ফটাঢোল

দিল্লী কা লাড্ডু : সমুজ্জল কাশ্যপ

জীৱনৰ প্ৰথম চাকৰি। তাতে আকৌ দিল্লীত। মনত এসোপামান হেঁপাহ লৈ, ৰাজধানী চহৰলৈ ওলালোঁ। নতুন ঠাই, নতুন মানুহৰ সান্নিধ্য। মনটো উগুল-থুগুল।

২০০৫ চনৰ কথা। পোষ্ট গ্ৰেজুৱেচনৰ হেঁপাহ মনতে সামৰি চাকৰি কৰাৰ সিদ্ধান্ত লৈছিলোঁ। তেনেই সৰু ল’ৰা মই; পঢ়িবলৈ বয়স আছে, ইচ্ছাও আছে। পঢ়া-শুনা পিছে পৰেও হ’ব কেতিয়াবা।

“দেউতাই দুয়োটাকে সমানে পঢ়া খৰছ ক’ৰ পৰা দিব? ভাইটিয়ে ভালদৰে পঢ়ক, মই কিজানিবা দুপইচা উপাৰ্জন কৰি নিজেই চলিব পাৰোঁ!”

পল্টনবজাৰত ৰত্ন কুবেৰৰ ওপৰৰ কনচাল্টেন্সি এখনত ইণ্টাৰভিউ দিলোঁ। সৌভাগ্যক্ৰমে উইপ্ৰ’ত চাকৰিটো হৈ গ’ল। তিনিদিনৰ ভিতৰত জইন কৰিব লাগে। আহি পৰিল দিল্লীলৈ যোৱাৰ সমস্যা। ৰে’ল, উৰাজাহাজত উঠি নোপোৱা ল’ৰা। কেনেকৈ যাম?

ডাঙৰ মাহীয়ে ক’লে,

: তোৰ দিল্লী যোৱা টিকটটো মই কৰি দিম দে।

কথামতে মহাই উৰাজাহাজৰ টিকট বিচাৰিলে,

: ল’ৰাটো ফ্লাইটতে যাওক, বেছি কষ্ট নাপাব।

সেই সময়ত ‘এয়াৰ ডেক্কান’ নামেৰে এটা এয়াৰলাইঞ্চ আছিল। মহাই বহুতো বিচাৰি খোচাৰিও পিছে কম দামত টিকট এটা নাপালে। তেতিয়া ইণ্টাৰনেটৰ ব্যৱহাৰ অকল নেটকাফেবোৰতেই সীমিত আছিল, এয়াৰপৰ্টলৈ গৈ বা এজেণ্টৰ যোগেদিহে টিকট ল’ব লাগিছিল।

ৰেলৱেত কামকৰা মানুহ এজনৰ পৰা ৰাজধানী এক্সপ্ৰেছৰ তৎকালীন টিকট পালোঁ। গুৱাহাটীৰ পৰা মোগলচঢ়াইলৈ এটা আৰু তাৰ পৰা দিল্লী। একেখনেই ট্ৰেইন, কিন্তু মোগলচঢ়াই জংচনত ডবাটো সলাব লাগিব। ৰে’ল, উৰাজাহাজৰ বিষয়ে একো নাজানো; অসমৰ বাহিৰলৈ আগতে কেতিয়াও যোৱা নাই। কেনেদৰে যাম, কি কৰিম ভাবি থাকোঁতেই যোৱাৰ সময় আহি পালে।

পল্টনবজাৰ ৰেলষ্টেচনৰ এক নং প্লেটফৰ্মৰ পৰা প্ৰেয়সীৰ কপালত চুমা আঁকি দি ৰাজধানী এক্সপ্ৰেছৰ ভিতৰত সোমাই পৰিলোঁ। ২৮ ঘণ্টীয়া আমনিদায়ক যাত্ৰাৰ অন্তত পিছদিনা নতুন দিল্লী ৰেলষ্টেচন আহি পালোঁ। সমস্যা হ’ল যাম ক’লৈ, একোৱেই চিনি নাপাওঁ। অহাৰ আগতে কাকো একো সোধাও নহ’ল। নিজৰ ওপৰতেই খং উঠিল। এটকীয়া কইন বুথ এটাৰ পৰা বন্ধু এজনলৈ ফোন লগালোঁ, সি দিল্লীত থাকে বুলি জানো। ফোনটো পাই সিফালৰ পৰা সি গৰজি উঠিল,

: তইনো এনেদৰে গুচি আহিব লাগেনে?

সি ফৰিদাবাদত থাকে, দিল্লীৰ পৰা ৪৮ কিলোমিটাৰ আঁতৰৰ হাৰিয়ানা ব’ৰ্ডাৰত। আজি শনিবাৰ, অফিচৰ পৰা ওলাওঁতে দেৰি হ’ব। কালি দেওবাৰ, অফিচ নাই যেতিয়া পুৱাই আহি মোক লৈ যাব। তাৰ কথামতেই ষ্টেচনৰ ওচৰৰ হোটেল এখনত সোমালোঁ।

হোটেল ৰজনীগন্ধাৰ কোঠাত কম্বলেৰে দেহটো মেৰিয়াই টিভি চাইছোঁ। অক্টোবৰ মাহ, দিল্লীত অলপ শীতৰ অনুভৱ আৰম্ভ হৈছে। সন্ধিয়া ৫ – ৬ মান বাজিছে, হঠাতে এটা বিৰাট জোকাৰণীয়ে ঠাইখন কঁপাই তুলিলে। ভূমিকম্প নে আন কিবা গম লওঁ বুলি টিভিটো অফ কৰি শুনিবলৈ চেষ্টা কৰিলোঁ। দুদিন পিছতে দেৱালী। কোনোবাই বোমা ফুটাইছে বুলি আহি আকৌ শুই পৰিলোঁ। ঠিক তেনেতে দুৱাৰত কোনোবাই জোৰেৰে ঢকিয়াবলৈ ধৰিলে। দুৱাৰ খুলি দেখিলোঁ – সৰু ল’ৰা এজন, নিশ্চয় হোটেলৰ কৰ্মচাৰী হ’ব।

: বোমা ফুটিছে বাহিৰত, ৰূমৰ পৰা একদম নোলাব দাদা।

: ক’ত? মানুহ মৰিল নেকি?

