ফটাঢোল

নাগ-নাগিনীৰ প্ৰতিবাদ – ডলী তালুকদাৰ

 

ডলী ক্ৰিয়েচনৰ পঞ্চদশ নিবেদন

ছবি: নাগ-নাগিনীৰ প্ৰতিবাদ

প্ৰযোজনা: সুকুমাৰ গোস্বামী

কাহিনী, চিত্ৰনাট্য, সংলাপ, পৰিচালনা ডলী তালুকদাৰ৷

সহ-পৰিচালনা: কাবেৰী মহন্ত৷

লাইট: অৰ্চন শৰ্মা৷

কেমেৰা: দেৱজিত শৰ্মা৷

কৰিঅ’গ্ৰাফী: অনামিকা গগৈ৷

সংগীত: উৎপলা শইকীয়া৷

পোষ্টাৰ ডিজাইন: যোগেশ ভট্টাচাৰ্য্য৷

মেকআপ: নীলাক্ষি কাকতি৷

একচন: হিতেশ বি বৰুৱা৷

অভিনয়ত:  পৰীস্মিতা গগৈ, বন্দীতা জৈন, অভিজিত গোস্বামী, ধূৰ্জ্জটি কাকতি, জয়ন্ত দাস, পূৰ্ণময়ী মেধী, বিজয় মহন্ত, তবিবৰ ৰহমান,ৰিণ্টুমণি দত্ত, ৰিতালীনা সোণোৱাল, দেৱজিত শইকীয়া, হেমন্ত কাকতি। 

ৰিণ্টুমণি দত্ত: বাসুকী (নাগৰাজ আৰু সৰ্পৰাজ্যৰ বিধায়ক)৷

পূৰ্ণময়ী মেধী: কাৰ্শলা কুমাৰী (ঢোৰা সৰ্পৰাজৰ পত্নী তথা সৰ্প মহিলা সমিতিৰ চেক্ৰেটৰী)৷

জয়ন্ত দাস: ঢোৰা সৰ্পৰাজ ( সৰ্প ফুড এণ্ড ইণ্ডাষ্ট্ৰিৰ মালিক)৷

ধূৰ্জ্জটি কাকতি: আনাকোণ্ডা( মিষ্টাৰ সৰ্প কুমাৰ কলেজৰ)৷

বাগ্মীতা ৰাজখোৱা: বিষলিকা( আনাকোণ্ডাৰ প্ৰেমিকা, চুপাৰ মডেল আৰু বাসুকীৰ ক্ৰাচ)৷

অভিজিত গোস্বামী: কালিয়া(আনাকোণ্ডাৰ বন্ধু, সৰ্প ৰাজ্যৰ জনপ্ৰিয় গায়ক৷

শ্ৰুতিমালা মিশ্ৰ: নাগিনলতা( কালিয়াৰ প্ৰেমিকা আৰু বক্সিং চেম্পিয়ন)৷

বিজয় মহন্ত: সৰ্পেশ্বৰ ( নাগৰাণীৰ ভাতৃ আৰু নাগালয় কলেজৰ চেক্ৰেটৰী)৷

দেৱজিত শইকীয়া:  প্ৰফেচাৰ নাগাৰ্জুন(নাগালয় কলেজৰ প্ৰফেচাৰ)৷

হেমন্ত কাকতি: ডাঃ নাগেশ্বৰ( বিশিষ্ট সমাজ সেৱক)৷

তবিবৰ ৰহমান: সুৰ্পিল ( যুৱ ছাত্ৰ সৰ্পনেতা)৷

পৰীস্মিতা গগৈ: মনসা( ডাঃ নাগেশ্বৰৰ প্ৰেমিকা আৰু নিউজ ৰিপোৰ্টাৰ)৷

বন্দীতা জৈন: মচোৱালতা। 

বিশেষ ভূমিকাত ৰীতালীনা সোণোৱাল।

 

দৃশ্য ১

 

এই কাহিনী সৰ্প সকলৰ জীৱনৰ আধাৰত। যদি কাহিনী কোনো ঠাই, ব্যক্তি বা ঘটনাৰ লগত খাপ খাই তাৰবাবে ছবিৰ পৰিচালক, প্ৰযোজক দায়ী নহয়। 

পৰ্দাত জিলিকি উঠিব সাৱধান বাণী। 

আন্ধাৰ, পোহৰৰ সংমিশ্ৰণ। 

পাতাল নগৰী দেখুওৱা হ’ব। চাৰিওফালে সাপসমূহে বিচৰণ কৰা দেখাব। 

দেহৰ তলৰ অংশ সাপ আৰু ডিঙিৰ পৰা মানুহৰ দৰে মুখ। ফল বেপাৰী, ফুল বেপাৰী, চানাৱালা, পাচলী বেপাৰী সকলোকে দেখুওৱা হ’ব। 

মুখেৰে ফল, ফুলৰ টুকুৰী লৈ নাগসমূহে চলাচল কৰি থাকিব নাগৰাজ্যৰ পথসমূহত। এনেতে দুৰৰ পৰা কোলাহল শুনা যাব। বহুত সাপে একেলগে ফোঁচ-ফোঁচকৈ চিঞৰা শুনা যাব। 

কেমেৰা প্ৰথমতে দূৰৰ পৰা একেলগে বহুতো নাগে বগাই অহা দেখা যাব। 

ক্ল’জআপত লাহে লাহে দেখুওৱা হ’ব নাগবোৰক। “ আমাৰ দাবী মানিবই লাগিব”৷

এইবুলি জিভাবোৰ মাজে মাজে উলিয়াই নাগবোৰে “ফোঁচ” কৈ দিব। আগে আগে দুখন বাইকত দুজন ডেকা নাগ আহিব। 

কেমেৰাই দুয়োকে ক্ল’জআপত দেখাব। তাৰে এজন তবিবৰ ৰহমান (সুৰ্পিল) আৰু আনজন বিজয় মহন্ত(সৰ্পেশ্বৰ)। 

ইতিমধ্যে প্ৰতিবাদ কৰি অহা নাগখিনিয়ে সিহঁত দুয়োৰে ওচৰ পাব। 

লগে লগে দুয়োৱে মানুহৰ ৰূপৰ পৰা সাপৰ ৰূপ ল’ব। দেহটো নাগ আৰু মূৰটো মানুহৰ।  আন্দোলনকাৰীসকলক ৰ’বলৈ ক’ব দুয়ো। 

দুজন মান জুনিয়ৰ আৰ্টিষ্ট নাগে ফুটপাথত মাইকটো আনি দিব। 

সুৰ্পিল আৰু সৰ্পেশ্বৰ দুয়ো মাইকৰ ওচৰত থিয় হ’ব। 

 

ডায়লগ:

সুৰ্পিল: শ্ৰদ্ধাৰ নাগ ৰাইজ। আজি আমি কি কাৰণত ইয়াত উপস্থিত হৈছোঁ সকলোৱে জানে। ভাৰতবৰ্ষৰ চাৰিওফালৰ পৰা আপোনালোক অহাত বহুত সুখী হৈছোঁ। এই যুঁজত সকলোৰে সহযোগ লাগিব আৰু আমি সকলোৱে যুঁজ দিয়াৰ সময় আহিল। এইয়া….

