ফটাঢোল

ধুম মচালে ধুম-গীতাৰ্থ গোস্বামী

ছয়-সাত বছৰমান আগতে এদিন দেওবাৰে নিউ গুৱাহাটিত থাকা পেহীহঁতৰ ঘৰলৈ ভাত খাবলৈ গ’লোঁ। গৈ পাই অলপ কথা পাতি ভাতলৈ দেৰি আছে বুলি গম পাই, পেহীৰ ল’ৰা, ভাইটি অয়ন শৰ্মাক লগতলৈ অলপ এনেয়ে এক চক্কৰ মাৰি আহোঁ বুলি ওলালোঁ মোৰ ধন্নো Mahindra Duro খনত।

অলপ দূৰ আহিয়ে দেখোঁ সন্মুখত বহুত মানুহৰ ভীৰ আৰু বিপৰীত দিশৰ পৰা টি ভি চেনেলৰ কেমেৰা আৰু তেতিয়াৰ গড়কাপ্তানি মন্ত্রী অজন্তা নেওগ বাইদেউ আহি আছে। কেমেৰা দেখি নিজকে Dhoom ছবিৰ হিৰো বুলি ভাবি পুৰা দবাই দিলোঁ এক্সেলেৰেটৰ আৰু ঘপকে কিবা ৰচী এডালত জোট-পোট খাই লাগি ধৰোঁতে দেখোঁ সকলো মানুহ দৌৰা দৌৰিকৈ মন্ত্ৰীক এৰিথৈ আমাৰ ওচৰলৈ আহিলে। ভাবিলোঁ মোৰ বাইক চালনাত অভিভূত হৈ  DHOOM ছবিৰ অসমীয়া ৰিমেকৰ হিৰোৰ বাবে প্ৰস্তাব দিবলৈ আহিছে চাগে। কিন্তু এয়া কি ওলোতাকৈ দেখোন গালি বৰ্ষণহে আৰম্ভ কৰি দিছে৷

: দেখা নাপাই নিকি ৰঙা ফিটাডাল একেবাৰে চিঙি পেলালে… কি হ’ব এতিয়া….

: ঐ কলপুলি ধৰ…

: ঐ ৰচীডাল যোৰা লগা মন্ত্ৰী বাইদেৱে এতিয়া কি কাটিব?

ইত্যাদি ইত্যাদি…

কি হ’ল একো ধৰিব নোৱাৰোঁতেই ভূমিকম্প অবিহনেই ৰচীডাল বান্ধি ৰাখা কলপুলি দুটা লৰিবলৈ ধৰিলে আৰু দুজনে যদি কল পুলিৰ কম্পন ৰোধত লাগিলে দুজনে আকৌ ৰচী যোৰা লগোৱাত ব্যস্তহৈ পৰিলে। ইমান সোনকালে সকলো ঘটি গ’ল যে, মই কোন মুহূৰ্তত DHOOM ৰ হিৰোৰ পৰা আহি গন গালি বৰ্ষণত ধৰাশায়ী হ’লোঁ ধৰিবই নোৱাৰিলোঁ আৰু অয়নৰ জোকাৰতহে বাস্তৱলৈ ঘূৰি আহি পৰিস্থিতি আৰু বিষম হোৱাৰ আগতেই একেকোবে স্কুটাৰ দৌৰাই নাৰেঙ্গী পালোঁহি আৰু ভালকৈ উশাহ ল’লোঁ।

অয়নে কওঁতেহে বুজি পালোঁ যে সেইটো এটা নতুনকৈ বনোৱা পথ আছিলে আৰু তাকে মুকলি কৰিবলৈ গড়কাপ্তানি মন্ত্রী ডাঙৰীয়ানী আহিছিলে। তেওঁ মুকলি কৰাৰ আগতেই মই হীমা দাসৰ ষ্টাইলত ৰচী চিঙি উদ্বোধন কৰি দিলোঁ আৰু ৰাইজৰ পাইকাৰী হিচাপত গালি বৰ্ষণৰ চিকাৰ হ’লোঁ।

কেমেৰামেনে মন্ত্রী বাইদেউক ফ’কাচ কৰি আহি থাকোঁতেই আমি বিপৰীত দিশৰ পৰা আহি ৰাস্তা মুকলি কৰি দিলোঁ আৰু ভাৰতবৰ্ষৰ চাগে প্ৰথম আৰু একমাত্র স্কুটাৰেৰে ফিটা চিঙি উদ্বোধন কৰা ৰাস্তাৰ উদ্বোধক হোৱাৰ সুনাম (?)/ দুৰ্নাম আৰ্জন কৰিলোঁ। ভাগ্য ভাল অয়ন মোৰ দৰে পাঞ্জাব বডী এটাৰ পিছফালে বহি থকাৰ বাবে স্থানীয় ব্যক্তিসকলে তাক নেদেখিলে আৰু দুয়ো পলাই প্ৰায় দুঘণ্টামান নাৰেঙ্গীৰ কলংপাৰ বজাৰতে কুছিয়া মাছৰ নাগিন ডান্স চাই অতিবাহিত কৰিলোঁ কাৰণ লক্ষ্য এটায়ে, যাতে মিটিঙ শেষ হৈ মানুহ ঘৰা-ঘৰি যোৱাৰ পিছতহে আমি ওভটিম নহ’লে কি হয় ঠিক নাই।

দুঘণ্টামান পিছত ঘৰ পাই পেহীক ভাতৰ পাততে সুধিলোঁ,

: তহঁতৰ এই ৰাস্তাটো বৰ ভাল হৈছে নতুনকৈ বনাইছে নিকি?

পেহীৰ উত্তৰ,

: একেবাৰে নতুন ৰাস্তা….নক’বি আৰু আজি মন্ত্রী আহিছিলে মুকলি কৰিবলৈ কিন্তু তাৰ আগতেই বোলে কোনোবা অসভ্য, আনকালচাৰ্ড মানুহ এটা আহি বাইকেৰে ফিটাডাল চিঙি পলাই গ’ল। মানুহ কেনেকে ইমান অভদ্ৰ হ’ব পাৰে? আমাৰ লোকেল মানুহ নহয় বেলেগ পাৰাৰ চাগে… আমাৰ ৰাস্তাটো ভাল হোৱা দেখি হিংসাতে এনেকুৱা কৰিছে। সকলোৱে তাকেই আলোচনা কৰি আছে আজি।

ভালকৈ মাছে-মাংসৰে একাঁহী মাৰি তামোল এখন মুখত ভৰাই যাওঁ দেই বুলি মাত লগালোঁ আৰু পেহীৰ সুৰতে সুৰ মিলাই কৈ আহিলোঁঁ,

: সঁচাকৈ মানুহ কেনেকৈ ইমান অভদ্ৰ হ’ব পাৰে। নাপায় দেই৷

☆ ★ ☆ ★ ☆

2 Comments

  • দীক্ষিতা

    এই খ‍্যাতি লাভৰ বাবে অভিনন্দন। 😆😆

    Reply
  • হিমাংশু

    ইচকুলৰ স্বভাৱটো নেগাল মানে ন দাইদে

    Reply

Leave a Reply

Your email address will not be published.