: ও, চাৰিজন। আমাৰ হোটেলৰ কাষতে।

: অ’ …..তাৰমানে দেৱালীৰ বোমা নহয়, আচলটোৱেই।

ভয়তে পেপুৱা লাগি কম্বলৰ তলত আশ্ৰয় ল’লোঁ। কিবা হ’ল, কোনেবা ফুটালে? আলফা নহয়তো? কিন্তু আলফাই দিল্লীত কিয় বোমা ফুটাব..!!

*

হোটেলতে কামকৰা মৰমলগা ল’ৰাটোৱে আহি টোপনিৰ পৰা জগাই দিলে। সময় কিমান হৈছিল গম নাপাওঁ। দুৱাৰ খুলি বুকুখন চিৰিংকৈ গ’ল। ল’ৰাটোৰ লগত দুজন পুলিচ থিয় হৈ আছে। বুকুখন ঢেঁকিটোৰ দৰে ঢপ-ঢপাব ধৰিলে।

ক’ত ফঁচিলো, ইহঁতে মোকেই বোমা দিয়া সন্ত্ৰাসবাদী বুলি সন্দেহ কৰা নাইতো? ৰাতি বাতৰিত পাইছোঁ বোমা ফুটা ঘটনাটো। ল’ৰাটোৱে মোৰ ফালে চাই আছে, তাৰ চকুদুটাই যেন কৈছে “পলাওক দাদা, সোনকালে ইয়াৰপৰা পলাওক।”

“মইটো একো অপৰাধ কৰা নাই…কিয় ভয় কৰিছোঁ..!”

মনটো ডাঠ কৰিবলৈ চেষ্টা কৰিলোঁ।

: আপুনি অসমৰ পৰা আহিছে?

সম্মুখৰ পুলিচ অফিচাৰজনৰ মাতত ঘূৰি চালোঁ।

: হয়, আজি পুৱা আহি পাইছোঁ।

ভয় লাগিছিল মনত।

: আজি? ‌কিন্তু….হোটেলৰ মানুহৰ মতে আপুনি ইয়াত দুদিন আগৰ পৰাই আছে।

এইবাৰ মোৰ আচৰিত হোৱাৰ পাল। কঁপনিটো সৰ্বশৰীৰলৈ বিয়পি পৰিল। সাম্ভাব্য বিপদৰ কথা ভাবি হাড় কঁপোৱা ঠাণ্ডাৰ মাজতো ঘামি উঠিলোঁ।

: নহয়…..মই আজি পুৱাহে আহিছোঁ, এয়া টিকট চাওক।

পেণ্টৰ পকেটৰ পৰা পাৰ্চটো উলিয়াই টিকটটো বিছাৰিলোঁ। কিন্তু ক’ত গ’ল, টিকটটো নাইচোন!!

“হে হৰি, কি হ’ব এতিয়া মোৰ।”

ইতিমধ্যে পুলিচ দুজন ৰুমৰ ভিতৰলৈ সোমাই আহিছিল।

: বিচাৰক, টিকট বিচাৰক।

পুলিচ এজনে ধমকিয়াই ক’লে।

: অ… অ ….হয় ….বিচাৰিছোঁ। এ…..এক মিনিট, এক মিনিট ৰ’ব, ক’ত ৰাখিলোঁ মনত পৰা নাই।

: মনত পৰা নাই নে মিছা কৈছে?

: কিয় মিছা ক’ম মই?….. আৰু আপোনালোকে এইবোৰ কিয় সুধি আছে? মই আজি আহোঁ বা দুদিনৰ আগতেই আহোঁ, আ….আ…. আপোনালোকক কিয় লাগে?

: কাৰণ ৰাতিপুৱা হোৱা বোমা বিস্ফোৰণৰ ঘটনাটোত আমি আপোনাক সন্দেহ কৰিছোঁ।

পুলিচৰ গপছ কথা।

: সেইটো কেনেকুৱা কথা! এই ল’ৰাজনক সোধক, হোটেলৰ ৰেজিষ্টাৰত চাওক, মই ৰাতিপুৱা ইয়াত সোমাইছোঁ।

অলপ সাহসেৰে সৰু ল’ৰাজনক দেখুৱাই নিজকে নিৰ্দোষী প্ৰমাণ কৰাৰ চেষ্টা কৰিলোঁ।

: সেই ল’ৰাটোৱেই কৈছে আপুনি দুদিন আগৰপৰাই ইয়াত আছে।

: এইবোৰ কি হৈছে? মই দুদিনৰ আগতে কেনেকৈ আহিলোঁ, এ… এই… পোৱালি…..কি…. হৈছে….এই…বো..ৰ?

