ফটাঢোল

দুঃস্বপ্ন – হেমন্ত কাকতি

সুদুৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলম্বিয়া ইউনিভাৰ্চিটিত জীৱ বিজ্ঞানৰ এচোচিয়েট প্ৰফেচৰ হৈ থাকোঁতে মই কেতিয়াও ভবা নাছিলোঁ যে মই এনে এটা বিখ্যাত ‘প্ৰজেক্ট’ৰ লগত প্ৰথম অসমীয়া বিজ্ঞানী হিচাবে জড়িত হৈ পৰিম৷ সেয়া ১৯৯৬ চনৰ কথা৷ তেতিয়া বিশ্বত ক্লোনিঙৰ (Cloning) ওপৰত সৰ্বত্ৰ চৰ্চা৷ মানুহে ভগবানৰ ইচ্ছাৰ বিপৰীতে গৈ নতুন জীৱন সৃষ্টি কৰা উচিৎ নে অনুচিৎ সেই লৈ চাৰিওফালে বিতৰ্ক৷ ধৰ্মীয় গুৰুসকলে ক্লোনিঙৰ ওপৰত প্ৰায় ঠাইতে নিষেধাজ্ঞা আৰোপ কৰি থৈছে৷ এই ধৰ্মীয় গুৰুসকলে বিশ্বৰ প্ৰায় সত্তৰখন দেশতে ৰাজনৈতিক ব্যৱস্থাটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি মানৱ ক্লোনিং নিষিদ্ধ কৰাই থৈছিল৷ তেওঁলোকৰ বিশ্বাস-ভগবানৰ বাহিৰে নতুন জীৱ সৃষ্টিত কোনো মানুহৰ অধিকাৰ নাই৷

‘ক্লোনিং’ মানে হ’ল- যিকোনো এটা জীৱৰ সম্পূৰ্ণ জেনেটিক গুণেৰে মিল থকা হুবহু ‘ডুপ্লিকেট’ জীৱ এটা তৈয়াৰ কৰা৷ সেই সময়ত স্কটলেণ্ডৰ এডিনবাৰ্গ ইউনিভাৰ্চিটিত বিজ্ঞানীসকল ব্যস্ত আছিল ‘ডলী’ নামৰ ভেৰা ছাগলী এজনী ক্লোনিং কৰি সৃষ্টি কৰাত৷ ‘ষ্টেম চেল’ আৰু ‘নিউক্লিয়াৰ ট্ৰান্সফাৰ’ৰ ওপৰত বিভিন্ন জাৰ্ণেলত মোৰ লিখাসমূহ প্ৰকাশ হোৱাৰ পিছত মই তালৈ আমন্ত্ৰণ পাইছিলোঁ এজন সহযোগী বিজ্ঞানী হিচাবে৷ বিশ্বৰ বিভিন্ন জীৱ বিশেষজ্ঞৰ লগত প্ৰায় পাঁচ মাহ দিনে ৰাতিয়ে কাম কৰাৰ মূৰকত ৫ জুলাই ১৯৯৬ত পুৱতি নিশা ডলীৰ জন্ম হৈছিল৷ সেয়া আছিল মোৰ বাবে এক অবিস্মৰণীয় অভিজ্ঞতা আৰু ইতিহাস৷

তাতেই লগ পাইছিলোঁ অসমৰে এগৰাকী ৰিচাৰ্চ স্কলাৰ মিচ মনীষা বৰুৱাক৷ অল্পভাষী, বিদ্বান আৰু প্ৰথম দৃষ্টিতেই যিকোনো পুৰুষকেই আকৰ্ষণ কৰিব পৰা এযুৰি মনোমোহা মুখাৱয়বৰ অধিকাৰিণী মনীষা আছিল তেজপুৰৰ কোনোবা অখ্যাত শিক্ষকৰ ছোৱালী৷ কিবা স্কলাৰশ্বিপ এটা লৈ বিদেশত গবেষণা কৰিবলৈ গৈ দুয়ো লগালগি হৈছিলোঁ৷ বিদেশত থাকি অকলশৰীয়া যান্ত্ৰিক জীৱনটোত অলপ ৰং সানিবলৈ নিজ দেশৰে এগৰাকী সুন্দৰী সহকৰ্মীৰ সান্নিধ্য পোৱাটো আছিল মোৰ বাবে পৰম সৌভাগ্য আৰু  বিদেশী বন্ধুবৰ্গৰ বাবে আছিল ঈৰ্ষাৰ কাৰণ৷

