ফটাঢোল

নদীদ্বীপ মাজুলীত দুৰাতি-প্ৰণৱ কুমাৰ বৰা

বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী। সত্ৰনগৰী মাজুলী। যদিও ল’ৰালিৰে পৰা শুনি আছোঁ মাজুলী মাজুলী বুলি, তথাপিও মাজুলী যোৱাটো হৈ উঠাগৈ নাছিল।হঠাতে যোৱা বছৰৰ শেষৰ ফালে মাজুলী যোৱাৰ সুযোগ মিলিল। নৱেম্বৰৰ আৰম্ভণিতে বন্ধু তথা সহকৰ্মী হিমাংশু ৰাজখোৱাই সুধিলে, 

: মাজুলী যায় নেকি?

মই বোলো,

: হঠাতে কিয়?  

হিমাংশুৰ  উত্তৰ,

: কিয় মাধৱ আৰু টুটুৰ বিয়া নহয় নেকি! ফটাঢোলৰ সকলোকে মাতিছে দেখুন। 

তেতিয়াহে মনত পৰিল, হয়তো গোৱালপাৰাৰ মাধৱে মাজুলীৰ টুটু পামেগামক বৰমালা পিন্ধাব ৩০ ডিচেম্বৰত। সেই উপলক্ষ্যে ফটাঢোলৰসমূহ সদস্যকে নিমন্ত্ৰণ জনাইছে (এইখিনিতে উল্লেখ কৰি থোৱা ভাল যে ফটাঢোল হৈছে অসমৰ এটা অন্যতম জনপ্ৰিয় হাস্য-ব্যংগ গ্ৰুপ। যাৰ সদস্যৰ সংখ্যা ৭০ হাজাৰৰো অধিক)। ইতিমধ্যে বিয়ালৈ যাবলগীয়া বৰযাত্ৰী দলৰ এটা হোৱাটছ্ এপ গ্ৰুপো খোলা হৈ গৈছে। দুই-তিনিদিনমান বিভিন্নজনক ফোন কৰাৰ পিছত আমি মাজুলী যাবলৈ ওলোৱা কেইজনমানৰ আন এটা হোৱাটছ্ এপ গ্ৰুপ খোলা হ’ল। সিদ্ধান্ত হ’ল আমি গাড়ীৰে জাগীৰোড – নগাঁও – তেজপুৰ- গহপুৰ- লক্ষীমপুৰ হৈ মাজুলীলৈ যাম আৰু এদিন আগতে অৰ্থাৎ ২৯ নৱেম্বৰতে যাম। প্ৰথমাৱস্থাত যাবলগীয়া সদস্য ১০ জনমান আছিল যদিও যাত্ৰাৰাম্ভ সময়ত আমি ছয়জনহে হ’লোঁ‌গৈ। চন্দনৰ হাত ভাগিল, আদিত্যৰ দেউতাকৰ অসুখ হ’ল ইত্যাদি।

অৱশেষত নিৰ্দিষ্ট দিনটো আহিল। পুৱা সোনকালে উঠি গা-পা ধুই সাজু। গুৱাহাটীৰ পৰা দুজন আৰু জাগীৰোডৰ পৰা হিমাংশুসহিতে মোৰ নগাঁৱৰ ঘৰ পোৱাৰ কথা পুৱা ৭ বজাত। কিন্তু পালেহি ৯.১৫ বজাত। গুৱাহাটীৰ পৰা অহা দুলাল বৰা আৰু অলকেশ ভাগৱতীৰ লগত ভালদৰে চিনাকি হৈ ল’লোঁ‌। যদিও ফেচবুক আৰু হোৱাটছ্ এপৰ দ্বাৰা চিনাকি আছিলেই। ঘৰৰ ওচৰৰে তেল ডিপুত গাড়ী ফুলটেংকি কৰি লৈ মাজুলীৰ অভিমুখে ধাৱমান হ’ল। যদিও ইতিমধ্যে দুঘণ্টা দেৰি তথাপিও গাড়ীৰ গতি আমি বৃদ্ধি নকৰি এটা নিৰ্দিষ্ট গতিত সীমাৱদ্ধ ৰাখিলোঁ। কলীয়াভোমোৰা দলং পাৰ হৈ এখন ৰেষ্টুৰেণ্টত সোমাই পেট পূজা কৰি থাকোঁ‌তেই মুকুটদাৰ ফোন আহিল বোলে,

