ফটাঢোল

নাইট ডিউটি- মানসী বৰা

শিৱসাগৰত শিক্ষকতা কৰি থকা দিনবোৰত নিজৰ কর্তব্য শেষ কৰি যেতিয়া ঘৰলৈ আহিবলৈ বুলি লওঁ মনতে ভাবো ,সোনকালে গাড়ীখন পালেই হ’ল  আৰু ।কাৰণ,শিৱসাগৰৰ সেই নিৰ্দিষ্ট (বকতা) অঞ্চলটোত এখন গাড়ী কেনেবাকৈ ধৰিব নোৱাৰিলে পিছৰখনৰ বাবে আধাঘন্টাতকৈও বেছি সময় ৰ’ব লগা হয় ।তাতে স্কুলৰ পৰা মূল পথলৈ এছোৱা বাট খোজ কাঢ়ি ওলাব লগা হয় । গাড়ীখন সময়ত পালে মনত অপাৰ আনন্দ লাগে ।

গাড়ী বুলিবলৈ ক’লে সেইফালে অৱশ্যে মেজিক, গ্রাম্যটেক্সী এইবোৰেই চলে । বহিবলৈ আসন নাথাকিলে গ্রাম্য টেক্সীখনতে মানুহ উলমিও যাব লগা হয় ।বিশেষকৈ বৃহস্পতিবাৰৰ বজাৰৰ দিনটো অঞ্চলটো যাত্ৰীৰ বৰ ভিৰ হয়। সেইদিনা যেনেতেনে বহি ল’ব পৰাকৈ অকণমান ঠাই পালে শান্তি আৰু ।

নেমুগুৰিৰ পৰা চূণপোৰা পোৱালৈ প্রায় ৪৫-৫০ মিনিট সময় লাগে । ৰৈ ৰৈ গ’লে অৱশ্যে এঘন্টাই হয়গৈ ।দৈনিক অহা-যোৱা কৰো বাবে গাড়ীবিলাকৰ চালকসকল কেইদিনমানতে আমাৰ চিনাকি হৈ পৰিল ।স্কুলৰ পৰা ওলাই কেতিয়াবা ফোন কৰি মোৰ বাবে তিনিআলিত অকণমান ৰ’বলৈও ক’ব পৰা হ’লো ।তেওঁলোকেও  কথা নেপেলায় ।জানে ,স্কুলৰ পৰা এছোৱা বাটযে খোজ কাঢ়ি ওলাই আহিব 

লাগে ।

কি কথা নাজানো ,গাড়ীত অহা  সেই সময়খিনিত প্রায়ে মোৰ টোপনি ধৰে ।ইমানেই টোপনিয়ে হেঁচা মাৰি ধৰেযে অচিনাকি মানুহৰ বাউসীতে খাটক খাটক ঢলি পৰোঁ ।সেইসময়ত টোপনিটো বৰ আপদীয়া যেন লাগে ।কেতিয়াবা আকৌ  এনে কিছুমান গ্রাম্যটেক্সী পাওঁ ,য’ত দর্জাই নেথাকে ।সেইবাবে কাষত বহিবলৈ পালে কেনেবাকৈ টোপনিয়াও বুলি বৰ ভয় লাগে ।যিহেতু টোপনিয়ে মৰনে সমান।টোপনিতে গাড়ীৰ পৰা ওলাই পৰিলে শেষেই ।তাতে সেইদিনত সেইফালে পথৰ যিহে অৱস্থা !জোকাৰণিৰ কোবত ওলাইযে নপৰিম ,

মানে নাই ।

এদিনাখন স্কুলৰ পৰা উলটি আহোতে দর্জা নথকা গ্রাম্যটেক্সী এখনত উঠিলোঁ নহয় । মনতে ভাবিলোঁ, আজি টোপনি নাহিলেই হ’ল ।তাতে মই মানুহৰ মাজতো নহয়,একেবাৰে দর্জাৰ কাষতেই বহিছোঁ ।আধাবাট পাৰ হৈ আহি আছোঁ।মই যেনিবা টোপনিওৱা নাই দেই ।হঠাতে হ’ল নহয় খাটককে শব্দ এটা ।চালকেও উভতি চাই সুধিলে 

: এইটো কিহৰ শব্দ বাৰু  ?