ঠিক তাৰ কিছুদিন পিছতে মোৰ মূৰত বাঁহ লৈছিল আইদিয়াটো৷ ইতিমধ্যে সহকৰ্মী মনিষাক মই পেটে পেটে ভাল পাই পেলাইছিলোঁ৷ ভাল পোৱা হোৱাটো স্বাভাবিকেই বুলিব পাৰি৷ নিউইয়ৰ্ক চহৰত নিজৰ বুলি ভাবিবলৈ দুজনেই মানুহ আছিল৷ এক মোৰ নলেগলে লগা বন্ধু অৰূপ বৰবৰা আৰু লৱাৰ মানহাটানত থকা ৰিচাৰ্চ স্কলাৰ মনীষা বৰুৱা৷ অৰূপ আছিল নিউ ইয়ৰ্ক ষ্টক এক্সচেঞ্জত৷ যোৱা বছৰ লণ্ডন স্কুল অব ইক’নমিক্সৰ পৰা স্নাতকোত্তৰ কৰি উঠি বৰ্তমান জেপি মৰগান বেঙ্কৰ চিকিউৰিটি এনালিষ্ট৷ অৰূপেও যে মনীষাৰ প্ৰেমত পৰিছিল মোক কেতিয়াও জানিবলৈ দিয়া নাছিল যদিও ধৰিব পাৰিছিলোঁ৷ মনীষাৰ  পেটৰ কথা বুজা মোৰ বাবে তেতিয়াও দুঃসাধ্য আছিল৷ যি কোনো মূল্যৰ বিনিময়ত মনীষাক মই পাবলৈ মই ইমানে ব্যকুল হৈ পৰিছিলোঁ যে তাৰ বাবে অৰূপৰ দৰে বাল্য বন্ধুকো ত্যাগ কৰিবলৈ অকনো কুণ্ঠাবোধ নকৰিলোঁ৷ বন্ধুৰ পৰা তাক কেতিয়া প্ৰতিদণ্ডী জ্ঞান কৰা হ’লোঁ গমেই নাপালোঁ৷

এদিনাখন নিশা আইদিয়াটো আহি মোৰ ব্ৰেইনত কোনফালেদি জানো প্ৰবেশ কৰিলে, তাৰ পিছত মোক আৰু এই চিন্তাৰ পোকটোৱে তৰণি দিয়া নাই৷ সিদ্ধান্তটো লৈ পেলাইছিলোঁ যে যদি মনীষাই মোৰ প্ৰেম প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে মই অন্য এজনী ‘মনীষা’ মোৰ নিজৰ বাবে ক্লোনিং কৰি তৈয়াৰ কৰিম৷ যদি প্ৰেম প্ৰস্তাৱ গ্ৰহণ কৰে, তেতিয়াও মই মোৰ নিজৰে হুবহু ‘ক্লোন’ এটা মোৰ লেবৰেটৰীতে বনাম৷ ‘তাক’ মোৰ হৈ বিভিন্ন কামত খটুৱাম৷ আচলতে কিছুদিন আগতে ৰিলিজ হোৱা ‘মালটিপ্লিচিটি’ নামৰ ইংৰাজী চিনেমাখন চাইহে ছাগে মই কল্পনা সাগৰত মগন হৈছিলোঁ৷ তাত দেখাইছিল কেনেকৈ এজন মানুহৰ পৰা তেওঁৰ নিজৰেই বিভিন্ন ক্লোনে কেনেকৈ ভিন্ন অৱস্থাৰ মুখামুখি হৈছিল৷ উপভোগ্য ছবি আছিল সেইখন৷ ময়ো দৃঢ়প্ৰতিজ্ঞ হৈছিলোঁ যে মোৰ ক্লোন ‘মই’ কাম কৰিম বেলেগত আৰু নিজে কেবল জীৱন উপভোগ কৰিম মনীষাৰ লগত৷

সেয়াই আছিল ফাইনেল প্লেন!

ইয়াৰ পিছত মই লাগি পৰিলোঁ মনীষাৰ মনৰ খবৰ লোৱাত৷ বন্ধু অৰূপৰ পৰা লাহে লাহে তাইক আঁতৰোৱাৰ বিভিন্ন কৌশল ৰচনা কৰিলোঁ৷ কিন্তু বিশেষ ফলৱতী হ’ব পৰা নাছিলোঁ যদিও চেষ্টা এৰা নাছিলোঁ৷ অৱশেষত এদিন সন্ধিয়া মই তাইক প্ৰপ’জ কৰাৰ সিদ্ধান্ত লৈ তাইৰ ওচৰ চাপিছিলোঁ৷ কিন্তু সেইদিনা তাইৰ মুখৰ পৰা সেই অনাকাংক্ষিত বাক্যটো শুনি মই নিজকে সান্ত্বনা দিয়াৰ ভাষা বিচাৰি নেপালোঁ৷ অলপ হাঁহি হাঁহিয়েই তাই কৈছিল – “নয়ন দা, মই আপোনাক এনে দৃষ্টিৰে কেতিয়াও চোৱা নাই৷ ভুল নুবুজিব৷ আপোনাক ইমান ব্ৰাডাৰলী লাগে!”

