ফটাঢোল

দেউতাকৰ সহায়(মূল – আৰ কে নাৰায়ণ) অনুবাদ – অনুৰূপ মহন্ত

বিচনাত থাকোতেই স্বামীৰ মনত পৰিল আজিচোন সোমবাৰৰ ৰাতিপুৱা! লগে লগে তাৰ কঁপনি উঠিবলৈ ধৰিলে। তাৰ এনেকুৱা লাগিল যেন অলপ সময় আগতেই শুক্ৰবাৰ আছিল! সি শেষৰ পিৰিয়ডত শ্ৰেণীত বহি আছিল আৰু ইমান সোনকালেই সোমবাৰ হৈয়েই গ’ল!

সি মনতে ভাবিলে ডাঙৰ ভূমিকম্প এটা আহি তাৰ স্কুলখন মাটি ফুটি সোমাই যোৱা হ’লে! কিন্তু ‘এলবাৰ্ট মিছন স্কুল’খনৰ ঘৰটো ইমান প্ৰকাণ্ড আৰু মজবুত আছিল যে তেনেকুৱা কিমানবোৰ প্ৰাৰ্থনা ইমানদিনে ঘৰটোৱে হেলাৰঙে পাৰ কৰি আহিছে, ঠিকনা নাই। এইবোৰ ভাবি থাকোতেই ন বাজিল।

স্বামীয়ে কন্দনামুৱা মাত এটা উলিয়াই ক’লে, “মোৰ বৰকৈ মূৰ বিষাইছে অ’।” আচলতে তাৰ দেৰি হোৱা দেখি মাকে তাক সুধিছিল, “তই ৰিক্সাতে স্কুললৈ নাযাৱ কিয়” বুলি!

“তেনেহলে কি মই এতিয়া মৰিলেহে হ’ব নেকি? আপুনি জানে জানো তাত বহি যোৱা মানুহবোৰে কিমান ঠেকেছা খায়!”

“স্কুলত আজি কিবা দৰকাৰী পাঠ পঢ়োৱাৰ কথা আছিল নেকি?”

“দৰকাৰী পাঠ, হুহ! ভূগোলৰ ছাৰে একেটা পাঠকে বছৰটো পঢ়ায়েই আছে। গণিতৰ ছাৰেতো অকল আমাক মাৰ পিট কৰিবলৈকেহে ক্লাছলৈ আহে। দৰকাৰী পাঠ….!”

মাকে পুতেকৰ কথাত ভোল গ’ল আৰু আজি ঘৰতে থাকি জিৰণি ল’বলৈ ক’লে।

ৰাতিপুৱা চাৰে ন বাজিছিল। ইমান সময়ত স্বামী স্কুলৰ প্ৰাৰ্থনা গৃহত থাকিব লাগিছিল, কিন্তু সি আজি মাকৰ কোঠাৰ খাটখনৰ ওপৰতেই পৰি আছে।

তেনেকুৱাতে কোঠালৈ দেউতাক সোমাই আহিল। আহিয়েই প্ৰশ্ন কৰিলে,

“আজি তোৰ স্কুল নাই নেকি?”

“মোৰ মূৰৰ বিষ হৈ আছে”- স্বামীয়ে উত্তৰ দিলে।

“বুৰ্বক, এতিয়াই সাজু হগৈ আৰু স্কুললৈ যা।”

“কিন্তু মোৰ মূৰ বিষাই আছে যে!”

“দেওবাৰৰ দিনা টিঘিল-ঘিলাই নুফুৰিবি তেনেহ’লে, তেতিয়া সোমবাৰে মূৰৰ বিষো নহয়।”

স্বামীয়ে ভালকৈ জানে দেউতাক কিমান কঠোৰ, সেয়ে সি বেলেগ এটা বুদ্ধি ভাবিলে আৰু ক’লে,

“মই এতিয়া ইমান দেৰিকৈ স্কুললৈ যাব নোৱাৰিম!”

“মই মানিছোঁ, কিন্তু তই যাবই লাগিব। তোৰহে ভুল আছিল। নাযাওঁ বুলি সিদ্ধান্ত লওঁতে মোক সুধিছিলি নেকি?”

