ফটাঢোল

দেশতকৈ পৰীক্ষা ডাঙৰ নহয়-অগ্নিভ দত্ত

১৯৯৬ চন।

বিশ্বকাপৰ ছেমি ফাইনেল। ভাৰত আৰু শ্ৰীলংকাৰ মাজত। চেমিষ্টাৰ  পৰীক্ষা চলি আছিল গতিকে ক্লাছ-ত্লাছ নাছিলেই। 

সাংঘাতিক উত্তেজনা হোষ্টেলত। খেলৰ চিন্তাত পঢ়া-শুনাও কৰিব পৰা নাই ভালদৰে। অৱশ্যে খেলতো বাহানাহে এনেয়েও পঢ়া নহ’লহেঁতেনেই। খেলত ভাৰত জিকিলে কি কি কৰিম প্লেন বনাই তত পোৱা নাই। ছেমিফাইনেল, তাৰপাছত ফাইনেলত কি কি কৰিম ভাবি-গুণিয়েই তত নোহোৱা হৈছে আমাৰ।

: ঐ, বস্তু পুৰা ৰেডি! 

সেয়া ভাস্কৰে আহি খবৰ দিলেই। ভাস্কৰ মানে আমাৰ অতি মৰমৰ চিয়ানাই  পানবজাৰৰ বি এন দেৰ পৰা দুপৰীয়াই গৈ টাকিৰ যোগাৰটো কৰিলেই, লগতে তাৰলগত খাবলৈ ব্ৰইলাৰ চিকেন অলপ আনি হোষ্টেলৰ খানা বনোৱা পদুমদাক ভালদৰে ড্ৰাই ফ্ৰাই কৰিবলৈও চমজাই আহিলে। এইবিলাকত চিয়ানাৰ ওপৰত কোনো নাই। 

আজিৰ দিনৰ ইভেণ্ট মেনেজমেণ্টৰ কামকৰা কেইটাও চিয়ানাৰ লগত পাত্তা নাপালেহেঁতেন কিজানি! টাকিৰ লগত বিচলাৰি কেইটা লাগিব, চ’ডা ল’ব লাগিব নে নাইৰপৰা চাকনা লওঁতে নিমখ কিমান লাগিব, জলকীয়া কিমান সৰু টুকুৰা কৰিব লাগিব, টান মটৰ কেতিয়া লাগিব কেতিয়া নালাগে, দহ টকাৰ কেইভাগ, পাঁচ টকাৰ কেইভাগ লাগিব, একদম খুঁটি-নাতি হিচাব কৰি কামবোৰ কৰা মানুহ হ’ল এই চিয়ানা। 

ইডেনত খেল আৰম্ভ হোৱাৰ আগতে দৰ্শকৰ যিমান উত্তেজনা বাঢ়িছে তাতকৈ বেছি উত্তেজিত হৈ পৰিছে আমাৰ চিয়ানা। কিন্তু চিয়ানাৰ উত্তেজনাৰ কাৰণ খেলখন একেবাৰেই নহয়। চিয়ানাৰ চিন্তা খেলখন শেষ হোৱাৰ লগে লগে কি কি কৰিব লাগিব সেইবিলাকত। খেল শেষ হোৱাৰ পাছত ৰূমত দুপেগ দুপেগ মাৰি তেতেলীয়াৰ ফালেদি গৈ হাইৱে ধাবাত বাকী ৰাতিৰ পাৰ্টি চলিব। কথা ফাইনেল।

খেল আৰম্ভ হোৱাৰ আগতেই কমনৰূম ইতিমধ্যে মানুহেৰে ভৰি পৰিছে, কাৰণ হোষ্টেলৰ একমাত্ৰ টিভিটো তাতেই অৱস্থিত। ৰূমটোৰ ভিতৰত থকা চোফাত আগতেই কেইটামানে খেপ দি বহি লৈছেই। গতিকে বেছিভাগেই থিয় হোৱাৰ লগতে আমি কেইটামান একেবাৰে টি ভিৰ সন্মুখত মাটিতে লেপেটা কাঢ়ি বহি লৈছোঁ। 

