ফটাঢোল

দুই পালোৱান (মূল বাংলা: শীৰ্ষেন্দু মুখোপাধ্যায়) ভাবানুবাদ: ৰাজশ্ৰী শৰ্মা

কিশোৰী সিং পালোৱানৰ যে ভূতলৈ বৰ ভয় সেয়া আগতে কাউৰী কুকুৰেও নাজানিছিল। কিশোৰী সিঙে নিজেও যে খুব ভালদৰে উপলব্ধি কৰিছিল সেইটোও নহয়।

আচলতে কিশোৰী সৰুকালৰ পৰাই বিখ্যাত। অনবৰতে চেলা- চামচাবোৰেৰে পৰিবেষ্টিত হৈ থাকে। অকলে থকাৰ কোনোধৰণৰ সুবিধাই নাই তেওঁৰ।আৰু এইটো তো সকলোৱে জানে যে যেতিয়ালৈকে কোনোবা অকলে নাথাকে, তেতিয়ালৈকে ভূতেও দিগদাৰ দিবলৈ নাহে। জোৰে নাপায় হেনো।

ব্ৰহ্মপুৱা উঠিয়েই কিশোৰী আৰু তাৰ পালি পহৰীয়াবোৰে প্ৰায় এহাজাৰ বুকডন আৰু বৈঠক মাৰে। সেয়াও এক দৃশ্য। তাৰ পাছত আৰম্ভ হয় মল্লযুদ্ধ। কুস্তি মহাৰণত ঘামৰ নিজৰা বোৱাই দুপৰীয়া অলপ সময় মাত্ৰ জিৰণি। আকৌ আবেলি সময়ত প্ৰায়েই কোনোবা নহয় কোনোবাৰ লগত আখাৰাৰ যুঁজত নামিব লগীয়া হয়েই।

সন্ধ্যা পৰত অলপ গান বাজনা শুনিবলৈ ভাল পায় কিশোৰীয়ে। ৰাতি সি বিছনাত লাং খাই পৰি এক টোপনিতে ৰাতিটো পাৰ কৰে।তেতিয়া তোষামোদ কাৰীসকলে পাল পাতি পাতি তাৰ হাত ভৰি মালিচ কৰিয়েই সময় কটায়।এই নিশ্চিদ্ৰ ৰুটিনৰ মাজত ভূত পিশাচ সোমায়েইবা কেনেকৈ!

গণপত মাহাতো নামৰ আৰু এগৰাকী কুস্তিবিদ আছিল। তেঁৱো বিৰাট পালোৱান।দেশ-বিদেশৰ প্ৰকাণ্ড প্ৰকাণ্ড দৈত্য দানৱৰ দৰে পালোৱানকো তেওঁ হৰুৱাইছে। কিন্তু কেৱল কিশোৰী সিংকেই তেওঁ কোনোপধ্যেই বলে পাৰা নাই।ইফালে কিন্তু কিশোৰী সিঙক হৰুৱালেই তেওঁ শ্ৰেষ্ঠ পালোৱানৰ খিতাপ বিজয়ী হৈ পৰিব।

কিন্তু দুখৰ কথা হ’ল নিজৰ সক্ষমতা থকা স্বত্ত্বেও নিতান্তই ভাগ্যৰ ফেৰত হে তেওঁ কিশোৰীক হৰুৱাব পৰা নাই।সেইবাৰ লক্ষ্নৌত তেওঁ কিশোৰীক চিৎ কৰি প্ৰায় পেলাইছিলেই,ঠিক তেনেতে ক’ৰ পৰা জানো এটা হতচিৰী যোৱা মহ আহি তেওঁৰ নাকত সোমাই কোনকোনাবলৈ ধৰিলে নহয়, হাঁচি নামাৰি উপায় নাই। সেই তলকতে কিশোৰীয়ে তেওঁক লেং মাৰি হাতৰ পৰা ওলাই গ’ল। দ্বিতীয়টো হাঁচি মৰালৈ তেওঁক সি হেঁচা মাৰি ধৰি চিৎ কৰি পেলালেই।