“ইমান দেৰিকৈ গ’লে ছাৰে কি ভাবিব?”

“তেওঁকো কৈ দিবি আক’ মূৰৰ বিষ হৈ আছিল বুলি!”

“মই এনেকৈ ক’লে তেওঁ মোক মাৰিব।”

“মাৰিব? কোনে মাৰিব? নাম ক, ময়ো চাই ল’ম তেওঁক।”

“চেমুৱেল”

“তেওঁ ল’ৰাবোৰক মাৰে নেকি?”

“খুব মাৰে। যিবিলাক ল’ৰা দেৰিকৈ স্কুললৈ আহে, সেইবিলাকক বেছিকৈ মাৰে। অলপ দিন আগতে দেৰিকৈ অহা ল’ৰা এটাক শ্ৰেণীৰ চুক এটাত গোটেই পিৰিয়ডটো আঁঠু কঢ়াই থ’লে। ইমানতো তেওঁ শান্তি নাপালে, বেটেৰে কেইবাচাতো দিলে আৰু কাণমলাও দিলে। মই চেমুৱেল ছাৰৰ ক্লাছত কোনো পধ্যেই দেৰিকৈ যাব নোৱাৰোঁ দেই।”

“তেওঁ যদি ইমানেই মাৰ পিট কৰে, তেনেহ’লে তহঁতে হেড মাষ্টৰৰ ওচৰত গোচৰ নিদিয় কিয়?”

“তেওঁ কয়, তেওঁ বোলে হেডমাষ্টৰ ছাৰকো ভয় নকৰে। বৰ বেয়া মানুহজন।”

ইয়াৰ পাছত স্বামীয়ে দেউতাকৰ আগত চেমুৱেল ছাৰৰ মাৰ পিটৰ ঘটনা বৰ্ণনা কৰাত লাগি গ’ল। সি ক’বলৈ ধৰিলে চেমুৱেল ছাৰে যেতিয়া মাৰিবলৈ ধৰে, ল’ৰাৰ হাতৰপৰা তেজ নোলোৱালৈকে মাৰিয়েই থাকে। তাৰ পাছত মাৰ খোৱা ল’ৰাটোক তাৰ তেজ ওলোৱা হাতখন কপালত ঘঁহিবলৈ কয়, যাতে কপালখন ৰঙা হৈ জিলিকি থাকে। স্বামীয়ে ভাবিছিল ইমানখিনি কোৱাৰ পাছততো দেউতাকে মানি ল’ব আৰু তাক আজি স্কুললৈ নপঠাব।

কিন্তু সি ভবাটোৰ ওলোটাহে হ’ল। তেওঁ ইতিমধ্যে উত্তেজিত হৈ পৰিছিল। তেওঁ ক’বলৈ ধৰিলে, “আমাৰ ল’ৰাক ইমান বেয়াকৈ মাৰিবলৈ তাক কোনে অধিকাৰ দিলে! এনেকুৱা মানুহক চাকৰিৰপৰাই খেদাব লাগে, মইও চাই ল’ম ৰহ।”

ফলাফল এইটোহে হ’লগৈ যে, তেওঁ পুতেকক আজি দেৰিকৈয়ে স্কুললৈ পঠাবলৈ জেদ ধৰিলে। তেওঁ স্বামীৰ হাতত হেডমাষ্টৰলৈ চিঠি এখনো লিখি দি পঠাবলৈ ঠিক কৰিলে। স্বামীয়ে বিৰোধিতা কৰিছিল যদিও দেউতাকৰ আগত তাৰ কোনো বাধা নৰজিল।

স্বামী সাজু হয় মানে দেউতাকে হেড মাষ্টৰৰ নামত দীঘল চিঠি এখন লিখি পেলালে। সেইখন খাম এটাত ভৰাই আঠা লগাই বন্ধও কৰিলে।

অধৈৰ্য হৈ স্বামীয়ে দেউতাকক সুধিলে,

“দেউতা আপুনি চিঠিত কি কি লিখিলে?”