ইণ্ডিয়াই ইতিমধ্যে টছ জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। আমাৰ সকলোৰে মুখত তীব্ৰ অসন্তুষ্টি। কাৰণ ইতিমধ্যে লীগ আৰু নকআউট খেলত শ্ৰীলংকা দলৰ জয়সুৰীয়া আৰু কালুৱাথিনায় সন্ত্ৰাসৰ সৃষ্টি কৰি পেলাইছে। প্ৰথম বলৰ পৰাই উধাই-মুধাই কোবাই বলাৰক তচনচ কৰি পেলাই দুই বেটছমেনে। আমাৰো চিন্তা এতিয়া প্ৰথম বেটিং কৰি যাতা স্ক’ৰ কৰি দিলে ইণ্ডিয়াৰ কাৰণে বৰ ভাল নহ’ব।

খেল পথাৰলৈ কালুৱথিয়ানা আৰু জয়সুৰীয়া নামিছে। আমাৰ ভাৰতৰ ফালৰপৰা শ্ৰীনাথে বল দিবলৈ দৌৰিছে। শ্ৰীনাথৰ বলে কালুৱাথিনাৰ বেট চুই চিধা মঞ্জেকাৰৰ হাতত।

: ইয়াহু!…. 

গোটেইবোৰে জঁপিয়াই উঠিছোঁ। অৱিশ্বাস্য প্ৰথম বলতে কালুৱাথিনা আউট। কমনৰূমত চিঞৰ বাখৰৰ কোবত কোনোৱে কাকো নুশুনাৰ নিচিনা হৈছে। তাৰ পাছত চাৰি নম্বৰ বলটোত আকৌ জয়সুৰীয়াই বলতো থাৰ্দমেনলৈ মাৰি পঠোৱাৰ লগে লগে বল গৈ প্ৰভাকৰৰ হাতত। 

ইডেন গাৰ্ডেন ষ্টেডিয়াম উল্লাহত ফাটি পৰিছে। আমাৰ ইয়াতো জয়সুৰীয়াৰ বল প্ৰভাকৰৰ হাতত পৰাৰ আগেয়ে টিভিৰ আগত জঁপিয়াই উঠিছোঁ সৱে। জঁপিয়াই উঠিহে মন কৰিছোঁ আমাৰ লগতে জাঁপ মাৰি উঠা দীপুদা হঠাৎ মাটিত বাগৰি পৰিছে! কি হ’ল, কি হ’ল হাঁহাকাৰ লাগিল। দীপুদাই কৈছে, 

: দাঁতকেইটা নাই! 

আমি ধৰিবপৰা নাই কি দাঁত নাই? তেতিয়াহে ওলালগৈ উৰহি গছৰ গুৰি। দীপুদাৰ আগফালৰ চাৰিটা দাঁত আছিল আৰ্টিফিচিয়েল, মানে লগোৱা দাঁত। জয়সুৰীয়া আউট হওঁতে জাঁপ মাৰোঁতে কাৰোবাৰ হাতৰ কিলাকুটি লাগি একে কোবেই দাঁত উভালি পৰিল। কিন্তু উভালি পৰাতেই নাথাকি দাঁত  সোমাই গৈ আচৰিত ভাৱে দীপুদাৰ ডিঙিৰ আধাত লাগি ধৰিল।গতিকে হাঁহাকাৰ লাগিল। 

দীপুদা মানুহটোৰো অৱস্থা নাই, এফালে দাঁত ডিঙিৰ আধাত, আনফালে ইমানদিন চকচকীয়া দাঁত উলিয়াই হাঁহি থকাৰ ‘ভাণ্ডা ফুট’ হৈ যোৱাৰ দুখত মানুহটোৰ অৱস্থা নাই। যি কি নহওক লগে লগে ওচৰৰে আয়ুৰ্বেদিক হস্পিতেললৈ লৈ যোৱা হ’ল কিবা উপায় দিব পাৰে নেকি বুলি। 

