ফটাঢোল

দেহজ-নাজমা বেগম

: কেনেকৈ যে খাওঁ অ’ এইসোপা? 

নাকত ধৰি মিথিগুটি তিওৱা পানীখিনি গিলাছত দেখি টিনাই ‘খাব লাগিব’ ‘খাব লাগিব’ বুলি নিজকে পতিয়ন নিয়াইছে। মুঠতে ক্ষীণাব‌ই তাই। এইবাৰ নেৰিছে আৰু! শকত ছোৱালীক ৰিজেক্ট কৰা, অতি ক্ষীণ ছোৱালীক ৰিজেক্ট কৰা মানুহসোপাও তাইৰ দৰে দুঠেঙীয়াহে কিন্তু পচন্দৰ তালিকাখন যে, উফ্!

“বেছি বগা একেবাৰে চালানী মাছ,”

“ইম্মান ক’লা, দিনতে আন্ধাৰ।”

“ইহ, গোটেইজনী খুতুৰা শাকৰ তলত মেল মৰা টাইপৰ ইমানেই চাপৰ মানে,”

“বাপৰে পাণ পৰা জখলা অ’ এইডাল। ইমান ওখ ছোৱালীৰ জোখত ল’ৰা ওলাবনে?”

“ঔ আই, গোটেইজনী মকৰা জালতে লাগি ধৰিব আৰু ইমানেই ক্ষীণ। মঙহ অকণ নাই।”

“নোৱাৰি দেই এইজনী গোটেইজনী সাইলাখ হাতী পোৱালি, গাত মঙহেই মঙহ।” 

উপৰোক্ত তালিকাৰ শেষৰটো তালিকাত সোমাই আছে টিনা। সৰুৰে পৰা লোডোৰ-পোডোৰ চেহেৰা তাইৰ।   

: খা খা নাখালে মগজু ক’ৰ পৰা হ’ব?

দেউতাকৰ আদৰৰ এগৰাহ খাই উঠেহে,

: অ’ আই ছোৱালীজনীয়ে দুগৰাহ ভাত খায়েই দুপৰীয়া ভাতৰ পৰা উঠিছে ৰাতিলৈ মঙহ অকণ আনিব কিন্তু৷

মাকৰ চিঞৰ সিটো ৰূমৰ পৰা। মুঠতে খোৱাটো মেইন।

“অঁ তহঁতৰ লগৰ যে শকতকৈ ছোৱালীজনী। চাপৰ চুটি” 

টিনাৰ পৰিচয় কৰাবলৈ কোনোবাই দাঙি ধৰা উদাহৰণ সেয়া। 

বাদ দে 

বাদ দে

এই বাদ দে, বাদ দিয়েই বিন্দাছ কৰি তোলা টিনাৰ শৰীৰৰ প্ৰকাণ্ড অবয়ৱৰ মূল কাৰণ। ইখনৰ পিছত সিখন ঘৰৰ প্ৰস্তাৱ ফেচবুকৰ প্ৰফাইল চায় কিন্তু ঘৰলৈ আহি তাইৰ এসময়ৰ লোদোৰ পোদোৰ মৰমৰ চেহেৰাটোৰ ওপৰত কিমান যে কথাৰ কুঠাৰঘাত চলে। অপচন্দৰ খবৰটো শুনাৰ পিছতে মাকৰ ভোৰভোৰণি-