জীৱনত বহু নাৰীয়ে মোক ‘ব্ৰাডাৰ’ বনাই থৈছিল৷ আৰু এগৰাকী নাৰীৰ ব্ৰাডাৰ হোৱাৰ ইচ্ছা মোৰ সমূলি নাছিল৷ সিদিনা সন্ধিয়া হাডচন নদীৰ পাৰত তাইৰ মুখৰ পৰা ওলোৱা বাক্যটো যেন কোনো ভায়োলিনৰ কৰুণ সুৰৰ দৰেহে ভাঁহি আহি মোৰ কাণত বাজিছিল৷ ৰোমাণ্টিক ৰোমাণ্টিক মনোভাৱটোৰ হঠাৎ পৰিবৰ্তন হৈ শস্য শ্যমলা আঘোণৰ পথাৰখন হঠাৎ অহা বানপানীয়ে উটাই নিয়াৰ পিছত দুখ আৰু ক্ষোভত জৰ্জৰিত কোনো খেতিয়কৰ দৰে হৈ পৰিছিল৷ প্ৰায় এটা দশক বিশ্বৰ বিভিন্ন ঠাইত কাম কৰাৰ পিছত সকলো বাদ দি পুনৰ অসমলৈ ঘূৰি আহি কোনোবা কলেজত অধ্যাপনা বা মেডিচিন প্ৰেকটিচ কৰিম বুলি ভাবি লৈছিলোঁ৷ দুখ আৰু শোকত ভাঙি পৰিছিলোঁ যদিও মোৰ মূৰটোৱে ধুমুহাৰ গতিত ‘প্লেন বি’ৰ বাবে কাম কৰা আৰম্ভ কৰিছিল৷ মই ‘পাগল’ মানুহ বুলি অৰূপৰ বাদে জনা মানুহ আছিলোঁ মই নিজে৷ তাৰ চূড়ান্ত ৰূপ দিয়াৰ বাবে ৰচনা কৰিছিলোঁ- প্লেন বি৷  ফাইনেল অপচনটো আছিল -মই মনীষাৰ ক্লোনেই বনাম৷

মই অলপ সুস্থিৰ হৈ তাইক ল’ৱাৰ  মানহাটান যোৱা টেক্সী এখনত উঠাই দিলোঁ৷

মনীষাক এৰাৰ পিছত, সিদিনা সন্ধিয়া ব্ৰুকলীন ব্ৰীজৰ কাষত থকা বাৰ এখনত গৈ অত্যাধিক সুৰাপান কৰিছিলোঁ৷ মোৰ মনত আছে বাৰৰ পৰা দুজন চিকিউৰিটি গাৰ্দে মোক টেক্সী মাতি টেক্সীত উঠাই দিয়া৷ মোৰ ফ্লেটত থকা অন্য এজন গাৰ্ডে মোক তলা খুলি বিছনাত উঠাই দৰ্জাখন বাহিৰৰ পৰা ঠেলা মাৰি হয়তো গুচি গৈছিল৷ কেতিয়া নিদ্ৰাৰ কোলাত ঢলি পৰিছিলোঁ ঠিক মনত নাই……৷

** ** **

মই ভাঙি পৰা নাছিলোঁ৷ অলপ স্থিৰ হৈ গোটেই প্ৰচেচটো মনতে আকৌ এবাৰ জুকিয়াই ললোঁ৷ তেতিয়া কামটো আছিল অত্যন্ত বিপদজ্জনক আৰু টপ চিক্ৰেট! গোটেই কামটো মনীষাৰ ওপৰত হ’লেও মনীষাই ঘূনাক্ষৰেও জানিব নোৱাৰিব৷ পুৰা প্ৰক্ৰিয়াটোৰ বাবে সকলোতকৈ দৰ্কাৰী বস্তুটো আছিল তাইৰ শৰীৰৰ গ্ৰন্থীৰ পৰা লোৱা এটা জৈবিক কোষ৷ যিটোৰ পৰাই সৃষ্টি হ’ব এগৰাকী নতুন মনীষাৰ৷ এই কামটোৰ বাবে মোৰ এজন সহকৰ্মী ডা° হাৰবাৰ্ট মেনৰ সহযোগ ল’ম বুলি ঠিৰাং কৰিছিলোঁ৷

এইখিনিতে আপোনালোকক জনাই থওঁ যে বায়’লজীত জীৱ কোষ আৰু কোষ বিভাজনৰ বিষয়ে অলপ অচৰপ নিশ্চয় পঢ়িছে৷ মানৱ দেহ হ’ল  বিভিন্ন কোষসমূহৰ দ্বাৰা সৃষ্ট৷ এজন পূৰ্ণাংগ মানবদেহত প্ৰায় ত্ৰিচৰ পৰা চল্লিচ ট্ৰিলিয়ন জৈবিক কোষ থাকে৷ এই কোষৰ কেন্দ্ৰত অবস্থান কৰে নিউক্লিয়াচ আৰু তাত থকা ডি এন এ অণুৰ সমষ্টি যাক জীৱ বিজ্ঞানীসকলে ক্ৰমজম আৰু জিন বুলি কয়, সেয়াই এজন ব্যক্তিৰ চাৰিত্ৰিক গুণাগুণৰ পৰা শাৰিৰীক গঠন আৰু ব্যক্তিত্বলৈ সকলো নিৰূপণ কৰে৷ মানৱ দেহত এই কোষসমূহে মাইট’চিচ আৰু মিওচিচ নামৰ দুটা প্ৰক্ৰিয়াৰ সহায়ত নিজে নিজে নতুন কোষৰ সৃষ্টি কৰি কালক্ৰমত এজন পূৰ্ণাংগ মানুহ তৈয়াৰ কৰে৷ বিভিন্ন জীৱ জন্তুৰ বাবে পূৰ্ণাংগ ৰূপ পোৱাৰ জীৱন পৰিক্ৰমা ভিন্ন ভিন্ন হয়৷

সাধাৰণ জীৱন সৃষ্টিৰ বাবে যৌন প্ৰজননৰ জৰিয়তে জীৱৰ সৃষ্টি হয় যদিও ক্লোনিঙৰ বাবে ব্যৱহৃত জনপ্ৰিয় পদ্ধতিটো হ’ল কোনো প্ৰাপ্তবয়স্ক শাৰিৰীক কোষৰ নিউক্লিয় স্থানান্তৰ (Somatic cell nuclear transfer.)