: ক’ত পাইছাহি, মই দুপৰীয়াৰ সাঁ‌জ সাজু কৰিছোঁ। 

আমি সমস্বৰে ফোনতে চিঞৰিলোঁ‌, 

: নালাগে নালাগে।

মুকুটদাই ক’লে,

: আহি থাকাচোন দেখা যাব। 

মুকুটদাই ফোনটো থৈছেহে তেনেতে হিমাংশুৰ ম’বাইলৰ স্ক্ৰীণত দেখা গ’ল মেঘালী দিহিংঙ্গীয়াৰ নাম। ফোনটো ধৰাৰ লগে লগে, “দাদা, ক’ত পালেহি মোক লগ কৰি যাব, মই বালিপাৰাত ৰৈ থাকিম” বুলি হিমাংশুক ক’লে।

” বাৰু” বুলি হিমাংশুৱে ফোন থৈ আমাৰ ফালে প্ৰশ্নবোধক চাৱনি নিক্ষেপ কৰিলে। আমি তিনিওজনে ইজনে-সিজনলৈ চালোঁ। এফালে সময়ৰ অভাৱ, আনফালে এগৰাকী যুৱতীৰ লগ কৰি যাবলৈ আকুল আহ্বান। শেষত  Men will be men-ৰ বিজ্ঞাপনকেইটাত যি দেখাই সেইটোৱেই হ’ল আৰু মেঘালীক লগ কৰি যোৱাৰ সিদ্ধান্ত হ’ল। মই অৱশ্যে মেঘালী দিহিংঙ্গীয়াক ব্যক্তিগতভাৱে চিনি নাপাওঁ। গাড়ীতে হিমাংশুৱে জনালে বোলে আপাৰৰ ফালৰ ছোৱালী। এতিয়া চাকৰি সূত্ৰে (শিক্ষকতা) তেজপুৰ বালিপাৰাৰ ওচৰে-পাজৰে ক’ৰবাত থাকে। মেঘালীকো লগ কৰিব লাগিব আৰু সময়ো মিলাব লাগিব, স্বাভাৱিকতে গাড়ীৰ গতি বৃদ্ধি পালে। ফলত আমি মেঘালীতকৈ আগতেই গৈ বালিপাৰা চাৰিআলি পালোগৈ। প্ৰায় পোন্ধৰ মিনিটমান তীব্ৰ ৰ’দত আপেক্ষা কৰাৰ পিছত স্কুটি এখনত কান্ধতে বেগ এটা ওলোমাই মেঘালীৰ আবিৰ্ভাৱ। চিনি নোপোৱাকেইজনক হিমাংশুৱে চিনাকি কৰি দিলে। চিনাকি হোৱাৰ পিছত মেঘালীয়ে নিমন্ত্ৰণ কৰিলে নিজৰ ভাৰাঘৰলৈ বোলে গাহৰি লৈছোঁ, ঔটেঙা দি বনাই খোৱাম ব’লক। কিন্তু সময়ৰ অভাৱৰ বাবে এগৰাকী যুৱতীৰ হাতেৰে ৰন্ধা গাহৰি-ঔটেঙা প্ৰত্যাখ্যান কৰিব লগা হ’ল। ইয়াতকৈ বেদনা লাগেনে ঐ জানমনি………। মেঘালীৰ পৰা বিদায় লৈ গাড়ী মুকুটদাৰ ঘৰ অভিমুখে দৌৰিল। 

