰিভিজনৰ পিছতহে বাঢ়িছে। তাৰ আগলৈকে তেওঁলোকৰ পাতি চাইকেল চলাওঁতেই গ’ল। কিন্তু আংকল কি হ’ল জানে? এইযে  টকা দুটামান বেছিকে পোৱা হ’ল, তাৰপিছৰ পৰাই সমাজত তেওঁলোকৰ সন্মান বুলিবলে একেবাৰেই নোহোৱা হ’ল নহয়। একেবাৰে মন্ত্ৰী-আমোলা, বুদ্ধিজীৱীৰ পৰা ধৰি পিৰালি কাষৰজনলৈকে সকলোৰে মতে কলেজৰ প্ৰফেচাৰক ইমানসোপা দৰমহা দিয়াতো একেবাৰে অযুক্তিকৰ কথা। সেইযে ফকৰা-যোজনা নে কিবা এটা আছে ‘কণা হাঁহক পটান ধান দিয়া’ নে কি সেই তেনেকুৱাই আৰু! আচল কথাটো হ’ল, আমাৰ মানুহৰ মনত এতিয়াও মাষ্টৰ বুলিলে পুতেকক গাখীৰৰ অভাৱত চাউলধোৱা পানী খুওৱা দৰিদ্ৰ দ্ৰোণাচাৰ্য্যৰ ছবিখনেই আছে। ভাল কাপোৰ-কানি পিন্ধা, দামী গাড়ীত ঘূৰা মাষ্টৰে পঢ়োৱাৰ নামত অকল ফাং-ফুং কৰিব বুলিয়েই সকলোৱে ভাবে। গতিকে আংকল প্ৰফেচাৰৰ কোনো charm নাই। মই এইটো প্ৰফেচনত যে কেতিয়াও নাযাওঁ।”

কিছুসময় তভক মাৰি ৰৈ তাক সুধিলোঁ,

-“এতিয়ানো তেনেহ’লে কি প্ৰফেচনতনো charm আছে। মানে তহঁতৰ মতে এতিয়া কি প্ৰফেচন trend ত আছে?”

-“থাকোঁতে তেনেকুৱা প্ৰফেচন কেইবাটাও আছে যদিও একদম trend ত থকাটো হ’ল জাতীয় নায়ক।”

-“অলপ বহলাই কচোন বোপাই?”

-“মানে আংকল, প্ৰথমে আপুনি কোনোবা এটা ছাত্ৰ-সংগঠনৰ কিবা বিষয়ববীয়া এজন হৈ ল’ব লাগিব। ইয়াৰ কাৰণে আপুনি কলেজৰ কিবা এটা চেক্ৰেটেৰী হৈ ল’ব পাৰে, মানে পাৰিলে ভাল আৰু! তাৰপিছত আপুনি জাতি, মাটি, খিলঞ্জীয়া, অবৈধ অনুপ্ৰৱেশকাৰী এনে জাতীয় শব্দ কেইটামান মনত ৰাখি লওক আৰু য’তে সুবিধা পায় সেই শব্দ কেইটা ডিঙি ফুলাই চিঞৰক। টিভিৰ কেমেৰা-চেমেৰা দেখিলে অলপ যে বেছিকৈ চিঞৰিব লাগিব সেইটো কিন্তু পাহৰিলে নহ’ব। এনেকে যদি কেনেবাকে এবাৰ মান কোনোবা টিভিৰ টক-শ্ব’ত আহিব পাৰিলে, বচ হৈ গ’ল আৰু। প্ৰথম শ্ব’টোতে আপুনি যদি টেবুল চেবুল ঢকিয়াই গোটেইখন হিলাই দিব পাৰিলে আপুনি আধা-আধি নায়ক বনিলেই বুলি ধৰিব পাৰে। তাৰপিছত টিভি চেনেল কেইটাই নিজেই আপোনাক জাতীয় নায়ক বনাই দিব। এইটো প্ৰফেচনত টামাম charm আছে। আপোনাক সকলোৱে চিনিও পাব, টিভিয়ে চিভিয়েও ওলাই থাকিব পাৰিব। মুঠৰ ওপৰত একদম VIP কাৰবাৰ।”

-“কিন্তু ইনকাম কৰ পৰা হ’ব? সংসাৰ চলাবলৈ, নিজে চলিবলৈ পইচা ক’ৰ পৰা আহিব?”