এটা ডিম্বানুৰ ভিতৰৰ নিউক্লিয়াচটো বাহিৰ কৰি লৈ অন্য কোনো পূৰ্ণাংগ জীৱজন্তুৰ শৰীৰৰ নিৰ্বাচিত অংশৰ পৰা অন্য এটা কোষৰ নিউক্লিয়াচ সংস্থাপিত কৰা৷ তাৰ পিছত পৰিবেশ আৰু তাপমাত্ৰা নিয়ন্ত্ৰিত কক্ষত ইলেক্ট্ৰিক শ্বক দি এক অসাধাৰণ বিঘটন প্ৰক্ৰিয়াৰে কোনো আশ্ৰয়দাত্ৰী (Surrogate) চিষ্টেমৰ সহায়ত এটা নতুন ভ্ৰূণৰ জন্ম দিয়া৷ ‘ডলী’ৰ জীৱনো এইদৰেই হৈছিল৷ মনীষাৰ বাবেও একেই পদ্ধতি অৱলম্বন কৰিম বুলি ঠিৰাং কৰিলোঁ৷

দিন বাগৰিছিল৷ সেইদিনা হাডচনৰ পাৰত হোৱা ঘটনাটোৰ পিছত দুয়ো সহজ হ’বলৈ চেষ্টা অব্যাহত ৰাখিছিলোঁ যদিও মই মন কৰিছিলোঁ যে মনীষা মোৰ পৰা অলপ দূৰে দূৰে থাকিছিল৷ তাই যেন মোক এভইদ কৰিব বিচাৰিছিল৷ হয়তো তাই ভয় খাইছিল যে মোৰ দৰে বিফল প্ৰেমিক এজনে তাইৰ কিবা ক্ষতি কৰিম বুলি৷ প্ৰেমত বিতাৰিত হোৱাৰ পিছত আচৰিত ভাবে ময়ো মানসিক ভাবে যথেষ্ঠ সলনি হৈছিলোঁ৷ সেই ভালপোৱা লাহে লাহে ঘৃণালৈ পৰিবৰ্তিত হৈ পৰিছিল৷ শেষত ইজনে সিজনক দেখিও নমতা পৰ্য্যায় পোৱাত মই এদিন নিউইয়ৰ্ক এৰি গুচি অহাৰ সিদ্ধান্ত ল’লোঁ৷

মই অসমলৈ ঘূৰি অহাৰ দিন স্থিৰ কৰিছিলোঁ৷ অহাৰ আগত মোৰ এটাই মাত্ৰ কাম বাকী আছিল – সেয়া হ’ল মনীষাৰ দেহৰ পৰা লোৱা এটা জীৱকোষ৷ সুযোগৰ সন্ধানত অপেক্ষা কৰি থাকোঁতে এদিন মনীষা সামান্য ভাইৰেল জ্বৰৰ বাবে মোৰ অন্য এজন বন্ধু ডাক্টৰ হাৰ্ভাৰ্ট মেনৰ চেম্বাৰত উপস্থিত হৈছিল৷ মোৰ লগত কৰা চুক্তিমতে প্ৰায় ১০০ ডলাৰৰ বিনিময়ত মনীষাৰ স্তনগ্ৰন্থী (mammary gland)ৰ পৰা ডা° মেনে মোলৈ আগবঢ়াই দিছিল মই দিয়া সেই বিশেষ উষ্ণতাৰে নিয়ন্ত্ৰিত আয়নাৰ বাকচটোত, য’ত শীতল জুলীয়া নাইট্ৰ’জেনৰ মাজত আবদ্ধ আছিল মোৰ আকাংক্ষিত ‘মনীষা’ৰ জীৱকোষ৷ জুলীয়া নাইট্ৰ’জেনৰ মাজত বেচ কিছুদিন মনীষাৰ জীৱকোষ সংৰক্ষণ কৰিব পৰা ব্যৱস্থা মই কৰি লৈছিলোঁ৷