“ইয়াত তোৰ বাবে একো নাই। তই মাত্ৰ গৈয়েই চিঠিখন হেডমাষ্টৰক দিবি আৰু তাৰপাছত নিজৰ শ্ৰেণীত সোমাবি।”

“আপুনি ইয়াত চেমুৱেল ছাৰৰ কথা কিবা লিখিছে নেকি?”

“অ’, চেমুৱেলৰ কথাই লিখিছোঁ। এইখন পঢ়াৰ পাছত তেওঁ চাগে চেমুৱেলক স্কুলৰ পৰা উলিয়ায়েই দিব! পুলিচৰ ওচৰতো গতাই দিব পাৰে হয়তো!”

“তেওঁ কি কৰিলে দেউতা?”

“যি কৰিলে, সকলো ইয়াত লিখা আছে। তই মাত্ৰ হেডমাষ্টৰক এইখন দি দিবি আৰু স্কুলৰপৰা ঘূৰি আহোঁতে তেওঁ লিখি দিয়া উত্তৰৰ টোকাটো আনি মোক দেখুৱাবিহি।”

স্বামী স্কুলৰ দিশে আগবাঢ়িল। তাৰ মনত এনেকুৱা লাগিবলৈ ধৰিলে, সি যেন পৃথিৱীৰ সকলোতকৈ মিছলীয়া প্ৰাণীটো হ’বলৈ গৈ আছে। সি তীব্ৰ অন্তৰ্দন্দত ভুগিবলৈ ধৰিলে। কাৰণ সি নিজেই ভালকৈ নাজানে সি দেউতাকক কোৱা কথাবোৰ কিমান সঁচা আৰু কিমান কল্পনা! ৰাস্তাৰ কাষত অলপ সময় ৰৈ সি চেমুৱেল ছাৰৰ বিষয়ে মনতে ভাবিলে। তাৰ এনেকুৱা লাগিল, চেমুৱেল ছাৰ হয়তো ইমানো বেছি বেয়া নহয়।

সি নিজৰ ক্ষেত্ৰত যদি ভাবে, তেন্তে আনৰ তুলনাত তেওঁ স্বামীৰ প্ৰতি বেছ মৰমিয়াল আৰু নৰম। কেতিয়াবাতো তেওঁ স্বামীক লৈ কিছুমান কৌতুক কৈ শ্ৰেণীৰ সকলোকে হঁহুৱায়। স্বামীয়েও বেয়া নাপায়। ভাবে, মই আনৰ তুলনাত অসাধাৰণ, সেয়েহে ছাৰে মোক এনেকৈ জোকাই ধেমালি কৰে।

কিন্তু এইটো কথাও মিছা নহয় যে তেওঁ আনৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ। তেওঁৰ বেটৰ কোবে ল’ৰাৰ হাতৰ চাল ছিঙি দিয়ে। স্বামীয়ে এনেকুৱা দুই এটা ঘটনা মনত পেলাবলৈ যত্ন কৰিলে। কিন্তু তাৰ মনলৈ তেনেকুৱা একো ঘটনাই নাহিল। বহুত বছৰ আগতে হেনো তেওঁ প্ৰথম শ্ৰেণীৰ ছাত্ৰ এজনক মাৰিছিল। হাতৰপৰা ওলোৱা তেজ ল’ৰাটোৰ কপালত সানিবলৈ কৈছিল। কিন্তু সেই ঘটনাটোও আচলতে কোনেও দেখা নাছিল। বছৰ বছৰ ধৰি এই কাহিনীটো সকলো ল’ৰাৰ মুখে মুখেহে চলি আহিছে।

চেমুৱেলৰ কঠোৰ ব্যৱহাৰৰ বিষয়ে ভাবি ভাবি স্বামীৰ মনত তোলপাৰ লাগিবলৈ ধৰিলে। তেওঁ আচলতে ভাল নে বেয়া এইবিলাক ভাবি ভাবি তাৰ মূৰ ঘূৰাই গ’ল। চিঠিত যিবিলাক অভিযোগ লগোৱা হৈছে, সেইয়া লগোৱা উচিত নে অনুচিত সি ভাবিয়েই পাৰ নাপালে।

