ফটাঢোল

বিদেশীপ্ৰেমী মামী- ধূৰ্জ্জতি কাকতি

মই  ডিগ্ৰীত পঢ়ি থকা দিনৰে ঘটনা৷ জেঠাইৰ ল’ৰাৰ বিয়াত যোৰহাটলৈ গৈছিলোঁ৷ জেঠাইৰ সৰু ল’ৰা অৰ্থাৎ দাদাৰ  লগত সম্বন্ধীয়া মামা এজনৰ ঘৰলৈ গ’লোঁ৷ মামাৰ বোৱাৰীয়েক মানে বৌগৰাকীয়ে ক’লে ব’লা আমাৰ মাহঁতৰ ঘৰতো বিয়ালৈ  মাতি আহিবা৷ আমিও বৌৰ লগত বৌৰ মাকৰ ঘৰলৈ গ’লো৷ বৌগৰাকীয়ে ঘৰত নামিয়ে ভনীয়েকক সুধিলে  “মামী ঘৰত আছেনে?”  ভনীয়েকে আছে বুলি ক’লে৷ আমি ড্ৰয়িং ৰুমত সোমালোঁ৷ ড্ৰয়িং ৰুমটো ধুনীয়া, যীশু খ্ৰীষ্টৰ ডাঙৰ এখন ফটো আছে৷ তেনেতে  বৌগৰাকীয়ে মাত দিলে “মামী আহা চিনাকী কৰাই দিওঁ”৷ মানুহ এগৰাকীয়ে ওলাই আহি নমস্কাৰ দিলে৷ বৌগৰাকীয়ে ক’লে “এইয়া মোৰ মা”৷ অলপ সময় পাত্তা নেপালো কেচটো কি হ’ল মামীয়েকক মাক বুলি কিয় কৈছে! তাৰপাচতহে  বুজিলো আমাৰ ভাষা বিভ্ৰাট হৈছে, বুজাতহে ভুল হৈছে, আমি ইংৰাজী ভাষাৰ শব্দক ইমানপৰে অসমীয়া বুলি ভাবি আছিলো৷ মানে ইংৰাজীৰ মাম্মীক অসমীয়াত মামী৷ হওঁতে বৌৰ মাকে হয়, মাতোতেহে মামী বুলি মাতে৷ যি নহওক মামীৰ লগত কথা পাতিলো, মামীয়ে  নিজৰ কথা ক’লে, মামীৰ গিৰিয়েক ঢুকাল, ক’লে তেওঁ বৰ সৎ চৰকাৰী বিষয়া আছিল৷ ড্ৰয়িং ৰুমৰ দামী দামী ফাৰ্নিচাৰ দেখি লাগিছিল বাৰু৷ যিয়েই নহওক কথা বতৰা কৈ চাহ আনিবলৈ ভিতৰত সোমাল৷ মই দাদাজনক সুধিলো “মানুহ ঘৰ খ্ৰীষ্টান নেকি যীশু খ্ৰীষ্টৰ ফটো আছে যে”? দাদাই ক’লে, “মামী যে সেইকাৰণে যীশু খ্ৰীষ্ট আছে, মা হোৱা হ’লে কৃষ্ণৰ ফটো থাকিলে হয়৷” অলপ পাছত আমালৈ চাহ আনিলে৷ ঘৰত  জাৰ্মান স্পিটজ কুকুৰ এটা আছিল। আমাৰ লগত খেলি খেলি জপিয়াই উৎপাত কৰি  আছিল৷
এইবাৰ মামীয়ে কুকুৰটোৰ কথা কোৱা আৰম্ভ কৰিলে। ইয়াৰ নাম জেকি, ইয়াৰ লগতে দিনটো যায়, খোৱা বোৱাত বহুত বিচাৰ। তাৰ কথা কৈ কৈ ক’লে। মই কুকুৰ বৰ বেয়া পাইছিলো, কিন্তু এখেত ঢুকোৱাৰ পাছত ঘৰখন বৰ খালী খালী লাগিছিল, তেতিয়া জোঁৱাইৰ মাকে ক’লে ইয়াক অনাৰ কথা৷ প্ৰথমে এডজাষ্ট কৰিবলৈ দিগদাৰ হৈছিল, এতিয়া কিন্তু  থাকিলেহে ভাল লাগে৷ কুকুৰটোক ভালকৈ মৰম কৰি আহিলোঁ৷ বেচেৰাই যে গিৰিয়েকৰ অভাব দূৰ কৰিব পাৰিছে৷ আহিবৰ সময়ত গেট খোলি ওলাইছো, তেনেতে ক’ৰবাৰ পৰা ঢেকুৰা এটা নেজ জোকাৰি জোকাৰি ওলালে, লগে লগে মামীয়ে মস্ত খেদা দিলে “চেই চেই বুলি”। ঢেকুৰা পলাল। বুজিলোঁ মামীয়ে বিদেশী জেকীহে ভাল পাই, কালু, ভলু টাইপ লোকেল হ’লে খেদা দিয়ে৷।
☆ ★ ☆ ★ ☆

12 Comments

  • ডলী তালুকদাৰ

    হা হা! তামাম

    Reply
  • Barbie Punnag

    হাঃ হাঃ😂😂😂

    Reply
  • অভিজিত কলিতা

    হিন্দীত যে কথা নেপাতিলে আকৌ। আমাৰ অসমীয়া বৃটিছবোৰে ইংৰাজী বলে নোৱাৰিলে হিন্দীকে কয়। ভাল লাগিল।

    Reply
  • কাবেৰী মহন্ত

    হা হা! ভাল লাগিল

    Reply
  • ধূৰ্জ্জটি

    সকলোকে অশেষ ধন্যবাদ

    Reply
  • মানস ‌‌‌শ‍ইকীয়া

    হা: হা: .. বঢ়িয়া ..

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    বঢ়িয়া। ভাল লাগিল পঢ়ি। বৌ আৰু মামীয়ে নপঢ়িলেই হ’ল আৰু।

    Reply
  • Anonymous

    মামী চাগে এতিয়া গ্ৰেণ্ড মামী হ’ব পাই |

    Reply
  • HEMANTA KAKATI

    হাঃ হাঃ, ভাল লাগিল৷ পিচে কুকুৰে মানুহৰ নিঃসঙ্গতা দুৰ কৰাত সহায়ক হয় দেই৷

    Reply

Leave a Reply

Your email address will not be published.