ফটাঢোল

ধাৰাবাহিক (২৫.২.২০) বাল্মিকী বৰুৱাৰ আত্মজীৱনী -ডo সৰোজ কাকতি দ্বিতীয় অধ্যায়

শীতকালৰ ৰাতিপুৱা স্নান কৰা বৰ টান কাম৷ গৰম পানীৰে গা ধুলেও পাচত বৰ ঠাণ্ডা লাগে৷ সেই কাৰণে বেছিভাগ সময়তে বৰুৱাই চুলিকেইডালত পানী সানি মুখখন ধুই, ভৰি হাতে পানী লগাই, কাপোৰ কানি বাথৰূমতে পিন্ধি ওলাই আহে৷ গাৰ দুৰ্গন্ধ গুচাবলৈ দামী আতৰ চতিয়াই লয়৷ আজিও ঘটিৰাম লেখাৰু আহি পোৱাৰ সময় হৈছে কাৰণে বাওনা বৰুৱাই সোনকালে বাথৰূমৰ পৰা ওলাই আহিল৷
ইতিমধ্যে ঘটিৰামে আহি নিজৰ ঠাই অধিকাৰ কৰি বহি আছে আৰু কালি লেখাখিনিৰ ওপৰত চকু ফুৰাই আছে৷ বৰুৱাই ঘটিৰামৰ আশে-পাশে চালে, কিবা উপঢৌকন আনিছেনে নাই৷ আনিলে বৰুৱাই ভাল পায়, নানিলে বৰ বেয়া পায়৷ বৰুৱাৰ দৰে এগৰাকী বিদগ্ধ মানুহৰ জীৱন কাহিনী তেওঁ লৈ যাব, আৰু তেওঁৰ কাৰণে একো এটা বস্তু নানিব, এইটো কেনে কথা হ’ব? কালি প্ৰথম দিন বুলি চাহ একাপ খুৱালে, আজিও খুৱালেহেঁতেন কিন্তু এনে অকৃতজ্ঞ মানুহক খুৱাই একো লাভ নাই বুলি ভাবি বৰুৱাই চাহ খাবলৈ বুলি ঘৰৰ ভিতৰলৈ উভতি গ’ল৷ জীৱনত এনেকুৱা মুৰ্খ মানুহ দেখা নাই৷ ডাঙৰ মানুহৰ ওচৰলৈ গ’লে যে হাতত কিবা এপদ বস্তু লৈ আহিব লাগে এই কথাও বুজাই ক’ব লাগে নে? কাৰোৱাক কিবা এবিধ দিলে কিবা নহয় কিবা এবিধ আদায় কৰিব লাগিব, – এইটো হ’ল বৰুৱাৰ জীৱনৰ বৈষয়িক উন্নতিৰ মূল মন্ত্ৰ৷ এমেলে হৈ থকা কালৰ এটা কথা মনত পৰিল৷ শাসন কাৰ্য চলাবলৈ তেওঁ ৰাজধানীত চৰকাৰী আৱাসত থাকে৷ গাঁৱত বৃদ্ধ, পিতৃ-মাতৃ, পত্নী আদিৰ লগতে তেওঁক নিৰ্বাচনত জিকাই দিয়া সাধাৰণ ৰাইজ থাকে৷ গাঁৱৰ মানুহৰ দুখ কষ্টৰ খবৰ ল’বলৈ তেওঁ কেতিয়াও গাঁৱলৈ নাযায়৷ কাৰোৱাৰ কিবা দুখ কষ্ট হৈছে তেওঁক আহি জনাব নহয়৷ শাস্ত্ৰ বিলাকৰ কাহিনীত পোৱা নাই জানো, বিপদত পৰিলে অন্য দেৱ-দেৱতাসকলে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আদি দেৱতাসকলৰ ওচৰলৈ যায়, গৈ হাতযোৰ কৰি পৰিত্ৰাণৰ উপায় বিচাৰে৷