স্বামীয়ে এবাৰ ভাবিলে, ঘৰলৈ ঘূৰি গৈ দেউতাকক চিঠিখন ঘূৰাই ল’বলৈ অনুৰোধ কৰাই ভাল হ’ব। কিন্তু সি জানে, তাৰ দেউতাক কিমান জেদী, তেওঁ কেতিয়াও মানি নল’ব।

স্কুলৰ হালধীয়া ঘৰটোৰ ফালে আগুৱাই যাওঁতে সি ভাবি গ’ল, আজি তাৰ মিছা কথাৰ বাবেই ছাৰৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব। হেড ছাৰে চাগে চেমুৱেল ছাৰক চাকৰিৰপৰা উলিয়ায়েই দিব। হয়তো পুলিচৰ হাততো গতাই দিব পাৰে। কি ঠিক, হয়তো পুলিচেও তেওঁক গ্ৰেপ্তাৰ কৰি লৈ গৈ জেইলত ভৰাই থ’ব। আৰু তেওঁৰ সেই চিন্তা, কষ্ট, অপমানৰ বাবে কোন জগৰীয়া হ’ব? চিন্তা কৰিয়েই স্বামীৰ বুকু কঁপি উঠিল। যিমানেই সি চেমুৱেল ছাৰৰ কথা ভাবিবলৈ ধৰিলে, সিমানেই তাৰ মনটো দুখেৰে ভৰি পৰিল। তেওঁৰ চেহেৰাটো বাৰে বাৰে তাৰ চকুৰ আগলৈ আহিবলৈ ধৰিলে। তাৰ মনৰ দুখ বাঢ়ি গৈ থাকিল। সি পকেটত থকা চিঠিখন এবাৰ চুই চালে। তাৰ এনেকুৱা লাগিল যেন সি কাৰোবাক ফাঁচী দিবলৈহে গৈ আছে। একমুহূৰ্তৰ বাবে দেউতাকৰ ওপৰতো তাৰ প্ৰচণ্ড খং উঠিল। সি ভাবিলে এনেকুৱা জেদী মানুহৰ চিঠি নলাত পেলাই দিয়াই ভাল, যি লোকৰ কথা অলপো শুনিবই নিবিচাৰে।

যেতিয়াই সি স্কুলৰ গেটৰ ভিতৰত সোমাল, তাৰ মনলৈ এটা কূটবুদ্ধি আহিল। এইটোৱে হয়তো এক প্ৰকাৰে তাৰ সমস্যাৰ সমাধান কৰিব পাৰিব। সি ভাবিলে, এতিয়াই সি চিঠিখন হেডমাষ্টৰ ছাৰক নিদিয়ে, দিনটোৰ শেষত দিব- দেউতাকৰ আদেশ ইমানকণতো সি আওকাণ কৰিব পাৰেই আৰু নিজৰ স্বাধীনতাৰ সদ-ব্যৱহাৰ কৰিব পাৰে। এইটো একো বেয়া কথা নহয়। দেউতাকেও একো গম নাপাব। দিনটোৰ শেষত চিঠিখন দিলে অন্ততঃ সি এটা সুযোগ পাব। হয়তো দিনটোত চেমুৱেল ছাৰে এনেকুৱা কিবা ব্যৱহাৰ কৰিবও পাৰে, যিটোৱে চিঠিত লিখা কথাখিনি অলপ হ’লেও সঁচা প্ৰমাণিত কৰে।

স্বামী শ্ৰেণীৰ দুৱাৰমুখত থিয় হ’ল। চেমুৱেল ছাৰেই গণিতৰ পাঠ পঢ়াই আছিল। তেওঁৰ চকু স্বামীৰ ওপৰত পৰিল। স্বামীৰ এনেকুৱা লাগিল যেন তেওঁ এতিয়া বেটেৰে কোবাই তাৰ পিঠিৰ ছাল উঠাই দিব। কিন্তু চেমুৱেল ছাৰে মাত্ৰ সুধিলে,

“তুমি এতিয়াহে ক্লাছলৈ আহিছা নেকি?”