ল’ৰাটোৰ পিনে চাওঁতেই সি বাহিৰলৈ দৌৰ দিলে। ইতিমধ্যে দুই এজনকৈ হোটেলৰ আন আবাসী কেইজনমানো তাত উপস্থিত হৈছিল। সকলোৱে উৎকণ্ঠা ভৰা চাৱনিৰে মোলৈ চাই নিজৰ মাজতে আলোচনা কৰিছে৷

: অ’…বোমা ফুটুৱাটো আমাৰ হোটেলতে সোমাই আছিল। ….অসমৰ বোলে, উলফা নেকি…!!

একো বুজি পোৱাৰ আগতেই পুলিচ বিষয়াজনে হাতত দীঘল হেণ্ডকাফডাল লগাই দিলে। আনজনে ৰূমত সিঁচৰতি কৰি পেলোৱা বস্তুবোৰ সামৰি বেগত ভৰালে আৰু মোক ৰূমৰ পৰা বাহিৰলৈ লৈ অনা হ’ল।

বাহিৰত ৰৈ থকা টাটা চুম’খনত উঠি কোনোবা চিনাকি মুখৰ সন্ধানত ইফাল সিফাল চাবলৈ চেষ্টা কৰিলোঁ। নাই….এই অচিনাকি ঠাইত কোন আছে, তাতে পুলিচৰ হাতত ফচিছোঁ। মানুহবোৰে ভিৰৰ মাজৰপৰাই ডিঙি মেলি মোক চাবলৈ চেষ্টা কৰিছে। কেইজনমানে হাতচাপৰি বজাই পুলিচৰ দলটোক অভিনন্দন জনাইছে।

“দ্বীপ আহিছে নেকি, তাক জনাব লাগিছিল। সিয়েই একমাত্ৰ আশা। দ্বীপে ক’ব পাৰিব মই এইবোৰত জড়িত নহয় বুলি। মাৰ্ডাৰ কেচত ফঁচি গৈছোঁ, চাৰিজন মানুহৰ মাৰ্ডাৰ, তাকো বোমা ফুটাই।”

ভিৰৰ মাজেৰে পুলিচৰ টাটা চুম’খন আগুৱাই গ’ল। পিছফালে অচিনাকি ৰাস্তাবোৰ চাই বিভিন্ন কথাবোৰ ভাবিব ধৰিলোঁ।

“দ্বীপে কথাবোৰ গম পাবনে? হোটেলখনৰ নামটো তাক কৈছিলোনে ফোনত? আহিম বুলি কৈছিলচোন সি…!! দ্বীপৰ ফোন নম্বৰটো কি আছিল…?? মনত পৰা নাই!! ৰে’লৰ টিকটটো নোহোৱা হোৱাৰ দৰে, তাৰ ফোন নম্বৰ লিখা নোটবুকখনো হেৰাল নেকি?”

আন্ধাৰ নামিছে। পিছফালে হোটেলখনৰ নামটো ক্ৰমান্বয়ে নেদেখা হৈ আহিছোঁ। ৰাস্তাৰ লাইটবোৰ লাহে লাহে জ্বলিবলৈ ধৰিছে। হোটেলখন পাৰহৈ ৰাস্তাৰ দুয়োকাষে শাৰী শাৰীকৈ থকা বৃহৎ অট্টালিকাবোৰে যেন মোকেই হাঁহিছে। বিশাল ৰাস্তাবোৰত ইফাল সিফাল দৌৰি ফুৰা ক’লা-বগা টেক্সীবোৰ দেখি দ্বীপৰ কথা ভাবিছোঁ, কোনোবা এখনত হয়তো সি বহি আছে!

“কিযে বিপদত সোমালোঁ, ঘৰত গম পালে কি হ’ব! অসমৰ বাতৰি কাকতত হয়তো ওলাই যাব কথাটো। দেউতা…? কম লাজ পাবনে? মোক সন্ত্ৰাসবাদী বুলি তেওঁ মানি নলয়, কিন্তু ওচৰ-চুবুৰীয়াৰ কথাত তেওঁ জানো আঘাট নাপাব..? পুলিচষ্টেচনৰ পৰা কাৰোবালৈ ফোন কৰিব পাৰিমনে? ইয়াৰপৰা কেনেকৈ ওলাই আহিম? চাকৰিটো মোৰ থাকিবনে?”

কথাবোৰ ভাবি ভাবি চুম’খনৰ পিছফালেৰে ৰাস্তাৰ কাষৰ গ্লোচাইনবোৰত চকু ফুৰাই গ’লোঁ। তাৰে এখনত লিখা আছিল —

Welcome to Delhi
দিল্লী মে আপকা স্বাগত হে।

**

২৯ অক্টোবৰ, ২০০৫ চন।
দিল্লীৰ ইতিহাসত এটা ক’লা দিন। তিনিটাকৈ বোমা বিস্ফোৰণৰ শব্দই ৰাজধানী চহৰখন কঁপাই তুলিলে। চৰকাৰী হিচাপ মতে ৬৫ জন লোকৰ মৃত্যু হ’ল আৰু ৩০০ তকৈও বেছি আঘাতপ্ৰাপ্ত হ’ল।

দুদিন পিছত, ৩১ তাৰিখে দ্বীপাৱালী। বজাৰত যঠেষ্ট মানুহে ভিৰ কৰিছে আৰু তাৰ সুযোগ লৈ কূটাঘাটকাৰীয়ে তিনিটাকৈ বোমা ফুটাই ৰাজধানীখন ৰক্তাক্ত কৰি পেলালে।