মুকুটদা, মানে মুকুট ভট্টাচাৰ্য্য, চাহবাগান আৰু ইটাভাটাৰ গৰাকী। ফটাঢোলৰ অন্যতম সদস্য। দুটি সন্তানৰ পিতৃ, এজন ফূৰ্তিবাজ মানুহ। যথেষ্ট কষ্ট কৰি আজিৰ পৰ্যায় পাইছেহি। যোৱা জানুৱাৰী মাহত মোৰ নগাঁৱৰ ঘৰ আৰু ফেব্ৰুৱাৰী মাহত ডিফুত সপৰিয়ালে এপাক মাৰি গ’লহি। বাটতে মোৰ এজন শুভাকাংক্ষী জয়ন্ত বৰুৱা ৰৈ আছিল। তেখেতে ‘ৰ’দ’ নামেৰে এখন আলোচনী প্ৰকাশ কৰি আছে। তেওঁ এই নিঃকিনৰ প্ৰস্তাৱিত অসমীয়া কাকত-আলোচনীৰ সংগ্ৰহালয়টোৰ বাবে ৰ’দৰকেইটামান কপি উপহাৰ দিলে। বহু সময় মোৰ বাবে অপেক্ষা কৰাৰ বাবে তেখেতৰ ওচৰত ক্ষমা বিচাৰিলোঁ‌। তেখেতক লগ কৰাৰ পিছত প্ৰায় ২:৩০ মান বজাত মুকুটদাৰ ঘৰ পালোঁ‌গৈ। তাতে লগ পালোঁ ফটাঢোলৰ সদস্য দিম্পলক। সিও বৰযাত্ৰী। মুকুটদাৰ ঘৰত মাছ-মাংসৰে দকচি খাই মাজুলী অভিমুখে পুনৰ যাত্ৰা আৰম্ভ কৰোঁ মানে ঘড়ীৰ কাঁ‌টাই ৪ বজাৰ সংকেত দিছিল। এইবাৰ আমাৰ পথ প্ৰদৰ্শক মুকুটদা। তেখেতে তেখেতৰ Ford Ecosports-খনত দিম্পলক লৈ তীব্ৰ গতিৰে মাজুলী অভিমুখে ধাৱমান হৈছিল। ময়ো চালকৰ আসনত বহি চুইফট্ গাড়ীখনেৰে মুকুটদাক অনুসৰণ কৰিলোঁ।

মোৰ আন এজন বন্ধু তথা শুভাকাংক্ষী দীপক বৰাই লক্ষীমপুৰ চহৰত মোৰ বাবে ৰৈ আছিল। তেখেতৰ লক্ষীমপুৰত ‘পথিকৃৎ’ নামেৰে এটা পুথিভড়াঁল আৰু স্মৃতিগ্ৰন্থৰ সংগ্ৰহালয় আছে। তেখেতলৈ মই কঢ়িয়াই নিয়া কিতাপ-আলোচনী দিলোঁ, তেখেতেও মোক কিছু কাকত-আলোচনী উপহাৰ দিলে। ভাৰতীয় ডাক বিভাগৰ কৰ্মচাৰী দীপক বৰাৰ পৰা বিদায় লৈ গাড়ী আগবাঢ়িল মাজুলী অভিমুখে আৰু প্ৰায় নিশা ৮ মান বজাত আমাৰ লক্ষ্যস্থান মাজুলীত উপস্থিত হ’লোঁ‌। 

প্ৰথমেই আমি দৰা মাধৱে বাহৰ পতা ৰিজ’ৰ্ট আপঙ আয়ঙলৈ গৈ সকলোকে মাত লগালোঁ‌গৈ। দৰাৰ লগত দৰাৰ পৰিয়ালৰ ১৫-২০জনমান বৰযাত্ৰী লগ পালোঁ। তাতে লগ পালোঁ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ফটাঢোলৰ প্ৰায় আৰু ১৫-২০জনমান সদস্যক। যিবোৰৰ লগত কেৱল ফেইচবুকৰ মাধ্যমতহে চিনাকি আছিল। আমাৰ দলৰ ছয়জনে দৰা মাধৱৰ ৰুমতে সোমাই মুখ-হাত ধুই কিছু সতেজ হৈ ল’লোঁ‌। ইতিমধ্যে আয়ঙ আপঙৰ চোতালত বৰযাত্ৰী দলৰ মেহফিল জমি উঠিছিল। ওপৰত ৰাস পূৰ্ণিমাৰ আগৰাতিৰ জোন, তলত বনফায়াৰ একুৰা মাজত লৈ ডেকা বৰযাত্ৰীসকলৰ উদ্দাম নৃত্য, কিছু কিছু বৰযাত্ৰীৰ হাতত সোমৰস, লগত গীটাৰসহ সংগীতৰ লহৰ (এই পূৰ্ণিমাৰ ৰাতি, এই পাহাৰৰ দাঁতি, আমি ডেকা-গাভৰুৱে নাচোঁ‌ জুম পাতি……………………আকাশত জোনাকৰ পৰভাত, বননিত লাগে আজি ঢৌ তাৰ) কোনোবা এজনৰ কণ্ঠত নিগৰিছিল। আৰু কিবা লাগিছেনে জীৱনত! এনেদৰে আনন্দ উল্লাসৰ মাজতে নিশা ১২ বাজি যোৱাত আমি ভাত মুঠি খাই ল’লোঁ‌। খোৱাৰ পিছত পুনৰ কিছু সময় জুইৰ উত্তাপ লোৱাৰ পিছত আমি ৫জনে (দিম্পলক বাদ দি) আমাৰ বাবে বুক কৰি থোৱা অ’কেগিগা (Okegiga) ৰিজ’ৰ্টলৈ আহি শুই পৰিলোঁ। 