তাৰ পিছদিনাই ‘মনীষা’ক লৈ হাডচন নদীৰ পাৰৰ মই ঘূৰি আহিছিলোঁ লুইতৰ পাৰলৈ৷ অসমত ঘৰ বুলিবলৈ বিশেষ একো নাছিলেই মোৰ৷ মা আৰু দেউতা ঢুকুৱাৰ পিছত গুৱাহাটীৰ উজানবজাৰত তেওঁলোকৰ ঘৰ বুলিবলৈ যিটো আসাম টাইপৰ ঘৰ আছিল, সেইটো ভাৰাতীয়াই ব্যৱহাৰ কৰি কৰি প্ৰায় ভগ্নাৱশেষহে বাছি আছিল গৈ৷ মোৰ পাগল স্বভাৱৰ কথা মোৰ একমাত্ৰ বন্ধু অৰূপে জানিছিল যদিও, গুৱাহাটীত মোৰ কোনো বন্ধু বান্ধৱ নাছিলেই৷ গুৱাহাটীত নিজকে প্ৰতিষ্ঠা কৰোঁতে মোৰ বেচ কিছু সময় লাগিছিল যদিও গুৱাহাটীৰ প্ৰাইভেট নাৰ্চিংহোম এখনত কাম পাবলৈ সমৰ্থ হৈছিলোঁ৷ টকা পইচাৰ অভাব মোৰ নাছিল যদিও মোৰ লাগতিয়াল পৰীক্ষাগাৰটো বনাবলৈ প্ৰায় এমাহৰ ওপৰ সময় লাগিছিল৷ অৱশেষত ৩১ ডিচেম্বৰৰ নিশা মোৰ নাৰ্চিংহোমত ভৰ্তি হোৱা মহিলা এগৰাকীৰ ডিম্বানু লৈ মোৰ পৰীক্ষাগাৰত টেষ্ট টিউবত ‘মনীষা’ৰ নিষিক্ত ভ্ৰুণটোক জন্ম দিছিলোঁ৷

মোৰ পৰীক্ষাগাৰত আৰম্ভ হৈছিল মোৰ জীৱনৰ চৰমতম চেলেঞ্জ! অসমৰ প্ৰিমিয়াৰ ক্ৰায়’জেনিকচ নামৰ কম্পেনীটোৰ পৰা যথেষ্ঠ পৰিমানে লাগতিয়াল নাইট্ৰজেন চাপ্লাই পাইছিলোঁ যদিও অসমৰ অনিয়মিত বিজুলী যোগানে মোক যথেষ্ঠ অসুবিধাত পেলাইছিল৷ পৰীক্ষাৰ বাবে লাগতিয়াল সৰু সৰু সা সৰঞ্জাম আৰু সামগ্ৰী আমেৰিকাৰ পৰা লৈ আহিলেও অসমত কেলিব্ৰেচনৰ সুবিধা নাছিল৷ তাৰ বাবে মনীষাৰ ভ্ৰুণটোক লৈ মই পুনৰ চিংগাপুৰৰ নেচনেল ইউনিভাৰ্চিটিত কিছুদিন ৰখাৰ ব্যৱস্থা কৰিছিলোঁ৷

যিকোনো ক্লোনিঙৰ ক্ষেত্ৰত সম্পুৰ্ণ প্ৰচেচটোক যিমান ত্বৰান্বিত কৰিলেও জীৱন চক্ৰটোক  ত্বৰান্বিত কৰাটো আছিল অতিকৈ দুৰূহ কাম৷ সৰু একক কোষ এটা ‘মাল্টিপ্লাই’ কৰি ত্ৰিচ ট্ৰিলিয়নৰ পূৰ্ণাংগ মানৱ হ’বলৈ ওঁঠৰৰ পৰা বিছ বছৰ ৰখিব লগীয়া হ’ব৷ কোষ বিভাজনৰ কাম ত্বৰিৎ বা মন্থৰ কৰাত মূখ্য ভূমিকা লয় মিট’জেন নামৰ ৰাসায়নিক পদাৰ্থ এবিধে৷ নিয়ন্ত্ৰিত কক্ষত সুনিৰ্দিষ্ট মাত্ৰাত মিট’জেনৰ মাত্ৰা বঢ়াই নিদ্ধাৰিত সময়ৰ আগতেই ‘গাভৰু’ মনীষাক পূৰ্ণাঙ্গ ৰূপ দিয়াটোৱে আছিল মোৰ প্ৰধান চেলেঞ্জ!

