ফটাঢোল

দ্য ৰেইনকোট – সৌমিত্ৰ যোগী

স্মাৰক-১

দাম্পত্য অভিজ্ঞতাৰে পুষ্টসকলে নতুনকৈ ঘৰ পাতিবলৈ লোৱাসকলক দিয়া গণ্ডা গণ্ডা পৰামৰ্শৰ ভিতৰৰ অন্যতম কথাটো হ’ল মহাদেউ-পাৰ্বতী দুয়ো পৰস্পৰৰ ‘প্ৰফেছন’ বুজি পোৱাটো বাঞ্ছনীয়। নহ’লে ছাইড এফেক্ট বাঢ়ে। একে বৃত্তিৰ হ’লে বহুত জঞ্জাল কমে বুলি এইসকল লোকৰ মাজত একধৰণৰ অন্ধবিশ্বাস প্ৰচলিত আছে। কথাবোৰ কিমান সঁচা, কিমান মিছা ধৰাটো টান। ধৰিবলৈ বেছিকৈ আগবাঢ়ি গৈ থাকিলে কেতিয়াবা পাল্লা ভাৰী হৈ গৈ থাকে। মাষ্টৰৰ ঘৈণীয়েক মাষ্টৰণী, ডাক্তৰৰ ঘৈণীয়েক ডাক্তৰণী, ব্যৱসায়ীৰ ঘৈণীয়েক দোকানী হ’লে কিমান বেয়া বা কিমাননো ভাল? গিৰীয়েক-ঘৈণীয়েক দুয়োটা উকীল হ’লে ক’তনো ভাল? ক’ৰ্টত মুখৰ খজুৱতি মাৰি আহি ঘৰতো তাৰ সাধনা নকৰিবহি বুলি কেনেকৈ ভাবিব? দুয়োটা পুলিচ হ’লে বা দুয়োটা অভিনয় কৰা মানুহ হ’লে খকৰা-মুকুটি আৰু ডিভ’ৰ্ছৰ পৰিসংখ্যা যে বাঢ়ি যাব, সেইটো খাটাং যেন লাগে। কিন্তু এইক্ষেত্ৰত এটা বৃত্তি বৰ ব্যতিক্ৰম। এই মহামান্য বৃত্তিটো হ’ল সাহিত্য তথা সাংবাদিকতা। এঃ বেছিকৈ নকওঁ দিয়ক। কাৰোবাৰ মুখলৈ চাই থু মাৰিলে তেওঁৰ গাতে পৰিবগৈ!

তথাপি কিবা ‘নক’লেও নোৱাৰোঁ ফটা মুখ, ক’লেও লাগে ভকতৰ দোষ।’ সাংবাদিক যদি হয় আৰু দুয়োজনে যদি দুখন বেলেগ বেলেগ কাগজত চাকৰি কৰে আৰু দুয়োখন কাকতৰে মালিক যদি বেলেগ, তেতিয়াহ’লে কাকতৰ ‘নিউজ ছেন্স’ আৰু কোনজন মালিক বেছি বেয়া তাকে লৈ উঠোঁতে-বহোঁতে, পুৱা-গধূলি মৌখিক আৰু ব্যৱহাৰিক পদ্ধতিৰে প্ৰেছ কাউন্সিলৰ ক’ডছ এণ্ড কনডাক্টৰ পৰিসীমা চেৰাই দুই-চাৰিটা খুন্দা-খুন্দলি আদান-প্ৰদান কৰে।

সাহিত্যিকবিলাকৰ লিখিত কোনো আচৰণবিধি নোহোৱাৰ কাৰণে তেনে ব্যৱস্থা নাথাকিলেও ব্যংগ লেখকক ফাল্টু কথা লিখা বুলি গল্পকাৰ ঘৈণীয়েকে চাৰি আষাৰ বীভৎস ৰসসম্পন্ন বাক্য শুনোৱাই দিয়াৰ পাছত নিজৰ লেখাত টুইষ্ট প্ৰয়োগ কৰাৰ বেছি সুবিধা নোপোৱা ব্যংগ লেখকে ঘৈণীয়েকৰ ফালে চাই দিয়া টুইষ্টত গল্পকাৰৰ মুখৰ বৰণ আহাৰমহীয়া আকাশৰ বৰণ সলনি হোৱাৰ লেখীয়া ঘনে ঘনে সলনি হ’বলৈ ধৰে। কবি হ’লেতো কথাই নাই— সম্পাদকৰ তাগিদাত কম শব্দত ভূ-ভাৰস্তৰ কথা লিখি নিলিখাকৈ ৰখা কথাবোৰ জমা কৰি থওঁতে থওঁতে কেতিয়াবা গাভৰু পত্নীক কোনোবা কাব্যৰসিকে প্ৰশংসা কৰিলে বা ঠিক তাৰ ওলোটাটো হ’লে একেবাৰে আগ্নেয়গিৰিহ ভৌ ভৌ জুই, লাভা…