এনেতে সুৰ্পিলৰ মুখৰ পৰা মাইকটো সৰ্পেশ্বৰে টানি আনে মুখেৰে। তাঁৰডাল নেগুৰত পকাই লয় আৰু ডায়লগ দিয়ে। 

সুৰ্পিলে খঙেৰে চায়। 

সৰ্পেশ্বৰ: শ্ৰদ্ধাৰ নাগালয়বাসী। এইয়া আমাৰ সন্মানৰ যুদ্ধ, আমাৰ অধিকাৰৰ যুদ্ধ। দেহত থকা শেষ বিন্দু বিষলৈকে আমি যুঁজিব লাগিব। জয় আই নাগালয়। 

সকলোৱে চিঞৰে “ জয় আই নাগালয়।” এনেতে এটা মিহি মাতে কয় …

“আমি আমাৰ নাম লৈ কৰা অপমান আৰু সহ্য নকৰোঁ।” 

কেমেৰা ঘূৰে আৰু এজনী ধুনীয়া, লাহী, ওখ নাগিনীক ক্ল’জআপত দেখুৱায়। এইজনী পূৰ্ণময়ী মেধী (কাৰ্শলা কুমাৰী)। 

কাৰ্শলা কুমাৰী: আমাক কৰা পদে-পদে অপমান আৰু সহ্য কৰা নহ’ব। যিকোনো কথাতে আমাৰ নাম লৈ, আমাৰ দেহৰ বিষৰ নাম লৈ কোনো অপমান হ’ব নোৱাৰে। ফোঁচ..ফোঁচ…

“অঁ নোৱাৰে। নোৱাৰে বুলি কৈছোঁ নোৱাৰে।” 

তলৰ নাগ সাধাৰণৰ মাজৰ পৰা কোনোবাই কয়। 

সৰ্পেশ্বৰ: মেডাম আপুনি ওপৰলৈ আহি মাইকত কওক…ফোঁচ ..ফোঁচ (জিভাখন উলিয়াই দিয়ে)৷

কঁকালৰ ভাঁজ দি হালি-জালি ধুনীয়া নাগিনী এজনী আহিব মাইকৰ ওচৰলৈ( বন্দীতা জৈন, চৰিত্ৰ মচোৱালতা)। 

সুৰ্পিলে মাইকটো দিয়ে আৰু পৰিচয়টো দিব দিয়ে। 

মচোৱালতা: চৰী, মাইকটো ধৰিব নোৱাৰিম। তইখানে ধৰি দে। 

সৰ্পেশ্বৰ: বাৰু মই ধৰি দিছোঁ। প্ৰথমতে আপোনাৰ পৰিচয়, কোনটো প্ৰান্তৰ পৰা আহিছে কওক? 

মচোৱালতা: হাই, মোৰ নাম মচোৱালতা আছে। মই খানে ডিমাপুৰত থাকে। মই বিউতিচিয়ান আছে। আজি মই মানুহ ৰূপ থাকাতে হাতৰ মেনিকিওৰ কৰাইছে। খাৰাব হৈ যাব না নেইলঠো। ইচিলিয়ে মাইকটো নধৰে মই। মই ভি কম আমাৰ দাবী মানিব লাগিব। 

 

লাহে লাহে লাইট অফ হৈ যায়। 

 

২য় দৃশ্য

 

 নাগালয় কলেজৰ মুখ্য-দুৱাৰ দেখুওৱা হ’ব। গেটৰ দুয়োফালে ভগৱান শিৱৰ ত্ৰিশূল ধুনীয়াকৈ অঁকা থাকিব। দুৱাৰৰ ওপৰত এডাল সাপ মেৰ খাই শুই থাকিব। তেওঁ কলেজৰ চকীদাৰ। 

এনেতে এখন ৰঙা মাৰুতি কাৰ চলাই এজন চানগ্লাচ পৰিহিত ধুনীয়া নাগ আহি গেটত ৰয়। ওপৰত পৰি থকা সাপডালে লগে লগে মানুহৰ ৰূপ লয় আৰু গেটখন খুলি দিয়ে। 

গাড়ীখন পাৰ্ক কৰাৰ পিছত ভিতৰৰ পৰা বহুত ওখ নাগ এডাল ওলাই আহে। তেওঁ মুখেৰে ফাইল এটা কামুৰি কমন ৰুমৰ ফালে আগবাঢ়ে। 

লগে লগে দূৰত থিয় দি থকা কিছুমান সৰ্পিনী ছাত্ৰীয়ে ফুচফুচাই কয়…

“চোৱা চোৱা! আমাৰ হেণ্ডচাম চাৰজন আহিল। 

ব’লা ব’লা ক্লাচ কৰোঁ। একো বুজি নাপালেও চাৰৰ ধুনীয়া কথাবোৰে শুনিম।” 

এইবুলি সৰ্পিনী ছাত্ৰী কেইজনী দৌৰ মাৰে ক্লাচত। 

সিহঁতৰ আগে আগে সৰ্প চাৰজনে হাতত ৰেজিষ্টাৰ বহীখন লৈ আহে। ছাত্ৰী কেইজনীক দেখি চাৰে কেঁৰাকৈ চায়। 

ইতিমধ্যে ক্লাচ ৰুমত বহুতো নাগ-নাগিনী ছাত্ৰ-ছাত্ৰী বহি থাকে কুণ্ডলী পকাই। এখন বেঞ্চত এজন মিহি ছালৰ সৰ্প ছাত্ৰ বহি থাকে কেবাজনীও সৰ্পিনীৰ লগত আৰু সিহঁতক গান শুনাই থাকে। 

আনহাতে এখন বেঞ্চত একেলগে কেইবাজনো ছাত্ৰ সৰ্প বহি থাকে। 

তাৰ মাজত এজন ছাত্ৰই শুই থাকে। 

এজন ছাত্ৰই তাৰ নেগুৰ ডালেৰে ডাম্বেল এডাল লৈ ব্যায়াম কৰি থাকে। 

কাষতে এজন সৰ্প ছাত্ৰ থাকে আৰু বহী এখনত লিখি থাকে নেগুৰডালত কলম এটা লৈ। 

চাৰক দেখাৰ লগে লগে সকলোৱে থিয় হৈ “গুডমৰ্ণিং চাৰ। ফোঁচ…চ..চ” বুলি কয়। কেৱল শুই থকা জনৰ বাহিৰে। 

চাৰ: গুডমৰ্ণিং…..ফোঁচ..

চাৰে সকলোৰে ৰোল নম্বৰবোৰ মাতে। আৰু হঠাৎ তেওঁৰ শুই থকা ছাত্ৰজনত চকু পৰাত চক পেঞ্চিল এটুকুৰা মাৰি দিয়ে গাৰ জোৰে। আৰু শুই থকা ছাত্ৰজনে ‘ হিচ..চ চ’ বুলি চকু মোহাৰি উঠে। আৰু চাৰক দেখি থতমত খাই উঠে। 

চাৰ চ…চ..চৰী। 

ঘৰত নোশোৱা নেকি? ক্লাচত শুবলৈ আহা? বুলি চাৰে কয়। 

ছাত্ৰজনে একো নামাতি চাই থাকে চাৰক। 

চাৰ: কি চাইছা? এই ৰঙা চকু মোৰ লগত নাখাটে। 

ছাত্ৰ: চাৰ! আপুনি জানে মই কোন? কাৰ খুলশালি? 

চাৰ: মই জানো তুমি মোৰ ছাত্ৰ। বেলেগ জনাৰ দৰকাৰ নাই। তোমাৰ পৰিচয় তোমাৰ ওচৰত থোৱা। ষ্টুডেণ্টচ… আজি মই তোমালোকক ৰূপ সলোৱা বিদ্যা শিকাম। 

সকলোৱে: চাৰ, ৰূপ সলোৱা বিদ্যা? 

চাৰ: হয়। তোমালোকে জানা যে আমাৰ নাগালয়ৰ সকলো নাগে ইচ্ছাধাৰী নাগ। আমি সৰ্পৰ লগতে মানুহৰ ৰূপো ল’ব পাৰোঁ। কিন্তু এই ৰূপ লোৱা বিদ্যা আয়ত্ত কৰাৰ পিছতহে আমি ইচ্ছাধাৰী নাগ বা নাগিনী হ’ব পাৰিম। তাৰ বাবে আমি বহুত কষ্ট কৰিব লাগিব। চোৱা মই এতিয়া নিজক কেনেকৈ পৰিবৰ্তন কৰিম। 

এইবুলি তেওঁ এজন সুপুৰুষলৈ নিজকে সলনি কৰে সাপৰ পৰা। লগে লগে তেওঁ প্ৰফেচাৰ নাগাৰ্জুনলৈ সলনি হয়(দেবজিত শইকীয়া)। 

পিন্ধনত ক’লা কোট পেণ্ট পৰিহিত। 

এনেতে এজনী ছোৱালী ৰূপত নাগিনী থিয় হয় দুৱাৰ মুখত। 

ছোৱালী: মে আই কাম ইন চাৰ? 

প্ৰ.নাগাৰ্জুণ: ইয়েচ। নিউ এডমিচন? হোৱাট ইজ ইয়োৰ নেম? ক’ৰ পৰা আহিছা? 

ছোৱালী: চাৰ মাই নেম ইজ নাগিনপ্ৰিয়া। আই এম ফ্ৰম হাৰিয়ানা সৰ্প কলেজ(শ্ৰুতিমালা মিশ্ৰ)৷

প্ৰ.নাগাৰ্জুণ: ওকে। ইয়োৰ মম এণ্ড ডেড ফ্ৰম হাৰিয়ানা? 