পিছদিনা পুৱা ৬ মান বজাত সাৰ পাই মই আৰু দুলালে কিছু দূৰ খোজ কাঢ়ি ওচৰৰ ঠাইখিনি চালোঁ। মাজুলীৰ গড়াখহনীয়া নিজ চকুৰে প্ৰত্যক্ষ কৰিলোঁ। আমি থকা Okegiga ৰিজ’ৰ্টোও আমি পুৱাহে ভালকৈ দেখিলোঁ। ৬-৮ টা সৰু সৰু কটেজসহ দেখি ভাল লগা এখন ৰিজ’ৰ্ট। দীপমইনা দুৱৰা মালিকাধীন ৰিজ’ৰ্টোৰ এইটো দ্বিতীয় বৰ্ষ। বৰুৱাক লগ পালোঁ। সুন্দৰ কথা-বতৰা, মাৰ্জিত ব্যৱহাৰৰ যুৱক বৰুৱাই আমাক ৰাতি কিবা অসুবিধা পালে নেকি সুধিলে?  তেওঁৰ নিজৰ বিষয়ে, ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে ক’লে। দুঃসাহসিক ক্ৰীড়া, তথা পাহাৰ বগাই ভাল পোৱা বৰুৱাৰ  বিষয়ে বা ৰিজ’ৰ্টোৰ বিষয়ে জানিবলৈ till60years.com ব্ল’গটো চাব পাৰে। তেখেতৰ ৰিজ’ৰ্টোৰ কাষতে ডেকাচাং বুলি আন এটা ডাঙৰ ৰিজ’ৰ্ট আছে। য’ত আমি যথেষ্ঠ সংখ্যক পৰ্য্যটক দেখিবলৈ পাইছিলোঁ। সকলোবোৰ শুই উঠাৰ পিছত গা-পা ধুই চাহ-বিস্কুট খাই মই, দুলাল, হিমাংশু আৰু মুকুটদা ওলালোঁ মাজুলী চাবলৈ। মুকুটদাৰ বাহিৰে আমি তিনিজন প্ৰথম মাজুলীলৈ আহিছোঁ। গতিকে মুকুটদাই আমাৰ পথ প্ৰদৰ্শক তথা গাইড। প্ৰথমেই গোটেইকেইজনে পথৰ কাষৰ হোটেল এখনত পুৰি-তৰকাৰী খাই ল’লোঁ‌। তাৰপিছত আমি গৈ চামগুৰি সত্ৰ পালোঁ‌গৈ। যি চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত। মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি ভাওনাৰ এক অবিচ্ছেদ্য অংগ এই মুখা। যি মুখা পৰিধান কৰি ভাওনাৰ শিল্পীসকলে তেওঁলোকে ৰূপায়ন কৰা চৰিত্ৰটো ফুটাই তোলে। আমি যোৱা সময়ত যিহেতু ৰাস উৎসৱ আৰম্ভ হৈছিল গতিকে মাজুলীত যথেষ্ট ভিৰ আছিল। আমি চামগুৰি সত্ৰ পোৱা সময়ত সত্ৰৰ নামঘৰত নাম-প্ৰসংগ চলি আছিল। আমি সকলোৱে সত্ৰত মুখা নিৰ্মাণ কৰা তথা প্ৰদৰ্শন কৰি থোৱা কোঠাবোৰ চালোঁ। ফটো তুলিলোঁ‌, উঠিলোঁ‌। কিন্তু অত্যাধিক দামৰ বাবে মন থকাৰ পিছতো মুখা ক্ৰয় কৰা নহ’ল। ইয়াৰ পিছত আমি মহাপুৰুষ শংকৰদেৱে ১৫২৮ চনত স্থাপন কৰা ভোগপুৰ সত্ৰ চালোঁ‌গৈ। ইয়াত থাকোঁ‌তেই কইনা ঘৰৰ পৰা ফোন আহিল বোলে আহিব লাগে দুপৰীয়াৰ আহাৰৰ সময় হ’ল। সেয়েহে পুনৰ ৰিজ’ৰ্টলৈ আহি পৰিপাটি হৈ কইনাঘৰ পাই কইনাক শুভেচ্ছা জনাই ঔটেঙা-গাহৰিৰে এক পেট মাৰি ৰিজ’ৰ্ট পালোহি। এতিয়া কিছু সময় জিৰণি ন’লৈ উপায় নাই। আবেলি পুনৰ ওলাই গৈ কমলাবাৰী সত্ৰ চালোঁ‌গৈ। ১৫৯৫ চনত বদলা আতাই স্থাপন কৰা কমলাবাৰী সত্ৰ মাজুলীৰ এখন অন্যতম পুৰণা সত্ৰ। এই সত্ৰৰ পৰাই মণিৰাম দত্ত, মুক্তিয়াৰ বায়ন, ৰামেশ্বৰ শইকীয়া বৰবায়ন আদিৰ দৰে শিল্পী অসমে লাভ কৰিছিল। কমলাবাৰী সত্ৰতে আমি ৰাতিলৈ ৰাস চোৱাৰ সিদ্ধান্ত লৈ এইবাৰ আগবাঢ়িলোঁ আমি দ্বৰিকামুখৰ নতুন দলংখনৰ অভিমুখে। আমি মাজুলী আহিয়েই শুনিছিলোঁ বোলে দ্বৰিকামুখৰ দলঙৰ পৰা সূৰ্যাস্তৰ দৃশ্য নাচালে মাজুলী ভ্ৰমণ আধৰুৱা হৈ ৰ’ব। হয়ো কথাটো, আমি যেতিয়া দ্বৰিকামুখৰ দলং পালোঁ‌গৈ যথেষ্ঠ সংখ্যক যুৱক-যুৱতী ইতিমধ্যেই তাত গোট খাইছিল। আমিও গাড়ীৰ পৰা নামি নিজৰ নিজৰ ম’বাইল কেমেৰা সাজু কৰিলোঁ। চাই থাকোঁ‌তেই এক সোণালী আভাৰ বিচ্ছুৰণ ঘটাই সূৰ্য্যটোৱে দূৰৰ কোনোবা দিগন্তত বিলীন হৈ গ’ল। অতি মনোমোহা দৃশ্য। যিমান পাৰি মন মগজুত দৃশ্যটো সোমোৱাই লোৱাৰ লগতে ম’বাইলতো আবদ্ধ কৰিলোঁ। মুকুটদাই নিজৰ ডি.এছ.এলাৰ কেমেৰাৰে সূৰ্যাস্তৰ লগতে আমাৰো বহু কেইখন ফটো তুলিলে। একে ঠাইতে আমি প্ৰায় ২-৩ ঘণ্টাৰ পিছত পূৰ্ণিমাৰ জোনটো নদীৰ পানীত প্ৰতিফলিত হোৱাৰ এক সুন্দৰ দৃশ্য দেখিছিলোঁ (যি দৃশ্য চিৰজীৱনলৈ মনত থাকিব।) 