নকওঁ নকওঁ আৰু নকওঁ। পিছে — নকওঁ নকওঁ বিয়নি, বিয়নি বহিলগৈ মেজত, মুখ মেলোঁতেই জুই লাগিল কাজী বিয়লিৰ নেজত।

কিন্তু ফট্‌কৰেনো নকওঁ বুলি কেনেকৈ এৰোঁ? আচল কথাখিনি দেখোন কোৱাই নাই। আচল কথাটো হ’ল, পতি-পত্নী দুয়ো সাহিত্যিক হ’লে, তাতে যদি এজন সমালোচক হয়, তেতিয়াহ’লে আৰু কাক কোনে কি কয়? তেওঁলোকৰ মুখ্য কাম হৈ পৰে প্ৰেৰণা দান। ইজনে সিজনক প্ৰেৰণা দিয়ে, সিজনে ইজনক দিয়ে। প্ৰেৰণা দিয়া-লোৱা কৰোঁতে কৰোঁতে এনে এটা অৱস্থা পায়গৈ যে অসমীয়া সাহিত্য তুলনামূলকভাৱে পিছপৰাৰ হেনো এইটোও এটা অন্যতম কাৰণ!

স্মাৰক – ২

প্ৰেৰণা দিয়া-লোৱা কৰি ব্যস্ত হৈ থকা তেনে দুজন নায়ক-নায়িকা হ’ল দীনু আৰু লাজু। এই দুটা পৰস্পৰে মতা নাম। পিতৃ-মাতৃপ্ৰদত্ত নাম দীনবন্ধু চৌধুৰী আৰু লাজুকিলতা বৰুৱা শৰ্মা চৌধুৰী। লাজুৰ এইটো কি উপাধি সুধিছে? ঔ — বৰুৱা তেওঁৰ পিতৃৰ, শৰ্মা তেওঁৰ মাতৃৰ আৰু চৌধুৰী তেখেতৰ উপাধি। এই তিনিওজনকে খুব ভক্তি কৰে কাৰণেই লাজুৱে আজিলৈকে এজনৰো উপাধি বাদ দিব পৰা নাই।

বেছি কথা নকৈ এইটোকে ক’ব লাগিব যে দুয়োটা জীৱই পতা এই ঘৰখন হ’ব ভক্তি-ভালপোৱা, শাসন-প্ৰেৰণাৰ উজ্জ্বল দৃষ্টান্ত।

মঞ্চত-১

‘দীনু, মই বৰষুণত তিতিবলৈ যাওঁ।’

‘নালাগে।’

‘কি…য়? যাওঁনা, মোৰ বৰষুণত তিতিবলৈ মন গৈছে।’

‘কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ, আহাৰৰ এদিন নাটকখন চোৱাৰ পৰা তোমাৰ বৰষুণত তিতাৰ কোবটো অলপ বেছি হৈছে।’

‘কিন্তু কি কৰোঁ কোৱাচোন? মই যে বৰষুণ দেখিলে ৰৈ থাকিবই নোৱাৰোঁ…।’

‘বুজিছোঁ। কিন্তু তুমি চোৱাচোন— আগফালে এটা গুৰুত্বপূৰ্ণ প্ৰ’গ্ৰাম আহি আছে।’

‘সেইটো বুজিছোঁ। কিন্তু মই যে বৰষুণ ভাল পাওঁ। সেইটোতো তুমিও জানা। আৰু মই ভাল পোৱাটো তুমি কি বেয়া পোৱা?’

‘সেইটো কিয় হ’ব? ময়ো ভাল পাওঁ।’

‘আৰু চোৱা দীনু, মোৰ নেক্সট উপন্যাসৰ মেইন থীমটো হ’ব বৰষুণ, মই ‘আহাৰৰ এদিন’ নাটকখন চাই খুব ইমপ্ৰেছ্‌ড হৈছোঁ।’

‘অ’কে, অ’কে। ঠিক আছে। কিন্তু তুমি যদি বৰষুণত তিতিবলৈ গৈ চৰ্দিত পৰা, গোটেই প্ৰ’গ্ৰেমটোৱেই দেখোন বৰবাদ হৈ যাব।’

‘চৰ্দিত নপৰোঁ নহয়। মই ৰেইনকোট পিন্ধিহে যাম।’