: এপৰলৈকে শুব ৰাতিপুৱা। খাব, মাছে মঙহে দকচি দিব। লগতে এই মেগী-ফেগীসোপা আছেই।

: অকণমানো যত্ন নাই শৰীৰটোৰ প্ৰতি। দেউতাকৰ হুমুনিয়াহ। সেইদিনাই প্ৰতিজ্ঞাবদ্ধ হয় টিনা। কাইলৈৰ পৰা ৰাতিপুৱাই শুই উঠিব তাই। ল’ৰাই পচন্দ অপচন্দৰ কৰাৰ কথাই টিনাৰ নোমডালো লৰাব নোৱাৰে কিন্তু মাক দেউতাকৰ ভোৰভোৰণি সহিব নোৱাৰে তাই। ক্ষীণাব তাই। লগালগ মবাইলত ছাৰ্চ কৰে ক্ষীণাবলৈ কি কি কৰা দৰকাৰ। ভৰি যায় মবাইলত ক্ষীণাবলৈ লোৱা যতনৰ উপদেশৰ তালিকাৰে। পিছদিনা ৰাতিপুৱা খোজ কাঢ়িবলৈ প্ৰতিজ্ঞা লৈ এলাৰ্ম দিয়েহে, টেৰ টেৰকৈ বাজি থকা এলাৰ্ম বন্ধ কৰি টিনাই ভাবে- 

: এঃ কাইলৈৰ পৰা যাম।

কাইলৈটো নাহেহে নাহে টিনাৰ। এদিন উঠিল। ৰাতিপুৱা মাকৰ লগত আধাঘণ্টা খোজ কাঢ়ি আহি গা পা ধুই আকৌ বিছনাত লেবেজান দি দুপৰীয়া এঘাৰ বজালৈ শুই দিলে। দেউতাকে এদিন বজাৰৰ পৰা য়োগা মেট এখন আনি তাইৰ কাষত থৈ গ’ল।

: ইয়াতেই দুটামান ব্যায়াম কৰিবি আইজনী।

পিছদিনা নেটত চাই য়োগা দুটামান শিকি লৈ য়োগা মেটৰ শুভাৰম্ভ কৰিলে তাই। আইজৌ শৰীৰটো ইফালে হিলাই কটঙকে উঠে সিফালে ঘূৰাই মটঙকে উঠে। ফোঁপাই-জোপাই য়োগা মেটতে এঘুমটি মাৰি ল’লে। 

মুঠতে নহৈছে টিনাৰ।

: ভাত কমাচোন ত‌ই! ওটচ খা, ৰুটি খা।

মাহীয়েকে এদিন ক’লেহি তাইক।

খালে সিদিনা শুকান ৰুটি দুটা যেনে-তেনে গিলিলে। ভাজি এবাতি খাই থাকোঁতে মাকহঁতে মাছৰ জোলেৰে ভাত সানি খাই থকা দেখি চকুৰ পানী সৰিবলৈহে বাকী। শুই থাকিলগৈ। এটাই লক্ষ্য,

ক্ষীণাব লাগে

ক্ষীণাব লাগে

অ’ আই পাছনিশা সাৰ পাইছেহে পেটৰ মাজত যুদ্ধ এখন। ৰুটি দুটাৰে পেট নভৰা পেলুসোপাই হৰতাল কৰি আছে চিঞৰ বাখৰ কৰি। সুৰসুৰকৈ উঠি আহি বিস্কুটৰ টেমাটো লৈ উভতিছেহে মাকে ভোৰভোৰাইছে,

: ভাত এগালকে মাৰি ল। হটকেচত আছে।

আয়ৈ জীৱৰ বিলৈ। বিস্কুট পানীত তিয়াই তিয়াই গিলা সময়কণতে প্ৰতিজ্ঞা লয়। ৰাতিপুৱা ওটছ খাব ওটছ। বনাই থাকোঁতে এচামুচ খায়। ওৱাক- এইসোপা বীজলুৱাসোপা কেনেকৈ খাম? 

আইডিয়া..

দিলে অকণ মেগী মছলা, 

কণী এটাও ফ্ৰাই কৰি দি ল’লে।

: ৰাতিৰ মাংস দুপিছো ফ্ৰিজত আছে দি ল ওটছতে,

মাকৰ কথাত সেমেনা-সেমেনিকৈ ওলাই আহে। যেনে-তেনে পানীৰে সৈতে গিলি থৈ দিয়ে। বাৰটামান বাজেহে, মাকে ভাতলৈ নাযাওঁতেই পেটত কুৰুক কুৰুক অন্নসন আৰম্ভ হৈ যায় পেলুৰ। চানাৰ টেমাটো লৈ উধাও হোৱাৰ সময়তে দেউতাকৰ চকুৱে চকুৱে পৰে। কোনেও একো নামাতে। চানা খাই থাকোঁতেই প্ৰতিজ্ঞা- ‘আজিৰ পৰা নাখায়, আজিয়েই লাষ্ট’। পিচে দুপৰীয়া কমকৈ ভাত খাই আবেলিয়েই ভংগ হৈ যায় প্ৰতিজ্ঞা চানাৰ টেমাটো দেখি। বিছনাৰ তলৰ পৰা যেন মাতিহে থাকে 