নাগিনপ্ৰিয়া: নো চাৰ! অচল মে বাত ইয়ো চে কি মাহ্ৰি মা বাবুজী আচাম চে হে। পৰ বছপন মে এক হাৰিয়ানা কে চপেৰা নে মাহ্ৰে কো কিডনেপ কিয়া থা। অউৰ মাহ্ৰে মা বাবুজী চে মণি লেনে কে লিয়ে। 

প্ৰ.নাগাৰ্জুণ: ফিৰ ক্যা হুৱা? 

নাগিনপ্ৰিয়া: উচনে নে মুঝে বড়া কিয়া। মণি লেনে কে লিয়ে মুঝে আচাম লে আয়ে। মুঝে য়হা কে ভাষা শিখায়া। মে সমঝটি হু পৰ কুছ দিন বাদ বোল ভি লুংগি। পৰ য়হা আকে পতা চলা কি মেৰে মা বাপ কে পাছ কোই মণি না চে। তো মুঝে ছোড় কে চলা গয়া। ইব মে অপনী পঢ়াই অধুৰা তো কৰ না সকু। ইচিলিয়ে থাৰে কালেজ মে দাখিলি লি হে। (উচুপি উঠে)। মে অপনী পৰিবাৰ কো ধুন্দুংগী। 

ছোৱালী সাপ কেইজনীয়ে নিজৰ মাজত ফোঁচ..ফোঁচকৈ কথা পাতে। 

প্ৰ.নাগাৰ্জুণ: দোন্ত ৱৰী। তোমাৰ পৰিয়ালক সোনকালে পাবা। 

এতিয়া মই তোমালোকক এটা মন্ত্ৰ শিকাম। তোমালোকে সম্পূৰ্ণ মনোযোগেৰে এই মন্ত্ৰটো মাতি নিজকে এজন মানুহ বুলি কল্পনা কৰা। মনত ৰাখিবা সেই সময়ত বেলেগ একো চিন্তা নকৰিবা। ইতিমধ্যে তোমালোকে কিছুখিনি আয়ত্ত কৰিছা। 

সকলোৱে মন্ত্ৰটো মাতে আৰু লগে লগে সৰ্পৰ সলনি ধুনীয়া ল’ৰা-ছোৱালীলৈ ৰূপান্তৰিত হয়। 

ছোৱালী সকলৰ মাজত গান গাই থকাজন কালিয়া( অভিজিত গোস্বামী), ল’ৰা কেইজন ক্ৰমে ডাম্বেল হাতত লৈ থকাজন আনাকোণ্ডা( ধূৰ্জ্জটি কাকতি), টোপনিয়াই থকাজন সৰ্পেশ্বৰ( বিজয় মহন্ত), বহীত লিখি থকাজন সুৰ্পিলজ্যোতি( তবিবৰ ৰহমান) হৈ যায়। 

আনাকোণ্ডা: চাৰ, আমি যেতিয়াই তেতিয়াই ৰূপ সলাব পাৰিমনে? 

কালিয়া: চাৰ, আমি চিৰদিনৰ বাবে মানুহ হ’ব পাৰিম নেকি? 

প্ৰ.নাগাৰ্জুন: নোৱাৰা চিৰদিনৰ বাবে মানুহ হ’বলৈ। ৰূপ পৰিবৰ্তন কৰিব পাৰি কিন্তু প্ৰত্যেক বাৰ ঘণ্টাৰ মূৰত এবাৰ সৰ্প ৰূপ ল’ব লাগিব। বাৰু আজিলৈ এৰোঁ। অহা সপ্তাহত মই তোমালোকক কেনেকৈ মোট সলাব লাগে ছমাহৰ মূৰে-মূৰে আৰু বেছি পাৱাৰফুল বিষ তৈয়াৰ কৰিব পাৰি শৰীৰত তাৰে কোৰ্চ কৰাম। ওকে। 

সকলোৱে একেলগে ‘ওকে চাৰ’। 

প্ৰফেচাৰ নাগাৰ্জুন ওলাই যায়।  লগে লগে সকলো ছাত্ৰ-ছাত্ৰী ওলাবলৈ দৌৰা-দৌৰি কৰে। 

কালিয়াই খৰধৰকৈ বাহিৰলৈ ওলাই আহোঁতে বাৰাণ্ডাত নাগিনপ্ৰিয়াৰ সৈতে খুন্দা খায় কালিয়াৰ হাতৰ পৰা বহী, কলম পৰি যায় আৰু নাগিনপ্ৰিয়াৰ হাতৰ পৰাও সকলো কিতাপ পৰে। কালিয়াই চৰী বুলি ক’ব খুজি নাগিনৰ ফালে ৰ’ লাগি চাই থাকে। 

তাই কিবা কিবি কৈ থাকে যদিও কালিয়াই একো নোকোৱাত ‘ফোঁচ’কৈ

ফেট তুলি তাৰ মাথাত খুন্দিয়াই দিয়ে। 

নাগিনপ্ৰিয়া: এহ ছোড়া, পেহলে কভি তন্নে সুন্দৰ নাগিন দেখে না কে? মাহ্ৰি চাৰি কিতাপ খাৰাব কড় দি। পৰ ইতনো চি তম্মিজ না চে, কে লড়কী কি মদদ কৰ দে। 

কালিয়া: আই এম ৰিয়েলী চৰী। এইবুলি নাগিনপ্ৰিয়াক হাতত ধৰি উঠাই দিয়ে। (সিয়ো হিন্দিতে কয়) আপ নয়ী ষ্টুডেণ্ট হে না? 

নাগিনীপ্ৰিয়া: হাঁ তো? ইব তুম হামাৰী ৰেগ্গিং কৰেগা কে? পৰ ইতনা আচান না চে মন্নে ৰেগ্গিং কৰনা। হুঁহ… ফোঁচ..চ.চ( তাই গুছি যায়)। কালিয়াই একেথৰে চাই থাকে। 

দূৰৰ পৰা সৰ্পেশ্বৰ, সুৰ্পিলজ্যোতি, আনাকোণ্ডাই চাই থাকে আৰু হাঁহি হাঁহি কালিয়াৰ ওচৰত আহে। 

সৰ্পেশ্বৰ: কি হ’ল পাৰ্টনাৰ? 

কালিয়া: একো নাই। ব’ল আজি নলবাৰীৰ এখন গাঁৱত মনসা পূজা পাতিছে। তাত গাখীৰ দিব সকলো নাগকে। সোনকালে যাওঁ নহ’লে গুৱাহাটীৰ সাপ কেইডালে আগতে আহি খাব। 

আনাকোণ্ডা: চাৰে শিকোঁৱা মতে মানুহৰ ৰূপ লৈ যাম। তেতিয়া মেজিকতে যাব পাৰিম। সাপ হৈ গ’লে ইমান দূৰ কোনোবাই লাঠিৰে কোবাই মাৰিব। 

আটাইকেইজনে ‘ঠিকেই কৈছ’ বুলি কৈ কলেজৰ ওচৰতে থকা গাঁত এটাৰে ওলাই আহে ওপৰলৈ আৰু চাৰিওফালে ভালকৈ চাই মানুহৰ ৰূপ লয় আৰু কেমেৰাই দূৰৰ পৰা মেজিক অহা দেখুৱায়। 

 

৩য় দৃশ্য

 

ঢোৰা সৰ্পৰাজৰ ড্ৰয়িংৰুম। তাত নাৰিকলৰ গছ আৰু কলগছেৰে বনোৱা চোফা সজোৱা থাকিব। 

একোণত এটা গছৰ মুঢ়া টেবুলৰ দৰে থাকিব। তাত এখন ফটো সজোৱা থাকিব। ফটোত মিঃ ঢোৰাৰ পত্নী কাৰ্শলা কুমাৰীৰ সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ লোৱা ফটো এখন থাকিব। 

কেমেৰা ঘূৰিব আৰু একোণত এডাল খীণ-মীণ চচমা পিন্ধা সাপে লেপটপত কিবা কাম কৰি থাকিব ( জয়ন্ত দাস, ঢোৰা সৰ্পৰাজ)। 

তেওঁৰ দেহৰ আধা সৰ্প আৰু মুখখন মানুহৰ। কাম কৰি থকাৰ মাজতে তেওঁ মাতে “কাৰ্শলা …কাৰ্শলা।”

ভিতৰৰ পৰা কাৰ্শলা আহে।  

কাৰ্শলা: কি হ’ল? কিয় এনেকৈ টেটু ফালিছা? মোৰ নামহে কাৰ্শলা। মই কলা নহয়টো! 