স্মাৰক-৩

লাজু বৰষুণত তিতিবলৈ গ’ল, দীনুয়েও সংগ দিলে। দুয়ো বৰষুণত তিতিল কিন্তু কাৰো চৰ্দি নহ’ল। দীনু বৰ টেনশ্যনত আছিল। দিল্লীৰপৰা আলহী আহিব। উলা-মূলা আলহী নহয়, একেবাৰে সাহিত্য অকাডেমীৰ মেম্বৰ। লাজুৱে জনগোষ্ঠীয় জীৱন আৰু কৃষ্টিক লৈ লেখা উপন্যাসখনে বেছ সমাদৰ পাইছে। দিল্লীৰ আলহীজনেও পঢ়িছিল, ভাল পাইছে বোলে। গতিকেই তেওঁ এবাৰ আলহী হ’ব খুজিছে। দুয়োটা মানুহ এই লৈ বৰ ব্যস্ত হৈ আছে, তাৰ মাজত চৰ্দি লগা হ’লে বাৰু কি কৰিলেহেঁতেন! আলহীক ভালদৰে আপ্যায়ন কৰিব লাগিব, এইটো নিয়মৰ নিয়ম। ভাল আপ্যায়ন নাথাকিলে সাহিত্যৰে সৌন্দৰ্য কমি যায়। তেতিয়া বেছিকৈ বঁটা-বাহনৰ আশা কৰা নচলে।

তাতে আকৌ অভ্যাগত এথ্‌নিক ফুড, এথ্‌নিক কালচাৰৰ ভক্ত। খুব ভাল পায়, খুব ভাল লাগে। তেওঁলোকৰ জীৱনটোও যে কি বিচিত্ৰ। সঁচাই ভাল লাগে। সেই কাৰণেই তেওঁ দীনু-লাজুৰ অতিথি হ’ব। তাত খাব, চাব আৰু এনজয় কৰিব। এই অভিজ্ঞতাৰে তেৱোঁ ষ্ট’ৰী এটা লিখাৰ কথা।

এই উপলক্ষে সাহিত্যিক দম্পতীয়েও কম যা-যোগাৰ কৰা নাই! অতিথি সাহিত্যিকৰ উপলব্ধিৰ ৰং মাল্টি-কালাৰ কৰিবলৈ সাজে-হাৰিয়াই, ছাইমদে-আপঙে চমৎকাৰ যোগাৰ আৰম্ভ কৰিছে। জাগৰণ-নেড্‌ফি হাট ঘূৰি ঘূৰি নানাবিধৰ জনগোষ্ঠীয় সাজ-পাৰ যোগাৰ কৰিছে। সেইবোৰেৰে গোটেই ঘৰ সজাব লাগিব। আত্মসহায়ক গোটৰ শিপিনীক লগ ধৰি কাপোৰবোৰৰ বোৱা-কটা সন্দৰ্ভত কিবাকিবি সোধা-পোছা কৰি নোট কৰিছে। (কংগ্ৰেছ চৰকাৰৰ দিনত অৱশ্যে এইটো ভাল হৈছে দেই— গাঁৱৰ কিবা কথা জানিব লাগিলে নেড্‌ফি হাটলৈ গ’লেই হয়)

মঞ্চত-২

‘উফ্‌ ৰক্ষা! প্ৰায় গোটেইবোৰেই যোগাৰ হ’ল দিয়া। এতিয়া খানাটো ফাইনেল হ’লেই কাম একপ্ৰকাৰ শেষ।’

‘খানাটো কিন্তু মোৰ মতে হ’ব।’

‘অঁ হ’ব দিয়া, তোমাৰ মতেই হ’ব।’

‘এসাঁজ অসমীয়া, এসাঁজ এথ্‌নিক…। বচ্‌। এই, এই— অঞ্চু— অঞ্চুমেই …’

‘গৈছোঁ বাইদৌ।’

‘শুন। আলহীজন আজি পাবহি। আজি তই দখনা পিন্ধি থাকিবি। তোক কিবাকিবি সুধিব। মনত আছে নহয় কি কি ক’ব লাগিব আৰু কি কি ক’ব নালাগিব?’

‘মনত আছে বাইদৌ। গাঁৱলৈ যাব খুজিলে ক’ব লাগিব এতিয়া বাৰিষা দিনতো, ৰাস্তাত পানী হয়। গতিকে যাব নালাগে। আমাৰ গাঁৱলৈ যাবলৈ বিচাৰিলে খৰালি মাহত আহিব লাগে।’

‘অঁ পাই তহঁতৰ মানুহবোৰ যিহে খেস্তা। মানুহজনে গৈ দেখিলে তহঁতৰ গোটেই মানুহবোৰকে তেনেকুৱা বুলি ভাবিব। তহঁতক লেতেৰা জাতি বুলি ক’ব। আৰু কি ক’ব নালাগিব?

