ফটাঢোল

দেউতাৰ বিয়া – দেৱজিত শইকীয়া

চা ৰসেশ্বৰ, বিয়াখন তই পাতিবই লাগিব৷ কথা ইমানেই,  চেলবেলাই থাকি লাভ নাই মুঠতে বিয়াৰ যোগাৰ কৰ৷ গাঁৱত ৰজনজনাই যাব লাগিব৷ গাওঁবুঢ়া দাইতিৰ কথাত ৰসেশ্বৰে বোলে ককাইদেউ, ল’ৰাহঁতে শুনিলে কি ক’ব?  সিহঁতে গম নোপোৱাকৈ মনে মনে কিবাকৈ মিলাই থব নোৱাৰিনে?

গাঁওবুঢ়াই বোলে এতিয়া সেইবোৰ ভাবি লাভ নাই৷ কইনা আনোঁতেই ভাবিব লাগিছল৷ মাজতে লাহনে মাত দিলে বোলে ডিঙিটো তিয়াবলৈ কিবা এটা যোগাৰ কৰিবি৷ বিয়া বুলি ক’লে ডেকাবোৰে সেইটুপি ধৰি ফুৰ্তি কৰে৷ আমি কিয় নকৰিম৷

বোধেশ্বৰে লাহনক ধমক দি বোলে তোক চাই আছো,  ডেকামখাৰ লগত বহি সন্ধিয়া জিৰণি চ’ৰাত বহি প্লাষ্টিকৰ গিলাছ যোগান ধৰি এটুপা ধৰা৷ ঘৈণীয়েৰে পিঠি বহল কৰাৰ পিচতো তোৰ লাজ নহ’ল৷ লাহন তাতে তাপ মাৰিলে৷

তামোলৰ বটাটো দিব অহা সেউতীক ৰসেশ্বৰে বোলে গাঁওবুঢ়া দাইতিৰ কথা শুনিলি নহয়,  কাঢ়া অৰ্ডাৰ,  বিয়াখন নপতাকৈ নহ’ব বুজিছ৷ সকলো ঘৰাঘৰি যোৱাৰ পিচত সেউতিয়ে ৰসেশ্বৰক বোলে শুনিছে, ডাঙৰ পোনাক লগৰবোৰে জোকাইছে বোলে দেউতাৰৰ বিয়া খাব যাবিনে নাই?  ৰসেশ্বৰে বোলে এৰা অ’ , বৰ ভুল কৰি পেলালো৷ সি সাধা ল’ৰা বুলিহে৷ কথাতে যে কয় যে বাপেৰৰ বিয়া দেখি যাবি, তাৰো ভাগ্যখন চাছোন,  বাপেকৰ বিয়া দেখিহে এৰিলে৷ তাৰো কঁপালত লিখি আনিছে৷

সেউতীয়ে বোলে থওক হেৰৌ কিমান ক’লো,  কিমান বুজালো মই,  মোৰ কথা এবাৰো নুশুনিলে৷ আগ পিচ নাচাই কাম কৰিলে৷ মোক নাপালে মৰি যাম,  এতিয়া লাজত মৰিছে কেলেই?

ৰসেশ্বৰে বোলে হেৰৌ. জাতে-পাতে নিমিলে,  বাপেৰ-মাৰে নিদিয়ে,  আৰু ৰাইজৰ,  গোটেইখন ৰাইজ এফালে,  তই-মই এফালে৷ চবৰে চকুত ধূলি দি তোক আনিলো, সেইটো হ’লে নকৱ! মই অমুকাই আনিলো বুলিহে,  নহলে ঘৰতে বুঢ়ি হৈ থাকিলি হয়৷

সেউতীয়ে বোলে কোনোবাইহে নদীত জাপ দিম কৈছিল,  অমুকীয়ে নহয়৷ অমুকীক নিবলৈ দহখন গাঁৱৰ ডেকা লাইন লাগি আছিল৷ কাৰোবাৰ হে আনলৈ যাম বুলি মোক আনিবলৈ থৰকাচুত্তি হেৰাইছিল৷

ৰসেশ্বৰে বোলে, হ’ব ফেপেৰি পাতি নাহিবি৷ মই আনিলো বুলিহে হাঁড় শুদ্ধি হ’ল, নহ’লে আবিয়ৈ হৈ হাঁড়ত বন গজিল হয়! মোকো ডিম্ব দাইতিৰ পুৰ্ণিমাক যাঁচি আছিল৷ চহৰত মাটি-ঘৰো দিম বুলিছিল৷ সেইবোৰ লাঠ মাৰি তোক আনিছিলো৷

সেউতিয়ে বোলে থক হেৰৌ গোটেই অল ইন্দিয়াই জানে আপুনি এসময়ত পদুলি শুঙা আছিল বুলি৷ মই আজলীজনী (আচলেৰে চকু মচি) দেশ দুনিয়াৰ একো ভূ- ভা নাপালো,  চলাহি কথাত ভোল গৈ গুছি আহিলো৷

ৰসেশ্বৰে বোলে হেৰৌ মৰতি মই যদি তোৰ ইমান অপচন্দই আছিলো এমব্ৰইডেৰী কৰা ৰূমালৰ চুকত মোৰ নাম লিখি মৰিছিলি কিয়?

এনেতে শুকান খুড়াদেউৱে চোতালৰ পৰাই গলহেঁকাৰি এটা দি বোলে ৰসেশ্বৰ, ৰাইজে মোৰ ঘৰকেই দৰাঘৰ পাতিছে৷ দৰাৰ বাপেক বুলি সেৱা এটা কৰ হি আহ!

