ফটাঢোল

দেশভক্তি চাহ – মনজিৎ

আমাৰ সকলোৰে চিনাকী নৱীন আজি এমাহ আগতে নগৰৰ মাজ মজিয়াত থকা এল আই চি অফিচলে ট্রান্সফাৰ হৈ আহিছে মার্কেটিং অফিচাৰ হিচাপে প্রম’চন পাই। এল আই চি এজেণ্ট হিচাপে আৰম্ভ কৰি বহু কষ্টৰে মানুহৰ উপলুঙা ককর্থনা সহি সামৰি সি আজি এই অৱস্থা পাইছে। আৰু তাৰ কষ্টক মেনেজমেণ্টে যথা যোগ্য সন্মান জনাই প্রম’চন দি হেড অফিচত পঠাইছে যাতে মানুহৰ মাজত এল আই চিৰ প্রতি থকা উপহাসৰ সুৰ সোনকালে সলাব পাৰে। জীৱনটোৱে দি যোৱা নানা অভিজ্ঞতাৰে সি বাৰুকৈয়ে অভিজ্ঞতাপুষ্ট। সেয়ে অতি কম সময়তে তাৰ বুদ্ধিমত্তা আৰু বাক পটুতাৰে মানুহক এল আই চি উপকাৰিতা আৰু বিশ্বাস যোগ্যতা বুজাই দিবলে সক্ষম হ’ল। সকলোৱে বুজি উঠিলে যে দুদিন দেৰিকেই হওক কিন্তু কষ্টৰে আর্জি জমা থোৱা ধন কেতিয়াও মাৰা নাযায়। বৰঞ্চ নিজৰ লগতে পৰিয়ালটোৱে বিপদত আর্থিক ভাবে ডাঙৰ সকাহ হে পায়। প্রতি বছৰে পোৱা টেক্স ৰিবেটটো আছেই। আৰু বহু পাবত গজা বিত্তীয় প্রতিষ্ঠানৰ দৰে দুদিনতে ডাবল কৰি দিম বুলি কৈ আভুৱা ভৰা চিষ্টেম এল আই চিত নাই বা শ্বেয়াৰ মার্কেটেও হিলাব নোৱাৰে ইয়াক।

এতিয়া চাগে ভাবিছে এল আই চিৰ লগত দেশভক্তি চাহৰ সর্ম্পক কি? এল আই চিৰ কথাটো মাথো এই লেখাটো দীঘলীয়া কৰিবলেহে লিখা হ’ল। লগতে এই লেখাটো যি সকলে পঢ়িছে বা পঢ়িব তেওঁলোকে নৱীনৰ ওচৰত একোখনকৈ এল আই চি খোলে যেন তাকো বিনম্র অনুৰোধ জনোৱা হ’ল।

এতিয়া আচল কথালৈ আহোঁ, নৱীনে আফিচত ভৰি দিয়াৰ প্রথম দিন ধৰি আজিলৈকে প্রতি দিনে পুৱা আৰু আবেলি চাৰি আলিৰ চুকৰ চাহৰ ঘুমটিখনত চাহ খায়। খুটীৰ মহৰ খাটি গাখীৰেৰে বনোৱা চাহ কাপৰ বাবে সেই ঘুমটিখনৰ চাহ কাপ গোটেই নগৰখনতেই বিখ্যাত। নক’লেও হ’ব চাগে যে সেই চাহৰ দোকানৰ মালিক আমাৰ সকলোৰে অতিকে মৰমৰ থুলোক ডাঙৰীয়া। লগতে এইখিনিতে সকলোৱে জানে যদিও কৈ থওঁ- সততা, কষ্ট আৰু নিষ্ঠা এই তিনিটা নৱীনৰ দৰে থুলোকৰো ডাঙৰ অলংকাৰ। সেই তিনি অলংকাৰকেই মূলধন হিচাপে লৈ আৰম্ভ কৰা ঘুমটিখনে তাৰ হাতত প্রাণ পাই উঠা সোৱাদ চাহ কাপৰ গাত ভেজা দি আতি কম সময়তে জনপ্রিয় হৈ পৰিল। সেয়ে প্রায় সকলো সময়তে সকলো শ্রেণীৰ মানুহে ভিৰ কৰি থাকে সেই চাহ কাপৰ সোৱাদ লওঁ বুলি। ইফালে জিভাত সোৱাদটো লেপেটা কাঢ়ি বহাৰ দিন ধৰি নৱীনকো সদায় চাহ কাপে ৰিঙিয়াই ৰিঙিয়াই মাতে পুৱা আবেলি।