মোৰ দ্বিতীয় চেলেঞ্জ আছিল মনীষাৰ মানসিক বুদ্ধিমত্তাক কম সময়তে পূৰ্ণাংগ ৰূপ দিয়াটোও৷ শাৰিৰীক শ্ৰীবৃদ্ধিৰ লগতে সমানুপাতিক ভাবে মানসিক স্বাস্থ্য আৰু বুদ্ধিমত্তাৰ উত্তৰণত পৰিবেশ সমন্বয়ৰ প্ৰভাৱ অপৰিসীম৷ এজন মানুহে জীৱন পৰিক্ৰমাত পোৱা বিভিন্ন বাধা বিঘিনি আৰু ঘাট প্ৰতিঘাটেও তেওঁৰ বিচাৰ বুদ্ধি আৰু যুক্তিবাদী মনটোক বিকশিত কৰে৷ পৰীক্ষাগাৰৰ ভিতৰত থাকি ‘মনীষা’ৰ শাৰিৰীক বিকাশ হ’লেও পূৰ্ণস্তৰত বৌদ্ধিক বিকাশ প্ৰায় অসম্ভৱ আছিল৷ তাৰ বাবে কৃত্ৰিম বুদ্ধিমত্বাৰ প্ৰয়োগ বাঞ্ছনীয় হৈ পৰিছিল৷ মোৰ টাৰগেট ডেট আছিল ২০১৯ চনৰ পচিশ আগষ্টত ওঁঠৰ বছৰীয়া বুদ্ধিদ্বীপ্ত ‘মনীষা’ক পোহৰলৈ অনা৷ ওঁঠৰ বছৰীয়া মনীষাক ৰেডী কৰিবলৈ মোৰ সময় আছিল প্ৰায় আঁঠমাহ! ওঁঠৰ বছৰৰ পিছত তাইক সাধাৰণ জীৱন যাপনৰ বাবে পূৰ্ণাংগ ৰূপ দিয়া৷ সেয়ে মিট’জেনৰ প্ৰয়োগ যোৱা মাহৰ পৰা কমাই অনা হৈছিল যাতে ২৫ আগষ্টৰ পিছত তাইৰ গঠন প্ৰক্ৰিয়া পুনৰ স্বাভাবিক হৈ পৰে৷ কৃত্ৰিম ভাবে বুদ্ধিৰ বিকাশ ঘটাবলৈ তাইৰ মগজুৰ ভিতৰত সংস্থাপন কৰিছিলোঁ কিছু চিলিকনযুক্ত বিশেষ সংযুক্ত বৰ্তনী আৰু চেমিকনডাক্টৰেৰে আবৰা নিউৰণ চেল৷ ইতিমধ্যে বিভিন্ন কৃত্ৰিম বুদ্ধিমত্তাৰে তাইক পৰিপূষ্ট কৰি তুলিছিলোঁ৷ গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ পৰিবেশ আৰু পাৰিপাৰ্শ্বিকতাৰ সৈতে তাইক একাত্ম কৰিবৰ বাবে যোৱা কিছুদিনৰ পৰা তাইক লৈ প্ৰায় সদায় ফুৰাবলৈ নিয়া কৰিলোঁ৷ ওঁঠৰ বছৰত তাই যথেষ্ট বেছি পৰিমানেই বুদ্ধিমতী হৈ পৰিছিল৷

মোৰ লেবৰেটৰীৰ প্ৰায় সকলো যন্ত্ৰপাতিৰ খুটি নাটি তাই এনেকে আয়ত্ব কৰি লৈছিল যে মোক আচৰিত কৰি তাই এদিন মোক প্ৰস্তাৱ দিছিল যে মোৰ নেক্সট ক্লোনিং প্ৰজেক্টটোত তাই মোক সহযোগ কৰিব৷ তাইৰ কাম কাজত দিনে দিনে পুৰণি মনীষাৰ প্ৰতিচ্ছবি দেখা হৈছিলোঁ৷  তাইক বা অন্য কোনো মানুহক এই কথাটো ঘূনাক্ষৰেও জানিবলৈ দিয়া নাছিলোঁ যে তাই এজনী ‘ক্লোন’৷

পচিশ আগষ্টৰ পিছত সময়খিনি আছিল মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সময়৷ প্ৰতিদিনে তাইক পৰীক্ষাগাৰত বহুৱাই তেজ আৰু কোষগঠন প্ৰক্ৰিয়াৰ বাবে পৰীক্ষাত বহিবলৈ নিয়াত তাই মান্তি নহৈছিল৷ মোক জাউৰীয়ে জাউৰীয়ে প্ৰশ্ন কৰিছিল কিয় এইবোৰ কৰিব লাগে বুলি৷

তাইক আৰু মোক দুয়োকে ‘চেম্পল’ হিচাবে লৈ মানুহৰ দৈহিক গঠনত প্ৰটিন আৰু বিভিন্ন ৰাসায়নিক দ্ৰব্যৰ ভূমিকাৰ ওপৰত আমি নিজৰ ওপৰতে গবেষণাৰত বুলি তাইক পতিয়ন নিয়াবলৈ বহু বুজনি দিবলগীয়া হৈছিল৷ আচলতে মানুহৰ দৈহিক গঠন প্ৰক্ৰিয়াত পাঁচটা ক্ৰিয়াই মূখ্য ভূমিকা পালন কৰে৷

১) শিশুকালত দিয়া পৌষ্টিকতা (nutrition)

২) মাক দেউতাকৰ পৰা পোৱা ব্যৱহাৰ

৩) সামাজিক আৰু সাংস্কৃতিক সংস্কৃতি

৪) আভ্যন্তৰিণ আৰু বাহ্যিক পৰিবেশ

৫) মাক আৰু দেউতাকৰ লগত ডাঙৰ হোৱা সময়ত হোৱা মানসিক গঠন প্ৰক্ৰিয়া৷

এই পাঁচোটা ক্ৰিয়াৰ এটাও তাইক স্বাভাবিক ভাবে দিয়াত মই ব্যৰ্থ হৈছিলোঁ৷ মই স্বাৰ্থপৰ হৈ পৰিছিলোঁ, মোৰ জেদৰ পৰিণতিত ‘মনীষা’ অকালপক্ক হৈ মাত্ৰ আঁঠমাহত ওঁঠৰ বছৰীয়া ৰূপ পাইছিল যদিও তাইৰ দ্ৰুত হাৰত বৃদ্ধি পোৱা শাৰিৰীক আৰু মানসিক বিকাশ ৰখাবলৈ মই যে সমৰ্থ হ’ম তাৰ বিষয়ে সন্দিহান হৈ পৰিছিলোঁ৷