‘মোৰ মুখত শুনা কথাবোৰকে লৈ যে আপুনি কিতাপখন লিখিছিল সেইটো ক’ব নালাগিব।’

‘ওঁ—ওঁ, ঠিক আছে যা। এতিয়া দুকাপ কফি কৰি আন। মই লিখিব বহিম এতিয়া।’

‘বাইদৌ এটা কথা …’

‘কি?’

‘আপুনি যে আজিলৈকে আমাৰ গাঁৱলৈ যোৱা নাই, সেইটো কথা ক’ম নে নাই?’

মঞ্চত স্মাৰক

গাঁৱলৈ নোযোৱাকৈ যদি কোনোবাই এখন গ্ৰাম্য পটভূমিত উপন্যাস লিখিব পাৰে, কোনো খেস্তা ট্ৰাইবেলৰ পদূলি নগচাকৈ জনগোষ্ঠীয় কৃষ্টি বৰ্ণনা কৰিব পাৰি, আনৰ মুখত দুখ-দুৰ্দশা শুনিয়েই ইচ্‌-ইচ্‌ আচ্‌-আচ্‌ কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰিব পাৰি, তেতিয়াহ’লে সৃষ্টিকৰ্তাজনে তেনে সৃষ্টিৰ বাবে উৎকৃষ্ট কল্পনা বঁটা, বিশেষ মানৱতা বঁটা জাতীয় কিবা পাব নালাগেনে? আৰু এই এজামিজ ডিছ আৰু ‘এথ্‌নিক ফুড’ৰ মাজত সম্পৰ্কটো ক’ত? আমি খোৱা খাৰলি-কাহুদি, মাছৰ টেঙা, খৰিকাত দিয়া, পিটিকা কৰা মাছ, আলু, বেঙেনা-বিলাহী বিধ বিধ পিটিকা, টেঙামৰা-মধুসোলেং দিয়া মচুৰ দাইল, ঢেঁকীয়াই-বিলাহীয়ে ৰন্ধা তৰকাৰী, কলাখাৰ দিয়া মাটি দাইল, অমিতা-বন্ধাকবি-তিয়ঁহৰ মাছৰ মূৰেৰে ৰন্ধা খাৰ আদিবোৰ কি? অসমীয়া খানানে? খৰিচা বা লাইশাকত দিয়া গাহৰিৰ মঙহ, ডিমৌ পাতেৰে ৰন্ধা কুকুৰা মাংসৰ জোল, চালনীত দিয়া মাছ আদি ব্যঞ্জন কি?অসমীয়া খানা হয়নে? ভোট দিবলগা হ’লে অসম সাহিত্য সভাই কাৰ ফালে ভোট দিব? অসমীয়া খানাৰ ফালে নে জনগোষ্ঠীয় খাদ্যৰ ফালে?

মুঠ কথা, জনগোষ্ঠীয় খাদ্যবোৰ অসমীয়া খাদ্য বুলি মানুহে নকয় কিয়?

‘আমাৰ যে এই ছাবজেক্টটোত একদম ষ্টাডি নাই জানে!’

সাহিত্যিক দম্পতীয়ে বৈষ্ণৱী বিনয়েৰে সৈতে উত্তৰ দিলে। কিন্তু কথা হ’ল এই যে ইংৰাজী আৰু বাংলা মহিলা আলোচনী পঢ়ি পঢ়ি ৰেচিপি শিকা অসমীয়া ভদ্ৰ মহিলাসকল, তেওঁলোকে ৰন্ধাবোৰ কি ডিছ হ’ব? অসমীয়া ডিছ?

আচলতে কি জানে, আমিবোৰ গাঁতলৈ সোমাই গৈ থাকিলে জাতিটো ৰসাতলে যাব। আমি ওলাই যাব লাগে। গাঁতৰ পৰা ওলাই যাব লাগে। বৃহত্তৰ ভাৰতীয় সংস্কৃতিৰ লগত মিলি যাব লাগে, তেতিয়াহে দেশ-জাতি চহকী হ’ব।

‘এই— অঞ্চুমেই, গেষ্টলৈ থৈ দিয়া আৰনাই-চাৰনাইৰ টোপোলাটো আনি দেচোন, গিফ্‌ট পেপাৰেৰে পেক্‌ড্‌ কৰি আনি থওঁ।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.