ফটাঢোল

ধৰুৱা পুৰাণ-ধূৰ্জ্যোতি কাকতি

সৰুতে এটা কবিতাত পঢ়িছিলোঁ, “সুখ নাই, সুখ নাই ক’তো ধৰুৱাৰ”৷ কিন্তু ডাঙৰ হৈ গম পালোঁ, ধৰুৱাৰ সুখ থাকক নেথাকক ধৰুৱাই কিন্তু বহুতৰ সুখ নোহোৱা কৰে৷ ধাৰ এনেকুৱা এটা বস্তু যিটো কাৰোবাৰ দুখ শুনি দিয়া হয় আৰু তাৰপাছত টকা ঘূৰাই নোপোৱালৈকে নিজৰ দুখ হৈ থাকে ৷ ইয়াত ধৰুৱা মানে বাৰু মই কিবা বিপদত পৰি, কেতিয়াবা কাৰোবাৰ পৰা ধাৰ লোৱা মানুহৰ কথা কোৱা নাই, তেনে বিপদ সকলোৰে আহিব পাৰে৷ ইয়াত মই ক’ব খুজিছোঁ নিচাগ্ৰস্ত ধৰুৱাৰ কথাহে, মানে যাৰ বাবে ধাৰ লোৱাটো প্ৰয়োজন নহয়, এক নিচা হৈ যায়৷ মদ, ভাং, জুৱাৰ নিচিনা এক নিচা৷ 

এনে ধৰুৱাবোৰৰ জীৱনত এটা বস্তু সাংঘাতিক থাকে, সেইটো হৈছে আত্মবিশ্বাস আৰু এটা বস্তু একদম  নেথাকে সেইটো হৈছে আত্মসন্মান৷ কাৰোবাৰ পৰা ধাৰ ল’বলৈ সাংঘাতিক আত্মবিশ্বাস থাকে৷ আমি যেনেকৈ ধাৰ লোৱাৰ আগতে বহুত বাৰ ভাবোঁ কেনেকৈ ঘূৰাম,  ক’ৰপৰা ঘূৰাম, তেওঁলোকে সেইবোৰ এবাৰো নেভাবে, মন গ’লেই  চিধা ধাৰ লৈ লয় আৰু ঘূৰাই দিয়াৰ সময় পাৰ হোৱাৰ পাছতো যাৰ পৰা ধাৰ লৈছে তেওঁৰ মুখামুখি হ’বলৈ অকণো চিন্তা বা লাজ নকৰে৷ কোনোবাই টকা খুজি আছে বুলি, ঘূৰাই দিবলৈ আছে বুলি তেওঁলোকৰ আত্মসন্মানত অলপো নেলাগে৷ ধৰুৱাৰ নিজৰটো আত্মসন্মান নেথাকেই বেলেগৰো সন্মান নোহোৱা কৰে৷

সৰুতে এটা কৌতুক পঢ়িছিলোঁ, এজন মানুহে হেনো বটলত জিন এটা পালে৷ জিনে ক’লে যে, মোক কাম দিব লাগিব, দিব নোৱাৰিলে কিন্তু মই আপোনাৰ মূৰ ফালিম৷ মানুহজনে প্ৰথমে কটাৰী এখনৰে পাহাৰ এটা  খান্দিবলৈ দিলে, জিনে একে দিনাই কামটো সম্পূৰ্ণ কৰিলে৷ পাছদিনা মানুহজনে জিনক চামুচ এখনৰে পুখুৰী এটা সিঁচিবলৈ ক’লে৷ জিনে গধূলিলৈকে কামটো কৰি দিলে৷ তৃতীয় দিনা মানুহজনে ক’লে, এটা কাম কৰচোন, “মোৰ বন্ধু এজনৰ পৰা মই বহুত দিন ধৰি ধাৰ দিয়া টকা অলপ পাবলগীয়া আছে, ঘূৰাই আনচোন”৷ বন্ধুজনৰ পৰা সেই ধাৰে দিয়া  টকা ঘূৰাই আনিবলৈ যোৱাৰ পৰা জিন আৰু কেতিয়াও ঘূৰি নাহিলেই হেনো৷  সঁচাকৈ ধৰুৱাৰ পৰা টকা উলিওৱাটো  ইমানেই টান কাম৷

মই  ইয়াত আজি নিজে দেখা এনে  কেইপ্ৰকাৰমান ধৰুৱাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ৷ 