সৰ্পৰাজ: কি যে কোৱা নহয়? মৰমতে মাতিলেও খং কৰা। বহুত সময় দেখা নাই যে সোণজনী। 

কাৰ্শলা: হ’ব। আচল কথা কোৱা? মই মহিলা সমিতিৰ মিটিঙত যাব লাগে। ভাষণ এটা ৰেডি কৰি আছিলোঁ কিন্তু উপায় নাই এই সোপাৰ পৰা। 

সৰ্পৰাজে সেহাই সেহাই কয়, মানে চাহ একাপ খাবলৈ মন গৈছিল। 

কাৰ্শলা: জানোৱে মই। কিবা এটা কামত যাব ওলালেই তোমাৰ কাম ওলাব। হুঁহ! বান্দী হৈহে আহিলোঁ এইখন ঘৰত। ফোঁচ…ফোঁচ…

সৰ্পৰাজ: চাহ কাপ খোজোঁতে ইমান কথা শুনালা? নালাগে দিয়া চাহ। যোৱাগৈ য’ত যাব খোজা। ফোঁচ..চ..চ

কাৰ্শলা: কি যোৱাগৈ য’ত যাব খোজোঁ? মই সদৌ নাগিনী সন্থাৰ চেক্ৰেটৰী। নাগিনীৰ সুৰক্ষা আৰু অধিকাৰৰ বাবে লাগি আছোঁ। তুমি কি বুজিবাহে! তোমাৰ লগত বিয়া হৈ মই কিমান পোস্তাইছোঁ কি জানিবা তুমি? 

সৰ্পৰাজ: কি পোস্তালাহে? মোৰ নিচিনা ভোলানাথ যেন সাপ তুমি ক’ত পালা হয়? 

কাৰ্শলা: এনে ভোলানাথ? মই বুলিহে আহিছোঁ তোমালৈ। নহ’লে মই তোমাতকৈ উচ্চ বংশৰ। 

আমাৰ পৰিয়ালত আজিলৈ কোনো নাগিনীৰে ঢোৰা সাপৰ বংশত হোৱা নাই বিয়া। মোক তুমি অজলা পাই ফচালা বাবেহে। 

সৰ্পৰাজ: ফোঁচ….ফোঁচ…কথা নক’বা। মই ফচালোনে তুমি ফচালাহে মোক। নহ’লে কোনেনো নিলে হয় তোমাক? 

কাৰ্শলা: মোৰ পিছে পিছে কিমান নাগ ঘূৰিছিল তুমি কি জানিবা? কলেজত দুবাৰো ‘মিচ পইজন’ এৱাৰ্দ পোৱা নাগিনী মই। কিমান মডেলিঙৰ অফাৰ আহিছিল। তোমাৰ মৰমতে নগ’লোঁ। তোমাৰ লগত পলাই নাহিলে আজি মই টপ মডেল নাগিনী হ’লোঁ হয়। 

সৰ্পৰাজে কিবা ক’ব খোজে আৰু

হঠাতে কলিং বেল বাজিব জেঠিৰ মাতৰ দৰে টিক্ টিক্ টিক্ টিক্ বুলি। 

ঢোৰা সৰ্পৰাজে দৰ্জা খুলিব আৰু আহক আহক বুলি মাতি আনিব কাৰোবাক। 

দুডাল সাপ সোমাই আহিব। এডাল কেটেং মেটেং আৰু এডাল মধ্যমিয়া চেহেৰাৰ। দুয়োডাল সাপে ফেট তুলি থিয় হৈ যাব আৰু দুজন মানুহলৈ লগে লগে পৰিবৰ্তন হ’ব। 

খীণজন হ’ব বাসুকী নাগ ( ৰিণ্টুমণি দত্ত)আৰু মধ্যমিয়াজন হ’ব ডাঃ নাগেশ্বৰ( হেমন্ত কাকতি)। তেওঁলোকে মানুহৰ ৰূপ লোৱাত ঢোৰা সৰ্পৰাজেও পূৰ্ণ মানুহৰ ৰূপ লয়। দুয়ো কাৰ্শলালৈ চাই ‘হাই’ বুলি কয়। 

কাৰ্শলাই বহিব দি ভিতৰত যায়। সৰ্পৰাজে চাঞ্চতে চাহ আনিব দিয়ে। 

সৰ্পৰাজ: (বাসুকীলৈ চাই) চাৰ আপুনি আহিল যে! মোক মাতি দিব লাগিছিল আপোনাৰ ঘৰলৈ। আৰু আপোনাৰ চিকিউৰিটি ক’ত আজি? 

বাসুকী: আজি মই বিশেষ কাম এটাত আহিছোঁ। সেয়েহে চিকিউৰিটি অনা নাই। ড্ৰাইভাৰকো অনা নাই। মই নিজে চলাইছোঁ গাড়ী। সেইবাবে ডাঃ নাগেশ্বৰক লৈ আহিছোঁ। 

ডাঃ নাগেশ্বৰ: ময়ো কৈছোঁ বাসুকী চাৰক। কিন্তু কথা নুশুনিলে। কিবা হেনো গুৰুত্বপূৰ্ণ কথা আছে। কাকো বিশ্বাস কৰিব নোৱাৰি। 

বাসুকী: কথা গুৰুতৰে। শুনিছোঁ নাগালয়ৰ সকলো নাগিনীয়ে লগ লাগি কিবা মানব প্ৰতিবাদ আন্দোলন কৰিছে। অহা সোমবাৰে হেনো সকলো নাগিনী ওলাই গৈ মানুহক আক্ৰমণ কৰিব। ভাবাছোন কিমান ডাঙৰ ঘটনা হ’ব। মানুহবোৰে আমাক সুদাই এৰিব জানো? 

ডাঃ নাগেশ্বৰ: হয় কথাটো? এনেই মানুহ জাতিয়ে আমাক দেখিলে লাঠিৰে কোবাব বিচাৰি থাকে। সিহঁতৰ লাঠিৰ কোবত কিমান আমাৰ জাতি ভাই শ্বহীদ হৈছে। 

সৰ্পৰাজ: বৰ ডাঙৰ ঘটনা দেখোন? চাৰ আপুনি কিয় একো একচন লোৱা নাই? 

বাসুকী: কি একচন ল’বাহে? ঘৰৰ মানুহে যদি এই যুদ্ধত নামে? আমাৰ বায়েক-ভায়েক দুয়ো আন্দোলনত নামিছে। শুনামতে তোমাৰজনী আৰু তোমাৰ খুলশালি সুৰ্পিলজ্যোতিও আছে দলত। 

ডাঃ নাগেশ্বৰ: আৰু তোমাৰ মানুহজনী হেনো লিডাৰ। শুনামতে তেওঁ ভাষণ লিখি দিয়ে চবকে। বহুত গোটাইছে পাৰ্টীত নাগ-নাগিনী। ডিমাপুৰৰ পৰাও এজনী নাগিনী আহিছে হেনো? 

বাসুকী: তুমি বুজোৱা ঘৰত। ময়ো বুজাইছোঁ। 

সৰ্পৰাজে কিবা ক’ব খোজোঁতে নাগেশ্বৰৰ ফোনত ভিডিঅ’ কল আহে। স্ক্ৰীণত ধুনীয়া নাগিনী এজনী ওলায় (পৰীস্মিতা গগৈ, চৰিত্ৰ মনসা)। 

নাগেশ্বৰে হাই চুইটহাৰ্ট বুলি মাতে। সৰ্পৰাজ আৰু বাসুকীয়ে ৰ’ লাগি চাই থাকে। 

নাগেশ্বৰ: মিট মাই গাৰ্লফ্ৰেণ্ড মনসা। মনসা এইজন আমাৰ বিধায়ক বাসুকী আৰু এইজন মোৰ ফ্ৰেণ্ড ঢোৰা সৰ্পৰাজ। 

মনসা: হাই ফেৰেনজ্…ভালে আছে? 