৫ বাজি ৩৮ মিনিটত প্ৰথমটো বোমা ফুটে ৰেলৱেষ্টেচনৰ বাহিৰৰ ‘পাহাৰগঞ্জ’ অঞ্চলত। ঠিক মই থকা হোটেলখনৰ কাষতে। দ্বিতীয়টো ৬ বজাত গোবিন্দপুৰি অঞ্চলত এখন বাছৰ ভিতৰত আৰু তৃতীয় বোমাটো দিয়া হয় সৰোজিনী নগৰৰ ব্যস্ত বজাৰৰ মাজত। সময় তেতিয়া প্ৰায় ৬:০৫ সন্ধিয়া।

হোটেলৰ কোঠাত বহি সকলোবোৰ টিভিত চাই আছোঁ। চাৰিওফালে মৃত্যুৰ কিৰিলি, চিঞৰ বাখৰ। পুলিচ আৰু ফায়াৰ ব্ৰিগেডৰ চাইৰেণৰ শব্দ। দিল্লীৰ লোকেল চেনেলবোৰত সকলোবোৰ লাইভ দেখুৱাই আছে। দৃশ্যবোৰ কিছু পৰিমানে ব্লাৰ কৰি দিছে যদিও ভালদৰেই সকলো ধৰিব পাৰিছোঁ।

“ফায়াৰ ব্ৰিগেডৰ শব্দটো সৰুৰে পৰাই ভয় কৰোঁ, কিয় জানো বুকুখন কঁপি উঠে।”

সৰোজিনী নগৰত হোৱা ব্লাষ্টটোত মাৰুটি ভেন এখন চিন্ন-ভিন্ন হৈ থকা দেখিছোঁ, বহুদূৰলৈ আইনাৰ টুকুৰাবোৰ পৰি আছে। বিস্ফোৰণৰ ফলত কাষৰে দোকান এখনত চিলিণ্ডাৰ ফাটি জুই লাগিছে, জুই ক্ৰমান্বয়ে আন দোকানবোৰলৈও বিয়পিছে। ফায়াৰ ব্ৰিগেডৰ গাড়ীকেইখন বজাৰৰ মাজত সোমাবলৈ চেষ্টা কৰিছে, ৰাস্তাটো ঠেক হোৱাৰ বাবে অসুবিধা হৈছে।

আপোনজনক হেৰুৱাই চিঞৰি চিঞৰি কন্দা দৃশ্যবোৰ হৃদয়বিদাৰক। ৰিমোটেৰে চেনেল সলাবলৈ চেষ্টা কৰিলোঁ, পিছে সকলোতে একেবোৰেই দেখুৱাই আছে।

আন এটা চেনেলত গোবিন্দপুৰী অঞ্চলত বাছৰ ভিতৰত হোৱা ব্লাষ্টটো দেখুৱাইছে। তিনিটা শিশুৰ মৃতদেহ এতিয়াও বাছখনৰ ভিতৰতেই আছে। ড্ৰাইভাৰজনে বোমাটোৰ বিষয়ে গম পাই মানুহখিনিক বাছখনৰ পৰা উলিয়াবলৈ চেষ্টা কৰি থাকোঁতে হেনো বোমাটো ফুটিছে। কেইজনমানে সিচৰিত হৈ পৰা মৃতদেহৰ টুকুৰাবোৰ সামৰি পলিথিনৰ বেগত ভৰাবলৈ চেষ্টা কৰিছে।

অলপ আগতে দ্বীপে হোটেললৈ ফোন কৰিছিল। বাহিৰলৈ ওলাবলৈ মানা কৰিছে। পৰিস্থিতি বেয়া, সি হয়তো পুৱাই আহিব নোৱাৰিব। আবেলি আহি মোক লৈ যাব।

“মই অহাৰ দিনাই এইবোৰ হ’ব লগা আছিল। কেনেকৈ ওলাম ইয়াৰ পৰা? বাহিৰত চাৰিওফালে পুলিচ, কাৰফিউ। ওলাই গৈ দুটামান ফোন কৰিব লাগিছিল, ঘৰত নিশ্চয় ঘটনাটো গম পাইছে। সকলোৱে চিন্তা কৰি থাকিব।”

মনৰ মাজতে ভোৰভোৰাই থাকোঁতে দুৱাৰত কোনোবা ৰৈ থকাৰ উমান পাই খুলি দিলোঁ। সম্মুখত কাঁহী এখনত ভাত দুটামান সজাই সৰু ল’ৰা এজন ৰৈ আছিল। ওপৰলৈকে আনিবলৈ দিছিলোঁ ভাতকেইটা। সি ভিতৰলৈ সোমাই টেবুলৰ ওপৰতে ভাতকেইটা সজাই থ’লে।

: কি নাম তোমাৰ?

: চোটু।

: ঘৰ ক’ত?

: নাজানো, হোটেলতে থাকোঁ।

: ভাত কেতিয়া খোৱা তোমালোকে?

: আমি ৰুটি খাওঁ, ভাত নাখাওঁ।

: খালানে?

: নাই, দেৰিকৈ খাম।

তেৰ চৈধ্য বছৰীয়া মৰমলগা ল’ৰাটো। ৰূমতে চকীএখনত বহি মোৰ ৱাকমেনটো কাণত লৈ গান শুনিবলৈ ধৰিলে। মোৰ খোৱা হ’লে কাঁহীখন লৈ যাব।

: ফোন কৰিব লাগে, ওচৰত এছ. টি. ডি. বুথ ক’ত আছে?

: হোটেলৰ বাহিৰতে আছে, কিন্তু বাহিৰত কাৰফিউ। সব বন্ধ।

: বেলেগ কিবা ব্যৱস্থা হ’ব নেকি?