সদায় আহ যাহ কৰোঁতে কৰোঁতে থুলোকৰ সৈতে তাৰ ভাল সম্পর্ক গঢ়ি উঠিছে নৱীনৰ। কাষ্টমাৰৰ ভিৰৰ মাজতে নৱীনে প্রথম দিনাৰ পৰা এটা কথা লক্ষ্য কৰি আহিছে যে সদায় পুৱা এজন আৰক্ষীৰ লোক খাকী পোচাকত ঘুমটিখনলে আহে আৰু তেওঁ আহিলেই থুলোকে লৰা-লৰিকে চাহ একাপ বাকি “জয় আই অসম” বুলি কৈ তেওঁলৈ আগবঢ়াই দিয়ে। আৰু তেৱোঁ বৰ তৃপ্তিৰে খাই উঠি কাপটো বহা টেবুলখনত ৰাখি থুলোকলৈ চাই মিচিকিয়া হাঁহি এটা মাৰি পইছা পাতি নিদিয়াকে গুচি যায়। থুলোকেও প্রতি সম্ভাষণ জনাই একো নোকোৱাকে লগুৱাটোক কাপটো আওখালি থ’বলে অর্ডাৰ দি কামত লাগে। সদায় একেটা দৃশ্যকে দেখি দেখি নৱীনৰ বাৰুকৈয়ে কৌতুহল উপজিল যে আচলতে কেছটো কি! “জয় আই অসম” বুলি কৈ কেৱল সেই পুলিচজনকেই চাহ কাপ দিয়াৰ ৰহস্যটো কি? জানিবলৈ তাৰ বৰ কৈ মন গ’ল। সুধিম সুধিমকে এদিন পুৱা সুধিয়েই পেলালে কথাটো। থুলোকে ক’লে এতিয়া ভিৰ বহুত আছে আপোনাক আবেলিকে ক’ম। বেছ উৎকণ্ঠাৰে এটাবেলা পাৰ কৰি আবেলি সি থুলোকৰ দোকান পালেহি মানুহৰ ভিৰ হোৱাৰ আগতেই। তাৰ কৌতুহলটো পুনৰ ডাঙি ধৰাত থুলোকে ক’লে–
“সেই কাপ দেশভক্তি চাহ সেয়ে ‘জয় আই অসম’ বুলি কৈ দিওঁ আকৌ।”

“দেশভক্তি চাহ? সেইটো আকৌ কেনেকুৱা চাহ। আৰু কেৱল সেই পুলিচজনকেই কিয় দিয়া আমাক কিয় নিদিয়া?” বাঢ়ি অহা কৌতুহলটোক দমাব নোৱাৰি নৱীনে আকৌ সুধিলে–

“সেই কাপ চাহ অমূল্য মানে কোনো মূল্য নিদিয়াকে পোৱা হয়। সেয়ে আপোনালোকক দিব নোৱাৰো অ’।” আৰু অলপ চাচপেন্স ৰাখি থুলোকে মিচিকিয়াই উত্তৰ দিলে।

“হেৰা আৰু পাক নলগাবা আৰু। মাথা ঘূৰাই যাব মোৰ। চিধা চিধি কৈ দিয়া না আচল ফান্দাটো কি?” নৱীনে অর্ধৈয্য হৈ কৈ উঠিল।

“শুনক আপোনাকেই কৈছোঁ চাহ কাপৰ আচল ৰহস্যটো, আপুনি কাকো নকয় বুলি বিশ্বাস এটা ৰাখি।” ফুচ ফুচাই কোৱা দি ক’লে থুলোকে

“তোমাৰ বিশ্বাসৰ বিশ্বাস ৰাখিম চিন্তা নকৰিবা। মাথো কোৱা, কাহিনীটো কি? “

“চাওক মোৰ ইয়াতে বিভিন্ন ঠাইৰ বিভিন্নজনে চাহ খায়হি কোনো হিন্দু কোনো মুছলিম কোনো শিখ অথবা কোনো খ্রীষ্টান, কোনো অতিকে ধনী কোনো নিচেই দুখীয়া কিন্তু সকলোৱে সমান চাহ সমান দাম দি খায়।” থুলোকে গম্ভীৰ সুৰত কৈ গ’ল।

“সেইখিনিলৈকে বুজিলোঁ তাৰ পাছত?” আকৌ নৱীনৰ কৌতুহলী প্রশ্ন।

“সেই পুলিচজনে মোৰ দোকান আৰম্ভ হোৱাৰ দিন ধৰি মোৰ ইয়াতে চাহ খায়। প্রথম দুদিনমান আপোনালোকে খোৱা চাহেই দিছিলোঁ তেওঁক। চাহকাপ খাই তেওঁ ভালেই পাই পিচে পইচা খুজিলেহে হয় ধমক দিয়ে, নহয় পুলিছে কেতিয়াবা পইচা দিয়া ক’ৰবাত শুনিছ নেকি– বুলি কৈ ভেঙুচালি কৰি গুচি যায়। সকলো গমি-পিতি মই দেখিলোঁ যে এনেকে নহ’ব আৰু। সেয়ে ভালকে অংক কৰি, উপাই এটা ভাবি উলিয়ালোঁ” -থুলোকে কৈ গ’ল।