বাসুকীয়ে ফোন থোৱাৰ পিছত নাগেশ্বৰক সোধে____

তোমাৰ আগৰ গাৰ্লফ্ৰেণ্ডজনী বেলেগ আছিল দেখোনহে? নীলনাগিনী নে নীলাক্ষি কি নাম আছিল? 

নাগেশ্বৰ: এহ তাই বৰ সন্দেহবাদী আছিল। মনসা আৰু মোক সন্দেহ কৰিছিল। সেইবাবে ব্ৰেকআপ কৰিলোঁ। মনসা বিৰাট বহল মনৰ। মোক সন্দেহ নকৰে। 

কাৰ্শলাই চাহৰ ট্ৰে আনে আৰু ডাঃ নাগেশ্বৰৰ কথা শুনি মুখখন বেঁকা কৰি দিয়ে।  লাইট অফ হয়। 

 

৪ৰ্থ দৃশ্য

 

নাগালয় কলেজৰ ফিল্ডত ৰ’দ লৈ থাকিব সকলো সৰ্প ষ্টুডেণ্টে। দুজনী মান ইচ্ছাধাৰী নাগিনীয়ে ছোৱালীৰ ৰূপ লৈ ফেশ্বন মেগাজিন চাই থাকে। 

দুজনী মানে ওকণি চাই থাকে। কিছু আঁতৰত আনাকোণ্ডা, সৰ্পেশ্বৰ, সুৰ্পিলজ্যোতিয়ে হ’ব লগা আন্দোলনটোৰ কথা কৈ থাকে। 

সুৰ্পিল: বহুত সহ্য কৰিলোঁ আৰু নহ’ব। মানব জাতিয়ে আমাক বহুত কষ্ট দিছে। এইবাৰ কিবা কৰিমেই। 

সৰ্পজ্যোতি: আমাৰ জাতিৰ অপমান আৰু সহ্য নকৰোঁ। বাইদেৱে মোৰ চকু খুলি দিলে। আমাৰ অস্তিত্ব আমিয়ে ৰক্ষা কৰিম। বাই দ্যা ৱে… বা আজি দুপৰীয়া আমাৰ কলেজত আহিব। কলেজৰ সকলো ছাত্ৰ-ছাত্ৰীকে একগোট হ’বলৈ ন’টিচ এখন দিছোঁ। 

আনাকোণ্ডা: মোৰ গাৰ্লফ্ৰেণ্ডজনীও আহিব আজি। 

লগে লগে সুৰ্পিল আৰু সৰ্পেশ্বৰ “কি!” বুলি চিঞৰি দিয়ে। ওচৰতে থকা ছাত্ৰ নাগ দুডাল মানেও দৌৰি আহে। সঁচানে সোধে! 

আনাকোণ্ডাই গহীন ভাবে অঁ বুলি কয়। 

সৰ্পেশ্বৰ: বাঃ! তোমাৰ প্ৰেমিকা চুপাৰ মডেল বাবে সকলোকে বাহাদুৰি দেখুৱাবা ন? তাইৰ আমাৰ আন্দোলনত কি কাম? আমি জাতিক বচাব প্ৰতিবাদ কৰিছোঁ। তোমাৰ মডেল প্ৰেমিকাই কি কৰিবহে? 

সুৰ্পিল: তোৰনো ইমান কিয় গাত লাগিছে? সি তাৰ প্ৰেমিকাকো প্ৰতিবাদ কৰিব মাতিছে ভালহে। আমাৰ সংখ্যা বাঢ়িব নাগ পাৰ্টিত। 

আনাকোণ্ডা: এডজেক্টলী। আৰে বাবা তাই চুপাৰ মডেল হয় নাগলোকৰ। বহুতো ফেন ফলোৱাৰ আছে তাইৰ। যুৱ নাগৰ তাই হাৰ্ট থ্ৰব হয়। কিমান নাগৰ তাই ক্ৰাচ। দেখা নাই তাই আহিব কওঁতে কেনেকৈ শুনা পায় নাগবোৰ দৌৰি আহিছিল। আমি যদি তাইক আনো বহুত নাগ-নাগিনী আন্দোলন কৰিবলৈ পাম। 

সুৰ্পিল: ৰাইট। নাগ-নাগিনী সকলোৱে তাইক ফলো কৰে। আনকি বুঢ়া নাগবোৰৰো ক্ৰাচ তাই। শুনিছোঁ আমাৰ সৰ্পেশ্বৰৰ ভিনিহিয়েক সাংঘাতিক ফেন তাইৰ। তাই অভিনয় কৰা মিউজিক ভিডিঅ’ চাবই। ফেচবুকতো ফ্ৰেণ্ড তাইৰ। 

সৰ্পশ্বৰে হাঁহে আৰু লাহেকৈ কয়..মোৰো ক্ৰাচ হয়। 

আনাকোণ্ডাই খঙেৰে চায় আৰু সৰ্পিল হাঁহিত বাগৰি যায়। 

এনেতে নাগিনপ্ৰিয়া সোমাই আহে। মুখেৰে কিবা কিবি ভোৰ-ভোৰাই আহে। পিছে পিছে কালিয়া। দূৰৰ পৰা সৰ্পিলহঁতে চাই থাকে। ক্ল’জআপত নাগিনপ্ৰিয়া আৰু কালিয়াক দেখাব। 

নাগিনপ্ৰিয়া: থাৰে মাথা মে ভূঁচা ভৰা হে কে। সমঝ মে না আয়ে বাত? মে থাৰে চে প্যাৰ না কৰু। মে নাগ হুৱা তো কে বাত চে। মেই তো এক ইনচান কে চোড়ে চে প্যাৰ কৰু হু। ক্যুউ মাহ্ৰে পিছে পৰে হো? 

কালিয়া: কিন্তু ইনচানক প্যাৰ কৰি থগ খাবা তুমি। সিহঁতে আমাক বিশ্বাস নকৰে কেতিয়াও। যুগে যুগে আমাক সিহঁতৰ দুচমন মানে। 

নাগিনপ্ৰিয়া: জানু হুঁ। পৰ ক্যা কৰু? ইব দিল লগা লিয়া হে তো ঘুমা না সকু। অউৰ ৱো ভি মাহ্ৰে চে বহোত প্যাৰ কৰতে হে। ৱো ইনচান মন্নে অপনে পৰিবাৰ চে মিলা দেগা সমঝে। তাই গুছি যায়। 

কালিয়া: তুমি বুজা নাই মানুহ কিমান স্বাৰ্থপৰ। নিশ্চয় তোমাৰ পৰা কিবা লাভৰ আশাতহে তোমাৰ লগত মিতিৰালি কৰিছে। কিন্তু মই তোমাৰ সংগ কেতিয়াও নেৰোঁ। মোৰ প্ৰেম সঁচা। তোমাৰ মা-দেউতাক মই বিচাৰি উলিয়ামে। কথা দিলোঁ। 

এনেতে সুৰ্পিল, আনাকোণ্ডা ওচৰলৈ আহে। 

আনাকোণ্ডা: নাগিনীয়ে পাত্তাই নিদিলে বে তোক? কলেজৰ সকলো নাগিনীয়ে তোৰ দিৱানী। অৱশ্যে তোৰ গানৰহে দিৱানী। আচল দিৱানী মোৰহে। বিক্যজ, আই এম মিঃ সৰ্পকুমাৰ অব দিচ কলেজ। 

কালিয়াই একো নকয়। কেৱল ক্লাচলৈ গতি কৰে। ক্লাচ ৰুম দেখুওৱা হয়। সকলোৱে নিজৰ ঠাইত বহে। কালিয়াই নাগিনপ্ৰিয়াৰ পিছফালে বহে। 

ক্লাচ ৰুমত প্ৰফেচাৰ নাগাৰ্জুণ সোমাই আহে। 

নাগাৰ্জুণ: ষ্টুডেণ্টচ, আজি মই তোমালোকক বিহ নুলিওৱাকৈ কেনেকৈ খুটিব লাগে শিকাম। লগতে যদি কেতিয়াবা কোনো মানুহে কঁকালত কোব দিয়ে কেনেকৈ নিজক বচাব লাগে আৰু সকলোকে সন্মোহন কৰাৰ কৌশলটো শিকাম। 

প্ৰফেচাৰে সেই লেচনটো শেষ কৰাৰ পিছত সকলোকে উদ্দেশ্যি কয়: নিজৰ জাতিক কেতিয়াও নাপাহৰিবা। তোমাৰ হাততে, তোমাৰ দেহতে নিজক বচোৱাৰ শক্তি আছে।  তদুপৰি মানুহক বিশ্বাস নকৰিবা। 

এনেতে সুৰ্পিলে থিয় হয় ..