কিছুসময় চিন্তা কৰি সি ক’লে যে ৰাতি ১০:৩০ ৰ পিছত হোটেলৰ ৰিচেপচনৰ পৰা ফোন কৰিব পাৰিম। ভাতকেইটা খাই পাৰ্চৰ পৰা ১০ টকা এটা হাতত দি মোক ৰাতি মাতি দিবলৈ ক’লোঁ। সিও হ’ব বুলি কৈ ওলাই গ’ল। টিভিটো অন কৰি আকৌ বাতৰিত মন দিলোঁ।

…..

…..

: তাৰ পিছত?

: ভাতকেইটা খোৱাৰ পিছত মূৰটো বেয়া লাগি আহিছিল। মূৰৰ পিছফালে খুব বিষ অনুভৱ কৰিছিলোঁ। আৰু তেনেদৰে থাকি কেতিয়া টোপনি আহিল গম নাপাওঁ।

: তই সঁচাকৈ কৈছনে এইবোৰ?

: ১০০% সত্য ছাৰ।

: হমমম্।

ঘটনাটো পুলিচ অফিচাৰজনৰ সম্মুখত অনৰ্গল বকি গ’লোঁ। পাহাৰগঞ্জত হোৱা বোমা বিস্ফোৰণৰ ঘটনাটোৰ পিছত মোক এৰেষ্ট কৰি আনিছে। লক্ আপত সোমাই আছোঁ, টুল এখনত বহি অফিচাৰজনে বিভিন্ন প্ৰশ্ন সুধি আছে।

: ভাত খাই উঠি তই সম্পূৰ্ণ দুদিন হোটেলৰ কোঠাত পৰি থাকিলি? ভাতৰ লগত কি খাইছিলি?

: কি কৈছে ছাৰ? দুদিন মানে? মই আজিহে দিল্লী আহি পাইছোঁ।

: বাৰে বাৰে একেটা কথাতে কিয় লাগি আছ? তই পৰহিয়েই দিল্লী আহিছিলি।

: মানে?

: বোপাই, আজি ৩১ অক্টোবৰ। বোমা ফুটিছিল, ২৯ তাৰিখে আবেলি।

: এয়া কেনেকৈ সম্ভৱ?

: তাকেইতো কৈ আছোঁ। পৰহি ৰাতি হোটেলৰ ভাত খোৱাৰ পিছত আজি সন্ধিয়া আমি তোক উঠাই অনালৈ তই শুই আছিলি!!

: মই এইবিলাক একো বুজা নায়।

: বুজিবি ৰ। গোটেই ৰাতিটো পৰি আছে। লাহে লাহে সব বুজি পাবি।

“হেপ্পী দীৱালী” বুলি কৈ অফিচাৰজন ওলাই গ’ল। সঁচাকৈয়ে একো বুজা নাই। পৰহি সন্ধিয়াৰ পৰা আজি আবেলিলৈ মই শুই থাকিলোঁ, এয়া কেনেকৈ সম্ভৱ? তাৰমানে কিবা নিচা খাইছিলোঁ নেকি? দ্বীপে কথাবোৰ গম পাইছেনে?

ভিতৰলৈ হাবিলদাৰ এজন সোমাই আহিল। লক্ আপত মই অকলে। তেওঁৰ পৰা গম পালোঁ আই আৰ এফ নামৰ কোনোবা এটা ইছলামিক সংগঠনে বোমা বিস্ফোৰণৰ ঘটনাটো গাত পাতি লৈছে। মোৰ লগতে ধৰি অনা সন্দেহজনক ল’ৰাকেইজনক হয়তো মুকলি কৰি দিব।

: মোক কেতিয়া এৰিব?

: তোক এৰাটো দিকদাৰ আছে।

: কিয়?

: তোৰ ব্লাডত ড্ৰাগছ পোৱা গৈছে।

: ড্ৰাগছ?

: হোমমমম…..তই অসমৰ পৰা অহা নাই জানো? কোন ঠাইৰপৰা ড্ৰাগছ আনিছিলি? নাগালেণ্ড নে মিজোৰাম? ক’ত লুকুৱাই থৈছ কৈ দে, তাৰ পিছত তোৰ ব্যৱস্থা হ’ব।

হে হৰি, কি কয় এওঁ? বুকুখন আকৌ এবাৰ চিৰিংকৈ গ’ল। এইবাৰহে ভাল ফচিলোঁ। হয়তো ইয়াৰ পৰা কোনোদিনে ওলাব নোৱাৰিম।

: মোৰ তেজত ড্ৰাগছ ক’ৰ পৰা আহিল? মই চাকৰি কৰিবলৈ আহিছোঁ, মোৰ ওচৰত উইপ্ৰ’ৰ অফাৰ লেটাৰ আছে।

: উইপ্ৰ’? সেইটো কি বস্তু?