এইকথা বুজি পাই ছোৱালী এজনীয়ে বৰুৱাৰ আৱাসলৈ চাকৰি বিচাৰি আহিছিল৷ প্ৰথমে বৰুৱাই কোন আহিছে সেই কথা জনা নাছিল কাৰণে দেখা নকৰোঁ বুলি ভাবিছিল পিচে যেতিয়া জানিব পাৰিলে যে সে ধুনীয়া গাভৰু ছোৱালী এজনী আহিছে, বৰুৱাই লগে লগে মন সলনি কৰিলে৷
ছোৱালীজনী দুখীয়া ঘৰৰ আছিল যদিও দৈহিক সম্পদত চহকী আছিল৷ বৰুৱাক চাকৰি এটাৰ বিষয়ে অনুৰোধ কৰিবলৈ আহি নাৰিকলৰ লাৰু কেইটামান আনিছিল৷ ছোৱালীৰ গাৰ সুবাস পাই তেওঁ আনন্দিত হৈ উঠিল৷ মাৰ্কচিট, চাৰ্টিফিকেট আদি পৰীক্ষা কৰা বিশেষ কোঠালি এটালৈ নিলে৷ বৰুৱাৰ শৰীৰৰ ভাষা বুজি পোৱা ছোৱালীজনীক বৰ ভাল লাগিছিল৷ এইবোৰহে স্মাৰ্ট ছোৱালী৷ বৰুৱাই চাকৰি আজি হ’ব, কাইলৈ হ’ব বুলি কোৱাৰ্টাৰলৈ বুলি মাতি থাকিল৷ ইমান সোনকালে চাকৰি হ’লে বৰুৱাৰ কি লাভ হ’ব৷ ছোৱালীজনীয়ে গাঁৱৰ পৰা অহা-যোৱাৰ খৰচো বৰুৱাই দিছিল৷ পিছে এদিন ছোৱালীজনীয়ে পয়মাল ঘটালে৷ বৰুৱাৰ সৈতে একান্ত অৱস্থাত থকা ফটো কেইখনমান ছোৱালীজনীয়ে কাৰোৱাৰ হতুৱাই তুলি ৰাখিছিল৷ সেইবোৰ দেখুৱাই ক’লে বৰুৱা চাহাব, ‘মোক চাকৰি কেতিয়া দিব কওক? আপোনাৰ ইলেকচন আহি আছে, এইবোৰ ফটো, পেপাৰত ওলালে, হাঁহাকাৰ লাগিব৷ ’ বৰুৱাই ছোৱালীজনীৰ চৰণত ধৰি ক’লে নাই নাই তুমি সাক্ষাত স্বৰ্গৰ অপেশ্বচী স্বৰূপা, তোমাৰ মই ভক্ত, তুমি ভক্ত বৎসলা, তোমাৰ ৰূপৰ মায়া সাগৰত মোক সাঁতোৰাই আনন্দ ৰস পান কৰালা, এতিয়া জুলুকি জুলুকি পানী নুখুৱাবা৷ তুমি মাত্ৰ তুষ্ট হোৱা৷ সত্ত্বৰে তোমাৰ চাকৰিৰ ব্যৱস্থা হৈ আছে৷ আচলতে বৰুৱা ছোৱালীৰ চৰণত ধৰা পুৰুষ নহয়, বহুতকেইটা কাৰণত তেওঁ তেনেকুৱা কৰিছিল৷ ছোৱালীজনীৰ বেগত ফটোৰ উপৰিও আছিল এটা ৰিভলভাৰ৷ তাতোকৈ ডাঙৰ কথা ইলেকচন আহি আছে, সাংবাদিকবোৰে কাৰ কি দুৰ্বলতা আছে, তাক বিচাৰি কোঁকলোঙাৰ দৰে পিয়াপি দি ফুৰিছে৷
(আগলৈ)
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.