-“এই আংকল আপুনিও মানে!…. আপুনি জাতিৰ হৈ মাত মাতিব, খিলঞ্জীয়াৰ স্বাৰ্থত যুঁজিব, তাৰপিছতো পইচাৰ কথা চিন্তা কৰিছে। পইচা ক’ৰ পৰা আহিব আপুনি নিজেও গম নাপাব।”

-“বুজিছোঁ। আৰু কিবা প্ৰফেচন আছেনে একদম charm থকা।”

-“আছে আছে। আপুনি যদি জাতীয় নায়ক হ’ব নোখোজে তেন্তে শিল্পী হ’ব পাৰে।”

-“শিল্পী মানে?”

-“শিল্পী মানে আজিকালি গায়ক হোৱাটোৱেই আটাইতকৈ সুবিধাজনক।”

-“কিন্তু হ’ল বুলিয়েই আৰু সব গায়ক হ’ব পাৰেনে? গান গোৱা, সুৰ দিয়া, লিখা এইবোৰ কি মুখৰ কথা?”

-“এই আংকল আপুনি দেখিছোঁ একো খবৰেই ৰখা নাই। আজি-কালি সেইবোৰ একো নালাগে। লাগে পকেটত অলপ টকা। আপোনাৰ হাতত টকা থাকিলেই হ’ল। গান লিখি দিয়া, সুৰ কৰি দিয়া আনকি আপোনাক নায়ক সজাই গানৰ ভিডিঅ বনাই You Tube ত দিয়ালৈকে সকলো কৰি দিয়া মানুহ আছে।”

-“কিন্তু কণ্ঠ বুলিওটো কথা এটা আছে।”

-“Auto tune ৰ জামানাত কণ্ঠ কোনো কথাই নহয়। এনেয়ো আজিকালি গান নুশুনে নহয়, চাইহে। দুই চাৰিটা মিউজিক ভিডিঅ অলপ হিট বনাই দিব পাৰিলেই হৈ গ’ল। সৰুকে হ’লেও ফেন ক্লাব এটা যদি কেনেবাকে বনি যায় আৰু কি লাগিছে।”

-“বুজিলোঁ। আৰু তেনেকুৱা কিবা প্ৰফেচন আছেনে?”

-“একেবাৰে নাই বুলি ক’ব নোৱাৰি। কিন্তু মই এই দুটাৰ ভিতৰতে এটা choose কৰিম বুলি ভাবিছোঁ। সেই কাৰণে আপোনাৰ লগত discuss কৰোঁ বুলি আহিলোঁ।”

-“এইক্ষেত্ৰত তোৰ মোতকে জ্ঞান বেছিহে। মোতকে তই নিজেহে বেছি ভাল সিদ্ধান্ত ল’ব পাৰিবি। তথাপিতো কওঁ, তই প্ৰথমটো, মানে জাতীয় নায়কটোকে জীৱনৰ লক্ষ্য বনা নেকি!”

-“কিয়, আপুনিতো জানে মই গান বেয়া নাগাওঁ বুলি। গায়ক হ’বলে কিয় নকয় আপুনি?”

-“পাৰ, তই ইচ্ছা কৰিলে গায়কো হ’ব পাৰ। কিন্তু নিজেই চিন্তা কৰি চাচোন, শেষত গৈ সবেই দেখোন সেই জাতীয় নায়ক হ’বলৈহে চেষ্টা কৰেগে। কিয় সেই ‘কা’ আন্দোলনখনতে দেখা নাছিলি, কেনেকে গায়ক, নায়ক, গায়িকা, নায়িকা গোটেইবোৰে জাতি ৰক্ষাৰবাবে একদম নায়কৰ দৰে জঁপিয়াই পৰিছিল। এতিয়াও দেখা নাই ইলেকচনটো আহিবলেহে পালে, কেনেকে নায়ক/নায়িকা, গায়ক/গায়িকাবোৰৰ জাতীয় নায়ক হোৱাৰ দৌৰ আৰম্ভ হৈছে। সেইবাবে কৈছোঁ যদি শেষত গৈ সকলোৱেই জাতীয় নায়কেই হ’বলে বিচাৰে তেন্তে প্ৰথমৰ পৰাই সেইটো হ’বলে চেষ্টা কৰাই ভাল। মোৰ মতামতটো দিলোঁ, বাকী তই নিজে ভাবি-গুণি চা আৰু!”

