ফটাঢোল

নাসিকাৰ ৰূপ-ৰস-গন্ধ- অদিতি গোস্বামী

আপোনাৰ নাকটো বাৰু কেনেকুৱা?মানে তাৰ ৰূপটোৰ কথা সুধিছোঁ, তিলফুলীয়া নে ফেঁচানকা নে ভাটৌঠোঁটৰ দৰে(এইটো আকৃতিৰ নাক দেখিছোঁ কাৰণেহে সুধিছোঁ দেই)। মোৰ জোঙা নাকৰ প্ৰতি এক দুৰ্বলতা আছে। ঠিক দুৰ্বলতাও বুলিব নোৱাৰি। সাধাৰণতে যিবোৰ বস্তুৰ প্ৰতি আমাৰ দুৰ্বলতা আছে সেইবোৰ বস্তু আমি পাবলৈ বিচাৰোঁ। ধৰক বেগৰ প্ৰতি মোৰ দুৰ্বলতা আছে। শিৱৰাত্ৰিৰ মেলাত বেগৰ দোকান দেখিলে ৰৈ দিওঁ, ভৰি আগলৈ নেযায়েই। সৰু ডাঙৰ চাৰি পাঁচটা বেগ কিনিলেহে মন জুৰায়। আনৰ জোঙা নাক দেখিলেতো মই সেইটো পাব নোৱাৰোঁ বা জোঙা নাকৰ গৰাকীকো মোৰ কৰি ল’ব নোৱাৰোঁ। গতিকে এইটো ঈৰ্ষাৰ শাৰীতহে পৰিব। আচল কথাটো হ’ল মোৰ নাকটো ভোটা, ঠিক ফেঁচানকাও নহয়, অকণমান আগটো আছে। পিচে জোঙা নহয় দেই। মই হেনো সাইলাখ মোৰ দেউতাৰ দৰে– দেখামেলাতো একেই, আনকি  কথা কোৱাৰ ধৰণটোও একেই। নিজেও চাওঁ মোৰ ভৰিৰ নখলৈকে একে দেউতাৰ সৈতে। পিচে দেউতাৰ ধুনীয়া তিলফুলীয়া নাকৰ বিপৰীতে মোৰ নাকটো একেবাৰে ভোটা। মনটো বৰ বেয়া লাগে। সৱ ঈশ্বৰৰ ইচ্ছা, লগতে মাকো অকণমান দোষ দিলেও উপায়হীন। পিচে এই উপায়হীন অৱস্থা আমাৰ সাধাৰণ মানুহৰ বাবেহে। যেতিয়া গম পালোঁ অভিনেত্ৰী শ্ৰীদেৱীৰ নাকটোও বেঁকাই আছিল পিছত প্লাষ্টিক চাৰ্জাৰী কৰিহে জোঙা কৰিছে হেনো। মনটোতে অকণমান শান্তি অনুভৱ কৰিলোঁ। পিছলৈ হিৰ’ইনবিলাকৰ নাকটো লক্ষ্য কৰিবলৈ ল’লোঁ। কিন্তু বয়স বঢ়াৰ লগে লগে সুন্দৰ অভিনয় কৰাসকলৰ দেখোন নাকটো বা শাৰীৰিক সৌন্দৰ্য্যলৈ বৰকৈ চকু নোযোৱা হ’ল। মোৰ ছোৱালীৰ জন্মৰ লগে লগে শাহুৰ হাতত দিওঁতে হেনো শাহুৱে তাইৰ মুখৰ ভিতৰত আঙুলিটো সুমুৱাই তালুখন ওপৰলৈ হেঁচি দিছিল। মোৰ মায়ে ভয়তে “কি কৰিছে” বুলি চিঞৰি দিছিল। শাহুৱে হাঁহি মাৰি কৈছিল “এনে কৰিলে নাকটো জোঙা হয়।”(তাইৰ নাকটো জোঙা দেই মাকৰ দৰে নহয়)।