প্ৰফেচাৰে সোধে কি হ’ল?  

সুৰ্পিল: চাৰ, আপুনি আমাক নিজক নাপাহৰিবলৈ কৈছে। জাতিক ৰক্ষা কৰিবলৈ কৈছে, মানুহক বিশ্বাস নকৰিবলৈ কৈছে। কিন্তু সেই মানব জাতিয়ে যে আমাক কিমান কষ্ট দিয়ে জানেনে? 

প্ৰ.নাগাৰ্জুণ: হয় জানো? সেয়েহে কৈছোঁ আমি নিজক বচাবৰ বাবে লাগিব লাগে। 

সকলো ছাত্ৰ-ছাত্ৰীয়ে একেলগে চিঞৰে “ জয় নাগালয়। সৰ্প জাতিৰ জয় হওক। চাৰ আপুনি আমাৰ লগত থাকিব লাগে৷”

 

৫ম দৃশ্য

 

নাগলোকৰ ৰাস্তা দেখুওৱা হ’ব। মাজ ৰাস্তাতে এখন মঞ্চ তৈয়াৰী থাকে। তাতে মাইক, ডাঙৰ চাউণ্ডবক্স ফিটিং কৰা থাকে।  চকী থাকে মঞ্চৰ আগত। তাত অসংখ্য নাগ-নাগিনী বহি থাকে। সমুখৰ শাৰীত কেইবাজনীও নাগিনী বহি থাকে হাতত মোবাইল লৈ। 

এপাকত এজনী বগী নাগে জিভাখন উলিয়াই চেলফী মাৰে, এবাৰ ফণা তুলি চেলফী লয় আৰু মাজে মাজে পাউত দি চেলফী মাৰে।  

মঞ্চত ইতিমধ্য কেইবাডালো নাগ গৈ থিয় হয় আৰু মন্ত্ৰ মাতি মানুহৰ ৰূপত আহে। ক্ৰমে সৰ্পেশ্বৰ, সুৰ্পিল, কালিয়া, আনাকোণ্ডাৰ ৰূপ ধৰে। লগে লগে তলত থকা নাগ নাগিনীবোৰে মানুহ ৰূপত আহে। লাইটৰ পোহৰত দেখা যায় ডাঃ নাগেশ্বৰ আৰু মনসা, ঢোৰা সৰ্পৰাজ আৰু কাৰ্শলা কুমাৰী, প্ৰফেচাৰ নাগাৰ্জুণ আদি। আনটো ফালে মচোৱালতা, নাগিনপ্ৰিয়া বহি থাকে। নাগিনপ্ৰিয়াই কন্দনামুৱা হৈ থাকে। মঞ্চৰ পৰা কালিয়াই চাই থাকে। 

সুৰ্পিলে মাইকটো হাতত লৈ আৰম্ভ কৰে। 

ডায়লগ

সুৰ্পিল: শ্ৰদ্ধাৰ নাগ-নাগিনীসকল, সকলোকে সাদৰ সম্ভাষণ জনালোঁ। আপোনালোকে ইতিমধ্যে গম পাইছেই আমাৰ আজিৰ সভাৰ উদ্দেশ্য। আমি এটি বহুত গম্ভীৰ বিষয় লৈ আজিৰ আলোচনাত বহিছোঁ। আচলতে আমি আন্দোলন কৰা নাই আমি আমাৰ মনৰ কথাহে ক’ব আহিছোঁ। 

মাইকৰ ওচৰত কালিয়া আহে। 

কালিয়া: হয় ৰাইজ। আমি আমাৰ লগত যুগে যুগে যি অন্যায় হৈ আছে তাকেহে বুজাবলৈ আহিছোঁ।  আমাৰ এই প্ৰতিবাদ কাৰ্যসূচীত ভাগ ল’বলৈ নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ সমষ্টিৰ বিধায়ক মাননীয় বাসুকী নাগৰাজ আৰু তেওঁৰ পত্নী নাগৰাণী ইতিমধ্যে আহি পাইছে। আমি তেওঁলোকক মঞ্চলৈ আদৰিছোঁ। 

বিধায়ক বাসুকীৰ লগত এগৰাকী সুন্দৰী নাগিনী নাৰী ৰূপত যায়। দুয়োকে দুডাল চম্পা ফুলৰ মালা ডিঙিত পিন্ধোৱা হয়। তাৰ পিছত ক্ৰমে ডাঃ নাগেশ্বৰ আৰু ঢোৰা সৰ্পৰাজো মঞ্চলৈ আহে। 

সকলোকে সম্ভাষণ জনোৱা হয়। 

সুৰ্পিলে ঘোষণা কৰে। 

এইবাৰ মঞ্চলৈ মাতিছোঁ আমাৰ আজিৰ সভাৰ মুখ্য অতিথি সকল ক্ৰমে প্ৰফেচাৰ নাগাৰ্জুণ, কাৰ্শলা বাইদেউ, মচোৱালতা বাইদেউ আৰু মাননীয় বিধায়ক মহোদয়ৰ অৰ্ধাংগিনী নাগৰাণী বাইদেউ(ৰীতালীনা সোণোৱাল)। 

তেখেতসকলে আজিৰ আলোচনা তথা প্ৰতিবাদ সূচীৰ আঁত ধৰিব। প্ৰথমে মই নাগৰাণী বাইদেউক দুআষাৰ ক’বলৈ অনুৰোধ জনালোঁ। 

নাগৰাণী: শ্ৰদ্ধাৰ নাগ-নাগিনী সকলোকে মই সম্ভাষণ জনালোঁ। মই যদিও বিধায়কৰ পত্নী কিন্তু মোৰ কোনো মেল-মিটিঙত কথা কোৱাৰ অভ্যাস নাই। কিন্তু আজি মই আহিছোঁ জাতিৰ স্বাৰ্থত, নিজৰ সন্মানৰ খাতিৰত। কাৰণ আমি সৰ্প জাতিক যুগ যুগ ধৰি বহুত অপবাদ দিয়া হৈছে। যিকোনো বেয়া কাম কৰিলে মানব জাতিয়ে আমাৰ লগত তুলনা কৰে। কওক হয়নে নহয়? 

তলৰ পৰা জাউৰীয়ে জাউৰী হাত চাপৰি পৰে। 

কিছু সময় ৰৈ নাগৰাণীয়ে পুনৰ কয়…

মানব জাতিয়ে পদে পদে আমাক ভুল উদাহৰণ দিয়ে। সাপতকৈও অবিশ্বাসী তই, সাপে মোট সলোৱাৰ দৰে কথা সলাই থাক, সাপৰ দৰে বিষাক্ত মানুহ। হাৰে সিহঁতে ভুল কৰি আমাৰ যি জন্মগত গুণ ঈশ্বৰে দিছে তাৰ লগত কিয় তুলনা কৰে? ইয়াৰ বিচাৰ হ’বই লাগিব। 

লগে লগে কাৰ্শলা, মচোৱালতা, মনসাই কৈ উঠে হ’বই লাগিব হ’বই লাগিব। 

তলত নাগেশ্বৰে বাসুকীক কয়…

চাৰ, মেডামে আপোনাতকৈ ভাল ভাষণ দিয়েহে। অলপো ভয় কৰা নাই। শব্দবোৰো স্পষ্ট। আপোনাৰহে ভৰি কঁপি থাকে। মই পিছফালৰ পৰা ধৰি থাকোঁ বুলিহে! 