আকৌ পাটনাতো একে ধৰণৰ কাণ্ড।সেইবাৰ কিশোৰীক তেওঁ নিজৰ বলিষ্ঠ কান্ধৰ তলৰ কাষলতিৰ তলত চেপি ধৰি খুব কায়দাৰে জব্দ কৰি আনিছিলেই। কিশোৰীৰ পূৰা দমবন্ধ হোৱাৰ উপক্ৰম।ঠিক সেই সময়তেই এটা মস্ত ষাঁড় গৰুৱে মল্লযুদ্ধ ৰ পথাৰত সোমাই চব এফালৰ পৰা লণ্ডভণ্ড কৰিবলৈ ধৰিলে।

গণপতে দেখিলে যে এই সুযোগটো হাতৰ পৰা এৰি দিলে কিশোৰীক সহজে হৰুৱাব পৰা নাযাব।সেইকাৰণে তেওঁ হাতৰ বান্ধোন শিথিল কৰি নিদি তেনেকৈয়ে কিশোৰীক লেং মাৰি পেলাবলৈ চেগ বিচাৰিব ধৰিলে।ইফালে ষাঁড়ৰ খেদাত বেছিভাগ দৰ্শকেই পলাই পত্ৰং দিলেই তেতিয়ালৈকে। বেচেৰা ষাঁড় টোৱেও সন্মুখত বেলেগ কাকো নেদেখি দুই পালোৱানৰ দিশত খেদি আহিল।
কিশোৰীয়ে ষাঁড় টোৱে খেদি অহা দেখি কোনোমতে মাতটো উলিয়াই ক’লে, “গণপত, এৰি দিয়া।ষাঁড় গৰু বৰ ভয়ংকৰ বস্তু।”

গণপতে ক’লে, “ষাঁড় তো ষাঁড়েই,আজি স্বয়ং শিৱ আহিলেও তোমাক এৰি নিদিওঁ।”

ষাঁড়টোৱে খুন্দিয়াবলৈ অহাৰ লগে লগেই গণপতে সেইটোকো হাতেৰে পকাই ধৰি আনখন কাষলতিৰ তলত চেপি ধৰিলে।উফ্, সেইখন যে কেনে সাংঘাটিক যুদ্ধ নেদেখিলে কোনেও নুবুজিব!বহুতে দেখিছেও বাৰু।

গছৰ ডালত ওলমি ,কাষৰ পুখুৰীৰ পানীত নামি অথবা কাষৰ ঘৰৰ চাদত উঠি আত্মৰক্ষা কৰা বহুত মানুহে যুঁজখন নিজ চকুৰে প্ৰত্যক্ষ কৰি সাক্ষী হৈ ৰৈছিল। সিফালে গণপতৰ দুয়ো কাষলতিত দুই মহা বিক্ৰমশালী যুঁজাৰু – এফালে কিশোৰী আৰু এফালে ষাঁড়টো। কাষৰ গছত ওলমি থকা আৰু পানীত আধা ডুব দি থাকে মানুহবোৰেও নিজৰ অৱস্থা পাহৰি তাৰপৰাই চিঞৰি চিঞৰি গণপতক বাহ বা দিব ধৰিছিল।

ষাঁড় গৰুৰ ঠেলা হেঁচা,ফোৰোহনি আৰু কিশোৰীৰ হুংকাৰ- দুয়োকে চম্ভালি যুঁজোতে যুঁজোতে গণপতৰো গণ্ডগোল লাগিল। আচলতে কোনখন কাষলতিৰ তলত কোন যে সোমাই আছে সেয়াই ভুল লাগি গৈছিল তেওঁৰ। হেঁচা ঠেলা যুঁজৰ মাজতেই এটা পাক মাৰি যেতিয়া এখন কাষলতিৰ তলৰ আপদটোক চিৎ ভোলোঙা খুৱাই ধামকৈ পেলাই দিলে তেতিয়াও কিন্তু সেয়া কিশোৰী বুলিয়েই ভাবিছিল তেওঁ।

 

কিন্তু ভাগ্যই বেয়া। কিশোৰী নহয়, আচলতে চিৎভোলোঙা খাই পৰিল ষাঁড় গৰুটোহে।আৰু সেই ফাকতে কিশোৰীয়ে উঠি নিজৰ লেঙুটিখন টানকৈ বান্ধি লৈ তেওঁৰ ডিঙিত টানকৈ পেচ মাৰি ধৰি একেটা পাকতে পেলাই জিকি গ’ল।