1) ৰাজকীয় ধৰুৱা : এইবিধ ধৰুৱাৰ জীৱন একেবাৰে ৰাজকীয়৷ মানে  এনে এটা লাইফ ষ্টাইল মেইনটেইন কৰে যিটো সকলোৰে বাবে ঈৰ্ষাৰ কাৰণ হ’ব পাৰে৷ দামী কাপোৰ-কানি, ঘড়ী, মোবাইল লয়, বাইক সকলো লয়৷ লগতে খোৱা-বোৱাও ৰাজকীয় ষ্টাইলত কৰে৷ মাছো বৰালী চিতলহে খাব, ভাঙোন মিৰিকা নেখায়৷ মন গ’লেই কিবা খৰচ কৰিবলৈ এবাৰো নেভাবে৷ যিটো স্বভাৱক ধোৱাখোলীয়া বুলি কোৱা হয়৷ সাধাৰণতে এওঁলোকৰ  চাকৰি বাকৰিও ভালেই থাকে, কিন্তু আচলতে আকৌ  এওঁলোকৰ বহুতৰ ওচৰত ধাৰ থাকে৷ বিশেষকৈ সঞ্চয়বোৰৰ এওঁলোক পাৰমানেণ্ট কাষ্ট’মাৰ৷ মানে ধাৰ লৈ হ’লেও দামী বস্তু কিনে, উধাই-মুধাই খৰচ কৰে৷ এওঁলোকে কি কাৰণত নিজৰ খৰচ কমাই ধাৰবোৰ নেমাৰে সেই কথাটো কোনেও বুজি নেপায়৷ 

2) খুচুৰা ধৰুৱা : এইবিধ ধৰুৱাই  বেছি টকা ধাৰ কাৰো পৰা নলয়৷  কিন্তু অলপ অলপ কৈ ধাৰ বহুতৰ ওচৰত থাকে৷ এওঁলোকে আকৌ টাইম লিমিট লৈহে ধাৰ লয়৷ অহা মাহত,  ইমান তাৰিখে বা অমুকৰ  টকাটো  পালেই  ঘূৰাই দিম বুলি৷ কিন্তু তেওঁলোকৰ কেলেণ্ডাৰত সেই তাৰিখটো কেতিয়াও নাহে৷ কম পইচা কাৰণে ধাৰ দিয়াজনৰো খুজি খুজি এটা সময়ত আমনি লাগে, বোলে এইকেইটা টকাৰ বাবে ইমান খুজি থাকিব নোৱাৰি বুলি শেষত পইচা কেইটাৰ আশাই বাদ দিয়ে৷

3) চতুৰ ধৰুৱা : এইবিধ ধৰুৱা অলপ বিপদজনক৷ এওঁলোকে আপোনাক ইণ্টাৰেষ্ট দিম বুলিহে ধাৰ লয় ইণ্টাৰেষ্টো মাৰ্কেট ৰে’টতকৈ বহুত ওপৰত কয়, এনে ৰে’টত দিম বুলি কৈ ধাৰ দিয়াজনৰ মুখত পানী আহি যায়৷ কিন্তু প্ৰকৃততে সেইটো এটা টোপহে৷ টোপ গিলিলে শেষ৷ এবাৰ ধাৰ লোৱাৰ পাছত এওঁলোকক বিচাৰি পোৱাতো ক’ভিড ভেকচিনৰ স্ল’ট বিচাৰি পোৱাৰ দৰেই টান কাম৷ এনে মানুহক ধাৰ দিয়াৰ পাছত টকা ঘূৰাই পোৱাতো আশা কৰা মিছা৷

4) জুৱাৰী ধৰুৱা : এইবিধ ধৰুৱাৰ স্বভাৱটো  জুৱাৰীৰ দৰে৷ এওঁলোক  ইনভেষ্ট কৰি কৰি ধৰুৱা হয়৷ বেছি ৰিটাৰ্ণ পাম বুলি ভবা যিকোনো স্কিমতে এওঁলোকে বহুত লাভৰ আশাত, একো নভবাকৈয়ে ধাৰ-ঋণ কৰি হ’লেও ইনভেষ্ট কৰে৷ সাধাৰণতে এওঁলোকৰ সদায় টকাবোৰ ডুবেই৷ তথাপি কিন্তু এওঁলোকে নিশিকে, আকৌ কিবা টোপ পালে গিলিবই, পুনৰ ধাৰ-ঋণ কৰি ইনভেষ্ট কৰি টকা ডুবাবই৷ সকলোতকৈ বিপদ কৰে এওঁলোকে বেলেগৰ কোনো বিশেষ  কামৰ বাবে দিয়া টকাও কেতিয়াবা ইনভেষ্ট কৰি ডুবাই দিয়ে৷ 