বাসুকীয়ে ঘোপাকৈ চাই ডাঃ নাগেশ্বৰক। 

এনেতে ঘোষণা কৰা হয় প্ৰফেচাৰ নাগাৰ্জুণৰ নাম। 

প্ৰ.নাগাৰ্জুণ: সকলোকে স্বাগতম জনালোঁ আজিৰ সভাত। আজি আমি বহুত গুৰুত্বপূৰ্ণ বিষয় এটাৰ আলোচনা কৰিব ওলাইছোঁ। হয় নাগৰাণী মেডামে ঠিকেই কৈছে মানব জাতিয়ে বহুত অপবাদ আমাক দি আহিছে। সিহঁতে আমাক বিশ্বাস নকৰে। দেখাৰ লগে লগে কোবাব খোজে। বিভিন্ন বিষাক্ত দ্ৰব্য ফেনাইল, থায়োদান আমাৰ গাত চটিয়াই দিয়ে। কিন্তু সেইবোৰৰ দূৰ্গন্ধত আমাৰ কিমান অসুবিধা হয় আমিহে বুজি পাওঁ। ছালত পৰিলে কিমানে চৰ্ম ৰোগত ভোগে বুজাব নোৱাৰিম। কিছুমান ইমান বেয়া মানুহ থাকে আমাৰ দেহত মূল্যবান মণি থকা বুলি আমাক আক্ৰমণ কৰে। কিমান নাগে সেই মণিৰ লোভত লুভীয়া মানুহৰ হাতত প্ৰাণ খেদাইছে। কিমানৰ বুকুৰ সন্তানক কাঢ়ি নিছে। মোৰ ছাত্ৰী এগৰাকীক সৰুতে কিডনেপ কৰি নি হাৰিয়ানা পোৱালেগৈ। বেচেৰীয়ে মাক বাপেকক বিচাৰি অসম পালে। না ভাষা ক’ব পাৰে ভালকৈ না কাৰোবাক চিনি পায়। কিন্তু ইমান অন্যায় কৰাৰ পিছত আকৌ আমাক পূজাও কৰে, গাখীৰো খুৱায় স্বাৰ্থ সিদ্ধিৰ বাবে। গতিকে ভাই-ভনীহঁত মোৰ এটাই অনুৰোধ, আপোনালোকে এতিয়াৰ পৰা মানুহে পূজা পাতিলে গাখীৰৰ লোভত নাযাব। ইমানতে মোৰ ব্যক্তব্য সামৰিলোঁ। নমস্কাৰ। 

এইবাৰ ডাঃ নাগেশ্বৰ চাৰ আৰু বিধায়ক মহোদয়ে অলপ ক’ব লাগে। 

বাসুকী: মইনো কি ক’ম? মোৰ মিচেচে ক’লেই বহুতো মূল্যৱান কথা। তেওঁৰ কথাই মোৰ কথা। ফোঁচ…ফোঁচ..বুলি হাঁহে। 

ডাঃ নাগেশ্বৰ: প্ৰফেচাৰ নাগাৰ্জুণৰ কথা খিনিকে মোৰ মনৰ কথা। হয় তেওঁলোকে আমাৰ গাত চটিয়াই দিয়া ফেনাইলৰ দাগ আজিও মোৰ গাত আছে। মোৰ গালত পৰি দাগ এটা আজিও ৰৈ গ’ল। মোক আগতে নাগলোকৰ ধৰ্মেন্দ্ৰ বুলি মাতিছিল কিন্তু দাগটো অহাৰ পিছত মোৰ সেই প্ৰশংসা নোহোৱা হৈ গ’ল। গতিকে আমি মানব জাতিক এভইদ কৰা উচিত সম্পূৰ্ণ ৰূপে। মনসা ডিয়েৰ আহা তুমিও কিবা অলপ কোৱা। 

মনসা আহে। 

মনসা: ৰাইজ আপোনালোকে নিজক কঠিন কৰক। (নাগেশ্বৰৰ কাণৰ কাষত মাইকটো লৈ চিঞৰে, নাগেশ্বৰ উচপ খাই উঠে)

আমাক শুনাই যিমানে ধুনীয়া বীণ নবযাওক মুঠেও ডিস্কোঠেক বুলি ভাবি বা শ্লীম হ’ম বুলি ভাবি নাচিব নালাগে। আমি সিহঁতৰ ঘৰৰ কাষত ফ্লেট ল’ব নালাগে। মোৰ দেউতাই এবাৰ এঘৰ মানুহৰ ঘৰৰ বাঁহতলীত উই, হাফলুৰ ঢিপ এটাত থ্ৰি বি.এইচ.কে. ফ্লেট এটা কিনি থগ খালে। মানুহ ঘৰে বাঁহ গছবোৰ কাটি বাৰীখন চাফা কৰি গুণ্ডা বাহিনী আনি পৰিয়ালৰ কেইবাজনকো বেয়াকৈ আঘাত কৰে। মনত পৰিলে মোৰ বুকু ফাটি যায়। 

কান্দিব ধৰে। নাগেশ্বৰে ‘বেবী দোন্ত ক্ৰাই’ বুলি মূৰত হাত ফুৰাই দিয়ে। মনসাই একো নকয় মাইকটো কাৰ্শলাক দিয়ে যদিও মচোৱালতাই থাপ মাৰি লয়। 

মচোৱালতা: ৰাইজ মইখানে একটা কথা ক’ম। মইলাগা বহুত দূৰত থাকে।  লেকিন মই খানে আজিৰ এই মিটিঙত আহিছে একমাত্ৰ অপনা হক ল’বৰ বাবে। মইতো ডিমাপুৰতে থাকে। তথাপি আজিৰ আন্দোলনত ভাগ ল’বলে ভাগি ভাগি আহিছে। আমি নিজক বচাব লাগিব আৰু মানুহগিলাক একদম পাত্তা নিদিব। আমি থোৰি তাহাতৰ মতে চলিম না কাৰ্শলা দিদি। 

কাৰ্শলা: হয় ৰাইজ। যেতিয়াৰ পৰা মই অনুভৱ কৰিছোঁ মানুহবোৰে আমাৰ নাম লৈ বহুত বদনাম কৰে তেতিয়াৰ পৰাই চকুত টোপনি নোহোৱা হৈছে। বেয়া কামখিনিত আমাক বদনাম কৰে আৰু আমাৰ নাম লৈ চিনেমা, নাটক কৰি পইচাও উপাৰ্জন কৰে।  টিভিত বৰ্তমান একতা কাপুৰ বুলি দহটা আঙুলিত বিশটা আঙুঠি পিন্ধা আৰু কপালত নাগিন চিনেমাৰ অমৰীশ পুৰীৰ দৰে ফোঁট লোৱা ছোৱালীজনীয়ে ‘নাগিন’ বুলি ধাৰাবাহিক বনাই কিমান টি আৰ পি লুটিছে কি ক’ম! ৰীণা ৰয় বুলি এজনী এক্ট্ৰেছে একেৰাতিতে চুপাৰ ষ্টাৰ হৈ গৈছিল নাগিন চিনেমাখন কৰি। শ্ৰী দেৱীয়ে নাগিন, নিগাহে আদি সাপৰ চিনেমা কৰি নাম, টকা কিমান কমাইছিল। ইমানৰ পিছতো সিহঁতে আমাকে বেয়া পায়। গতিকে আমি আৰু সিহঁতক চাপোৰ্ট নকৰোঁ। 

তেনেতে সৰ্পজ্যোতিয়ে ঘোষণা কৰে “ এইয়া, আমাৰ আজিৰ বিশেষ আকৰ্ষণ জনপ্ৰিয় চুপাৰ মডেল, অভিনেত্ৰী মিচ বিষলিকা আহি পালে।” 

আনাকোণ্ডাই হাতত ধৰি আগবঢ়াই আনে তাইক। 

চবে ৰ’ লাগি চাই থাকে। বিধায়ক বাসুকী আৰু ডাঃ নাগেশ্বৰে মুখ মেলি চাই থকা দেখি বাসুকীৰ পত্নী নাগৰাণীয়ে আৰু ডাঃ নাগেশ্বৰৰ প্ৰেয়সী মনসাই চিকুটি দিয়ে। ফোঁচ…ফোঁচ কৈ খঙ কৰে। 

বিষলিকাই মাইকটো হাতত লৈ সকলোৰে ফালে চাই মিঠা হাঁহি এটি মাৰে। 

বিষলিকা: হাই ফ্ৰেণ্ডচ.. কি খবৰ আপোনালোকৰ? আই এম চো চৰী মোৰ অহাত পলম হ’ল। ডাইৰেক্ট শ্বুটিঙৰ পৰা আহিছোঁ ইউ নো? লাভ ইউ অল। মোৰ নিউ এলবামটোৰ শ্বুটিঙ চলি আছে। আপোনালোকে চাব হাঁ..প্লীজ। 