 

তৃতীয়বাৰ গণপত মাহাতোৰ  কিশোৰীৰ সৈতে মুখামুখি হ’ল তালতলৰ বিখ্যাত আখাৰাত। আগৰ কেইবাৰৰ পৰাজয়ৰ লাজে অপমানে তেওঁ হিংসুক বন্যজীৱৰ দৰে হৈ উঠিছিল।সুন্দৰবনৰ বাঘ পৰ্য্যন্ত সেই ৰূপ দেখি নিশ্চয়কৈ ছত্ৰভংগ দিলেহেঁতেন।তেওঁৰ হুংকাৰত মেদিনী ত্ৰস্তমান সেইদিনা।

খেল আৰম্ভ হোৱাৰ প্ৰায় লগে লগেই সকলোৱে বুজি পালে যে আজিৰ যুঁজত কিশোৰীৰ কোনোধৰণৰ আশা নাই। কিশোৰীয়ে তেতিয়া গণপতৰ হাতৰ পৰা বাগি দি পলাইহে সাৰি আছে।

হেন সময়তে দূৰ্ঘটনাটো ঘটিল।ভাদ মাহ। খেলপথাৰ খনৰ চাৰিওফালে বিখ্যাত তাল গছেৰে ভৰপূৰ।তাৰ মাজৰে ৰসে চৌ চৌৱাই থকা তালবোৰৰ মাজৰে এটা তালে আৰু গছত উঠি থাকিবলৈ মন নকৰি সৰি পৰিবলৈ আয়োজন কৰিলে সেই মূহুৰ্ততে।আৰু সি পৰিলেই বা ক’ত! চিধাই তলত থকা গণপত মাহাতোৰ মাজমূৰত।

 

তাৰ পাছত ঠিক কি হ’ল গণপতৰ ভালদৰে মনত নাই।মানুহে কয়,তালটো পৰাৰ পিছত হেনো গণপতে গালে মুখে হাত দি কিবা যেন চিন্তা কৰিবলৈ ধৰিলে।তেওঁ যে এজন মল্লযোদ্ধা, যুদ্ধ কৰি আছে তাকো কিশোৰী সিংৰ লগত আৰু অলপমান অসতৰ্ক হ’লেই যে বিপদ হ’ব পাৰে সেয়াও তেওঁ পাহৰি পেলাইছিল। লোকে কয়, তেওঁ বোলে গালত হাত দি তুলসীদাসৰ ৰামচৰিতমানস খনহে ভুনভুনাই আবৃত্তি কৰিব ধৰিছিল তেতিয়া।সুযোগ বিচাৰি থকা কিশোৰীয়ে এপাকত তেওঁক লৰচৰ কৰিব নোৱাৰাকে ধৰি চিৎ কৰি পেলাওতেও গণপতে হেনো বাধাই নিদিলে।মাত্ৰ হাতযোৰ কৰি আপোনমনে ভগৱান শ্ৰীৰামক সেৱা জনাই আছিল।

গণপত মাহাতোৰ বয়স হৈছে।শৰীৰত আগৰ দৰে বল-বিক্ৰম নাই।কিশোৰী সিঙক হৰুৱাই যে খিতাপটো জিকিব নোৱাৰিলে সেইটো চিন্তাই তেওঁক খুলি খুলি খায় সদায়েই। ভাবোতে ভাবোতে কি হ’ল কোনে জানে। কিছুদিনৰ পিছত গণপতক আৰু ক’তো দেখা নগ’ল।

সেইফালে কিশোৰী সিং এতিয়া বিখ্যাত। বহুত ডাঙৰ ডাঙৰ ওস্তাদ পালোৱানক হৰুৱাই সি মেডেল,কাপ জিকি ফুৰে। মানুহে কয়,কিশোৰীৰ দৰে পালোৱান হেনো সমগ্ৰ পৃথিৱীতে দ্বিতীয়জন আৰু নাই।

