ফটাঢোল

দ্যা কিং অৱ বানানা- ৰূপম নাথ

দৰাচলতে আজিৰ দুমুখীয়া ব্যক্তিত্বৰ মূলতেই আমি এইবিধ ফলক স্বীকৃতি দিবই লাগিব। এইবিধ ফলৰ হেতুকেই আজিৰ তজবজীয়া জনসমাজত দপদপাই ফুৰা ব্যক্তিসকলে ভিন্ন বিষয়ত উজলি উঠাটো ইতিবাচক। কিন্তু ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হেতু ৰচনা প্ৰস্তুত কৰি শৈশৱৰ অজেয় ফলবিধক তেওঁলোকৰ পিছৰ প্ৰজন্মক চিনাকি কৰাই দিয়াত দ্বিধাগ্ৰস্ত হোৱা দেখা যায়। এসময়ৰ বন্দিত ফলবিধ আজিৰ পাশ্চাত্য খাদ্যাভাসৰ বাবেই নিন্দিত হৈ থাকিল। সচাঁকৈয়ে লজ্জাৰ বিষয় আমাৰ কাৰণে।

কেঁচা মাটিৰ গোন্ধ বুটলি ফুৰা চেচুকীয়া ঠাইৰ পৰা আটোমটোকাৰীকৈ ঘৰোৱাহি কৰি ৰক্ষণাবেক্ষণ দিব লগা অৱস্থাই বাৰুকৈয়ে হতচকিত কৰি তোলে। উত্তৰ অত্যাধুনিক খাদ্যপ্ৰণালীৰ পম খেদি চেৰেলেক জাতীয় দ্ৰব্যবিধহে বুকুৰ কুটুম হোৱাত পূৰ্বৰ সেই অতুলনীয় মাদকতা আজি স্মৃতিৰ গৰ্ভত বিলীন হোৱাটো চিন্তাৰ কাৰণ হৈ পৰিছে। সেই সময়ত কেঁচুৱা থকা ঘৰত চাউলতকৈও ফলবিধৰ প্ৰয়োজনীতাক অধিকতমকৈ হৃদয়ঙ্গম কৰিব পৰা জনেহে সাংসাৰিক জীৱনৰ দায়বদ্ধতাক বুজিব পাৰিছিল বুলি ঘৰ-ঘৰোৱাহিয়ে জ্ঞান কৰিছিল। তদুপৰি বিশ্বাসভাজনৰ আঁত ধৰিয়েই পোৱতী তিৰোতায়ো আদান প্ৰদান কৰাটোৱেই মাতৃমমতাৰ প্ৰকৃত ইংগিত বহন কৰে।

অৱশ্যে ই কেঁচুৱাৰ মাজতেই যে সমাদৃত আছিল এনে নহয়। লুটি বাগৰ মাৰিব পৰা হোৱা কেঁচুৱাটিৰ পৰা বাহিচোতাল গচকি হাল-কোৰ লৈ পথাৰ সিঁচিবলৈ যোৱাজনলৈ, মাছৰ ব্যঞ্জন নহ’লে ভাতমুঠি ভিতৰলৈ নোযোৱাজনৰ পৰা মিলিটেৰীত ভৰ্তি হ’বলৈ কচৰৎ কৰি থকা ডেকাজনৰ  কাৰণেও মধ্যমনি আছিল। এই লৈ দ্বন্দ-সংঘাত হোৱাও দেখা যায়। শাওণমহীয়া হালুৱৈজনৰ উদ্ভাৱনী শক্তিক তলবল কৰাবলৈয়ে এইবিধ ফলৰ অৱদান অনস্বীকাৰ্য।

ঠাইবিশেষে ভীমকল অথবা আঠিয়া কল হিচাবে নামাংকিত এইবিধ ফলৰ আদৰ বুজোঁতাইহে বুজিছিল। এইবিধ কল আজিকালিৰ মূল্যবোধৰ প্ৰাত্যহিক ধাৰাটোত লিকলিকিয়া অন্যান্য কলবোৰে ফেৰ মাৰিব খুজিলেও ইয়াৰ স্থায়ীত্ব অদ্বিতীয় হোৱা দেখা যায়। তথাপি ইয়াৰ অন্তৰালত নিহিত হৈ থকা উচিত গুণবিশিষ্টতাক প্ৰাপ্ত মৰ্যাদাৰ বাবেই কিছুলোকৰ চকুত সন্মোহনীভাৱে দীপ্ত হৈ থকা দেখা যায়। সাময়িকভাৱে পদমৰ্যদাৰ ক্ষেত্ৰখনত আপোচবিহীন স্থানত অৱৰোহন কৰালেও সময় বিশেষে ইয়াৰ অন্তৰ্নিহিত গূঢ়াৰ্থক বিজ্ঞলোকে উনুকিয়াই আছে। কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিবলৈ নতুন প্ৰজন্মৰ মাজত বিলুপ্তপ্ৰায় অৱস্থাই সচেতন মহলক চিন্তিত কৰি তুলিছে। প্ৰজন্মগতভাৱে নতুন ধাৰাৰ উদ্ভৱ হ’লেও পাহৰাই দিয়া অনুচিত অতীতৰ হিম্মতৱালা কলবিধৰ উপকাৰ।