“হয় ছাৰ।”

“তুমি আধা ঘণ্টা পলম কৈ আহিছা।”

“মই জানো ছাৰ”-স্বামীৰ পূৰা বিশ্বাস হৈ গৈছিল যে চেমুৱেল ছাৰে এতিয়া তাক বেটেৰে কোবাবই। সি আনকি মনতে তিৰূপতি ভগৱানকো প্ৰাৰ্থনা কৰিছিল, চেমুৱেল ছাৰে যেন তাক কোবায়।

“তোমাৰ কিয় পলম হ’ল?”

স্বামীয়েতো ক’বলৈ বিচাৰিছিল যে, চাবলৈ বিচাৰিছিলোঁ দেৰিকৈ আহিলে আপুনি কি কৰে! কিন্তু সি মাত্ৰ ক’লে, “মূৰৰ বিষ হৈছিল ছাৰ।”

“তেনেহ’লে তুমি স্কুললৈ আহিলানো কিয়?”

চেমুৱেল ছাৰৰপৰা সি এনেকুৱা প্ৰশ্নৰ আশা কৰা নাছিল।

স্বামীয়ে ক’লে- “মোৰ দেউতাই কয়, মই ক্লাছ ক্ষতি কৰা উচিত নহয়। সেয়েহে আহিলোঁ, ছাৰ।”

চেমুৱেল ছাৰে কথাটো শুনি বৰ সন্তোষ পালে। তেওঁ ক’লে,

“তোমাৰ দেউতাই ঠিক কথাই কৈছে; বৰ জ্ঞানী মানুহ তেখেত। আমি বিচাৰো সকলোৰে মাক দেউতাক তেখেতৰ দৰেই হওক।”

“উফ বেচেৰা! তেওঁ গমেই পোৱা নাই তেওঁৰ বাবে দেউতাই কি ব্যৱস্থা কৰি পঠাইছে” – স্বামীয়ে মনতে ভাবিলে। লগতে চেমুৱেল ছাৰ সঁচাই কঠোৰ আৰু নৃশংস হয় নে নহয় সেইটো বিষয়ত সি আৰু দোধোৰ মোধোৰত পৰিল।

“ঠিক আছে, এতিয়া যোৱা নিজৰ ঠাইত গৈ বহা। এতিয়াও তোমাৰ মূৰৰ বিষ আছেই নেকি?”

“অলপ অলপ আছে, ছাৰ”

স্বামী নিজৰ ঠাইত গৈ বহিল। তাৰ অন্তৰখন দুখত ফাটি যাওঁ যেন কৰিছে। সি আজিলৈকে চেমুৱেল ছাৰৰ দৰে ইমান মৰমীয়াল মানুহ লগ পোৱা নাই।

ছাৰে ল’ৰাবোৰৰ বহীত ‘হোমৱৰ্ক’ চাই আছিল। বেছি ভাগ মাৰ পিট এইটো সময়তেই হয়- স্বামীয়ে অন্ততঃ এনেকৈয়ে ভাবে। ছাৰে বহীবোৰ ল’ৰাবোৰৰ মুখলৈ দলিয়াই দিয়ে। কাৰোবাক বেয়াকৈ মাৰ পিট কৰে, কাৰোবাক বেঞ্চৰ ওপৰত ঠিয় কৰায়।

কিন্তু আজিচোন চেমুৱেল ছাৰ বেছিয়েই নৰম হৈ আছে। তেওঁৰ সহ্যৰ যেন আজি কোনো সীমা নাই। যিবিলাক বহীত কাম সম্পূৰ্ণ হোৱা নাছিল, সেইবিলাক তেওঁ মাত্ৰ ঠেলি আঁতৰাইহে থ’লে। কাৰো মুখলৈ দলিয়াই নিদিলে। বেঞ্চৰ ওপৰতো কাকো এক দুই মিনিটৰ বেছি সময় উঠাই নথলে। এসময়ত স্বামীৰো পাল পৰিল। সি ভগৱানক প্ৰাৰ্থনা কৰি আছিল যেন তাৰ মনোবাঞ্ছা পূৰণ কৰে।

“স্বামীনাথন, তোমাৰ ‘হোমৱৰ্ক’ ক’ত?”