এনেদৰে আৰু কিছুদিন গ’ল।এদিন কিশোৰীৰ নামত এখন ডাকত চিঠি আহিল।গণপতৰ একাবেঁকা হাতৰ আখৰেৰে তাত লিখা আছিল, “কিশোৰী ভাই,তোমাক হৰুৱাব নোৱাৰাটো মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ দুখ। এবাৰ মহ,এবাৰ ষাঁড় গৰু আৰু এবাৰ তাল পৰি মোৰ সাধনাত ব্যাঘাত জন্মালে। তথাপিও কিন্তু তোমাৰ সৈতে এঘড়ী যুজঁ দিবলৈ মোৰ বৰ আশা থাকি গ’ল। কিন্তু বেলেগ মানুহৰ সন্মুখত নহয়।আমি দুয়ো পালোৱানে কোনোবা এডোখৰ নিৰ্জন ঠাইত যুঁজিম।মই হাৰিলে তোমাক গুৰু বুলি মানিম আৰু তুমি হাৰিলে মোক গুৰু বুলি ভজিবা।কোন হাৰিল,কোন জিকিল সেয়া কোনো তৃতীয়জনে গম নাপাব‌। কেৱল জানিম মই,আৰু তুমি।যদি তুমি ৰাজী হোৱা, তেন্তে অহা অমাবস্যাৰ দিনা খেতুপূৰৰ শ্মশানৰ কাষত যে মুকলি পথাৰখন আছে, তালৈকে আহিবা গধুলি পৰত।মই তাতেই তোমাৰ বাবে অপেক্ষা কৰিম।”

 

চিঠিখন পঢ়ি কিশোৰীও ভাবুক হৈ পৰিল।হয়ো কথাটো। গণপত মাহাতো সঁচাকৈয়ে মহান কুস্তিবিদ।কেৱলমাত্ৰ কপালৰ দোষতেই তিনিবাৰকৈ তেওঁ কিশোৰীৰ লগত জিকি জিকিও হাৰিব লগীয়া হ’ল।ইমান মহান এগৰাকী পালোৱানৰ ইমান সৰু আব্দাৰটো নাৰাখিলেও বৰ বেয়া কথা হ’ব।হাৰিলেও কিশোৰীৰ ক্ষতি নাই বাৰু। সাক্ষী হিচাপে কোনো নাথাকিব যিহেতু। কিন্তু হৰাৰ প্ৰশ্নয়ে নাহে ইয়াত।কিশোৰী এতিয়া আগতকৈ বহুত অভিজ্ঞ, বহুত পৈণত।আৰু গণপতক যে সি ভালদৰে হৰুৱাব নোৱাৰিলে তাৰ বাবেও নিজৰ মনতেই লাজ পায়েই আছিল। গতিকে সেই লাজটোও দূৰ কৰিবলৈ এয়াই সুযোগ। এবাৰ নীতিগত ভাৱে গণপতক হৰুৱাব পাৰিলেই সিও মনৰ খুচখুচনিৰ পৰা মুক্তি পাব।

 

নিৰ্দিষ্ট দিনত কিশোৰী সিঙে ধুনীয়াকৈ তৈয়াৰ হৈ খেতুপুৰলৈ ৰাওনা হ’ল। বেছি দূৰো নহয়।মুঠেই তিনিখন তামোল খোৱাৰ বাট।নিৰিবিলি ঠাই।

 

শ্মশানৰ কাষৰ মুকলি পথাৰখনতে গণপত মাহাতোৱে অপেক্ষা কৰি আছিল। কিশোৰীক দেখি হাঁহিমুখে ক’লে, “আহিলা?মই ৰৈয়েই আছিলো। আহা তেন্তে, যুজঁ আৰম্ভ কৰোঁ।”

কিশোৰীয়েও মোচত তাও দি ক’লে, “আহা,মই সাজু।”

 

দুয়ো তেতিয়া কুস্তিৰ কাৰণে লেঙুটি টানকৈ বান্ধি, বুকুত পথাৰৰ মাটি এমুঠি এমুঠি ছটিয়াই লৈ সাজু হ’ল। তাৰ পাছত আৰম্ভ হ’ল যুদ্ধ। দুয়ো দুপিনৰ পৰা গোনা ম’হৰ দৰে খেদি আহিল।কিশোৰীয়ে ঠিক কৰিছিল যে প্ৰথমবাৰতেই গণপতক শূণ্যলৈ দাঙি ধোবাই কাপোৰ এচাৰাৰ দৰে এচাৰি পেলাব।