ইয়াৰ পিছত আমি আগবাঢ়িলোঁ মাজুলীৰ সকলোতকৈ ডাঙৰ সত্ৰ, ১৬৫৩ চনত আহোম স্বৰ্গদেউ চুতামলা (জয়ধ্বজ সিংহ)ই স্থাপন কৰা আউনীআটি সত্ৰলৈ। এই সত্ৰত বিগত ৩৫০ বছৰতকৈও অধিক কাল ধৰি পুৱাৰ পৰা গধূলিলৈ এদিনো বাদ নপৰাকৈ প্ৰাৰ্থনা অনুষ্ঠিত হৈ আহিছে। ইয়াত প্ৰধানকৈ ভগৱান শ্ৰী কৃষ্ণৰ আৰাধনা কৰা হয়। জনামতে শ্ৰী কৃষ্ণৰ মূৰ্তিভাগ পূৰীৰ জগন্নাথৰ পৰা অনা হৈছিল। আমি গৈ পাওঁতে মাজুলীৰ বুকুলৈ আন্ধাৰ নামি আহিছিল। সেয়েহে আমি লাইটৰ পোহৰতে সত্ৰৰ নামঘৰ দৰ্শন কৰি চাকি জ্বলাই প্ৰভূৰ আৰ্শীবাদ ল’লোঁ‌। তাৰপিছতে সত্ৰৰ ভিতৰতে থকা সংগ্ৰহালয় চালোঁ। সংগ্ৰহালয়ত আমি যথেষ্টখিনি পুৰণি ঐতিহাসিক সমল দেখিবলৈ পালোঁ। সংগ্ৰহালয়ত আমি যোৱা সময়ত যথেষ্ট লোকৰ ভিৰ আছিল। সংগ্ৰহালয়ৰ পৰা আমি সত্ৰৰ আলোচনী সংস্কৃতি পল্লৱকে ধৰি কেইবাখনো পুস্তিকা কিনিলোঁ‌। সত্ৰৰ এজন ভকতক সুধি গম পালোঁ যে সেই সময়ত সত্ৰৰ অধীনত প্ৰায় ৩০০ শিষ্যই শিক্ষা গ্ৰহণ কৰি আছে। মই নিজেও যিহেতু আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ অধীনত শৰণ লোৱা, তেখেতক এবাৰ লগ নকৰাকৈ উভটিব লগা হোৱাত মনতো বৰ বেয়া লাগিল। উপায় নাই আমাৰ হাতত সময় নাই। ইতিমধ্যে সন্ধিয়া ৭.৩০ বাজি যোৱাত আমি ৰিজ’ৰ্টলৈ আহি কিছু ফ্ৰেছ হৈ বৰযাত্ৰীৰ লগত যাবলৈ সাজু হ’লোঁ‌। 