“খা ঐ মোক অকণমান খা”

এই দুবছৰ এনেকৈয়ে পাৰ হৈ গ’ল। কোনোবাদিনা যদি খোজকাঢ়ে, আৰমচে খোজ কাঢ়ি আহি শুই দিয়ে। কোনোবাদিনা বৰষুণ দিলে ইচ্ বাহানা বনাবলৈ মজায়েই আৰু!.. কিন্তু সৌ সিদিনা এই লোডোৰ পোডোৰ চেহেৰাটোকে অমিতেশে পচন্দ কৰিলে। তাৰ ঘৰখনৰো তাইক লৈ অকণো আপত্তি নোহোৱা কথাটোত আচৰিত হৈছিল টিনা।

: ম‌ই ইমান শকত আৱত, সকলোৱে মোক অপচন্দ কৰে, তুমিনো কি দেখিলা?

: শকত আৱত তুমি নিজে গঢ়ি লোৱা। মনটো নিয়ন্ত্ৰণ কৰিলে সকলো ঠিক হ’ব কিন্তু তোমাৰ দৰে সৰল মনৰ ছোৱালী এজনী ম‌ই হয়তো নাপাব‌ও পাৰোঁ। 

অমিতেশৰ অকপট স্বীকাৰোক্তিয়ে বুকুখন ভৰাই তুলিলে টিনাৰ। ৰিং চেৰিমণি হ’ল। বিয়াৰ তাৰিখো লোৱা হ’ল। সদায় কথা হয় অমিতেশৰ লগত কিন্তু সি কেতিয়াও নকয় 

: তুমি ক্ষীণাবলৈ চেষ্টা কৰা। 

উপযাচি এদিন তায়েই সুধিলে,

: মোৰ শকত শৰীৰটো লৈ আপত্তি নাই তোমাৰ?

: আপত্তি নাই। কিন্তু ভয় হয়। এনে শৰীৰত সহজে ৰোগে আক্ৰমণ কৰে। যদি তোমাৰ অসুখ হয়, ম‌ই কষ্ট পাম। আমাৰ সময়বোৰ কষ্টকৰ হ’ব। যেতিয়ালৈকে তুমি ক্ষীণাব‌ই লাগিব বুলি ভবাতকৈ যদি ভাবিবলৈ লোৱা মোৰ শৰীৰটো আটিলকৈ গঢ়িম বা বেমাৰ আজাৰৰ পৰা বাচি থাকিম তেতিয়াই তুমি মনটোক নিয়ন্ত্ৰণ কৰিব পাৰিবা। নিয়মিত খোজ কঢ়া, য়োগা কৰা বা পৰিমিত খাদ্যাভাসে তোমাক এটা নিৰোগী স্বাস্থ্য দিয়াত সহায় কৰিব। 

অমিতেশৰ কথাষাৰে অতবছৰে দৃঢ় কৰিব নোৱাৰা টিনাৰ মনটোক দৃঢ় কৰি পেলালে। মাত্ৰ তিনিমাহত শৰীৰৰ ওজন দহকেজিলৈ কমাই পেলোৱা ছোৱালীজনীক চাকৰিৰ পৰা ছুটি লৈ বিবাহৰ বাবে অহা অমিতেশে দেখি একপ্ৰকাৰ চিঞৰি পেলালে। তাৰ অকণমান কথাই সলাই পেলোৱা ছোৱালীজনীলৈ তাৰ মৰমৰ ভৰ দুগুণ হৈ পৰিল।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.