একো বুজোৱাৰ ইচ্ছা নাছিল এওঁক। অফিচাৰজন আহিলে ভালদৰে কাকুতি মিনতি কৰিব লাগিব। তেওঁক কৈ দ্বীপৰ লগত কথা হ’ব লাগিব। লক্ আপৰ ভিতৰত অসংখ্য মহ। গোটেইসোপা তেজ খাই শেষ কৰিলে। বাহিৰফালে বেৰত ওলোমাই থোৱা ঘড়ীটোত এতিয়া ৰাতি ২টা‌ বজাৰ সংকেট দিছে। ঘড়ীটোৰ কাষতে লিখি থোৱা শ্লোগানটোৱে মোলৈ চাই যেন হাঁহিবলৈ ধৰিছে — তাত লিখা আছিল

: দিল্লী পুলিচ :
🙏 সদা আপকে সাথ…..আপকে লিএ 🙏

**

‘পাহাৰগঞ্জ’ পুলিচ ষ্টেচনৰ অ’চি দীপক চড্ডা আৰু হাবিলদাৰ সাহেব সিঙৰ সম্মুখত ৰেজিষ্টাৰ এখনত চহী কৰি ওলাই আহিলোঁ। দ্বীপৰ কান্ধত ধৰি টেক্সীখনত বহাৰ আগতে অ’চিজনে সোঁৱৰাই দিছিল পুনৰ যেন দেখা সাক্ষাৎ নহয়। লগত অহা উকীলজনে গাড়ীখনৰ ভিতৰলৈ বহিবলৈ সহায় কৰি দিলে। সৰোজিনী নগৰ মাৰ্কেটৰ ওচৰত তেওঁক নমাই আমাৰ টেক্সী ফৰিদাবাদলৈ আগবাঢ়িল।

ৰাস্তাৰ কাষৰ বিভিন্ন অট্টালিকাবোৰ দেখুৱাই দ্বীপে সেইবোৰৰ কোনটো কি অফিচ বৰ্ণনা দি গ’ল। মোৰহে সেইবোৰ চোৱাত একেবাৰে মন বহা নাই। কেনেকৈ কি হ’ল তাকেই মনত খেলাই আছে। মোৰ মনৰ ভাৱ হয়তো বুজি পালে সি –

: বাদ দে এইবোৰ…. চিন্তা কৰি নাথাকিবি। দিল্লীয়ে এটা ডাঙৰ ‘ৱেলকাম’ দিলে বুলি ভাবি ল।

: কেনেকৈ বাদ দিওঁ, কথাটো ওলাইছে যদি অসমত!

: নোলাই দে। বাছি গলি তই।

: নোলাই মানে? কেনেকৈ মানিলে পুলিচে?

: মানিব? দিল্লীৰ পুলিচে মানিব? মেনেজ কৰা হৈছে সিহঁতক।

: মেনেজ? মানে টকা ল’লে? কিমান?

: হ’ব দে, এতিয়া থাকক সেইবোৰ। প্ৰথমতে আমি হস্পিটাল যাম, তাৰ পৰা ৰূম। মূৰটো পেলাই অলপ শুই ল। ফৰিদাবাদ পাবলৈ দেৰি আছে।

মোক আৰু একো কোৱাৰ সুযোগ নিদি সি মোবাইলত ব্যস্ত হ’ল। গোটেই ৰাতি পুলিচ ষ্টেচনত যিখিনি যন্ত্ৰণা পালোঁ, দেহ-মন সকলো বিষাই আছে। মূৰটো লাহেকৈ চিটত এৰি দি যোৱা তিনিটা দিনৰ কথাবোৰ এফালৰপৰা ভাবিবলৈ ধৰিলোঁ।

“কিমান টকাত ই পুলিচক মেনেজ কৰিলে? মই নিৰ্দোষী প্ৰমাণ নহ’লোঁ নেকি? ঘৰত কথাবোৰ ক’মনে নাই? ড্ৰাগছ লৈ দুদিন হোটেলৰ কোঠাত পৰি থকা কথাটো যদি বাতৰি কাকতত ওলাই যায়?”

দ্বীপ বৰপেটাৰ ল’ৰা। সম্পূৰ্ণ নাম দ্বীপজ্যোতি বায়ন। হাইস্কুলত একেলগে পঢ়া, দেউতাক ঢুকুৱাৰ পিছত সি দিল্লীলৈ গুচি আহিছিল। এতিয়া গুড়গাঁৱত এটা চফ্টৱেৰ কম্পেনীত কাম কৰে। আজি সি মোৰ বাবে ভগৱানতকৈ কম নহয়। সি নহ’লে হয়তো জেলত পৰি থাকিলোঁহেঁতেন। গালেৰে বাগৰি অহা কৃতজ্ঞতাৰ দুটোপাল চকুপানী নিৰৱে মচি থ’লোঁ।

প্ৰাথমিক চিকিৎসাৰ অন্তত দ্বীপৰ ৰূমলৈ লৈ গ’ল। সিহঁত চাৰিজন ল’ৰা মেচ কৰি থাকে। আটাইকেইজন অসমীয়া, বেলেগে বেলেগে কাম কৰে। বিছনা এখনত বহুৱাই দ্বীপে মোক আনকেইজনৰ লগত চিনাকি কৰাই দিলে।

: এইখন নৱদাৰ বিছনা। সি বৰ্তমান নাই, বঙাইগাঁও গৈছে। পোন্ধৰ দিন পিছত আহিব। তেতিয়ালৈ তই আমাৰ লগতে থাকিব পাৰিবি। সি অহাৰ পিছত বেলেগ ব্যৱস্থা কৰিব লাগিব।

: হ’ব বাৰু।

দ্বীপৰ কথাত সন্মতি জনাই, বিছনাখনত বাগৰি দিলোঁ।

*

উইপ্ৰ’ত জইন কৰোঁতে এসপ্তাহ দেৰি হ’ল। ট্ৰেইনিং আৰম্ভ হোৱাৰ দুদিন পিছত ম’বাইল এটা ললোঁ। পিচে ঘৰত কথাবোৰ জনোৱা নহ’ল। মা-দেউতাই মনত কষ্ট পাব বুলিয়েই লুকুৱাই ৰাখিলোঁ। গীতাকো একো নক’লোঁ, তাই আৰু বেছি চিন্তা কৰিব। দিল্লী অহা কথাটোৱেই তাই মানি লোৱা নাছিল। ব্ৰহ্মপুত্ৰৰ পাৰত বহি থাকোঁতে সেইদিনা হাতদুখন খামুচি ধৰি সুধিছিল –

: গুৱাহাটীত চাকৰি নাই নেকি? মই ইয়াত অকলে কেনেকৈ থাকিম?