খোৱাৰ উপযোগী কৰিবলৈ হ’লে সামান্য মেহনতিৰহে প্ৰয়োজন। পটাৰ বস্তাত গুপ্তচৰৰ ধনৰ দৰে ঘৰৰ চুকত আটোমটোকাৰীকৈ থৈ দিয়াটোৱেই ইয়াৰ মৰ্যাদাক নতশিৰে মানিবলৈ বাধ্য কৰে।

খাবলৈ যদিও বৈয়াকৰণিক নীতি-নিয়ম নাই তথাপিতো ব্যক্তিবিশেষে ইয়াৰ শৈলী ভিন্ন ধৰণৰ হোৱাটো স্বাভাৱিক। কেঁচুৱাটিক খুওৱাবৰ বাবে চাচি কলটোৰ মঙহভাগ নিৰোৱা হয়। তাৰ পিছত থপথপীয়া হোৱাকৈ পিটিকি পিটিকি ব্যঞ্জনাৰে প্ৰস্তুত কৰি লোৱা হয়। লগত গাখীৰকন দি ঘুটি ঘুটি ইয়াক পাগ ধৰাইছিল। খুওৱাৰ সময়ত অতপালি কৰাবোৰক নাকত এক্সিলেটৰৰ দৰে হেঁচি ধৰিলে অন্তঃগহ্বৰলৈ নিক্ষেপ কৰাত সহায়ক হয় বুলি প্ৰবাদ আছে। আনহাতে সক্ষমসকলৰ ফৰ্মুলাটো অলপ দ্যৰ্থবোধক হৈ পৰে। প্ৰাৰম্ভিকতে বাঁওহাতেৰে ঠাৰিডালত ধৰি উলম্বভাৱে অৱতৰণ কৰোৱা হয়। তেনে সময়তে তৰ্জনী-বুঢ়াৰ দ্বৈত প্ৰচেষ্টাত তিলিকতে টিপ্পনীৰে উমান লোৱা হয় খোৱাৰ সময়োপযোগীতাৰ ওপৰত। আকাংক্ষিতভাৱে আঙুলিৰ ইংগিত পালে উৰ্দ্ধমুখী ফলটোৰ ওপৰত সোঁহাতৰ বুঢ়া আঙুলিত ভেজা দি তৰ্জনী আঙুলিয়ে অৰ্দ্ধমুখী গতি প্ৰদান কৰে। স্বাভাৱিকতে ইয়াত ৰাসায়নিক বিক্ৰিয়াৰ আওতাত নপৰিলেও নাসগ্ৰন্ধিয়ে জিভাডালক তগবগীয়া হোৱাৰ উমান পোৱা যায়। তেনেসময়তে ফাটি যোৱা বাকলিটোৱে জন্মগত সত্বাটোক পৰিহৰি ত্যাগ কৰি অভ্যাগতজনৰ ওচৰত লেতুসেতু হৈ পৰে। ঠাৰিলৈ উজাই অহা কামোবাঞ্চা উলংঘন কৰি পুনৰবাৰ সহচৰী হৈ থকা বাকলিখিনিক পক্ষাঘাত কৰি যেন নিচুকোৱা হয় জিভাৰ লকলকনিক। তৎস্বত্বেও উন্মুক্ত হৈ পৰা কলটোৱে নিজৰ স্বাভিমান অটুত ৰাখি স্থিৰ হৈ থাকে। দাঁত-ওঠ-জিভা সযতনে সঞ্চালন কৰি আনুসংগিক নীতি বৰ্তাই বত্ৰিছমুখীৰ পূৰ্ণ সহযোগিতাত পাচন তন্ত্ৰলৈ প্ৰেৰণ কৰাত সহায়ক হয়।

☆ ★ ☆ ★ ☆

2 Comments

  • K Nath

    *বানানা” ফলৰ ৰজা। সুন্দৰ এটি বিষয়ৰ ওপৰত ৰূপম নামৰ প্ৰতুতপন্নমতি ব্যক্তিৰ কলমত জীপাল হৈ পৰিছে। মোক বৰ আৰ্কষণ কৰিলে লেখাটোৱে।

    Reply
  • Sadananda Bhuyan

    এটি আকৰ্ষণীয় লিখনি । পঢ়ি বহুত ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published.