ফটাঢোল

দুৰ্যোগৰ এৰাতি-হিমাংশু ৰাজখোৱা

ৰাতি তেতিয়া প্ৰায় দহ বাজিছে। শীতকালৰ নিশা, ৰাতি দহ বজাত ডিফুৰ দৰে পাহাৰীয়া চহৰ এখনৰ বাবে যথেষ্ট গভীৰ নিশা। ফোনত খবৰ পালোঁ সহকৰ্মী এজনৰ হঠাতে কিবা অসুখ হৈছে। নিমিষতে অফিচিয়েল ‘Whatsapp’ গ্রুপত খবৰ বনজুইৰ দৰে বিয়পি পৰিল। ইয়াত, ডিফুত আমাৰ বিভাগীয় কাৰ্যালয়ত কৰ্মৰত বেছিভাগ কৰ্মচাৰী অকলে অকলে থাকে, পৰিয়াল সকলোৰে বাহিৰত। গতিকে অসুখ হোৱা সহকৰ্মীজনৰ সম্ভাৱ্য বিপদৰ উমান পাই লগে লগে তিনিখনমান গাড়ী আৰু একডজনমান মানুহ তেওঁৰ ৰুমৰ সন্মুখত হাজিৰ। ফোনবোৰ ঘনাই বাজিবলৈ ধৰিলে। বহুতে ফোন কৰিলে, “হিমাংশুদা খবৰ দিব”। বোলে, “হিমাংশুদা, কিবা থাকিলে ক’ব।” “হিমাংশু তুমি আছা যেতিয়া চিন্তা নাই!”

মই বোলো মনতেহে, ”আৰে ভাই, মইয়েতো সমাজৰপৰা ৰোগ ব্যাধি নিৰ্মূলৰ ঠিকাটো লৈ থৈছোঁ ন! হেৰৌ, এবাৰ আহি নাযাৱ কিয় তহঁত!”

যি কি নহওক হস্পিতাল পালোগৈ। ডাক্তৰে চিধাই কৈ দিলে বোলে পেছেণ্টক এডমিট কৰাব লাগিব। কৰাই দিয়া হ’ল, ময়েই গাৰ্জেণ্ট হ’লোঁ। লগত যোৱা ৰাইজেও প্ৰথম ঝাটকাটোৰপৰা সকাহ পাই, চেল্ফি-টেল্ফি ল’লে, কাৰোবাৰ আগৰ হস্পিতালৰ ৰসাল অভিজ্ঞতা ওলাল, মুঠতে আড্ডা জমি উঠিল।

এইবাৰ চুচুক চামাক কৈ মানুহবোৰ আঁতৰি আহিল, মনত পৰিল কাৰোবাৰ ঘৰত বাঢ়ি থোৱা ভাত আছিল, কাৰোবাৰ টোপনি ক্ষতি কৰিব নোৱৰা বেমাৰ আছে, কাৰোবাৰ ৰাতিপুৱা কাম আছে। এজন দুজনকৈ ৰাইজ কমি আহিল।

গুচি যোৱাৰ অজুহাতৰ বাবে কোনো সমস্যা বিচাৰি নোপোৱাত  থাকি গ’লোঁ বেমাৰী, মই, কৌশিক আৰু বেচেৰা নৱবিবাহিত উমা দেউৰী। উমাই কৌশিকক এৰিব নোৱাৰে, মই এৰিব নোৱাৰো বেমাৰীক। মনত তিনিওটাৰে আশা, চেলাইন শেষ হ’লে ৰোগীক ৰিলিজ দিব আৰু আমিও যাবলৈ পাম!

ৰাতি গভীৰ হৈ অহাৰ লগে লগে বেমাৰীও শুলে, শুলে ডাক্টৰ আৰু নাৰ্চ। চেলাইনৰ পানী পৰি থাকিল টোপ, টোপ, টোপ! ধীৰ গতিৰে, নিজৰ খেয়াল খুচিৰে।

ৰাতি দুটা বাজিল, ঠাণ্ডা বতাহে দেহা কঁপাই তুলিলে।তিনিওটা গৈ গাড়ীত বহিলোঁগৈ। টোপনি নাহে, কথাও ডিফুৰ ৰাস্তা পদূলি, স্বাস্থ্য ব্যৱস্থাৰ ওপৰত আলোচনা কৰি কৰি শেষ হ’ল। কৰিবলৈ একো নাই, চিনেমা চাবলৈ মোবাইলত চার্জ নাই। মই  বোলো এই কথাই কথা নহয়! কিবা এটা কৰিব লাগিল। মনে মনে বেমাৰীৰ ওচৰ পাই চলি থকা চেলাইনটোলৈ চালোঁ, যি গতিত ই গৈ আছে, দেখিলোঁ ৰাতি পুৱাব। বেমাৰীক লাহেকৈ মাত দিলোঁ। সুধিলোঁ,

: ঐ  ভাল পাইছেনে?”

সিও মোৰ দুপিয়ালে। মই ক’লোঁ,

: যাওঁগৈ ব’ল।

ইয়াৰ আগতে বহুদিন স্বাস্থ্য বিভাগত চাকৰি কৰা অভিজ্ঞতাৰে পুষ্ট তেওঁ ক’লে,

: ধেই ডক্টৰে নিদিলে কেনেকৈ যাবা। চেলাইনো শেষ হোৱা নাই।

তাক অভয় দি এইবাৰ চেলাইনটো সৰ্বোচ্চ স্পিডত দি দিলোঁ। নাৰ্ছ, ডাক্টৰ, ৱাৰ্ডবয় কোনেও দেখা নাপালে।
তিনি ঘণ্টাত বিছ শতাংশমান শেষ হোৱা চেলাইন এইবাৰ আধা ঘণ্টাত শেষ! ৰাতি তিনি বজাত চেলাইন শেষ।

পিছৰ আধা ঘণ্টা ডিউটিত থকা নাৰ্চক কাবৌ কাকুতি কৰি ৰোগী ৰাতিয়েই ৰিলিজ কৰাই চাৰিটামানত আহি ৰুমৰ বিচনাখন যেনিবা পালোহি।

☆ ★ ☆ ★ ☆

2 Comments

  • পূৰ্ণময়ী

    জমনি😀 মইও এবাৰ হস্পিটেলত চেলাইন বঢ়াই লৈছিলোঁ। ব্লাড উভতি আহিল কিবা কৈ । নাৰ্ছ গালি ,মনত পৰি গ’ল।

    Reply
  • বন্দিতা

    বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published.