: তইচোন জানই, যোৱা ডেৰ বছৰৰ পৰা চাকৰিয়েই বিছাৰি আছোঁ। দোকানে দোকানে, মানুহৰ ঘৰে ঘৰে গৈ ডিক্সনাৰি বিক্ৰী কৰিব নোৱাৰোঁ। কম্পিউটাৰ চায়েন্সৰ ডিগ্ৰীটো লৈ যদি এইবোৰেই কৰিবলৈ আছে, তাতকৈ এনেই বহি থাকিম।

: প্লীজ ইগোবোৰ এৰ। কামৰ সৰু-ডাঙৰ একো নাই। কম্পিউটাৰ চায়েন্সৰ ডিগ্ৰী কৰিলে মাৰ্কেটিঙৰ কাম কৰিব নোৱাৰি বুলি ক’ত লিখা আছে? অন্ততঃ একো নোপোৱালৈ কৰি থাক। সকলোৱে চোন কৰি আছে! গুৱাহাটীত ক’ত চফ্টৱেৰৰ চাকৰি পাবি?

: সেইকাৰণেইটো যাব খুজিছোঁ।

: যি কৰ তাকেই কৰ, হোষ্টেলত থাকিমনে ঘৰলৈ গুচি যাম সোনকালে কবি মাত্ৰ মোক।

: মানে?

: মানে আৰু কি! তই যদি দিল্লী যাৱ, ময়ো ঘৰলৈ যাম। মাষ্টাৰ ডিগ্ৰীটো তাতেই কৰিম। এনেই হোষ্টেলত কিয় থাকোঁ!

আমি দুয়োটা সমবয়সীয়া যদিও তাই সৰু ছোৱালীজনী হৈয়েই থাকিল। অভিমানত তাইৰ নাকটো ফুলি উঠিছিল, চকু দুটাও চলচলীয়া হৈছিল আৰু শেষত খং কৰি গুচি গৈছিল। মই দিল্লী অহাটো মুঠেই বিচৰা নাছিল। বহুতো বুজোৱাৰ পিছত যেনিবা মান্তি হ’ল; চৰ্ত আছিল দিল্লীত মই কোনো ছোৱালীৰ লগত বন্ধুত্ব কৰিব নোৱাৰিম। কথাবোৰ ভাবি কেতিয়াবা হাঁহি উঠে যদিও এয়াই হয়তো মৰমৰ পৰিভাষা।

আজিকালি মূল দিল্লী চহৰত থাকোঁ। ফৰিদাবাদৰ পৰা নিতৌ অহা-যোৱা অসুবিধা হয় বাবে দ্বীপে দিল্লীতে থাকিব কৈছে। দিল্লীত ৰূম ল’লোঁ যদিও ফৰিদাবাদ এৰিব পৰা নাই। শুক্ৰবাৰে ৰাতি অফিচৰ পৰা ফৰিদাবাদ যাওঁ আৰু সোমবাৰে পুৱা তাৰপৰাই অফিচ কৰোঁ। দিল্লীতকৈ প্ৰদূষণৰ মাত্ৰাটো কম হোৱা বাবে অসমৰ ল’ৰাবোৰ ফৰিদাবাদতে থাকিবলৈ বিছাৰে। তাত অসমৰ দৰে পৰিবেশ এটা এতিয়াও আছে। ৰাস্তাবোৰ সৰু, জনবসতি কম, গাড়ী মটৰৰ সংখ্যাও দিল্লীতকৈ তুলনামূলকভাৱে যঠেষ্ট কম। ৰিক্সাত উঠিয়েই আমি বজাৰ-সমাৰ কৰোঁ। একমাত্ৰ অসুবিধা হৈছে দূৰত্ব। ফৰিদাবাদত থকাকেইটাৰ বাবে দিল্লীলৈ অহা-যোৱা কৰা আমনিদায়ক।

ট্ৰেইনিং শেষ কৰি কামত জইন কৰিলোঁ। আজিকালি অফিচত দেৰি হয়। পুৱা আঠবজাৰ পৰা কেতিয়াবা নিশা দুটা তিনিটাও বাজে। ৰাতি বেছি হ’লে অফিচৰ বাংকাৰত শুই পৰোঁ, পুৱাই অনলাইন হ’ব লাগে। কাম শেষ হোৱাৰ নিৰ্দিষ্ট সময় নাই।

মনতে ভাবোঁ, অসমৰ চৰকাৰী চাকৰিয়াল কেইজনমানক আনি ইয়াত সুমুৱাই দিলে কেনে হ’ব বাৰু! দিনৰ এঘাৰ বজাত অফিচ সোমাই আবেলি চাৰিবজাৰ আগতেই ঘৰত উপস্থিত হোৱাকেইজন হয়তো বেমাৰি হৈ যাব। পিছমুহূৰ্ত্ততে আকৌ ভাবোঁ, তেওঁলোকো হয়তো মোৰ দৰেই ‘এডজাষ্ট’ হৈ যাব।