আনাকোণ্ডা: মেইন কথাখিনি কোৱা। মই যে কালি তোমাক শিকাইছিলোঁ। 

বিষলিকা: কোনটো কথা? ওঁ ইয়া, মনত পৰিছে ৰ’বা। এক্সুৱেলী আই এম চো টায়াৰ্দ বেবী। ওকে… ৰাইজ আপোনালোকে ইতিমধ্যে গম পাইছেই ন আজিৰ মিটিঙখন কিয় হৈছে; মোৰ আগৰ চাৰ মেডামহঁতে যি কৈছে সেইখিনি মোৰো মনৰ কথা। প্লীজ ফলো কৰিব হাঁ। ওকে বাই…লাভ ইউ অল। 

বিষলিকা নামি আহে আৰু তলত বহে বাসুকীৰ ওচৰত। বাসুকীয়ে হাতত অট’গ্ৰাফ লয়। 

হঠাত মঞ্চত মাইকত কাৰোবাৰ কান্দোন শুনা পোৱা যায়। সকলোৱে চাই দেখে যে কাৰ্শলা আৰু ঢোৰা সৰ্পৰাজে নাগিনপ্ৰিয়াক সাৱতি কান্দি আছে। সকলোৱে মনে মনে ৰয়। 

কালিয়াই মাইকটো কাৰ্শলাৰ হাতত দিয়ে। 

কাৰ্শলাই ওঠৰ বছৰ আগতে সিহঁতৰ এমহীয়া কেঁচুৱাটো নোহোৱা হৈছিল। বহুত বিচাৰিও নাপালে। কেঁচুৱাটো পোৱাৰ আশাতে তাই সমাজৰ কামত ঘূৰি ফুৰিছিল কিজানি কৰবাত পাইয়ে। 

যেতিয়া প্ৰফেচাৰ নাগাৰ্জুণে ক’লে তেওঁৰ ছাত্ৰী এজনী সৰুতে কিডনেপ হৈছিল আৰু হাৰিয়ানাৰ পৰা আহিছে তেতিয়া সকলো মনত পৰিল। 

 

কেনেদৰে তেওঁলোকে হাৰিয়ানাত ফুৰিব গৈছিল সৰ্পৰাজৰ বন্ধু এজনৰ বিয়াত। আৰু নদীৰ পাৰত ৰ’দ লৈ থাকোঁতে কেনেকৈ শুই থকা নাগিনপ্ৰিয়া অৰ্থাৎ তেওঁলোকৰ মৰমৰ তক্ষিকাক লৈ গৈছিল সাপবাজী এজনে। 

কাৰ্শলা: আজি যদি কালিয়াই মোক মিটিঙত আহিবলৈ নক’লে হয় আমাৰ সন্তানটি ক’ত হেৰাইছিল গমেই নাপালোঁ হয়। মোৰ ভাইটিৰ মুখত সি সকলো জানিছিল। 

সৰ্পৰাজ: আজি আমি আমাৰ হেৰোৱা ধনক ঘূৰাই পালোঁ। সেই সাপবাজীকৰজনে আমাক মণি থকা সৰ্প বুলি ভাবিছিল। কিন্তু আমি ঢোৰাসাপ আৰু কাৰ্শলা সাপহে। মণি ক’ত থাকিব? আমাক ব্লেকমেইল কৰাৰ বাবে আমাৰ সন্তানক লৈ গৈছিল। 

নাগিনপ্ৰিয়া: মা-দেউতা বুলি সাৱতি ধৰে। 

কালিয়াৰ ওচৰত আহি তাক সাবতি ধৰি ধন্যবাদ দিয়ে। আৰু কয় যে তাই ভালপোৱা মানুহজন সাপ ধৰি ফুৰা মানুহহে। তাইক স্বাস্থ্যবান দেখি মণি থকা সাপ বুলি ভাবি ভাল পোৱাৰ অভিনয় কৰি আছিল। 

নাগিনপ্ৰিয়াই কালিয়াক লাহেকৈ “ আই লাভ ইউ” বুলি কয়। লগে লগে সপোনত দুয়ো এটি গান গায় কাশ্মীৰৰ লোকেচনত। 

হঠাৎ হাত চাপৰিৰ শব্দত দুয়ো বাস্তবলৈ উভতে৷

মঞ্চত বিধায়ক বাসুকীয়ে ভাষণ দি থাকে। 

“ ৰাইজ! আমি আৰু কোনো মানুহৰ পূজাত গাখীৰ খাবলৈ নাযাওঁ। আমি কোনো মানুহক বিশ্বাস নকৰোঁ। কিন্তু এটা কথা মানিব লাগিব যে মতা মানুহবোৰে যে ঘৈণীয়েকবোৰক কয় সাপৰ দৰে ফোঁপাই উঠা খঙ উঠিলে এইটো কিন্তু মিছা নহয়। আমাৰ নাগিনী ঘৈণীবোৰেও ফোঁপাই আহে ৰঙা চিঙা পৰি খঙ উঠিলে৷”

লগে লগে সৰ্পৰাজ আৰু নাগেশ্বৰে হয় হয় বুলি সমৰ্থন কৰে। 

আৰু বিধায়ক বাসুকীৰ পত্নী নাগৰাণী, কাৰ্শলা আৰু মনসাই তিনিওকে ফেট তুলি ফোঁপাই খঙত ৰঙা পৰি খেদি আহে। 

 

 সমাপ্ত॥

☆ ★ ☆ ★ ☆

32 Comments

  • Abhijit Goswami

    বঢ়িয়া চিনেমা বা… 🤣🤣পুৱাই পুৱাই চিনেমা চাই হে অফিছ আহিছো দেই… চিনেমা হিট পুৰা

    Reply
  • Dhurjjati

    চালো চিনেমা মজ্জা

    Reply
  • নীতাশ্ৰী

    বিৰাট ধুনীয়া চিনেমা হৈছে দেই।।

    Reply
  • বাগ্মিতা

    হে ভগৱান! আই এম চ’ হেপ্পী ইউ ন’😉 কি মই তোমাৰ চিনেমাত চাঞ্চ পাইছোঁ😍😍😍😘😘

    Reply
  • জয়ন্ত দাস

    বাপৰে সাংঘাতিক ধুনীয়া হৈছে৷ পঢ়োতে/চাওঁতে সচাকে সৰ্পৰাজ্যৰ বাসিন্দা যেন লাগি গৈছে৷ কি কল্পনা শক্তি ৰে৷ মানিছোঁ৷

    Reply
  • তোমাৰ কল্পনা শক্তিক মানিছোঁ ৷ খুব ভাল হৈছে ডলী ৷

    Reply
  • সাপৰ ৰাজ্যত ঘূৰি আহিলোঁ, মজ্জা লাগিল।

    Reply
  • চিনেমা চুপাৰ ডুপাৰ হিট মুঠতে 😍😍

    Reply
  • rintumoni dutta

    চুপাৰ ডুপাৰ হিট

    Reply
  • পূৰ্ণময়ী

    ফাটাফটি চিনেমা। 🔥

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    তামাম চিনেমা৷ সৰ্পৰ ৰাজ্য চালোঁ ফোঁচ ফোঁচ৷

    Reply
  • হেমন্ত কাকতি

    ফালি দিছা ডলী! ভেৰী হেপ্পী!

    Reply
  • জ্যোতিৰূপা

    প্ৰথম ফটাঢোলৰ চিনেমা চাই পাইছোঁ৷ মোৰ হেড অফিচত চুপাৰ হিট একদম কোটিৰ ঘৰ চুইছে৷
    বৰ ভাল পালোঁ৷

    Reply
  • বইন্দিযা জৈন

    মজ্জা লাগিল দেই

    Reply
  • Trishna Bora

    বৰ ভাল লাগিল

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    বাপৰে সাংঘাটিক চিনেমা । শেষৰফালে আৱেগিক হৈ গʼলোঁ । চিনেমাত ৰোমান্টিক ফিলিং এটাও‌ আহি গৈছে । মজ্জা লাগিল ডলী বাইদেউ চিনেমা 😍 । প্ৰথমবাৰৰ বাবে চিনেমাত অভিনয় কৰিবলৈ পাই বহুত সুখী হʼলোঁ ।

    Reply
  • diganta k bhattacharya

    সাংঘাটিক চিনেমা। চৰিত্ৰসমূহ মিলি গৈছে

    Reply
  • মানসী

    সাপৰ নাম শুনিলেই কিবা কিবি লাগে..সাপৰ চৰিত্ৰৰে সাংঘাতিক সৃষ্টিশীলতা ।মানিলো দেই।বৰ ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published.