“মই ‘হোমৱৰ্ক’ কৰাই নাই ছাৰ” – স্বামীয়ে ৰুক্ষ সুৰেৰে উত্তৰ দিলে।

“কিয়, মূৰৰ বিষৰ কাৰণে?” – চেমুৱেল ছাৰে সুধিলে।

“হয়, ছাৰ।”

“ঠিক আছে, কোনো কথা নাই। বহা।”

আচৰিত হৈ স্বামী নিজৰ ঠাইত বহি পৰিল। সি ভাবি আচৰিত হৈছে, আজি চেমুৱেল ছাৰৰ হৈছে কি? পিৰিয়ডটো শেষ হোৱালৈ স্বামী নিৰাশ হৈ পৰিল।

দিনৰ শেষৰ পিৰিয়ডটোও চেমুৱেল ছাৰৰে আছিল। এইবাৰ তেওঁ ভাৰতৰ ইতিহাস পঢ়াবলৈ আহিছিল। দুপৰীয়া তিনি বাজি পঞ্চলিছ মিনিটত পিৰিয়ডটো আৰম্ভ হৈ চাৰে চাৰি বজাত শেষ হ’বলগীয়া আছিল। দিনটো স্বামীয়ে অকল এইটোৱেই চিন্তা কৰিলে, কেনেকৈ চেমুৱেল ছাৰক উচতাই খং উঠাব পৰা যাব! কিন্তু সি একো উপায় ভাবি নাপালে। ঘড়ীত চাৰি বজাৰ লগে লগে সি আৰু বেছি চঞ্চল হৈ পৰিল। আৰু মাত্ৰ আধা ঘণ্টাহে বাকী আছেগৈ। চেমুৱেল ছাৰে ভাস্কো ডা গামাৰ ভাৰত আগমনৰ বিষয়ে পঢ়াই আছিল। ভাগৰি জোগৰি ল’ৰাবোৰে তেওঁৰ পাঠটো শুনি আছিল।

তেনেকুৱাতে স্বামীয়ে চিঞৰি প্ৰশ্ন কৰিলে, “কলম্বাছ ভাৰতলৈ কিয় নাহিল ছাৰ?”

“তেওঁৰ ৰাস্তা ভুল হ’ল!”

“মই এইটো বিশ্বাস নকৰোঁ, বিশ্বাস কৰিব পৰা কথাই নহয় এইটো।”

“কিয়?”

“ইমান ডাঙৰ আৰু মহান মানুহ, তেওঁনো ৰাস্তাটোকে চিনি নাপাব নে?”

“ইমান চিঞৰিছা কিয়? মই সৰুকৈ ক’লেও শুনিম নহয়।”

“মই চিঞৰা নাই, ছাৰ। মোৰ মাতটোৱেই ডাঙৰ, যিটো মোক ভগৱানে জন্মতেই দি পঠাইছে। মইনো কি কৰিব পাৰো?”

“মনে মনে থাকা, আৰু মনে মনে বহি থাকা।”

স্বামীনাথন বহিল। তথাপি তাৰ নিজৰ সফলতাত অলপ মনটো ভাল লাগিল। শিক্ষকে আচৰিত হৈ অলপ সন্দেহেৰে তালৈ চালে আৰু আকৌ পঢ়াবলৈ আৰম্ভ কৰিলে।

প্ৰথম বেঞ্চত বহা শঙ্কৰে ছাৰক প্ৰশ্ন কৰিলে, “ছাৰ, ভাস্কো ডা গামা ভাৰতলৈ অহা প্ৰথম মানুহ আছিল নেকি?”-লগে লগে স্বামীয়ে আকৌ সুবিধা পালে।

ছাৰে কিবা কবলৈ পোৱাৰ আগতেই সি তাৰ বেঞ্চৰপৰাই চিঞৰি মাত দিলে, “সেইটোৱেইতো তেওঁ ইমান সময়ে কৈ আছে।”

শিক্ষকৰ সৈতে শ্ৰেণীৰ সকলোৱে স্বামীৰ ফালে ঘূৰি চালে। আজি স্বামীৰ এনেকুৱা ব্যৱহাৰে সঁচাকৈ তেওঁক আচৰিত কৰিছে। পঢ়াই থকাৰ মাজত বাৰে বাৰে চিঞৰি সি অশান্তি কৰি আছে।

“স্বামীনাথন, তুমি আকৌ চিঞৰিছা।” তেওঁ ক’লে।

“মই চিঞৰা নাই, মোক ভগৱানে ইমান ডাঙৰ মাত দিছে মই কি কৰিব পাৰো?”