কিন্তু তাৰ ডাক্টৰে ৰিস্ক ল’ব নিবিচৰাত গুৱাহাটী মেডিকেললৈ পঠাই দিয়া হ’ল। হঠাৎ সাংঘাতিক উত্তেজনাৰ মাজতে এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ’ল। দীপুদাক জি এম চিলৈ এম্বুলেন্সত দুটাৰ লগত পঠাই আমি ইতিমধ্যে আয়ুৰ্বেদিক কলেজৰপৰা ঘূৰি আহি পোৱা মানে শ্ৰীলংকা দলেও হেৰুৱা খোপনি পুতিব ধৰিছে আৰু ৫০ অভাৰৰ অন্তত ভাল স্ক’ৰ এটা বনাবলৈ সক্ষম হ’ল। 

ভাৰতে বেট ধৰাৰ আগতে ব্ৰেকত গৈ হোষ্টেল ৭ ৰ ওচৰত থকা ‘ইব্ৰা কা’ৰ হোটেলত ৰুটী তৰকাৰী মাৰি আহি ভাৰতৰ বেটিং চোৱাত লাগিলোঁ। 

আমি ভাৰতে প্ৰথমে বেট নকৰাত যে অসন্তুষ্ট হৈছিলোঁ ঠিক কাৰণতেই হৈছিলোঁ যেন লাগিল। এটা এটাকৈ ভাৰতৰ উইকেট পৰি যাবলৈ ধৰিলে। টেণ্ডুলকাৰৰ বাহিৰে কোনেও একো বিশেষ কৰিব নোৱাৰিলে। অৱশেষত ইডেনৰ দৰ্শকে খেলখনত গণ্ডগোল লগোৱাত খেল আধাতে সামৰি শ্ৰীলংকাক বিজয়ী ঘোষণা কৰা হ’ল।

ভাৰতৰ যি অনাকাংক্ষিত পৰাজয় তেনেদৰে আমাৰ কাৰণেও এক অনাকাংক্ষিত পৰিস্থিতি। খেল জিকিলে কি কি কৰিম তাৰহে প্লেন কৰা আছিল, যিহেতু ভাৰত হাৰিব বুলি ভবাই নাছিলোঁ। গতিকে ঠিক কৰা হ’ল প্লেন সৱ একেই থাকিব কেৱল ফূৰ্তি  কৰাৰ ঠাইত আমি কামবিলাক দুখমনেৰে কৰিম। প্ৰব্লেম চলভ।

চিয়ানাই কৰি থোৱা যোগাৰেৰে আৰম্ভ হৈ গ’ল। আৰম্ভহে হ’ল কিন্তু শেষ কৰিবলৈ শেষত তেতেলীয়াৰ হাইৱে ধাবালৈ যাব লগা হ’ল। মাজৰাতি দুখ-শোক সৱ সামৰি ৰূমলৈ আহি পাওঁতে ৰূমমেটে পাছদিনাৰ পৰীক্ষাৰ কাৰণে পঢ়া সামৰি শোৱাৰ যা-যোগাৰ কৰিছে। ধেত তেৰিকা খেলৰ নামত মিছা-মিছি গোটেই দিনটো মানে লগতে ৰাতিটোও গ’ল। 

পিছদিনাৰ পৰীক্ষাটোৰ চিন্তা আহি তেতিয়াহে মূৰত সোমালেহি। যিহওক-নহওক, ৰাতিপুৱালৈ এতিয়াও ছয় ঘণ্টা আছে গতিকে এটলিষ্ট কিবা অলপ পঢ়োঁ বুলি লওঁতেই আকৌ চিয়ানাৰ মাতত সিহঁতৰ ৰূম পালোঁগৈ। 