 ৰূপৰ পিছতে আহিল নাকৰ ৰসৰ কথা। কিনো কম নাকৰ ৰসৰ কথা। সৰুতে সকলোৱে ইয়াৰ সোৱাদ লৈছে নিশ্চয়, মানে নাকৰ এই নিমখীয়া সোৱাদ নাই লোৱা বুলি ক’লে মিছা কোৱা হ’ব। এনেইনো কিয় মিছা মাতে। সৰু আছিল কাৰণেহে, ডাঙৰতনো কোনে তাৰ সোৱাদ ল’ব। পিচে লৰালৰিকৈ স্কুললৈ গ’লে কেতিয়াবা ৰুমালখন থাকি যায়। মোৰ প্ৰায়ে হয়। এনেই নাপাহৰিলেও নাকৰ সঙ্কটৰ সময়তহে পাহৰোঁ। কি কৰিম তেতিয়া। চাকৰি এনে ঠাইত কিনিবলৈও ৰুমাল এখন নেপাওঁ। কাৰোবাৰ অনুগ্ৰহৰ প্ৰয়োজন হয় তেতিয়া। কেতিয়াবা শাৰীৰ আঁচলেৰেও কাম চলাবলগীয়া হয়।  এইবোৰ দেখাত সৰু হ’লেও বৰ ডাঙৰ সমস্যা নহয়নে?

এতিয়া নাকৰ গন্ধ মানে প্ৰকৃতিৰ কথাকে কওঁ। নাকৰ প্ৰধান কামেই হৈছে গোন্ধ লোৱা। তিলফুলৰ দৰে নাক হ’লেও যদি গোন্ধৰ পাৰ্থক্য বুজাত অপাৰগ হয় তেন্তে সেই নাকৰ একো কাম  নাই দেই। মোৰ নাকৰ ৰূপ নাই যদিও গুণ আছে এশ শতাংশই। “ৰূপে কিনো কৰে গুণেহে সংসাৰ তৰে” নহয়নে বাৰু! এইবাৰ ক’ৰণাই কিন্তু নাকৰ গুৰুত্ব বঢ়াই দিলে দেই। যি নাকে  গুণ হেৰুৱায়, সেই নাকৰ গৰাকীয়েই ক’ৰণা পজিটিভ সি তিলফুলীয়া হ’লেও সাৰি যাব নোৱাৰিব। ৰামায়ণৰ সেই মহাৰণৰ সময়ত ছমাহ নিদ্ৰাৰ আগতে কুম্ভকৰ্ণক জগাবলৈও নানান সুস্বাদু ব্যঞ্জনৰহে  সহায় ল’ব লগা হৈছিল। ঢাক-ঢোল-শিঙাৰ শব্দও ব্যৰ্থ হৈছিল। মুঠতে নাকৰ এই গোন্ধ লোৱা গুণেৰেই বহু  কামেই কৰি আছে নহয়নে? মানুহৰ নাকে হেনো প্ৰায় একলাখ কোটি বিভিন্ন প্ৰকাৰৰ গোন্ধ লোৱাৰ ক্ষমতা আছে। কুকুৰ আকৌ আৰু এখোপ চৰা। ই আমাতকৈ প্ৰায় ৪০গুণ বেছি গোন্ধ ল’ব পাৰে। কম কথানে বাৰু! পুলিচেও  এই কুকুৰবোৰৰ ভিতৰত আটাইতকৈ তীক্ষ্ণ গোন্ধ সেৱনৰ ক্ষমতাসম্পন্ন ‘cadaver sniffing dog’ ৰ সহায়ত চোৰ, ডকাইতৰপৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ হত্যাকাৰীলৈকে বিচাৰি উলিয়াব পাৰে। চাওকচোন এই নাসিকাৰ কি কামাল! ইফালে নাকৰ সহায়তে আমি দেখোন দেখা আৰু শুনা কাম কিছুমানো কৰিব পাৰোঁ। কথাটো এনেকুৱা শেৱালি ফুলৰ গোন্ধ পোৱাৰ লগে লগে আমাৰ মুখেৰে আপোনা-আপুনি ওলাই আহে,