তাই সোধা বিভিন্ন প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাছিল যদিও এটা বিশেষ প্ৰশ্নই মোক বিব্ৰত কৰি ৰাখিছিল৷ সেয়া হ’ল তাইৰ মাক দেউতাকৰ বিষয়ে সোধা প্ৰশ্নটো৷ কোনোবা হস্পিটালত পৰিত্যক্ত শিশু এটাক মই তুলি ল’লোঁ নেকি এইটোৱে তাইৰ প্ৰধান সন্দেহ হৈ পৰিছিল৷

মোৰ যিটো স্বাৰ্থপৰতাই তাইৰ জন্মৰ সহায়ক হ’ল সেই উদ্দেশ্যতো মই বেয়াকৈ বিফল হৈছিলোঁ৷ তাই মোক পিতৃজ্ঞান কৰিবলৈ লৈছিল৷ মই তাইৰ পিতৃ নহয় বুলি বাৰে বাৰে কোৱাৰ পিছতো তাই মোৰ লগত কাজিয়াত লিপ্ত হ’বলৈ ল’লে৷ তাইৰ মন ঠিক কৰিবলৈ অবশেষত এদিন পুনৰ বিদেশলৈ তাইক লৈ যোৱাৰ সিদ্ধান্ত ল’লোঁ৷ বিদেশ ভ্ৰমণৰ বাবে লাগতিয়াল ভিছা, টিকেট আদিও যোগাৰ হ’ল৷ তাইক কিছু উৎফুল্লিতও দেখা গ’ল৷

বিদেশ যোৱাৰ আগত প্ৰায় প্ৰত্যেক দিনা সন্ধিয়াই তাই মোৰ লগত ফুৰিবলৈ যায় আৰু ইটো সিটো কথা সুধি মোক ব্যতিব্যস্ত কৰি ৰাখে৷ কিন্তু যোৱা আঠ চেপ্টেম্বৰৰ পৰা তাই হঠাৎ নিৰুদ্দেশ হ’ল৷ মই প্ৰায় সমগ্ৰ গুৱাহাটী বিচাৰি চলাথ কৰিলোঁ কিন্তু কোনেও তাইৰ সূংসূত্ৰ দিব নোৱাৰিলে৷ ইতিমধ্যে মোৰ বিদেশৰ বাবে অহা ভিচাৰ দিন উকলি যোৱাৰ সময় আহিল৷ বিভিন্ন বাতৰি কাকত, নিউজ চেনেলত ফটোৰ সহিতে দিয়া বিবৰণৰ পিছতো কোনেও তাইক উদ্ধাৰ কৰিব নোৱাৰিলে৷

যোৱাকালি মোলৈ অহা এখন মেইলত মোৰ চকু নিবদ্ধ হ’ল৷ সেই মেইলখন পঠোৱা কমপিউটাৰটোৰ আই পি এড্ৰেছৰ অৰিজিন আছিল নিউইয়ৰ্ক চহৰৰ কোনো এখন ঠাই৷ তাত লিখা আছিল-

মি: নয়ন কাকতি,

মোৰ লগত আপুনি ভয়ঙ্কৰ অন্যায় কৰিলে৷ তাৰ প্ৰায়চিত্ত্ব আপোনাক নকৰাওঁ, কিন্তু ভবিষ্যতে কোনো ধৰণৰ ক্ল’নিঙৰ কামত জৰিত নহ’ব৷ জীৱসৃষ্টিৰ কাম প্ৰকৃতিৰ ওপৰতে এৰি দিয়ক৷ যি সময়ত আপুনি মেইলখন পঢ়ি আছে, আপোনাৰ ‘মনীষা’ৰ শাৰিৰীক বয়স ইতিমধ্যে চল্লিচ বছৰ পাৰ কৰিছে৷ হয়তো কিছুদিন পিছতে মোৰ মৃত্যু হ’ব৷ তাৰ আগতে নিউইয়ৰ্কত থকা মোৰ মাতৃসম গৰাকীক চাই যাবলৈ ইচ্ছা এটা হৈছিল, সেয়ে আপোনাক নোকোৱাকৈ গুচি আহিলোঁ৷  মোক বিচাৰিবলৈ যত্ন নকৰিব৷ ইয়াতো মই নেথাকোঁ৷ কিছুদিন পিছত মোৰ বৃদ্ধাবস্থা আহিবই, গতিকে তাৰ আগতে পৃথিবীখন অলপ চাই যাওঁ৷ হয়তো আৰু এবছৰত মোৰ মৃত্যু অনিবাৰ্য্য৷ আপোনাক তীব্ৰ ঘৃণা কৰোঁ৷

গুদ বাই৷

মনীষা৷

মেইলখন পঢ়ি মোৰ সৰ্বশৰীৰ ঘামি গৈছিল, হাত ভৰি কঁপিছিল৷ নিজৰ ওপৰতে উঠা ক্ৰোধ আৰু এক চৰম আত্মগ্লানিয়ে মোক স্তব্ধ কৰি দিছিল৷ যেন কিছু সময়ৰ বাবে মোৰ হৃদপিণ্ড বন্ধ হৈ গৈছিল৷

*** **

বাহিৰত দুৱাৰখন কোনোবাই খুলি দিয়াত বতাহ এজাক সোমাই আহিছিল৷ ঘামত তিতি থকা মোৰ শৰীৰটো নিউইয়ৰ্কৰ হিম শীতল চেঁচা বতাহজাকে আৰু চেঁচা কৰি দিছিল৷ লগতে সোমাই আহিছিল অৰূপ বৰবৰা!