“উপাইটো কি? সোনকালে কোৱা।” নৱীন যেন ৰ’বই নোৱাৰিব।

“তেওঁৰ এটা ভাল গুণ কি, তেওঁ সদায় এটা টাইমতেই আহে। মই কৰিলোঁ কি তেওঁ অহাৰ ঠিক আগে আগে চাহকাপ ৰেডী কৰোঁ আৰু আহিলেই ‘জয় আই অসম’ বুলি কৈ তেওঁ লৈ চাহকাপ আগবঢ়াই দিওঁ। তেৱোঁ বেচ তৃপ্তিৰেই খাই পইচা নিদিয়াকে গুচি যায়। প্রথম দিনাখন সুধিছিল ‘জয় আই অসম’ বুলি কিয় কৈছোঁ মই? মই তেতিয়া ক’লোঁ আপুনি পুলিচ মানুহ আপোনালোৰ হাততেই আছে আমাৰ লগতে দেশৰ সুক্ষাৰ দায়িত্ব গতিকে আপোনাৰ বাবে স্পেচিয়েলি একাপ চাহ বনাই উলিয়াইছোঁ যাৰ নাম দিছোঁ ‘দেশভক্তি চাহ’। যাতে আপুনি এই চাহ কাপত সোহা মৰাৰ লগে লগে সতেজ হৈ পৰে আৰু দেশৰ স্বার্থত নিজকে ১০০% নিয়োজিত কৰিব পাৰে। বচ্ তেওঁ খুছ, চাহ কাপ খাইটো আৰু খুছ। পকেটৰ পৰা ১০ টকা এটা উলিয়াই মোৰ মুখৰ আগত তিনি পাক ঘূৰাই ভগৱানে মংগল কৰক টাইপত কিবা এটা কৈ আকৌ ১০ টকাটো পকেটত ভৰাই থ’লে আৰু সদায় এই চাহ কাপৰেই বিনামূলীয়া অর্ডাৰ এটা জাৰি কৰি খুছী খুছী নিজ ৰাস্তা পোনালে। সেই দিন ধৰি ‘জয় আই অসম’ আৰু এই দেশভক্তি চাহ ধাৰাবাহিক ভাবে চলি আহিছে আৰু… হেঃ হেঃ।” থুলোকে কৈ কৈ মিচিকিয়াই উঠিল।

“কিন্তু বনোৱা কেনেকৈ এই চাহ কাপ সেইটো নক’লাই দেখোন।” নৱীনো আকৌ কথাৰ গুৰি নোপাৱালৈকে এৰা ভকত নহয়।

“আপুনিও কম নহয় দেই উৰহীৰ ওৰ লৈহে এৰিব মানে। আচলতে দেশভক্তি চাহ বনোৱা তেনেই সহজ। মই আগতেই কৈছোঁ যে মোৰ ইয়াতে জাতি-ধর্ম নির্বিশেষে বহুত মানুহ আহে আৰু বেছি ভাগৰে খাই উঠা কাপকেইটাত কম-বেছি পৰিমানে চাহ ৰৈ যায়। মই কৰোঁ কি, সেই ৰৈ যোৱা চাহখিনিকে এটা দেখাত ধুনীয়া কাপত ধুনীয়াকে মিলাই অলপ গৰম কৰি ‘জয় আই অসম’ বুলি পুলিচজনক তেওঁৰ প্রিয় দেশভক্তি চাহ কাপ আগবঢ়াই দিওঁ। বছ মোৰো একো লোকচান নাই তেৱোঁ তৃপ্তিৰে খাই অভিযোগ নকৰকে গুচি যায়, বুজিলে।” সন্তুষ্টিৰ হাঁহি এটা মাৰি থুলোকে অৱশেষত ৰহস্যটো ফাদিল কৰি দিলে।

“হে হৰি। কৃষ্ণহে বুলিলোঁ আৰু দেই। মহান তোমাৰ দেশভক্তি চাহ আৰু তাতকৈয়ো মহান তুমি। চাওঁ চাহ একাপ দিয়া ডিঙি শুকাই গৈছে আৰু কথা শুনি।” নৱীনে চকু কেইটা ডাঙৰকে মেলি হাঁহি হাঁহি ক’লে।

“পিচে কি চাহ দিম হয়? দেশভক্তি নে নৰমেল?” থুলোকৰ ৰসাল প্রশ্ন।

“নেলাগে ঔ প্রভু। যাৰ বাবে দেশভক্তি চাহৰ উৎপত্তি হ’ল তেওঁকেই দিবা, আমি নৰমেল মানুহ নৰমেল চাহেকেই খাওঁ।” নৱীনেও ৰস লগাই উত্তৰ দিলে।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.