ফটাঢোল

দৈনন্দিন – কমলা দাস

বিয়াৰ পিছত দৰা আৰু কইনাই শৰণ লোৱাটো অসমীয়া সমাজৰ এটা নিয়ম৷ কিছুমানে বিয়াৰ আগতেই শৰণ লয়৷ কিছুমানৰ আকৌ বিয়াৰ পিছতো শৰণ ল’বলৈ থাকি যায় বিশেষ কিছুমান সমস্যাৰ বাবে। বিশেষকৈ মতা মানুহবিলাকেই পিছলৈ ৰৈ যায়৷ কিন্তু ডেকা কালত শৰণ নল’লেও বুঢ়া কালত হ’লেও সকলোৱে শৰণ লোৱা দেখা যায়৷ কাৰণ ঠাই বিশেষে শৰণ নল’লে নিজৰ ল’ৰা ছোৱালীক বিয়া দিব নাপায় বুলি কয়৷ দুজন, তিনিজনে একেলগে শৰণ ল’লে সেই কেইজনৰ মাজত সখি বা সখীৰ সম্বন্ধ হৈ যায় হেনো৷

এদিন তেনেকৈ নতুন চাৰিযোৰ দৰা কইনাই বিয়াৰ কিছুদিন পাছত সত্ৰাধিকাৰৰ ওচৰত একেলগে শৰণ ল’লে৷ দৰাকেইজনক বেলেগকৈ আৰু কইনা কেইজনীক বেলেগকৈ শৰণ দিয়া হ’ল৷ এনেও মতা মানুহক বেলেগে আৰু তিৰোতা মানুহক বেলেগেই শৰণ দিয়া হয় বাৰু!

শৰণৰ নাম ধৰ্মখিনি দিয়াৰ পাছত সত্ৰাধিকাৰে সকলোকে বহুৱাই লৈ কিছুমান সংসাৰ ধৰ্মৰ কথা বুজায়! তেওঁলোককো যোৰ পাতি বহুৱাই লৈ সত্ৰাধিকাৰে বহুতো মূল্যবান উপদেশ দিয়াৰ পাছত দৰাবিলাকক এটা আৰু কইনাকেইজনীক এটাকৈ প্ৰশ্ন সুধিলে। প্ৰশ্ন দুটা হ’ল :

১/ দৰালৈ প্ৰশ্ন : কইনাজনী যে বিয়া পাতি আনিছা , তেওঁক কি দিবা তুমি?

২/ কইনালৈ প্ৰশ্ন : মা দেউতাৰ ঘৰৰ পৰা লগত কি আনিছা তুমি?

এতিয়া তেওঁলোকে উত্তৰবিলাক কেনেদৰে দিছে শুনকচোন।

১/ দৰা : মই মোৰ পত্নীক বেঙ্ক, বেলেঞ্চ সকলোৰে দায়িত্ব দিম।
কইনা : মই মাৰ ঘৰৰ পৰা অলঙ্কাৰ, ফাৰ্নিচাৰ আদি সকলো আনিছোঁ।

২/ দৰা : মই মোৰ পত্নীক ঘৰ দুৱাৰ, গাড়ী মটৰ সকলো দিম।
কইনা : মই মাৰ ঘৰৰ পৰা ফাৰ্নিচাৰ, ফ্ৰিজ্, ৱাচিঙ মেচিন আদি সকলো আনিছোঁ।

৩/ দৰা : মই মোৰ পত্নীক টকা পইচাৰে সুখ দিয়াৰ ওপৰিও দেশ-বিদেশ ভ্ৰমণ কৰাম।
কইনা : মই মাৰ ঘৰৰ পৰা সকলো ধৰণৰ অলঙ্কাৰ আৰু ফাৰ্নিচাৰ অনাৰ ওপৰিও দেউতাই তেখেতক এখন গাড়ীও উপহাৰ দিছে৷

৪/ দৰা : মই মোৰ পত্নীক মৰম আৰু নিৰাপত্তা দিম যাতে তেওঁ আমাৰ ঘৰখনত সহজ হৈ চলিব পাৰে৷
কইনা : মই মোৰ মাৰ ঘৰৰ পৰা লগত শিক্ষা আৰু সংস্কাৰ আনিছোঁ যাতে শহুৰৰ ঘৰখনত মিলি জুলি থাকি ঘৰখন আগুৱাই লৈ যাব পাৰোঁ!

(বি: দ্ৰ: আটাইবোৰ ল’ৰা ছোৱালী কিন্তু আজিৰ যুগৰে আৰু শিক্ষিতই আছিল!)

☆★☆★☆

2 Comments

  • ভাল লাগিল। জ্ঞানৰ পৰিসৰ কথাতে প্ৰকাশ পায়।

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল মেডামজী৷ বাকী কেইটাক অজ্ঞানী বুলি মাফ কৰি দিয়ক আৰু৷

    Reply

Leave a Reply

Your email address will not be published.