ৰসেশ্বৰে বোলে ককাইদেউ এই সাপেখাটিক যি আনিলো আনিলো,  এনে মুখ আগলিকা ডাংকাতি জনিক বিয়া পাতি হুমৰ গুৰিত সাতপাক ঘুৰি সাতজনমলৈ ৰাখিব নোৱাৰো৷

সেউতীয়ে বোলে জীৱনটো গেবাৰি উকটিলো,  মুখৰ আগত লাগ বুলিলেই যতনাই দিলোঁ তথাপি বুঢ়াই কথাই প্ৰতি সতিনিজনীৰ গুন বখানিব নেৰে৷ যাওঁক এতিয়াও আনকগৈ ডিম্ব দাইতিৰ পূৰ্ণিমাক৷ মইও চাম তাই বেটি কোন স’তে আপোনাৰ দৰে এটাৰ লগত কিমান দিন সংসাৰ কৰে!

শুকান খুড়াদেউৱে বোলে হেৰৌ কালিলৈ বিয়া,  দুইতা সাপ-নেউল,  আকৌ লাগিলি৷ বোলো ডাঙৰ পোনা, বাপেৰ-মাৰক পাৰিলে অলপ বুজা আৰু তই আকৌ কালিলৈ পুৱাতেই ঘৰৰ পৰা বেলেগত ক’ৰবাত থকা ব্যৱস্থা কৰিবি৷

ৰসেশ্বৰ আৰু সেউতীৰ কথাই লাহে লাহে যুদ্ধলৈ যোৱাৰ আগতে সদায় একেখিনি কথাকে শুনি শুনি কাণ ঘুগুলা হোৱা ডাঙৰপোনা ওলাই আহি শুকান খুড়াদেউক বোলে মই সখীৰ ঘৰতে থাকিম কালিলৈ৷ ৰসেশ্বৰক বোলে পিতাইঅ’,  দুদিন পিচত মোৰ বিয়া,  ঘৰলৈ ন-বোৱাৰী আহিব৷ এতিয়াওনো তহঁত দুটাই এনেকৈ লাগি থাকিব লাগেনে?  সময়ত নাপাতিলি,  এতিয়া বুঢ়া বিয়া পাতি মোকো বাপেকৰ বিয়া দেখাইছ,  হেৰৌ সমনীয়াই সুধি ফুৰিছে বোলে দেউতাৰৰ বিয়া কেতিয়া?  হেৰৌ বিয়াত মাতোতেও চুবুৰিয়াক মাতিছো, বোলো আঘোণৰ চাৰি তাৰিখে মোৰ আৰু দুই তাৰিখে দেউতাৰ বিয়া,  সপৰিয়ালে নিমন্ত্ৰণ দিলোঁ৷

সেউতীয়ে ঠেকেচকৈ ৰসেশ্বৰৰ দৰাৰ যা-যোগাৰবোৰ দি শুকান খুড়াদেউক বোলে ককাইদেউ মোৰ ডিচিচন চেঞ্জ হোৱাৰ আগতে এইজনক আজিয়েই লৈ যাওক৷ কালিলৈ একেবাৰে দৰা সাজত পঠাই দিব৷ মিচিক কৈ লাজকুৰীয়া  হাঁহিটো মাৰি বোলে মইও চাঁও তেখেতক দৰা সাজতনো দেখিবলৈ কেনেকুৱা লাগে……..

☆★☆★☆

 

15 Comments

  • Silpasree

    পুনৰ এবাৰ পঢ়িলো। খুব ভাল লাগিল।

    Reply
  • Manash saikia

    বৰ সুন্দৰকৈ লিখিলা৷
    ডাঙৰপোনাক বাপেকৰ বিয়া দেখুৱাই দিলা৷

    Reply
  • জিমী শ‌ইকীয়া

    বৰ হাঁহিলো দেই।বুঢ়া বিয়া পতাৰ কথাটো পঢ়ি।

    Reply
  • শুনিহে আছিলো এইবাৰ পঢ়িলোঁ। বৰ আমোদ পালোঁ

    Reply
  • Bhupen Angad Lahkar

    মজা । খা বাপ্পেকে বাপেৰৰ বিয়া ।

    Reply
  • ভাল লাগিল।

    Reply
  • ভাল লাগিল

    Reply
  • অৰ্চনাময়ী বড়া

    ভাল লাগিল পঢ়ি

    Reply
  • Luku Dutta Borah

    বৰ ভাল লাগিল

    Reply
  • Gitika Saikia

    তোমাৰ প্ৰতিটো লিখনিয়েই অন্যন্য হয়, পৃথক হয়। সেইটোৱেই তোমাৰ লিখনিৰ সফলতাৰ মূল। এইটোও বহুত ভাল লাগিল।

    Reply
  • Hiranmoy Talukdar

    ধুনীয়া লাগিছে পঢ়ি।

    Reply
  • চিদানন্দ বৰা

    আকৌ দেই ৷

    Reply
  • NabaKrishna Deka

    ভল লাগিল!

    Reply
  • হেমন্ত কাকতি

    পঢ়ি থাকোতে গাওঁ এখনৰ ছবি এখন ভাঁহি উঠিল৷ বৰ মনোমোহাকৈ লিখা তুমি! এইটোও কোনো গুনে কম নহয়!

    Reply
  • Prabhat Kalita

    বৰ ভাল লাগিল । নাটক এখনৰ দৃশ্য এটা চাই থকা যেন লাগিল । ডাঙৰ পোনাৰ কথাত অকলেই হাহিলোঁ । অভিনন্দন দেৱজিত শইকীয়া !!

    Reply

Leave a Reply

Your email address will not be published.