-“হওঁতে আপুনি ঠিক কথাই কৈছে তথাপি মই অলপ ভাবি চাই লওঁ।”

-“ভাব ভাব, এইবোৰ খৰধৰ কৰা কাম নহয়।”

-“বাৰু আংকল, মই এতিয়া যাওঁ। আপোনাৰো বহুত সময় waste কৰিলোঁ, বেয়া নাপাব।”

-“হেৰি নহয়, লাষ্ট কথা এটা কৈ যাচোন। এই আমাৰ নিচিনা মানুহবোৰ, মানে যাৰ চৰকাৰী/বেচৰকাৰী চাকৰি এটা বা ব্যৱসায় এটা আছে, যাৰ জীৱনৰ প্ৰায় আধামান বয়স গৈছেই বুলিব পাৰি, এই আমাৰ নিচিনা বিলাকৰ বাবে নিজৰ চাকৰি-বাকৰিৰ লগতে additionally চলাই নিব পৰা কিবা এনেকুৱা charm আৰু trend ত থকা কাম একো নাইনে?”

-“আছে আছে। আপুনি starmaker singer হ’ব পাৰে।”

-“নাই নাই, এই বয়সত গান গাব নোৱাৰি আৰু।”

-“তেনেহলে আপুনি ফেচবুকীয়া সাহিত্যিক হ’ব পাৰে। আপুনি যি মন যায় লিখক আৰু নিজৰ ফেচবুক ৱালত দিয়ক। দেখিব ‘ভাল লাগিল’, ‘সুন্দৰ লিখনি’, ‘বঢ়িয়া’ আদি বহুতো কমেণ্টেৰে আপোনাৰ লেখা ভৰ্তি হৈ গৈছে। প্ৰথমতে আপুনি অনুগল্প জাতৰ অলপ চুটি চুটি লেখা লিখিব। সেইবোৰৰে অলপ যেতিয়া limelight ত আহিব, আপুনি ধাৰাবাহিক-উপন্যাস জাতীয় দীঘল লেখালৈ shift কৰি দিব। অৱশ্যে এনেধৰণৰ লেখা আপুনি নিজৰ ৱালত দিয়াৰ উপৰিও বিভিন্ন গোটতো দিয়া আৰম্ভ কৰি দিব পাৰে। এইটো এতিয়া সাংঘাতিক trend ত আছে। অ’ এটা কথা আপুনি সদায় মনত ৰাখিব।”

-“কি?”

-“ফেচবুকত পপুলাৰ হ’ল বুলিয়েই কিন্তু জ’চত আপুনি কোনো লেখা কিবা Print Magazine লৈ নপঠাব।”

-“কিয়, সেইবোৰে কি দোষ লগালে?”

-“প্ৰথম কথা সেইবোৰ পঢ়া মানুহ আজিকালি খুবেই কম। এতিয়া সেইবোৰত লিখা writer বোৰেও নিজৰ লেখা ওলোৱাৰ কথা ফেচবুকৰ জড়িয়তেহে ৰাইজক জনায়। দ্বিতীয় কথা এই Magazine বোৰত সাংঘাতিক লবী চলে। বিনা লবীত এইবোৰত লেখা উলিওৱা সহজ নহয়। আৰু এই লবী চবীত সোমোৱাটো একদম সহজ কথা নহয় বুজিছে। পিচে সেই বিষয়ে পিছত কেতিয়াবা ক’ম, আজি যাওঁ।”

-“তই ইমান কম বয়সতে ইমানবোৰ কথা কেনেকে জানিলি অ’? মই দেখোন একো ভূয়েই নাপাওঁ এইবোৰৰ।”

গেটখন খুলি খুলিয়েই নতুনকৈ গজিবলৈ আৰম্ভ কৰা গোঁফ কেইডালৰ তলৰে মিচিকিয়া হাঁহি এটা মাৰি সি ক’লে,

-“Generation Gap Uncle, generation gap.”

☆ ★ ☆ ★ ☆

8 Comments

  • আদিত্য

    ভাল লাগিল ।

    (সচাঁকৈয়ে কৈছোঁ আক’ ।)

    Reply
  • Dipak Sarmah

    Bhal lagil matrikar essay khan

    Reply
  • সাংঘাতিক ভাল লাগিল দেই ৷

    Reply
  • হেমন্ত কাকতি

    বহুত বঢ়িয়া লাগিল প্ৰফেচৰ চাহাব৷ আজিকালি ওঠ টিপিলে গাখীৰ ওলোৱাবোৰেও আমাতকৈৈ ঘাগু হ’ল৷

    সুন্দৰ ব্যংগ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া লিখিলে দেই৷

    Reply
  • জিতু

    ভাল লাগিল

    Reply
  • Lakhya Borthakur

    সকলোকে বহুত ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published.