ফটাঢোল

ধুৰ জিন্দেগী – পৰীস্মিতা বৰদলৈ

অথনিৰে পৰা ফোন লগাই আছোঁ, নাই তেওঁ ৰিচিভেই কৰা নাই। এতিয়ালৈকে ২০ বাৰতকৈও বেছি ফোন লগালোঁ, কিন্তু নাই ৰিং হৈ হৈ কাটি গৈছেগৈ তেওঁ সিফালে ৰিচিভেই কৰা নাই। এনেবোৰ কথাতেই খং উঠে মোৰ। উপায় নোহোৱাত তেওঁৰ চেক্ৰেটাৰীটোলৈকে ফোন লগালোঁ। ঠিকছে সেইডালকে গালি দুটামান দিলোঁ। সি বোলে বাইদেউ এইকেইদিন ছাৰ খুব বিজি। একেবাৰে টাইট ছিডোল চলি আছে। মই বোলো যি ছিডোলেই নচলক আজি তিনিদিন হ’ল তেওঁৰ বাৰু মোলৈ মানে নিজৰ প্ৰেমিকালৈ মনত পৰা নাইনে! খঙতে ফোনটো কাটি দিলোঁ।

ইফালে চেক্ৰেটাৰীয়ে মোৰ পৰা গালি খাই মোৰ প্ৰেমিকক মানে তেওঁক বুজাবলৈ লাগিল “ছাৰ, বৰ ডাঙৰ কথা হ’ল, আপুনি এইকেইদিন বাইদেউৰ ফোন ৰিচিভ কৰা নাই, ওলোটাই কৰাও নাই, সেয়ে সিফালে পুৰা গৰম।….
এইফালে মই তেওঁৰ ওপৰত অভিমান কৰি মুখ ফুলাই আছোঁ। বুজি পাওঁ তেওঁ খুব বিজি থাকে এনিটাইম চিনেমা, টি ভি শ্ব’ৰ শ্বুটিঙত ব্যস্ত.. তথাপিও মনে নামানে, কাৰণ মই যে তেওঁৰ একমাত্ৰ প্ৰেমিকা। মোৰ সৰু চিংগল ৰূমটোত দুখন সৰু বিচনা। এখনত কাপোৰ আৰু কিতাপেৰে ভৰ্তি হৈ আছে। আনখনত মই মুখ ওন্দোলাই খিডী়কীৰে বাহিৰলৈ চাই বহি আছোঁ। তেনেতে মোৰ ফোনটো বাজি উঠিলে। গম পালোঁ, তেওঁৱেই কৰিছে। চেক্ৰেটাৰীয়ে গালি খাই তেওঁক মনত পেলাই দিছে মোলৈ ফোন কৰিবলৈ। নাই নধৰোঁ। নধৰিলোঁ। আকৌ বাজিল। এইবাৰ ফোনটো অফ কৰি থৈ দিলোঁ। জানো মই, ফোনটো ধৰিলেই তেওঁ সিফালৰ পৰা মিঠা মিঠা কথা কৈ মোক মনাই ল’ব আৰু তেওঁৰ চিনেমাবোৰত দেখুওৱাৰ দৰে ধুনীয়া ঠাই এখনলৈ মোক ফুৰাবলৈ নিব। নাই এইবাৰ মোৰ মন নাই একো কৰিবলৈ।

হঠাতে খিড়িকীৰে চাই থাকোঁতে দেখিলোঁ একেবাৰে ডাবাং ষ্টাইলত এসোপামান চিকিউৰিটি আৰু চেক্ৰটেৰীকলৈ মোৰ প্ৰেমিক চলমান খান মোৰ ৰূমলৈকে আহি আছে। অলপ দেৰী চাই ল’লোঁ। সঁচাকৈ চিনেমাখনত ৰ’লটোৱে তেওঁক শুৱাই তুলিছিলে। ডাবাং যি ডাবাং। মই কিন্তু তেতিয়াও মুখ ফুলায়েই আছিলোঁ। কি কৰিম এতিয়া, চলমান মানে তেওঁতো মোৰ ৰূমলৈকে আহি আছে। হঠাতে মই মুখখন ৱালৰ ফালে দি বিচনাতে শুই দিলোঁ। তেওঁৰ চেক্ৰেটাৰী আৰু দুটামান চিকিউৰটি আহিয়েই মোৰ মোৰ পাকঘৰত সোমাই চাহ বনাবলৈ লাগিল। মই যদিও মুখ ফুলাই শুই আছিলোঁ, তেওঁলোকৰ কাৰ্য কলাপ কিন্তু ঠিকেই অনুমান কৰি আছোঁ। চাহ বনাবলৈ তাহাঁতি পাকঘৰত সোমালত মোৰ চিন্তাও লাগিল, বোলো মেৰি গল্ডৰ আধা পেকেট বিস্কুট আৰু নানকাটাৰ নতুন বিস্কুট পেকেট বা বিচাৰি পায় নে নাপায়! ইফালে উঠিও যাব নোৱাৰোঁ, কাৰণ তেওঁ আহি যে মোৰ ৰূম সোমালেহি।

আহিয়েই মোক মিঠা মিঠা মাতেৰে জগাবলৈ পুৰা চেষ্টা কৰিছে। কিন্তু এইবাৰ মই নাচোৰবান্দা, মোক তিনিদিন ফোন নকৰাৰ শাস্তি মই দিমেই। মোৰ পৰা একো সঁহাৰি নাপাই তেওঁ মোৰ কাপোৰ আৰু কিতাপেৰে ভৰ্তি হৈ থকা বিচনাখনতে শুই দিলে। অলপ পাছতে “ঘৰ্ ঘৰ্ নাক বজাৰ শব্দ..

মনে মনে তেওঁক চাবলৈ উঠি আহিলোঁ মই বিচনাৰ পৰা.. একেথৰে চাই ৰ’লোঁ তেওঁৰ মুখলৈ.. কিন্তু মুখখন দেখোন চলমানতকৈ অলপ শকত যেন লাগিছে আৰু বডীটোও দেখোন চলমানতকৈ শকত.. চলমান নহয় নেকি!.. ক’ত গ’ল

“এই কি হ’ল এই ৰাতিখন? “

হা!

“কি চাই আছা! শুই থাকা”

অ’

ধেইত্ তেৰি মই তাৰমানে ইমান দেৰি সপোন ৰাজ্যতহে ঘূৰি ফুৰিছিলোঁ.. চলমান নহয়, এয়া মোৰ কাষত মানুহজনহে শুই আছে..

ধুৰ জিন্দেগী…

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.