কি হৈছিল বুজিবলৈ মোৰো বাকী নাথাকিল ।সদায় লগতে লৈ যোৱা মোৰ  ক’ভাৰ লগা পানীৰ বটলটো টোপনিৰ নিচাত হাতৰ পৰা এৰাই বাটতে পৰি আহিল ।

যেনেতেনে লাজটো লুকোৱাই চালকক লাহেকৈ ক’লো 

:মোৰ পানীৰ বটলটো।

নোকোৱাকৈয়ে  গাড়ীখন ৰখাই চালকজন নামি গ’ল আৰু বটলটো আনি হাতত তুলিদি হাঁহিটো লৈ ক’লে

 :বাইদেউৰ টোপনি ধৰিছিলে নহয় ?

সেইদিনা লাজটো সম্বৰণ কৰি বটলটো এনেভাবে ল’লো যেন একোৱেই  হোৱা নাছিল।

যোৰহাট স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ত পঢ়ি থকা দিনবোৰত ৰাতি ৰাতি টোপনি ক্ষতি কৰি পাঠ পৰিকল্পনা বনাব লগা হৈছিল।কোনোবা এবাৰ  সেইবোৰ দিনতে যোৰহাটৰ পৰা শিৱসাগৰলৈ কৰা যাত্ৰাত মই কেতিয়া টিয়ক, জাঁজী ,গৌৰীসাগৰ আদিবোৰ পাৰ হৈ আহিলোঁ গমকে নাপালোঁ।চেঙেলীয়া  হেণ্ডিমেনে দিখৌ দলংখনৰ ওচৰত বাউসীত থপথপাই 

কৈছিল ।

:ভাৰাটো দিয়ক আৰু বাইদেউ।কিমান শোৱে?

ঘৰতে শুবগৈ।

কাষত বহা যাত্ৰী দুজনৰ ওচৰত মোৰ লাজতে মৰো যেন অৱস্থা ।থতমত খাই বেগটোৰ পৰা নিৰ্দিষ্ট ভাৰাটো ল’ৰাটোলৈ আগবঢ়াই দিলোঁ।

সেইদিনা শিৱসাগৰ পৰিবহন নিগমৰ বাছ আস্থানত নামোতে গাড়ীৰ দৰ্জামুখত থিয় হৈ থকা হেণ্ডিমেন ল’ৰাটোৰ সৈতে পুণৰবাৰ চকুৱে চকুৱে পৰিলোঁ। পানমচলা জাতীয় বস্তু খোৱা লেতেৰা দাঁতকেইটাৰে হাঁহি নিগৰাই সি চিঞৰি সুধিছিল  

: অ’ বাইদেউ,আপুনি নাইট ডিউটি কৰে 

নেকি??

☆ ★ ☆ ★ ☆

10 Comments

  • কাবেৰী মহন্ত

    দৃশ্যটো পঢ়ি থাকোঁতে কল্পনা কৰি হাঁহিলো বহুত৷ মজা লেখা৷ লিখি থাকিবা

    Reply
    • মানসী

      উৎসাহ দিলে।বহুত ধন্যবাদ

      Reply
  • হেমন্ত কাকতি

    ভাল ভাল, টোপনি বেছি হলে স্বাস্থ্যৰ কাৰনে উপকাৰী৷ বিন্দাচ থাকা৷ ভাল লাগিল কাহিনীটো৷

    Reply
    • মানসী

      হাঃ হাঃ টোপনিৰ আমেজ লৈ থাকো দাদা..ধন্যবাদ

      Reply
  • উজ্জ্বল দিপ্লু

    নাইট ডিউটী ভাল পালোঁ পঢ়ি 😂

    Reply
  • ৰিণ্টু

    বঢ়িয়া লাগিল মানসী

    Reply
  • Pranita Goswami

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.