“আমোলমোল শেৱালিৰ গোন্ধ, যাওঁ বুলি যাবই নোখোজে চোন”

আৰু ৰাতিপুৱা  নিয়ঁৰসনা তলসৰা শেৱালিৰ ছবি এখন চকুত ভাহি উঠে।একেদৰে হাচনাহানা ফুলৰ ধুনীয়া গোন্ধ পোৱাৰ লগে লগে কবি ৰঘুনাথ চৌধাৰীৰ “হাচানাহানাৰ তীব্ৰ গোন্ধত সপোন বিভোৰ মাধৱী নিশা” কবিতা শাৰীলৈ মনত পৰি  ফৰিংফুটা জোনাকৰ ছবি এখন মনলৈ আহে। মতা পৰুৱাটোৱে হেনো নিজৰ গাৰ বিশেষ ৰস এবিধ উলিয়াই সেই গোন্ধেৰে মাইকী পৰুৱাজনীক নিজৰ প্ৰতি আকৰ্ষণ কৰিবলৈ যত্ন কৰে। খোৱা, পিন্ধা, প্ৰসাধন সামগ্ৰীকে আদি কৰি কীটনাশক দ্ৰব্যলৈকে সকলোতে বাৰু এই গোন্ধ অৰ্থাৎ নাসিকাৰে বাহাদুৰি নহয়নে? খাদ্যত গোন্ধেই আকৰ্ষণৰ মূলবস্তু। এনেয়েনো কয়নে “ঘ্ৰাণেন অৰ্ধং ভোজনং”।

এবাৰ এঘৰলৈ আমাক আবেলি চাহ একাপ খাবলৈ নিমন্ত্ৰণ জনালে।(ফ’নৰ সুচল প্ৰচলনৰ আগৰ কথা) ঘৰখনত সোমায়েই পোলাও মাংসৰ মলমলীয়া গোন্ধ। মুখলৈ পানী আহিলেই। মনটো ভাল লাগি গ’ল। কিন্তু গৃহস্থৰ মুখখনত কোনো ফূৰ্তি বা আমাক আদৰিবলৈ উৎসাহ নেদেখিলোঁ। অলপ সময়  বহি কথা পাতিলোঁ। গৃহস্থনীয়ে আমাৰ লগত কথাহে পাতি আছে। তাৰপিছত উঠি গ’ল চাহ কৰোঁগৈ বুলি। চাহৰ লগত ৰসগোল্লা, চেৱৈ আৰু বিস্কুট দিছে। অকণমান আচৰিতো হ’লোঁ। তাৰপিছত মানুহজনে কৈছে,

: আজি আলহী মাতি একেবাৰে সুদা হ’ল দেই। মোৰ খুড়া এজন ঢুকাল কালি। পিচে আজি আকৌ ওচৰৰ ঘৰৰ ছোৱালীজনীৰ জন্মদিন। পাৰ্টী চলিছে। আমাকো  মাতিছিল।

গোন্ধৰ লগত খাদ্য নিমিলাৰ ভেদ তেতিয়াহে ভাঙিল। আৰু এবাৰ থিয়েটাৰৰ টিকট বেচি ফুৰিছোঁ। লগত মোৰ ছোৱালী, ভাড়াঘৰৰ মানুহগৰাকী আৰু লগত তেওঁৰ তিনিবছৰীয়া কণমানিজনী। টিকট বেচিবলৈ গৈ কাৰো ঘৰত চাহ খোৱাৰ ইচ্ছা নাই। কাৰণ চাহ খালেই দেৰি হ’ব। এনেকৈ চাৰি পাঁচঘৰমানত টিকট দিয়াৰ পিছত এঘৰত সোমাওঁতেই কণমানিজনীয়ে চোফাত বহিয়েই কৈছে,