: আবে দুদিন ধৰি অফিচ নগৈ কাৰ মূৰটো কৰি আছ ঘৰত? মনীষাই ফোনত সব কলে মোক! তই হেনো তাইক পৰহি প্ৰপ’জ কৰিলি?

অৰূপৰ পৰা হঠাৎ ওফৰি অহা কথাখিনিয়ে মোক প্ৰকৃতিষ্ঠ কৰিবলৈ অলপ সময় ল’লে৷ মোৰ মুখৰ পৰা মাথো” ওলাল-

: মই কি নিউইয়ৰ্কত?

হাঃ হাঃ কৰি প্ৰায় অট্টহাস্য কৰি অৰূপে পুনৰ ক’লে,

: আবে সিদিনা অকলে অকলে বহুত মাল খালি ন? বুঢ়া বয়সত নিউইয়ৰ্ক এৰি যাবি ক’ত? তই দুদিন অফিচ নোযোৱাৰ বাবে মনীষাৰ তামাম টেনচন হৈছে৷ মোক খবৰ লবলৈ ক’লে বাবে আহিলোঁ৷ উঠ বিছনাৰ পৰা এতিয়া!

অৰূপে হাতখন আগুৱাই মোক উঠাই দিলে৷ ফোনটো চালোঁ, মনীষাৰ প্ৰায় বিছটা মিছ কল!

☆ ★ ☆ ★ ☆

19 Comments

  • ৰিণ্টু

    দাদা হোৱাৰ আপোনাৰ অভ্যাস পুৰণি মানে।

    বঢ়িয়া লাগিল দাদা

    Reply
    • দেৱজিত শইকীয়া

      চুপাৰ্ব৷ গভীৰ তথা সুক্ষ্মানুসুক্ষ্ম জীৱবিজ্ঞানৰ লগত জড়িত তথ্য সমূহৰ আহৰণ আৰু আয়ত্বৰ ফচল৷ জীৱবিজ্ঞান আৰু কল্পনাৰ অপুৰ্ব সমন্বয় হৈছে৷ ডলিৰ স্তন গ্ৰন্থী লোৱা হৈছিল ক্লন কৰিবলৈ পিছে ষ্টেম কোষ বা অন্যকোষৰ নিউক্লিয়াছ ললেও হয়৷ চুপাৰ্ব

      Reply
  • বহু কথা শিকিলোঁ৷ হাঁহিলো৷ভাল লাগিল৷

    Reply
  • Anonymous

    দাদা বহুত ভাল লাগিল।আগলৈ আৰু পঢ়িব পাম বুলি অাশা কৰিলো ॥

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া

    Reply
  • ডলী

    বঢ়িয়া লাগিল

    Reply
  • কাবেৰী মহন্ত

    ৱাহ! কি কল্পনা শক্তি! সপোনতে হলেও জেনেটিক্সৰ জটিল বিষয় এটাৰ ওপৰত আমিও লেবেৰটৰীত সোমাই থাকিলোঁ৷ বৰ ভাল লাগিল দাদা

    Reply
  • প্ৰসেনজিৎ গোস্বামী

    সুন্দৰ

    Reply
  • Someswar Borah

    চেলুট মাৰিলো, কোৱাইটি।তামাম লিখিলে।

    Reply
  • Khairul

    পঢ়ি ভাল লাগিল।

    Reply
  • Manash Saikia

    সুন্দৰ, দাদা৷

    Reply
  • Mridula

    বৰ ভাল লাগিল

    Reply
  • Utpala bhuyan

    ভাল লাগিল।

    Reply
  • Moon Moon Sarkar Saikia

    বহুত ভাল লাগিল, ভিন্নধৰ্মী গল্প এটা পঢ়িবলৈ পালোঁ।

    Reply
  • পূৰ্ণময়ী

    মজা দেই

    Reply
  • উৎসুকতা বাঢ়ি গৈছিল — শেষৰখিনিয়ে সম্বিত ঘূৰাই আনিলে। সাংঘাটিক লিখিছে।

    Reply
  • Barbie Punnag

    বাপৰে ! সাংঘাতিক কল্পনা দেখোন। বিৰাট ভাল লাগিল।বহুত উৎসাহেৰে পঢ়িলোঁ দাদা👌🙏🙏

    Reply
  • নয়নমণি হালৈ

    বিজ্ঞান আৰু কল্পনাৰ সাংঘাতিক সংমিশ্ৰণ৷ সাংঘাতিক লেখা কাকতিদা, বিৰাট ভাল পালোঁ৷

    Reply
  • আৰাধনা বৰুৱা

    বিৰাট ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.