দিল্লীখন ফুৰা হোৱাই নাই, সময় মিলাব নোৱাৰোঁ। গীতাৰ লগতো কথা নহয় বেছি। তাই হোষ্টেলৰ পৰা ঘৰলৈ গুচি গৈছে। ৰাতি অফিচৰ পৰা ওলাই সিহঁতৰ লেন্দলাইনত ফোন কৰিবলৈ ভাল নালাগে। দিনত ফোনটো অফিচৰ ভিতৰলৈ নিব নোৱাৰোঁ। গতিকে সাপ্তাহিক বন্ধৰ দিনা গোটেই দিনটো তাইৰ লগত কথা পাতি কটাই দিওঁ। ফৰিদাবাদ যোৱাও কমিছে।

ফৰিদাবাদত লগ পোৱা আটাইকেইজন বন্ধুৰ লগত মেচেঞ্জাৰেৰে কথা হওঁ। বহুদিন হ’ল একো খবৰ পোৱা নাই। সিহঁতেও আজিকালি খবৰ নলয়। দ্বীপৰ মেইল এটা দেখি খুলি চালোঁ। সাতদিন আগতেই পঠোৱা, মইহে দেখা নাছিলোঁ। নিজৰ ওপৰতে খং উঠিল–

: মইতো মেইলটো খুলিব লাগে অন্ততঃ!

দ্বীপে লিখিছিল –

চা ভাই, কথা দুটামান কওঁ, বেয়া নাপাবি। তোক লক্ আপৰ পৰা উলিয়াই আনোতে মোৰ যঠেষ্ট খৰচ হৈছিল। বন্ধু বুলি কোৱা নাছিলোঁ যদিও এতিয়া ক’বলৈ বাধ্য হৈছোঁ। ভাবিছিলোঁ একো নোকোৱাকৈ এদিন নিজেই পইছাখিনি দিবি। কিন্তু আজি ১০ মাহ পাৰ হ’ল, তই এবাৰো কথাটো নুলিয়ালি। ঘৰত ভণ্টিৰ বিয়া পাতিছে, দেউতা নাই যেতিয়া সমস্ত দ্বায়িত্ব মোৰ। পইচাখিনি ওভতাই মোক সহায় কৰিবি বুলি আশা কৰিলোঁ। তোৰ সেই পোন্ধৰ দিনৰ খৰচবোৰৰ লিষ্ট এখন পঠিয়াইছোঁ, ভালদৰে চাই ল’বি। মেচত থাকোঁ যে, দিয়াশলাইৰ কাঠিডালৰ পৰা এটা এটা টকা হিচাপ হয়। তইতো আৰামত থাকি মেলি গুচি গ’লি, মোক লগৰকেইটাই সদায় সুধি থাকে টকাকেইটা কেতিয়া ঘূৰাবি। এইখন চাবিচোন-

পাহাৰগঞ্জ পুলিচ ষ্টেচন: ৪৫০০০
উকীল: ২০০০০
হস্পিটেলৰ বিল: ২০০০
দিল্লীৰ পৰা ফৰিদাবাদ টেক্সী: ৫০০
খোৱা (১৫ দিন) : ১৮০০
ঘৰ ভাড়া: ১০০০
ৰান্ধনী: ৫০০
বাচন ধোৱা মৌসীৰ : ৪০০
গাখীৰ: ২০০
তোৰ মেডিচিন: ২৮০০
মোবাইলৰ ৰিচাৰ্জ: ৫০০

এইখিনি এটা ৰাফ্ হিচাপ, আৰু কিবা থাকিলে নিজেই মনত পেলাই লিখি দিবি। বেয়া নাপাবি ভাই, বুজইতো দিল্লীত কিমান খৰচ। …আৰু শুন, অহা শনিবাৰে নৱদাৰ জন্মদিন। পাৰ্টি দিব বোলে সি, নহাকৈ নাথাকিবি। সোমবাৰে ইয়াৰ পৰা অফিচ কৰিবি।

— ইতি
— দ্বীপজ্যোতি।

ইমেইলটো পঢ়ি অন্যমনষ্ক হৈ থকা দেখি সহকৰ্মী এজনে কি হৈছে সোধিলে। তাক সেইটো দেখুৱালোঁ। মেইলটো পঢ়ি মোলৈ চাই হাঁহি মাৰি সি গুচি গ’ল। ৰূমৰ পৰা ওলাই যাওঁতে কৈ যোৱা কথাকেইটা মোৰ কাণত বহুদেৰি বাজি থাকিল।

য়ে দিল্লী হে মেৰে য়াৰ
য়হা না দোষ্ট মহব্বত প্যাৰ।
দিল্লী হে মেৰে য়াৰ।

☆ ★ ☆ ★ ☆

7 Comments

  • ৰক্তাভ কুমাৰ

    এইটো কিন্তু তামাম লিখিছে। প্ৰতিটো খণ্ড পঢ়িছোঁ।

    Reply
    • সমুজ্জ্বল

      ধন্যবাদ জনাইছোঁ 🙏।

      Reply
  • মিনতি মহন্ত ,

    সাংঘাটিক কাহিনী এটা পঢ়িলো । সপোন হব বুলি ভাৱিছোলো । ভাল লাগিল ।

    Reply
  • মিনতি মহন্ত ,

    সাংঘাটিক কাহিনী এটা পঢ়িলো । সপোন হব বুলি ভাৱিছোলো । ভাল লাগিল ।

    Reply
  • Utpala Bhuyan

    দস্তি য়াৰী চব মিচা পইচাৰ আগত।ভাল লাগিল পঢ়ি।

    Reply
    • সমুজ্জ্বল

      ধন্যবাদ জনাইছোঁ 🙏।

      Reply

Leave a Reply

Your email address will not be published.