ইতিমধ্যে পোন্ধৰ মিনিট পাৰ হ’লেই। আৰু পোন্ধৰ মিনিট পাছত পিৰিয়ড শেষ হ’বই। স্বামীয়ে ভাবিলে, এই শেষৰ পোন্ধৰ মিনিটতেই সি ডাঙৰ কিবা এটা কৰিবই লাগিব। চেমুৱেল ছাৰৰ তাৰ ওপৰত খং উঠিছিল, এবাৰ ধমকিও দিলে। কিন্তু এইয়াইতো যথেষ্ট নহয়। স্বামীয়ে ভাবিলে, সি যদি আৰু অলপ চেষ্টা কৰে, তেন্তে চেমুৱেল ছাৰে চাকৰিৰপৰা বৰ্খাস্ত হ’বলগীয়া আৰু জেইললৈ যাবলগীয়া কিবা এটা নিশ্চয় কৰিব।

শিক্ষকে ইতিমধ্যে পাঠটো পঢ়াই শেষ কৰিলে। তেওঁ শেষৰ সময়কণ ল’ৰাহঁতক প্ৰশ্ন কৰিবৰ বাবে ৰাখিছিল। তেওঁ ল’ৰাহঁতক কিতাপ জপাবলৈ ক’লে আৰু কোনোবা এজন ছাত্ৰক সুধিলে, “ভাস্কো ডা গামা ভাৰতলৈ কোন চনৰ কোন তাৰিখে আহিছিল?”

মাজতেই স্বামীনাথনে চিঞৰি মাত দিলে, “২০ ডিচেম্বৰ ১৬৪৮ ত, ছাৰ।”

“তই চিঞৰাৰ প্ৰয়োজন নাই।” আৰু লগতে সুধিলে, “মূৰৰ বিষত তই পগলা হ’লি নেকি?”

“মোৰ এতিয়া অলপো মূৰৰ বিষ নাই, ছাৰ।” স্বামীয়ে তপৰাই পুনৰ চিঞৰিয়েই উত্তৰ দিলে।

“বহি থাক, বুৰ্বক।”

বুৰ্বক বুলি কোৱা শুনিয়েই স্বামীৰ মনটো ভাল লাগি গ’ল।

“আকৌ যদি থিয় হৱ, মই বেটেৰে কোবাম তোক।”-শিক্ষকে খঙেৰে ক’লে।

স্বামী বহিল। তাৰ এনেকুৱা লাগিল, তাৰ উদ্দেশ্য সিদ্ধি হ’বই আৰু এতিয়া।

তেনেকুৱাতে শিক্ষকে ক’লে,

“মই এতিয়া মোগলৰ সময়ৰ বিষয়ে প্ৰশ্ন কৰিম। মোগল শাসকসকলৰ মাজত কোনজনক সকলোতকৈ মহান বুলি কোৱা হয়? কাক সকলোতকৈ শক্তিশালী বুলি কোৱা যায়? আৰু সকলোতকৈ ধাৰ্মিক কোন আছিল?”

স্বামী আকৌ থিয় হ’ল। তাক দেখিয়েই শিক্ষকে খঙত চিঞৰি ক’লে,

“তই বহি থাক।”

“মই উত্তৰ দিব বিচাৰো, ছাৰ”

“বহ বুলি কৈছোঁ নহয়”

“নহয় ছাৰ, মই উত্তৰ দিমেই।”

“আকৌ যদি তই থিয় হৱ, মই যিটো কৈছিলোঁ সেইটোৱেই কৰিম কিন্তু।”

“ছাৰ, আপুনি কৈছিল, আপুনি মোক বেটেৰে পিটিব। মোৰ হাতৰ ছাল ছিঙি দিব আৰু তাৰপৰা ওলোৱা তেজ মোৰ কপালত ঘঁহিবলৈ দিব।”

“একদম ঠিক; এইফালে আহ।”