 

কিন্তু ঠিক সাৱটি ধৰিব অহাৰ মূহুৰ্ততেই হঠাৎ পোঁওওওও কৈ এটা মহ উৰি আহি গ’ল নহয় কিশোৰীৰ নাকত সোমাই। হ্যাঁচোওও…., হ্যাঁচোওও… বজ্ৰহাঁচিত গগণ কঁপি উঠিল।আৰু কিশোৰীয়ে দেখিলে তাক যেন কোনোবাই একেবাৰে আকাশলৈ দাঙি নি ধামকৈ মাটিত পেলাই দিলে।

গণপতে ক’লে, “আৰু এবাৰ”

কিশোৰীয়ে জাঁপ মাৰি উঠি ক’লে, “নিশ্চয়”

দ্বিতীয়বাৰো যি হ’বৰ আছিল হ’ল। যুজঁ আৰম্ভ হ’ল কি নহ’ল, ক’ৰপৰা জানো এটা ষাঁড় গৰু আহি কিশোৰীৰ কাষলতিৰ তলত বিৰাজমান হ’ল সি তৰ্কিবয়ে নোৱাৰিলে। কিশোৰী আকৌ চিৎ।

গণপতে সুধিলে, “আৰু এবাৰ লাগিবা?”

কিশোৰীয়ে গাৰ ধূলি জোকাৰি ক’লে, “কিয় নালাগিম, লাগিমেই।”

 

তাৰ পিছত কি হ’ল কি ক’ম আৰু! যুদ্ধ আৰম্ভ হোৱাৰ প্ৰায় লগে লগেই এটা প্ৰকাণ্ড তাল ক’ৰ পৰা জানো আহি কিশোৰীৰ মূৰতে সৰি পৰিল নহয়।কিশোৰীয়ে চকু তকু চেলাই ‘অ ফুল অ ফুল নুফুলনো কিয়’ মাতিবলৈ ধৰিলে সেই ব্ৰহ্ম আঘাতটো পায়েই।

অলপ সময় পাছত হুচ পাই কি হ’ল বুলি হতভম্ব হৈ লাহে লাহে থিয় হৈ দেখিলে, গণপত মাহাতোক বেঢ়ি ধৰি কিবা অদ্ভুত কিছুমানে যেন খুব ফূৰ্তি কৰি নাচিব ধৰিছে।কিন্তু সেইবোৰ মানুহ নহয়।কেনে কিবা ক’লা ক’লা, এলান্ধুৰ দৰে ৰং,ক্ষিণ মিন,দীঘল দীঘল ঠেং থকা কিবা অদ্ভুত জীৱ!

জীৱ?নে অন্য কিবা??

কিশোৰীৰ মুখ মেল খাই গ’ল। ভয়ত শেতা পৰা চকুৰে দেখিলে লাহে লাহে গণপতো ক্ষিণাই আহিল আৰু তাৰপিছত ক’লা পৰি দীঘল হৈ হৈ বাকীবোৰৰ দৰেই হৈ যাব ধৰিলে।

কিশোৰী আৰু তাত নৰ’ল। ‘অ দেউতা ঐ, অ মা ঐ’ বুলি আতাহ পাৰি যিমান জোৰে পাৰে দৌৰি পলাই পত্ৰং দিলে।

কিশোৰী সিং পালোৱানৰ মনত ভূতৰ ভয় আছে বহুত, এই গোপন কথাটো কিন্তু এতিয়াও বেছি মানুহে নাজানে। কিশোৰীয়ে নিজে কিন্তু খুব ভালদৰেই জানে। আৰু এয়া এতিয়া আপোনালোকেও জানিলে।

☆ ★ ☆ ★ ☆

2 Comments

  • ভাস্কৰ জ্যোতি বৰুৱা

    খুব ভাল লাগিল ৰাজশ্ৰী। অনুবাদত তোমাৰ হাত ভাল। এনেকুৱা ভাল ভাল লেখাৰ সোৱাদ আগলৈও আমাক দি থাকিবা।

    Reply
    • ৰাজশ্ৰী

      অশেষ ধন্যবাদ জনালো দাদা।

      Reply

Leave a Reply

Your email address will not be published.