অৰিন্দমে মেহদী হাচান ফালাত লাগিছে, নেমুৱে গীটাৰত টুঙ টুঙুৱাত লাগিছে। চাওঁতে চাওঁতে আকৌ মেহফিল জমিয়ে গ’ল। হঠাৎ তিনিমান বজাত কাইলৈ পৰীক্ষা আছে বুলি মনত পৰাত ৰাতিপুৱা লগপোৱাৰ প্ৰতিশ্ৰুতিৰে নিজৰ নিজৰ ৰূমত শুবলৈ আহিলোঁ। ৰাতিপুৱা এলাৰ্মৰ শব্দত সাৰ পাই খকা-মকাকৈ উঠি কিতাপ উলিয়াই এফালৰপৰা পাত ওলোটাই যাবলৈ ধৰিলোঁ।

ডাইনিং হল খোলাই নাই। আনদিনা হোৱাহেঁতেন আয়ুৰ্বেদিকৰ সন্মুখৰ কলিতাদাৰ দোকানলৈ গৈ মেগী এক প্লেট খালোঁগৈহেঁতেন। কিন্তু আজি যাবলৈ সাহস নহ’লগৈ। অকণমান পাছতে ডায়নিং হল খোলাত লুচি দুখন আৰু বুটৰ দাইল খৰধৰকৈ গিলি আহি আকৌ পঢ়াত লাগিলোঁ। পঢ়াত ইমানেই মনোযোগ দিয়াত লাগিলোঁ যে ৰূমমেটে,

: ঐ, পৰীক্ষা আজি ৰূমতে দিবি নেকি, 

বুলি মাতোতেহে মন কৰিলোঁ পৰীক্ষালৈ যাবৰ হ’লেই। 

আকৌ সাহসেই লক্ষ্মী বুলি মনটো ডাঠ কৰি পে’ন দুটা পকেটত লৈ পৰীক্ষালৈ বুলি ৰূমৰপৰা ওলালোঁ আমি দুয়োটা। ছেন্দেল চোঁচৰাই চোঁচৰাই আহি থাকোঁতে দেখিছোঁ ইফালৰপৰা চিগাৰেটটো ওঁঠত লৈ আৰু হাতত ক্ৰিকেটৰ বেটখন লৈ অৰিন্দম তলৰ টি টি (টেবুল টেনিছ) ৰূমটোৰপৰা হাঁহি হাঁহি ওলাই আহিছে। যেন সাংঘাতিক কিবাহে কৰিব ওলাইছে।

পাছফালে নেমুৱে ষ্টাম্পকেইডাল আৰু চেঙে হাতত বলটো লৈ দলিয়াই দলিয়াই আহি আছে।

: আব্বে কি হ’ল তহঁতি পৰীক্ষা দিবলৈ নাযাৱ নেকি? 

সুধিবলৈকে নাপালোঁ অৰিন্দমে ফিল্ডত ষ্টাম্পকেইডাল পুতিবলৈ ল’লেই। 

: ধুৰ পৰীক্ষা দিয়ে নেকি? ইমান দুখৰ দিনত আৰু পৰীক্ষা দিব পাৰি নেকি? 

কিবা সুধিবলৈ লওঁতেই চক্ৰই, 

: আব্বে, তই নাযাৱ যদি থাক মই পৰীক্ষা দিবলৈ যাওঁ দেই।

: বোলো দোস্ত, তই যা মোক অলপ ইহঁতৰ দুখৰ সমভাগী হ’বলৈ দে, তই গৈ থাক পাৰিলে অলপ পাছত যাম দে। 

লাহে লাহে উইকেট কিপাৰৰ পজিশ্যনটোলৈ ইফালে সিফালে চাওঁতে দেখিছোঁ হোষ্টেলৰ ইটো চিৰিয়েদি চিগাৰেটটো টানি টানি তাৰ এজ ইউজোৱেল নাচটো দি দি আহি আছে চিয়ানা আমাৰ ফালে। হাফপেণ্ট  গেঞ্জি দেখিয়েই ধৰি লৈছোঁ ইয়াৰো পৰীক্ষা দিবলৈ যোৱাৰ কোনো মতলব নাই।