: মই  পিঠা খাম।

মাকে তাইৰ মুখত হেঁচি ধৰিছে। তাইৰ গাত কি দোষ! গৰম তেলত কিবা ভজা ভজা গোন্ধ নাকত লাগিছে। বেচেৰীয়ে আলহীঘৰৰ ক’তো একো খাবলৈ পোৱা নাই আমাৰ লৰালৰিৰ কাৰণে। এইঘৰত তাই কিবা খাইহে আহিব। মোৰ তেতিয়াহে দুখ লাগিল। গৃহস্থনী বাইদেৱে হাঁহি হাঁহি কৈছে,

: তুমি চাহ নেখাওঁ বুলি ক’লে কি হ’ব ছোৱালীয়ে পিঠা খাইহে যাব দেখিছা।

লুচি চাহ খাইহে আহিব পাৰিলোঁ। স্কুলৰ পৰা মেজিকত আহি আছোঁ। বাটতে বাইদেউ দুগৰাকী উঠিল। অলপদূৰ গৈয়ে ইজনীয়ে সিজনীৰ মুখলৈ চাই মুখ টিপি হাঁহিছে। কোনগৰাকীয়ে কামটো কৰিছে বাৰু মুখলৈকো চাইছোঁ। তেনেকুৱাতে আৰু এগৰাকী বাইদেউ উঠিল গাড়ীত। বৰ ফূৰ্তিবাজ বাইদেউ। উঠিয়েই নাকত হাত দি ক’লে,

: কোনোবাই ভেদাইলতা আনিছ নে সিবিধ–

ক’বলৈহে পালে আমাৰ চেঁপা হাঁহিবোৰ ডাঙৰকৈ ওলাই আহিল। বাটত উঠা বাইদেউ দুগৰাকীয়ে ক’লে ছাত্ৰী এগৰাকীৰ ঘৰৰ পৰা ভেদাইলতা দি পঠিয়াইছে। আমাক ক’বলৈহে পাহৰিলে হেনো। স্কুললৈ অহা-যোৱা মেজিকৰ এই যাত্ৰাত সুগন্ধ-দুৰ্গন্ধ  বিভিন্ন গোন্ধৰ সমাহাৰ ঘটে। বিশেষকৈ বৃহস্পতিবাৰৰ সাপ্তাহিক বজাৰৰ দিনা। সেইদিনা সাঁজপানীৰ পৰা হাঁহ, কুকুৰা, ছাগলীলৈকে মেজিকত উঠাই গোন্ধেৰে ভৰাই তোলে। মানুহৰ গাৰ ঘামৰ গোন্ধ, সাঁজপানী খোৱা মুখৰ গোন্ধ, মুঠতে মেজিকত আমাৰ গাৰ গোন্ধো “মই  কিবা গেলা গেলা গোন্ধাও না” ৰ দৰে হয়।

নাসিকাৰ ইমানবোৰ গুণৰ পিছতো আচল গুণটো কিন্তু উশাহ লোৱাহে দেই যিটো নোহোৱাৰ দিনাই  আমাৰ পৃথিৱীত অস্তিত্ব শেষ। এই উশাহ লোৱাৰ ধৰণো সকলোৰে বেলেগ বেলেগ। টোপনিত বহুজনৰ এনে উশাহ লোৱাৰ ধৰণৰ বাবেই কম দুৰ্গতি হয়নে? নিশাৰ বাছত ভেকুলীৰ টোৰটোৰনিৰ দৰে বিভিন্নজনৰ নাকৰ বিভিন্ন শব্দত কোৰাচৰ সৃষ্টি হয়। টোপনি নোযোৱা সকলৰ কিযে অৱস্থা হয়!

নাকতেই  যিহেতু আমাৰ জীয়াই থকাৰ প্ৰধান বাটটো থাকে গতিকে ৰসৰাজ বেজবৰুৱাদেৱৰ সুৰতে সুৰ মিলাই  এষাৰ কথা ক’ব পাৰোঁ চাগে–

“নাকত ঘূৰিছে ভূমণ্ডল।” আপুনিও একমত নে?

 ☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.