5) ঘৰুৱা ধৰুৱা : এওঁলোকে আকৌ নিজৰ পৰিয়ালৰ মানুহৰ পৰাহে ধাৰ লয়৷ সম্বন্ধীয় দাদা, বাইদেউ, পেহা, মামা সকলোৰে পৰা ধাৰ লয়৷ সম্বন্ধ বেয়া হয় বুলি বহুতে এওঁলোকক টানকৈ একো ক’বও নোৱাৰে৷ কিন্তু এটা সময় এওঁলোক আহিলেই ঘৰুৱা মিটিৰ কুতুম্ব সকলো আতংকিত হৈ যায়৷

6) ব্যৱসায়িক ধৰুৱা : এওঁলোকৰ মেইন ধাৰ ব্যৱসায়িক লেন-দেনত থাকে৷ বিপৰীত পাৰ্টীয়ে এওঁলোকৰ পৰা ব্যৱসায়ৰ ক্ষেত্ৰত পাবলগীয়া টকা বিচাৰি বিচাৰি হাইৰাণ হৈ যায়, কিন্তু এওঁলোকে দিবলৈ অকণো হায়ৰাণ নহয়৷ সাধাৰণতে এওঁলোকৰ লগত লেন-দেন কৰাৰ পাছত বিপৰীত পাৰ্টীয়ে শপত খায় যে ভৱিষ্যতে আৰু এনে মানুহৰ লগত কোনো বেপাৰ নকৰে৷ 

7) ইগোয়িষ্ট ধৰুৱা : এইবিধ ধৰুৱাৰ আকৌ বৰ ইগো থাকে৷ কোনোবাই যদি পাবলগীয়া টকা কেইটা যদি বিচাৰে এওঁলোকে বেয়া পাই যায়৷ তেওঁলোকে এনেকৈ ভাবে যে ধাৰ পোৱাটো তেওঁলোকৰ মৌলিক অধিকাৰ আৰু ধাৰ দিয়াজনে ধাৰৰ টকা ঘূৰাই বিচাৰি এওঁলোকৰ মৌলিক অধিকাৰ হনন কৰিছে৷

8) প্ৰেমিক ধৰুৱা : এওঁলোকে আকৌ নিজৰ প্ৰেমাস্পদৰ পৰা প্ৰেম কৰি থকা সময়ত ইটো-সিটো কাৰণত অলপ অলপকৈ ধাৰ লৈ থাকে৷ প্ৰেম ভাঙিলেহে গম পোৱা যায় এওঁলোকক কিমান ধাৰ দিয়া গ’ল৷ ল’ৰা-ছোৱালী দুইবিধতে এইবিধ ধৰুৱা বিৰাজমান। 

9) চিক্ৰেট ধৰুৱা : এই শ্ৰেণীৰ মানুহৰ ধাৰ কিয় লাগে কোনেও নুবুজে৷ এওঁলোকে না ভাল কাপোৰ কানি পিন্ধে, না দামী বস্তু কিনে, না ঘৰুৱা সাংঘাতিক সমস্যা থাকে, কিন্তু এওঁলোকৰ ধাৰৰ পৰিমাণ শুনিলে মানুহৰ চকু কঁপালত উঠে৷ সকলোৱে এটাই আলোচনা কৰে এই পইচাবোৰৰ খৰচ ক’ত কৰিলে আৰু কিয় কৰিলে৷ এওঁলোকে খৰচ ক’ত কৰে সেইটো এটা বিৰাৎ চিক্ৰেট৷ এই শ্ৰেণীৰ ধৰুৱাই টকা ক’ত খৰচ কৰে জানিবলৈ চিবিআই  তদন্ত লাগিব৷

10) পতি ধৰুৱা : এইবিধ আটাইতকৈ দুৰ্ভগীয় ধৰুৱা৷ নিজৰ পত্নীৰ পৰা কিবা কাৰণত যদি ধাৰ লয়৷ সেই টকা সুতে-মূলে কেইবাবাৰো ঘূৰোৱাৰ পাছতো, ধাৰটো শেষেই নহয়, থাকিয়েই যায়৷ এইবিধ ধৰুৱাৰ সঁচাকৈ সুখ নাই৷

☆ ★ ☆ ★ ☆

2 Comments

  • Abhijit Goswami

    বঢ়িয়া বঢ়িয়া 👏 👏 👏

    Reply
  • জয়ন্ত দাস

    বঢ়িয়া লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.