ফটাঢোল

ধেমেলীয়া ঘটনাবোৰ – বিদ্যুত বিকাশ দত্ত

পুৱাতে শহুৰৰ জীয়েকে টকা এহেজাৰ বিচাৰিলে। মই খচৰকৈ টকা পাঁচশ উলিয়াই দিলোঁ। তেওঁ আকৌ কিবা ভাবি টকা এশ ঘূৰাই দি ক’লে- “লওক হে, মোক চাৰিশহে লাগে। সদায় বিচৰা ধনৰ তিনিভাগৰ এভাগ দিয়ে বাবেহে এহেজাৰ বিচাৰিছিলোঁ।”

দেখিলা বুদ্ধি। এই বাদাম পকৰীজনী। ৰহ চাই আছোঁ। আচলটোকে জোকাই লৈছ!

পইচাটো লৈ সিগৰাকী নাচি-বাগি মাতৃগৃহলৈ গমন কৰিলে। লগে-লগে জীয়েকো। পদ-পয়াৰ নাদীসুহাই একতাল। অৰ্থাৎ পদ-পয়াৰ গ’ল। মই সুহাই একতালটো থাকিলোঁ।

পিছে সন্ধিয়ালৈ ফোন আহিল- “দেতা আহাচোন, ককাই কুকুৰা মাৰিছে। একেলগে ভাত খাবলৈ মাতিছে।”

এইখিনিলৈকে সুখৰ খবৰ। “লোকেল কুকুৰাৰ দেহত্যাগ, জহাচাউল বধ।”

পিছে দুই মিনিট পিছত মাকৰ ফোন- “অ’ শুণক, আহোতে কিবা এটা লৈ আহিব। মই অথনি পাহৰি গ’লো।”

মই “নাযাওঁ, পেটৰ অসুখ” জাতীয় কিবা এটা ক’বলৈ লৈছিলোঁ। তেওঁ ক’লে- “কৰাইচ, বাহানা নবনাব। জয়মণি হোটেলত অথনি সন্দেশ লৈছিলোঁ। পইচা দি টোপোলাটো এৰি আহিলোঁ। আহোঁতে লৈ আহিব।”

ফিৰ দিল খুশ। ভাৱিলোঁ, আধাঘণ্টা মানত পহুচি যাম। পহুচি গ’লোও। কিন্তু……

মনৰ হেপাঁহত মিঠাইৰ টোপোলা নিয়া নহ’ল। সেয়া মনত পৰিল শহুৰৰ ঘৰ পোৱাৰ পিছত। ভাৱিলোঁ, “তই আজি শেষ দত্ত।”

ক’বলৈ পাহৰিছোঁৱেই, শহুৰৰ ঘৰৰ টিভিত তেতিয়া ভাৰত-নিউজিলেণ্ডৰ খেলখন চলি আছে। আৰু দুই মিনিটত খেলখন শেষ হ’ব। ঘৰখনত সকলোৰে চকুত চকুপানী। তেনেতে আমাৰ গৰাকীৰ প্ৰৱেশ। সেই গৰাকীও ক্ৰিকেটৰ পোক। পিছে টিভিটোলৈ ঘৃণাৰ দৃষ্টিৰে এবাৰ চাই মোক সুধিলে-“হেৰি বস্তুটো আনিলেনে?”

হঠাৎ জানো কি মনত খেলাল, মই ক’লো- “চুপ থাকাহে। আজি সন্দেশ কিনিবলৈ হোটেল সোমাব পাৰি নেকি? ভাৰতৰ এনে অৱস্থাত সন্দেশ কিনিবলৈ গ’লে পাকিস্তানী বুলি গৰু পিটন দিব। মিঠাই ডাঙৰ নে তোমাৰ সেন্দুৰৰ ফোঁটটো ডাঙৰ?”

হতভম্ব মানুহজনী মোলৈ দুবাৰ সন্দেহেৰে চাই ভিতৰলৈ সোমাই গ’ল।

চালা পালি।

মাষ্টৰৰ লগত পাঙ্গা!!

☆★☆★☆

2 Comments

  • Indra Mohan Borah

    মাষ্টৰৰ বুদ্ধি!!!

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.