স্বামীনাথনে মনৰ ফুৰ্তিতে একে দৌৰে ছাৰৰ ওচৰত গৈ হাজিৰ হ’ল।

শিক্ষকে টেবুলৰ ড্ৰয়াৰটো খুলিলে আৰু তাৰ পৰা তেওঁৰ বেটডাল উলিয়ালে। জোৰেৰে চিঞৰি ক’লে,

“বদমাছ, হাত পাত।”

দুইখন হাততে তেওঁ তিনিচাটকৈ দিলে। স্বামীয়ে মনে মনে সেইয়া সহ্য কৰিলে। তেনেতে শিক্ষকে সুধিলে,

“ইমানেই হ’বনে, আৰু দিওঁ দুচাটমান?”

স্বামীয়ে আকৌ হাত আগুৱাই দিলে। শিক্ষকেও দুইখন হাততে আৰু দুছাত কৈ লগাই দিলে। তেনেকুৱাতে স্কুল ছুটী হোৱাৰ ঘণ্টা বাজিলে। স্বামীৰ মনটো এতিয়াহে পাতল লাগিল। স্বামী নিজৰ বেঞ্চ লৈ ঘূৰি আহিল। নিজৰ কিতাপ পত্ৰসমূহ সামৰিলে, আৰু দেউতাকে দিয়া চিঠিখন হাতত লৈ হেডমাষ্টৰৰ কোঠাৰ ফালে দৌৰিলে। পিছে দুৱাৰত তলা মৰা আছিল।

সি পিয়নজনক সুধিলে, “হেডমাষ্টৰ ছাৰ ক’ত আছে?”

“তোমাৰ তেওঁৰ লগত কি কাম আছিল?”

স্বামীয়ে চিঠিখন দেখুৱালে।

“আজি তেওঁ দুপৰীয়াই ঘৰলৈ গ’ল। এসপ্তাহৰ ছুটি লৈছে। তুমি ইচ্ছা কৰিলে চিঠিখন সহকাৰী হেডমাষ্টৰক দিব পাৰা।

“তেওঁ কোননো?”

“কিয়, তোমালোকৰ চেমুৱেল ছাৰ! তেওঁ সেই দ্বিতীয়টো কোঠাত বহে।”

এইখিনি শুনিয়েই স্বামী তাৰ পৰা পলাল।

চিঠিখন লৈ ঘৰ পাওঁতেই দেউতাকৰ সৈতে মুখামুখি হ’ল।

স্বামীক দেখা পায়েই তেওঁ ক’লে,

“ভয়াতুৰ, মই জানিছিলোৱেই, তই যে এইখন হেড মাষ্টৰক দিবগৈ নোৱাৰ।”

“মই শপত খাই কৈছোঁ, আমাৰ হেডমাষ্টৰ ছাৰ ছুটীত আছে।”- স্বামীয়ে ক’লে।

দেউতাকে ক’লে, “নিলাজৰ নিচিনাকৈ এটাৰ পাছত এটা মিছা মাতি নাথাকিবি।”

হাতত লেফাফাটো লৈ থকা স্বামীয়ে ক’লে, “যেতিয়াই তেওঁ স্কুললৈ আহিব, মই এইটো তেওঁক দিমেই দিম।”

দেউতাকে তাৰ হাতৰপৰা লেফাফাটো কাঢ়ি ল’লে। টুকুৰা টুকুৰকৈ সেইটো ফালি জাবৰৰ লগত পেলাই দি ক’লে, “এতিয়াৰেপৰা আৰু মোৰ ওচৰত একো সহায় নিবিচাৰিবি। চেমুৱেলে তোৰ ডিঙিত চেপা দিলেও দিয়ক। তই সেই চেমুৱেলৰেই যোগ্য।”
☆ ★ ☆ ★ ☆

5 Comments

  • সাংঘাটিক ছাত্ৰ হে, ভাল লাগিল পঢ়ি।

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ ভাইজান

      Reply
  • ৰাজশ্ৰী শৰ্মা

    বঢ়িয়া অনুবাদ। ভাল লাগিল পঢ়ি।

    Reply
    • অনুৰূপ মহন্ত

      অশেষ ধন্যবাদ

      Reply
  • Jyotshna Rani Das

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.