১০ মান বজাত আপঙ আয়ংলৈ গৈ বৰযাত্ৰীৰ লগ হৈ কইনা ঘৰ পালোঁ‌গৈ। তাত খাই বৈ দৰা-কইনাক তেওঁলোকৰ বৈবাহিক জীৱনলৈ শুভেচ্ছা জনাই আমি কমলাবাৰী সত্ৰ পালোঁ‌গৈ। তাতে শিশু কৃষ্ণই বন্ধুবৰ্গৰ লগ লাগি মাখন চুৰি কৰি মাক যশোদাৰ পৰা পলাই ফুৰা দৃশ্য উপভোগ কৰি থাকোঁ‌তেই নিশা প্ৰায় ১ বাজিবৰ হ’ল। যিহেতু পিছদিনা পুৱাতেই আমি ফেৰীৰে মাজুলীৰ পৰা নিমাতীঘাটলৈ যাত্ৰা কৰাৰ কথা সেয়েহে আৰু দেৰি নকৰি ৰিজ’ৰ্টলৈ উভটি আহি শুই পৰিলোঁ। উল্লেখযোগ্য যে মাজুলীৰ পৰা দুটা ঘাট ক্ৰমে কমলাবাৰী আৰু অফলামুখৰ পৰা নিমাতীঘাটলৈ ফেৰীৰে যাব পাৰি। আমি খবৰ লৈ গম পোৱা মতে অফলামুখৰ পৰা নিমাতীঘাটলৈ মাত্ৰ ৩০-৪০ মিনিটমানহে লাগে বুলি কোৱাত আমি অফলামুখৰ পৰা ফেৰীৰে অহাৰ সিদ্ধান্ত লৈছিলোঁ। কিয়নো কমলাবাৰী ঘাটৰ পৰা নিমাতীঘাটলৈ বোলে ডেৰ ঘণ্টা।

☆ ★ ☆ ★ ☆

6 Comments

  • Abhijit Goswami

    দাদা বঢ়িয়া লাগিল দেই 👍 মিছ কৰিলো

    Reply
    • Anonymous

      ধন্যবাদ।
      আকৌ এবাৰ ওলাম দিয়া।

      Reply
  • ডলী

    বঢ়িয়া লাগিল

    Reply
  • যাযাবৰ

    আকৌ এবাৰ উভতি গলো। বৰ ভাল লাগিল দাদা

    Reply

Leave a Reply

Your email address will not be published.