ইফালে সাত নম্বৰ হোষ্টেলৰ ফালৰপৰা কলিতাদাৰ দোকানত চাহ খাই নিশ্চিন্ত মনে হাৱাই ছেণ্ডেল চোঁচৰাই চোঁচৰাই  বগাও আহি আছে যেন পৃথিৱীখনত কৰিব লগা আন একো নাই তেনে এটা ভাৱত। তাক দেখি এক মিনিটৰ কাৰণেও লগা নাই আজি পৰীক্ষা জাতীয়  কিবা আছে বুলি। তাক কিবা সোধাৰ আগতেই ওলোটাই সুধিলে, 

: আব্বে ক’ত যোৱা বে? 

কিনো ক’ম ভাবি চেঙক বল দিবলৈ ক’লোঁ সিটো ফালৰপৰা। ইতিমধ্যে হোষ্টেলটো প্ৰায় খালী হোৱাৰ নিচিনা হ’লগৈ ল’ৰাবোৰ পৰীক্ষা দিবলৈ গৈ গৈ আৰু ফিল্ডত থাকিলগৈ মাথো ছয়-সাতটা মান। কাৰো মুখত পৰীক্ষা-তৰীক্ষাৰ কথাই নাই যেন! গোটেইকেইটা এইমাত্ৰ ইডেনৰ পৰাহে যেন নামিছে ফিল্ডত।

: আবে নাযাৱ নেকি পৰীক্ষা দিবলৈ? 

চেঙৰ বলটো অৰিন্দমে মিছ কৰাত বলটো হাততলৈ আকৌ এবাৰ চেষ্টা কৰি চালোঁ কোনোবা ওলাই নেকি? কাৰো একো উত্তৰ নাই।

: আব্বে, বলটো দলিয়া বে! 

চিয়ানাৰ চিঞৰ সেইটো।

নাই নহ’ব আৰু গম পালোঁ। ৰহ বল দিওঁ বুলি ক্ৰিজৰ ইটো ফাললৈ খোজকাঢ়ি যাবলৈ ধৰিলোঁ। মনটো অলপ গধুৰ লাগিছিল যদিও দেশৰ কাৰণে আৰু পৰীক্ষা কি বস্তু বুলি মনলৈ অহাৰ লগে লগে মনটো মুকলি লাগি গ’ল।

☆ ★ ☆ ★ ☆

9 Comments

  • কাবেৰী মহন্ত

    বেলেগ জমনি দেই! 😂! সঁচাই পৰীক্ষা দিয়াতকৈ খেলাই ভাল🤣🤣

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    মজা!

    Reply
  • মুনমুন সৰকাৰ শইকীয়া

    পৰীক্ষা নিদি আচল দেশভক্তি দেখুৱালে দেই।🙂

    Reply
  • ৰাজু কুমাৰ নাথ

    দেশতকৈ পৰীক্ষা ডাঙৰ নহয়।বুজিলো অ’ ককাইদেউ।

    Reply
  • ৰামানুজ

    ভাস্কৰ চিয়ানা…ইব্ৰা….মনত পৰি গ’ল…

    Reply
  • ডলী

    হা হা! দেশতকৈ পৰীক্ষা ডাঙৰ নহয়

    Reply
  • নীলাঞ্জনা

    চিক্সাৰ মাৰি দিছা অগ্নিভ! 😂 বঢ়িয়া লাগিল৷

    Reply
  • জয়ন্ত

    বঢ়িয়া লাগিল৷ দেশতকৈ পৰীক্ষা ডাঙৰ নহয়৷

    Reply
  • আদিত্য

    😆😆

    Reply

Leave a Reply

Your email address will not be published.